Class 12 Anthropology Chapter 3 বস্তু সংস্কৃতি আৰু অৰ্থনৈতিক নৃতত্ব, HS 1st year Anthropology notes, বস্তু সংস্কৃতি আৰু অৰ্থনৈতিক নৃতত্ব class 12 নৃতত্ব Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Anthropology Chapter 3 বস্তু সংস্কৃতি আৰু অৰ্থনৈতিক নৃতত্ব and select needs one.
AHSEC Class 12 Anthropology Chapter 3 বস্তু সংস্কৃতি আৰু অৰ্থনৈতিক নৃতত্ব
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 12 Anthropology Chapter 3 বস্তু সংস্কৃতি আৰু অৰ্থনৈতিক নৃতত্ব Question Answer is part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 Anthropology Chapter 3 বস্তু সংস্কৃতি আৰু অৰ্থনৈতিক নৃতত্ব Notes for All Subject, You can practice these here.
ৰচনাধর্মী প্রশ্নোত্তৰ
১। পশুপালকসকলক কিয় অঘৰী বোলা হয় ?
উত্তৰঃ পশুপালক সকলে অঘৰী বা যাযাবৰী জীৱন কটাবলগীয়া হয় । কাৰণ তেওঁলোকৰ জীৱন নির্বাহৰ প্রধান অবলম্বন হৈছে- পশু । পশুক কেন্দ্ৰ কৰিয়েই তেওঁলোকৰ অৰ্থনীতি নিৰ্ভৰ কৰে ৷ গতিকে পশুৰ খাদ্যৰ ওপৰতে এওঁলোকৰ বাসভূমি নির্ণিত হয় । এঠাইত খাদ্যৰ অভাব হলে আকৌ তেনেকুৱা ঠাঁই থকা ঠাই বা চৰণীয়া পথাৰৰ সন্ধানত তেওঁলোকে এঠাইৰ পৰা আনঠাই লৈ ঘূৰি ফুৰিব লগা হয় । পোহনীয়া জন্তুৰ স্বভাব বা খাদ্যৰ প্ৰকাৰে পশুপালক সকলৰ বসতিৰ স্থান নির্ণয়ত প্রভাব পেলায় । উদাহৰণস্বৰূপে উত্তৰ আৰবৰ বেদুইন সকল প্রধান কৈ উট পালক আৰু অঘৰী । এওঁ লোকে উটৰ খাদ্যক অন্বেষণত বছৰটোৰ ভিতৰত কেইবাবাৰো বাসভূমি সলাব লগীয়া হয় । ঠিক সেইদৰে মধ্য এচিয়াৰ টিয়েনছান আৰু পামিৰ মাল ভূমি অঞ্চলত ক্ৰিঘিজ নামে এটা পশুপালক সম্প্রদায়ে বাস কৰে । এওঁলোকেও গ্রীষ্ম আৰু শীত কালত ভাল ঘাঁহনী ঠাই বিচাৰি ঘুৰি ফুৰে । তেওঁলোকে ভেড়া , ছাগলী আৰু চুৱৰী গৰুৰ ঘাঁহৰ সন্ধানত গ্রীষ্ম আৰু শীতকাল বেলেগ বেলেগ কতাব লগীয়া হয় ।
২। ট্রেঞ্চহিউমেনছ ( Transhumance ) কাক বোলে ?
উত্তৰঃ ঋতু অনুযায়ী পশুপাল লৈ ঘূৰি ঘূৰা প্ৰথাক ট্রেঞ্চহিউমেনছ বোলে।পশুপালকৰ ‘ ওপৰত পৰিবেশৰ যথেষ্ট প্রভাব আছে । মধ্য পাচিয়াৰ কিছুমান পশুপালক সম্প্রদায়ে শীতকালত নামনিৰ ঘাঁহনি অঞ্চলত স্থায়ী গাৱঁত কটায় । তাত তেওঁলোকে নানা ধৰণৰ ফলৰ গছ কৱে আৰু ওচৰৰ পথাৰত কণিধান আৰু বালিত গুটি সিচে । গ্রীষ্মৰ আগমনিত নামনিৰ ঘাঁহনিৰ ওপৰলৈ আৰম্ভ কৰে । তেতিয়া গাৱৰ সৰহভাগ মানুহেই ভেড়া , ছাগলী , গৰু আদি লৈ পৰ্বতত উঠে গৈ । গ্রীষ্মকালত পবতাঞ্চল ঘাঁহ পাতেৰে সেউজীয়া হৈ পৰে । গতিকে জন্তুৰ আহাৰৰ আকাল নহয় । ঠিক সেইদৰে অৰুণাচলৰ কামেং দিলাবাসী চেভুৱাপসকলে জাৰকালি তিনিমাহৰ বাবে গৰু , ঘোঁৰা , ছাগলী সহ ভাৰতৰ স্থায়ী গাৱৰ জৰা নামনিলৈ আহি দৰং জিলা পূবে বেলখিৰি নৈৰ পাৰত দৈসাৰত স্থায়ী গাও পাতি থাকে । আকৌ চত মাহৰ শেষত পৰ্বতৰ গাৱলৈ উভতি যায় । এইদৰে ঋতু অনুযায়ী পশুপাল লৈ ঘূৰি ফুৰা প্ৰথাক ট্রেঞ্চহিউসেনছ বোলে ।
৩। খাদ্য সংগ্ৰহকাৰী সমাজত জনসংখ্যা কম হোৱাৰ কাৰণ কি ?
উত্তৰঃ খাদ্য অন্বেষণকাৰী সকলৰ মাজত জনসংখ্যা সাধাৰনতে সেৰেঙা।কাৰণ জনবসতি ঘন হলে পৰিবেশত প্রাপ্ত সম্পদ ৰাজিৰে বাসিন্দা সকলৰ চাহিদা পূৰ্ণ কৰিব নোৱাৰে । কিয়নো খাদ্য সংগ্ৰহকাৰী সকলে একমাত্র প্রাকৃতিৰ সম্পদ ৰাজিৰ ওপৰত নিৰ্ভৰ কৰি জীৱিকা নিৰ্বাহ কৰিব লগীয়া হয় । সেয়েহে এওঁলোকৰ সামাজিক গোঠবোৰ সৰু সৰু হোৱা দেখা যায় ৷ সাধাৰণতে এটা দলত ৪০/৫০ জন লোকহে থাকে কাৎচিতহে ৮০ ৰ পৰা ১০০ জনলৈ দলৰ লোকে থাকে ৷ খাদ্য সংগ্ৰহ কৰি সকলৰ সৰু সৰু দলবোৰে গাইগুটীয়াভাৱে আহাৰৰ অন্বেষণত ঠাই সলাই ঘূৰি ফুৰে আৰু ভ্ৰাম্যমান জীৱন যাপন কৰে । স্থায়ী বাসভূমি আৰু উন্নত চিকিৎসাৰ অভাৱত তেওঁলোকৰ সৰু বেমাৰ আজাৰতে মৃত্যু বৰণ কৰা দেখা যায় । উক্ত কাৰণতে অম্বেষণ জীৱীসকল বা খাদ্য সংগ্রহকাৰী সমাজত জনসংখ্যা কম হোৱা পৰিলখিত হয় ।
৪। আদিম সমাজত প্ৰচলিত চিকাৰ কৰা কৌশলসমূহ উল্লেখ কৰা ।
উত্তৰঃ আদিম সমাজত প্ৰচলিত চিকাৰ কৌশলসমূহ হল ―
( ক ) বৃত্ত কৰি চিকাৰ কৰা পদ্ধতি :- কোনো কোনো সম্প্রদায়ে জন্তু থকা হাবিৰ চাৰিওফালৰ পৰা জুইৰ জোৰা লৈ জন্তু বিলাকক ভয় খোৱাই হাবিৰ মাজলৈ খেদি নিয়ে আৰু বৃত্তৰ দৰে চাৰিওফালৰ পৰা আগুৰি ধনু কাড়েৰে জন্তু বিলাকক বধ কৰে । অৰুণাচলৰ ডফলা , আদি , ওৱাঞ্চু আদি জনজাতীয়ে গাহৰি , হৰিণ আদি এনে পদ্ধতিৰে চিকাৰ কৰে ৷ তেওঁলোকে কুকুৰৰ সহায়তো জন্তু মাজ হাবিলৈ খেদি নিয়ে আৰু তাতে তাক বধ কৰে । উত্তৰ আমেৰিকাৰ ক্ৰু , ব্লেক খুট আদি সম্প্রদায়ে এই পদ্ধতিৰে বাইচন গৰু চিকাৰ কৰে ৷
( খ ) ভেশচন ধৰি চিকাৰ কৰা পদ্ধতি :- বুচমেন সকলে উট চৰাইৰ চালেৰে ভেশচন ধৰি উট চৰাইৰ ওচৰ চাপি ধনু কাড়েৰে সিহঁতক চিকাৰ কৰে । কালিফণিয়া বাসী ৰেড ইণ্ডিয়ান কিছুমানে হৰিণা পহুৰ ভেশচন চৰি থকা পহুৰ ওচৰ চাপে আৰু সিহঁতৰ ধনু – কাড়েৰে বা যাঠিৰে বধ কৰে । জন্তুৰ মত অনুসৰণ কৰি জন্তুক ওচৰ চপাই আনি বধ কৰা চিকাৰ কৌশলো কোনো কোনো জনজাতীৰ মাজত প্ৰচলিত । পশ্চিম বংগৰ হাগাৰীসকলে এই পদ্ধতিৰে শিয়ালক ওচৰ চপাই আনি বধ কৰে ।
( গ ) বিষ ক্ৰিয়াৰ দ্বাৰা চিকাৰ কৰা পদ্ধতি :- কাড় আৰু যাঠিৰ আগত বিষ লগাই অতি সহজে জন্তু বা চৰাই চিকাৰ কৰিব পাৰে ৷ কেতিয়াবা খোৱা বস্তুত বিষ মিহলি কৰিও জন্তু বা চৰাই বধ কৰা হয়। এই পদ্ধতিটো কোনো কোনো জন জাতীৰ মাজত প্রচলিত ।
( ঘ ) ফান্দ পাতি চিকাৰ কৰা পদ্ধতি :- বিভিন্ন ধৰণৰ ফান্দ পাতি চিকাৰ আৰু চৰাই ধৰা পদ্ধতি বহুতো জনজাতীয়ৰ মাজত প্ৰচলিত । খাচী সকলে বাঁহৰ ফান্দ পাতি চৰাই ধৰে । গাৰো , ৰাঁভা , কাৰ্বি , কছাৰী সকলে বিভিন্ন ধৰণৰ ফান্দেৰে পহু আঁৰু গাহৰি চিকাৰ কৰে । এই চিকাৰত যাঠিৰ ব্যৱহাৰ অতি প্রয়োজন । জালেৰেও আবদ্ধ কৰি জন্তু চিকাৰ কৰা হয় ।
( ঙ ) জোং পেলাই চিকাৰ কৰা পদ্ধতি :- পূব আফ্ৰিকাৰ লাঙ্গোসকলে ( Lango ) এই পদ্ধতিৰে হাতী চিকাৰ কৰে । এওলোকে হাতী অহা যোৱা কৰা বাটত গধূৰ কাঠ এটুকুৰাত জোং লগাই গছৰ ঠানিৰ পৰা ৰছীৰে ওলমাই থয় । আৰু সেই ৰছীডালে গা গছত এনেদৰে বান্ধি থৈ যাতে ৰছীডাল হাতীৰ ভৰিত লাগিলেই গধূৰ ওজনৰ জোং তোৱে ওপৰৰ পৰা হাতীক ধৰে । নগাবিলাকে এনেকৈ ফান্দ পাতি সুগৰীপহু বনসেকুৰী আদি সৰু সৰু জন্তু চিকাৰ কৰে ।
৫। পশুপালনৰ পৰা পোৱা সুফলসমুহ কি কি ?
উত্তৰঃ পশুপালনৰ পৰা পোৱা সুফলসমুহ হল—
( ক ) পশুপালনৰ জৰিয়তে মানুহৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীলতা কিছু পৰিমাণে কমি আহিল।
( খ ) পশুপালনৰ জৰিয়তে মানুহে আৱশ্যকীয় আহাৰ কিছু পৰিমাণে তৈয়াৰ কৰি লব পৰা হল ।
( খ ) পশুপালনৰ ফলত মানুহৰ অঘৰী জীৱন স্থায়ী হল আৰু মানুহে নিগাজীকৈ বসবাস কৰিবলৈ ললে । এইদৰে মানুহৰ সমাজ তথা সংস্কৃতিৰ ক্ষেত্ৰতো যথেষ্টখিনি অগ্রগতি লাভ কৰিলে ।
( ঘ ) জন্তুৰ চাল আৰু নোমেৰে মানুহে নিজৰ দেহ নিৰাপদে ৰখাৰ বাবে পোছাক পৰিছদ তৈয়াৰত মনোনিবেশ কৰিব পৰা হল ।
( ঙ ) পশুপালনৰ ফলত উৎপন্ন হোৱা বিভিন্ন খাদ্য সামগ্ৰীসমূহ নিজে ব্যৱহাৰ কৰাৰ ওপৰিও আন আন সম্প্ৰদায়ৰ লগতো আদান প্রদান আৰম্ভ হল । এইদৰে বিনিময় প্রথা সৃষ্টি হয় ।
( চ ) পশুপাল লৈ খাদ্যৰ কাৰণে যেতিয়া মানুহে এঠাইৰ পৰা আনঠাইলৈ যাত্ৰা আৰম্ভ কৰিলে তেতিয়া ইয়াৰ জৰিয়তে মানুহে নিৰাপদ যাতায়ত ব্যৱস্থাৰো সৃষ্টি কৰিলে ।
Sl. No. | Contents |
Chapter 1 | আবয়বিক নৃতত্ব |
Chapter 2 | প্রাগঐতিহাসিক নৃতত্ত্ব |
Chapter 3 | বস্তু সংস্কৃতি আৰু অৰ্থনৈতিক নৃতত্ব |
Chapter 4 | (ক) সামাজিক নৃতৃত্ব |
Chapter 4 | (খ) নৃগোষ্ঠী বর্ণনাতত্ত্ব |
Chapter 5 | পৰিস্থিতি বিজ্ঞান |
৬। অসমৰ গাওঁ অঞ্চলত বাস কৰা লোকসকলে খেতিৰ বাবে ব্যৱহাৰ কৰা এটা সজুলিৰ বৰ্ণনা দিয়া ৷
উত্তৰঃ অসমৰ গাও অঞ্চলত কৃষিৰ বাবে ব্যৱহাৰ কৰা সজুলিবোৰৰ ভিতৰত নাঙল বিশেষ উল্লেখনীয় । নাঙল এবিধ প্রধান কৃষি সজুলি । এইবিধ সজুলি কাঠ আৰু বাঁহেৰে নির্মিত । প্রায় ১২০° মান কোণ বিশিষ্ট ভাঁজ থকা গছৰ ডাল এডোখৰ চাঁচি নাঙল তৈয়াৰ কৰা হয় । এই বনোৱা অংশক কুৰ বোলা হয় । কুৰৰ এটা অংশ প্রায় ১ ফুটমানে দীঘলকৈ ৰাখি জোঙাকৈ চাঁচি লৈ ওপৰৰ ফালে লোৰ চেপেটা ফাল লগাই লোৱা হয় । আনটো প্রায় ১% ফুটমান দীঘলকৈ চাঁচি লৈ একেবাৰে মূৰত পথালিকৈ ধৰিব পৰা মুঠি তৈয়াৰ কৰা হয় । মাজৰ কোপটোৰ ঠিক ওপৰত বিন্ধা কৰি সৰু বাঁহ এডাল প্রায় ৬ ফুটমান দীঘলকৈ দাকুৰা লগোৱা হয় ৷ দাকুৰাৰ সহায়ত ‘ মুৰলিত’ত সংযোগ কৰি লোৱা হয় ৷
৭। অন্বেষণজীৱী বুলিলে কি বুজা ? অন্বেষণ জীৱীসকলক কেইটাভাগত ভগাব পাৰি ?
উত্তৰঃ সকলো জীৱৰে জীৱন – ধাৰণাৰ কাৰণে আহাৰৰ প্ৰয়োজন । এই বিষয়ত মানুহৰ ক্ষেত্ৰতো ব্যতিক্রম নহয় । প্রস্তৰ যুগত অর্থাৎ আদিম অৱস্থাত মানুহ অন্বেষণজীৱী আছিল । প্ৰথম অৱস্থাত পৰিবেশত যি বিচাৰ পাইছিল তাকে খাই জীৱন নিৰ্বাহ কৰিছিল । আদিম অৱস্থাত মানৱ সম্পূৰ্ণৰূপে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল আছিল । তেওঁলোকৰ কাৰ্য্যকলাপ তথা জীৱন – ধাৰণৰ উপায় সম্পূৰ্ণৰূপে প্ৰকৃতিৰ দ্বাৰা নিয়ন্ত্ৰিত হৈছিল । কালক্ৰমত আহাৰৰ অবিৰত যোগান ধৰিবৰ বাবে শিল , জন্তুৰ হাড় , শিং আদিৰ পৰা হাতিয়াৰ তৈয়াৰ কৰি চিকাৰ আৰু মাছ মৰা বৃত্তি অবলম্বন কৰিলে । অৱশ্যে ভৌগোলিক অৱস্থান , প্রাকৃতিক সম্পদৰ প্ৰকাৰ আৰু পৰিমাণ আৰু কাৰিকৰী দক্ষতা আৰু বস্তুগত সংস্কৃতিৰ মান অনুসৰি মানুহে ভিন্ন ভিন্ন উপায়েৰে আহাৰ আৰু অন্যান্য আৱশ্যকীয় সামগ্ৰীসমূহ আহৰণ কৰা দেখিবলৈ পোৱা যায় ৷
এইদৰে খাদ্য সংগ্ৰহৰ কাৰণে ব্যৱহাৰ কৰা বিভিন্ন পদ্ধতি সমূহক মুঠতে প্রধান শিতানত সন্নিবিষ্ট কৰিব পাৰি । জীৱিকা প্ৰবৰ্তন প্ৰণালীৰ দুটা প্রধান ভাগহৈছে- অন্বেষণ আৰু উৎপাদন । অন্বেষণ জীৱিকা বুলিলে মানুহে নিজ পৰিবেশত প্রাপ্ত প্রাকৃতিক আহাৰ্য্য সামগ্ৰীৰ আহৰণ আৰু ব্যৱহাৰকে বুজা যায় । অন্বেষণকাৰীৰ জীৱনত আহাৰৰ সামগ্ৰীৰ যোগান বহাবলৈ কোনো ব্যৱস্থা নাই । তেওঁলোক সম্পূর্ণৰূপে প্রকৃতিৰ ওপৰত নিৰ্ভৰশীল । অন্বেষণ জীৱীসকলক জীৱন নিৰ্বাহৰ পদ্ধতি অনুযায়ী তিনিটা ভাগত বিভক্ত কৰা হৈছে । যেনে—
( ক ) সংগ্রহজীৱী ।
( খ ) চিকাৰজীৱী । আৰু
( গ ) ম্যস্য চিকাৰ জীৱী ।
অৱশ্যে সংগ্রহ চিকাৰ বা ম্যস্য চিকাৰ ইয়াৰ যিকোনো এটা পদ্ধতিৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰি কোনো সম্প্রদায়ে জীৱন নিৰ্বাহ নকৰে , মাত্ৰ ভৌগোলিক পৰিবেশৰ ওপৰত ভিত্তি কৰিহে ইয়াৰ যিকোনো এটা মূখ্য জীৱিকা হব পাবে ।
৮ । উৎপাদন জীৱী বুলিলে কি বুজা ? এওঁলোকক কেইটা ভাগত ভগাব পাৰি ?
উত্তৰঃ প্ৰত্নপ্রস্তৰ যুগৰ মানবৰ জীৱিকা প্ৰবৰ্তনৰ প্ৰণালীসমূহক মুঠতে দুটা ভাগত ভগাব পাৰি ।
( ক ) অন্বেষণ জীৱিকা । আৰু
( খ ) উৎপাদন জীৱিকা ।
প্রথম অৱস্থাত আদিম মানৱে প্ৰকৃতিৰ বুকুৰ পৰা নানা ধৰণৰ ফলমূল , মৌৰস , উদ্ভিদৰ শিপা , আলু , কচু , আদি খাই জীৱন নিৰ্বাহ কৰিছিল। কালক্ৰমত যেতিয়া জন্তুৰ হাড় , শিল , শিং আদিৰ সহায়ত মানৱ সঁজুলি নিৰ্মাণ কৰিবলৈ ললে তেতিয়া মানুহৰ আৱশ্যকীয় সামগ্রী সমূহৰ কিছুসংখ্যাক সামগ্রী নিজে তৈয়াৰ কৰি লব পৰা হল । নব প্রস্তৰ যুগত আহাৰ যোগানৰ পদ্ধতিৰ কিছু উন্নত হল । অন্বেষণজীৱীকা বৃত্তি উপৰিও মানুহে শস্য উৎপাদন কৰি উন্নত জীৱন যাপন কৰিবলৈ ধৰিলে।এইদৰে আৱশ্যকীয় সামগ্ৰী সমূহ নিজ বুদ্ধিমত্তাৰ ফলত উৎপাদনকৰি জীৱিকা নির্বাহ কৰাৰে উৎপাদন জীৱিকা বোলে । আহাৰ উৎপাদন ব্যৱস্থাৰ মধ্যম হল কৃষি আৰু পশুপালন ।
এই দুই ফোৰংগনি যুক্ত অর্থনৈতিক ব্যৱস্থাই আহাৰ্য্য সামগ্ৰীৰ পৰ্যাপ্ততা অনাত যথেষ্ট বৰঙনি যোগালে আৰু প্ৰকৃতিৰ ওপৰত মানুহৰ নিৰ্ভৰশীলতা বহুখিনি কমাই আনিলে । আহাৰৰ উৎপাদানৰ ব্যৱস্থা আৱিস্কাৰৰ লগে লগে মানৱ সভ্যতা বিকাশৰ ক্ষেত্ৰত এক নতুন যুগৰ সূচনা হল বুলি কব পাৰি । ফলত মানুহে জীৱনৰ অন্যান্য দিশবোৰত মনোনিবেশ কৰিবলৈ আহৰি পালে । তেতিয়া সংস্কৃতি , শিল্প , উদ্যোগ , বাণিজ্য , ধৰ্ম আৰু সমাজ ব্যৱস্থাৰ বিকাশ সাধন হবলৈ ধৰিল ৷ গতিকে নবপ্রস্তৰ যুগত মানুহে গাও পাতি আৰু সমুহীয়া জীৱন – যাপন কৰি সুখ শান্তি আৰু আত্মনিৰ্ভৰশীল হৈ জীৱন – যাপন কৰিবলৈ ললে । উৎপাদনজীৱীসকলক দুটা ভাগত ভগাব পাৰি ৷ যেনে—
( ক ) কৃষক । আৰু
( খ ) পশুপালক ।
৯। জীৱিকা প্রবর্তন প্ৰণালী বুলিলে কি বুজা ? আদিম মানবৰ জীৱিকা প্ৰবৰ্তনৰ প্ৰণালীক কেইটা ভাগত ভগাব পাৰি ? আৰু কি কি ?
উত্তৰঃ জীৱন ধাৰণৰ কাৰণে যি কাৰ্য্য পদ্ধতি অৱলম্বন কৰা হয় তাকেই জীৱিকা প্রবর্তন অর্থনীতি বা অর্থনৈতিক সংগঠন বুলি কব পাৰি । জীয়াই থাকিবৰ বাবে মানুহে নানা ধৰণৰ চাহিদা পূৰণ কৰিব লাগে ৷ এইদৰে মানুহৰ বিভিন্ন চাহিদা পূৰণৰ বাবে বিভিন্ন সামগ্ৰীৰ প্ৰয়োজন হয় । তাৰ বাবে মানুহক বিবিধ ধৰণৰ কেচাঁমাল লাগে । নিজ নিজ পৰিবেশ পৰা সম্পদ আহৰণ কৰি নানা কাৰিকৰী বিদ্যা বা কৌশল প্রয়োগ কৰি মানুহে দৈনন্দিন জীৰ অভাৱবোৰ পূৰ কৰে ৷ এনেকৈ মানুহৰ সংস্কৃতি গঢ় লয় আৰু ইয়াৰ ওপৰত ভিত্তি কৰিয়ে একো একোটা অর্থনীতি গঢ়ি উঠে । মানবে আদিতে জীৱিকাৰ বাবে সম্পূৰ্ণৰূপে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিব লগীয়া হৈছিল । ফলত আদিম মানবৰ জীৱিকা নিৰূপণ কৰিছিল ভৌগোলিক পৰিবেশে । প্রাকৃতিক বা ভৌগোলিক অৱস্থিতি অনুসৰি প্ৰাকৃতিক সম্পদৰাজিৰ ভিন্নতা দেখিবলৈ পোৱা যায় আৰু ইয়াৰ ওপৰত ভিত্তি কৰিয়েই মানুহৰ জীৱিকা নির্বাহৰ প্ৰণালী ভিন ভিন হয় । প্রথম অৱস্থাত মানুহে প্ৰকৃতিৰ বুকুত উপলদ্ধ সামগ্ৰীসমুহ অন্বেষণ কৰি জীৱিকা প্ৰবৰ্তন কৰিছিল । কালক্ৰমত মানবে নিজ বুদ্ধিসত্তাৰ বলত হাতীয়াৰৰ সৃষ্টি কৰিলে আৰু ইয়াৰ জৰিয়তে নিজৰ প্রয়োজনীয় সামগ্রীসমুহ উৎপাদন কৰি লবলৈ শিকিলে । জীৱিকা প্ৰবৰ্তনৰ প্ৰণালীক মুঠতে দুটা ভাগত ভগাব পাৰি ।
( ক ) অন্বেষণ জীৱিকা । আৰু
( খ ) উৎপাদন জীৱিকা ।
অন্বেষণজীৱিকা সকলক আকৌ তিনিটা ভাগত ভাগ কৰা হয় ।
( a ) সংগ্ৰহ জীৱী ।
( b ) চিকাৰ জীৱী । আৰু
( c ) মৎস্য জীৱী ।
আকৌ উৎপাদনজীৱী সকলক দুটা শ্ৰেণীত ভগাব পাৰি । যেনে–
( a ) কৃষক । আৰু
( b ) পশুপালক ।
১০। চিকাৰজীৱী সকলৰ বৈশিষ্ট্য লিখা ।
উত্তৰঃ আদিম মানবৰ প্রাচীনতম জীৱিকা প্রণলী হল অন্বেষণ জীৱিকা । চিকাৰ জীৱিকা অন্বেষণজীৱিকাৰে এটি প্রধান পদ্ধতি । প্রকৃতিৰ বুকুত থকা জীৱ – জন্তু বধ কৰি জীৱিকা নির্বাহ কৰাকে চিকাৰজীৱিকা বোলা হয় । চিকাৰ কৰা জন্তুৰ প্ৰকাৰ আৰু বিচৰণ স্বভাব অনুযায়ী চিকাৰজীৱীকাৰ জীৱন – যাপন প্রণালীও বিভিন্ন হয় । তথাপি চিকাৰজীৱীসকলৰ সাধাৰণ বৈশিষ্ট্যসমুহত এনেদৰেউল্লেখ কৰিব পাৰি―
( ক ) চিকাৰজীৱী সকলে একোটা সর্ববৃহৎ এলেকাত সৰু গোটত বাস কৰে ।
( খ ) চিকাৰজীৱীসকল কঠোৰ পৰিশ্ৰমী । এওঁলোকৰ বাবে জীৱন ধাৰণ মানেই প্ৰকৃতিৰ লগত সংগ্রাম ।
( গ ) চিকাৰজীৱীসকলে ভ্ৰাস্যমান জীৱন যাপন কৰে অথচ চিকাৰ অন্বেষণৰ বাবেএওঁলোকৰ স্থায়ী বাসস্থান সম্ভৱ নহয় । চিকাৰজীৱী সকলে সাধাৰণতে দুৰ্গম , আওঁহতীয়া , অটব্য অৰণ্য অঞ্চল বাসস্থানৰ বাবে নিৰ্বাচন কৰে ।
( ঘ ) চিকাৰ ভূমিৰ ওপৰত ব্যক্তিগত স্বতাধিকাৰ নাথাকে । চিকাৰ এলেকা সম্প্রদায়টোৰ সমূহীয়া সম্পত্তিহে ।
১১। চিকাৰজীৱীকা মানে কি ? আদিম মানবৰ মাজত প্ৰচলিত চিকাৰকৌশল সমূহ উল্লেখ কৰা ।
উত্তৰঃ আদিম সমাজৰ জীৱিকা প্ৰবৰ্তন প্ৰণালীক মুঠতে দুটা শিতানত ভগাব পাৰি – অন্বেষণ আৰু উৎপাদন জীৱিকা । অন্বেষণ জীৱিকা হল মানবৰ প্রাচীনতন জীৱিকা প্রণালী । মানৱে প্ৰকৃতিৰ বুকুত বাস কৰা বিভিন্ন জীৱ – জন্তু খাদ্যৰ কাৰণে হত্যা কৰিবলৈ চলোৱা কৌশলকে চিকাৰ জীৱিকা হিচাপে জনা যায় । অৱশ্যে সকলো আদিম মানৱৰে চিকাৰ কৰাৰ কৌশল বা হাতিয়াৰ একে নহয় ৷ মুখ্যত বনৰীয়া জীৱ – জন্তুৰ প্ৰকাৰ আৰু বিচৰণ লক্ষণৰ ভিত্তি চিকাৰ জীৱীসকলৰ কৌশল বা সা – সৰঞ্জাম বিভিন্ন হয় । যিকি নহওঁক , আদিম মানবৰ বিভিন্ন চিকাৰজীৱী সম্প্ৰদায়ৰ মাজত নিম্নলিখিত চিকাৰ কৌশলসমূহ পৰিলক্ষিত হয় ।
( ক ) ক্ষেপণাস্ত্ৰৰে চিকাৰ যেনে – যাঁঠি , জোং , ধনু – কাড় , ফর্মুটি , ছিটিকা , ফাঁচ ইত্যাদি জীৱ জন্তুৰ গালৈ নিক্ষেপ কৰা চিকাৰ ।
( খ ) ভেশচন ধৰি জন্তুৰ ওচৰ চাপি চিকাৰ কৰা ।
( গ ) দলবান্ধি চিকাৰ কৰা ৷
( ঘ ) চোৰাং গাতত পেলাই চিকাৰ কৰা ।
( ঙ ) জাল বা ফান্দ পাতি চিকাৰ কৰা ।
( চ ) ওজন সমৃদ্ধ জোঙেৰে মূৰত শালি চিকাৰ কৰা ।
এইদৰে বিভিন্ন সম্প্ৰদায়ৰ মাজত বিভিন্ন চিকাৰ পদ্ধতি দেখা যায় ।
১২। অসমৰ ভৈয়াম অঞ্চলত মৎস্যচিকাৰ বিভিন্ন পদ্ধতিসমুহ লিখা ।
উত্তৰঃ অসমৰ ভৈয়াম অঞ্চলৰ অথবা গ্রাম্যঞ্চলৰ সৰহভাগ বাসিন্দাৰে মৎস্য চিকাৰ একমাত্ৰ জীৱিকা বা মুখ্য জীৱিকা নহলেও প্ৰায়বোৰ বাসিন্দাই মৎস্যচিকাৰ কিছু পৰিমাণে আগ্রহী তথা পাকৈত । গ্রাম্যঞ্চলৰ বাসিন্দাসকলে স্থান অনুসাৰে বিভিন্ন পদ্ধতি অৱলম্বন কৰি মৎস্যচিকাৰ কৰা দেখা যায় । বিভিন্ন পদ্ধতিৰ বাবে ভিন ভিন মাছমৰা সজুঁলিও পৰিলক্ষিত হয় । এই সঁজুলিবোৰৰ কিছুমান স্বয়ং ক্ৰিয় আৰু আন কিছুমান নিজ হাতেৰে ব্যৱহাৰ কৰি মাছ মাৰিব লাগে । স্বয়ংক্রিয় সজুলিৰ ভিতৰত খোৱা বা চৰহা লাভী , জাল , দৰঙা , দিঙ্গৰা , চেপা ইত্যাদি উল্লেখযোগ্য ৷ আনহাতে হাতেৰে ব্যৱহাৰ বা নিয়ন্ত্ৰণ কৰা সজুঁলিসমুহৰ ভিতৰত আছে জাকৈ পল , জুলুকী , আচাৰা – জাল , বৰশী, খোৱালি জাল , পৰভীজাল , লেৰে শেল বা কোচ বা জোৱাৰ ইত্যাদি । যিকি নহওঁক অসমৰ ভৈয়াম অঞ্চলত ব্যৱহাৰ কৰআ পদ্ধতি সমুহৰ কিছুমান হল ―
( ক ) খোৱা বা চৰহা , লাভী জাল , চেপা , দিঙৰা , দলজ ইত্যাদি স্বয়ংক্রিয় সজুঁলিসমুহ নির্বাচিত স্থানসমুহত সংস্থাপিত কৰি ৰাখি সময়ত দাঙি আনিলে বিভিন্ন ধৰণৰ সৰু বৰ মাছ আৱদ্ধ হোৱা দেখা যায় ।
( খ ) জ্বাকৈ , পল , জুলুকী , খোৱালি জাল আদিৰে আবদ্ধ বা সামান্য যোঁত বিশিষ্ট পানীত চৰিয়াই বা খেপিয়াই মাছ চিকাৰ কৰা দেখা যায় ।
( গ ) আৱদ্ধ বা বোঁৱতী পানীত বৰশী পাতি মাছ চিকাৰ কৰা দেখা যায় ।
( ঘ ) ফটফটীয়া পৰিস্কাৰ পানীত ৰাতি পোহৰৰ সহায়ত জোঁৱাৰ বা শেল নাইবা দা কাঁচিবে আক্ৰমণ কৰি মাছ চিকাৰ কৰা দেখা যায় ।
( ঙ ) সামান্য সোঁত বিশিষ্ট পানীত ভেঠা দিও মাছ চিকাৰ কৰা দেখা যায় ।
( চ ) আৱশ্যক অনুযায়ী ধনু – কাড় ব্যৱহাৰ কৰি মাছ বিদ্ধ কৰা দেখা যায় ।
( ছ ) আবদ্ধ পানীত সাধাৰণতে বনৌষদি বিহু মিহলাই মৎস্য চিকাৰ কৰা পদ্ধতিও অবলম্বন কৰা দেখা যায় ।
ইত্যাদি নানান কৌশল মাছ মাৰিবৰ কাৰণে ভৈয়ামবাসী অসমীয়াসকলে ব্যৱহাৰ কৰে ।
১৩ । জন্তু গৃহকৰণ মানে কি ? মানুহে কি উদ্দেশ্য লৈ জন্তু গৃহীকৰণ কৰিছিল ।
উত্তৰঃ বনৰীয়া জীৱ – জন্তুক পোহপাল নিয়াই ঘৰচীয়া কৰাৰ ব্যৱস্থাকে জন্তু গৃহীকৰণ হিচাপে জনা যায় । মূখ্যতঃ চিকাৰজীৱী সকলে জন্তু চিকাৰৰ বাবে ঘূৰি ফুৰোতে পোৱা জীৱ – জন্তুৰ পোৱালি মৰমতে ঘৰলৈ লৈ আহি ৰাখিবলৈ লোৱাৰ ফলতে জীৱ – জন্তু গৃহীকৰণ আৰম্ভ হয় । কালক্ৰমত এইদৰে গৃহীকৰণ কৰা কিছুমান জন্তু জীৱিকা প্ৰবৰ্তনৰ উদ্দেশ্য ব্যৱস্থাৰ কৰিবলৈ লোৱাত মানুহৰ মাজত পশুপালন জীৱিকাৰ প্ৰচলন আৰম্ভ হয় ।
কি উদ্দেশ্য লৈ মানবে জীৱ – জন্তু গৃহীকৰণ আৰম্ভ কৰে সঠিক কৈ কোৱা টান । প্রথমাবস্থাত সম্ভৱতঃ মৰমৰ বশবর্তী হৈয়ে জীৱ জন্তুৰ মৰম লগা পোৱালিবোৰ নিজ গৃহলৈ আনি ঘৰতে ৰখাব ব্যৱস্থা কৰিছিল।বহুতো চিকাৰজীৱীয়ে অৱশ্যে চীকাৰৰ সুবিধার্থে কুকুৰ পুহিবলৈ আৰম্ভ কৰিছিল ৷ কুকুৰৰ উপৰিও মানুহে গৃহীকৰণ কৰাৰ প্ৰমাণ পোৱাৰ আন আন জন্তুবোৰ হ’ল ভেড়া , ছাগলী , গৰু , ম’হ , গাহৰি , ঘোঁৰা , মেথোন , উট আৰু নানা ধৰণৰ চৰাই চিৰিকতি । কালক্ৰমত মানুহে এই পোহনীয়া জন্তুবোৰৰ পৰা প্ৰাপ্ত বিভিন্ন সামগ্রী যেনে গাখীৰ , মাংস ইত্যাদি খাদ্যৰ বাবে , ছাল , হাড় ইত্যাদি পিন্ধিবৰ বাবে ব্যৱহাৰ কৰিবলৈ ল’লে । আনকি কুকুৰ , ঘোৰা , উট আদিক বস্তু সামগ্ৰী কঢ়িয়াবৰ বাবেও ব্যৱহাৰ কৰিব শিকিলে ।
১৪। কৃষিৰ বিভিন্ন পদ্ধদিবোৰ কি কি ?
উত্তৰঃ কৃষিৰ বিভিন্ন পদ্ধতিবোৰ হ’ল—
( ক ) ঝুম বা স্থানান্তৰিত কৃষি ।
( খ ) নাঙল কৃষি ।
( গ ) উদ্যান কৃষি ।
( ঘ ) বেদিকা বা থাপ খেতি ।
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Please anthropology note