Class 11 Economics Chapter 17 আন্ত: গাঁথনি

Class 11 Economics Chapter 17 আন্ত: গাঁথনি Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Economics Chapter 17 আন্ত: গাঁথনি and select needs one.

Class 11 Economics Chapter 17 আন্ত: গাঁথনি

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Economics Chapter 17 আন্ত: গাঁথনি Solutions for All Subject, You can practice these here…

আন্ত: গাঁথনি

পাঠ: ১৭

Part-B

চমু প্ৰশ্ন

১। আন্ত: গাঁথনি’ কি ব্যাখ্যা কৰা ।

উত্তৰ :- আন্ত:গাঁথনিয় ঔদ্যোগিক আৰু কৃষিজ উৎপাদন তথা ঘৰুৱা আৰু বৈদেশিক বেপাৰ- বাণিজ্যৰ মূলক্ষেত্ৰ সমূহলৈ সহায়কাৰী সেৱা আগবঢ়ায় । সেই সেৱাসমূহ হ’ল ৰাস্তাঘাট, ৰেলপথ, বন্দৰ, বিমানবন্দৰ, বান্ধ, শক্তিক্ষেত্র, – আৰু গেছ পৰিবাহী নল, দূৰসংযোগ সুবিধাসমূহ, স্কুল, কলেজকে ধৰি দেশৰ শিক্ষা ব্যৱস্থা, চিকিৎসালয় সমন্বিতে স্বাস্থ্য ব্যৱস্থা, বিশুদ্ধ খোৱা পানী যোগানৰ সুবিধাক আদি কৰি অনামন ব্যৱস্থা আৰু বেংক, বীমা আৰু অন্যান্য বিত্তীয় অনুষ্ঠানসমূহৰে গঠিত দেশৰ মুদ্ৰা ব্যৱস্থা ।

২। আন্ত:গাঁথনিক বিভক্ত কৰা ভাগ দুটা ব্যাখ্যা কৰা । ইহঁত দুটা কেনেধৰণে পৰম্পৰ নিৰ্ভৰশীল ?

উত্তৰ :- আন্ত:গাঁথনিক বিভক্ত কৰা ভাগ দুটা হ’ল- অর্থনৈতিক আৰু সামাজিক। শক্তি, পরিবহন আৰু যোগাযোগৰ লগত জড়িত আন্ত: গাঁথনি অর্থনৈতিক আন্তঃগাঁথনিৰ অন্তর্ভুক্ত । আনহাতে শিক্ষা, স্বাস্থ্য আৰু বাসস্থানৰ লগত জড়িত আন্ত: গাঁথনি সামাজিক আন্তঃগাঁথনিৰ লগত জড়িত ।

৩। আন্ত: গাঁথনিৰ সুবিধাই উৎপাদন বৃদ্ধিত কেনেকৈ অৰিহণা যোগায়? 

উত্তৰ :- আন্ত:গাঁথনিৰ সুবিধা বুলিলে অর্থনৈতিক আৰু সামাজিক আন্ত: গাঁথনিৰ সুবিধাক বুজায় । যাৰ ভিতৰত শক্তি, পৰিবহন যোগাযোগ, শিক্ষা, স্বাস্থ্য আৰু বাসস্থানৰ লগত জড়িত আন্ত: গাঁথনিক অন্তর্ভুক্ত । আধুনিক পথ-পৰিবহন, বেল পৰিবহন আৰু নাও-জাহাজৰ সুবিধা ব্যৱহাৰ কৰি বীজ কীটনাশক দ্ৰব্য আৰু উৎপাদিত সামগ্রীক বৃহৎ পৰিমাণে ব্যৱহাৰ কৰি উৎপাদনত বৃদ্ধিত অৰিহণা যোগায়। শিক্ষাৰ মাধ্যমেৰে উৎপাদন বৃদ্ধিৰ বিভিন্ন উপায় অবলম্বন কৰি উৎপাদন বৃদ্ধিত অৰিহণা যোগায়। শক্তি আৰু যোগাযোগ মাধ্যমেৰে বিভিন্ন ধৰণৰ সজুলি কৌশল ব্যৱহাৰ কাৰ্যৰ দ্বাৰা উৎপাদন বৃদ্ধিত সহায় আগবঢ়ায়।

৪। ভাৰতবৰ্ষৰ গ্ৰাম্য আন্ত:গাঁথনিৰ অৱস্থা কেনেকুৱা ?

উত্তৰ :- ভাৰতবৰ্ষৰ গ্ৰাম্য আন্ত:গাঁথনিৰ অৱস্থা এতিয়াও উন্নতমানৰ হোৱা নাই । ভাৰতবৰ্ষৰ অধিকাংশ লোকেই এতিয়াও গ্রামাঞ্চলত বাস কৰে । বিশ্বত প্রযুক্তিগত উন্নয়ন যথেষ্ট হোৱা স্বত্বেও গ্রামাঞ্চলৰ মহিলাই শক্তিৰ প্ৰয়োজনীয়তা পূৰাবৰ বাবে এতিয়াও শস্যৰ অৱশিষ্ট গোৱৰ আৰু কাঠখৰি আদি জৈৱ ইন্ধন ব্যৱহাৰ কৰি আছে । তেওঁলোকে খৰি, পানী আৰু অন্যান্য মৌলিক প্রয়োজনীয়তাসমূহ সংগ্ৰহ কৰিবলৈ বহুদূৰ বাটকুৰি বাব লাগে । 

2001 চনৰ লোকপিয়ল অনুসৰি গ্ৰামীণ ভাৰতবৰ্ষৰ মাত্র 56 শতাংশ পৰিয়ালতহে বিদ্যুৎ সংযোগ আছে আৰু 43 শতাংশ পৰিয়ালে এতিয়াও কোচিন তেল ব্যৱহাৰ কৰে । গ্রামাঞ্চলৰ প্ৰায় 70 শতাংশ পৰিয়ালেই ৰন্ধনৰ বাবে জৈৱ ইন্ধন ব্যৱহাৰ কৰে । নলৰ পানীৰ সুবিধা মাত্র 24 শতাংশ গ্রাম্য পৰিয়ালৰ মাজতে সীমাবদ্ধ। মুঠ জনসংখ্যাৰ প্ৰায় 76 শতাংশ লোকেই খোৱাপানী, বিভিন্ন মুকলি উৎস যেনে- কুঁৱা, পুখুৰী, খাল, হ্রদ, নদী আদিৰ পৰা সংগ্ৰহ কৰে । গ্ৰাম্য অঞ্চলত স্বাস্থ্য আৰু শিক্ষা ব্যৱস্থাত চহৰ অঞ্চলৰ দৰে উন্নত নহয়, শিক্ষা আৰু উপযুক্ত স্বাস্থ্য ব্যৱস্থাৰ অভাৱত এতিয়াও গ্রাম্য অঞ্চলৰ মানুহ নিৰক্ষৰতা আৰু পুষ্টিহীনতাত ভুগি আছে ৷

৫। শক্তিৰ গুৰুত্ব কি ? বাণিজ্যিক আৰু অ-বাণিজ্যিক শক্তি উৎসৰ মাজত পার্থক্য দেখুওৱা ৷

উত্তৰ :- শক্তি এটা জাতিৰ উন্নয়ন প্রক্রিয়াৰ এটা অতি গুরুত্বপূর্ণ দিশ । ই উদ্যোগৰ বাবে অত্যাৱশ্যকীয় । কষি আৰু কৃষিৰ লগত সম্পর্কিত কার্য যেনে- সাৰ, কীট নাশক দ্ৰব্য আৰু খেতিৰ সঁজুলি আদিব উৎপাদন আৰু পরিহনত ইয়াক বৃহৎ মাত্ৰাত ব্যৱহাৰ কৰা হয় । পৰিয়ালসমূহে ৰন্ধা-বঢ়াৰ লগতে পোহৰ আৰু তাপৰ বাবে ইয়াক ব্যৱহাৰ কৰে ৷

বাণিজ্যিক শক্তিৰ উৎসসমূহ হ’ল কয়লা, পেট্ৰ’লিয়াম আৰু বিদ্যুৎ । বাণিজ্যিক শক্তিৰ উৎসসমূহ অনবীকৰণযোগ্য । আনহাতে অ-বাণিজ্যিক শক্তিৰ উৎসবোৰ হ’ল ক্ৰমে- খৰি, কৃষিৰ অৱশিষ্ট আৰু শুকান গোৱৰ। এইবোৰ প্রকৃতি বা বনাঞ্চলত পোৱা যায় । এইবোৰ নবীকরণযোগ্য ।

৬। শক্তি উৎপাদনৰ প্ৰাথমিক উৎস তিনিটা কি ? 

উত্তৰ :- শক্তি উৎপাদনৰ প্ৰাথমিক উৎস তিনিটা হ’ল সৌৰশক্তি, বায়ুশক্তি আৰু জোৱাৰশক্তি ।

৭। শক্তিৰ বিভিন্ন ধৰণৰ অ-বাণিজ্যিক উৎসবোৰ কি কি ?

উত্তৰ :- শক্তিৰ বিভিন্ন ধৰণৰ অ-বাণিজ্যিক উৎসবোৰ হ’ল ক্ৰমে খৰি, কৃষিৰ অৱশিষ্ট আৰু শুকান গোৱৰ আদি ।

৮। ডাৰ্তবৰ্ষৰ শক্তিখণ্ডই কি কি সমস্যাত ভূগি আছে ? 

উত্তৰ :- ভাৰতবৰ্ষৰ শক্তিখণ্ডই ভুগি থকা সমস্যাবোৰ হ’ল-

(ক) অর্থনৈতিক বৃদ্ধি বছৰি 7% উপনীত হ’বৰ বাবে ভাৰতত থকা বিদ্যুৎ শক্তি উৎপাদনৰ ক্ষমতা যথেষ্ট নহয় 2000-2001 চনৰ ভিতৰত বিদ্যুৎ শক্তিৰ বৰ্দ্ধিত চাহিদা পূৰাবৰ বাবে ভাৰতে নতুনকৈ 1,00,000 মেগাৱট ক্ষমতা বৃদ্ধি কৰিব লাগিব । কিন্তু বর্তমান দেশখনে বছৰি মাত্ৰ 20,000 মেগাৰ্ট পৰিমাণৰ ক্ষমতাহে বৃদ্ধি কৰিব পাৰে । কিয়নো বিদ্যুৎ প্রকল্পসমূহ সঠিকভাৱে চলি থকা নাই ।

(খ) বিদ্যুৎ শক্তি বিতৰণৰ দায়িত্বত থকা ৰাজ্যিক বিদ্যুৎ পৰিষদসমূহে যথেষ্ট লোকচানৰ সন্মুখীন হৈছে । বিদ্যুৎ প্ৰেৰণ আৰু বিতৰণৰ ক্ষেত্ৰত হোৱা লোকচান, বিদ্যুতৰ ভুল দৰ নীতি আৰু অন্যান্য অদক্ষতাৰ বাবে ভাৰতবৰ্ষৰ শক্তিখণ্ডই সমস্যাত ভুগি আছে ।

(গ) ব্যক্তিগত খণ্ডৰ বিদ্যুৎ উৎপাদনকাৰী গোটসমূহে এতিয়াও গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পৰা নাই, বিদেশী বিনিয়োগকাৰীৰ ক্ষেত্ৰতো একে কথাই প্রযোজ্য ।

(ঘ) বিদ্যুতৰ উচ্চহাৰৰ নিৰিখ আৰু দেশৰ বিভিন্ন প্রান্তত সঘনাই ঘটি থকা দীর্ঘকাল জোৰা বিদ্যুৎ যোগান ব্যাহতৰ ঘটনাই জনসাধাৰণক অতিষ্ঠ কৰি তুলিছে । 

(ঙ) ভাৰতবৰ্ষৰ শক্তিখণ্ডৰ মূল ভেটি তাপ বিদ্যুৎ কেন্দ্রসমূহে প্রয়োজনীয় কেঁচামালআৰু কয়লাৰ নাটনিত ভুগি আছে ।

Sl. No.সূচী-পত্ৰ
PART-A
Chapter 1পাতনি
Chapter 2তথ্য সংগ্রহ
Chapter 3 তথ্য সংকলন
Chapter 4তথ্যৰ উপস্থাপন
Chapter 5কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ
Chapter 6বিচ্যুতি বা প্ৰসাৰৰ মাপ
Chapter 7সহসম্বন্ধ
Chapter 8সূচকাংক
Chapter 9পৰিসাংখ্যিক আহিলাৰ ব্যৱহাৰ
PART-B
Chapter 1প্রাক্ স্বাধীনতা কালৰ ভাৰতীয় অর্থব্যৱস্থা
Chapter 2ভাৰতীয় অৰ্থব্যৱস্থা (1950 – 1990)
Chapter 3উদাৰীকৰণ ব্যক্তিগতকৰণ আৰু গোলকীকৰণ
Chapter 4দৰিদ্ৰতা
Chapter 5ভাৰতত মানৱ মূলধন গঠন
Chapter 6গ্রাম্য উন্নয়ন
Chapter 7নিয়োগ :- বৃদ্ধি, অনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয়
Chapter 8আন্ত: গাঁথনি
Chapter 9পৰিবেশ আৰু বহনক্ষম উন্নয়ন
Chapter 10ভাৰতবৰ্ষত আৰু ইয়াৰ প্রতিবেশী দেশসমূহৰ উন্নয়নৰ তুলনামূলক অভিজ্ঞতা

৯। বিশ্বৰ বেমাৰৰ বোজা (Global Burden of Disease) বুলিলে কি বুজা ? 

উত্তৰ :- বিশ্বৰ বেমাৰৰ বোজা (Global Burden of Disease) হ’ল- বিশেষজ্ঞসকলে ব্যৱহাৰ কৰা এক নিৰ্দেশক যাৰ সহায়ত কোনো এটা নির্দিষ্ট ৰোগত অকালতে প্ৰাণ হেৰুওৱা লোকৰ সংখ্যাৰ জোখ ল’ব পাৰি। লগতে এনে ৰোগীসকলে অক্ষম হৈ কটাবলগীয়া হোৱা বছৰৰ সংখ্যাও বিশ্বৰ বেমাৰৰ বোজাৰ সহায়ক জানিব পৰা যায় ।

১০৷ আমাৰ দেশত মহিলাৰ স্বাস্থ্য এক গভীৰ চিন্তাৰ বিষয়। কিয় ? 

উত্তৰ :- ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ প্রায় আধা অংশই মহিলা । কিন্তু পুৰুষৰ তুলনাত তেওঁলোকে শিক্ষা, আর্থিক কার্যত আৰু স্বাস্থ্য যতনৰ ক্ষেত্ৰত পুৰুষৰ সমান সুবিধা ভোগৰ সুবিধা নাপায় । দেশখনৰ শিশু লিংগৰ অনুপাত 1991 চনত আছিল 945 কিন্তু 2001 চনৰ লোক পিয়লত ই 927 লৈ হ্ৰাস পাইছে। ইয়াৰ প্ৰধান কাৰণ হৈছে দেশখনত ঘটি থকা কন্যা ভ্রূণ হত্যা । 

15 বছৰ বয়সৰ তলৰ প্ৰায় 3,00,000 জনী ছোৱালী কেৱল বিবাহিতাই নহয় তেওঁলোকৰ প্রত্যেকে অতি কমেও এটিকে সন্তানৰ মাতৃ।15 পৰা 49 বছৰ বয়সৰ ভিতৰত 50% ৰো অধিক বিবাহিতা মহিলাই পুষ্টিহীনতা আৰু লৌহৰ অভাৱত হোৱা ৰক্তহীনতাত ভোগে। ইয়েই মুঠ প্রসূতি মৃত্যুৰ 19 শতাংশ কাৰণ । উপযুক্ত খাদ্য, চোৱাচিতা আৰু কম বয়সত গৰ্ভধাৰণ আৰু গৰ্ভপাত আমাৰ দেশৰ মহিলা মাতৃ মৃত্যু আৰু ৰোগ প্ৰৱণতাৰ অন্যতম প্রধান কাৰণ । এইবোৰ কাৰণতে ভাৰতবৰ্ষত মহিলাৰ স্বাস্থ্য এক গভীৰ চিন্তাৰ বিষয় ?

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top