Class 12 Anthropology Chapter 5 পৰিস্থিতি বিজ্ঞান

Class 12 Anthropology Chapter 5 পৰিস্থিতি বিজ্ঞান, HS 2nd year Anthropology notes, পৰিস্থিতি বিজ্ঞান class 12 নৃতত্ব Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Anthropology Chapter 5 পৰিস্থিতি বিজ্ঞান and select needs one.

AHSEC Class 12 Anthropology Chapter 5 পৰিস্থিতি বিজ্ঞান

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 12 Anthropology Chapter 5 পৰিস্থিতি বিজ্ঞান Question Answer is part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 Anthropology Chapter 5 পৰিস্থিতি বিজ্ঞান Notes for All Subject, You can practice these here.

পৰিস্থিতি বিজ্ঞান

Chapter – 5

নৃতত্ত্ব

অতি চমু প্রশ্নোত্তৰ

১। বাস্তববিদ্যা শব্দটো প্রথমে কোনে উদ্ভাৱন কৰিছিল ? 

উত্তৰঃ জামান বিজ্ঞানী আর্নষ্ট হেকেল ( Ernst Haeckel ) 

২। ‘ Ecology ‘ ‘ শব্দৰ বুৎপত্তিগত অর্থ লিখা । 

উত্তৰঃ গ্রীক শব্দ ‘ Oikos ‘ মানে ঘৰ ( House ) আৰু ‘ logos ‘ মানে অধ্যায়ন ( study ) অর্থাৎ আবাসস্থানৰ অধ্যয়ন । 

৩। বাস্তৱবিদ্যা মানে কি ? 

উত্তৰঃ বাস্তববিদ্যা বা পাৰিপাৰ্শ্বিক বিজ্ঞান বুলিলে পৰিবেশ আৰু জীৱৰ সহ সমন্ধ সম্পৰ্কীয় বৈজ্ঞানিক অধ্যয়নকে বুজা হয় । 

৪। পৰিবেশ মানে কি ? 

উত্তৰঃ সকলো জীৱ অনুজীৱৰ জীৱন আৰু বিকাশত সমূহ বাহ্যিক অৱস্থা আৰু এইবোৰৰ প্রভাৱকে পৰিবেশ বা পাৰিপাৰ্শ্বিকতা বুলি কোৱা হয় । 

৫। পৰিস্থিতিতন্ত্ৰ ( Ecosystem ) মানে কি ?

উত্তৰঃ পৰিবেশত থকা জৈৱ আৰু অজৈৱ উপাদানসমুহৰ পৰস্পৰৰ মাজত সৃষ্টি হোৱা ক্ৰিয়া প্ৰক্ৰিয়াৰ ফলত গঢ় লোৱা সন্মিলিত ব্যৱস্থাকে পৰিস্থিতিতন্ত্ৰ হিচাপে জনা যায় ।

চমু প্রশ্নোত্তৰ

১। পাৰিপাৰ্শ্বিকতাৰ উপাদানসমূহ কি কি ? 

উত্তৰঃ পাৰিপাৰ্শ্বিকতাৰ উপাদানসমূহক মূখ্যতঃ দুটা ভাগত ভগাব পাৰি―

( ক ) জৈৱ বা জৈৱিক উপাদান ( Biotic ) আৰু 

( খ ) অজৈৱিক বা ভৌতিক উপাদান ( Abiotic )।

২। জৈৱিক উপাদান কি ? উপাদহৰণ দিয়া ৷ 

উত্তৰঃ জৈৱিক বা জৈৱ উপাদান বুলিলে জীৱ সমাজৰ বিভিন্ন সদস্যৰ সমষ্টিক বুজায় । যেনে— মানুহ , উদ্ভিদ , অনুজীৱ আৰু অন্যান্য প্রাণী। 

৩। অজৈৱিক উপাদান কি ? উদাহৰণ দিয়া ৷ 

উত্তৰঃ জীৱবিহীন অর্থাৎ সকলো জড় পদার্থকে অজৈৱিক বা ভৌতিক উপাদান বোলা হয় । যেনেঃ- মাটি , পানী , পোহৰ , উত্তাপ ইত্যাদি । 

৪। পাৰিস্থিতিক সমতা কি ? 

উত্তৰঃ জৈৱিক আৰু অজৈৱিক পাৰিপাৰ্শ্বিক উপাদানসমূহৰ মাজত এটি সুসংহত সম্পর্ক থাকে। এই সম্পৰ্কৰ ফলতে উপাদানসমূহৰ মাজত এক প্ৰকাৰ সমতা স্থাপন হয় , ইয়াকে পাৰিস্থিতিক সমতা বোলা হয় । এই সুসংহত সম্পৰ্কত থকা জৈৱিক বা অজৈৱিক যিকোনো উপাদানেৰে ক্ষতি হলে পাৰিস্থিতিক সমতা বিঘ্নিত হয় ।

৫। বাস্তববিদ্যা কি ? ইয়াৰ অধ্যয়নৰ বিষয়বস্তু আলোচনা কৰা ? 

উত্তৰঃ বাস্তবৎবিদ্যা বা পৰিস্থিতি বিদ্যাৰ ইংৰাজী প্রতিশব্দ হৈছে ‘ Ecology ‘ । গ্রীকভাষাত Oikos মানে গৃহ আৰু logos মানে হল অধ্যয়ন বা বিজ্ঞান । এইসূত্রে বাস্তবৎ বা পৰিস্থিতিবিদ্যা মানে হল গৃহ অর্থাৎ বাসভূমি আৰু ইয়াৰ বিজ্ঞানসন্মত অধ্যয়ন । Ecology শব্দটো প্রথমে ব্যৱহাৰ কৰিছিল জার্মান বিজ্ঞানী আনষ্ট হেকেল । 

বাসভূমি বুলিলে স্থানডোখৰৰ অৱস্থিতি , জলবায়ু , ঠাইডোখৰত থকা বিভিন্ন প্রাকৃতিক সম্পদৰাজি আদিৰ প্ৰসংগ আহি পৰে – এইবোৰকে বাসভূমিৰ পৰিবেশ বুলি বুজা যায় ৷ সেয়েহে বাস্তবৎবিদ্যাৰ সংজ্ঞা এইদৰে দিয়া যায়- পৰিবেশ আৰু জীৱৰ সহ সমন্ধ সম্পর্কে বৈজ্ঞানিক অধ্যয়নকে বাস্তব্যবিদ্যা বা পৰিস্থিতিবিদ্যা বোলা হয় । 

বাস্তব্যবিদ্যাৰ সংজ্ঞাৰ পৰাই ইয়াৰ অধ্যয়নৰ বিষয়বস্তু প্রস্ফুত হৈ পৰে।জীৱ আৰু ইয়াৰ বাসভুমিৰ চাৰিওদিশে থকা প্ৰাকৃতিক তথা ভৌতিক আৰু জৈৱিক উপাদানসমূহৰ মাজত থকা পাৰস্পৰিক সম্বন্ধ সম্পর্কে বৈজ্ঞানিক দৃষ্টিভংগীৰ অধ্যয়ন চলোৱাটোৱে বাস্তব্যবিদ্যাৰ

মূল কর্মক্ষেত্ৰ ৷ পৰিবেশৰ ভৌতিক বা অজৈৱিক্ উপাদান বুলিলে প্রাকৃতিক শক্তিসমূহ যেনেঃ বায়বীয় শক্তি , মধ্যাকর্ষণ শক্তি ইত্যাদি , সময় , উত্তাপ , পোহৰ , মাটি , পানী আদিকে বুজা যায় ৷ আনহাতে জৈৱিক উপাদান বুলিলে বিভিন্ন জীৱ আৰু অনুজীৱৰ সমষ্টিক বুজা যায়।এই অজৈৱিক আৰু জৈৱিক উপাদানসমূহৰ জীৱৰ বাসভূমিৰ লগত নিবিড় সম্বন্ধ থাকে আৰু এই সম্বন্ধৰ বিষয়ে বৈজ্ঞানিক অধ্যয়নকেই বাস্তব্যবিদ্যা তথা পৰিস্থিতিবিদ্যা অধ্যয়নৰ মূল বিষয় । 

৬। বাস্তব্যবিদ্যা আৰু পৰিবেশৰ সম্বন্ধ নিৰ্ণয় কৰা। 

উত্তৰঃ বাস্তব্যবিদ্যা বুলিলে পৰিবেশ আৰু জীৱৰ সহ সম্বন্ধ সম্পর্কে বৈজ্ঞানিক অধ্যয়নকেই বাস্তব্যবিদ্যা বা পৰিস্থিতি বিদ্যা হিচাপে জনা যায় । আনহাতে , পৰিবেশ বা পাৰিপাৰ্শ্বিকতা বুলিলে আমাৰ চৌদিশৰ বাতাবৰণকে বুজায় , অর্থাৎ পৰিবেশ মানে জীৱ আৰু অনুজীৱৰ জীৱন আৰু বিকাশত সমুহ বাহ্যিক অৱস্থা আৰু এইবোৰৰ মিলন হোৱা দেখা যায় । জৈৱিক উপাদান বুলিলে সকলো জীৱ আৰু অনুজীৱ উদ্ভিদৰ সমষ্টি বুজোৱা হয় । আনহাতে , অজৈৱিক উপাদান মানে সকলো জীৱহীন অর্থাৎ জড় পদার্থ যেনেঃ- পানী , পোহৰ , উত্তাপ , খনিজ পদার্থ, মাটি ইত্যাদি । 

দেখা যায় , জৈৱিক আৰু অজৈৱিক পদাৰ্থ সমূহৰ মাজত এটা সুসংহত সম্পর্ক থাকে যি সম্পৰ্ক ফলত জীৱ আৰু জড়ৰ মাজত পাৰিস্থিতিক সমতা স্থাপন হয় । যিকোনো এবিধৰ নাশ বা বিনষ্ট হোৱা মানেই পাৰিস্থিতিক সমতাত বাধা আহি পৰে যাৰ ফলত বাসভূমি প্ৰদূষিত হৈ পৰে । 

বাস্তব্যবিদ্যাই যিহেতু পৰিবেশ আৰু জীৱৰ সহ – সম্পৰ্ককে অধ্যয়ন কৰে গতিকে দুয়োটাৰে সম্পর্ক অতি নিবিড় তথা অবিচ্ছেদ্য । 

Sl. No.Contents
Chapter 1আবয়বিক নৃতত্ব
Chapter 2প্রাগঐতিহাসিক নৃতত্ত্ব
Chapter 3বস্তু সংস্কৃতি আৰু অৰ্থনৈতিক নৃতত্ব
Chapter 4(ক) সামাজিক নৃতৃত্ব
Chapter 4(খ) নৃগোষ্ঠী বর্ণনাতত্ত্ব
Chapter 5পৰিস্থিতি বিজ্ঞান

৭। বাস্তববিদ্যা অধ্যয়নৰ আৱশ্যকতা সম্বন্ধে লিখা ? 

উত্তৰঃ বাস্তব্যবিদ্যাক ইংৰাজী ভাষাত Ecology হিচাপে জনা যায় । গ্রীকভাষাৰ Oikos আৰু Logos নামে দুটা শব্দৰ সংযোজনত Ecology শব্দৰ উৎপত্তি হৈছে । Oikos শব্দৰ অৰ্থ হল গৃহ বা বাসস্থান আৰু Logos মানে অধ্যয়ন বা বিজ্ঞান সেইসূত্রে বাস্তব্যবিদ্যা বা Ecology মানে হল গৃহ্ , বাসস্থান বা বাসভূমিৰ বিজ্ঞানসন্মত অধ্যয়ন। 

আকৌ বাসস্থান বা বাসভূমি বুলিলে ঠাইডোখৰ ভৌগোলিক অৱস্থিতি , জলবায়ু , ঠাইডোখৰত থকা বিভিন্ন প্রাকৃতিক সম্পদৰাজি অন্যান্য জীৱ – জন্তু আদিৰ প্ৰসংগ আহি পৰে । এই সকলোবোৰকে সন্মিলিতিভাৱে ঠাইডোখৰৰ পৰিবেশ হিচাপে বুজা যায় ৷ গতিকে পৰিবেশটোক বাদ দি ঠাইডোখৰক অকলে বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰা অসম্ভৱ । সেয়েহে বাস্তব্যবিদ্যাৰ সংজ্ঞা এইদৰে দিয়া হয় , পৰিবেশ আৰু জীৱৰ সহসমন্ধ সম্পর্কে বিজ্ঞান সন্মতভাৱে চলোৱা অধ্যয়নকে বাস্তব্যবিদ্যা বা পৰিস্থিতিবিদ্যা বোলা হয় । 

বাস্তব্যবিদ্যাৰ সংজ্ঞাৰ পৰাই স্পষ্ট হৈ পৰে যে জীৱ আৰু ইয়াৰ বাসভূমিৰ চাৰিওফালে থকা প্রাকৃতিক তথা ভৌতিক আৰু জৈৱিক উপাদানসমূহৰ মাজত থকা পাৰিপাৰ্শ্বিক সম্বন্ধ সম্পর্কে বিজ্ঞান সন্মতভাৱে অধ্যয়ন চলোৱাটোৱে বাস্তব্যবিদ্যাৰ মূল কাৰ্য্যক্ষেত্ৰ । পৰিবেশৰ ভৌতিক বা অজৈৱিক উপাদান বুলিলে প্রাকৃতিক শক্তিসমূহ যেনেঃ- বায়বীয় শক্তি , মধ্যাকর্ষণ শক্তি , ইত্যাদি , সময় , উত্তাপ , পোহৰ , মাটি , পানী – আদিকে বুজোৱা হয় । আকৌ , জৈৱিক উপাদান বুলিলে মানবকে আদি কৰি বিভিন্ন জীৱ আৰু অনুজীৱৰ সমষ্টিকে বুজাৱো হয় । 

এই সকলোবোৰ উপাদানেৰে মানব জীৱনত বিভিন্ন প্ৰভাৱ পৰিলক্ষিত হয় । কিয়নো মানৱো এই সমূহৰে এটি উপাদান মাত্র আন উপাদানসমূহ বাদ দি মানৱ জীয়াই থকাটো সম্ভৱ নহয় । এই উপাদানসমূহৰ জৰিয়তেই মানৱে জীয়াই থকাৰ বাবে আৱশ্যকীয় বাতাবৰণ লাভ কৰে।সেয়েহে জীয়াই থাকিব পৰা অনুকূল পৰিবেশৰ স্থিঅবস্থা বাহাল ৰখাৰ খাতিৰতে নাইবা মানৱ জীৱন ধাৰণৰ মান উন্নীত কৰাৰ উপায় উদ্ভাৱন কৰাৰ বাবেই বাস্তব্যবিদ্যা বা পৰিস্থিতিবিদ্যা অধ্যয়ন কৰাৰ আৱশ্যক । 

তদুপৰি বাস্তব্যবিদ্যা অধ্যয়নৰ জৰিয়তে অন্যান্য উপাদানসমূহৰ ( ভৌতিক আৰু জৈৱিক ) মানৱ জীৱনত কেনেদৰে প্ৰভাৱ পৰে তাৰো আভাষ পোৱা যায় ফলত আৱশ্যকীয় উপাদানসমূহৰ সংৰক্ষণৰ ব্যৱস্থাও হাতত লব পৰা যায় ৷

৮। সমাজ বিজ্ঞানৰ দৃষ্টিত পৰিবেশৰ বিভিন্ন ভাগসমূহ আলোচনা কৰা ? 

উত্তৰঃ পৰিবেশ বা পাৰিপাৰ্শ্বিকতা বুলি মানুহৰ চৌদিশৰ বাতাবৰণকে বুজোৱা হয় ৷ সেয়ে পৰিবেশ মানে সকলো জীৱ অনুজীৱৰ জীৱন আৰু বিকাশৰ সমূহ বাহ্যিক অৱস্থা আৰু এইবোৰৰ প্ৰভাৱকে বুজা হয় । সেয়ে পৰিবেশত জৈৱিক আৰু অজৈৱিক দুই ধৰণৰ উপাদানৰ মিলন হোৱা দেখা যায় । জৈৱিক উপাদান বুলিলে সকলো জীৱ , উদ্ভিদ আৰু অনুজীৱৰ সমষ্টি বুজোৱা হয় । আনহাতে , অজৈৱিক উপাদান মানে সকলো জীৱহীন অর্থাৎ জড় পদার্থ যেনেঃ মাটি , পানী , পোহৰ , তাপ , খনিজ পদার্থ , প্রাকৃতিক শক্তি সমূহকে বুজোৱা হয় । 

দেখা যায় , জৈৱিক আৰু অজৈৱিক উপাদান সমূহৰ মাজত এটা সুসংহত সম্পর্ক থাকে – যি সম্পৰ্কৰ ফলত জীৱ আৰু জড় মাজত পাৰিস্থিতিক সমতা স্থাপন হয় । 

কিন্তু সমাজ বিজ্ঞানীসকলৰ দৃষ্টিত বিশেষকৈ মানব জীৱনৰ পৰিবেশত আন এক শক্তিশালী উপাদানে প্রভাৱ বিস্তাৰ কৰে অর্থাৎ এইবিধ উপাদানৰ অবিহনে মানৱ সমাজত স্থিতাবস্থা বাহাল থাকিব নোৱাৰে । এই উপাদান বিধ হল সামাজিক , সাংস্কৃতিক উপাদান । প্ৰতিখন মানৱ সমাজেই সুকীয়া সমাজ সাংস্কৃতিৰ অধিকাৰী । সংস্কৃতিৰ কাৰণেই এখন সমাজত ব্যক্তি সমূহ সুসংহত হৈ থাকে আৰু স্বকীয় বৈশিষ্টৰ অধিকাৰী হয় যাৰ ফলত সামাজিক , সাংস্কৃতিক উপাদান সমূহ উলাই কৰিব নোৱাৰি ।

সেয়েহে সাধাৰণ ভাৱে উপাদানসমূহৰ ওপৰত ভিত্তি কৰি যদিও পৰিবেশক মূখ্যত জৈৱিক . ( Biotic ) আৰু অজৈৱিক আৰু ভৌতিক (Abiotic ) পৰিবেশ হিচাপে দুটা ভাগত বিভক্ত কৰা যায় , সমাজ বিজ্ঞানৰ দৃষ্টিত কিন্তু আন এটি পৰিবেশৰ উল্লেখ কৰা যায় আৰু সেইটো হৈছে সামাজিক সাংস্কৃতিক পৰিবেশ । অর্থাৎ সমাজ বিজ্ঞানৰ মতে পৰিবেশৰ তিনিটা ভাগ হৈছে— 

( ক ) জৈৱিক পৰিবেশ । 

( খ ) অজৈৱিক পৰিবেশ । আৰু 

( গ ) সমাজ – সংস্কৃতিক পৰিবেশ । 

৯। পাৰিস্থিতিক সমতাত বাধাদানত মানৱৰ ভূমিকা সম্পর্কে আলোচনা কৰা ? নাইবা পাৰিস্থিতিক সমতাৰ ব্যাঘাতৰ মানৱ অন্যতম কাৰক – আলোচনা কৰা ? 

উত্তৰঃ জৈৱিক আৰু অজৈৱিক পাৰিপাৰ্শ্বিক উপাদানসমূহ মাজত এটি সুসংহত সম্পর্ক থকা জৈৱিক বা অজৈৱিক যিকোনো উপাদানৰে ক্ষতি হল পাৰিস্থিতিক সমতা বিঘ্নিত হয় । বিভিন্ন প্রাকৃতিক কাৰণত এই পৰিস্থিতিক সমতাত ব্যাঘাত জন্মিব পাৰে যদিও মানুহেই হৈছে এই সম্পৰ্কত ব্যাঘাত অনাৰ মূল কাৰক । অর্থাৎ পৰিস্থিতিক সমতাৰ বাধাদানত মানুহৰ যথেষ্ট ভূমিকা আছে । 

মানুহ বিকাশ প্রেমী । কিয়নো বিকাশৰ দ্বাৰা মানুহ লাভাবান্ধিত হয় । মানুহে নিজৰ দেশ বা ৰাষ্ট্ৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ ক্ষেত্ৰত খৰতকীয়া বিকাশ সাধিবলৈ যাওঁতে নিজৰে জীৱন ধাৰণৰ বাবে আৱশ্যকীয় বায়ু , পানী আদিৰ মাটিৰ ক্ষতি সাধন কৰে । 

আকৌ প্রাকৃতিক সম্পদ সমূহ লাভৰ খাতিৰত , অতিৰিক্তভাৱে আহৰণ কৰাৰ ফলত পাৰিপাৰ্শ্বিক তাৰ আন্তঃ সম্বন্ধত ব্যাঘাত জন্মায় । 

ঔদোগীকৰণৰ নামত যধে মধে প্রাকৃতিক সম্পদ বনাঞ্চল ধ্বংস কৰাৰ লগতে একোটা বৃহৎ বৃহৎ এলেকাৰ মাটিকালি হস্তগত কৰি প্ৰকৃতিত আঘাত আনে । উদ্যোগসমূহ স্থাপন কৰাৰ ফলত ইয়াৰ পৰা নিৰ্গত হোৱা ধোঁৱা , গেছ বা অন্যান্য হানিকাৰক দ্ৰৱ্যবোৰে প্রাকৃতিক বায়ুৰ ওপৰত যথেষ্ট প্রভৱ পেলায় । নগৰীয়া সভ্যতাৰ প্ৰতি বেছিকৈ আকৰ্ষিত হোৱাৰ ফলত নগৰসমূহত জনসংখ্যাৰ মাত্ৰা অতিপাত বৃদ্ধি পায় ফলত সমীপৰ পাহাৰ – পৰ্বত অঞ্চলত মাটি কাটি , গছ – গছনি কাটি ধ্বংজ্ঞ চলাই আবাস ভূমিৰ সৃষ্টি কৰে যাৰ ফলত প্রাকৃতিক পৰিবেশত নানান ধৰণৰ পৰিবৰ্তন হোৱা দেখা যায় । 

এইদৰে মানুহে নিজৰ স্বাৰ্থ পূৰণৰ বাবে প্ৰত্যক্ষভাৱে অজৈৱিক আৰু পৰোক্ষভাৱে জৈৱিক উপাদানসমূহৰ বিনষ্ট কৰে যাৰ ফলশ্ৰুতিতে পৰিস্থিতিক সমতা যথেষ্ট পৰিমাণে বিঘ্নিত হয় ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top