Class 11 Education Chapter 7 স্বাধীনতাৰ আগৰ ভাৰতবৰ্ষ আৰু অসমৰ প্ৰাথমিক শিক্ষা

Class 11 Education Chapter 7 স্বাধীনতাৰ আগৰ ভাৰতবৰ্ষ আৰু অসমৰ প্ৰাথমিক শিক্ষা The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Education Chapter 7 স্বাধীনতাৰ আগৰ ভাৰতবৰ্ষ আৰু অসমৰ প্ৰাথমিক শিক্ষা and select needs one.

Class 11 Education Chapter 7 স্বাধীনতাৰ আগৰ ভাৰতবৰ্ষ আৰু অসমৰ প্ৰাথমিক শিক্ষা

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 11 Education Chapter 7 স্বাধীনতাৰ আগৰ ভাৰতবৰ্ষ আৰু অসমৰ প্ৰাথমিক শিক্ষা Solutions for All Subject, You can practice these here…

প্ৰশ্ন(৭): ১৯৩৭ চনৰ আঁচনিৰ চমু আভাস লিখা ।

উত্তৰ : গান্ধীজীৰ বুনিয়াদী শিক্ষাৰ ধাৰণা জনপ্ৰিয় হৈ উঠাত ১৯৩৭ চনৰ ২২ আৰু ২৩ অক্টোবৰত বাৰ্ধাত দুদিনীয়াকৈ এখন সৰ্বভাৰতীয় শিক্ষা সন্মিলন আহ্বান কৰা হয় । গান্ধীজীয়ে সন্মিলনৰ অধ্যক্ষতা কৰে । ভাৰতৰ বিভিন্ন প্ৰদেশৰ শিক্ষাবিদ, সমাজকৰ্মী আৰু কংগ্ৰেছৰ সাতখন প্ৰদেশৰ শিক্ষামন্ত্ৰীসকলো ইয়াত উপস্থিত থাকে । এই সভাত গান্ধীজীয়ে তেওঁৰ বুনিয়াদী শিক্ষা আঁচনি জাতিৰ উদ্দেশ্যে প্ৰদান কৰে । এই সন্মিলনত প্ৰাথমিক শিক্ষাৰ সম্বন্ধে চাৰিটা গুৰুত্বপূৰ্ণ প্ৰভাৱ গ্ৰহণ কৰা হয় । সেইকেইটা তলত দিয়া হ’ল –

(ক) সৰ্বভাৰতীয় ভিত্তিত বিনামূলীয়া আৰু বাধ্যতামূলক প্ৰাথমিক শিক্ষা সাত বছৰৰ বাবে প্ৰদান কৰিব লাগে ।

(খ) শিক্ষাদানৰ মাধ্যম মাতৃভাষা হ’ব লাগে ।

(গ) এই সময়ছোৱাৰ শিক্ষা ব্যৱস্থা হ’ব লাগে উৎপাদনমুখী আৰু তাৰ বাবে এবিধ প্রয়োজনীয় হস্তশিল্পৰ শিক্ষা দিব লাগে ।

(ঘ) বুনিয়াদী শিক্ষাই শিক্ষকসকলৰ পৰিশ্ৰমিকৰো কিছু অংশ যোগান ধৰিব লাগে । শিক্ষাত স্বাৱলম্বী আৰু অৰ্থনৈতিকভাৱে উৎপাদনমুখী হ’বলৈ বিচৰা এই শেষৰ প্ৰস্তাৱত সৰ্বসন্মত  সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাযায় । তথাপি বুনিয়াদী শিক্ষা দেশৰ জাতীয় শিক্ষাস্বৰূপে গ্ৰহণ কৰা হয় । এই সভাতে ডঃ জাকিৰ হুছেইনক সভাপতি স্বৰূপে এখন কমিটি গঠন কৰা হয় । এই কমিটিৰ উদ্দেশ্য আছিল বুনিয়াদী শিক্ষা আঁচনি কাৰ্যত পৰিণত কৰিবলৈ উপযুক্ত ব্যৱস্থা নিৰ্দেশ দিয়া আৰু পাঠ্যক্ৰম প্ৰস্তুত কৰা । ১৯৩৭- ৩৮ চনত দুটা পৃথক প্ৰতিবেদনৰ যোগেদি এই কমিটিয়ে অতি কম সময়ৰ ভিতৰতে আৱশ্যকীয় পৰামৰ্শ আগবঢ়ায় ।

১৯৩৮ চনত হৰিপুৰা নামৰ ঠাইত বহা কংগ্ৰেছ অধিবেশনত জাকিৰ হুছেইন কমিটিৰ প্ৰতিবেদন বিশদভাৱে আলোচনা কৰা হয় আৰু ইয়াক চৰকাৰৰ শিক্ষা আচঁনিৰূপে গ্ৰহণ কৰি কাৰ্যত পৰিণত কৰিবলৈ সিদ্ধান্ত লোৱা হয় । ১৯৩৯ চনৰ হিন্দুস্থানী তালিমি সংঘ গঠন হয় । প্ৰথম দুবছৰ অতি সন্তোষজনক ভাৱে আগবাঢ়ি শেষৰ ফালে দ্ৰুত গতিত বাধাৰ সৃষ্টি হয় । কিন্তু ১৯৪০-৪৫ চনৰ ভিতৰত ইয়াৰ অগ্ৰগতিত বাধাৰ সৃষ্টি হয় । ১৯৪২ চনত দেশৰ মুক্তি আন্দোলন প্ৰৱল হৈ পৰে । সেই সময়ত তালিমি সংঘৰ প্ৰায়বোৰ সদস্যই কাৰাবণ কৰে । ফলত বহুতো শিক্ষানুষ্ঠান বন্ধ হয় । বুনিয়াদী শিক্ষাৰ বিস্তাৰত প্ৰত্যক্ষভাৱে বাধা পৰে ।

১৯৪৬ চনত কংগ্ৰেছ চৰকাৰে পুনৰ শাসন ক্ষমতা লাভ কৰি বুনিয়াদী শিক্ষা বিস্তাৰৰ বাবে কাৰ্যপন্থা হাতত লয় । ১৯৪৫ চনত বাৰ্ধাত আন এখন জাতীয় শিক্ষা সন্মিলন পাতি বুনিয়াদী শিক্ষাৰ অগ্ৰগতি সম্বন্ধে আলোচনা কৰা হয় । এই সন্মিলনেও বুনিয়াদী শিক্ষা বিস্তাৰৰ বাবে অধিক স্কুল স্থাপনত জোৰ দিয়ে ।

১৯৪৭ চনত ভাৰতৰ স্বাধীন চৰকাৰে বুনিয়াদী শিক্ষা দেশৰ জাতীয় শিক্ষা পদ্ধতিস্বৰূপে গ্ৰহণ কৰে । সকলো প্ৰাথমিক স্কুল বুনিয়াদী স্কুললৈ ৰূপান্তৰ কৰাৰ প্ৰচেষ্টা চলে ।

প্ৰশ্ন(৮): যিকোনো এটাৰ বিষয়ে লিখা :

(ক) বুনিয়াদী শিক্ষাৰ মূল বিশেষত্বসমূহ 

উত্তৰ : বুনিয়াদী শিক্ষাৰ মূল বিশেষত্বসমূহ  হ’ল :

(ক) বুনিয়াদী শিক্ষাই ব্যক্তিৰ ব্যক্তিত্বৰ সম্পূৰ্ণ বিকাশ সাধন কৰে ।

(খ) বুনিয়াদী শিক্ষাত হস্তশিল্পক শিক্ষা আহৰণৰ মাধ্যম হিচাপে প্ৰয়োগ কৰা হয় ।

(গ) বুনিয়াদী শিক্ষাই শিশুক স্বাৱলম্বীতাৰ নীতি শিক্ষা দিয়ে ।

(ঘ) বুনিয়াদী শিক্ষাৰ আদৰ্শ হৈছে  প্ৰয়োগিকতা,উপযোগিতা আৰু উৎপাদনশীলতা ।

(খ) বুনিয়াদী শিক্ষাৰ গুণাৱলীসমূহ 

উত্তৰ : এই শিক্ষাৰ কেইবাটাও গুণ থকা দেখা যায় । সেই কেইটা হৈছে –

(ক) বুনিয়াদী শিক্ষা শিশুকেন্দ্ৰিক ভাৱধাৰাৰ ওপৰত প্ৰতিষ্ঠিত ।

(খ) এই শিক্ষা পৰিকল্পনাত বৃত্তি মূলক শিক্ষাত অধিক গুৰুত্ব দিয়া হয় ।

(গ) এই শিক্ষাই পৰস্পৰাগত শিক্ষাৰ ঠাইত সক্ৰিয়াত্মক শিক্ষা প্ৰদানত গুৰুত্ব দিয়ে ।

(ঘ) এনে শিক্ষা পদ্ধতিয়ে শিক্ষাৰ্থীসকলক অধিক আগ্ৰহশীল কৰি তুলিব ।

(ঙ) মাতৃভাষাত শিক্ষা প্ৰদানে শিক্ষাৰ্থীসকলৰ বিষয়সমূহ বুজাত সহায় কৰিব ।

(চ) বুনিয়াদী শিক্ষাত শিক্ষাৰ্থীসকলৰ ব্যক্তিত্ব বিকাশত প্ৰাধান্য দিয়া হয় ।

(ছ) বুনিয়াদী শিক্ষা ভাৰতৰ আৰ্থ-সামাজিক  আৰু সাংস্কৃতিক দিশৰ ওপৰত ভিত্তি কৰি গঠন কৰা হৈছে ।

(ঝ) বুনিয়াদী শিক্ষা শিক্ষাৰ্থীসকলৰ জীৱনৰ বাবে অধিক অৰ্থপূৰ্ণ ।

প্ৰশ্ন(৯) বুনিয়াদী শিক্ষা অকৃতকাৰ্য হোৱাৰ কাৰণবোৰ হ’ল :

(ক) ধনৰ অভাৱ : সকলো প্ৰাথমিক বিদ্যালয় অৰ্থনৈতিক সংকটত ভোগাৰ দৰে বুনিয়াদী স্কুলসমূহত তেনে সংকটত ভুগিছিল । ধনৰ অভাৱত বৃদ্ধিৰ সাধাৰণ আহিলা -পাতি আৰু অধিক শিক্ষক নিয়োগ কৰিব পৰা নাছিল । ফলত বৃত্তিৰ পৰা উৎপাদনো কমি অহাত উপাৰ্জনৰ পথো নাইকিয়া হৈছিল । ফলত স্কুলসমূহত সমৃদ্ধ অৱস্থাতকৈ অৰ্থনৈতিক দুৰ্বল অৱস্থাই দেখা দিছিল ।

(খ) অভিভাৱকৰ উদাহীনতা : উপযুক্ত শিক্ষকৰ অভাৱৰ কাৰণে বুনিয়াদী পদ্ধতিত ভালদৰে শিক্ষাদি মানুহৰ মন আকৰ্ষণ কৰিব পৰা নাছিল । শিক্ষাৰ্থীয়ে ভাল ফলাফল দেখুৱাৰ নোৱাৰা কাৰণে বুনিয়াদী শিক্ষাক বৃত্তিকেন্দ্ৰিক শিক্ষাতকৈ নিম্নখাপৰ শিক্ষা বুলি ভাবিছিল ।

(গ) ক্ৰটিপূৰ্ণ পাঠ্যক্ৰম : পাঠ্যক্ৰম প্ৰস্তুত কৰোঁতে সকলো বিষয়ৰ ওপৰত সমান গুৰুত্ব নিদিয়া ফলতে কিছুমান বিষয় অৱহেলা হ’ল ।

(ঘ) ভুল মনোভাব : বুনিয়াদী শিক্ষাৰ প্ৰকৃত অৰ্থ আৰু গুৰুত্বৰ কথা বেছিভাগ মানুহে নুবুজিলে । ভাৰতৰ দৰে এখন দেশৰ বাবে এই পদ্ধতি উত্তম পদ্ধতি আছিল । কিন্তু মানুহে ইয়াক ভুলকৈ বুজাৰ কাৰণ ই কৃতকাৰ্য হ’ব নোৱাৰিলে ।

(ঙ) পৰীক্ষা পদ্ধতি : গতানুগতিক পৰীক্ষা পদ্ধতিৰে বুনিয়াদী শিক্ষা মূল্যাংকন কৰা টান । গতানুগতিক পৰীক্ষাৰ বাবে এই আঁচনি অকৃতকাৰ্য হ’ল ।

(চ) শিক্ষকৰ ভুল শিক্ষাদান : বুনিয়াদী শিক্ষাত এনে প্ৰশিক্ষণ প্ৰাপ্ত শিক্ষকৰ অতি প্ৰয়োজন আছিল । সেয়ে শিক্ষাৰ আদর্শ, চিন্তাধাৰা, শিক্ষণ প্ৰণালী, বুদ্ধি শিক্ষাত ব্ৰতী হ’ব লাগে । কিন্তু বহুত সময়ত প্ৰশিক্ষণ প্ৰাপ্ত শিক্ষক নথকাৰ কাৰণে সম্বন্ধ নথকা বিষয়ো বৃত্তিৰ লগত সম্বন্ধ সৃষ্টি কৰি ভুল শিক্ষা দিছিল । ফলত শিক্ষা দানৰ মাধ্যমেদি প্ৰকৃত দৰ্শন প্ৰতিফলিত কৰিবপৰা নাছিল । বহুত সময়ত বৃত্তিৰ ওপৰত গুৰুত্ব অধিক দিছিল আৰু কোনোবা স্কুলত সাধাৰণ শিক্ষাদান কৰিছিল ।

(ছ) সা-সঁজুলিৰ অভাৱ : বৃত্তি শিকোৱাৰ কাৰণে বৃত্তি মাধ্যমেদি শিক্ষা দিবলৈ যি আহিলা-পাতিৰ প্ৰয়োজন সেইখিনি সঁজুলি স্কুলসমূহত নাছিল । বহুত সময়ত আহিলা কিনাৰ কাৰণে চৰকাৰৰ পৰা ধনো পোৱা নাছিল ।

(ঝ) আন্তৰিকতাবিহীন : বুনিয়াদী নামটো মহাত্মা গান্ধীৰ নামেৰে জড়িত বাবে অনিচ্ছাসত্বেও বহুতো চৰকাৰী বিষয়াই আৰু ৰাজনৈতিক নেতাই এই শিক্ষাৰ প্ৰতি সমৰ্থন জনালে । কিন্তু বাস্তৱত দেখা গ’ল তেওঁলোকৰ ল’ৰা-ছোৱালীক পঠিয়ালে সুপৰিচালিত মাধ্যমৰ প্ৰাইভেট স্কুললৈ আৰু গাৱঁৰ দুখীয়া অৱহেলিত শ্ৰেণীৰ ল’ৰা-ছোৱালীয়ে পঢ়িব লগা হ’ল বুনিয়াদী স্কুলত । এই সকলোবোৰ কাৰণত বুনিয়াদী শিক্ষাই গা কৰি উঠিব নোৱাৰা কাৰণে ইয়াৰ প্ৰসাৰো কম হৈছিল ।

প্ৰশ্ন(১০): অসম প্ৰাথমিক শিক্ষা আইন ১৯২৬ ৰ মূল দফাবোৰ কি কি আছিল ? চমুকৈ লিখা । 

উত্তৰ :১৯২৬ চনৰ অসম প্ৰাথমিক শিক্ষা আইনৰ মূল দফাবোৰ হ’ল –

(ক) কোনো স্থানীয় কৰ্তৃপক্ষই এখন সভাত দুই তৃতীয়াংশ ভোটাৰ সমৰ্থন সাপেক্ষে নিজ নিজ ঠাইত বাধ্যতামূলক প্ৰাথমিক শিক্ষাৰ ব্যৱস্থা কৰিব ।

(খ) ৬-১১ বছৰলৈ ল’ৰা-ছোৱালীৰ শিক্ষা বাধ্যতামূলক কৰা হ’ব ।

(গ) স্থানীয় কৰ্তৃপক্ষই প্ৰাথমিক শিক্ষাত তেওঁলোকৰ বৰ্তমানৰ কৰা খৰচ ৰাজ্য চৰকাৰৰ খৰচ আৰু প্ৰয়োজন হোৱা ওপৰঞ্চি টকাৰ হিচাব দেখুৱাই এখন আঁচনি তৈয়াৰ কৰি চৰকাৰক দাখিল কৰিব । 

(ঘ) স্থানীয় কৰ্তৃপক্ষই প্ৰয়োজন হ’লে শিক্ষা কৰ ধাৰ্য কৰিব পাৰিব ।

(ঙ)স্থানীয় কৰ্তৃপক্ষই আঁচনি দিয়াত ব্যৰ্থ হ’লে চৰকাৰে বিহিত ব্যৱস্থা ল’ব পাৰিব ।

(চ) স্থানীয় কৰ্তৃপক্ষই পৰিচালনা কৰা বা সহায় কৰা স্বীকৃতি স্কুলৰ ল’ৰা-ছোৱালীৰ পৰা শিক্ষা মাচুল ল’ব নোৱাৰিলে ।

(ছ) শিক্ষা কমিটিৰ অনুমোদন সাপেক্ষে অভাৱগ্ৰস্ত পৰিয়ালৰ ল’ৰা-ছোৱালীক কিতাপ, কাগজ, কলম আদি দিয়াৰ ব্যৱস্থা কৰিব ।

(জ) স্থানীয় কৰ্তৃপক্ষ আৰু শিক্ষা কমিটি এই আইনৰ কাৰ্যকাৰিতাৰ বাবে দায়ী  হ’ব ।

(ঝ) স্থানীয় কৰ্তৃপক্ষই মাক – বাপেকক ল’ৰা- ছোৱালী স্কুললৈ পঠাবলৈ জোৰ কৰিব পাৰিব ।

(ট) চৰকাৰে বিবেচনা কৰিলে কোনো অঞ্চলত কোনো সম্প্ৰদায়ৰ ল’ৰা-ছোৱালীক বাধ্যতামূলকভাৱে প্ৰাথমিক শিক্ষা – লোৱাৰ পৰা বাদ দিব পাৰিব ।এই প্ৰাথমিক শিক্ষা আইনখন চৰকাৰে গ্ৰহণ কৰিলে যদিও অসমত কাৰ্যকৰী নহ’ল । কাৰণ –

(ক) কোনো স্থানীয় কৰ্তৃপক্ষৰে প্ৰাথমিক শিক্ষাৰ কাৰণে তৃতীয়াংশ খৰচ বহন কৰিব পৰা সম্বল নাছিল ।

(খ) স্থানীয় কৰ্তৃপক্ষৰ কাৰণে প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰাৰ গুৰু দায়িত্ব অকলে সম্পাদন কৰাটো কঠিন আছিল ।

(গ) ৰাইজৰ মাজত অসন্তোষ ভাৱৰ সৃষ্টি হয় বুলি স্থানীয় কৰ্তৃপক্ষই কোনো কৰ – কাটল লগোৱা নাছিল ।

(ঘ) অভিভাৱক সকলক ল’ৰা-ছোৱালী স্কুললৈ পঠিয়াবলৈকো কৰ্তৃপক্ষই জোৰ কৰিব পৰা নাছিল ।

(ঙ) সৰ্বোপৰি আৰ্থিক অনাটন আছিল স্থানীয় কৰ্তৃপক্ষৰ প্ৰধান সমস্যা ।

প্ৰশ্ন(১৭): চমুকৈ লিখা :

(ক) জিলা প্ৰাথমিক শিক্ষা আঁচনি ।

উত্তৰ : জিলা প্ৰাথমিক শিক্ষা আঁচনিখন প্ৰাথমিক শিক্ষাৰ সাৰ্বজনীকৰণ আৰু গুণগত মান উন্নতকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে পৃষ্ঠপোষকতা কৰা অতি গুৰুত্বপূৰ্ণ আঁচনি । এই আঁচনিখন ১১৯৩-৯৪ চনত আৰম্ভ হৈছিল । জিলা প্ৰাথমিক শিক্ষা আঁচনিৰ লক্ষ্য হ’ল অনৌপচাৰিক মাধ্যমসমূহৰ মাধ্যেমেৰে প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰলৈ সকলো শিশুৰে প্ৰৱেশৰ ব্যৱস্থা কৰা । প্ৰাথমিক শিক্ষাৰ স্থবিৰতাৰ হাৰ কমোৱা ইয়াৰ আন এটা লক্ষ্য আছিল ।এই আঁচনিখন সহায়ক অনুদানৰ ওপৰত নিৰ্ভৰশীল আঁচনি । এই আঁচনিৰ শতকৰা ৮৫ ভাগ কেন্দ্ৰীয় চৰকাৰে আৰু শতকৰা ১৫ ভাগ ৰাজ্য চৰকাৰে ব্যয় বহন   কৰিছে ।

(খ) অধিকাৰ হিচাপে শিক্ষা ।

উত্তৰ : নাগৰিকসকলৰ এটা মৌলিক অধিকাৰ হ’ল শিক্ষা । সংবিধানৰ ৪৫ নং অনুচ্ছেদ মতে ৰাষ্ট্ৰই দেশৰ ৬-১৪ বছৰ বয়সৰ সকলো শিশুক মুক্ত আৰু বাধ্যতামূলক প্ৰাথমিক শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগিব । এখন গণতান্ত্ৰিক চৰকাৰৰ গুৰুত্বপূৰ্ণ দায়িত্ব হ’ল শিশুসকলক শিক্ষাদান দিয়াটো । এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত জনমতৰ প্ৰয়োজন হয় আৰু একমাত্ৰ স্বাক্ষৰ আৰু শিক্ষিত নাগৰিকেহে  সুস্থ সবল জনমত প্ৰকাশ কৰিব পাৰে । 

(গ) পূৰ্ণ স্বাক্ষৰতা অভিযান ।

উত্তৰ : ১৯৮৯ চনৰ ৰাষ্ট্ৰীয় জন জাগৰণ প্ৰচেষ্টা আঁচনি গ্ৰহণ কৰা হয় । ইয়াৰ সহায়ত সমাজৰ লোকক কম দিনৰ ভিতৰতে স্বাক্ষৰতা দানৰ ব্যৱস্থা কৰা   হয় ।

জনস্বাক্ষৰতা আঁচনিকৰণৰ বৈশিষ্ট্য আৰু ইয়াৰ কাৰ্যকৰী ব্যৱস্থা হ’ল –

(a) বেনাৰ, পষ্টাৰ, কলযাত্ৰা আৰু বিভিন্ন গণ মাধ্যমৰ কাৰ্যসূচীৰ যোগেদি জনসাধাৰণৰ মাজত প্ৰচাৰ চলোৱা ।

(b) সকলো সম্প্ৰদায়ৰ লোককে এই আঁচনিত অন্তৰ্ভুক্ত কৰি লোৱা ।

(c) জিলা, খণ্ড  উন্নয়ন আৰু গাঁও পৰ্যায়ত কমিটি গঠন কৰা ।

(d) স্বেচ্ছাসেৱীৰ কাৰণে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা আৰু অধিক স্বেচ্ছাসেৱী নিয়োগ কৰা ।

(e) স্বেচ্ছাসেৱী আৰু শিক্ষা গ্ৰহনকাৰীসকলৰ সুবিধা মতে শিক্ষাদানৰ সময় আৰু স্থান নিৰ্ধাৰণ কৰা ।

(f) সাৰ্বজনীন প্ৰাথমিক শিক্ষা ।

উত্তৰ : সাৰ্বজনীন প্ৰাথমিক শিক্ষাৰ অতি প্ৰয়োজন । এখন দেশৰ সামগ্ৰিক বিকাশৰ বাবে প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰাটো ৰাষ্ট্ৰৰ অৱশ্যে  কৰ্তব্য । সাৰ্বজনীন শব্দৰ অৰ্থ হৈছে, ‘সকলোৰে বাবে’ নিৰক্ষৰতাৰ ওৰ পেলাবলৈ প্ৰাথমিক শিক্ষাক বাধ্যতামূলক তথা সাৰ্বজনীন কৰিবলৈ ব্যৱস্থা কৰা   হয় । আমাৰ দেশত প্ৰাথমিক শিখা লাভ নকৰাকৈ বহুত মানুহ নিৰক্ষৰ হৈ ৰৈ গৈছে আৰু এই অজ্ঞতাৰ হেতুকে ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক প্ৰাথমিক শিক্ষা সকলোকে দিব লাগিব । এই শিক্ষা মানৱ জীৱনৰ সফলতাৰ ভেটিস্বৰূপ । এজন শিক্ষিত নাগৰিকেহে নিজৰ দায়িত্ব আৰু কৰ্তব্য সুচাৰুৰূপে পালন কৰিব পাৰে । দেশৰ উন্নতি তথা প্ৰগতিৰ বাবে প্ৰাথমিক শিক্ষা বাধ্যতামূলক তথা সাৰ্বজনীন কৰিবই লাগিব ।সাৰ্বজনীন প্ৰাথমিক শিক্ষাৰ মূল বৈশিষ্ট্য সাধাৰণতে তিনিটা বুলি ক’ব পাৰি ।

(a) প্ৰাথমিক শিক্ষা অপৰিহাৰ্য কাৰণ এই শিক্ষা নহ’লেই নচলে ।

(b) প্ৰাথমিক শিক্ষা সাৰ্বজনীন কাৰণ ই সকলোৰে বাবে প্ৰয়োজন ।

(c) প্ৰাথমিক শিক্ষা সাধাৰণধৰ্মী কাৰণ ইয়াৰ পাঠ্যক্ৰম মৌলিক ধৰণৰ ।

প্ৰশ্ন(১৮) : সৰ্বশিক্ষা অভিযানে প্ৰাথমিক শিক্ষা  বাধ্যতামূলক কৰাৰ ক্ষেত্ৰত কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিছে বৰ্ণনা কৰা ।

উত্তৰ : ভাৰতৰ প্ৰাথমিক শিক্ষাক সাৰ্বজনীন কৰি দেশত এশ শতাংশ স্বাক্ষৰতাৰ লক্ষ্য পূৰণৰ বাবে গ্ৰহণ কৰা এক অভিনৱ প্ৰচেষ্টাই হৈছে সৰ্বশিক্ষা অভিযান । সৰ্বশিক্ষা অভিযানে প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ প্ৰচেষ্টা হাতত লৈছে । সৰ্বশিক্ষা অভিযানে প্ৰাথমিক বিদ্যালয়সমূহৰ মানদণ্ড ৰক্ষা কৰিবৰ বাবে ৰাজ্যসমূহৰ অনুষ্ঠানসমূহৰ সংস্কাৰ সাধন কৰিছে । প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰসমূহৰ মাধ্যমেৰে শিশুসকলক সুন্দৰভাৱে পৰিচালনা কৰিছে আৰু ইয়াৰোপৰি শিক্ষক প্ৰশিক্ষণৰ ফলপ্ৰসু হাতে কামে শিকা আনন্দময় পৰিৱেশৰ মাজেৰে শিক্ষা আহৰণ কৰাৰ ব্যৱস্থা কৰা আৰু শিক্ষাৰ গুণগত মানদণ্ড উন্নয়নত গুৰুত্ব দিছে । প্ৰাথমিক শিক্ষাৰ দায়িত্ব ক্ষমতা বিকেন্দ্ৰীকৰণ পদ্ধতিৰে ৰাইজৰ হাতত অৰ্পন কৰিছে । সৰ্বশিক্ষা অভিযানত পাহাৰীয়া অঞ্চল, চ’ব অঞ্চল পিছপৰা অঞ্চলত শিক্ষাৰ বিকাশত গুৰুত্ব দিছে । এই অভিযানে শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন সম্প্ৰদায়ক জড়িতকৰণৰ ব্যৱস্থা কৰিছে । সৰ্বশিক্ষা অভিযানৰ মূল লক্ষ্য হ’ল ৬-১৪ বছৰ বয়সৰ সকলো শিশুকে ২০১০ চনৰ ভিতৰত উপযোগী প্ৰাথমিক শিক্ষা আঞ্চলিক আৰু লিঙ্গ বৈষম্য নোহোৱাকৈ প্ৰদান কৰাৰ সুব্যৱস্থা কৰা ইয়াৰ বাবে নিম্নোক্ত ব্যৱস্থাসমূহ হাতত লোৱা হৈছে –

(a) প্ৰাথমিক বিদ্যালয়ত প্ৰত্যেক চল্লিছ গৰাকী শিক্ষাৰ্থীৰ বাবে এজন শিক্ষক থকা, আৰু বিদ্যালয়ত কমেও দুগৰাকীকৈ শিক্ষক থকা ।

(b) সকলো শিশুকে বিনামূলীয়া পাঠ্যপুথিৰ যোগান ধৰা ।

(c) প্ৰয়োজন হ’লে বিনামূলীয়া পাঠ্যপুথিৰ যোগান ধৰা ।

(d) বিদ্যালয় পৰিচালনা সমিতিসমূহৰ হাতত বিদ্যালয় ৰক্ষণাবেক্ষণ আৰু মেৰামতিৰ দায়িত্ব অৰ্পন কৰা ।

(e) প্ৰতি কিলমিটাৰত বিদ্যালয় বা বিকল্প বিদ্যালয়ৰ সুবিধা নিশ্চিত কৰা ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top