Child And Adolescent Psychology Unit 3 কৈশোৰৰ মনোবিজ্ঞান

Child And Adolescent Psychology Unit 3 কৈশোৰৰ মনোবিজ্ঞান Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Child And Adolescent Psychology Unit 3 কৈশোৰৰ মনোবিজ্ঞান Bring Gender Equality to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Child And Adolescent Psychology Unit 3 কৈশোৰৰ মনোবিজ্ঞান can be of great value to excel in the examination.

Child And Adolescent Psychology Unit 3 কৈশোৰৰ মনোবিজ্ঞান

Join Telegram channel

Child And Adolescent Psychology Unit 3 কৈশোৰৰ মনোবিজ্ঞান Notes cover all the exercise questions in UGC Syllabus. The Child And Adolescent Psychology Unit 3 কৈশোৰৰ মনোবিজ্ঞান provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

12. বয়ঃসন্ধিকালৰ পাঁচটা চাহিদা বা প্রয়োজনীয়তাৰ বিষয়ে লিখা। (Write about the five needs or requirements of adolescence.)

উত্তৰঃ বয়ঃসন্ধিকালৰ পাঁচটা চাহিদা হ’ল—

(ক) স্বাধীনতা চাহিদাঃ কৈশোৰকালত হোৱা দেহ-মানসিক পৰিৱৰ্তনৰ ফলস্বৰূপে ল’ৰা-ছোৱালীবোৰে স্বাধীন হ’বলৈ বিচাৰে। যিকোনো সমস্যা সমাধানৰ বাবে স্বাধীনতা বিচাৰে আৰু নিজৰ কোনো কামতে হস্তক্ষেপ নিবিচাৰে।

(খ) সামাজিক চাহিদাঃ ল’ৰা-ছোৱালীয়ে সামাজিক স্বীকৃতি বিচাৰে এই কালছোৱাত আৰু সমাজৰ এজন সদস্য হিচাপে কাৰ্য নিৰ্বাহ কৰিব বিচাৰে। বিভিন্ন ধৰণৰ সামাজিক কাম-কাজত অংশগ্ৰহণ কৰি ল’ৰা-ছোৱালীয়ে আনন্দ লাভ কৰা দেখা যায়। এই সময়ছোৱাত ল’ৰা-ছোৱালীয়ে বিভিন্ন সামাজিক অনুষ্ঠান, ক্লাব, সংগঠন আদিৰ সদস্যযুক্ত হ’বলৈ বিচাৰে। 

(গ) যৌন চাহিদাঃ এই সময়ছোৱাত কিশোৰ-কিশোৰীৰ মনত যৌন ভাৱৰ উদ্ৰেক হয়। বিপৰীত লিংগৰ মনোগ্ৰাহী ব্যক্তিৰ প্ৰতি অনুভৱ কৰা যৌন আকৰ্ষণৰ বাবে ল’ৰা-ছোৱালী পৰস্পৰৰ প্ৰতি অধিক আকৃষ্ট হয়। যৌন তৃপ্তিৰ প্ৰয়োজন সু-পথেৰে পৰিচালিত কৰি উন্নীতকৰণ কৰিব লাগে আৰু সাহিত্য, সংগীত, চিত্রকলা আদিৰ মাধ্যমেৰে এই প্রয়োজনবোৰ প্রশমিত কৰিব লাগে।

(ঘ) জ্ঞানৰ চাহিদাঃ কিশোৰ কালত মনৰ বিভিন্ন প্রক্রিয়াসমূহ আৰু বিভিন্ন মানসিক শক্তিসমূহে পূর্ণতা লাভ কৰে। ফলত তেওঁলোকৰ স্বাভাৱিক কৌতূহল অতি তীব্ৰ হৈ উঠে আৰু নতুন নতুন জ্ঞান লাভৰ প্ৰতি সিহঁতৰ আকাংক্ষা দেখা দিয়ে। সাহিত্য, বিজ্ঞান, দর্শন, ইতিহাস, নৃতত্ত্ব প্রভৃতি বিভিন্ন জ্ঞান ভাণ্ডাৰৰ পৰা জ্ঞান আহৰণ কৰাৰ প্ৰয়াসে তেওঁলোকৰ মাজত আত্মপ্ৰকাশ কৰে। এই চাহিদাৰ তৃপ্তি কিশোৰকালৰ বাবে অপৰিহাৰ্য ।

(ঙ) বৃত্তিৰ চাহিদাঃ এই সময়ছোৱাত ল’ৰা-ছোৱালীবিলাকে নিজৰ ভৱিষ্যতৰ চিন্তা কৰা দেখা যায় আৰু কি উপায়ে তেওঁলোকে স্ব-নিৰ্ভৰ হ’ব পাৰে সেই সম্পর্কে চিন্তা কৰা দেখা যায়। তেওঁলোকে মনে মনে স্বাধীনভাৱে উপাৰ্জন কৰাৰ নানা পৰিকল্পনা কৰিবলৈ আৰম্ভ কৰে। সেইবাবে সকলোৱে এই চাহিদাটোক বৃত্তিৰ চাহিদা বুলিও ক’ব খোজে।

13. বয়ঃসন্ধিকালৰ চাৰিটা সমস্যাৰ বিষয়ে চমুকৈ আলোচনা কৰা। (Briefly discuss the four problems of adolescence.) 

উত্তৰঃ বয়ঃসন্ধিকালৰ চাৰিটা সমস্যাৰ বিষয়ে তলত আলোচনা কৰা হ’ল—

(ক) যৌন সমস্যা : বয়ঃসন্ধি কালত ভৰি দি ল’ৰা-ছোৱালীয়ে আচহুৱা যৌন জীৱনৰ তাড়না অনুভৱ কৰে। এনে তাড়নাই তেওঁলোকৰ মনত ভয়, সংকোচ, লজ্জা, উদ্বেগ, কৃত্রিমতা, গোপনীয়তা, যৌন অপৰাধ প্রৱণতা আদি অভূতপূর্ব আৱেগিক পৰিস্থিতিৰ সৃষ্টি কৰে। সমাজৰ আস্থা, নিষ্ঠা, বিশ্বাস, ৰীতি-নীতি আৰু সামাজিক আদর্শসমূহে তেওঁলোকৰ যৌন অভিজ্ঞতাৰ পথত প্ৰতিবন্ধকতাস্বৰূপে দেখা দিয়ে।

(খ) নৈতিক মূল্যবোধৰ সমস্যাঃ বর্তমান সামাজিক জীৱনৰ জটিলতা আৰু কৃত্ৰিমতাই কিশোৰ-কিশোৰীৰ নৈতিক চেতনা, বিচাৰ-বিবেচনা আৰু মূল্যবোধ ভাব গঠনৰ দিশত সমস্যাৰ সৃষ্টি কৰি তুলিছে। সমাজত দেখা দিয়া এনে নৈতিক জীৱনৰ সংঘাতে কিশোৰ-কিশোৰীসকলক বিভ্ৰান্ত কৰি তুলি তেওঁলোকৰ যথাৰ্থ নৈতিক মূল্যবোধ গঠনৰ সমস্যা বা বিবেকৰ সংকটপূর্ণ পৰিস্থিতিৰ সৃষ্টি কৰি তুলিছে।

(গ) শিক্ষাৰ সমস্যাঃ শিক্ষা আহৰণৰ যোগে নিজকে সমাজত আত্মপ্রতিষ্ঠা কৰি তোলাৰ প্রৱণতা এই সময়ত প্রৱল হয়। এনে প্ৰৱণতা প্রচলিত শিক্ষা ব্যৱস্থাই যথোপযুক্তভাৱে পূৰণ কৰি তোলাত ব্যৰ্থ হ’লে সি কিশোৰ-কিশোৰীৰ বাবে জীৱনজোৰা সমস্যাৰ সৃষ্টি কৰে। কৈশোৰৰ শিক্ষাৰ লক্ষ্য, উদ্দেশ্য, অধ্যয়নসূচী, শিক্ষাদান পদ্ধতি, মূল্যায়ন ব্যৱস্থা, শিক্ষাৰ অনুশাসন নীতি আদি দোষযুক্ত হ’লে অথবা ই তেওঁলোকৰ আশা-আকাংক্ষা আৰু প্ৰয়োজন পূৰ্ণমুখী হৈ নুঠিলে সমগ্র শিক্ষা ব্যৱস্থা সমস্যাস্বৰূপ হৈ উঠে।

(ঘ) অৱসৰ সময়ৰ সমস্যাঃ উন্নত প্রযুক্তিবিদ্যাৰ যুগত কিশোৰ-কিশোৰীসকলে নিজৰ ভিতৰত থকা সম্ভাৱনীয়তা সমূহ প্ৰকাশৰ বাবে কোনো ধৰণৰ কষ্ট কৰিব নালাগে । জমা হৈ থকা শক্তিয়ে মনত হতাশা তথা বেদনাৰ সৃষ্টি কৰি অশুভ ৰূপত আত্মপ্রকাশ কৰিবলৈ বিচাৰে।

14. কৈশোৰৰ পাঁচটা শিক্ষা ব্যৱস্থাৰ বিষয়ে বহলাই লিখা। (Write extensively about the five education systems of adolescence.) 

উত্তৰঃ কৈশোৰৰ পাঁচটা শিক্ষা ব্যৱস্থাৰ বিষয়ে তলত আলোচনা কৰা হ’ল—

(ক) পাঠ্যক্রম বিভাজিতকৰণঃ কিশোৰ-কিশোৰীৰ শৈক্ষিক দিশত ভিন্নমুখী প্রতিভা, যোগ্যতা আৰু আগ্রহ-অভিৰুচি আদি গঢ় লৈ উঠাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ সুপ্ত প্রতিভা উন্মোচনৰ বাবে মাধ্যমিক শিক্ষাৰ পাঠ্যক্ৰম বিভাজিত কৰি তুলিব লাগে। প্রকৃতি জগতত লুকাই থকা বিজ্ঞানৰ ৰহস্য উদ্ঘাটন আৰু অধ্যয়নৰ প্ৰতি আকৰ্ষিত কৰি তুলিব লাগে। উল্লেখযোগ্য যে এই পৰ্যায়ৰ পাঠ্যক্ৰম বিভাজিত কৰি তুলিব লাগে যদিও বিশেষীকৰণ কৰি তুলিব নালাগে।

(খ) শিক্ষা বৃত্তিমুখীকৰণঃ মাধ্যমিক স্তৰৰ শিক্ষাত ছাত্ৰৰ অৰ্জিত জ্ঞান-অভিজ্ঞতাৰ উপযোগিতা, প্রায়োগিকতা আৰু উৎপাদনশীলতাৰ নীতি গ্ৰহণ কৰিব লাগে। এই শিক্ষাই ব্যক্তিৰ অৰ্থনৈতিক জীৱনৰ প্ৰয়োজন আৰু সমাজৰ জনশক্তি উপযোগীকৰণৰ প্ৰয়োজন পূৰণ কৰিব পাৰিব লাগে । শিক্ষাৰ উদ্দেশ্য বৃত্তি ব্যৱসায়ৰ বিকাশ সাধন কৰাটো হ’ব নালাগে যদিও বৃত্তিমুখী প্ৰৱণতা কিশোৰ-কিশোৰীৰ মনত গঢ় দি তুলিব লাগে।

(গ) গণতান্ত্রিক মূল্যবোধৰ বিকাশ সাধনঃ কৈশোৰৰ সামাজিক জীৱনৰ প্রয়োজন পুৰণৰ প্রতি লক্ষ্য ৰাখি গণতান্ত্রিক জীৱন পদ্ধতিৰ মূল্যবোধসমূহক তেওঁলোকৰ ভাব, অনুভূতি আৰু আচৰণত গঢ় দি তুলিব লাগে। গণতন্ত্ৰ হৈছে এক জীৱনবোধ আৰু ইয়াৰ প্ৰকৃত অনুভৱ আৰু অনুসৰণেহে তেওঁলোকক সামাজিকভাৱে যোগ্য ব্যক্তি কৰি গঢ়ি তুলিব পাৰে।

(খ) নেতৃত্বৰ শিক্ষাদানঃ কৈশোৰৰ সামাজিক প্ৰয়োজন পূৰণ কৰি তুলিবৰ বাবেই এই সময়ত তেওঁলোকৰ নেতৃত্ব দানৰ শিক্ষাৰ প্ৰয়োজন । ৰাজনৈতিক দিশকে ধৰি সমাজৰ সাহিত্য-সংস্কৃতি, বিজ্ঞান, কাৰিকৰী বিজ্ঞান, খেলা-ধূলা, সমাজ-সেৱা, অর্থনৈতিক আদি বিভিন্ন দিশত গুৰু দায়িত্ব বহন কৰি নেতৃত্ব প্ৰদান কৰিব লাগে।

(ঙ) অৱসৰ সময়ৰ শিক্ষাঃ ব্যক্তিৰ জীৱনত অৱসৰ সময়বোৰেই হৈছে উপযুক্ত পৰিস্থিতি,  যাৰ যোগেদি সুপ্ত অন্তৰ্নিহিত কলাত্মক আৰু ক্ৰিয়াত্মক প্রতিভাবোৰ তাৰ স্বতঃস্ফূর্ত ৰূপত উন্মোচন আৰু প্ৰশিক্ষণৰ সুযোগ সুবিধা পাব পাৰি । 

15. কিশোৰ-কিশোৰীসকলৰ সামাজিক বিকাশৰ ক্ষেত্ৰত সমনীয়া দলৰ প্ৰভাৱবোৰ লিখা। (Write down the effects of peer grouping on the social development of adolescents.)

উত্তৰঃ কিশোৰ-কিশোৰীসকলৰ সামাজিক বিকাশৰ ক্ষেত্ৰত সমনীয়া দলৰ প্ৰভাৱবোৰ 

হ’ল—

(ক) কিশোৰ-কিশোৰীসকলৰ আচৰণৰ সংশোধন ঘটাবলৈ ভাল সমনীয়াৰ অতি প্ৰয়োজন । কিশোৰ-কিশোৰীৰ আচৰণৰ সংশোধন ভাল সমনীয়াই কৰিব পাৰে।

(খ) কিশোৰ-কিশোৰীসকলে নিজৰ পৰিচয় সমনীয়া দলৰ মাজত গঢ়ি তুলিবলৈ সক্ষম হয় ।

(গ) আগতীয়া কৈশোৰ কালত একে লিংগৰ লগত বন্ধুত্ব স্থাপনৰ যোগেদি যৌনতা প্রাপ্তিৰ চিনাক্তকৰণত সহায় হয়। অর্থাৎ কিশোৰ-কিশোৰীয়ে কৈশোৰৰ আৰম্ভণিতেই নিজৰ যৌনতাৰ বিকাশৰ কথা সমনীয়াৰ পৰা জানিবলৈ সক্ষম হয়।

(ঘ) কিশোৰ-কিশোৰীৰ সামাজিক দায়বদ্ধতাৰ ফলস্বৰূপ সমনীয়া দলৰ লগত দলীয় অংশগ্রহণেৰে সহায়-সহযোগিতা বা বুজা-পৰাৰ মনোভাৱ বৃদ্ধি কৰিব পাৰে ।

(ঙ) কৈশোৰৰ শেষৰ পৰ্যায়ত সমনীয়াৰ লগত বন্ধুত্ব গভীৰ হয় আৰু আত্মকেন্দ্ৰিক স্বভাৱৰ পৰিৱৰ্তে সমাজকেন্দ্ৰিক আচৰণ গঢ় লৈ উঠে। 

(চ) কিশোৰ-কিশোৰীৰ মনত হোৱা আৱেগিক পৰিৱৰ্তনৰ পূৰ্ণ সমৰ্থন জগাই তোলে।

(ছ) বিভিন্ন ধৰণৰ বিকাশ বা পৰিৱৰ্তনৰ বাবে কৈশোৰ কালছোৱাত বিভিন্ন ধৰণৰ জ্ঞানৰ প্রয়োজন হয়। আটাইবোৰ জ্ঞানৰ উৎস বা বাৰ্তা প্ৰেৰণকাৰী হিচাপে সমনীয়া দলক কোৱা হয় ।

(জ) যৌনতা কৈশোৰ কালৰ এটা গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তা। এনে প্ৰয়োজনীয়তাৰ বাবে উদ্ভৱ হোৱা সমস্যা সমাধান কৰাত সমনীয়া দলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ ।

(ঝ) কৈশোৰ কালছোৱাত বন্ধুত্বৰ ভাৱৰ বিকাশ সাধন সমনীয়া দলৰ সহায়ত সম্ভৱ হয়। 

(ঞ) কৈশোৰ কালছোৱাত কিশোৰ-কিশোৰীসকলে সামাজিক দক্ষতা বা কৌশল সমনীয়া দলৰ পৰা আহৰণ কৰে।

(ট) নিজ অভিজ্ঞতাৰ উপৰিও সমনীয়া দলৰ পৰা আহৰণ কৰা শিক্ষাৰ দ্বাৰা কিশোৰ-কিশোৰীসকলে সমাজত সামাজিকীকৰণ স্থাপন সহজে কৰিবলৈ সক্ষম হয়। 

কিশোৰ-কিশোৰীৰ ক্ষেত্ৰত সমনীয়া দলৰ প্ৰভাৱ সদর্থক বা নঞর্থক দুয়োবিধ হ’ব পাৰে।

16. কৈশোৰ কালৰ সামাজিক বিকাশত পৰিয়ালৰ ভূমিকাৰ বিষয়ে আলোচনা কৰা। (Discuss the role of family in the social development of adolescence.)

উত্তৰঃ মানুহ সামাজিক জীৱ হিচাপে সামাজিক আন্তঃক্রিয়া স্থাপন কৰিব বিচাৰে। কিশোৰ কিশোৰীসকল এই কালছোৱাত সামাজিকভাৱে যথেষ্ট সচেতন বাবে অন্যান্য ব্যক্তিৰ লগত সম্বন্ধ স্থাপন কৰিবলৈ চেষ্টা কৰে। কিশোৰ-কিশোৰীসকলৰ সামাজিক বিকাশৰ ক্ষেত্ৰত পৰিয়ালৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ ।

পৰিয়াল হ’ল সামাজিক বিকাশৰ প্ৰথম সামাজিক দল। শিশুৱে পৰিয়ালৰ মাজতেই প্রথম সামাজিক সম্বন্ধ স্থাপন কৰে। পৰিয়াল/ঘৰখনেই হৈছে শিশুৰ শিক্ষাৰ আচল কঠিয়াতলি। গতিকে, সামাজিকীকৰণৰ যোগেদি ঘৰখনৰ পৰাই শিশুৱে সামাজিক শিক্ষা লাভ কৰে। পৰিয়ালৰ যোগেদিয়েই শিশুৱে সমাজৰ মাজত সম্বন্ধ স্থাপন কৰিবলৈ সক্ষম হয়। সামাজিক অনুষ্ঠান হিচাপে পৰিয়ালত শিশুৰ সামাজিক বিকাশ আৰম্ভ হয় আৰু পৰিয়ালতেই শিশুৰ দলীয় মনোভাৱৰ বিকাশ আৰম্ভ হয়। কৈশোৰ কালত অৱশ্যে ব্যক্তিৰ সামাজিক বিকাশ অন্য স্তৰসমূহৰ তুলনাত কম হয়। শৈশৱ আৰু বাল্যকালত পৰিয়াল সামাজিক বিকাশ অতি তীব্র হয় ।

পৰিয়াল হ’ল অনানুষ্ঠানিক শিক্ষাৰ এক গুৰুত্বপূৰ্ণ মাধ্যম। সামাজিক জীৱন যাপনৰ শিক্ষা পৰিয়ালৰ মাজতেই গঢ় লৈ উঠে। অতি সামাজিক পৰিয়ালৰ শিশুৱে এখন সমাজত অতি সোনকালে সামাজিকভাৱে সমাযোজন কৰি নিজৰ দক্ষতাৰ বিকাশ সাধন কৰিব পাৰে। পৰিয়ালৰ লগত কেনে ধৰণৰ সম্বন্ধ গঢ় লয় তাৰ ওপৰত কৈশোৰ কাল নিৰ্ভৰ কৰে । সামগ্ৰিকভাৱে পৰিপূৰ্ণ ব্যক্তিত্বৰ গৰাকী গঢ়ি তোলাত পৰিয়ালৰ অৱদান যথেষ্ট।

পৰিয়ালত কৈশোৰ কালত মাতৃৰ প্ৰভাৱ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু শক্তিশালী। মাতৃগৰাকীয়ে নিজৰ সন্তানৰ লগত বন্ধুত্বপূৰ্ণ সম্পর্ক স্থাপন কৰি সুপথে পৰিচালিত কৰিবলৈ সক্ষম হয়। কিশোৰ-কিশোৰীসকলে পিতৃ-মাতৃয়ে অত্যাধিক মৰম-স্নেহৰ মাজত ডাঙৰ-দীঘল কৰে বা প্ৰতিটো প্ৰয়োজনীয় বস্তু বিচৰামতে যোগান দিয়ে, তেতিয়া কিশোৰ-কিশোৰীসকলৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পৰা দেখা যায়। আনহাতে, কিশোৰ-কিশোৰীসকল যদি প্রাপ্য মৰমৰ পৰা যদি বঞ্চিত হয় তেতিয়াও কিশোৰ-কিশোৰী বিপথে পৰিচালিত হোৱা দেখা যায়। সেয়েহে, কৈশোৰ কালৰ উপযুক্ত বিকাশৰ বাবে পিতৃ-মাতৃ বা পৰিয়ালৰ অন্যান্য সদস্যসকলে আন্তৰিকতাপূৰ্ণ আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিব লাগে আৰু সেইমতে উপযুক্ত নির্দেশনা প্ৰদানৰ ব্যৱস্থা কৰিব লাগে।

কিশোৰ-কিশোৰীসকলে সামাজিক জীৱনৰ প্ৰগতি, সামাজিক সম্বন্ধ গঠন, সুনাগৰিকতাৰ শিক্ষা আৰু আদৰ্শ জীৱন-যাপনৰ শিক্ষা পৰিয়ালৰ যোগোদিয়েই লাভ কৰে।

কৈশোৰ কালৰ সামাজিক বিকাশৰ ক্ষেত্ৰত পৰিয়ালৰ ভূমিকা তলত দিয়া ধৰণৰ — 

(ক) পৰিয়ালতেই শিশুৰ চৰিত্ৰৰ বিকাশ সাধন হয়। ব্যক্তিত্ব গঠন কৰাৰ প্ৰথম সামাজিক দল হ’ল পৰিয়াল।

(খ) কৈশোৰ কালৰ কিশোৰ-কিশোৰীসকলৰ সু-অভ্যাস গঠন কৰা আৰু বদ অভ্যাস আঁতৰ কৰাৰ বাবে উৎসাহ উদ্দীপনা পৰিয়ালতেই প্ৰদান কৰা হয়।

(গ) কৈশোৰ কালত কিশোৰ-কিশোৰীসকলক জীৱন দৰ্শনৰ শিক্ষা প্ৰদানৰ জৰিয়তে আত্মনিৰ্ভৰশীল ব্যক্তি হিচাপে গঢ় দিবলৈ শিক্ষা প্ৰদান কৰা হয় ।

(ঘ) কৈশোৰ কালত কিশোৰ-কিশোৰীসকলৰ আত্ম-বিশ্বাস, আত্ম-মর্যাদাসম্পন্ন ব্যক্তি হিচাপে পৰিচয় গঠনৰ বাবে পৰিয়ালে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।

(ঙ) কিশোৰ-কিশোৰীসকলক উপযুক্ত সামাজিক আৰ্হিৰে পৰিয়ালতেই সমাযোজনৰ জ্ঞান প্ৰদান কৰা উচিত । সামাজিক পৰিপক্কতা, প্ৰাপ্তবয়স্ক ব্যক্তিৰ আচৰণ গঠন কৰা আদি পৰিয়ালতেই সম্ভৱ কৰি তুলিব লাগে।

(চ) পৰিয়ালৰ লোকসকলৰ সামাজিক সম্বন্ধ নিবিড় হ’বৰ বাবে একেলগে বিভিন্ন ধৰণৰ দলীয় কাৰ্য সম্পাদন কৰিব লাগে। যেনে— বনভোজ খোৱা, চিনেমা চোৱা, ভ্ৰমণলৈ যোৱা আদি ।

(ছ) পৰিয়ালত বিভিন্ন ধৰণৰ সামাজিক আদৰ্শ, ৰীতি-নীতিৰ শিক্ষা প্ৰদানৰ বাবে বিভিন্ন অনুষ্ঠান ধর্মীয় অনুষ্ঠান, নাম-প্ৰসংগ, সকাম বা পূজা-পার্বণ প্রভৃতি অনুষ্ঠান পাতি সমাজৰ ব্যক্তিসকলক নিমন্ত্রণ জনাব লাগে।

(জ) আৱেগ হৈছে কৈশোৰৰ এটা গুৰুত্বপূৰ্ণ বিকাশ। আৱেগৰ বাবে কেতিয়াবা কিশোৰ- কিশোৰী বিপথে পৰিচালিত হোৱাও দেখা যায়। আৱেগিক নিয়ন্ত্রৰ প্রয়োজনীয় শিক্ষা পৰিয়ালত প্ৰদান কৰা উচিত।

(ঝ) সামাজিক মূল্যবোধ বিকশাই তুলিবৰ বাবে পৰিয়ালৰ দায়িত্ব অতি গধুৰ। কিশোৰ- কিশোৰীৰ মনত দয়া, ক্ষমা, সহানুভূতিশীলতাৰ মনোভাৱ পৰিয়ালৰ যোগেদি তুলিব লাগে।

(ঞ) পৰিয়ালতেই একতাৰ মনোভাৱৰ বিকাশ সম্ভৱ হয়। বিশেষকৈ যৌথ পৰিয়ালৰ মাজত একতা আৰু সংহতিৰে বসবাসৰ তাড়নাই কিশোৰ-কিশোৰীসকলে সমাজত একতা আৰু সংহতি ৰক্ষা কৰি সমস্যাৰ মোকাবিলা কৰিবলৈ সক্ষম হয়।

কৈশোৰ কালৰ কিশোৰ-কিশোৰীসকলৰ উপযুক্ত সামাজিক বিকাশৰ বাবে পৰিয়ালৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। কিশোৰ-কিশোৰীৰ সামাজিক বিকাশৰ বাবে বিভিন্ন কাৰকে প্ৰভাৱ বিস্তাৰ কৰে। পৰিৱেশ, বংশগতি, মনোবিজ্ঞানিক আৰু অন্যান্য কাৰক, এনেবোৰ কাৰকে কৈশোৰক শুদ্ধ বা অবাঞ্ছিত আচৰণ প্ৰদৰ্শনৰ ক্ষেত্ৰতো প্ৰভাৱিত কৰা দেখা যায়। গতিকে উচিত মৰম চেনেহ, আদৰ, যত্ন কৰিলেহে কৈশোৰৰ সামাজিক বিকাশ সুস্থ আৰু গঠনাত্মক হ’ব বুলি আশা কৰিব পাৰি।

17. কৈশোৰৰ সামাজিক বিকাশৰ বিষয়ে আলোচনা কৰা। (Discuss the role of school in the social development of adolescence.)

উত্তৰঃ কৈশোৰ কালৰ কিশোৰ-কিশোৰীসকল সমাজমুখী হোৱা বাবে সামাজিক আচৰণ প্ৰদৰ্শন কৰে। সমাজৰ আৰ্হি অনুসৰি কিশোৰ-কিশোৰীসকলে নিজৰ পৰিচয় প্ৰদানৰ বাবে বিভিন্ন কাৰ্যৰ সফল ৰূপায়ণ কৰিবলৈ বিচাৰে।

কৈশোৰ কালৰ সামাজিক বিকাশৰ বিষয়ে তলত আলোচনা কৰা হ’ল—

(ক) সামাজিক সচেতনতাঃ কৈশোৰ কালৰ সামাজিক বিকাশৰ গুৰুত্বপূৰ্ণ দিশ হ’ল সামাজিক সচেতনতা বৃদ্ধি কৰা। কিশোৰ-কিশোৰীসকলে নিজকে সামাজিকভাৱে সচেতন ব্যক্তি হিচাপে গণ্য কৰি সমাজৰ বিভিন্ন কামত অংশগ্ৰহণৰ জৰিয়তে নিজকে এজন যোগ্য, দক্ষ সামাজিক ব্যক্তি হিচাপে বৰঙণি আগবঢ়াব বিচাৰে।

(খ) নেতৃত্ব প্ৰদানৰ যোগ্যতাঃ নেতৃত্ব প্ৰদানৰ যোগ্যতা কৈশোৰ কালৰ এটা সামাজিক বৈশিষ্ট্য। বিভিন্ন ধৰণৰ সামাজিক সমস্যাসমূহ সমাধানৰ বাবে উচিত নেতৃত্ব প্ৰদান কৰিবলৈ তেওঁলোক সাজু থাকে। নেতৃত্ব প্ৰদানৰ যোগ্যতাৰ বাবে ৰাজনীতিৰ প্ৰতিও তেওঁলোক আগ্ৰহী হৈ উঠে।

(গ) দেশপ্ৰেমৰ ভাৱঃ কৈশোৰ কালৰ সামাজিক চেতনাৰ মনোভাৱে কিশোৰ-কিশোৰীসকলৰ মনত দেশপ্ৰেমৰ মনোভাৱ বৃদ্ধি কৰে। নিজৰ দেশ বা জাতিৰ প্ৰতি থকা ভালপোৱা ভাৱৰ বাবে এই কালছোৱাত ল’ৰা-ছোৱালীয়ে সৈন্য বাহিনীত যোগ দিয়ে। সমাজ সেৱাৰ বাবে নিজকে উৎসর্গা কৰে। নিজ দেশৰ ভাষা, সংস্কৃতি ৰক্ষাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰে।

(ঘ) প্রাপ্তবয়স্কৰ লগত সম্বন্ধ স্থাপনঃ সমাজৰ একো একোজন দায়িত্বশীল ব্যক্তি হিচাপে কৈশোৰ কালত প্ৰাপ্তবয়স্কসকলৰ লগত সম্বন্ধ স্থাপন কৰে আৰু নিজৰ সামাজিক দক্ষতাৰ উন্নীতকৰণৰ বাবে প্ৰাপ্তবয়স্ক লোকসকলৰ পৰা প্রয়োজনীয় পৰামৰ্শ বিচাৰে। প্ৰাপ্তবয়স্ক লোকসকলৰ লগত সম্বন্ধ স্থাপন কৰি তেওঁলোকে বিভিন্ন কাৰ্যসূচী, উৎসৱ-পার্বণ আদি আস্থা নিষ্ঠাৰে পালন কৰিবলৈ সাজু থাকে।

(ঙ) বিপৰীত লিংগৰ লগত বন্ধুত্ব স্থাপনঃ কৈশোৰ কালছোৱাত সামাজিক বিকাশৰ প্রতিফলন বন্ধুত্ব স্থাপন ঘটা পৰিলক্ষিত হয়। কিশোৰ-কিশোৰীসকলে বিপৰীত লিংগৰ ব্যক্তিৰ লগত সম্বন্ধ স্থাপনৰ জৰিয়তে বিভিন্ন সামাজিক কাৰ্যত অংশগ্ৰহণৰ জৰিয়তে সামাজিক কাম সম্পন্ন কৰিব বিচাৰে। এনেধৰণৰ সম্বন্ধই তেওঁলোকৰ মনত যৌন প্ৰৱণতাৰ নেতিবাচক দিশৰ অৱসান ঘটাই কিশোৰ-কিশোৰীক শুদ্ধ পথ দেখুওৱাবলৈ সক্ষম হোৱা দেখা যায়।

(চ) সমনীয়াৰ প্ৰভাৱঃ কৈশোৰ কালত সামাজিক বিকাশৰ ফলস্বৰূপে বন্ধুত্ব স্থাপন অধিক পৰিমাণে হোৱা পৰিলক্ষিত হয়। গতিকে সমনীয়াৰ প্ৰভাৱ তেওঁলোকৰ কৰ্মত পৰা

পৰিলক্ষিত হয়। তেওঁলোকে পিতৃ-মাতৃ বা ঘৰৰ আন আন সদস্যসকলতকৈও নিজৰ সমনীয়াৰ লগত সময় অতিবাহিত কৰা দেখা যায়। সমনীয়াৰ প্ৰভাৱ কিশোৰ-কিশোৰীৰ ওপৰত ইতিবাচক বা নেতিবাচক দিশত পৰা পৰিলক্ষিত হয়। ভাল সংগ বা সমনীয়াৰ প্ৰভাৱত পৰি এই কালছোৱাত অধিক পাৰদৰ্শিতা প্ৰদৰ্শন কৰাও দেখা যায় আৰু বেয়া সংগ বা সমনীয়াৰ প্ৰভাৱৰ ফলত বিপথে পৰিচালিত হোৱাও দেখা যায়।

(ছ) আত্ম-সন্মানবোধঃ কিশোৰ-কিশোৰীয়ে সামাজিক সচেতনতাৰ বিকাশৰ ফলত সমাজত নিজকে দক্ষ আৰু পাৰদৰ্শী ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰিবলৈ বিচাৰে। তেওঁলোকে সমাজৰ আৰ্হি / নীতি-নিয়মৰ দ্বাৰা নিজকে পৰিচালিত কৰিব বিচাৰে। তেওঁলোকৰ আত্ম-সম্মানবোধ বা আত্ম-মর্যাদাৰ ভাৱৰ বিকাশে সমাজৰ পৰা স্বীকৃতি বিচাৰে আৰু সমাজত সেই ধৰণৰ আচৰণৰ প্ৰকাশ ঘটে।

(জ) সহায়ৰ প্ৰৱণতাঃ কৈশোৰ কালৰ সামাজিক চেতনাবোধৰ বিকাশৰ ফলত অন্যায়-অবিচাৰৰ বিৰুদ্ধে তেওঁলোকে সজাগ হয় আৰু মাত মাতে। আনক সহায় কৰাৰ প্ৰৱণতা বৃদ্ধি হোৱাৰ ফলত আৰ্তজনক সহায় বা বিপদৰ বন্ধু হিচাপে আনক সহায় কৰি আনন্দ লাভ কৰে।

(ঝ) বহিৰ্মুখিতাঃ কৈশোৰ কালত কিশোৰ-কিশোৰীসকলে বন্ধুবৰ্গৰ লগত যথেষ্ট সময় অতিবাহিত কৰি ভাল পায়। ফলত তেওঁলোক বহির্মুখী ব্যক্তিত্বৰ অধিকাৰী হয় অর্থাৎ আনৰ লগত মিলা-মিছা বা সম্পৰ্ক স্থাপন কৰি মনৰ কথা ক’বলৈ বিচাৰে। 

(ঞ) দলীয় মনোভাৱৰ বিকাশঃ কৈশোৰ কালত কিশোৰ-কিশোৰীসকলৰ দলীয় মনোভাৱৰ বিকাশ হয়। দলীয় মনোভাৱৰ বিকাশৰ ফলত তেওঁলোকে দলবদ্ধভাৱে কাম কৰি ভাল পায়।

18. বয়ঃসন্ধিৰ পৰিৱৰ্তনে কিশোৰ-কিশোৰীৰ মানসিকতাত পেলোৱা প্ৰভাৱসমূহৰ বিষয়ে আলোচনা কৰা। (Discuss the effects of adolescent change on the mindset of adolescents.)

উত্তৰঃ বয়ঃসন্ধিকালৰ দৈহিক পৰিৱৰ্তনে ল’ৰা-ছোৱালীৰ মানসিক দিশত পেলোৱা প্রভাৱ শিক্ষা মনোবিজ্ঞানৰ এক অতি আকর্ষণীয় অধ্যয়নৰ বিষয়। মনোবিদ শ্লটাৰে (Slaughter) তেওঁৰ “Adolescence” নামৰ গ্ৰন্থত মতপ্রকাশ কৰে যে “এখন ডাঙৰ নদীৰ উপচি পৰা পানীৰ দৰে এই যৌৱনৰ প্লাৱনে জীৱনৰ দুয়োপাৰ সাৰুৱা আৰু শস্যশালী কৰি তোলে।” ইয়াৰ প্ৰভাৱসমূহ হ’ল—

(ক) পৌৰুষত্ব আৰু নাৰীত্ব ভাবঃ বয়ঃসন্ধিকালত সৃষ্টি হোৱা জৈৱ ৰাসায়নিক পৰিৱৰ্তনে নাবালক ল’ৰা-ছোৱালীৰ মনত পৌৰুষত্ব আৰু নাৰীত্বৰ আত্মসচেতনতাৰ ভাব আনি দিয়ে। পুৰুষৰ সাহস, শৌর্য-বীর্য আৰু নাৰীৰ ৰমনীয়তা, কামনিয়তা আদি এই সময়ত ব্যক্তিত্বৰ প্রয়োজনীয় গুণস্বৰূপে বিবেচিত হয়।

(খ) সৌন্দর্য সচেতনতাঃ আকর্ষণীয় দৈহিক গঠন আৰু বিকাশে ল’ৰা-ছোৱালীক স্বাভাৱিকতেই নিজ দৈহিক সৌন্দৰ্যৰ প্ৰতি অধিক আত্মসচেতন কৰি তোলে। দেহ আকর্ষণীয় কৰি তুলিবলৈ শৰীৰ চৰ্চা, ৰূপ চর্চা আদিত আত্মনিয়োগ কৰে। সাজ-পোছাক, পিন্ধা-উৰা আৰু মুখমণ্ডলৰ সৌন্দৰ্য চৰ্চাত অধিক সময় কটায়।

(গ) উচ্চাত্মিকা-নীচাত্মিকা মনোভাৱঃ অত্যাধিক সৌন্দর্য সচেতনতাই কোনো কোনো যুৱক-যুৱতীৰ মনত উচ্চাত্মিকা আৰু নীচাত্মিকা ভাবৰ মানসিক জটিলতাও সৃষ্টি কৰি তোলে। বিশেষকৈ ছোৱালীৰ মনত নিজৰ ৰূপ-যৌৱনে কেৱল আত্ম-সচেতনাই নহয়, আত্ম-অভিমানীও কৰি তোলে। আনহাতে নিজৰ ৰূপ-যৌৱনত সন্তুষ্ট হ’ব নোৱাৰা কোনো কোনোৰ মনত হতাশা, নিৰাশা, ব্যর্থতাই নীচাত্মিকা মনোভাৱ আৰু অ-সামাজিক আচৰণ তথা আত্ম-বিলোপনৰ অসুস্থ মনোবৃত্তিও গঢ়ি তুলিব পাৰে ।

(ঘ) দুখদায়ক আৱেগৰ প্ৰভাৱঃ বয়ঃসন্ধিকালৰ দেহ-মানসিক পৰিৱৰ্তনে ল’ৰা-ছোৱালীৰ আৱেগিক জীৱন চঞ্চল, অস্থিৰ আৰু অ-নিয়ন্ত্ৰিত বিধৰ কৰি তোলে। প্ৰথমবাৰৰ বাবে অনুভৱ কৰা ৰক্তস্রাব আৰু বীর্যস্খলনে তেওঁলোকৰ মনত ভয়, সংকোচ, লজ্জা, উদ্বিগ্নতা, উৎকণ্ঠা আদি অসুস্থ অনুভূতিয়ে আৱেগিক ভাৰসাম্যহীনতাৰ সৃষ্টি কৰে। যৌন বিষয়ক লজ্জাজনক আৰু পাপকার্য বুলি গণ্য কৰা হয়। কোনো কোনো আৱেগৰ পৰিস্থিতিয়ে আকৌ ক্রোধ, বিৰক্তি, ঈর্ষা, হিংসা, ঘৃণা আদি ভাৱৰ সৃষ্টি কৰি তুলিব পাৰে ।

(ঙ) নিঃসংগপ্ৰিয়তা আৰু দিবাস্বপ্নঃ বয়ঃসন্ধিৰ উত্তৰ কালছোৱাত ল’ৰা-ছোৱালীৰ মনত বাল্যকালৰ দলীয় মনোভাৱ আৰু দলগত ক্রিয়া-প্ৰৱণতা হ্রাস পায়। ইয়াৰ বিপৰীতে নিৰ্জনপ্রিয়তা থাৰু নিঃসংগপ্রিয়তাৰ ভাব পৰিলক্ষিত হয়। ভৱিষ্যৎ জীৱনৰ আশা-নিৰাশাৰ কল্পনা আৰু দিবাস্বপ্নৰ মাজত আত্মবিলোপন কৰিবলৈ বিচাৰে।

19. দৈহিক আৰু মানসিকভাৱে বৃদ্ধি হোৱা বাল্যকাল আৰু কৈশোৰকালৰ বিকাশৰ প্রভেদ কেইটা উল্লেখ কৰা । (Mention the differences between physical and mental development in childhood and adolescence.)

উত্তৰঃ

20. কৈশোৰকালৰ মানসিক বিকাশৰ বিষয়ে বিশদভাৱে আলোচনা কৰা। (Discuss in detail the mental development of adolescence.) 

উত্তৰঃ কৈশোৰকাল মানসিক বিকাশৰ ফালৰ পৰা বৈচিত্ৰপূৰ্ণ। মনৰ স্মৃতিশক্তি, মনক নিয়ন্ত্ৰণ কৰিব পৰা ক্ষমতা বা মনোযোগ, চিন্তা-কল্পনাযুক্তি, বিচাৰ-বিবেচনা, সমস্যা সমাধানৰ ক্ষমতা, জ্ঞান আহৰণৰ ক্ষমতা, বোধন ক্ষমতা আদি বিবিধ শক্তিৰ সম্ভাৱনীয়তাবোৰৰ চিনাক্তকৰণ প্ৰশিক্ষণ আৰু মানসিক অনুশাসন লাভ কৰি উঠাটো হৈছে কৈশোৰৰ শিক্ষাৰ এক গুৰু দায়িত্ব। এই শক্তিসমূহৰ বিকাশৰ বিষয়ে তলত উল্লেখ কৰা হ’ল—

(ক) স্মৃতিশক্তিঃ ইন্দ্রিয় অভিজ্ঞতাৰ প্ৰতিৰূপ সংৰক্ষণ আৰু তাৰ পুনঃস্মৰণ ক্ষমতা এই সময়ত বৃদ্ধি পায়। স্মৃতি-পৰিসৰৰ মাত্রাও বৃদ্ধি পায় । 

(খ) মনোযোগঃ কৈশোৰত মনৰ নিয়ন্ত্ৰণ আৰু মনোযোগ নিক্ষেপকৰণৰ ক্ষমতা বৃদ্ধি পায়। ঐচ্ছিক বিধৰ মনোযোগ প্ৰদান কৰিব পৰা হোৱা বাবে পৰিৱেশৰ বাহ্যিক বস্তু আৰু বিষয়ে মন সহজে আকৰ্ষণ কৰিব নোৱাৰে। মনত অর্জিত আগ্ৰহ আৰু ভাৱবৃত্তিৰ উপলব্ধিৰ বাবে মনোযোগ অধিক নিৰ্বাচিত আৰু স্থায়ীবিধৰ হ’বলৈ ধৰে।

(গ) অভিক্ষমতাঃ অধ্যয়নৰ বিভিন্ন বিষয় আৰু বৃত্তিমূলক বিভিন্ন ক্রিয়া ক্ষেত্ৰত কিশোৰ- কিশোৰীৰ মনত অভিক্ষমতাই গঢ় লৈ উঠে। খেলাধূলা, সংগীত-কলা আদি ভিন্ন্ ভিন্ন্ বিষয়ৰ প্রতি থকা অন্তর্নিহিত বিশেষ যোগ্যতাবোৰক কৈশোৰৰ প্ৰথমাৰ্ধতেই উপযুক্ত পৰিৱেশ প্ৰদানৰ যোগেদি চিনাক্তকৰণ কৰিব পৰা যায়।

(ঘ) শিক্ষণ ক্ষমতাঃ শিক্ষা আহৰণৰ ক্ষমতা উন্নত পৰ্যায়লৈ উঠে, যাৰ ফলত পূৰ্বৰ প্ৰচেষ্টা আৰু ভুলকৰণ, দৈহিক পুনৰাবৃত্তিকৰণ আৰু অনুকৰণ পদ্ধতিৰ সলনি নিৰীক্ষণ বা অন্তদর্শন পদ্ধতি প্ৰয়োগ কৰি উঠিব পাৰে।

(ঙ) সমস্যা সমাধানৰ ক্ষমতাঃ নিজ মানসিক শক্তিৰ প্ৰতি আত্মবিশ্বাসৰ ভাব গঢ়ি উঠাৰ ফলত সমস্যাৰ সন্মুখীন হোৱা আৰু তাৰ সমাধানৰ প্ৰচেষ্টা চলোৱাৰ মানসিক প্রস্তুতি আহি পৰে।

(চ) বিমূর্ত চিন্তন ক্ষমতাঃ কৈশোৰৰ দ্বিতীয়ার্ধত ক্রমে মানসিক পৈণতা লাভকৰণৰ ফলস্বৰূপে চিন্তাশক্তি বিমূর্ত, ভাৱমূলক আৰু তত্ত্ববিষয়ক বিধৰ হৈ উঠে। ফলত সত্যতা, সুন্দৰতা, ন্যায় আদি বিমূর্ত বিষয়ৰ চিন্তা কিশোৰ-কিশোৰীয়ে কৰিব পাৰে।

(ছ) সৃজনাত্মক ক্ষমতাঃ কৈশোৰৰ মানসিক ক্ষমতা কেৱল গ্রহণাত্মকেই নহয়, সৃজনাত্মক আৰু নতুনৰ উদ্ভাৱনমূলক বিধৰ হৈ উঠে। নিজৰ মৌলিক চিন্তাশক্তিৰ যোগেদি ভাবজগত ক্ৰিয়া জগতত নতুন বৰঙণি যোগাব পৰা ক্ষমতা নিঃসন্দেহে ব্যক্তিৰ এক উচ্চ মানসিক যোগ্যতাৰ পৰিচায়ক। অৱশ্যে সৃজনাত্মক ক্ষমতা প্রয়োগ কৰিব পৰাটো সকলোৰে বাবে সম্ভৱ হৈ উঠিব নোৱাৰে।

(জ) সৌন্দর্যবোধক আৰু প্ৰায়োগিক কল্পনাঃ কৈশোৰকালতো ল’ৰা-ছোৱালীৰ মনত কল্পনাৰ স্পষ্ট প্ৰভাৱ পৰে। অৱশ্যে এই সময়ৰ কল্পনা অলীক। অবাস্তৱ আৰু উদ্দেশ্যবিহীন বিধৰ হৈ নাথাকে। গল্প, কবিতা, সাহিত্য, নাটক, নৃত্য-গীত, চিত্ৰ-কলা, চাৰুকলা আদি বিষয়ৰ যোগে লাভ কৰা সৌন্দর্যবোধক কল্পনাক কেৱল গ্রহণাত্মকেই নহয়, সৃজনাত্মক বিধৰ কৰি তুলিব পাৰে।

21. কৈশোৰকালৰ ল’ৰা-ছোৱালীৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা বিকাশৰ বিষয়ে চমুকৈ লিখা। (Write briefly about the development of decision-making ability in adolescent boys and girls.)

উত্তৰঃ কৈশোৰকালত মানসিক পৈণতা লাভৰ এটা স্পষ্ট প্ৰমাণ হৈছে সিদ্ধান্ত গ্ৰহণ কৰিব পৰা ক্ষমতা লাভ কৰি উঠাটো। সমস্যাসমূহৰ বিষয়ে তৎকালীনভাৱে উপযুক্ত সিদ্ধান্ত গ্রহণ কৰি উঠিব লাগে। ইয়াৰ যোগেদিহে নিজকে পৰিস্থিতি অনুসৰি সমাযোজন কৰি উঠিব পৰা যাব। ই ব্যক্তিৰ এক বিশেষ মানসিক যোগ্যতা, যি নিজ চিন্তাশক্তি আৰু সমস্যা সামগ্ৰিক ৰূপত নিৰীক্ষণ কৰিব পৰা ক্ষমতাৰ ওপৰত নিৰ্ভৰশীল। কৈশোৰকালৰ দ্বিতীয়াৰ্ধত এনে সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা আয়ত্ত কৰি উঠিব পাৰে।

22. চমু টোকা লিখাঃ (Write a short note) :

(ক) দেহৰ অনুপাত স্থাপন। (Body proportions.) 

উত্তৰঃ ওজন আৰু উচ্চতা বৃদ্ধিৰ উপৰি দেহ গঠনৰ অনুপাত স্থাপন কৰি তোলাটো এই সময়ৰ আন এটা বৈশিষ্ট্য। বাল্যকালত দেহৰ কেতবোৰ অংশ নিচেই সৰু আৰু আকৰ্ষণীয় হৈ থাকে যদিও কৈশোৰকালত তাৰ বৃদ্ধি হৈ উঠি দেহৰ গঠন সুন্দৰ আৰু আকৰ্ষণীয় কৰি তোলে আৰু প্রাপ্তবয়স্কৰ আবয়ৱিক গঠন লাভ কৰে। বাহু আৰু বুকুৰ অংশ আৰু কঁকালৰ নিম্ন অংশই দেহৰ অনুপাত ৰক্ষা কৰি বহল হয়, হাত, ভৰি দীঘল আৰু মঙহাল হৈ উঠে আৰু গা অংশ আকাৰত বাঢ়িবলৈ ধৰে। দেহৰ মধ্য অংশ আৰু নিম্ন অংশৰ আকাৰ-আকৃতি বিকাশৰ তুলনাত মস্তিষ্ক আৰু মুখমণ্ডলৰ আকাৰ সৰু হৈ দেহৰ সমানুপাত স্থাপন কৰে।

(খ) মানসিক বিকাশ স্বৰূপে “জীৱন দৰ্শন”— কৈশোৰকালৰ। (‘Life philosophy’ as a mental development – adolescence.)

উত্তৰঃ কৈশোৰকালত যুৱক-যুৱতীসকল একো একোজন দার্শনিক হৈ উঠিব নোৱাৰে যদিও তেওঁলোকে নিজ জীৱনৰ এক সুস্পষ্ট আদর্শ নিৰ্ধাৰণ কৰি তুলিবলৈ বিচাৰে। নিজ মনৰ ভাৱ-অনুভুতি আৰু ক্ৰিয়া আচৰণ আদিক তেনে নিৰ্বাচিত আৰু নিৰ্ধাৰিত আদৰ্শৰ দ্বাৰা গঢ় দি তুলিব পাৰে। নিজৰ বস্তুবাদী, ভাববাদী আদর্শ অনুযায়ী ভৱিষ্যতৰ বৃত্তি-ব্যৱসায়, মূল্যবোধ আৰু জীৱনবোধ গঢ়ি তোলে। ইয়াৰ বাবে এজন আদর্শ ব্যক্তিক বাছি লৈ নিজ ব্যক্তিত্বক তেনে ৰূপত গঢ় দি তুলিবলৈ বিচাৰে। মহাপুৰুষৰ জীৱন আদর্শ সেয়েহে তেওঁলোকৰ বাবে অনুপ্ৰেৰণাদায়ক হৈ উঠে।

23. কৈশোৰকালৰ শৈক্ষিক ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা। (Discuss the adolescent education system.)

উত্তৰঃ কৈশোৰকালত ল’ৰা-ছোৱালীক যি শিক্ষা প্ৰদান কৰা হয় সেয়া হ’ল মাধ্যমিক শিক্ষা। সাধাৰণতে ১২/১৩ বছৰৰ পৰা ১৭/১৮ বছৰৰ কালছোৱাতে মাধ্যমিক শিক্ষা প্ৰদান কৰা হয়। কৈশোৰকালত প্ৰদান কৰা মাধ্যমিক শিক্ষা দুই প্ৰকাৰৰ যেনে – উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষা। ব্যক্তিৰ জীৱনৰ এক অতি গুৰুত্বপূৰ্ণ স্তৰ হ’ল মাধ্যমিক শিক্ষাৰ স্তৰ।

কিশোৰ-কিশোৰীৰ সৰ্বাত্মক বিকাশ সাধনৰ বাবে ল’বলগীয়া শিক্ষা ব্যৱস্থাসমূহ তলত উল্লেখ কৰা হ’ল—

(ক) পাঠ্যক্রম বিভাজিতকৰণঃ কিশোৰ-কিশোৰীৰ শৈক্ষিক দিশত ভিন্নমুখী প্রতিভা, যোগ্যতা আৰু আগ্রহ-অভিৰুচি আদি গঢ় লৈ উঠাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ সুপ্ত প্রতিভা উন্মোচনৰ বাবে মাধ্যমিক শিক্ষাৰ পাঠ্যক্ৰম বিভাজিত কৰি তুলিব লাগে ৷

(খ) শিক্ষা বৃত্তিমুখীকৰণঃ মাধ্যমিক স্তৰৰ শিক্ষাত ছাত্ৰৰ অৰ্জিত জ্ঞান-অভিজ্ঞতাৰ উপযোগিতা, প্রায়োগিকতা আৰু উৎপাদনশীলতাৰ নীতিগ্রহণ কৰিব লাগে। শিক্ষাৰ উদ্দেশ্য বৃত্তি-ব্যৱসায়ৰ বিকাশ সাধন কৰাটো হ’ব নালাগে। যদিও বৃত্তিমুখী প্ৰৱণতা কিশোৰ-কিশোৰীৰ মনত গঢ় দি তুলিব লাগে। বৃত্তিমূলক প্ৰৱণতাই তেওঁলোকক বৰ্তমানৰ ক্ৰিয়া-জগতৰ লগত সুস্থ সমাযোজনত সহায় কৰিব পাৰে আৰু সমাজৰ প্ৰতি নিজৰ অৰ্থনৈতিক বৰঙণিৰে সুনাগৰিকতাৰ দায়িত্ব পালন কৰিব পাৰে।

(গ) সহ-পাঠ্যক্রমিক কাৰ্যাৱলীৰ অন্তৰ্ভুক্তিঃ কিশোৰ- কিশোৰীৰ সামাজিক, মানসিক আৰু দৈহিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি মাধ্যমিক শিক্ষা ব্যৱস্থাত বিভিন্ন ধৰণৰ সহ- পাঠ্যক্রমিক কার্যাৱলী অন্তর্ভুক্ত কৰিব লাগে। বিভিন্ন সহ-পাঠ্যক্রমিক কাৰ্যসূচীৰ যোগেদি ছাত্র-ছাত্রীৰ মূল্যবোধ গঠন, নেতৃত্বৰ শিক্ষা, গণতান্ত্রিক মূল্যবোধৰ বিকাশ সাধন আদি দিশ বিকশাই তুলিব লাগে।

(ঘ) যৌন শিক্ষাঃ যৌন শিক্ষা প্ৰদান কৰাটো কৈশোৰকালৰ ল’ৰা-ছোৱালীৰ বাবে অতি প্রয়োজনীয়। যৌন ধাৰণাবোৰ লুকুৱাই ৰাখি কিশোৰ-কিশোৰীসকল নানা সমস্যাৰ সন্মুখীন হয়। যৌন সমস্যাৰপৰা হাত সাৰিবৰ বাবে ল’ৰা-ছোৱালীক বিভিন্ন সহ-পাঠ্যক্রমিক কার্যসূচীত অংশ ল’বৰ বাবে উৎসাহ-উদ্দীপনাৰ লগতে উপযুক্ত সহায় শিক্ষক আৰু অভিভাৱকে আগবঢ়াৱ লাগে।

(ঙ) অৱসৰ সময়ৰ শিক্ষাঃ ব্যক্তিৰ জীৱনত অৱসৰ সময়বোৰেই হৈছে উপযুক্ত পৰিস্থিতি, যাৰ যোগেদি সুপ্ত অন্তর্নিহিত কলাত্মক আৰু ক্ৰিয়াত্মক প্রতিভাবোৰ আৰু স্বতঃস্ফুর্ত ৰূপত উন্মোচন আৰু প্ৰশিক্ষণৰ সুযোগ-সুবিধা পাব পাৰি। কৈশোৰকালত এই অৱসৰ সময়ৰ সৃজনাত্মক প্রয়োগৰ যোগে তেওঁলোকৰ মনৰ দুৰ্ভাৱনা আৰু দুঃচিন্তাৰ পৰা মুক্ত হৈ থাকিব পাৰি ৷

(চ) নির্দেশনা আৰু পৰামৰ্শদানঃ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক স্তৰত ছাত্ৰ-ছাত্ৰীক নিৰ্দেশনা আৰু পৰামৰ্শ প্ৰদান কৰাৰ ব্যৱস্থা থাকিব লাগে। উপযুক্ত শৈক্ষিক আৰু বৃত্তীয় নিৰ্দেশনা প্ৰদান কৰি তেওঁলোকক আত্মনিৰ্ভৰশীল হ’বৰ বাবে প্ৰস্তুত কৰি তুলিব লাগে ৷ ভৱিষ্যত নিয়ন্ত্ৰিত আৰু আত্মস ন্মানবোধ থকা কামৰ বাবে মাধ্যমিক স্তৰতে উপযুক্ত পৰামৰ্শ আগবঢ়াব লাগে।

(ছ) প্ৰশাসনীয় কৰ্তৃপক্ষৰ ভূমিকাঃ কৈশোৰৰ সমস্যা সমাধানৰ দিশত প্ৰশাসনীয় কৰ্তৃপক্ষৰ একো কৰিবলগীয়া নাই বুলি ভবাটো অনুচিত। তেওঁলোকৰ অৱসৰ সময় গঠনাত্ম কভাৱে  প্ৰয়োগৰ বিবিধ কল্যাণমূলক আঁচনি চৰকাৰৰ যুৱ-কল্যাণ বিভাগৰ থাকিব লাগে। যুৱকসকলৰ  আন্তঃৰাজ্যিক আৰু আন্তর্জাতিক দিশত বিনিময়ৰ ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিব লাগে। কৰ্ম সংস্থান উদ্ভাৱন হৈছে যুৱ-সমস্যা সমাধানৰ অতি সাৰ্থক উপায়স্বৰূপ।

(জ) যুৱ-মানসিকতাৰ প্ৰতি ইতিবাচক মনোভাৱ গ্রহণঃ কৈশোৰ মনোবিজ্ঞান সম্বন্ধে পর্যাপ্ত জ্ঞান-অভিজ্ঞতা আৰু চিন্তা-চৰ্চাৰ অভাৱ কিশোৰ-কিশোৰীসকলৰ বাবে সমস্যাস্বৰূপ হৈ উঠাটো দুৰ্ভাগ্যৰ কথা। সেই অনুক্রমে ইয়াক বিপদজনক পর্যায়, ধুমুহা আৰু পীড়নৰ সময়, কদর্যজনক কাল আদি নেতিবাচক মন্তব্য আৰু অভিমত প্ৰকাশ কৰা হৈছিল, যি এই দিশত ক্ষতিসাধন কৰি তুলিছিল। সেয়েহে ক’ব পাৰি যে কৈশোৰৰ সমস্যা সমাধানৰ দিশক কৈশোৰ-মনোবিজ্ঞানৰ বহুল অধ্যয়ন আৰু চিন্তা-চর্চা এক সফল ব্যৱস্থাস্বৰূপ হৈ উঠিব পাৰে।

যিকোনো দেশ আৰু সমাজৰ ভৱিষ্যত হৈছে কিশোৰ- কিশোৰীসকল। তেওঁলোকৰ সুস্থ সবল বিকাশ সেই দেশ আৰু সমাজৰ উন্নতি আৰু প্ৰগতিৰ পৰিচায়ক আৰু তাৰ মাপকাঠীস্বৰূপ। শিক্ষাৰ সকলো ধ্যান-ধাৰণা; চিন্তা-চৰ্চা আৰু ক্ৰিয়া-প্ৰচেষ্টা কৈশোৰৰ শিক্ষা বিকাশত কেন্দ্ৰীভূত হ’ব লাগে।

24. কৈশোৰকালৰ শিক্ষা ব্যৱস্থা কেনে হোৱা উচিত? (What should the education system of adolescence be like?) 

উত্তৰঃ কিশোৰ-কিশোৰীৰ সকলো প্ৰয়োজন পূৰাব পৰাকৈ শিক্ষাৰ ব্যৱস্থা কৰাটো বৰ সহজ নহয়। কৈশোৰকালৰ শিক্ষা ব্যৱস্থাত তলত কথাকেইটাৰ প্ৰতি লক্ষ্য কৰিলে যুৱক- যুৱতীহঁতৰ সমস্যা সমাধানত যথেষ্ট সহায় কৰা হ’ব—

(ক) উদ্দেশ্যবিহীন আৰু কৰ্মবিমুখ শিক্ষাৰ পৰিৱৰ্তে কিশোৰ-কিশোৰীক কাৰ্যকৰী অভিজ্ঞতা প্ৰদান কৰাৰ গুৰুত্ব দিব লাগে। এনে শিক্ষা আঁচনিত কৰ্ম অভিজ্ঞতাৰ নিচিনা বিষয়ৰ স্থান কিমান গুৰুত্বপূৰ্ণ, তাক উপলব্ধি কৰা প্ৰয়োজন ।

(খ) কৈশোৰকালৰ বৈশিষ্ট্যসমূহৰ বিশেষ জ্ঞান থকা আৰু কিশোৰ-কিশোৰীৰ সমস্য সমাধানত আগ্ৰহী লোককহে এই পৰ্যায়ৰ শিক্ষাৰ বাবে বিদ্যালয়ত শিক্ষক হিচাপে নিযুক্তি দিব লাগে।

(গ) আজৰি সময় সার্থকভাৱে কটাবৰ বাবে কিশোৰ- কিশোৰীয়ে শিক্ষা পোৱা উচিত। তেতিয়া সামাজিক বা ঘৰুৱা দায়িত্ব লৈ ব্যস্ত থাকিব নলগা অৱস্থাত বা নিবনুৱা হৈ থকা কালত যুৱক-যুৱতীহঁতে মানসিক অশান্তিত ভুগিব লগা নহয়। গতিকে মাধ্যমিক স্কুলৰ পাঠ্যক্ৰমত ছাত্ৰ-ছাত্ৰীৰ ৰুচি- অভিৰুচি অনুযায়ী বিভিন্ন পঠনীয় বিষয় সামৰি লোৱাৰ উপৰি সংগীত, কলা, নৃত্য, বিভিন্ন ধৰণৰ খেল-ধেমালি আদিৰ ব্যৱস্থা কৰা প্ৰয়োজন ।

(ঘ) বিদ্যালয়সমূহত কিশোৰ-কিশোৰীক বৃত্তীয় নিৰ্দেশনা দিয়াৰ ব্যৱস্থা কৰিব লাগে । এনে নিৰ্দেশনাৰ ফলত কোনো বিশেষ বৃত্তিৰ ফালে মন ঢাল খাব আৰু উচ্চ পৰ্যায়ৰ সাধাৰণ শিক্ষাৰ পৰা লাভৱান হোৱাৰ সম্ভাৱনা নথকা ছাত্র-ছাত্রীসকল উচ্চ শিক্ষাৰ অনুষ্ঠানসমূহলৈ আহিব লগা নহ’ব।

(ঙ) ছাত্ৰ-ছাত্ৰীৰ বয়সৰ লগত খাপ খোৱাকৈ বিদ্যালয়সমূহত যৌন শিক্ষা, নৈতিক শিক্ষা, ধৰ্মীয় শিক্ষা আৰু সমাজসেৱাৰ ব্যৱস্থা কৰিব লাগে । 

(চ) বিদ্যালয়ত কঠোৰ শাসনৰ ব্যৱস্থা পৰিহাৰ কৰি যিমান দূৰ পাৰি যুৱক-যুৱতীসকলক স্বাধীনতা দিব লাগে, যাতে তেওঁলোকে আত্মসন্মান বজাই ৰাখি আত্মপ্ৰকাশৰ সুবিধা পায়। শিক্ষকসকলৰ পৰা সহানুভূতি, মৰম চেনেহ, স্বীকৃতি, প্রশংসা আদি লাভ কৰিলে যুৱক-যুৱতীসকলে মনত উৎসাহ পায় আৰু নিজৰ কামৰ প্ৰতি বেছি আগ্রহী হয়।

25. কৈশোৰৰ তত্ত্ববোৰ আলোচনা কৰা। (Discuss the theories of Adolescence.)

উত্তৰঃ কৈশোৰ হৈছে শৈশৱ আৰু প্ৰাপ্তবয়স্কতাৰ মাজৰ বিকাশৰ পৰ্যায়; যৌৱনৰ আৰম্ভণিৰ পৰা প্ৰাপ্তবয়স্ক হোৱালৈকে বিকাশৰ সময়। এইটো গৌণ যৌন বৈশিষ্ট্যৰ আৱিৰ্ভাৱৰ সৈতে আৰম্ভ হয়, সাধাৰণতে ১১ ৰ পৰা ১৩ বছৰ বয়সলৈ। ই সেই সময়ৰ প্ৰতিনিধিত্ব কৰে য’ত এজন ব্যক্তিয়ে বিভিন্ন ধৰণৰ জৈৱিক পৰিৱৰ্তন অনুভৱ কৰে আৰু শাৰীৰিক, সামাজিক, যৌন আৰু বৌদ্ধিক ক্ষেত্ৰত এক নাটকীয় পৰিৱৰ্তন অন্তর্ভুক্ত কৰে। এই প্ৰবন্ধটোৱে কৈশোৰৰ তত্ত্ব আৰু হ’লৰ পৰামৰ্শ অনুসৰি কৈশোৰকালক ধুমুহা আৰু পীড়নৰ সময় হিচাপে কিমান পৰিমাণে চিহ্নিত কৰে তাৰ পৰ্যালোচনা কৰে।

প্লেটোৱে কিশোৰ ল’ৰাবোৰক নিৰন্তৰ তৰ্ক কৰা আৰু অতি সহজে উত্তেজিত বুলি বর্ণনা কৰিছিল। এৰিষ্টটলে কিশোৰ-কিশোৰীসকলক যৌন আত্ম-সংযমৰ অভাৱ, তেওঁলোকৰ আকাংক্ষাত চঞ্চল, আৱেগিক বুলি বৰ্ণনা কৰিছিল। অৱশ্যে, মধ্যযুগত, কৈশোৰক বেছিভাগ জীৱনৰ পৰ্যায় হিচাপে উপেক্ষা কৰা হৈছিল আৰু শিশুসকলক প্ৰাপ্তবয়স্ক হিচাপে চোৱা হৈছিল। শৈশৱ আৰু কৈশোৰক একেটা মুদ্ৰাৰ দুটা দিশ হিচাপে গণ্য কৰা হৈছিল। দুয়োজনৰ মাজত পার্থক্য নিৰ্ধাৰণ কৰা প্ৰথম ব্যক্তি জন আছিল ৰুছো। সেই সময়ৰ মনোবিজ্ঞানীসকলে ৰুছোৰ ধাৰণাসমূহৰ সৈতে একমত হৈছিল আৰু ১৯০৪ চনত চাৰ্লছ ডাৰউইনৰ বিৱৰ্তনীয় তত্ত্বৰ দ্বাৰা প্ৰভাৱিত হৈ জি. ষ্টেনলি হ’লে কৈশোৰক ধুমুহা আৰু পীড়নৰ সময়, সাৰ্বজনীন আৰু অনিবার্য উত্থানৰ সময়’ হিচাপে সংজ্ঞায়িত কৰিছিল। কৈশোৰ কালত এনে এক সময়ক প্রতিনিধিত্ব কৰা হৈছিল যেতিয়া প্ৰাৰম্ভিক মানুহবোৰ জন্তুৰ পৰা সভ্য হোৱা হৈছিল। কিশোৰৰ পৰ্যায়ৰ সমাপ্তিয়ে এক নতুন জন্ম চিহ্নিত কৰিছিল, য’ত উচ্চতৰ, অধিক সম্পূর্ণমান মানৱীয় বৈশিষ্ট্যৰ জন্ম হৈছিল। 

সাংস্কৃতিকভাৱে, অষ্টাদশ শতিকাত কৈশোৰৰ সময় প্ৰথমে মধ্য আৰু উচ্চ শ্ৰেণীৰ শিশুসকলৰ ক্ষেত্ৰত দেখা গৈছিল কিয়নো শিক্ষা দীঘলীয়া সময় ধৰি চলিছিল কৈশোৰ আৰু সামাজিক প্রেক্ষাপটৰ ঐতিহাসিক ভাৱে পৰিৱৰ্তনশীল দৃষ্টিভংগী স্বত্বেও কুপ এট আল ২০০৩ ৰ মতে, কৈশোৰৰ এই ধাৰণাবোৰ নিশ্চিতভাৱে আজিৰ সময়ৰ সমান্তৰাল হৈ আছে আৰু আমাৰ বৰ্তমানৰ কৈশোৰৰ প্ৰতিনিধিত্বৰ ভেঁটি হিচাপে কাম কৰে। জৈৱিক দৃষ্টিভংগীয়ে যুক্তি দিয়ে যে কৈশোৰত আন্দোলন সার্বজনীন সময় আৰু সামাজিক প্ৰেক্ষাপটৰ দ্বাৰা প্রভাৱিত নহয়। যৌৱনপ্রাপ্তিক প্ৰায়ে কৈশোৰ আৰম্ভ কৰা বুলি গণ্য কৰা হয়। যৌৱন প্ৰাপ্তিৰ সময়ত, যুৱ ব্যক্তিজনে সকলো অন্তর্নিহিত শাৰীৰিক প্ৰক্ৰিয়াৰ সৈতে তেওঁলোকৰ প্ৰাপ্তবয়স্কৰ আকাৰ আৰু চেহেৰা প্ৰাপ্ত কৰে। সাম্প্ৰতিক প্রমাণে সূচায় যে জৈৱিক পৰিৱর্তনবোৰে মেজাজৰ ব্যাঘাতৰ ক্ষেত্ৰত কিছু অৱদান আগবঢ়ায়। যৌৱনপ্রাপ্তিয়ে মস্তিষ্কৰ বিকাশ সম্পূৰ্ণ হোৱাটো চিহ্নিত কৰে বুলিও ধাৰণা কৰা হয়; স্নায়ুৰ পথৰ বিকাশ আৰু দুয়োটা গোলার্ধক একত্রিত কৰা স্নায়ু তন্তুৰ প্ৰক্ৰিয়া। শেহতীয়া প্রমাণে অৱশ্যে যুক্তি দিয়ে যে গোটেই জীৱনকালত মগজুত পৰিৱর্তন অব্যাহত আছে।

অৱশ্যে, গৱেষণাই দেখুৱাইছে যে কেৱল যৌৱনৰ জৈৱিক পৰিৱৰ্তনে কিশোৰৰ ধুমুহা আৰু পীড়নক সাৰ্বজনীন বা অনিবাৰ্য নকৰে। এইটো এই কথাৰ দ্বাৰা প্ৰদৰ্শন কৰিব পাৰি যে সকলো সংস্কৃতিয়ে কিশোৰৰ ধুমুহা আৰু পীড়ন একে পৰিমাণে অনুভৱ নকৰে আৰু কিছুমান সংস্কৃতিয়ে ইয়াক একেবাৰে অনুভৱ নকৰে। মাৰ্গাৰেট মীডৰ অধ্যয়নত দেখা গৈছিল যে কৈশোৰ কাল এক আনন্দময়, কাল্পনিক পৰিৱৰ্তন। এই ফলাফলবোৰ বিশ্বব্যাপী কৈশোৰৰ ওপৰত চোৱা আন বহুতো অধ্যয়নৰ দ্বাৰা নিশ্চিত কৰা হৈছে, যি প্ৰতিবেদন কৰিছে যে বেছিভাগ পৰম্পৰাগত সংস্কৃতিয়ে তেওঁলোকৰ কিশোৰসকলৰ মাজত কম ধুমুহা আৰু পীড়ন অনুভৱ কৰে। এনেদৰে কিশোৰসকলৰ বিশৃংখল অভিজ্ঞতা জৈৱিকভাৱে নিৰ্ধাৰণ কৰা নহয় বৰঞ্চ এই ধৰণৰ পৰিৱৰ্তনৰ প্ৰচাৰত সাংস্কৃতিক প্ৰেক্ষাপটৰ ভূমিকা প্রতিফলিত হয়।

পিয়াজেৰ মতে, মগজুৰ পৰিৱৰ্তন আৰু ই কৈশোৰৰ সময়ত কাম কৰি আছে, জ্ঞানীয় বিকাশৰ অন্তিম পর্যায়, কৈশোৰৰ সময়ত হোৱা বুলি ধাৰণা কৰা হয়। পিয়াজে শিশুসকলে কেনেদৰে ভাবে তাৰ ক্ৰমিক পৰিৱৰ্তনৰ ক্ষেত্ৰত এই বিকাশৰ বৰ্ণনা কৰিছিল। কৈশোৰৰ সময়ত জ্ঞানীয় বিকাশ, যাক আনুষ্ঠানিক কার্যকৰী পৰ্যায় বুলি কোৱা হয়, ইয়াত মূৰ্তৰ পৰা বিমূর্ত চিন্তাধাৰালৈ চলাচল আৰু অহংকেন্দ্রিক চিন্তাৰ হ্ৰাস অন্তর্ভুক্ত থাকে। এই সময়ছোৱাত অহংকেন্দ্রিক চিন্তাই কিছুমান নিৰ্দিষ্ট আচৰণ যেনে— কাল্পনিক দর্শকলৈ লৈ যায়, নিৰন্তৰ পৰীক্ষাৰ অনুভূতি, ব্যক্তিগত কাহিনী; অতুলনীয়, আত্ম-চেতনা আৰু দুৰ্বলতাৰ অনুভূতি হিচাপে এজনৰ চিন্তা আৰু অনুভূতি সম্পর্ক, যাৰ ফলত বিপদাশংকা লোৱাৰ আচৰণ হ’ব পাৰে। কৈশোৰৰ আৰম্ভণিৰ এই অহংকেন্দ্ৰিক চিন্তাধাৰা তেওঁলোকৰ সমবয়সীয়াসকলৰ সৈতে ভাগ বতৰা কৰা অভিজ্ঞতাৰ বাবে হ্রাস হয়। 

কিশোৰ-কিশোৰীসকলে তেওঁলোকৰ নতুন যুক্তিৰ দক্ষতা ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে, তেওঁলোকে ইয়াৰ বাবে তৰ্ক কৰিবলৈ আৰম্ভ কৰে, সিদ্ধান্তত উপনীত হয় আৰু কেৱল নিজৰ বিষয়ে অত্যাধিক নাটকীয় চিন্তা কৰে। এই আচৰণবোৰে এই দৃষ্টিভংগী লৈ যাব পাৰে যে কৈশোৰ হৈছে ধুমুহা আৰু পীড়নৰ সময়। গৱেষণাই সূচায় যে পিয়াজে পৰ্যায়ৰ ক্ৰমৰ অপ্ৰত্যাৱৰ্তনক অতিৰিক্তভাৱে মূল্যাঙ্কন কৰি বিকাশমূলক প্ৰক্ৰিয়াটো সৰল কৰে। এইটো তৰ্ক কৰা হৈছে যে পিয়াজে পৰ্যায়বোৰৰ সাৰ্বজনীনতা অতিৰঞ্জিত কৰে আৰু ইয়াত পাৰিপাৰ্শ্বিক বৈধতাৰ অভাৱ আছে কিয়নো তেওঁৰ সকলো গৱেষণা সুশিক্ষিত, উচ্চ আৰ্থ-সামাজিক পৃষ্ঠভূমিৰ শিশুৰ ওপৰত আধাৰিত আছিল। 

ফ্রয়েডৰ মনোযৌন বিকাশৰ তত্ত্বই কৈশোৰক আভ্যন্তৰীণ সংগ্ৰামেৰে ভৰা বুলিও চিত্রিত কৰিছে। ফ্রয়েডৰ মতে, মনোযৌন বিকাশৰ অন্তিম পর্যায়ত, জননাংগ পর্যায়, শিশুটো সহজাত আৱেগেৰে প্লাবিত হয় যি অহংকাৰ আৰু পৰিচয়ৰ মাজৰ ভাৰসাম্য ব্যাহত কৰে। এই সংঘৰ্ষই কৈশোৰক এক প্রচণ্ড চাপ আৰু অস্থিৰতাৰ সময় কৰি তোলে। দুর্ভাগ্যবশতঃ ফ্রয়েডৰ কামক তীব্র সমালোচনা কৰা হয়; তেওঁৰ কাম কম সংখ্যক ক্ষেত্ৰ অধ্যয়নৰ ওপৰত আধাৰিত আৰু সেয়েহে ইয়াক অনিৰ্ভৰযোগ্য বুলি গণ্য কৰা হয় আৰু সমগ্ৰ জনসাধাৰণৰ বাবে সাধাৰণীকৰণ কৰিব নোৱাৰি। এই তত্ত্বটো বিকশিত হোৱাৰ সময়ত প্ৰযোজ্য হ’ব পাৰে কিন্তু আজি প্রযোজ্য নহয়। ইয়াৰ উপৰিও, ফ্ৰয়েডৰ তত্ত্বৰ কোনো অভিজ্ঞতামূলক সমর্থন নাই কিয়নো পৰিচয় পত্র, অহংকেন্দ্রিক নির্মাণবোৰ বিষয়ভিত্তিক আৰু ইয়াক জুখিব নোৱাৰি।

ফ্ৰয়েডৰ বিকাশৰ মনোযৌন ধাৰণাৰ ওপৰত আধাৰিত কৰি এৰিকছনৰ মনোসামাজিক তত্ত্বই বিকাশক প্ৰভাৱিত কৰা কাৰকবোৰৰ বিষয়ে অধিক বিস্তৃত দৃষ্টিভংগী লয়। এৰিকছনে প্রস্তাৱ দিছিল যে যৌন পৰিতাপ প্ৰাপ্ত কৰাতকৈ ব্যক্তিগত পৰিচয়ৰ অনুভূতি প্রাপ্ত কৰাটো অধিক গুৰুত্বপূৰ্ণ, তেওঁ কিশোৰৰ বিকাশৰ অভিজ্ঞতাৰ সামাজিক আৰু সাংস্কৃতিক উপাদানবোৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। এৰিকছনে পৰিচয়ক আত্ম-ধাৰাবাহিকতাৰ অনুভূতি বুলি বৰ্ণনা কৰিছিল। ফ্ৰয়েডৰ দৰে এৰিকছনেও কৈশোৰক ধুমুহা আৰু পীড়নৰ সময় হিচাপে গণ্য কৰিছিল আৰু এই অস্থিৰতাৰ ফলস্বৰূপে এক পৰিচয় সংকট হৈছিল; এনে এটা সময় য’ত কিশোৰজনে তেওঁৰ পৰিচয়ৰ অভাৱৰ বাবে অসুবিধাত পৰে। এৰিকছনৰ ধাৰণাবোৰক সমালোচনা কৰা হৈছে কিয়নো সেইবোৰ চিকিৎসা কৰা যুৱক-যুৱতীসকলৰ পৰ্যৱেক্ষণৰ ওপৰত আধাৰিত আছিল, সেয়েহে কিশোৰসকলৰ প্ৰকৃত প্ৰতিনিধি নহয়। গৱেষণাৰ প্ৰমাণে দেখুৱাইছে যে বেছিভাগ কিশোৰে গুৰুত্বপূৰ্ণ মানসিক অসুৱিধাৰ সন্মুখীন হয় ।

মাৰ্চিয়াৰ পৰিচয় প্ৰাপ্তিৰ তত্ত্বই কৈশোৰৰ ধাৰণাক সংকটৰ সময় বুলি বিৰোধিতা কৰিছিল। মাৰ্চিয়াই দাবী কৰে যে কিশোৰৰ পৰিচয় গঠনৰ দুটা মুখ্য অংশ আছে— সংকট আৰু প্ৰতিশ্ৰুতি। কৈশোৰত হোৱা আঘাতৰ ফলত এজনৰ পৰিচয়ৰ বিষয়ে কঠিন সিদ্ধান্ত ল’ব লগা হয় আৰু চাৰিটা পৃথক পৰিচয়স্থিতিৰ মাজেৰে আগবাঢ়ি যায়— প্ৰসাৰণ, নিষ্ক্রিয়-সমাপ্ত, স্থগিতাদেশ আৰু শেষত পৰিচয় প্রাপ্তি। মিলমেনে মাৰ্চিয়াৰ তত্ত্বৰ বাবে কিছুমান সমর্থনমূলক প্ৰমাণ প্ৰদান কৰে। তেওঁ দেখিলে যে পৰিচয় প্রাপ্তি পৰ্যায়ৰ তুলনাত ১২-১৫ বছৰীয়া শিশুৰ বেছিভাগেই পৰিচয় বিস্তাৰ পৰ্যায়ত আছে, অৱশ্যে, তেওঁ এইটোও পাইছিল যে যুৱ প্রাপ্ত বয়স্কসকলৰ এটা ডাঙৰ অংশই এতিয়াও তেওঁলোকৰ ২০- ৰ দশকৰ মাজভাগলৈ সর্বোচ্চ স্তৰৰ পৰিচয় প্ৰাপ্ত কৰা নাই, যি পৰামর্শ দিয়ে যে পৰিচয় গঠন মাৰ্চিয়াৰ পৰামৰ্শতকৈ পিছলৈ ঘটিব পাৰে। 

লগতে প্ৰমাণ আছে যিয়ে সূচায় যে পৰিচয়ৰ এই সন্ধান গোটেই জীৱনকালত অব্যাহত থাকে, স্থিৰতা আৰু অস্থিৰতাৰ পৰিৱৰ্তিত সময় আৰু পৰ্যায়বোৰৰ মাজত আগবাঢ়ি যোৱাৰ সৈতে মাৰ্চিয়াই সূচায় যে প্রাপ্তবয়স্কতাত কৈশোৰৰ দৰেই অস্থিৰতা অন্তর্ভুক্ত থাকিব পাৰে। মাৰ্চিয়াক সমর্থন কৰা, ষ্টেইন তত্ত্বয়ে পৰামর্শ দিয়ে যে কিশোৰ অৱস্থা বিকাশৰ আগৰ তত্ত্ববোৰত বৰ্ণনা কৰা ধুমুহা আৰু পীড়নৰ সময় নহয়। ই দাবী কৰে যে কিশোৰ-কিশোৰীসকলে প্রাপ্তবয়স্কৰ বিশেষাধিকাৰৰ বাবে বর্ধিত আকাংক্ষা বিকশিত কৰে, যেনে স্বায়ত্তশাসন, স্থিতি আৰু ধন। কিশোৰসকলক সাধাৰণতে প্রাপ্তবয়স্কসকলে এনে বিশেষাধিকাৰ প্ৰদান নকৰে আৰু প্ৰায়ে তেওঁলোকক অসম্মান কৰা হয়। সেয়েহে তেওঁলোকে এই পীড়নবোৰক অনুচিত হিচাপে চোৱাৰ সম্ভাৱনা অধিক আৰু শিশু আৰু প্ৰাপ্তবয়স্কৰ তুলনাত বস্তুনিষ্ঠ পীড়ন অনুভৱ কৰাৰ সম্ভাৱনা অধিক। 

সমসাময়িক অধ্যয়নে প্রতিষ্ঠা কৰিছে যে শৈশৱৰ তুলনাত কৈশোৰৰ আৰম্ভণিতে পিতৃ-মাতৃৰ সৈতে বিবাদ বৃদ্ধি হয় আৰু সাধাৰণতে কৈশোৰৰ শেষৰ ফালে হ্ৰাস হোৱাৰ আগতে কেইবছৰমান উচ্চ হৈ থাকে। ক্ৰুছ সংস্কৃতিয়ে দেখুৱাইছে যে বেছিভাগ কিশোৰে তেওঁলোকৰ পিতৃ-মাতৃৰ সৈতে ভালদৰে মিলি যায় আৰু আনকি তেওঁলোকৰ পিতৃ-মাতৃৰ দৃষ্টিভংগী গ্ৰহণ কৰে। তদুপৰি, কান্দেল আৰু লেচাৰে দেখিলে যে কিশোৰ-কিশোৰীসকলে তেওঁলোকৰ সহকৰ্মীসকলৰ তুলনাত তেওঁলোকৰ পিতৃ-মাতৃৰ সৈতে অধিক মতামত প্রকাশ কৰিছে। ইয়াৰ বিপৰীতে, এইটো পৰামৰ্শ দিয়া হৈছে যে কিশোৰ আৰু তেওঁলোকৰ পিতৃ মাতৃৰ মাজত সংঘৰ্ষ প্ৰকৃততে কিশোৰৰ বিকাশৰ বাবে লাভজনক হ’ব পাৰে, কিয়নো ই স্বকীয়তা আৰু স্বায়ত্তশাসনৰ বিকাশত সহায় কৰে। উচ্চসংঘৰ্ষই কিশোৰ আৰু তেওঁলোকৰ পিতৃ-মাতৃৰ বাবে কৈশোৰকালক কঠিন সময় কৰি তুলিব পাৰে যদিও এই বিবাদৰ অৱশেষত লাভালাভ আছে।

ফোকেল তত্ত্বয়ে পৰামৰ্শ দিয়ে যে কিশোৰ-কিশোৰীসকলে এবাৰত কেৱল এজনৰ সৈতে মোকাবিলা কৰি তেওঁলোকৰ সমস্যাবোৰ নিয়ন্ত্ৰণ কৰে। কিশোৰ-কিশোৰীসকলে কেইবাবছৰো ধৰি অভিযোজন কৰাৰ প্ৰক্ৰিয়াটো বিয়পাই দিয়ে, এবাৰত কেৱল এটা সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰে যাতে ইয়াৰ ফলত হোৱা চাপবোৰ এবাৰত কেতিয়াবাহে কেন্দ্রীভূত হয়। সৰু ল’ৰা-ছোৱালী বা বৃদ্ধ বয়সৰ বৃত্তিভোগীসকলে একেধৰণে সমস্যাৰ মোকাবিলা কৰে বুলি কোনো প্রমাণ নাই। এই তত্ত্বটোৱে এইটোও পৰামর্শ দিয়ে যে কিশোৰ-কিশোৰীসকলে এক সক্রিয় ভূমিকা পালন কৰে আৰু বৰ্ণনা কৰে যে কিয় কিছুমান কিশোৰে মোকাবিলা কৰে আনহাতে আন কিছুমানে একে সংখ্যক সংকট থকা স্বত্ত্বেও খাপ খোৱাত ব্যর্থ হয়। কৈশোৰৰ পৰম্পৰাগত তত্ত্বৰ বিপৰীতে, ফোকেল তত্ত্বৰ অভিজ্ঞতামূলক প্ৰমাণৰ ওপৰত আধাৰিত হোৱাৰ সুবিধা আছে। ইয়াৰ স্বপ্নেও, এবাৰত এটা সমস্যাৰ সৈতে মোকাবিলা কৰাটোৱে স্থিৰতা সুচিত নকৰে কোলমেন, ১৯৭৮। কোলমেনৰ দাবী পৰীক্ষা কৰিবলৈ অধিক প্ৰমাণৰ প্রয়োজন আছে, বিশেষকৈ প্ৰাঘিমাংশ অধ্যয়নৰ পৰা।

কিশোৰ অৱস্থা সঁচাকৈয়ে ধুমুহা আৰু পীড়নৰ সময় বুলি দাবী কৰাটো কিশোৰৰ বিকাশৰ বহুতো তত্ত্বৰ ওপৰত আধাৰিত প্ৰতিটো তত্ত্বই কৈশোৰৰ অস্থিৰতাৰ আধাৰৰ বাবে এক অনন্য ব্যাখ্যা আগবঢ়ায়, সেয়া যৌন, জ্ঞানীয়, বা সামাজিক প্রত্যাহ্বান যেনে চিকিৎসাত কিশোৰৰ অধ্যয়নৰ ওপৰত আধাৰিত, যি যুৱসকলক প্রতিনিধিত্ব কৰে। ইয়াৰ বিপৰীতে, কৈশোৰত বিকাশৰ বৃহত্তৰ পৰিমাণৰ অধ্যয়ন যি স্বাভাৱিক কিশোৰ- কিশোৰীসকলৰ ওপৰত গুৰুত্ব দিছে, এই সিদ্ধান্তত উপনীত হৈছে যে অস্থিৰতা তুলনামূলকভাৱে অস্বাভাৱিক।

26. কৈশোৰৰ মানসিক ৰোগৰ বিপদাশংকাৰ কাৰকবোৰ কি কি? (What are the risk factors in adolescence mental illness?) 

উত্তৰঃ কিছুমান কিশোৰৰ মানসিক ৰোগ হোৱাৰ আশংকা আনতকৈ অধিক হয়, যাৰ ভিতৰত আছে পদার্থ ব্যৱহাৰৰ বিকাৰ। পদার্থ অপব্যৱহাৰ আৰু মানসিক স্বাস্থ্য সেৱা প্ৰশাসনৰ মতে, বিপদাশংকাৰ কাৰকবোৰৰ ভিতৰত আছে আনুবংশিক, জৈৱিক, পাৰিপাৰ্শ্বিক আৰু সাংস্কৃতিক বিবেচনা।

(ক) আনুবংশিকঃ মানসিক ৰোগৰ পাৰিবাৰিক ইতিহাসই শিশুৰ বিকাশৰ আশংকা বৃদ্ধি কৰিব পাৰে, অৱশ্যে মানসিক ৰোগ থকা বেছিভাগ লোকৰ একে মানসিক ৰোগ থকা আত্মীয় নাথাকে।

(খ) চাপঃ দীর্ঘম্যাদী চাপৰ ফলত উদ্বেগ আৰু হতাশা হ’ব পাৰে আৰু পদাৰ্থৰ অপব্যৱহাৰৰ বাবে ই এক মুখ্য বিপদাশংকাৰ কাৰক ।

(গ) পৰিচয়ৰ সমস্যাঃ যিসকল কিশোৰে তেওঁলোকৰ লিংগ পৰিচয় বা যৌন অভিমুখীতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে তেওঁলোকৰ উদ্বেগ আৰু হতাশাৰ অধিক বিপদাশংকা থাকিব পাৰে, বিশেষকৈ যদি তেওঁলোকৰ সমাজত তেওঁলোকৰ পৰিয়ালৰ সমৰ্থন নাথাকে। 

(ঘ) পাৰিবাৰিক বিকাৰঃ এক অকাৰ্যকৰী বা বিশৃংখল ঘৰুৱা জীৱনৰ ফলত মানসিক ৰোগৰ লক্ষণ দেখা দিব পাৰে। জনস্বাস্থ্যৰ সামাজিক কৰ্ম আলোচনীখনৰ এটা প্ৰৱন্ধ অনুসৰি যদি পিতৃ-মাতৃৰ পদাৰ্থৰ অপব্যৱহাৰৰ সমস্যাৰ ফলত এই বিকাৰ হয় তেনেহ’লে এয়া বিশেষভাৱে সঁচা। আসক্তিৰ সৈতে যুঁজি থকা অভিভাৱকৰ সৈতে বাস কৰা শিশুৰ স্বাস্থ্যকৰ সহকৰ্মী সম্পর্ক গঢ়ি তোলাত, বিদ্যালয়ত সমস্যা অনুভৱ কৰা আৰু মানসিক ৰোগ হোৱাত অসুবিধা হ’ব পাৰে। পদার্থ ব্যৱহাৰৰ বিকাৰ হোৱাৰ বিপদাশংকাও সিহঁতৰ আছে। 

(ঙ) অন্যান্য ৰোগঃ বিকাশগত অক্ষমতা আৰু দীৰ্ঘম্যাদী চিকিৎসকীয় স্থিতি থকা যুৱক-যুৱতীসকলৰ উদ্বেগ বা হতাশা হ’ব পাৰে। পদাৰ্থ ব্যৱহাৰৰ সমস্যা এটা বিকশিত হোৱাৰ বাবে তেওঁলোকৰ বিপদাশংকাও বৃদ্ধি পাইছে।

(চ) দৰিদ্ৰতাঃ দৰিদ্ৰ পৰিয়ালৰ কিশোৰ-কিশোৰীসকলে যথেষ্ট চাপ অনুভৱ কৰিব পাৰে আৰু দৰিদ্ৰতাৰ সৈতে অহা নিৰাপত্তাহীনতা আৰু অনিশ্চয়তাৰ ফলত মানসিক ৰোগ হ’ব পাৰে।

(ছ) কিশোৰ ন্যায় প্ৰণালীত জড়িত হোৱাঃ ন্যায় ব্যৱস্থাত কিশোৰ-কিশোৰীসকলৰ বিশেষকৈ ছোৱালী- প্রণালীটোত নথকা সকলৰ তুলনাত মানসিক ৰোগ আৰু পদাৰ্থ ব্যৱহাৰৰ বিকাৰৰ লক্ষণ বিকশিত হোৱাৰ আশংকা যথেষ্ট বেছি।

(জ) পদাৰ্থৰ অপব্যৱহাৰঃ ড্রাগ আৰু সুৰাৰ অপব্যৱহাৰৰ ফলত মস্তিষ্কৰ কাৰ্যক্ষমতা সলনি হয় যাৰ ফলত উদ্বেগ আৰু হতাশাৰ দৰে মানসিক ৰোগ হ’ব পাৰে।

27. বিভিন্ন বয়সত সামাজিক উদ্বেগে শিশুক কেনেদৰে প্ৰভাৱিত কৰে? (How social anxiety impacts the child at different ages.) 

উত্তৰঃ সামাজিকভাৱে উদ্বিগ্ন শিশুৱে কেইবাটাও শাৰীৰিক লক্ষণ যেনে পেটৰ বিষ বা অসুস্থ অনুভৱ কৰাৰ অভিযোগ অনুভৱ কৰে। ইয়াৰ উপৰিও, তেওঁলোকে সামাজিক পৰিস্থিতিত কান্দিব পাৰে, পিতৃ-মাতৃক আঁকোৱালি ল’ব পাৰে, পিতৃ-মাতৃক থাকিবলৈ অনুৰোধ কৰিব পাৰে। এই শিশুসকলে আনকি সামাজিক কার্যকলাপত অংশগ্রহণ কৰিবলৈ বা বিদ্যালয়ত পঢ়িবলৈ অস্বীকাৰ কৰিব পাৰে। তেওঁলোকে কিছুমান পৰিস্থিতিত কথা নক’বও পাৰে যেনে নতুন বা অচিনাকি লোকক লগ পোৱাৰ সময়ত। আনকি শিশুৱে সফলতাৰে ওপৰোক্ত কার্যকলাপ আৰু দাবীবোৰত লিপ্ত হ’লেও, ই কোনো হুলস্থূল বা কাজিয়া অবিহনে নহয়, প্রায়ে শিশুটোৰ চকুপানী আৰু পিতৃ-মাতৃয়ে বিচলিত, দোষী আৰু আনকি খং অনুভৱ কৰে।

কিশোৰ আৰু যুৱ প্রাপ্তবয়স্কসকল সাধাৰণতে অধিক আত্ম-কেন্দ্রীভূত হয় আৰু নিজৰ বিষয়ে কঠোৰ নেতিবাচক চিন্তা কৰে। কিশোৰসকলে প্ৰায়ে শিক্ষাবিদসকলৰ সৈতে সংগ্রাম কৰে কিয়নো তেওঁলোকে শ্রেণীত সম্পূৰ্ণৰূপে অংশগ্ৰহণ কৰিবলৈ আৰু মৌখিক প্ৰকল্পত জড়িত হ’বলৈ অক্ষম হয়। অৱশেষত, অত্যাধিক সামাজিক ভয় বা বিৰক্তিৰ বাবে কিশোৰ-কিশোৰীসকলে একেলগে ফুৰিব যোৱাত সমস্যা হ’ব পাৰে বা কৰ্মক্ষেত্ৰত সমস্যাৰ সম্মুখীন হ’ব পাৰে যেনে— চাকৰিৰ সাক্ষাৎকাৰত অসুবিধা আৰু সহকৰ্মী আৰু মালিকৰ সৈতে বাৰ্তালাপ কৰা । দুর্ভাগ্যবশতঃ, সকলো শিশু আৰু কিশোৰে এইটো বুজিব নোৱাৰে যে পৰিস্থিতিগত দাবীৰ বাবে তেওঁলোকৰ উদ্বিগ্ন সঁহাৰি অযৌক্তিক হ’ব পাৰে, যাৰ ফলত পিতৃ-মাতৃয়ে তেওঁলোকৰ সন্তানক বেলেগ দৃষ্টিভংগী ল’বলৈ আৰু তেওঁলোকৰ ভয়ৰ সন্মুখীন হ’বলৈ সাহস লাভ কৰিবলৈ উৎসাহিত কৰাটো কঠিন হৈ পৰে।

28. কৈশোৰৰ শাৰীৰিক বিকাশৰ প্ৰয়োজনীয়তা কি? (What is the physiological need of adolescence?)

উত্তৰঃ কৈশোৰত দ্রুত শাৰীৰিক পৰিৱৰ্তনৰ প্ৰক্ৰিয়াক যৌৱন বুলি কোৱা হয়। ই ক্রমান্বয়ে আৰম্ভ হয় ছোৱালীৰ বাবে প্ৰায় দহ বছৰৰ পৰা আৰু ল’ৰাৰ বাবে তেৰ বছৰৰ পৰা। বেছিভাগ দেশত যৌৱন আৰম্ভ হোৱা বয়স হ্রাস পাইছে সম্ভৱতঃ উন্নত পুষ্টি আৰু বহিৰাগত জীৱন শৈলীৰ বাবে। সেয়েহে, কিশোৰ-কিশোৰীসকলে সোনকালে যৌবনপ্রাপ্ত কৰিব পাৰে। শৰীৰত হৰমন, ৰাসায়নিক পদার্থ যি নিৰ্দিষ্ট অঙ্গ আৰু কোষকলাৰ ওপৰত কাম কৰে, যৌৱনৰ শাৰীৰিক পৰিৱৰ্তন আৰম্ভ কৰে। শাৰীৰিক পৰিৱৰ্তনৰ বাবে দায়বদ্ধ হৰমন পৰিৱৰ্তনবোৰ প্ৰকৃততে কিছু বছৰ আগতে আৰম্ভ হয় আৰু ইয়াৰ ফলত মনোভাৱ আৰু অস্থিৰতাৰ সময় সৃষ্টি হ’ব পাৰে। ছোৱালীৰ এই পৰিৱৰ্তনবোৰ ল’ৰাতকৈ আগত আৰম্ভ হয় আৰু প্ৰথম তিনি বা চাৰি বছৰৰ বাবে অধিক দ্রুততাৰে পৰিপক্ক হোৱা দেখা যায়। সম্ভৱতঃ যৌৱনৰ নাটকীয় পৰিৱৰ্তনত প্ৰজনন অঙ্গৰ পৰিৱৰ্তন অন্তৰ্ভুক্ত থাকে। ল’ৰা আৰু ছোৱালীৰ ক্ষেত্ৰত প্ৰাথমিক আৰু গৌণ যৌন বৈশিষ্ট্যবোৰ সাধাৰণতে এক অনুমানযোগ্য ক্রমত উদ্ভৱ হয়। অৱশ্যে, সহকৰ্মীসকলৰ পৃথক বৃদ্ধি আৰু বিকাশৰ পাৰস্পৰিক পাৰ্থক্যৰ ফলত কিশোৰ-কিশোৰীসকলৰ ক্ষেত্ৰত যথেষ্ট উদ্বেগ হ’ব পাৰে যিবোৰ নিম্নলিখিত এককবোৰত আলোচনা কৰা হয়। 

এনে চিন্তাৰ এটা হ’ল শৰীৰৰ প্ৰতিচ্ছবি বিকাশ আৰু কিশোৰসকলৰ আত্মসম্মানৰ ওপৰত ইয়াৰ প্ৰভাৱ। শৰীৰৰ প্রতিচ্ছবি হৈছে এজনে এজনৰ শৰীৰক অনুভৱ কৰাৰ ধৰণ। কিশোৰসকলে কৰা আকস্মিক পৰিৱৰ্তনবোৰে তেওঁলোকক তেওঁলোকৰ শৰীৰৰ প্ৰতি তীব্ৰভাৱে সচেতন কৰি তোলে। এইটো আচৰিত নহয় যে, এই পৰিৱৰ্তনবোৰৰ পৃথক গতিৰ সৈতে কিছুমান কিশোৰ-কিশোৰীয়ে তেওঁলোকৰ শৰীৰৰ প্ৰতিচ্ছবি আৰু চেহেৰাৰ বিষয়ে যথেষ্ট চিন্তিত হৈ পৰে। কিশোৰ- কিশোৰীসকলে উত্তৰাধিকাৰীৰ শৰীৰৰ প্ৰতি অসন্তুষ্ট অনুভৱ নকৰাতকৈ অধিক সঘনাই অনুভব কৰিব। এইটো তেওঁলোকৰ শৰীৰত প্ৰচলিত সামাজিক নিয়ম। তেওঁলোকৰ শৰীৰৰ প্ৰতিচ্ছবিৰ প্রতি এই সন্তুষ্টি বা অসন্তুষ্টিয়ে কিশোৰৰ আত্মসম্মানত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আত্মসম্মান হৈছে মানুহ হিচাপে নিজৰ প্ৰতি সম্মান আৰু সমাজৰ ভিতৰত নিজৰ ব্যক্তিগত মূল্য আৰু স্থানৰ অনুভূতিৰ এক পৰিমাপ। এজন ব্যক্তিয়ে নিজকে যিদৰে গুৰুত্ব দিয়ে সেয়া এজনৰ আচৰণক প্ৰভাৱিত কৰিব। শক্তিবোৰ চিনাক্ত কৰি আৰু সেইবোৰ ব্যৱহাৰ কৰি সম্ভাৱনা গঢ়াৰ ওপৰত গুৰুত্ব দিব লাগিব। ইতিবাচক আত্ম-ধাৰণা আৰু উচ্চ আত্ম-সন্মান হৈছে দায়িত্বশীল আচৰণৰ আধাৰ।

29. কৈশোৰৰ আৱেগিক প্রয়োজনীয়তা আৰু উদ্বেগ কি? (What is the emotional need and concerns of adolescence?)

উত্তৰঃ কৈশোৰ কাল হৈছে এক আৱেগিক পৰিৱৰ্তনৰ সময়। শৈশৱৰ তুলনাত তেওঁলোকে তেওঁলোকৰ মাক-দেউতাকক সর্বজ্ঞ বা সর্বশক্তিমান হিচাপে নাচায় আৰু প্ৰায়ে তেওঁলোকৰ পিতৃ-মাতৃৰ বিৰুদ্ধে শক্তিশালী আৱেগ বিকশিত কৰে আৰু পৰিয়ালৰ বাহিৰৰ সম্পৰ্কত যথেষ্ট আৱেগিক শক্তিয়ে আৱৰি থাকে।

এটা মুহূৰ্তত তেওঁলোকে ভাবিব পাৰে যে তেওঁলোকৰ শিক্ষক, অভিভাৱকসকল সর্বশ্রেষ্ঠ আৰু আন সময়ত তেওঁলোকে তেওঁলোকক আটাইতকৈ বেয়া বুলি ভাবে। কাৰোবাৰ প্ৰতি চৰম মৰম আৰু আন কিছুমানৰ প্ৰতি অত্যাধিক ঘৃণা অনুভৱ কৰে। 

প্ৰেমৰ প্ৰতি আকাংক্ষা আৰু প্ৰেমৰ অনুভূতিয়ে তেওঁলোকক ভাবিবলৈ বাধ্য কৰিব পাৰে যে মোহ, আকৰ্ষণ আৰু কামনা প্ৰেমৰ বাহিৰে আন একো নহয় আৰু সামঞ্জস্যৰ বিষয়বোৰ বিবেচনা নকৰাকৈ তেওঁলোকক প্ৰথম দৰ্শনত প্ৰেমত পেলাব পাৰে। যুৱ লোক আৰু ৰোমাঞ্চকৰ কাৰ্যকলাপ বিপজ্জনক হ’ব পাৰে, যাৰ ফলত দ্রুত গতিত গাড়ী চলোৱাত মাৰাত্মক দুর্ঘটনা ঘটিব পাৰে।

কিশোৰ-কিশোৰীসকলক সংগীত, ক্রীড়া বা অন্যান্য কার্যকলাপত তেওঁলোকৰ উত্তেজনা বিচাৰি উলিওৱাত সহায় কৰে, য’ত যথেষ্ট শক্তি অন্তর্ভুক্ত থাকে কিন্তু সামান্য প্রকৃত শাৰীৰিক বিপদাশংকাই বহুতো কিশোৰ-কিশোৰীক ক্ষতিকাৰক পৰিণামৰ পৰা ৰক্ষা কৰিব।

30. কৈশোৰৰ আচৰণগত প্ৰয়োজনীয়তা আৰু উদ্বেগবোৰ বৰ্ণনা কৰা । (Explain the behavioral needs and concerns of adolescence.) 

উত্তৰঃ মনো-সামাজিক দক্ষতাৰ বিকাশৰ সৈতে, কিশোৰ সকলে তেওঁলোকৰ সামঞ্জস্য আৰু দক্ষতা পৰীক্ষা কৰা আৰম্ভ কৰে। প্ৰাপ্তবয়স্ক হোৱাৰ দিশে তেওঁলোকৰ যাত্ৰাত তেওঁলোকে চাৰিওফাল আৰু সমাজৰ মূল্যবোধ আৰু নিৰ্মাণক প্ৰত্যাহ্বান জনাই পৰীক্ষা-নিৰীক্ষা আৰু নতুন আচৰণৰ অন্বেষণ আৰম্ভ কৰে। কিশোৰসকলৰ বিকাশ প্ৰক্ৰিয়াৰ এই পৰ্যায়টোৱে কিশোৰ আৰু তেওঁলোকৰ পিতৃ-মাতৃ দুয়োৰে পৰা ইজনে সিজনৰ আচৰণৰ বিষয়ে অভিযোগ কৰে। অভিভাৱকসকলে প্রায়ে অনুভৱ কৰে যে তেওঁলোকে তেওঁলোকৰ সন্তানৰ ওপৰত যিকোনো ধৰণৰ নিয়ন্ত্ৰণ বা প্ৰভাৱ হেৰুৱাইছে। কিশোৰ-কিশোৰীসকলে বিচাৰে যে তেওঁলোকৰ পিতৃ এত নিয়ম আৰু সীমাৰ বিষয়ে স্পষ্ট আৰু স্থিৰ হওঁক, কিন্তু একে সময়তে তেওঁলোকৰ বৰ্ধিত স্বাধীনতা আৰু নিজৰ বাবে সিদ্ধান্ত লোৱাৰ সামৰ্থ্যৰ ওপৰত যিকোনো প্রতিবন্ধকতাৰ প্ৰতি বিৰক্তি কৰিব পাৰে।

(ক) পৰীক্ষা-নিৰীক্ষা আৰু অন্বেষণঃ কৈশোৰ হৈছে সেই সময় যেতিয়া মানুহে প্ৰথমে পৃথিৱীৰ বিষয়ে শিকিবলৈ আৰু তেওঁলোকৰ স্থান বিচাৰিবলৈ আন্তৰিকতাৰে আৰম্ভ কৰে। এইটো সম্পূৰ্ণ স্বাভাৱিক উন্নয়নমূলক সমস্যা।

(খ) নিৰ্দেশনাৰ বাবে স্বাধীনতা বনাম নিৰ্ভৰশীলতাঃ স্বতন্ত্ৰ অৰ্থ হৈছে সিদ্ধান্ত ল’বলৈ সক্ষম হোৱা আৰু এক বিচক্ষণ কাৰ্যপন্থা বাছনি কৰা। সমসাময়িক সমাজত এয়া এক বিশেষভাৱে গুৰুত্বপূৰ্ণ সামর্থ্য, য’ত বহুতো কিশোৰ- কিশোৰীক কম বয়সতে স্বতন্ত্র সিদ্ধান্ত ল’বলৈ বাধ্য কৰা হয়। সাধাৰণতে, গৱেষকসকলে দেখিছে যে কিশোৰ-কিশোৰীসকলৰ সময়ত সিদ্ধান্ত লোৱাৰ সামৰ্থ্য উন্নত হয়। 

এই স্বতন্ত্ৰ আচৰণৰ ফলত এক দুষ্ট চক্ৰ হ’ব পাৰে— কিয়নো প্ৰতিটো আচৰণৰ ফলত মানসিক প্ৰভাৱ পৰে যাৰ ফলত অধিক দুৰ্বলতা আৰু অধিক উচ্চ বিপদাশংকাৰ আচৰণ হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top