Class 11 Economics Chapter 3 তথ্য সংকলন

Class 11 Economics Chapter 3 তথ্য সংকলন Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Economics Chapter 3 তথ্য সংকলন Notes.

Class 11 Economics Chapter 3 তথ্য সংকলন

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given Assam Board Class 11 Economics Chapter 3 তথ্য সংকলন Solutions for All Subject, You can practice these here.

তথ্য সংকলন

পাঠ: ৩

Part-A

চমু প্ৰশ্ন

১। শ্ৰেণীকৰণ কাক বোলে ? শ্ৰেণীকৰণৰ প্ৰধান উদ্দেশ্য সমূহ কি কি ? 

উত্তৰ :- শ্ৰেণীকৰণ মানে হ’ল কোনো বস্তু চিজিল কৰি লোৱা বা বর্গত সজাই লোৱা ৷

শ্ৰেণীকৰণৰ প্ৰধান উদ্দেশ্যবোৰ হ’ল—

(i) কেঁচা অৱস্থাত থকা তথ্যবোৰত শৃংখলতা আনিবলৈ শ্ৰেণীকৰণ কৰা হয়।যাতে তথ্যবোৰ বিশ্লেষণযোগ্য হয়।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(ii) তথ্যবোৰ লগ লগাই থুপ খুশুৱা, যাতে সহজ আৰু বোধগম্য হয়। 

(iii) তথ্যবোৰ সাদৃশ্যতা আৰু অসাদৃশ্যতা পৃথক কৰা ৷

(iv) শ্ৰেণীকৰণেৰে তুলনামূলক বিশ্লেষণ সক্ষম কৰা।

(v) শ্ৰেণীকৰণে নির্দিষ্ট তথ্যপাতি বিচাৰি উলিওৱাত সহায় 

(vi) শ্ৰেণীকৰণে মূল্যবান সময় আৰু প্রচেষ্টা বঢ়ায়।

২। শ্ৰেণীকৰণৰ বৈশিষ্ট্য সমূহ উল্লেখ কৰা।

উত্তৰ :- শ্ৰেণীকৰণৰ প্ৰধান বৈশিষ্ট্য সমূহ হ’ল

(i) সমজাতীয়তা :- এটা নির্দিষ্ট শ্ৰেণীত অন্তর্ভুক্ত তথ্যসমূহ সমজাতীয় হ’ব লাগে। ইয়াত বিজাতীয় তথ্যই স্থান পাব নালাগে।

(ii) স্পষ্টতা :- শ্ৰেণীকৰণ স্পষ্ট, সৰল, সন্দেহহীন আৰু দ্বাৰ্থকহীন হ’ব লাগে। 

(iii) স্থিৰতা :- স্থিৰতা হৈছে শ্ৰেণীকৰণৰ আন এক বৈশিষ্ট্য শ্রেণী সঘনাই পৰিবর্তন কৰি থাকিলে তুলনা কৰাত সমস্যা আহে।

(iv) নমনীয়তা :- পৰিবৰ্তনশীল পৰিস্থিতিত নমনীয়তা অনিবার্য সেয়ে শ্রেণীকৰণ কঠিন হ’ব নালাগে। শ্ৰেণীকৰণৰ উদ্দেশ্য সালসলনি হ’লে আৰু পৰিস্থিতি বদলি গলে শ্ৰেণীকৰণক প্ৰয়োজন অনুসৰি খাপ খুৱাই ল’ৰ পৰা বিধৰ হোৱা উচিত।

(v) সংগতিযুক্ততা :- ভাল শ্রেণীকৰণ এক নির্দিষ্ট সুত্ৰৰ ভিত্তিত গঠন কৰা উচিত। গঠনৰ সালসলনিত সংগতি থকা প্রয়োজন।

(vi) উপযোগীতা :- শ্ৰেণীকৰণ অনুসন্ধানৰ উদ্দেশ্য অনুসাৰে হোৱাটো বাঞ্ছনীয় আৰু তেতিয়াহে বিচার্য বিষয়ৰ উপযোগী হয়।

(vii) নির্ভুলতা :- কেঁচা তথ্যত প্ৰতিটো নিৰীক্ষণৰ ব্যক্তিগত লক্ষণ অটুট থাকে। কিন্তু শ্ৰেণীকৰণৰ ফলত ব্যক্তিগত গোটৰ বৈশিষ্ট্য হেৰাই যায়। ইয়াৰ ফলত তথ্য নির্ভুলতাতো প্রভাৱ পৰে। সেয়েহে নির্ভুলতা বৃদ্ধিৰ বাবে শ্ৰেণীকৰণৰ সময়ত লক্ষ্য ৰখা উচিত।

৩। কেঁচা তথ্য বুলিলে কি বুজা ?

উত্তৰ :- অনুসন্ধানকাৰীয়ে সংগ্ৰহ কৰা মৌলিক ৰূপৰ তথ্যক কেঁচা তথ্য বুলি কোৱা হয়। তেনে তথ্য অসংগঠিত অৱস্থাতও পারা যায়। কেঁচা তথ্যবোৰ অশ্ৰেণীকৰ অৱস্থাত থাকে। কেঁচা তথ্যত কোনো ক্রম নাথাকে অর্থাৎ ই বিশৃংখল।

৪। চমুকৈ লিখা :-

উত্তৰ :-  (ক) তথ্য :- এটা বিষয় ভালদৰে জানিবলৈ বা তাৰ ওপৰত সিদ্ধান্ত ল’বৰ বাবে বিতং বাতৰি জানিবলৈ শৃংখলাবদ্ধৰূপে সজোৱা ৰাশি বা সংগ্ৰবোৰক তথ্য বোলা হয়।

(খ) বাৰংবাৰ্তা :- কেঁচা তথ্যত এটা নিৰীক্ষণ গোট বা ৰাশি যিমানবাৰ সংঘটিত হয়। অর্থাৎ বাৰে বাৰে ঘটি থাকে তাকেই বাৰবাৰ্তা বোলে। বাৰবাৰ্তা বণ্টনত ই হৈছে এটা শ্ৰেণীত অন্তৰ্ভূক্ত নিৰীক্ষণ গোটৰ সংখ্যা বা ৰাশি।

(গ) মুঠ বাৰংবাৰ্তা :- আটাইবোৰ শ্ৰেণীৰ বাৰংবাৰ্তা যোগফল বা সমষ্টিক মুঠ বাৰংবাৰতা কোৱা হয়। ই মুঠ নিৰীক্ষণ গোট বা ৰাশিৰ মানৰ সৈতে একে।

(ঘ) সঞ্চয়ীবাৰংবাৰতা :- এটা নির্দিষ্ট শ্ৰেণীৰ বাৰংবাতাৰ লগত যেতিয়া ইয়াৰ আগৰ শ্ৰেণীবোৰৰ বাৰংবাতা বোৰ যোগ কৰা হয় তাক সঞ্চয়ী বা ক্রমযৌগিক বাৰংবাতা কোৱা হয়।

৫। শ্ৰেণীকৰণৰ প্ৰকাৰ সমূহ উল্লেখ কৰা-

উত্তৰ :- তথ্যসমূহক তলত দিয়া ধৰণে শ্ৰেণীকৰণ কৰিব পৰা যায়। 

(i) আক্ষরিক ক্ৰম :- এই শ্ৰেণীকৰণত বৰ্ণমালাৰ অক্ষৰৰ যথাস্থান অনুযায়ী শ্ৰেণীকৰণ কৰা হয়। গ্রন্থাগাৰত কিতাপ সমুহ সজাওতে এই শ্রেণীকৰণ অৱলম্বন কৰা হয়।

(ii) কালানুক্রমিক :- এনে ধৰণৰ শ্ৰেণী কৰণত তথাক কালৰ অনুক্ৰমত সজোৱা হয়। বছৰ অনুসৰি জনসংখ্যা সমূহক এই ধৰণৰ শ্ৰেণীকৰণত ৰখা হয়। 

(iii) ভৌগোলিক শ্ৰেণীকৰণ :- ভৌগোলিক অৱস্থাৰ ওপৰত ভিত্তি কৰি কৰা শ্ৰেণীকৰণকে ভৌগোলিক শ্ৰেণীকৰণ বোলা হয়। গ্রাম্য তথা নগৰীয়া স্থান ভিত্তিত প্ৰস্তুত কৰা তথ্য ভৌগোলিক শ্ৰেণীকৰণৰ ভিতৰত পৰে। 

(iv) গুণগত শ্ৰেণীকৰণ :- যেতিয়া গুণমান প্রভৃতি বৈশিষ্টাৰ ওপৰত ভিত্তি কৰি শ্ৰেণীকৰণ কৰা হয় তেতিয়া তাক গুণগত বা বর্ণনাত্মক শ্রেণীকরণ বোলা হয়।সাক্ষৰতাৰ হাৰ, বৈবাহিক মর্যাদা, নিয়োগ মর্যাদা আদিক এই পদ্ধতিৰে শ্ৰেণীকৰণ কৰা হয়৷গুণগত শ্ৰেণীকৰণ আকৌ দুই প্ৰকাৰৰ

(a) দ্বিভাজিত । আৰু 

(b) বহুক্রম বিভাজন।

(v) সংখ্যাভিত্তিক শ্ৰেণীকৰণ :- যিবোৰ চলকৰ বৈশিষ্ট্য সাংখ্যিক বা ৰাশিগত তেনেধৰণৰ বৈশিষ্ট্যৰ চলকবোৰক সংখ্যাভিত্তিক শ্ৰেণীকৰণৰ দ্বাৰা শ্ৰেণীকৰণ কৰা হয়। আয়, মূল্য, বয়স, ওজন, পৰীক্ষাত পোৱা নম্বৰ আদি পদ্ধতিৰে শ্ৰেণীকৰণ কৰা হয়। সংখ্যাভিত্তিক শ্রেণীকৰণক দলগত শ্ৰেণীকৰণো বোলা হয়।

৬। চমু টোকা লিখা।

উত্তৰ :- শ্ৰেণী বাংবাতা :- কোনো এটা শ্ৰেণী অন্তৰালত যিমানটা তথ্য অন্তর্ভুক্ত হয়, সেই সংখ্যাটোকে সেই শ্রেণী-অন্তৰালৰ বাৰবাৰতা বা শ্ৰেণী বাৰংবাৰতা বোলে।

শ্রেণী সীমা :- প্রত্যেকটো শ্ৰেণীৰ দুটাকৈ সীমা থাকে এটা হৈছে নিম্নসীমা আৰু আনটো হৈছে উচ্চ সীমা। শ্ৰেণী এটাৰ সৰু সীমাটোক নিম্নসীমা আৰুডাঙৰ সীমাটোক উচ্চ সীমা বোলে। গতিকে, শ্ৰেণীৰ সীমা দুটাকৈ শ্রেণী সীমা কোৱা হয়। 

শ্ৰেণী অন্তৰাল :- শ্ৰেণীৰ উচ্চ সীমা আৰু নিম্নসীমাৰ পাৰ্থকাতে শ্ৰেণী অন্তৰাল বোলে ৷ 

  • নিম্নসীমা – অন্তৰাল = উচ্চসীমা 
  • মধ্যবিন্দ – ১/২ (নিম্নসীমা + ঊচ্চ সীমা)

৭। সঞ্চয়ী বাৰবোৰ্তা কাক বোলে ? ইয়াৰ কেইটামান ধৰ্ম উল্লেখ কৰা ৷ 

উত্তৰ :- বাৰংবাৰতা বিভাজনত যেতিয়া এটা নির্দিষ্ট শ্রেণী বিভাগৰ বাৰংবাৰতাৰ লগত তাৰ আগৰ শ্রেণী বিভাগবোৰৰ বাৰংবাৰতবোৰ যোগ কৰা হয়, সেই যোগফল বা সমষ্টিটোক উক্ত শ্রেণী বিভাগৰ সভায়ী ব্যবংবাৰতা বোলে।

সঞ্চয়ী বাৰংবাৰাতাৰ কেইটামান ধৰ্ম হল-

1. প্ৰথম শ্ৰেণী বিভাগৰ সৰল বাৰংবাৰতা আৰু সঞ্চয়ী বাৰংবাৰতা একেই। 

2. শ্ৰেণী অন্তৰালবোৰৰ নিম্ন সীমাবোৰৰ ওপৰত ভিত্তি কৰি সঞ্চয়ী বাৰংবাতা উপস্থাপন কৰিব পাৰি।

3. সঞ্চয়ী বাৰবোৰতা লেখ চিত্ৰক ogive বোলা হয়।

৮। তলৰ তথ্য ৰাশিৰ পৰা বিবর্জিত পদ্ধতি আৰু অন্তর্ভুক্তি পদ্ধতিৰ সহায়ত এখন বাৰংবাতা বিভাজন তালিকা প্রস্তুত কৰা।

এটা শ্ৰেণীৰ 30 জন ছাত্ৰৰ ইংৰাজী বিষয়ত পোৱা নম্বৰ সমূহ :-

1219153311
3610262117
4010202637
3016193730
28197620
202745305

উত্তৰ :- বিবর্জিত পদ্ধতি :-

আৰম্ভণিৰ শ্ৰেণী 5 ৰ পৰা 15 লৈ,10 শ্ৰেণী অন্তৰালৰ ভিত্তিত তলৰ তালিকা খন প্ৰস্তুত কৰা হ’ল-

অন্তভূক্তি পদ্ধতি :- আৰম্ভণিৰ শ্ৰেণী 5 ৰ পৰা 14 লৈ, 10 শ্ৰেণী অন্তৰালৰ ভিত্তিত তলৰ তালিকা খন প্ৰস্তুত কৰা হ’ল— বাকীখিনী ওপৰৰ তালিকাৰ লগত একে।

Sl. No.সূচী-পত্ৰ
PART-A
Chapter 1পাতনি
Chapter 2তথ্য সংগ্রহ
Chapter 3 তথ্য সংকলন
Chapter 4তথ্যৰ উপস্থাপন
Chapter 5কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ
Chapter 6বিচ্যুতি বা প্ৰসাৰৰ মাপ
Chapter 7 সহসম্বন্ধ
Chapter 8 সূচকাংক
Chapter 9 পৰিসাংখ্যিক আহিলাৰ ব্যৱহাৰ
PART-B
Chapter 1প্রাক্ স্বাধীনতা কালৰ ভাৰতীয় অর্থব্যৱস্থা
Chapter 2ভাৰতীয় অৰ্থব্যৱস্থা (1950 – 1990)
Chapter 3উদাৰীকৰণ ব্যক্তিগতকৰণ আৰু গোলকীকৰণ
Chapter 4দৰিদ্ৰতা
Chapter 5ভাৰতত মানৱ মূলধন গঠন
Chapter 6গ্রাম্য উন্নয়ন
Chapter 7নিয়োগ :- বৃদ্ধি, অনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয়
Chapter 8আন্ত: গাঁথনি
Chapter 9পৰিবেশ আৰু বহনক্ষম উন্নয়ন
Chapter 10ভাৰতবৰ্ষত আৰু ইয়াৰ প্রতিবেশী দেশসমূহৰ উন্নয়নৰ তুলনামূলক অভিজ্ঞতা

৯। সামগ্ৰী শ্ৰেণীবদ্ধকৰণৰ কি কি সুবিধা থাকিব পাৰে ? তোমাৰ দৈনন্দিন জীৱনৰ পৰা এটা উদাহৰণ লৈ ব্যাখ্যা কৰা।

উত্তৰ :- সামগ্ৰী শ্ৰেণীৱন্ধকৰণে সমগুণ বিশিষ্ট ৰাশি সমূহৰ তুলনাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰে ৷ উদাহৰণ স্বৰূপে – দুখন চহৰৰ বিভিন্ন পৰিয়ালৰ মাহেকীয়া ব্যয়ৰ হিচাপ তলৰ তালিকাৰ সহায়ত দেখুওৱা পাৰি।

A মাহেকীয়া ব্যয়   (টকাত)B চহৰ A ৰ পৰিয়ালৰ হিচাপC চহৰB পৰিয়ালৰ       হিচাপ
0-50001015
5000-10,0002518
10,000-15,0004065
15,000-20,0001824
20,000 and Above1215

১০। তলৰ কোনটো বিকল্প সত্য ? 

(i) শ্ৰেণী মধ্যমান সমান হয়

(a) উচ্চ শ্রেণী সীমা আৰু নিম্ন শ্রেণী সীমাৰ গড়ৰ।

(b) উচ্চ শ্রেণী সীমা আৰু নিম্ন শ্রেণী সীমাৰ পুৰণফলৰ। 

(c) উচ্চ শ্ৰেণী সীমা আৰু নিম্ন শ্রেণী সীমাৰ অনুপাতৰ।

(d) ওপৰৰ এটাও নহয়।

উত্তৰ :- (a) উচ্চ শ্রেণী সীমা আৰু নিম্ন শ্রেণী সীমাৰ গড়ৰ৷

(ii) দুটা চলকৰ বাৰংবাৰতা বিভাজনক কোৱা হয়৷

(a) একচলকযুক্ত বিভাজন৷

(b) দ্বি-চলকযুক্ত বিভাজন৷

(c) বহুচলকযুক্ত বিভাজন৷

(d) ওপৰৰ এটাও নহয়।

উত্তৰ :- (b) দ্বি-কলকযুক্ত বিভাজন৷

(iii) শ্ৰেণীকৃত তথ্যত পাৰিসাংখ্যিক গণনা ভিত্তি কৰে৷ 

(a) আৰেক্ষণৰ প্ৰকৃত মানৰ ওপৰত৷

(b) উচ্চ শ্ৰেণী সীমাৰ ওপৰত৷

(c) নিম্ন শ্রেণী সীমাৰ৷

(d) শ্ৰেণী মধ্যমানৰ ওপৰত৷

উত্তৰ :- (a) আবেক্ষণৰ প্ৰকৃত মানৰ ওপৰত৷

(iv) বিবর্জিত পদ্ধতিত ৷

(a) শ্ৰেণী অন্তৰালত এটা শ্ৰেণীৰ উচ্চ শ্ৰেণী সীমা বাদ দিয়া হয় ৷ 

(b) শ্ৰেণী অন্তৰালত এটা শ্ৰেণীৰ উচ্চ শ্ৰেণী সীমা অন্তর্ভুক্ত কৰা হয় ৷

(c) শ্ৰণীল এটা শ্ৰেণীৰ নিম্ন শ্ৰেণী সীমা বাদ দিয়া হয় ৷

(d) শ্ৰেণী অন্তৰালত এটা শ্ৰেণীৰ নিম্ন শ্ৰেণী সীমা অন্তর্ভুক্ত কৰা হয় ৷

উত্তৰ :- (a) শ্ৰেণী অন্তৰালত এটা শ্ৰেণীৰ উচ্চ শ্রেণী সীনা বাদ দিয়া হয় ৷

(v) পৰিসৰ হ’ল ৷

(a) উচ্চতম আৰু নিম্নতম আবেক্ষণৰ পাৰ্থক্য ৷ 

(b) নিম্নতম আৰু উচ্চতম আবেক্ষণৰ পাৰ্থক্য ৷

(c) উচ্চতম আৰু নিম্নতম আবেক্ষণৰ গড় ৷ 

(d) উচ্চতমৰ লগত নিম্নতম আবেক্ষণৰ অনুপাত ৷ 

উত্তৰ :- (a) উচ্চতম আৰু নিম্নতম আবেক্ষণৰ পার্থক্য ৷

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top