Class 11 Anthropology Chapter 3 প্রাগৈতিহাসিক পুৰাতত্ত্ব

Class 11 Anthropology Chapter 3 প্রাগৈতিহাসিক পুৰাতত্ত্ব, HS 1st year Anthropology notes, প্রাগৈতিহাসিক পুৰাতত্ত্ব class 11 Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Anthropology Chapter 3 প্রাগৈতিহাসিক পুৰাতত্ত্ব and select needs one.

AHSEC Class 11 Anthropology Chapter 3 প্রাগৈতিহাসিক পুৰাতত্ত্ব

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 11 Anthropology Chapter 3 প্রাগৈতিহাসিক পুৰাতত্ত্ব Question Answer is part of AHSEC All Subject Solutions. Here we have given Assam Board Class 11 Anthropology Chapter 3 প্রাগৈতিহাসিক পুৰাতত্ত্ব Notes for All Subject, You can practice these here.

প্রাগৈতিহাসিক পুৰাতত্ত্ব

Chapter – 3

নৃতত্ত্ব

অতি চমু প্রশ্নোত্তৰ


১। প্রথম কিমান চনৰ পৰা মিউজিয়াম স্থাপিত হয়। 

উত্তৰঃ 1683 চনত স্থাপিত অক্সফোর্ডৰ এচমোলিয়ান মিউজিয়াম । ইয়াত বিদেশৰ পৰা অনা প্রাচীন যুগৰ কলাৰ চানেকী আৰু জনগোষ্ঠী সমন্ধীয় তথ্যপাতি সংৰক্ষণ কৰা হৈছিল । 

২। Prehistory শব্দটো প্রথমে কোনে ব্যৱহাৰ কৰিছিল ? 

উত্তৰঃ 1851 চনত ইউৰোপৰ প্রত্নতত্ত্ববিদ ডেনিয়েল উইলছনে প্রথমে Prehistory শব্দটো উল্লেখ কৰে , তেওঁ লিখা ” The Archaeology and Prehistoric Annals of Scotland ” নামৰ কিতাপখনত । 

৩। সাংস্কৃতিক নৃতত্ত্বত প্রথমে Prehistory শব্দটো কোনে প্রয়োগ কৰিছিল ? 

উত্তৰঃ সাংস্কৃতিক নৃতত্ত্বৰ এই শব্দটো ছাৰ এডৱাৰ্ড টেইলৰে তেওঁ লিখা ” Primitive Culture ” নামৰ কিতাপখনত প্রথমে প্রয়োগ কৰিছিল । 

৪। Prehistory শব্দটো কাৰ সময়ত জনপ্রিয় নাম আছিল ? 

উত্তৰঃ 1875 চনত ছাৰ জন লিবিটকে লিখা ” Prehistoric Times ” নামৰ কিতাপখন প্রকাশিত হোৱাৰ সময়ৰ পৰাই এই শব্দটোৱেই জনপ্রিয়তা লাভ কৰে ৷ 

৫। প্রাগৈতিহাসিকৰ সংজ্ঞা লিখা । 

উত্তৰঃ প্রাগৈতিহাসিক নৃতত্ত্ব সাংস্কৃতিক নৃতত্ত্বৰ এটা ভাগ । প্রাক ইতিহাসৰ বিষয়বস্তু আৰু অধ্যয়ন প্রণালী ইতিহাসৰ অধ্যয়ন প্ৰণালীতকৈ সম্পূর্ণ বেলেগ হোৱাৰ কাৰণে প্ৰাক্ ইতিহাসক মূল ইতিহাসৰ পৰা পৃথক কৰি এটা সুকীয়া বিভাগ হিচাপে গঢ় দিয়া হৈছে । প্ৰাগ ঐতিহাসকি কালৰ কোনো লিখিত বিৱৰন পোৱা নাযায় । সেই সময়ৰ মানৱ সংস্কৃতি বিভিন্ন উপায়ে অধ্যয়ন কৰি সংগ্ৰহ কৰা বিৱৰণেই হ’ল প্ৰাক্‌ ইতিহাস । প্রখ্যাত প্ৰাক্ ঐতিহাসিক নৃতত্ত্ববিদ এমচি বাৰকিটে তেওঁৰ ” Old Stone Age ” কিতাপত প্ৰাক্ ইতিহাসৰ সংজ্ঞা দাঙি ধৰিছিল এনেদৰে―

অতি পুৰণি কালত যেতিয়া পশু সদৃশ জীৱবোৰৰ পৰা পৃথক হৈ মানুহৰ আৱিৰ্ভাৱ হয় তেতিয়াৰ পৰা লিখিত নথি – পত্ৰ আৱিষ্কাৰৰ আৰম্ভণিলৈকে মানুহ আৰু তেওঁৰ সংশ্লিষ্ট সকলো বৃতাস্তকে প্রাক ইতিহাসে আলচ কৰে । 

৫। প্ৰাক্‌ ইতিহাস আৰু আদি ইতিহাস বুলিলে কি বুজা ? 

উত্তৰঃ মানৱৰ জন্মক্ষণৰ পৰা বৰ্তমানলৈকে মানৱ সম্পর্কে যিবিলাক বিৱৰণ পোৱা গৈছে তাকেই মানৱ ইতিহাস বুলি ক’ব পাৰি । মানৱ ইতিহাসক দুটা ভাগত ভগাব পাৰি যেনে— প্রাক ইতিহাস আৰু ইতিহাস। 

( i ) প্ৰাক্‌ ইতিহাস :- মানৱৰ জন্মক্ষণৰ পৰা লিখিত বৃত্তান্তৰ আৰম্ভণিলৈ প্ৰাক্ ইতিহাস আখ্যা দিব পাৰি । প্ৰাক্‌ ইতিহাসিক কালত কোনো লিখিত বিৱৰণ পোৱা নাযায় ৷ সেই সময়ৰ মানৱ সংস্কৃতি বিভিন্ন উপায়েৰে অধ্যয়ন কৰি সংগ্ৰহ কৰা বিৱৰণইে হ’ল প্ৰাক – ইতিহাস । প্রাক্ ইতিহাসে অশিক্ষিত বা প্রাক্‌ আক্ষৰিক কালৰ মানুহৰ জীৱনধাৰাৰ আলোচনা কৰে । প্রাক্‌ ইতিহাস জোঙা বা হোচোং কোৰ আৰু বেলচাৰ সহায়ত খনন কাৰ্যৰ জৰিয়তে মানুহৰ জীৱন ধাৰাৰ বিষয়ে অধ্যয়ন কৰে । 

ইতিহাস :- যেতিয়াৰ পৰা মানৱ সম্পর্কে বিভিন্ন ঘটনাৱলীৰ লিখিত বিৱৰণ পোৱা গৈছে তেতিয়াৰ পৰা এতিয়ালৈকে সেই ঘটনা বৃত্তান্তক ইতিহাস বুলিব পাৰি । ইতিহাসে লিখিত নথি – পত্ৰৰ ওপৰত নিৰ্ভৰ কৰে।ইয়াৰ কোনো কোৰৰ প্ৰয়োজন নাই । তথাপি ইতিহাস ৰচনা কৰোতে কিছুমান পুৰাত্ত্বিক প্ৰমাণৰো সহায় ল’ব লগা হয় । 

( ii ) আদি ইতিহাস :- আদি ইতিহাস হৈছে প্ৰাক্‌ ইতিহাস আৰু ইতিহাসৰ মধ্যৱৰ্তীৰ কালৰ বিৱৰণ ৷ ইয়াক তাম্ৰ প্ৰস্তৰ কালৰো বিৱৰণ বুলি কোৱা হয় । সেই সময়ৰ প্ৰস্তৰ আৰু তামৰ সঁজুলি একেলগে ব্যৱহৃত হৈছিল । হৰপ্পা সভ্যতা এই কালৰে নিদৰ্শন ৷ ভাৰতবৰ্ষৰ আদি ইতিহাসৰ কাল খ্ৰীষ্টপূৰ্ব 5000 ৰ পৰা 2005 লৈ বিস্তৃত হৈ থকা বুলি প্ৰমাণ পোৱা গৈছে । 

৬। প্ৰাক্‌ ইতিহাসৰ উপযোগিতা বা প্রয়োজনীয়তা কি ? 

উত্তৰঃ প্ৰাক্‌ ইতিহাসে লুপ্ত মানুহ আৰু তেওঁলোকৰ সংস্কৃতি বা জীৱনধাৰাৰ ওপৰত আলোকপাত কৰে । তদুপৰি বৰ্তমান মানুহৰ পূৰ্বৰ জীৱনধাৰাৰ বিষয়েও প্রাক্ ইতিহাসে সম্যক জ্ঞান আহৰণ কৰে । দ্বিতীয়তে মানুহে কেনেকৈ পৰিৱৰ্তিত পৰিৱেশৰ লগত খাপ খুৱাই চলিবলৈ যাওঁতে কেনেকুৱা ধৰণৰ পৰিৱৰ্তন আনিছিল আৰু এই পৰিৱৰ্তিত পৰিৱেশৰ লগত খাপ খুৱাই তেওঁলোকৰ বিভিন্ন চাহিদা পূৰণ কৰিছিল তাৰ বিষয়েও প্রাক্ ইতিহাসে অধ্যয়ন কৰে । তাৰ উপৰি প্ৰাক্‌ ইতিহাসে অতীত কালৰ নিৰ্ধাৰণ , ক্ৰম আৰু বিস্তাৰণ সম্বন্ধে আলোকপাত কৰে । 

৭৷ প্ৰাক্‌ ইতিহাস আৰু পুৰাতত্ত্বৰ মাজত সম্বন্ধ কি ? 

উত্তৰঃ প্রাক্‌ ইতিহাস আৰু পুৰাতত্ত্ব ওতপ্রোতভাবে জড়িত হৈ আছে । কাৰণ প্ৰাক্‌ ইতিহাসে ঐতিহাসিক কালৰ আগৰ মানুহৰ জীৱনধাৰাৰ বিষয়ে আলোচনা কৰে । এই কালটোৰ কোনো লিখিত বিৱৰণ পোৱা নাযায় । খনন কাৰ্যৰ দ্বাৰা গুৱহ তথা মাটিৰ স্তৰসমূহত উদ্ধাৰ হোৱা অতীত কালৰ মানৱ জীৱনধাৰাৰ সমল সমূহৰ ওপৰত নিৰ্ভৰ কৰি অধ্যয়ন কৰা হয় । সেই সময়ত মানুহে কি খাইছিল , কি সঁজুলি ব্যৱহাৰ কৰিছিল , কি সামগ্ৰীৰ পৰা সঁজুলি নিৰ্মাণ কৰিছিল , মানুহৰ বসবাস কেনেধৰণৰ আছিল , তেওঁলোকৰ উৎপাদিত বস্তু কি আছিল ইত্যাদি বিষয়ে এটা থূলমূল বিৱৰণ দাঙি ধৰে । আনহাতে পুৰাতত্ত্বয়ো অতীত কালৰ লুপ্ত হোৱা মানৱ জীৱনধাৰাৰ বিষয়েও অধ্যয়ন কৰে । পুৰাতত্ত্বই প্ৰাক্‌ ইতিহাস আৰু ঐতিহাসিক উভয় কালৰে লুপ্ত হোৱা সংস্কৃতিসমূহৰ বিষয়ে অধ্যয়ন কৰে । সেই সময়ত মানুহৰ জীৱনধাৰা কেনে আছিল আৰু কিয় এই জীৱনধাৰাৰ উন্মেষ হৈছিল তাৰ ওপৰতো পুৰাতত্ত্বই আলোচনা কৰে । 

৮। প্ৰাক্‌ ঐতিহাসিক পুৰাতত্ত্ব অধ্যয়নৰ সমল বা উৎসসমূহ কি ? 

উত্তৰঃ প্ৰাক্ ঐতিহাসিক কালত কোনো লিখিত বিৱৰণ নাছিল । সেই কাৰণে অলিখিত সমলৰ ওপৰত ভিত্তি কৰি প্ৰাক্ ইতিহাস ৰচনা কৰিবলৈ লোৱা হৈছে । এই অলিখিত সমলবোৰ হৈছে প্ৰাক্‌ ঐতিহাসিক কালৰ মানুহৰ বাসস্থান , কবৰস্থান , জুইশাল , সঁজুলি তৈয়াৰ কৰা স্থান, ক্ষণস্থায়ী জিৰণি স্থান , মানুহে তৈয়াৰ কৰা বিভিন্ন সা – সঁজুলি , বাচন – বৰ্তন , চিত্রকলা আৰু চাৰু কলা , গহনা অলংকাৰ , মানুহৰ মুখে মুখে চলি অহা গীত – মাত , ভাষা , বিভিন্ন কাহিনী ইত্যাদি । অতীজতে মানুহে অঘৰী জীৱন যাপন কৰিছিল , কাৰণ তেওঁলোকে তেতিয়া খেতি বাতি বা পশুপালন কৰা নাছিল । সেইখিনি সময়ত মানুহে ফল – মূল , আলু – কচু , মৌ আদি সংগ্ৰহ কৰি খাই ঘূৰি ফুৰিছিল । প্রত্নপ্ৰস্ত যুগৰ সময়ত মানুহে গুহাত , কেতিয়াবা ওলাই থকা দীঘল – বহল শিল এচটাৰ তলত , কেতিয়াবা গছৰ তলত বা মুক্ত আকাশৰ তলত বাস কৰিছিল ৷ 

প্ৰত্নপ্রস্তৰ যুগৰ বিভিন্ন স্তৰসমূহৰ খনন কাৰ্যৰ দ্বাৰা সেই সময়ৰ মানৱ জীৱনধাৰাল লগত জড়িত যথেষ্ট সমল পোৱা হৈছে । এই সমলসমূহ হ’ল – বিভিন্ন ধৰণৰ শিলৰ , হাড়ৰ আৰু শিঙৰ সা – সঁজুলি আৰু অস্ত্র – শস্ত্র , গুহাৰ ভিতৰত পোৱা চিত্ৰকলা আৰু চাৰু কলা , ফলমূলৰ গুটি , জন্তু – চৰাই আদিৰ হাড় – মূৰ ইত্যাদি । মধ্যপ্ৰক্ত যুগৰ আৰম্ভণিৰ লগে লগে জলবায়ুৰ পৰিৱৰ্তন হয় । আৰু মানুহৰ চিকাৰ বৃত্তিৰ ক্ষেত্ৰতো কিছু পৰিৱৰ্তন হ’বলৈ আৰম্ভ হয় । সেইখিনি সময়ত নদী – হ্ৰদৰ সৃষ্টি হোৱাৰ কাৰণে মানুহে মাছ মাৰি খাবলৈ ল’লে । নৱ প্রস্তৰ যুগত মানুহে খেতি – বাতি আৰু পশু পালন কৰি স্থায়ীভাৱে কোনো ঠাইত বসবাস কৰিবলৈ লৈছিল ৷ 

তেওঁলোকে ব্যৱহাৰ কৰা মিহি শিল আৰু হাড়ৰ সঁজুলি , অস্ত্র – শস্ত্ৰ , বাচন বৰ্তন আদিৰ অৱশেষ তেওঁলোকৰ বাসস্থান আৰু কৰ্মশালত পোৱা গৈছে । প্রস্তৰ যুগৰ পিছতেই আছিল ধাতুৰ যুগ । এই যুগত তাম , ব্ৰঞ্জ আৰু লোৰ ব্যৱহাৰ হৈছিল ৷ এইবোৰৰ দ্বাৰা বিভিন্ন ধৰণৰ সা – সঁজুলি আৰু অস্ত্র – শস্ত্ৰ তৈয়াৰ কৰা হৈছিল । ইয়াৰ উপৰি মন্দিৰ দুৰ্গ , ডাঙৰ ডাঙৰ শিলৰ স্মৃতিস্তম্ভ , যাতায়তৰ সা – সঁজুলি আদিও প্ৰাক্‌ ইতিহাসৰ সমল । এই সমলবোৰৰ লগত কিছুমান প্রাণীৰ জীৱাশ্ম , প্রস্তবীভূত গছ, ফুলৰ ৰেণু , পাত আৰু গুটিৰ অৱশেষ আদিৰ সহায়তো সেই সময়ৰ জন্তু , গছ – গছনি , জলবায়ুৰ বিষয়ে উমান পোৱা যায় । 

ভূ – তাত্ত্বিক কালতত্ত্ব ( মহাযুগৰ আসন্ন স্থিতিসহ ) আৰু প্ৰধান প্ৰাণী

ভূ - তাত্ত্বিক কালতত্ত্ব
ভূ - তাত্ত্বিক কালতত্ত্ব 2

৯। প্ৰাক্ ঐতিহাসিক পুৰাতত্ত্বৰ অধ্যয়ন প্ৰণালীসমূহ কি কি বর্ণনা কৰা । 

উত্তৰঃ প্ৰাক্ ঐতিহাসিক পুৰাতত্ত্বই লুপ্ত মানুহ আৰু তেওঁলোকৰ সংস্কৃতিৰ ওপৰত অধ্যয়ন কৰে । অতীত মানৱৰ সাংস্কৃতিক সমলসমূহ উদ্ধাৰ কৰা হয় খনন কাৰ্যৰ দ্বাৰা । এই সাংস্কৃতিক সমলসমূহ ভূ – গৰ্ভৰ বিভিন্ন স্তৰত পোৱা যায় , য’ত আদিম মানৱে বসবাস কৰিছিল ৷ আদিম যুগৰ ইতিহাস ৰচনা কৰিবলৈ বিভিন্ন বৈজ্ঞানিক প্রথা অৱলম্বন কৰা হৈছে । প্রাক ঐতিহাসিক পুৰাতত্ত্ব অধ্যয়ন প্ৰণালী প্রধানতঃ তিনিটা৷ 

( i ) ভূ – তাত্ত্বিক প্রণালী :- প্ৰাক্‌ ঐতিহাসিক কালৰ বেছিভাগ সমলেই ভূ – গৰ্ভত পোত খাই থাকে ৷ পুৰাতত্ত্ববিদসকলে ভূ – তত্ত্ববিদ আৰু অন্যান্য বিষয়ৰ বৈজ্ঞানিক সমলৰ সহায়ত প্ৰণালীবদ্ধ খনন কাৰ্যৰ দ্বাৰা ভূ – গর্ভস্থ সমলবোৰ উলিয়াই সেইবোৰৰ কালক্রমণিকা ঠিক কৰে।পৃথিৱীৰ ওপৰৰ কিছু অংশ শিল , বালি , মাটি আদিৰ দ্বাৰা স্তৰীভূত হৈ আছে । ভূ তাত্ত্বিক নিয়ম অনুসৰি তলৰ স্তৰবিলক ওপৰৰ স্তৰতকৈ পুৰণি । অৰ্থাৎ তলৰ স্তৰবোৰ ওপৰৰ স্তৰবোৰতকৈ আগতেই গঠিত হৈছিল । সেই স্তৰবোৰৰ গঠন প্ৰণালী আৰু কাল নির্ণয় কৰিবলৈ স্তৰীয় ভূতাত্ত্বিক সূত্ৰ প্ৰয়োগ কৰা হয় । প্রত্নপ্রস্তৰ যুগত পৃথিৱীত ঠায়ে ঠায়ে বিশেষকৈ ফ্রান্স , স্পেইন , পেলেষ্টাইন , চীন আদি দেশত মানুহে গুহাৰ ভিতৰত বাস কৰা প্রমাণ পোৱা গৈছে । 

প্রস্তৰ যুগৰ কৃষ্টিক্ৰমনিকা আৰু কালক্ৰমণিকা এই গুহাবোৰৰ স্তৰীভূত কৃষ্টি – সামগ্ৰীবোৰৰ পৰা নিৰ্ণয় কৰা হৈছে । সেইদৰে মুকলি ঠাইত মানুহৰ পৰিত্যক্ত আৱৰ্জনাবোৰ আৰু কৃষ্টি সামগ্ৰীবোৰ তৰপে তৰপে মাটিত জমা হৈ টিলা বা ঢিপৰ সৃষ্টি হয় । ভাৰতৰ বিভিন্ন ঠাইত যেনে– কালিবাঙান ( ৰাজস্থান ) , লোঠাল ( গুজৰাট ) , নেভচা ( মহাৰাষ্ট্ৰ ) আদিত অৱস্থিত টিপবোৰ খান্দি প্রায় খ্রীষ্টপূর্ব ৩০০০ বছৰৰ আগৰ পৰা ঐতিহাসিক যুগৰ আগলৈকে ভাৰতীয় কৃষ্টি – সভ্যতাৰ ক্ৰমবিকাশ নিৰ্ণয় কৰা হৈছে । তদুপৰি নদী উপত্যকাত গঠিত হোৱা বিভিন্ন স্তৰত প্ৰস্তৰ যুগৰ কৃষ্টি – সামগ্ৰী আৰু জীৱাশ্ম পোৱা গৈছে । 

কিন্তু নদীৰ বেদীকাত গঠিত হোৱা স্তৰবোৰৰ কাল নিৰ্ণয়ৰ নিচিনা নহয় । নদীৰ প্ৰধান দুটা কাম হ’ল ক্ষয়ন , আৰু অৱক্ষেপন । এই ক্ৰিয়াৰ ফলস্বৰূপে নদীৰ উপত্যকা গঠিত হয় চাবিটা বা ততোধিক বেদীকাৰে । নদীৰ বেদীকাবোৰৰ গঠন প্রণালীৰ পৰা তাত পোৱা সাংস্কৃতিক সামগ্ৰীবোৰৰ ক্ৰমনিকা নিৰূপন কৰিব পাৰি । নদীৰ আটাইতকৈ ওপৰৰ বেদীকাতো আটাইতকৈ পুৰণি আৰু আটাইতকৈ তলৰ বেদীকাতো অতি আধুনিক ৷ভাৰতৰ নমর্দা , গুদাবাবী , মালপ্রভা, ঘটপ্রভা আদি নদীৰ উপত্যকাত গঠিত হোৱা শিল , বালি আৰু বোকাৰ স্তৰবিলাকত প্রস্তৰ যুগৰ শিলৰ সঁজুলি আৰু অস্ত্র – শস্ত্ৰ পোৱা গৈছে । 

( ii ) প্রত্ন জীৱতাত্ত্বিক প্ৰণালী :- পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা উদ্ধাৰ হোৱা বা আৱিষ্কৃত বিভিন্ন জীৱাশ্মবোৰৰ পৰা উদ্ভিদ আৰু প্ৰাণীৰ ক্ৰমবিকাশৰ বিষয়ে গম পোৱা যায় । এই জীৱাশ্মবোৰ আৰু প্ৰত্নতাত্ত্বিক সমলবোৰেই মানুহৰ জন্ম আৰু বিৱৰ্তনৰ বিষয়ে জনাৰ প্ৰধান সম্বল । ইয়াৰ উপৰি প্ৰাক্ ঐতিহাসিক কালৰ বিভিন্ন পৰিৱৰ্তনসমূহৰ ওপৰত জলবায়ুৰ প্রভাৱৰ বিষয়েও ই আলোকপাত কৰে । মানুহে অমানৱ সদৃশ জীৱৰ পৰা পৃথক হৈ অহাৰ পিছত আহাৰ সংগ্ৰহ আৰু নিৰাপত্তাৰ কাৰণে নানা ধৰণৰ সঁজুলি আৰু অস্ত্র – শস্ত্ৰ তৈয়াৰ কৰিব ধৰিলে ৷ তেতিয়াৰ পৰাই মানৱ সংস্কৃতিৰ সূচনা হ’ল । ভূ – গৰ্ভৰ বিভিন্ন স্তৰত সাংস্কৃতিক সমলসমূহৰ লগত বিভিন্ন প্রাণী আৰু উদ্ভিদৰ জীৱাশ্ম আৱিষ্কৃত হৈছে । ইহঁতৰ আবয়বিক লক্ষণসমূহৰ পৰা সেই সময়ৰ পৰিৱেশৰ বিষয়ে উমান পোৱা যায় । পৃথিৱীৰ জলবায়ু পৰিৱৰ্তনশীল ৷ 

প্ৰত্নপ্রস্তৰ যুগৰ জলবায়ুৰ লগত বৰ্তমান যুগৰ জলবায়ুৰ বহু পার্থক্য আছে । সেইদৰে প্রত্নপ্রস্তৰ যুগৰ মানুহ আৰু জন্তুবোৰ বৰ্তমান যুগৰ মানুহ আৰু জন্তুতকৈ সম্পূর্ণ বেলেগ ৷ স্থান আৰু জলবায়ু ভেদে প্রাণী আৰু উদ্ভিদ বিলকৰো শাৰীৰিক গঠন আৰু বিস্তৃতিৰ প্রভেদ হয় । প্রত্নপ্রস্তৰ যুগৰ চাৰিটা তুষাৰ যুগ আৰু তিনিটা অন্তৰ্ৱর্তী গ্রীষ্ম যুগ অতিবাহিত হৈছিল । সেই সময়ত পোৱা জীৱৰ জীৱাশ্মসমূহ হৈছে মেমথ, বল্গাহৰিণ , গুহাভালুক , নোমাল গঁড় , হিপ মটেপাছ , বাইচন গৰু আদি । এই জীৱসমূহে জলবায়ুৰ লগত খাপ খুৱাব নোৱাৰি অৱশেষত বিলুপ্ত হ’ল আৰু কিছুমানৰ বংশগোষ্ঠী ৰূপান্তৰিত হৈ আধুনিক স্তন্যপায়ী প্রাণী হিচাপে জন্ম ল’লে ।

১০। পৰোক্ষ কাল নিৰ্ণয় প্ৰণালী কেই প্ৰকাৰৰ ? চমুকৈ লিখা । 

উত্তৰঃ ( i ) প্রত্নতাত্ত্বিক প্ৰণালী :- এই প্ৰণালীৰ সহায়ত প্ৰাক ঐতিহাসিক যুগৰ বিভিন্ন সাংস্কৃতিক সমলবোৰৰ আকাৰ , গঠন আৰু নিৰ্মমৰ কৌশলৰ বিষয়ে অধ্যয়ন কৰা হয় । ইয়াৰ উপৰি এই সমলসমূহ তৈয়াৰ কৰোঁতে ব্যৱহাৰ হোৱা সামগ্ৰীসমূহৰ ওপৰতো অধ্যয়ন কৰা হয়।প্রত্নতত্ত্ববিদসকলে সা – সঁজুলিবোৰৰ নিৰ্মাণ পদ্ধতি , আকৃতি আৰু উপাদানসমূহ বৈজ্ঞানিক উপায়েৰে অধ্যয়ন কৰি প্ৰাক্ ঐতিহাসিক কালৰ বস্তু সংস্কৃতি আৰম্ভণি আৰু ক্রমবিকাশ বিষয়ে আলোকপাত কৰে।তেওঁলোকে এই সা – সঁজুলিবোৰ ক’ত অৱস্থিত তাক প্রথমে ঠাৱৰ কৰি লয় আৰু তাৰ পিছত প্ৰণালীবদ্ধভাৱে খনন কাৰ্য আৰম্ভ কৰে । নিৰ্বাচিত ঠাইত খাল খান্দি ওপৰৰ পৰা তললৈ সাংস্কৃতিক স্তৰবোৰ মুকলি কৰা হয় আৰু ভূ – তাত্ত্বিক প্ৰণালীৰে এই স্তৰবোৰত পোত খাই থকা সঁজুলিবোৰৰ কাল নির্ণয় কৰা হয় । তাৰ পিছত এই সঁজুলিবোৰৰ নিৰ্মাণ কৌশল , গঠন বা আকৃতি আৰু ব্যৱহাৰ অনুযায়ী প্রণালীবদ্ধ শ্রেণীবিভাগ কৰা হয় ৷ এইদৰে প্ৰাক্‌ ঐতিহাসিক যুগৰ শিল্পৰ ক্ৰমবিকাশে মানৱ জাতিৰ কৃষ্টি সভ্যতাৰ ক্রমবর্ধমান গতি নিৰূপণ কৰাত সহায় কৰে । 

গতিকে একো একোটা শিল্পৰ স্তৰক সাংস্কৃতিক স্তৰ বুলিব পাৰি । যি স্তৰত কোনো শিল্প বা আহিলাৰ অৱশেষ পোৱা নাযায় সেই স্তৰক উকা স্তৰ বোলে । ইয়াৰ অৰ্থ হ’ল সেই স্তৰ গঠনৰ সময়ত তাত কোনো মানুহৰ বসবাস নাছিল । প্রাকৃতিক ক্ৰিয়াৰ ফলস্বৰূপে যিবিলাক স্তৰ গঠিত হয় সেই স্তৰবিলাকক প্রাকৃতিক বা স্বাভাৱিক স্তৰ বোলে । কিন্তু গুহাৰ ভিতৰত বাস কৰা মানুহৰ আৱৰ্জনাৰে গঠিত স্তৰবিলাকক অ – প্রাকৃতিক বা কৃত্রিম স্তৰ বোলা হয় । ভূতাত্ত্বিক প্ৰণালীৰ সহায়ত খ্ৰীষ্টিয়ান থমচনে ১৮৩৯ চনত প্ৰাগৈতিক পুৰাতত্ত্বৰ তিনিটা যুগ প্ৰক্ৰিয়া আৰম্ভ কৰে ( three age system ) । যুগকেইটা হৈছে— প্রস্তৰ যুগ , ব্ৰঞ্জ যুগ আৰু আয়ৰণ যুগ । যেনে— পুৰণা আৰু নতুন । ঠিক সেইদৰে worsace ভূ – তাত্ত্বিক প্ৰণালীৰ সহায়ত প্ৰমাণ কৰিছিল যে ব্ৰঞ্জ যুগৰ সা – সঁজুলিসমূহ প্রস্তৰ যুগৰ সা – সঁজুলিতকৈ নতুন । 

( ii ) প্ৰকাৰতাত্ত্বিক প্ৰণালী :- প্রাক্ ঐতিহাসিক কালত বিভিন্ন প্ৰকাৰৰ আহিলা পোৱা গৈছে । প্রত্নপ্রস্তৰ যুগৰ সঁজুলিবোৰতকৈ নৱপ্ৰস্ত যুগৰ শিলৰ সঁজুলিবোৰ বেলেগ ধৰণৰ ৷ আনহাতে দেশভেদে আহিলাবোৰৰ প্ৰকাৰ বেলেগ বেলেগ হয় । একে প্রকাৰৰ আহিলাবোৰক একোটা নামৰেই নামকৰণ কৰা হৈছে । যেনে— এচুলীয় হস্তকুঠাৰ , মুস্তেৰীয় জোঙাল অস্ত্র , অবিগনেছীয় ফলক ইত্যাদি । গতিকে সাংস্কৃতিক আহিলাৰ প্ৰকাৰ অনুযায়ী আৰু স্তৰ বিন্যাসৰ লগত সম্বন্ধ ৰাখি আহিলাবোৰ নিৰ্মাণ কৰা কালৰ পৰিচয় পাব পাৰি । 

( iii ) আনুষংগিক সামগ্রী :- প্লিষ্ট’ছিন যুগৰ সাংস্কৃতিক আহিলাবোৰৰ লগত কিছুমান অন্যান্য সামগ্ৰী পোৱা গৈছে । এই আনুষংগিক সামগ্ৰীবোৰ হ’ল প্ৰধানতঃ জৈৱিক আৰু উদ্ভিদ জাতীয় অৱশেষ । এই অৱশেষবোৰ অতি মূল্যৱান । প্রস্তৰ যুগৰ সাংস্কৃতিক আহিলাবোৰৰ লগত মেমথ , বাইচন , নোমাল গঁড় , বল্গাহৰিণ , জলহস্তী আদিৰ জীৱাশ্ম পোৱা গৈছে । এইবোৰ প্লিষ্ট’চিন যুগৰ ৷ সেই কাৰণে ইয়াৰ লগত সন্নিৱিষ্ট হৈ থকা সাংস্কৃতিক আহিলাবোৰো প্লিষ্ট’ছিন যুগৰ বুলি ক’ব পাৰি । সেইদৰে উদ্ভিদৰ অৱশেষবোৰ বিশেষকৈ ফুল আৰু ৰেণু অতি মূল্যৱান ৷ জলবায়ুভেদে ফুল ৰেণুবিলাকৰো আকৃতি আৰু গঠন বেলেগ বেলেগ হয় । গতিকে ফলু , ৰেণু পৰীক্ষা কৰি বিভিন্ন কালৰ উদ্ভিদৰ লক্ষণ নিৰূপণ কৰিব পাৰি , কাৰণ উদ্ভিদবোৰ জলবায়ুৰ ওপৰত বেছি নিৰ্ভৰশীল । নৱপ্ৰস্তৰ আৰু ধাতু যুগৰ প্ৰাক্‌ ঐতিহাসিক সমলবোৰৰ লগত আনুষংগিক সামগ্রী অনেক পোৱা যায় ৷ এইবোৰ আধুনিক যুগৰ অন্তৰ্গত কাৰণে ইয়াৰ কাল নির্ণয় কৰা বেছি কঠিন নহয়। 

চমুটোকা : 

( i ) ভার্ভ মাটি বিশ্লেষণ প্রণালী :- ছুইডিছ ভাষাত ভাৰ্ভৰ অৰ্থ হ’ল তৰপ ৷ যেতিয়া কোনো বৰফৰ নৈ প্ৰৱাহিত হৈ গলিবলৈ ধৰে তেতিয়া বৰফৰ মাজত থকা ধূলিকণা হ্ৰদৰ তলত তৰপে তৰপে জমা হয় । এবছৰত হ্ৰদৰ তলত এনেকৈ ধূলিকণাৰ এটা পাতল স্তৰ জমা হৈ এটা তৰপীয়া গেদীয় গঠিত হয় । এই গেদীয় স্তৰটো সোঁমাজেৰে কাটিলে তাত জমা হোৱা স্তৰবোৰ গণনা কৰি উলিয়াব পাৰি । ছুইডেনৰ ভূ – তত্ত্ববিদ গেৰাৰ্ডডিগিয়েৰে 1878 চনত এই পদ্ধতিটো আৱিষ্কাৰ কৰে । কিন্তু এই স্তৰবোৰত সাধাৰণতে প্রত্নতাত্ত্বিক সংস্কৃতিৰ আহিলা পোৱা নাযায় । গতিকে এই প্ৰণালীটো পৰোক্ষভাৱেহে প্ৰয়োগ কৰিব পাৰি । 

১১। প্রত্যক্ষ কাল নির্ণয় প্রণালী কাক বোলে , কেই প্ৰকাৰৰ আৰু কি কি । 

উত্তৰঃ ( i ) প্রত্যক্ষ কাল নির্ণয় প্রণালী :- যি বৈজ্ঞানিক পদ্ধতিয়ে নিজস্ব উপায় অৱলম্বন কৰি কাল নির্ণয় কৰে তাক প্রত্যক্ষ কাল নির্ণয় প্রণালী বোলা হয় । এই বিষয়ত ভূ – তত্ত্ব , উদ্ভিদতত্ত্ব , প্রাণীতত্ত্ব , ৰাসায়ন বিজ্ঞান আৰু পদার্থ বিজ্ঞানৰ সহায় লোৱা হয় । 

প্রত্যক্ষ কাল নির্ণয় প্রণালীসমূহ হ’ল— 

( i ) তেজস্ক্রিয় এঙাৰৰ সহায়ত কাল নির্ণয় ।

( ii ) পটোছিয়াম আৰ্গন প্রণালী । 

( iii ) ফ্ল’ৰিন বিশ্লেষণ । 

( iv ) বৃক্ষ বলয় বিশ্লেষণ । আৰু

( v ) শৈল চৰ্ম বা আস্তৰণ । 

( i ) তেজস্ক্রিয় এঙাৰৰ সহায়ত কাল নির্ণয় :- 1949 চনত চিকাগো বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক ড° লিবিয়ে তেজস্ক্রিয় এঙাৰৰ সহায়ত কাল নির্ণয় প্রথা আৱিষ্কাৰ কৰে । ইয়াক তেজস্ক্রিয় এঙাৰ বা C¹⁴ বুলি জনা যায় । এই পদ্ধতিৰ n + N₁₄ → C₁₄ + 1H আৱিষ্কাৰৰ কাৰণে 1960 চনত লিবিক ন’বেল বঁটা দিয়া হয় । লিবিৰ এই অভিনৱ আৱিষ্কাৰটোৱে প্ৰত্যক্ষ কাল নির্ণয় কৰা প্ৰণালীৰ ক্ষেত্ৰত এক দৃঢ় পদক্ষেপ আগ বঢ়ালে । এই পদ্ধতিৰ মূল বিষয়বস্তু হ’ল যে পৃথিৱীৰ সকলো উদ্ভিদ আৰু প্ৰাণীয়ে বায়ুমণ্ডলত উৎপন্ন হোৱা তেজস্ক্রিয় এঙাৰ ( C¹⁴ ) জীৱিত অৱস্থাত আহৰণ কৰে আৰু মৃত্যুৰ পিছত এটা নির্দিষ্ট হাৰত তেজস্ক্রিয় শক্তি ক্ষয় হ’বলৈ ধৰে । গছ – গছনি পুৰি ছাই হ’লে সেই ছাইবিলাকত তেজস্ক্রিয় শক্তি সঞ্চিত হৈ থাকে আৰু তাৰ পৰা লাহে লাহে ক্ষয় হৈ থাকে । জন্তুৰ হাড় মূৰ , শামুকৰ খোলা , আৰু গছ – গছনি পচি পৰিণত হোৱা পিটনিতো তেজস্ক্রিয় এঙাৰবিলাকৰ ক্ষয়ৰ পৰিমাণ নিৰ্ধাৰণ কৰি ইয়াৰ বয়স নিৰূপণ কৰা হয় । তেজস্ক্রিয় এঙাৰৰ সহায়ত প্রায় 70,000 বছৰৰ আগলৈকে নিৰ্ভৰযোগ্যভাৱে সময় নির্ণয় কৰিব পাৰি । 

উদাহৰণস্বৰূপে C¹⁴ ৰ সহায়ত তাম্র প্রস্তৰ যুগৰ ভাৰতৰ হৰপ্পা সংস্কৃতিলৈকে অধ্যয়ন কৰিব পাৰে। 

( ii ) পটেছিয়াম আগর্ন প্রণালী :- পটেছিয়াম আগৰ্ন প্ৰণালীৰ সহায়ত অনেক পুৰণি সামগ্ৰীৰ বয়স নিৰূপণ কৰিব পাৰি । নানা ৰকমৰ ধাতুৰ পদাৰ্থত থকা তেজস্ক্রিয় পটেছিয়াম এটা নিৰ্দিষ্ট অনুপাতত অগৰ্ণ গেছলৈ ৰূপান্তৰিত হয় । মাছ স্পেক্ট্র ‘ মিটাৰ যন্ত্ৰৰ সহায়ত ধাতৱ পদাৰ্থৰ তেজস্ক্রিয় পটেছিয়াম আৰু অৰ্গনৰ অনুপাত নির্ণয় কৰি লৈ পদাৰ্থৰ বয়স নির্ণয় কৰিব পাৰি । যি শিলত পটেছিয়াম জাতীয় পদাৰ্থৰ পৰিমাণ বা ছাই বেছি থাকে তেনেকুৱা শিলৰ বয়স এই পদ্ধতিৰ দ্বাৰা নিৰূপণ কৰা হয় । আফ্ৰিকাৰ তাঞ্জানিয়াৰ অলডুবাই খাদৰ আটাইতকৈ তলৰ স্তৰত সঞ্চিত মানৱ সংস্কৃতিৰ আহিলাৰ বয়স এই পদ্ধতিৰ দ্বাৰা 1,75,000 বছৰ বুলি নিৰূপণ কৰা হৈছে । 

( iii ) বৃক্ষ বিশ্লেষণ প্রণালী :- এই প্ৰণালীটো 1913 চনত ড° ডগলাছে অতীতৰ জলবায়ু কৰিবলৈ প্ৰয়োগ কৰিছিল । গছ এজোপা কৰটেৰে কাটিলে গছৰ সোঁমাজৰ পৰা পৰিসীমা লৈ কিছুমান বৃত্তাকাৰ আঙঠি দেখিবলৈ পোৱা যায় । এই আঙলিবোৰক বার্ষিক আঙুঠি বোলে। এই বার্ষিক আঙঠিবোৰ গণনা কৰি সেই ঠাইৰ মানুহৰ বসতিৰ থূলমূলভাৱে কাল নির্ণয় কৰিব পাৰি । কিন্তু এই পদ্ধতিৰ প্ৰয়োগ তেনেই সীমিত । 

১২। কোন ভূ – তাত্ত্বিক যুগত মানুহৰ আবিৰ্ভাৱ হৈছিল ? 

উত্তৰঃ প্লিষ্ট’ছিন ভূ – তাত্ত্বিক যুগত ।

১৩। আলপাইন পর্বতমালাৰ হিমপ্ৰৱাহ কোনে আৱিষ্কাৰ কৰিছিল ? 

উত্তৰঃ পেংক আৰু ব্ৰুকনাৰে । 

১৪। বৃহৎ তুষাৰ যুগত কেইটা তুষাৰ যুগ আছিল ? 

উত্তৰঃ বৃহৎ তুষাৰ যুগত চাৰিটা তুষাৰ যুগ আছিল আৰু তিনিটা অন্তৰা তুষাৰ কাল আছিল । 

১৫। প্লিষ্ট’ছিন মহাযুগৰ সময়ত জলবায়ু কেনেকুৱা আছিল ? 

উত্তৰঃ ভূ – তাত্ত্বিক প্লিষ্ট ‘ ছিন যুগত বিভিন্ন ভূ – তাত্ত্বিক আৰু জৈৱিক সমলবোৰৰ অধ্যয়নৰ পৰা জলবায়ুৰ কেইবাৰো পৰিৱৰ্তন হোৱা বুলি পৰিলক্ষিত হৈছে । সেই সময়ত বা প্লিষ্ট ‘ ছিন মহাযুগক বৃহৎ তুষাৰ যুগ বুলিও কোৱা হয় । প্রায় ১.৫ ৰ পৰা দুই নিযুত বছৰৰ আগতে আৰম্ভ হোৱা প্লিষ্ট’ছিন যুগৰ বিভিন্ন কালত সাতবাৰ জলবায়ুৰ পৰিৱৰ্তন ঘটিছিল । পেংক আৰু ব্রুকনাৰে আলপাইন পবৰ্তমালাৰ পৰা ডান্‌উইব অৱবাহিকলৈ বৈ অহা গুঞ্জ , মিণ্ডেল , ৰিছ আৰু উৰ্ম নামৰ চাৰিখন নৈৰ ওপৰত পৰীক্ষা – নিৰীক্ষা কৰি এইটো সিদ্ধান্তত উপনীত হৈছিল যে প্লিষ্ট’ছিন যুগত চাৰিটা তুষাৰ কাল আৰু তিনিটা অন্তৰা তুষাৰ কাল অতিবাহিত হৈছিল । চাৰিটা তুষাৰ কালৰ নাম হ’ল ক্ৰমে গুঞ্জ , মিণ্ডেল, বিছ আৰু উৰ্ম আৰু তিনিটা অন্তৰা তুষাৰ কাল হ’ল গুঞ্জ – মিণ্ডেল , মিণ্ডেল – ৰিছ , ৰিছ – উৰ্ম । 

১৬। বৃহৎ তুষাৰ যুগ বুলিলে কি বুজা ? তুষাৰ আৰু জলাহ জলবায়ুৰ প্ৰভাৱৰ কাৰকসমূহ কি কি ? বা তুষাৰ যুগ প্ৰৱৰ্তনৰ কাৰণসমূহ কি কি ? 

উত্তৰঃ জলবায়ুৰ দিশৰ পৰা প্লিষ্ট ‘ ছিন যুগটোক বৃহৎ তুষাৰ যুগ বুলি কোৱা হয় । প্লিষ্ট ‘ ছিন যুগৰ বিভিন্ন কালত সাতবাৰ জলবায়ুৰ পৰিৱৰ্তন ঘটিছিল । তাৰে চাৰিটা তুষাৰ কাল আৰু তিনিটা অন্তৰা তুষাৰ কালৰ সৃষ্টি হৈছিল । ড° পেংক আৰু ব্ৰুকনাৰে আল্পছ পৰ্বতৰ পৰা ডান্‌উইব অববাহিকালৈ বৈ অহা গুঞ্জ , মিণ্ডেল ৰিছ আৰু উৰ্ম নামৰ চাৰিখন নৈৰ ওপৰত পৰীক্ষা কৰি এইটো সিদ্ধান্তত উপনীত হৈছিল যে প্লিষ্ট’ছিন যুগত চাৰিটা তুষাৰ কাল আৰু তিনিটা অন্তৰা তুষাৰ কাল অতিবাহিত হৈছিল । তেওঁলোকে এই চাৰিটা তুষাৰ কালৰ নাম দিছিল গুঞ্জ , মিণ্ডেল , ৰিছ , উৰ্ম । আৰু তিনিটা অন্তৰা তুষাৰ কালৰ নাম দিছিল গুঞ্জ মিণ্ডেল , ৰিছ – উৰ্ম , মিণ্ডেল – ৰিছ । ঠিক সেইদৰে প্লিষ্ট’ছিন যুগত উত্তৰ আমেৰিকাতো চাৰিটা তুষাৰ কাল আৰু তিনিটা অন্তৰা তুষাৰ কাল অতিবাহিত হৈছিল । জাৰ্ছিয়ান , কানছান , ইলিনয়ছিনয়ান আৰু উঁইছ্‌কন্‌ছিন । অন্তৰা তুষাৰ কালবিলাক তুষাৰ কালবিলাকতকৈ বেছি বছৰ ধৰি অতিবাহিত হৈছিল । 

মিণ্ডেল অন্তৰা তুষাৰ কালতো সকলোতকৈ দীঘল আছিল । প্লিষ্ট ছিন যুগত পৃথিৱীত তুষাৰ আৰু অন্তৰা তুষাৰ কাল সংগঠিত হোৱাৰ সময়ত উত্তৰ গোলাৰ্ধৰ গুবি মৰুভূমি অঞ্চলৰ পৰা আফ্ৰিকাৰ ছাহাৰা অঞ্চল আৰু ৰোডেছিয়ালৈ এই সু – বৃষ্টিত স্থলভাগত জলাহ আৰু অন্তৰা জলাহ জলবায়ু প্ৰৱৰ্তিত হৈছিল ৷ তুষাৰ যুগৰ সময়ত গ্ৰীষ্ম আৰু বিষুৱ অঞ্চলৰ জলবায়ুৰ জলীয় ভাপ গোট মাৰিব পৰাকৈ শীতল হোৱা নাছিল । সেই কাৰণে বায়ুত থকা জলীয় ভাপবোৰ বৰষুণৰ আকাৰে মাটিত পৰিছিল। তুষাৰ যুগত উচ্চ অক্ষাংশত হিম প্রভাৱৰ প্ৰখৰতা যেনেকৈ বৃদ্ধি পাইছিল , সেই সময়ত নিম্ন অক্ষাংশ অঞ্চলত ভয়াবহ প্লাৱনৰ সৃষ্টি হৈছিল । গতিকে এই প্লাৱনৰ সৃষ্টি কৰা কালক জলাহ কাল বোলে । পূব আৰু দক্ষিণ আফ্ৰিকাত চাৰিটা জলাহ কালৰ সন্ধান পোৱা যায় । সেইকেইটা হ’ল কাগৰাণ , কামাছিয়ান , কাঞ্জেৰাণ , গেম্বলিয়ান । আনহাতে অন্তৰা জলাহ কালত শুকান জলবায়ুৰ প্ৰৱৰ্তনত নদীবোৰত পানী কমি গৈছিল ।

তুষাৰ কালত বায়ুমণ্ডলত থকা জলীয় বাষ্পৰ এক বুজন অংশ বৰফ আকাৰে গোট মাৰে । ফলত সাগৰৰ পানী কমি যায় আৰু সাগৰে পৃথক কৰি ৰখা দেশ , মহাদেশ আৰু দ্বীপ সংলগ্ন হৈ পৰে । এই স্থলসংযোগ ঘটাৰ ফলত প্রাণীবিলাকৰ বিভিন্ন মহাদেশলৈ প্ৰব্ৰজন ঘটিছিল । সেয়েহে প্রত্নপ্রস্তৰ যুগত জলবায়ুৰ পৰিৱৰ্তন হোৱা হেতুকে এছিয়া , আমেৰিকা আৰু অষ্ট্ৰেলিয়ালৈ মানুহ আৰু অন্যান্য প্রাণীৰ আহ – যাহ হৈছিল আৰু মানুহৰ সংস্কৃতিয়ে সমগ্ৰ পৃথিৱীত বিস্তৃতি লাভ কৰিছিল । আনহাতে পৰিৱৰ্তনীয় জলবায়ুৰ ফলত প্লিষ্ট’ছিন যুগত নদীবোৰৰ ক্ষয়ন উপত্যকাবোৰত বেদিকাৰ সৃষ্টি হৈছিল । এই বেদিকাবোৰেই প্লিষ্ট’ছিন যুগৰ জলবায়ুৰ পৰিৱৰ্তনৰ চিহ্ন স্বৰূপ । ইয়াকে বৃহৎ তুষাৰ যুগ বোলে। 

তুষাৰ যুগ প্ৰৱৰ্তনৰ কাৰণসমূহ – বিজ্ঞানীসকলে তুষাৰ যুগ প্ৰৱৰ্তনৰ কাৰণ দুই ধৰণে আগবঢ়াইছে ৷ 

( i ) ভৌগোলিক তথ্য :- কোনে কোনো বিজ্ঞানীসকলে কয় যে প্লিষ্ট ‘ ছিন যুগত ইউৰোপৰ স্কেণ্ডিনাভিয়ান অঞ্চলৰ পৰ্বতবোৰৰ উচ্চতা সেই সময়ত বৃদ্ধি পায় । তাৰ ফলত সেই উচ্চ ভূখণ্ডত বৰফ জমা হয় আৰু এই বৰফবোৰ নামি আহি নিম্ন ভূ – খণ্ডকো বৰফাবৃত কৰে । আনহাতে কিছুমান বৈজ্ঞানিকে কয় যে ইউৰোপৰ উত্তৰ – পশ্চিম অঞ্চলৰ জলবায়ু বহু পৰিমাণে উষ্ণ উপসাগৰীয় সোঁতৰ গতি পৰিৱৰ্তনৰ ওপৰত নিৰ্ভৰ কৰে । তাৰ ফলত এই অঞ্চলসমূহ বৰফে ঢাকি ধৰে বুলি অনুমান কৰা হৈছে । কিন্তু আন ঠাই বৰফাবৃত অঞ্চলৰ ক্ষেত্ৰত এই তথ্য প্ৰয়োগ কৰিব নোৱাৰি । গতিকে এই ভৌগোলিক যুক্তিৰ দ্বাৰা তুষাৰ যুগৰ কাৰণ সঠিককৈ ক’ব নোৱাৰি ।

( ii ) নৈসর্গিক তথ্য ( Astronomical Theory ) :- এই বিষয়ত দুটা তথ্য যেনে— ক্ৰল তথ্য আৰু ছিপছন তথ্য আগবঢ়োৱা হৈছে । ক্ৰলৰ তথ্য মতে তুষাৰ যুগত পৃথিৱীয়ে সূৰ্যক প্রদক্ষিণ কৰা কক্ষপথ আজিকালিৰ নিচিনা বৃত্তাকাৰ নাছিল ডিম্বাকৃতিৰহে আছিল । সেই কাৰণে সূর্য পৃথিৱীৰ পৰা আঁতৰত আছিল , যাৰ বাবে উত্তৰ গোলার্ধত সূৰ্যৰ কিৰণ পৃথিৱীৰ ওপৰত হেলনীয়াভাৱে পৰিছিল । ইয়াৰ ফলত সূৰ্যৰ তাপমাত্রা কমি আহিছিল আৰু উত্তৰ গোলাৰ্ধৰ বহু ঠাই বৰফে আগুৰি পেলাইছিল । হাজাৰ হাজাৰ বছৰৰ পিছত পৃথিৱীয়ে সূর্যক প্রদক্ষিণ কৰাৰ কক্ষপথ বৃত্তাকাৰ হোৱাত পৃথিৱীত সূৰ্যৰ কিৰণৰ প্ৰখৰতা বাঢ়ে , যাৰ বাবে অন্ততুষাৰ যুগ প্ৰৱৰ্তিত হয় । আনহাতে ছিমপ্‌ছনৰ তথ্য মতে মেৰু বিন্দুৰ স্থান পৰিৱৰ্তনশীল আৰু সূৰ্যও এটা পৰিৱৰ্তনশীল নক্ষত্র । যেতিয়া সূৰ্যৰ তাপমাত্রা কমি যায় তেতিয়া পৃথিৱীৰ কিছুমান ঠাই বৰফে ঢাকি পেলায় আৰু যেতিয়া পৃথিৱীত সূৰ্যৰ তাপমাত্রা বেছি হয় তেতিয়া অণ্ডৰা তুষাৰ যুগৰ প্ৰৱৰ্তিত হয় । কিন্তু এই তথ্যবিলাকৰ পৰা তুষাৰ যুগৰ কাৰণবোৰ সঠিককৈ ক’ব নোৱাৰি ।

১৬৷ মধ্য জীৱ মহাযুগৰ প্ৰধান বৈশিষ্ট্য কি ? 

উত্তৰঃ মধ্য জীৱ মহাযুগ বা মেট’জয়িক আৰম্ভ হয় আজিৰ পৰা প্ৰায় 240 নিযুত বছৰৰ আগতে । ইয়াৰ প্ৰধান বৈশিষ্ট্য হ’ল বৃহৎ আকাৰৰ সৰীসৃপ জাতীয় প্রাণী , পক্ষী , সপুষ্পক উদ্ভিদৰ আৱিৰ্ভাৱ । এই যুগটো শেষ হয় আজিৰ পৰা প্ৰায় 65 নিযুত বছৰৰ আগতে । 

১৭। কোন ভূ – তাত্ত্বিক যুগত এককোষী আৰু বহুকোষী জীৱৰ আৱিৰ্ভাৱ হয় ? 

উত্তৰঃ পৃথিৱীত প্রথম জীৱৰ উৎপত্তি হয় প্রটেৰ জয়িক ভূ – তাত্ত্বিক যুগত । এই যুগত জীৱবোৰ এটা বা ততোধিক জীৱকোষৰ পৰা গঠিত হৈছিল । কালক্ৰমত জীৱ বিৱৰ্তন নীতি অনুসৰি পৃথিৱীত এককোষী আৰু বহুকোষী জীৱৰ পৰা নানা তৰহৰ প্ৰাণী আৰু উদ্ভিদৰ সৃষ্টি হয় । 

১৮। ছেন’জয়িক বা পৰজীৱ যুগ কি ? 

উত্তৰঃ ছেন’জয়িক বা নৱজীৱ যুগত প্রথম স্তন্যপায়ী প্রাণীৰ আৱিৰ্ভাৱ হয় । এই সময়ত উন্নত ধৰণৰ পক্ষী , স্তন্যপায়ী প্রাইমেট জাতীয় প্রাণী আৰু প্ৰাইমেটৰ গোষ্ঠীভুক্ত জীৱশ্রেষ্ঠ প্রাণী মানুহৰ জন্ম হয় । সেই কাৰণে প্ৰাক ইতিহাসৰ ফালৰ পৰা এই যুগটোৰ গুৰুত্ব আটাইতকৈ বেছি । 

১৯। তুষাৰ কালৰ জন্তুবোৰৰ নাম লিখা ।

উত্তৰঃ বল্গাহৰিণ , মেমথ , গুহা ভালুক , নোমাল গঁড় ।

২০। কোনটো তুষাৰ কাল সকলোতকৈ দীঘল ? 

উত্তৰঃ মিণ্ডেল অন্তৰা তুষাৰ কালটো আটাইতকৈ দীঘল । 

২১৷ অন্তৰা তুষাৰ কাল কি ? 

উত্তৰঃ দুটা তুষাৰ কালৰ মাজৰ যুগটোক অন্তৰা তুষাৰ যুগ বোলে । অন্তৰা তুষাৰ কাল তিনিটা আছিল— 

( i ) গুঞ্জ মিণ্ডেল ।

( ii ) মিণ্ডেল – ৰিছ । আৰু

( iii ) ৰিছ উম । 

২২। প্লিষ্ট ‘ ছিন যুগত তুষাৰ কাল চাৰিটাৰ নাম লিখা । 

উত্তৰঃ প্লিষ্ট ‘ ছিন যুগত তুষাৰ কাল চাৰিটাৰ নাম হ’ল―

( i ) গুঞ্জ ।

( ii ) মিণ্ডেল 

( iii ) ৰিছ । আৰু

( iv ) উম । 

আনহাতে উত্তৰ আমেৰিকাৰ তুষাৰ কাল কেইটা হ’ল – 

( i ) জাছিয়াৰ্ন ।

( ii ) কানছান ।

( iii ) ইলিনয়ছিয়ান । আৰু

( iv ) উইছকনছিন । 

২৩। জলাহ যুগ

উত্তৰঃ প্লিষ্ট’ছিন যুগত পৃথিৱীত তুষাৰ আৰু অন্তৰা তুষাৰ কাল সংগঠিত হোৱাৰ সময়ত উত্তৰ গোলার্ধৰ গুবি মৰুভূমি অঞ্চলৰ পৰা আফ্ৰিকাৰ ছাহাৰ অঞ্চল আৰু ৰোডেছিয়ালৈ এই সু – বিস্তৃত স্থলভাগৰ জলাহ আৰু অন্তৰা জলাহ জলবায়ু প্ৰৱৰ্তিত হৈছিল । তুষাৰ যুগৰ সময়ত গ্ৰীষ্ম আৰু বিষুৱ অঞ্চলৰ জলবায়ুৰ জলীয় ভাপ গোট মাৰিব পৰাকৈ শীতল হোৱা নাছিল । সেই কাৰণে বায়ুত থকা অত্যধিক জলীয় ভাপবোৰ বৰষুণ আকাৰে মাটিত পৰিছিল ৷ তুষাৰ যুগত উচ্চ অঞ্চলত হিম প্ৰৱাহৰ প্ৰখৰতা যেনেকৈ বৃদ্ধি পাইছিল , সেই সময়ত নিম্ন অঞ্চলত প্লাৱনৰ সৃষ্টি হৈছিল । গতিকে এই প্লাৱনৰ সৃষ্টি কৰা কালক জুলাহ কাল বোলে । পূব আৰু দক্ষিণ আফ্ৰিকাত পোৱা চাৰিটা জলাহ কাল হ’ল কাশেৰাণ , ৰামাছিয়ান , কাঞ্জেৰাণ , গেম্বলিয়ান । 

২৪৷ ভিলাফ্ৰাংকিয়ানৰ চমুটোকা লিখা । 

উত্তৰঃ 1921 চনত হেগ্ নামে এজন ভূ – তাত্ত্বিকে প্লিষ্ট’ছিন যুগটো চিনাক্ত কৰিবলৈ এটা সূত্র আগবঢ়ায় । এই সূত্রমতে এটা বা ততোধিক হাতী ( Elephas ) , ঘোঁৰা ( Equas ) আৰু গৰু ( Bos ) বংশগোষ্ঠীৰ জন্তুৰ জীৱাশ্ম সন্নিবিষ্ট থকা স্তৰটোক প্লিষ্ট’’ছিন বুলি চিনাক্ত কৰিব পাৰি । এই তিনিপ্ৰকাৰৰ জীৱ সমষ্টিক ভিলাংফাংকিয়ান বোলে । 

২৫। তুষাৰ যুগ । 

উত্তৰঃ প্লষ্ট’ছিন যুগত মুঠতে সাতবাৰ জলবায়ুৰ পৰিৱৰ্তন হৈছিল । ইয়াৰে তিনিটা তুষাৰ কাল আৰু তিনিটা অন্তৰা তুষাৰ কালৰ সৃষ্টি হৈছিল । ড° পেংক আৰু ব্ৰুকনাৰে আল্পছ পর্বতমালাৰ পৰা ডানউইৰ অৱবাহিকালৈ বৈ অহা চাৰিখন নৈৰ নাম অনুসাৰে চাৰিটা তুষাৰ যুগৰ নাম দিছিল আৰু এই তুষাৰ যুগসমূহৰ অন্তৰ্ৱৰ্তী যুগসমূহক অন্তৰা তুষাৰ কাল বুলি অভিহিত কৰিছিল । এই তুষাৰ যুগকেইটা হ’ল – গুঞ্জ , মিণ্ডেল , ৰিছ আৰ উৰম । আৰু অন্তৰা তুষাৰ যুগকেইটা হ’ল – গুঞ্জ , মিণ্ডেল , মিণ্ডেল – ৰিছ আৰু ৰিছ উৰম ৷ আহাতে উত্তৰ আমেৰিকাত নামকৰণ কৰা হৈছিল জাছিয়ান , কানছান , ইলিনয়ছিয়ান আৰু উইছকনছিন । 

২৬। ” The Archeology and Prehistoric Annals of Scotland ‘ নামৰ কিতাপখনৰ ৰচক কোন ? 

উত্তৰঃ ডেনিয়েল উইলছন ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top