Bikhekh Lekhakh Unit 3 বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য

Bikhekh Lekhakh Unit 3 বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Bikhekh Lekhakh Unit 3 বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Bikhekh Lekhakh Unit 3 বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য Question Answer can be of great value to excel in the examination.

Bikhekh Lekhakh Unit 3 বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য

Join Telegram channel

Bikhekh Lekhakh Unit 3 বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য Notes cover all the exercise questions in UGC Syllabus. Bikhekh Lekhakh Unit 3 বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য

ASSAMESE

(বিশেষ লেখক)

অতি চমু প্রশ্নোত্তৰঃ

১। কোন চনত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম হয় ?

উত্তৰঃ ১৯২৪ চনৰ ১৪ অক্টোবৰত।

২। তেওঁৰ জন্ম ক’ত হয় ?

উত্তৰঃ চফ্ৰাই চাহ বাগিচাত।

৩। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ দুখন উল্লেখযোগ্য উপন্যাসৰ নাম লিখা ?

উত্তৰঃ “মৃত্যুঞ্জয়” আৰু “ঈয়াৰুইঙ্গম”।

৪। জ্ঞানপীঠ বঁটা প্ৰাপ্ত প্ৰথমজন অসমীয়া কোন ?

উত্তৰঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।

৫। কোন চনত তেওঁ জ্ঞানপীঠ বঁটা লাভ কৰে ?

উত্তৰঃ ১৯৭৯ চনত।

৬। কোনখন উপন্যাসৰ বাবে তেওঁ জ্ঞানপীঠ বঁটা লাভ কৰে ?

উত্তৰঃ “মৃত্যুঞ্জয়”।

৭। কোন চনত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই সাহিত্য অকাডেমি বঁটা লাভ কৰে ?

উত্তৰঃ ১৯৬৭ চনত।

৮। তেওঁৰ কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমী বঁটা আৰু লাভ কৰে ?

উত্তৰঃ “ঈয়াৰুইঙ্গম”।

৯। “ঈয়াৰুইঙ্গম”ৰ ইংৰাজী অনুবাদখনৰ নাম কি ?

উত্তৰঃ “Love is the Time of Insurgency”.

১০। কোন চনত “Love is the Time of Insurgency” প্ৰকাশ হয় ?

উত্তৰঃ ২০০৫ চনত।

১১। কোন চনত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই “অসম সাহিত্য সভা”ৰ সভাপতিৰ আসন শুৱনি কৰিছিল ?

উত্তৰঃ ১৯৮৩-১৯৮৫ চনত।

১২। ভট্টাচাৰ্যৰদেৱে ক’ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ?

উত্তৰঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা, ১৯৫৩ চনত (ব্যক্তিগতভাৱে)।

১৩। কোন চনত তেওঁ ডক্টৰেট ডিগ্ৰী লাভ কৰে ?

উত্তৰঃ ১৯৭৭ চনত।

১৪ । বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ গৱেষণাৰ বিষয় কি আছিল ?

উত্তৰঃ “অসমীয়া সাহিত্যত ব্যংগ আৰু হাস্যৰস”।

১৫। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি ?

উত্তৰঃ “সান্ধ্যস্বৰ”(১৯৯০)।

১৬। ভট্টাচাৰ্যদেৱৰ এখন গল্পপুথিৰ নাম লিখা ।

উত্তৰঃ “কলং আজিও বয়” (১৯৬২)।

১৭। ভট্টাচাৰ্যদেৱৰ “মৃত্যুঞ্জয়” উপন্যাসখন কোন চনত প্ৰকাশ পায় ?

উত্তৰঃ ১৯৭০ চনত।

১৮। “অসম সাহিত্য সভা”ৰ কোনখন অধিৱেশনত ভট্টাচাৰ্যদেৱে‌ সভাপতিত্ব কৰিছিল ?

উত্তৰঃ বঙাইগাঁও অধিৱেশনত।

১৯। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য কোনখন আলোচনীৰ সম্পাদক আছিল ?

উত্তৰঃ “ৰামধেনু” (১৯৫২)।

২০। ভট্টাচাৰ্যদেৱ কোনখন আলোচনীৰ সহকাৰী সম্পাদৰ আছিল ?

উত্তৰঃ “বাঁহী” (১৯৪৫)।

২১। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কোনখন বিদ্যালয়ত শিক্ষকতা কৰিছিল ?

উত্তৰঃ ওখল হাইস্কুল (১৯৫১-৫২)। 

২২। ভট্টাচাৰ্যদেৱৰ দ্বাৰা ৰচিত “মৃত্যুঞ্জয়” উপন্যাসখনৰ পটভূমি কি আছিল ?

উত্তৰঃ ৪২ ৰ গণ আন্দোলনৰ পটভূমিত লিখা।

২৩। “প্ৰতিপদ” ৰচক কোন ?

উত্তৰঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।

২৪। কোন চনত “ৰাজপথে ৰিঙিয়াই” উপন্যাসখন ৰচনা কৰা হয় ?

উত্তৰঃ ১৯৫৫ চনত।

২৫। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ দ্বাৰা চীনা আক্ৰমণৰ পটভূমিত ৰচিত উপন্যাসখনৰ নাম কি ? 

উত্তৰঃ “শতাঘ্নী”।

২৬। কোন চনত “শতাঘ্নী” উপন্যাসখন ৰচনা কৰা হয় ?

উত্তৰঃ ১৯৬৪ চনত।

২৭। ভট্টাচাৰ্যদেৱৰ উপন্যাসৰ মূল বৈশিষ্ট্য কি ? 

উত্তৰঃ বৰ্ণনাৰ সংযম আৰু সংৰক্ষণশীল দৃষ্টিভংগী।

২৮। কোন দুখন উপন্যাসৰ দ্বাৰা ভট্টাচাৰ্যদেৱে ঔপন্যাসিকৰূপে আত্ম প্ৰতিষ্ঠা লাভ কৰিছে ?

উত্তৰঃ “আই” আৰু “ঈয়াৰুইঙ্গম”।

২৯। কোন চনত “আই” উপন্যাস ৰচনা কৰা হয় ?

উত্তৰঃ ১৯৬০ চনত।

৩০। কোন চনত ভট্টাচাৰ্যদেৱৰ মৃত্যু হয় ?

উত্তৰঃ ১৯৯৭ চনৰ ৬ আগষ্টত।

চমু আৰু ৰচনধৰ্মী প্ৰশ্নোত্তৰঃ 

প্ৰশ্নঃ ১। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ চমু পৰিচয় দিয়া ।

উত্তৰঃ ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম হৈছিল ১৯২৪ চনৰ ১৪ অক্টোবৰ তাৰিখে। যোৰহাটৰ পৰা মেট্ৰিকুলেচন পাছ কৰি তেওঁ কটন কলেজত বিজ্ঞান শাখাত পঢ়ে আৰু ১৯৪২ চনত পঢ়া এৰি ভাৰত ত্যাগ আন্দোলনত জড়িত হৈ পৰে। ইয়াৰ পিছত ১৯৪৫ চনতহে পুনৰ তেখেত স্নাতক বিজ্ঞান ডিগ্ৰী লাভ কৰি কলিকতাত পঢ়িবলৈ যায়। পিছত গুৱাহটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ আৰু ১৯৭৭ চনত ডক্টৰেট ডিগ্ৰী লাভ কৰে। কিন্তু ১৯৪৬ চনত কলিকতাৰ সাম্প্ৰদায়িক উত্তেজনাত বন্ধু কবি অমূল্য বৰুৱাক হত্যা কৰা ঘটনাত তেওঁ বেছি মানসিক আঘাত পাই গুৱাহাটীলৈ উভতি আহে আৰু এমাহ দুখ আৰু হতাশাত কটাই শেষত সাংবাদিক তথা সহ-সম্পাদক হিচাপে “নতুন অসমীয়া”ত যোগ দিয়ে। শৈশৱৰ পৰা সাধাৰণ মানুহৰ দুখ, দৰিদ্ৰতা, নিৰ্যাতন, নিপীড়ন অতি ওচৰৰ পৰা তেওঁ দেখিছিল কিয়নো তেওঁৰ জন্ম চাহ-বাগিছাত হৈছিল। সেয়েহে সেইবোৰ তেওঁৰ মনস্তত্বত গভীৰ প্ৰভাৱ পেলাইছিল। আনহাতে ঘৰৰ অৱস্তাও ভাল নাছিল। সেয়েহে গোটেই জীৱন জুৰি তেখেতে সমাজবাদী আদৰ্শৰে এনে লোকৰ পক্ষত কলমেৰে প্ৰতিবাদী হৈ লিখিবলৈ লয়। তেওঁ এবাৰ কৈছিল সকলো বিদ্ৰোহী মানুহৰ লগত মই এগৰাকী চিৰ বিদ্ৰোহী লেখক। “প্ৰতিপদ” উপন্যাসত তেখেতে তৈলক্ষেত্ৰৰ শ্ৰমিকৰ আন্দোলনৰ সপক্ষে লিখে। প্ৰথমবাৰলৈ তেখেতে উত্তৰ পূৰ্বাঞ্চলৰ জনজাতি, সাধাৰণ খাটি খোৱা মানুহৰ সংগ্ৰাম, শ্ৰমজীৱী লোকৰ সংগ্ৰামত উপন্যাস, নাটক, চুটিগল্পৰ কাহিনীৰ মাজলৈ আনি অসমীয়া সাহিত্য চিন্তা ভাৰতমুখী ৰূপ আৰু বিশ্বমুখী‌ ধাৰাৰ সংযোগ স্থাপন কৰে। অসমীয়া সাহিত্যৰ এই নতুন গতিধাৰা সৃষ্টিৰ বাবে তেখেতে ভাৰতীয় সাহিত্যত জিলিকি উঠে। লেখক হিচাপে তেওঁৰ আন এটা বিশেষ গুণ হ’ল গান্ধীবাদী বিচাৰ আৰু জীৱনবোধ। 

তেখেত আছিল একেধাৰে সাংবাদিক, নাট্যকাৰ (বিহু কেইখন ৰেডিঅ’ নাট লিখে), ঔপন্যাসিক, চুটিগল্পকাৰ, কবি, নিবন্ধকাৰ। তেখেতৰ “ঈয়াৰুইঙ্গম” উপন্যাসৰ বাবে ১৯৬০ চনত সাহিত্য অকাডেমি বঁটা আৰু ১৯৭৯ চনত ভাৰতবৰ্ষৰ স্বাধীনতাৰ পটভূমিত নগাঁও কামপুৰ অঞ্চলৰ সংগ্ৰামী ঐতিহ্যৰ ওপৰত লিখা ২৯০ পৃষ্ঠাৰ অতি জনপ্ৰিয় উপন্যাস “মৃত্যুঞ্জয়”ৰ বাবে ভাৰতৰ সৰ্বোচ্চ সাহিত্য সন্মান “জ্ঞানপীঠ বঁটা” লাভ কৰে। ১৯৮৩-৮৫ চনলৈ অসম সাহিত্য সভাৰ সভাপতি পদ অলঙ্কৃত কৰা বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱে প্ৰথম গৰাকী অসমীয়া হিচাপে জ্ঞান‌পীঠ পুৰস্কাৰ পোৱাৰ উপৰিও প্ৰথম গৰাকী অসমীয়া হিচাপে সাহিত্য অকাডেমিৰ সভাপতিৰ পদ অলঙ্কৃত কৰি ভাৰত সভাত উজ্বলি উঠে।

ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কৈছিল যে ভাৰতীয় সাহিত্যত ভাৰতীয় মাটি, মানুহ, সমাজ আৰু সংস্কৃতিৰ প্ৰতিফলন থাকিব লাগিব (Indian Literary Thinking)। লেখকসকল সদায় Voice of the voiceless people হ’ব লাগিব। পশ্চিমৰ অধ্যয়ন লাগে, অন্ধ অনুকৰণ নালাগে। মামণি ৰয়ছম গোস্বামীৰ মতে ভট্টাচাৰ্যদেৱৰ পৰা নতুন লেখকে শিকিব লগা দুটা প্ৰধান কথা হ’ল সদায় এজন লেখক সমাজৰ উপেক্ষিত লোকৰ মানৱীয় উত্তৰণৰ পক্ষত স্থিতপ্রজ্ঞ হৈ থাকিব লাগে আৰু সকলো সমস্যাতে নিৰন্তৰ সাহিত্য সৃষ্টি কৰি যাব লাগে। তেখেতে বহু সমস্যাৰ মাজত নিয়মীয়া চৰ্চা অব্যাহত ৰাখে। ভট্টাচাৰ্যৰ মতেও লেখকসকল আঞ্চলিক-সামাজিক বাস্তৱতাৰ পক্ষত থকাৰ লগতে সম্পূৰ্ণ বাস্তৱতাৰ পক্ষটো থাকিব লাগিব। জীৱন আৰু মানৱীয়তা, শান্তি আৰু একতাৰ লগতে বঞ্চিত মানুহৰ সামাজিক উত্তৰণ আছিল লেখকৰ সৃষ্টি আৰু জীৱন আদৰ্শ। এইগৰাকী মহান সাহিত্যিকৰ ১৯৯৭ চনত ৬ আগষ্টত ৭৩ বছৰ বয়সত মৃত্যু হয়।

প্ৰশ্নঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱৰ সাহিত্যকৃতিসমূহ কি কি ?

উত্তৰঃ বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্য আছিল অসমীয়া ভাষাৰ এজন গল্পকাৰ ঔপন্যাসিক, কবি, নিবন্ধকাৰ আৰু সাংবাদিক। 

তেখেতৰ সাহিত্যকতিসমূহ হ’ল–

(ক) উপন্যাসঃ “ৰাজপথে ৰিঙিয়াই” (১৯৫৬), “আই” (১৯৬০), “ঈয়াৰুইঙ্গম” (১৯৬১), “প্ৰতিপদ”, “শতঘ্নী” (১৯৬৪), “মৃত্যুঞ্জয়” (১৯৭০) “চিনাকি সুঁতি” (১৯৭১), “বল্লৰী” (১৯৭৩), “ডাইনী” (১৯৭৬), “ৰঙা মেঘ” (১৯৭৬), “মুনিচুনিৰ পোহৰৰ” (১৯৭৯), “কবৰ আৰু ফুল” (১৯৭২), “বুঢ়ী আইতাৰ পুৰাণ”(১৯৯৩)।

(খ) গল্পপুথিঃ “কলং আজিও বয়” (১৯৬২), “সাতসৰী” (১৯৬৩), “খিৰিকী কাষৰ আসন”(১৯৯৪)।

(গ) কবিতাপুথিঃ “সান্ধ্যস্বৰ” (১৯৯০)।

(ঘ) অন্যান্য গ্ৰন্থঃ “ডেৰশ বছৰৰ অসমীয়া সংস্কৃতিত অভুমুকি”, “সংবাদ সাহিত্য”, “অসমীয়া সাহিত্যত হাস্যৰস”, “চীনত কি দেখিলোঁ”, “বহিয়া যাত্ৰা”।

প্ৰশ্নঃ ৩। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ শিক্ষা জীৱন সম্পৰ্কে চমুকৈ লিখা ।

উত্তৰঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই ছফ্ৰাই প্ৰাইমাৰী স্কুল, কাকজান এম. ই. স্কুত, যোৰহাট হাইস্কুলৰ পৰা ১৯৪১ চনত মেট্ৰিকুলেচন পাছ কৰে। তাৰ পাছত কটন মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত ক্ৰমে ১৯৪৩ চনত উচ্চতৰ মাধ্যমিক আৰু ১৯৪৫ চনত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৫১ চনত বি. এ. পাছ কৰাৰ পাছত তেওঁ ব্যক্তিগতভাৱে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ১৯৫৩ চনত। ইয়াৰ পাছত আকৌ ২৯৭৭ চনত ডক্টৰেট ডিগ্ৰী লাভ কৰে। তেওঁৰ গৱেষণাৰ বিষয় আছিল “অসমীয়া সাহিত্যত ব্যংগ আৰু হাস্যৰস”।

প্ৰশ্নঃ ৪। ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সাহিত্যৰ চমু আলোচনা কৰা ।

উত্তৰঃ ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ একমাত্ৰ কবিতাপুথি “সন্ধ্যাস্বৰ”ত সন্নিৱিষ্ট কবিতাসমূহত সমাজ সচেনতাৰ চিত্ৰ সুন্দৰভাৱে প্ৰতিফলিত হোৱা দেখা যায়। “বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি”, “ক্ৰুছৰ বন্ধুলৈ” আদি কবিতাত প্ৰতিবাদী কণ্ঠস্বৰ সবলভাৱে চিত্ৰিত হৈছে। বলিষ্ঠ শব্দ আৰু স্পষ্ট উপস্থাপন শৈলী তেওঁৰ কবিতাসমূহৰ যোগাত্মক দিশ। তেওঁৰ গল্পৰক্ষেত্ৰত ক’ব পাৰি যে তেওঁৰ গল্পসমূহত মানৱীয়তা আৰু জৈৱিক তাড়না আবেদনশীল ৰূপত প্ৰকাশ পাইছে। তেওঁৰ গল্পসমূহত মানৱ পূজাকে সৰ্বোচ্চ বুলি দেখুওৱা হৈছে। তেওঁৰ আটাইবোৰ গল্পতে গভীৰ মানৱতাবোধ বিভিন্ন ধৰণে প্ৰতিভাত হৈ উঠিছে। ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ উপন্যাসসমূহৰ সমাজবাদী দৃষ্টিভংগী, মানৱতাবোধ, নাৰীৰ প্ৰতি সহানুভূতি, সংকটপূৰ্ণ মূহুর্ত্তত চৰিত্ৰৰ পৰিস্ফুৰণ, জীৱনৰ স্থায়ী সনাতন প্ৰমূল্যৰ প্ৰতি আকৰ্ষণ অতুলনীয়ভাৱে ফুটি উঠিছে। সামাজিক পৰিৱৰ্তন আৰু গতিশীল জীৱনক প্ৰতিফলিত কৰিবলৈ তেওঁ বিপ্লৱৰ, সত্যাগ্ৰহ আদিৰ জৰিয়তে ভাঙোনমুখী সমাজৰ চিত্ৰ সুন্দৰভাৱে চিত্ৰিত কৰিছে। তেওঁৰ “মৃত্যুঞ্জয়”, “আই” আদি উপন্যাসত অসমীয়া সমাজ জীৱনক সুন্দৰভাৱে উপস্থাপন কৰিছে। 

প্ৰশ্নঃ ৫। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত “ঈয়াৰুইঙ্গম” উপন্যাসখনৰ সাৰাংশ লিখা ?

উত্তৰঃ “ঈয়াৰুইঙ্গম” অসমীয়া সাহিত্য জগতৰ লেখক ল’বলগীয়া উপন্যাসসমূহৰ মাজত অন্যতম এখন উপন্যাস। ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য হৈছে এই উপন্যাসৰ ৰচয়িতা। দ্বিতীয় বিশ্বযুদ্ধ আৰু ভাৰতৰ স্বাধীনতা লাভৰ কালছোৱাৰ আগে-পিছে টাংখুল নগা সমাজলৈ অহা বিভিন্ন ঘাট-প্ৰতিঘাটৰ কাহিনী এই উপন্যাসত বৰ্ণিত হৈছে। “ঈয়াৰুইঙ্গম” হৈছে উত্তৰ-পূব ভাৰতৰ জনগোষ্ঠী ভিত্তিক উপন্যাসসমূহৰ মাজত এখন সুকীয়া আসন দখল কৰি থকা উপন্যাস। এই উপন্যাসৰ বাবে ৰচক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱে ১৯৬১ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। উপন্যাসখনি প্ৰথমে প্ৰকাশিত হৈছিল ১৯৬০ চনত। 

উপন্যাসখনৰ মূল চৰিত্ৰ হৈছে চাৰেংলা। ই এটা ঋণাত্মক চৰিত্ৰ। ৰিশ্বাং, খাটিং, ফানিটফাং, নাজেক, ঙাঠিঙখুই, খুটিংলা, ভিডেচেলী, ডাঃব্ৰুক, ইয়েংমাচ, আটিব, খাইখো, এনভি, অমূল্য, অবিনাশ, পিটম্বী, শ্যামলী, চিঞ্চল, জীৱন, কনচেং, বাৰামলা, জেমচ্ জনাথন আৰু চাৰেংলাৰ একমাত্ৰ সাৰথি কুকুৰ আবেই হৈছে উপন্যাসখনৰ চৰিত্ৰ।

“ঈয়াৰুইঙ্গম” মানে ৰাইজৰ শাসন। এটা নগা শব্দ। টাংখুল নগা সমাজৰ কিছু ঘাট-প্ৰতিঘাট, উন্নতি-অৱনতিৰ সম্যক আঁচোৰ পৰিছে ইয়াত। স্বাধীনতা কালছোৱাৰ আগে-পাছে ইংৰাজ শাসনে সমাজত আনে বিৰূপ প্ৰতিক্ৰিয়া আৰু স্বাধীনতা লাভ আশাত উন্মুখ এচাম মানুহৰ নিজৰ মাজতেই টনা-আজোঁৰাত দুৰ্বিষহ হৈ উঠিছে জীৱন। চাৰেংলাৰ আঁত ধৰিয়েই উপন্যাসখনৰ কাহিনীভাগ আগবাঢ়িছে। জাপানী সৈনিক ইশ্বেৱৰাৰ ৰক্ষিত হৈ এবছৰ কাল কটোৱাৰ পিছত ইংৰাজ সেনাৰ প্ৰত্যাৱৰ্তনৰ লগে লগেই চাৰেংলাৰ জীৱনলৈ দুৰ্যোগ নামি আহে। নগা সমাজত পতিতাৰ বাবে কোনো ঠাই নাই। সকলোৰে পুতৌ আৰু ঘৃণাৰ পাত্ৰী হৈ অৱশেষেত চাৰেংলাই অজানিতে ঘটনাচক্ৰত পৰি সঁচা-সচিকৈ পতিত হৈ পৰে। আনহাতে ৰিশ্বাঙে নিজৰ সমাজত শিক্ষাৰ পোহৰ বিলাবলৈ উচ্চ শিক্ষাৰ বাবে কলিকতালৈ গুচি যায়। দেউতাকৰ মৃত্যুৰ খবৰ ল’বলৈ উভতি অহা ৰীশ্বাঙে দাৱিত্ব আৰু কৰ্তব্যৰ পৰা হাত সাৰিব নোৱাৰি পিতৃহন্তা ভাটিঙখুইক ক্ষমা কৰি দিয়াৰ কথাটোৱে নগা সমাজত ৰিশ্বাঙৰ স্থিতি সলনি কৰি দিয়ে। ৰিশ্বাঙেও মানুহৰ মাজত থকা অবাঞ্চিত অসূয়া-অক্ৰোশবোৰ আঁতৰাই শিক্ষাৰ জেউতি বিলাবলৈ মানুহৰ মাজত সজাগতা অনাৰ চেষ্টা কৰে। আনহাতে ভিডেচিলীয়ে মুক্তি বিচাৰি সশস্ত্ৰ সংগ্ৰামৰ পথ বাচি লয়। অপ্ৰকশ্যভাৱেই ৰিশ্বাং আৰু ভিডেচেলীৰ মাজত এখন অলংঘ্য প্ৰাচীৰ গঢ় লৈ উঠে। স্বাধীনতাৰ পাছতো স্বাধীনতাৰ প্ৰকৃত অৰ্থ নুবুজা অশিক্ষিত হোজা মানুহচামৰ অৱস্থা গুৰিয়াল বিহীন নাৱৰ দৰে হৈছে। ভিডেচেলীৰ অনুচৰৰ হাততেই ভনীজোঁৱায়েক জীৱনৰ মৃত্যু হয়। ৰিশ্বাঙো গুৰুতৰভাৱে আহত হয়। অবৈধ হ’লেও নিজৰ মৃত সন্তানৰ দুখ পাহৰাবলৈ আৰু জীৱনৰ অৰ্থ বিচাৰি চাৰেংলাই সাৰথি কৰি লয় জীৱনৰ পুতেক কনচেঙক। প্ৰেমৰ প্ৰত্যাখিত ফানিটভাঙে জীৱনৰ শেষ সময়ত উপলব্ধি কৰে জীৱনৰ মাহাত্ম্য। প্ৰাপ্তিয়েই শেষ কথা নহয়। যি ঘটে তাক সহজভাৱে স্বীকাৰ কৰি ল’ব পৰাটোৱেই জীৱনৰ একমাত্ৰ সাফল্য।

জীৱনটো ক্ষণিকৰ এটা বিস্ময়-স্ফুলিঙ্গৰ দৰে ক্ষন্তেক পৰ প্ৰজ্বলিত হৈ আকৌ সি গুচি যায় কোনো এক অজ্ঞাত অন্ধকাৰৰ ৰাজ্যলৈ। “ঈয়াৰুইঙ্গম”ৰ কাহিনীয়ে তাকেই কৈ যায়। জীৱন মৃত্যুৰ এই লুকা-ভাবুক একমাত্ৰ সহজ পথ হ’ল শান্তি।

প্ৰশ্নঃ ৬। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই ক’ত ক’ত কাম কৰিছিল উল্লেখ কৰা ?

উত্তৰঃ সহকাৰী সম্পাদক–

(ক) বাঁহী (১৯৪৫)।

(খ) দৈনিক অসমীয়া (১৯৪৭-৪৯)।

(গ) Advance (১৯৪৬)।

(ঘ) জনতা (১৯৪৯-৫)

সম্পাদক–

(ক) ৰামধেনু (১৯৫২)।

(খ) সাদিনীয়া নৱযুগ।

শিক্ষকতা– ওখল হাইস্কুল (১৯৫১-৫২)।

প্ৰশ্নঃ ৭। “মৃত্যুঞ্জয়” উপন্যাসখনৰ সাৰাংশ লিখা ।

উত্তৰঃ অসমীয়া সাহিত্য জগতত লেখত ল’বলগীয়া উপন্যাসসমূহৰ ভিতৰৰ অন্যতম হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱৰ “মৃত্যুঞ্জয়” উপন্যাসখন। এই উপন্যাসৰ বাবে ঔপন্যাসিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যক ১৯৭৯ চনত “জ্ঞানপীঠ বঁটা” প্ৰদান কৰা হৈছিল।

উপন্যাসখনত কাহিনীৰ প্ৰয়োজনত অলেখ চৰিত্ৰৰ সমাবেশ ঘটিলেও ধনপুৰ, গোঁসাই, ৰূপনাৰায়াণ, মধু কেওঁট, মণিক বৰা, ভিমিৰাম, জয়ৰাম, দধি মাষ্টাৰ, আহিনা কোঁৱৰ, তিমি, গোসাঁনী, অনুপমা, শইকীয়া দাৰোগা, টিকৌ আদিয়ে মূল কাহিনীটো আগুৱাই যোৱাত আঁত ধৰিছে।

“মৃত্যুঞ্জয়” উপন্যাসত বৰ্ণোৱা ঘটনাৰ কাল ১৯৪২ চন। ইয়াত এই সময়ছোৱাৰ ভাৰতীয় স্বাধীনতা আন্দোলনৰ চিৰস্মৰণীয় ঘটনাৱলীৰ আভাস আৰু চিত্ৰণ আছে। সেই সময়ৰ সমাজ, মানুহৰ চিন্তাধাৰা, ৰীতি-নীতিৰ বৈশিষ্ট্য, স্বাধীনতাৰ প্ৰভাৱে মানুহৰ জীৱনক কিদৰে প্রভাৱাম্বিত কৰিছিল তাৰ নিৰ্মোহ প্ৰতিফলন উপন্যাসখনত পোৱা যায়। স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীৰ অহিংস আন্দোলনৰ বিপৰীতে দেশ জুৰি গা কৰি উঠিছিল সশস্ত্ৰ সংগ্ৰাম। সমস্ত্ৰ সংগ্ৰামত বিশ্বাসী কৰ্মীসকলে আন্দোলনৰ কাৰ্যাৱলীৰ লগতে সংগতি ৰাখি ওপৰৰ নিৰ্দেশক্ৰমে ৰেলগাড়ী বগৰোৱাৰ ঘটনা এটাক আলম কৰিয়েই গোটেই উপন্যাসখনে গতি কৰিছে। মূল ৰেলগাড়ী বগৰোৱাৰ ঘটনাটোক প্ৰতিফলন কৰিবলৈকে আন্দোলনৰ সমৰ্থনত গোসাঁই, কোঁচ, কেওঁত, গাৰো, নেপালী নিৰ্বিশেষে পাহাৰ-ভৈয়াম মিলি সকলোৰে প্ৰাণত দেশ স্বাধীন কৰাৰ যি ঐক্যতান তাক ঔপন্যাসিকে নিখুঁটভাৱে ফুটাই তুলিছে। প্ৰতিকিগতভাৱে কানিৰ বিৰূপ প্ৰভাৱ, জাতিগতভাৱে সমাজত থকা উচ্চ-নীচ ভেদা-ভেদৰ অৱসান, সেনাবাহিনীৰ অবৰ্ণনীয় অত্যাচাৰ, স্বাধীনতাৰ বাবে উন্মুখ চহা সহজ-সৰল প্ৰাণে মৃত্যু ভয়কো জিনি দেশৰ বাবেই আত্মবলিদান দিয়াৰ কথাই সেই সময়ৰ বা মাৰলিৰ চিনি দাঙি ধৰিছে। সামগ্ৰিকভাৱে এই উপন্যাসখনক ৪২ ৰ স্বাধীনতা আন্দোলনৰ এজন জীৱন্ত দলিল বুলিব পাৰি। এই উপন্যাসত ফুটি উঠা ৰূপ স্বাধীনতাৰ সাধন কালৰ। সেই সাধনাৰ মহত্ব আৰু একক অনুভূতিৰ যিসকল অধিকাৰী হৈছিল, সেইসকলৰ আত্মাৰ যৎসমান্য চিনাকি ইয়াত আছে।

প্ৰশ্নঃ ৮। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ “মৃত্যুঞ্জয়” উপন্যাসখনৰ প্ৰতীকধৰ্মী বৈশিষ্ট্যসমূহ উল্লেখ কৰা ?

উত্তৰঃ “মৃত্যুঞ্জয়” উপন্যাসখনৰ বিষয়বস্তু বহু সময়ত প্ৰতীকৰ সহায়েৰে বুজাবলৈ চেষ্টা কৰা হৈছে বুলি ক’ব পাৰি। উপন্যাসখনত ব্যৱহাৰ কৰা দুটা প্ৰধান প্ৰতীক হৈছে মধুৰ জ্বৰ আৰু মহদা গোসাঁইৰ কাঁহ।

ধনপুৰৰ সৈতে লয়ৰামৰ পৰা বন্দুক আনিবলৈ যাওঁতে মধুৰ জ্বৰ উঠে। বন্দুক লাগে মানুহ মাৰিবৰ কাৰণে, মানুহে হিংসাৰ আশ্ৰয় লয় দৈহিক বলৰ ওপৰত নিৰ্ভৰ কৰি। অস্ত্ৰ-শস্ত্ৰৰ বল মানেই দেহৰ বল। কিন্তু দেহৰ বল সীমিত, সেইকাৰণে গান্ধীজীয়ে অহিংসাৰ কথা কৈছে। কিন্তু সি দেৱতা বুলি গণ্য কৰা গোসাঁইৰ কথামতে মধুৱে হিংসাৰ পথত খোজ দিব লগা হৈছে। সি জানে হিংসাৰ পথ অস্থায়ী পথ। ইয়াকে বুজোৱা হৈছে দেহৰ জ্বৰৰ দ্বাৰা।

হিংসা কৰ্যৰ দ্বাৰা যেতিয়া লোকৰ মৃত্যুৰ ছবি গোসাঁইৰ চকুত জিলিকি উঠে, লগে-লগে নিজৰ মৃত্যুৰ ছবিও মনলৈ আহে। তেতিয়াই তেওঁৰ কাঁহ আহে। মকৰধ্বাজ আৰু মৰাণ আদা জোৰ কৰি দেহৰ বল বৃদ্ধি কৰাৰ প্ৰতীক। কিন্তু সেইয়াও সাময়িক।

উপন্যাসখনৰ কাহিনীৰ যিবিলাক ক্ষুদ্ৰ গাঁঠনি সেইবিলাকতো প্ৰতীকৰ ব্যৱহাৰ কৰা হৈছে বুলি ক’ব পাৰি। ভিভিৰাম, মণিক বৰা, ধনপুৰে নিজকে মহদা গোসাঁইৰ ন-শিচ বুলি কওঁতে মধুৰ খালৈৰ মাছে খৰখৰোৱাও এক প্ৰতীকধৰ্মী কথাই।

কুমাৰকুছি আশ্ৰমত নিয়ঁতী চৰাইটোও প্ৰতীক। একেটা বস্তুকে লক্ষ্মী বুলিও ক’ব পাৰি, নিয়তী বুলিও ক’ব পাৰি। শৰপহুৰ কান্দোন, আকাশত জোনৰ নাচোন, কাজলি গাইৰ হেম্বেলনি এই বিলাককো প্ৰতীক কৰি ব্যৱহাৰ কৰা হৈছে। শৰ পহুৰ কান্দোন মৃত্যুৰ প্ৰতীক, গাই গৰুৰ হেম্বেলনি সংগহাৰ হোৱাৰ প্ৰতীক বুলি ব্যাখ্যা কৰিব পাৰি।

ৰূপনাৰায়ন গুহা দুটা মৃত্যুমুখী ধনপুৰৰ কাৰণে যখিনীখোৰ। এই যখিনীখোৰ নিশ্চয় এক প্ৰতীক, হিংসাৰ পথ গ্ৰহণ কৰা সকলে কেতিয়াবা এইদৰে যখিনীখোৰত আশ্ৰয় ল’ব লগা হয়, সেই কথাকে এই প্ৰতীকৰ যোগেদি ক’ব বিচৰা হৈছে। উপন্যাসখনত এনেকুৱা প্ৰতীক আৰু আছে, এই প্ৰতীক ধৰ্মীতাই উপন্যাসখনক আধুনিক সাহিত্যৰ গৰিমাৰে পুষ্ট কৰি তুলিছে বুলি ক’ব পাৰি।

প্ৰশ্নঃ ৯। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ “মৃত্যুঞ্জয়” উপন্যাসৰ পটভূমি সম্পৰ্কে লিখা ।

উত্তৰঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ “মৃত্যুঞ্জয়” উপন্যাসৰ কাহিনীৰ উপকৰণ গ্ৰহণ কৰা হৈছে ভাৰতৰ স্বাধীনতা যুদ্ধৰ শেষৰ ফালৰ এটা স্তৰৰ পৰা। কাহিনীৰ ঘটনাৰ স্থান ঘাইকৈ অসমৰ নগাঁও জিলাখন আৰু জিলাখনৰ কাষৰীয়া অঞ্চলসমূহ তথা সমগ্ৰ অসম। কিন্তু স্থান নগাঁও জিলাখন আৰু জিলাখনৰ কাষৰীয়া অঞ্চলসমূহ হ’লেও সেয়া আছিল সেই সময়ৰ ভাৰতীয় মহাজীৱনৰ স্বাধীনতা যুদ্ধৰ অংশ বিশেষ মাথোন। সেইফালৰ পৰা উপন্যাসখনৰ কাহিনীৰ পটভূমিৰ পৰিসৰ বিশাল বুলিয়েই ক’ব  লাগিব। পৰিধি বিশাল বুলি ক’লেওঁ যথেষ্ট নহয় যেন লাগে। গান্ধীজীৰ নেতৃত্বত চলা ভাৰতৰ স্বাধীনতা সংগ্ৰাম আদৰ্শৰ ফালৰ পৰা বা তত্ত্বৰ ফালৰ পৰা অতিশয় গভীৰ।

গান্ধীজীৰ নেতৃত্বত ভাৰতবৰ্ষই স্বাধীনতাৰ কাৰণে অহিংস উপায়েৰে সংগ্ৰাম আৰম্ভ কৰিছিল। অহিংসভাৱে স্বাধীনতাৰ কাৰণে সংগ্ৰাম বিশ্ব ইতিহাসৰ এক নতুন কথা, সেয়ে ভাৰতৰ স্বাধীনতা সংগ্ৰাম বিশ্ব ইতিহাসৰ এটা নতুন অধ্যায়। 

অষ্টাদশ শতিকাৰ শেষৰ আধাৰ মাজভাগৰ আমেৰিকাৰ স্বাধীনতা সংগ্ৰামমেই মানৱ ইতিহাসৰ প্ৰথম স্বাধীনতা সংগ্ৰাম। আমেৰিকা স্বাধীনতা যুদ্ধৰ আগতে স্বাধীনতাৰ কাৰণে সংগ্ৰাম কৰাৰ কথা মানুহৰ অভিজ্ঞতাৰ ভিতৰত নাছিল। তেনে যুদ্ধ মানুহে কাহিনিও কৰি পোৱা নাছিল। কাৰণ, স্বাধীনতাৰ ধাৰণাটোৱেই আধুনিক। আমেৰিকাৰ স্বাধীনতা যুদ্ধৰ পাছত ফৰাচী বিপ্লৱে শান্তি মৈত্ৰি আৰু স্বাধীনতাৰ ধাৰণা আৰু স্পষ্ট কৰি তোলে। ইতিমধ্যে পুঁজিবাদৰ চৰম বিকাশৰ লগে লগে সাম্ৰাজ্যবাদী শক্তিসমূহ ইউৰোপত শক্তিশালী হৈ পৰিল। মানুহৰ ধাৰণালৈ ব্যক্তি স্বাধীনতা, গণতন্ত্ৰ আদি নতুন নতুন ধাৰণা আছিল। বেহা-বেপাৰ, প্ৰশাসন, শিক্ষা আদিৰ লগত জড়িত মধ্যবিত্ত শ্ৰেণী এটাই গা কৰি উঠিল। নতুন যোগাযোগ ব্যৱস্থাই পৃথিৱীখন সৰু কৰি পেলালে। চিকিৎসা বিজ্ঞানৰ আৱিষ্কাৰৰ ফলস্বৰূপে প্ৰাচীন যুগৰ আৰু মধ্যযুগত মানুহৰ জীৱনলৈ বিভীষিকা নমাই অনা ভয়াৱহ ৰোগ বহুবোৰক নিয়ন্ত্ৰণ কৰিব পৰা হ’ল। দৰ্শনৰ জগতত নতুন তত্ত্ব আৰু নতুন তথ্যৰ প্ৰকাশ ঘটিল।

বিজ্ঞানৰ আশীৰ্বাদ শিৰত লৈ নতুন আৱিষ্কাৰ আৰু নিত্য নতুন উদ্ভাৱনাৰে মানুহে এক অভাৱনীয় বস্তুগত সুখ আৰু সম্পদৰ গৰাকী হ’ল। বৈজ্ঞানিক চিন্তাধাৰায়ো মানুহক মানুহৰ জীৱন, সমাজ, সংস্কৃতি, ৰাজনীতি, অৰ্থনীতি সকলোতে নতুনকৈ ব্যাখ্যা বিশ্লেষণ কৰিবলৈ শিকালে।

যুদ্ধৰ কাহিনী মানৱ ইতিহাসৰ সমানেই পুৰণি। এই মানৱ ইতিহাস যুদ্ধৰ কাহিনীৰে ভৰপূৰ। যুদ্ধৰ বিপক্ষেও মানুহে মাত নমতাকৈ থকা নাই। প্ৰাচীন গ্ৰীচৰ নাট্যকাৰ এৰিষ্টফেনচেৰ আচাৰ নিয়ানচ নাটকখনতেই মানৱ ইতিহাসত প্ৰথমবাৰৰ কাৰণে যুদ্ধ বিৰোধী বিষয়বস্তুৰ উত্থাপন কৰা হৈছিল। কিন্তু অহিংসাৰ কথা প্ৰথম উচ্চাৰিত হৈছিল ভাৰত ভূমিত। বুদ্ধ আৰু মহাবীৰ জৈনেই এই অহিংসাৰ ধাৰণাক প্ৰথমবাৰৰ কাৰণে মানৱ হৃদয়ত জাগৃত কৰি তোলে। বিংশ শতিকাৰ প্ৰথম ভাগত মহাত্মা গান্ধীয়ে এই অহিংসাৰ ধাৰণাকে সৰোগত কৰি ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ পাতনি মেলে।

গান্ধীজীৰ কাৰণে ভাৰতৰ মুক্তি সংগ্ৰাম বিশ্ব মানৱৰ মুক্তি সংগ্ৰামৰ অংশবিশেষ আছিল। বিজ্ঞান আৰু যন্ত্ৰযুগত মানুহে নৈতিক ভিত্তিৰ কথা পাহৰি গৈছিল। নৈতিক, আত্মিক আৰু আধ্যাত্মিক চিন্তা-ভাৱনা দলিয়াই দি কেৱল ভোগ, সম্ভোগ আৰু উপভোগত মানুহ উত্তাৱল হৈ পৰিছিল। ভাৰত স্বাধীনতা সংগ্ৰাম সেয়ে অহিংস উপায়েৰে হোৱা সংগ্ৰামেই নহয়, মানৱ মুক্তিৰো ইয়েই পথ– গান্ধীৰ নেতৃত্বই ভাৰতৰ মুক্তি সংগ্ৰামক এনেকুৱা ভিত্তিতেই প্ৰতিষ্ঠা কৰিব বিচাৰিছিল।

বুদ্ধদেৱে কোৱাৰ পিছত অহিংসাৰ কথা ভাৰত আকৌ এবাৰ খুব জোৰেৰে উচ্চাৰিত হৈছিল নৱবৈষ্ণৱ জাগৰণৰ কালছোৱাত। খ্ৰীষ্টীয় দ্বাদশ-এয়োদশ শতিকাৰ পৰা প্ৰায় পঞ্চদশ-যষ্ঠদশ  শতিকালৈকে ৰামানুজ, ৰমানন্দ, কবীৰ, নানক, বল্লভাচৰ্য, চৈতন্যদেৱ, শংকৰদেৱ এই নৱজাগৰণৰ ঢৌ সমগ্ৰ ভাৰতবৰ্ষতে বোৱাই দিছিল। অসমৰ শংকৰদেৱ আৰু তেখেতৰ অনুগামী মাধৱদেৱ, দামোদৰদেৱ আদি ধৰ্মগুৰুসকলে এই নৱবৈষ্ণৱ আদৰ্শক অসমীয়া মানুহৰ প্ৰাণৰ সম্পদ কৰি তুলিছিল।

১৯৪২ চনৰ আগষ্ট মাহত ভাৰতৰ স্বাধীনতা আন্দোলনে এটা অতিশয় জটিল আৰু গুৰুত্বপূৰ্ণ অৱস্থা লাভ কৰে। দ্বিতীয় বিশ্বযুদ্ধৰ জুই তেতিয়া দপ্‌দপ্‌কৈ জ্বলি উঠিছিল। মানৱ জাতিয়ে কাহানিও ভাবিব নোৱাৰা বিপদৰ সন্মুখীন হৈছিল। কেউফালে মৃত্যু, ধ্বংস, হত্যা, বোমা, বাৰুদ আৰু ৰণহুঙ্কাৰ। মানৱ জাতিয়ে মানুহক মহত্বক ভৰিৰে মোহাৰি পেলাবলৈ উদ্যত হ’ল। ১৯৪১ চনৰ জুন মাহত হিটলাৰে ৰুছ দেশ আক্ৰমণ কৰি এই যুদ্ধক আৰু ভয়াৱহ কৰি পেলালে। বিশ্ব ইতিহাসৰ এনে এক সন্ধিক্ষণত মহাত্মা গান্ধীৰ নেতৃত্বত স্বাধীনতা আন্দোলন চলাই যোৱা ভাৰতৰ কংগ্ৰেছ ইয়াৰ ঐতিহাসিক বোম্বাই অধিৱেশনত বিখ্যাত “ভাৰত ত্যাগ” প্ৰস্তাৱ গ্ৰহণ কৰে।

১৯৪২ চনৰ আগষ্ট মাহত এই প্ৰস্তাৱ গৃহীত হ’ল আৰু ৯ তাৰিখৰ পুৱাৰ আগতে গান্ধীজীকে প্ৰমুখ্য কৰি ভাৰতৰ শীৰ্ষস্থানীয় নেতাসকলক ইংৰাজ চৰকাৰে কাৰাগাৰলৈ লৈ গ’ল। কংগ্ৰেছ নেতাসকলে “ভাৰত ত্যাগ” প্ৰস্তাৱৰ ভিত্তিত কাৰ্যসূচী নিৰ্ধাৰণ কৰাৰ আগতেই তেওঁলোক জেললৈ যাব লগা হ’ল। গতিকে গান্ধীজীৰ “কৰিম কিম্বা মৰিম” কথাষাৰৰ বেলেগ বেলেগ ব্যাখ্যা হ’ল। ইতিমধ্যে মিত্ৰশক্তিৰ সৈন্যই ভাৰতবৰ্ষত ভৰপূৰ হৈ গ’ল। বহুত কংগ্ৰেছ কৰ্মীয়ে ইংৰাজ খেদিবৰ বাবে বেছি হিংসা কাৰ্যত প্রবৃত্ত হ’ল।

অসমৰ ক্ষেত্ৰত পৰিস্থিতিয়ে আৰু জটিল ৰূপ লৈছিল। কিয়নো জাপানে পূব পিনেদি তীব্ৰ গতিৰে আগবাঢ়ি আহি বাৰ্মাৰ চিন্দুইন নদী পাৰ হৈছিল। যিকোনো মূহুৰ্ততেই জাপানী সাম্ৰাজ্যবাদী শক্তিয়ে অসম দখল কৰাৰ আশংকা ঘনীভূত হৈ পৰিছিল।

ভাৰতবৰ্ষত সকলো মানুহেই যে গান্ধীজীৰ অহিংস আন্দোলনৰ মৰ্মকথা উপলব্ধি কৰিব পাৰিছিল, সেই কথা নহয়। বহুতে ইয়াৰ বিৰোধিতা কৰিছিল। “ভাৰত ত্যাগ আন্দোলন”ৰ প্ৰস্তাৱ কংগ্ৰেছৰ কাৰ্যকৰী কমিটিৰ কেইবাজনো সদস্যই বিৰোধিতা কৰিছিল। কমিউনিষ্টসকলে হিটলাৰে ছোভিয়েত ৰাছিয়া আক্ৰমণ কৰাৰ পাছতে এই যুদ্ধক জনযুদ্ধ বুলি কৈ ব্ৰিটিছক সহায় কৰাৰ পোষকতা কৰিছিল।

বিংশ শতিকাৰ আৰম্ভণিৰ পৰাই টেৰ’ৰিষ্ট আন্দোলনে অ’ত ত’ত গা কৰি উঠিছিল। বিশেষকৈ বঙ্গদেশত টেৰ’ৰিষ্ট আন্দোলনে তীব্ৰতা লাভ কৰিছিল।

১৯৩৯ খৃঃত সুভাষ চন্দ্ৰ বসুৰ কংগ্ৰেছ নেতৃবৰ্গৰ লগত মতবিৰোধ হয়। বসুয়ে কংগ্ৰেছ সভাপতিৰ পদ ইস্তাফা দি ১৯৩৯ চনৰ মে’ মাহত কংগ্ৰেছৰ ভিতৰতে ফৰৱাৰ্ড ব্লক গঠন কৰে। আগষ্ট মাহত বসুক বঙ্গদেশৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি পদৰ পৰা আঁতৰ কৰা হয়। ১৯৩৯ চনৰ ১ চেপ্তেম্বৰত ইউৰোপত যুদ্ধ আৰম্ভ হ’ল। ১৯৩৯ ৰ অক্টোবৰ মাহত ভাৰতবৰ্ষৰ সাতখন প্ৰদেশৰ কংগ্ৰেছ মন্ত্ৰীসভাই পদ ইস্তাফা দিলে। মহাত্মা গান্ধীয়ে ঘোষণ কৰিলে যে যুদ্ধৰ সময়ছোৱাত তেওঁ ব্ৰিটিছ চৰকাৰৰ ব্যতিব্যস্ত কৰিব নোখোজে। ১৯৪০ খৃঃৰ পুণাৰ প্ৰস্তাৱ মতে কংগ্ৰেছ অস্থায়ীভাৱে অহিংস পথ পৰিহাৰ কৰিবলৈ সিদ্ধান্ত কৰে আৰু গান্ধীজীক কংগ্ৰেছৰ নেতৃত্বৰ পৰা অব্যাহতি দিয়ে। কিন্তু সুভাষচন্দ্ৰ বসুৰ নেতৃত্বৰ ফৰৱাৰ্ড ব্লক আৰু কিষাণ সভাই ভাৰতৰ মানুহক ব্ৰিটিছ সাম্ৰাজ্যবাদক ধন জন একোৰে সহায় নকৰিবলৈ আহ্বান জনালে। ১৯৪১ চনৰ জানুৱাৰী মাহত বসু ঘৰৰ পৰা নিৰুদেশ হ’ল। তেওঁ ভাৰতৰ বাহিৰ হৈ বাৰ্লিন পালেগৈ। “দেশত চলা সংগ্ৰামক বাহিৰৰ পৰা শক্তি যোগাব” লৈকে তেওঁ এনেদৰে দেশ এৰি গৈছিল। ১৯৪৩ চনৰ ২ জুলাইত সুভাষ চন্দ্ৰ বসু চিঙ্গাপুৰত উপস্থিত হয় আৰু দুদিনৰ পিছতে বাসবিহাৰী বসুৰ পৰা পূব এচিয়া ভাৰতীয় স্বাধীনতা আন্দোলনৰ নেতৃত্ব গ্ৰহণ কৰে আৰু আজাদ হিন্দ ফৌজ (Indian National Army-INA) গঠন কৰে।

বিয়াল্লিচৰ গণ-সংগ্ৰামৰ সময়ত বহুতে গৰিলা যুদ্ধৰ আহ্বানো কৰে। এই গৰিলা যুদ্ধৰ যোগেদি সাম্ৰাজ্যবাদী সৈন্যবাহিনীৰ ৰচদ পাতি বন্ধ কৰা, সৈন্য কঢ়িওৱা বা সৈন্যৰ ৰচদ-পাতি কঢ়িওৱা, ৰেলগাড়ী পেলোৱা আদি কাৰ্যসূচীও হাতত লৈছিল। গৰিলা যুদ্ধই অৱশ্যে নিৰ্দিষ্ট ৰূপ ল’বলৈ নোৱাৰিলে। অসমতো কংগ্ৰেছৰ মৃত্যুবাহিনী গঠিত হয় আৰু ৰেলগাড়ী লাইনচ্যুত কৰা, মিলিটেৰী এয়াৰড্ৰম জ্বলোৱা আদি কাৰ্য সংঘটিত হয়। নগাঁৱৰ জাগীৰোডৰ ওচৰত তেনেকুৱা গাড়ী লাইনচ্যুত কৰা ঘটনা এটাই “মৃত্যুঞ্জয়” উপন্যাসত কেন্দ্ৰীয় ঘটনা হৈ উঠিছে। 

এই গোটেইখিনি কথাকে “মৃত্যুঞ্জয়” উপন্যাসৰ কাহিনী বা বিষয়বস্তুৰ পটভূমি বুলি ক’ব লাগিব। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ মাজত নিহিত হিংসা আৰু অহিংসাৰ পথ– এই মূল কথাটোৱেই উপন্যাসখনৰো মূল কথা। শঙ্কৰ-মাধৱৰ অসম আৰু আহোমৰ শাসন কালৰ অসম, মোৱামৰীয়া বিদ্ৰোহ, লাচিতৰ বীৰত্ব, জয়মতীৰ ত্যাগ– এইখিনি কোথায়ো উপন্যাসখনৰ কাহিনীৰ পটভূমিত ক্ৰীড়া কৰিছে। সেয়ে নহয়, অসমীয়া মানুহৰ জনবিশ্বাস, অসমীয়া মানুহৰ যাদু-মন্ত্ৰ, বুঢ়া ডাঙৰীয়া, জলদেৱতা, বুঢ়া-বুঢ়ীৰ থানলৈ কিবা আগ কৰা, সোঁৱৰণি চোৱা আদিৰ বিশ্বাস, অসমৰ নৈ-বিল, হাবি-জংগল, গছ-গছনি, অসমৰ চৰাই-চিৰিকটি, অসমীয়া মানুহৰ খোৱা-বোৱা, সামাজিক ৰীতি-নীতি, তদুপৰি অসমৰ পৰ্বত-ভৈয়ামৰ মানুহৰ মাজৰ সম্পৰ্ক ইত্যাদি গোটেইখিনি কথাই যেন উপন্যাসখনৰ কাহিনী, কথাবস্তু, চৰিত্ৰ আদিৰ মাজেদি উজ্জ্বল হৈ উঠিছে। অসমৰ আৰ্থ-সামাজিক জীৱনৰ আপুৰুগীয়া সম্পদ মুগা পোহা, ধান খেতিৰ বাহিৰেও মাহ-সৰিয়হ, কুঁহিয়াৰ খেতি, ব্ৰহ্মপুত্ৰৰ চৰ অঞ্চললৈ মৈমনসিঙিয়া মানুহ আহি ভৰি পৰা, মুছলীগে অসমৰ পাকিস্তানৰ অন্তৰ্ভুক্ত কৰিব খোজা আদি এশ-এবুৰি অৱস্থা, সমস্যাই উপন্যাসখনৰ বুকুত ঠাই পাইছে। বিশেষকৈ শঙ্কৰ-মাধৱৰ ধৰ্ম আৰু সাহিত্যই অসমৰ মানুহক দি থৈ যোৱা সঞ্জীৱনী শক্তিৰ কথা গোটেই উপন্যাসখনতে ইয়াৰ সকলোবোৰ উপাদানতে অনুপম ৰূপত মিহলি হৈ ৰৈছে।

প্ৰশ্নঃ ১০। “মৃত্যুঞ্জয়” উপন্যাসৰ চৰিত্ৰসমূহৰ চমু পৰিচয় দিয়া ?

উত্তৰঃ “মৃত্যুঞ্জয়” উপন্যাসত পুৰুষ চৰিত্ৰ ষোল্লটি আৰু নাৰী চৰিত্ৰ দহটিমান আছে। পুৰুষ চৰিত্ৰৰ ভিতৰত মহদা গোঁসাই, ধনপুৰ লস্কৰ, মধু কেওঁট, আহিলা কোঁৱৰ, ভিভিৰাম, মাণিক বৰা, জয়ৰাম মেধি, দধি বৰদলৈ, ৰূপনাৰায়ণ, অ’.চি. শইকীয়া– এইকেইটিৰ ওপৰত লেখকে প্ৰায় সমান গুৰুত্বই দিছে। লয়ৰাম, নাৱৰীয়া, বল বাহাদুৰ, টিকৌ গোৱাল, বৰঠাকুৰ আৰু বাণেশ্বৰ ৰজা– এইকেইটা চৰিত্ৰ উপন্যাসখনৰ চৰিত্ৰসমূহৰ দ্বিতীয়টো থুপত থ’ব পাৰি। ইয়াৰ বাহিৰেও কামেশ্বৰ, সৰ্বেশ্বৰ, ফুকন আদি চৰিত্ৰৰ কথা আৰু কাৰ্যৰ বৰ্ণনা আছে কিন্তু শাৰীৰিক উপস্থিতি নাই।

“মৃত্যুঞ্জয়” উপন্যাসখনৰ কেইটামান চৰিত্ৰৰ চমু পৰিচয় তলত দিয়া হ’ল–

(ক) মহদা গোসাঁইঃ উপন্যাসখনত ঔপন্যাসিক যিখন kosmos বা জগত সেই জগতৰ প্ৰধান লোকজন হ’ল মহদা গোসাঁই। মহদা গোসাঁই মায়ং অঞ্চলৰ দৈপাৰা সত্ৰৰ। তেখেতে কংগ্ৰেছ কৰ্মী লগতে মহাত্মা গান্ধীয়ে চলোৱা অহিংসা স্বাধীনতা সংগ্ৰামৰ এজন বনুৱা। তেওঁৰ বিশ্বাস পৰাধীন ভাৰতত ভগৱান দৰিদ্ৰ নাৰায়ণ হিচাপে অৱতাৰ লৈছে। সেই দৰিদ্ৰ নাৰায়াণৰ মুক্তিৰ অবিহনে ভগৱান সন্তুষ্ট নহয়। সেয়ে সেই দৰিদ্ৰ নাৰায়াণৰ স্বাধীনতাৰ হকে কাম কৰিব লাগিব। মহাত্মাজীয়েও তাকেই কৈছে।

গোসাঁইৰ কৰ্মৰ পথ অহিংসাৰেই পথ। কিন্তু অহিংসাৰ পথেৰে স্বাধীনতা আহিবনে নাহে। দেশখনক স্বাধীন কৰিবই লাগিব। গতিকে কংগ্ৰেছ কৰ্মীসকলে যে কামৰ আঁচনি লৈছে, সেয়া সফল কৰি তুলিবই লাগিব। দেশৰ স্বাধীনতাৰ কথা আহিলে গোসাঁইৰ মনৰ পৰা হিংসা অহিংসাৰ কথাটো আঁতৰি যায়। মাথোন কৰ্তব্যৰ কথাহে আহে। আকৌ হিংসা-অহিংসাৰ কথা আহিলে গোসাঁই দ্বিধাগ্ৰস্ত হৈ পৰে। হিংসা উৎকৃষ্ট পথ কেতিয়াও হ’ব নোৱাৰে। এই দ্বন্দ্বই মহদা গোসাঁইৰ চৰিত্ৰৰ প্ৰধান বৈশিষ্ট্য। গৰিলা যুদ্ধৰ প্ৰস্তুতিৰে এক দিঘলীয়া হিংসাৰ পথ গ্ৰহণ কৰিবলৈ তেওঁৰ মন অনিচ্ছুক। কিন্তু দেশৰ স্বাধীনতাৰ কাৰণে কাম নকৰাকৈ বহি থাকিব তেওঁ নোৱাৰে। ধৰ্মপ্ৰাণ বিবেকেই হৈছে বিশ্বসভ্যতালৈ ভাৰতীয় সভ্যতাৰ মহান দান, এই কথাটোৱেই তেওঁৰ চৰিত্ৰটোত প্ৰতিভাত হোৱা দেখা যায়। 

(খ) ধনপুৰঃ এক বিপদসংকুল কৰ্তব্য সম্পাদনৰ কাৰণে কংগ্ৰেছকৰ্মী কামপুৰৰ গোস্বামীয়ে মায়ং অঞ্চলৰ দৈপাৰা সত্ৰৰ মহদা গোসাঁইৰ ওচৰলৈ পঠোৱা তিনিজন মানুহৰ ভিতৰতে ধনপুৰ অন্যতম। ধনপুৰ চৰিত্ৰটো উপন্যাসখনৰ ভিতৰতে এক প্ৰধান চৰিত্ৰ। ধনপুৰ লস্কৰ চফল ডেকা। অতিকায়, বীর্যবান তেওঁৰ দেহ সম্পদ। এই তৰুণৰ মনত যেন একুৰা জুই জ্বলি আছিল।

দৈপাৰা সত্ৰ অভিমুখে আহি থাকোতে সেই অৰণ্যপথত ধনপুৰে তাৰ নিজৰ কথা বহুত কৈছে। তেওঁ এতিয়া নিজকে এজন কচাই বুলি ভাবে। কামপুৰ হাইস্কুলত পঢ়ি থাকোতেই ধনপুৰে এদিন পতাকা তুলিছিল। তাৰ পিছতে তেওঁ কংগ্ৰেছত যোগ দিয়ে। বিয়াল্লিচৰ “ভাৰত ত্যাগ আন্দোলনৰ পিছত কংগ্ৰেছ কৰ্মীসকলক নতুন কাম দিয়া হ’ল— ৰেল বগৰোৱা, টেলিগ্ৰাফৰ লাইন কটা, দলং ভঙা ইত্যাদি। ধনপুৰেৰ সেইবোৰ কাম বেচ সফলতাৰে সম্পাদন কৰিছিল। পিছত পুলিচৰ হাতত পৰা ৰক্ষা পৰিবলৈ মিস্ত্ৰীৰ ছদ্মবেশ ধৰিলে আৰু ঘৰ এৰিলে। 

স্কুলত পঢ়ি থাকোতেই কপাহ বাচিবলৈ অহা ডিমি নামৰ মিকিৰ ছোৱালী এজনীক তেওঁৰ বৰ ভাগ লাগিছিল। পিছে ডিমিৰ বিয়া বন্দোবস্ত হৈ আছিল এজন গাৰো ডেকাৰ লগত। তথাপিও ডিমিয়ে তেওঁৰ অন্তৰত গভীৰ সাঁচ বহুৱাব পাৰিছিল।

মহদা গোসাঁইৰ থকাৰ দৰে হিংসা-অহিংসাৰ কথা লৈ ধনপুৰৰ কোনো দ্বিধা সংকোচ নাই। ইংৰাজ খেদিবই লাগিব। তাৰ কাৰণে ৰেল বগৰোৱাৰ দৰে কাম কৰিবই লাগিব। সেই উদ্দেশ্যত জীৱন শেষ কৰিবলৈ তাৰ চুলিমানো দ্বিধা নাই। নাৰীৰ সান্নিধ্য সি ভাল পায়। নাৰীসত্তাক সি সন্মান কৰিব জানে। ডিমিৰ ভালপোৱাই তাৰ অন্তৰত কৰ্তব্য পালনৰ কাৰণে শক্তি যোগাইছিল। মৃত্যুৰ সময়ত সি ডিমিক লগ পাবৰ কাৰণে ব্যাকুল হৈ পৰিছিল। কাৰণ ডিমিৰ ভালপোৱা আছিল তাৰ জীৱনৰ প্ৰেৰণাৰ এক উৎস। 

(গ) ৰূপনাৰায়ণঃ ৰেল বগৰাবলৈ যাওঁতে মহদা গোঁসাইহঁত এৰাতি কমাৰকুছি আশ্ৰমত থাকি প্ৰস্তুতি সম্পূৰ্ণ কৰিছিল। তাৰ পিছতে ৰুপনাৰায়ণ আহি লগ হয়। ৰূপনৰায়ণক ধনপুৰে আগৰ পৰা চিনি পায়। মধুৰ লগত লয়ৰামৰ ঘৰলৈ যাওঁতে ধনপুৰে ৰিহাবাৰীত মদন আৰু ৰাউতাক পুলিচে গুলীয়াই মৰাৰ কথা কয়। সেইদিনাই ৰূপনাৰায়ণে ভীষ্ম প্ৰতিজ্ঞা কৰিছিল, “এই বোৰেদি নহয় বুজিব, বন্দুক লাগিব”। তাৰ পিছত আশ্ৰমৰ ৰূপনাৰায়ণে মহদা গোঁসাইহঁতৰ লগ লাগে। সি লগত এটা বন্দুক আনিছিল। ৰূপনৰায়ণে কলেজতো পঢ়িছিল। কিন্তু এৰি থৈ আহিল। 

ৰূপনৰায়ণ অলপ নৰপন্থী। ৰূপনাৰায়ণে ৰেল বগৰোৱা কামটো হোৱাৰ আগৰ পৰাই গৰিলা যুদ্ধৰ কথালৈহে বেছিকৈ চিন্তা কৰিছিল। আই. এন. এ. ৰ লগত যোগযোগ নোহোৱা কাৰণেও সি দুখ কৰিছিল। ৰূপনাৰায়ণৰ বিপ্লৱী দৰ্শনো কিছু অস্পষ্ট। কমিউনিষ্টসকলে জনযুদ্ধৰ কথা কৈ ইংৰাজক সহায় কৰাৰ কাৰণে কমিউনিষ্টে ভুল কৰিছে বুলি ভাবিছে। প্ৰত্যেক ৰণতে হৰা-জিকা আছে– “হাৰিয়া জিনয় কিম্বা জিনিয়া হাৰয়”। এইয়ে সৰ্বতিকালৰ ৰীতি। এই বুলি ভাবি ৰূপনৰায়ণহঁত যে হাৰিছে তাৰেই সান্ত্বনা লৈছে। শেষত ৰূপনাৰয়ণ আন্দোলনৰ কাম কৰি থকা অৱস্থাতে পুলিচৰ হাতত গ্ৰেপ্তাৰ হয়।

(ঘ) মধু কেওঁটঃ উপন্যাসখনৰ মধুৰ চৰিত্ৰটোৰ বিশেষ তাৎপৰ্য আছে। ধনপুৰৰ লগত গোসাঁইৰ আদেশ মানি লয়ৰামৰ বন্দুক আনিবলৈ যাওঁতেই মধুৰ মনলৈ ধৰ্মাধৰ্মৰ ভাব আহিছে। ৰেল বগৰালে যে এসোপা জীৱ বধ হয়। ধৰ্ম আৰু কৰ্মৰ পাৰ্থক্য বাছি উলিয়াবলৈ মধু অক্ষম, মধুৰ ওচৰলৈ ধৰ্ম বিভিন্ন ৰূপত আহে, কেতিয়াবা মৰমৰ ভাও ধৰি, কেতিয়াবা খঙৰ ভাও ধৰি, কাটিয়াবা হিংসাৰ ভাও ধৰি। সেইকাৰণে কামৰ সময়ত কাম কৰাই তেওঁৰ কাৰণে ধৰ্ম, তেওঁৰ কাৰণে গুৰুৱেই “কৰ্ণধাৰা”। ৰেল বগৰোৱা ঠাই টুকুৰাৰ বাট-পথ উলিওৱাৰ দায়িত্ব গোঁসায়ে মধুক দিছে। সেই কামটো কৰোতে কিমান সময় লাগিব, পৰীয়া কেতিয়া আহে, সেইবোৰ কথা চোৱাৰ দায়িত্ব মধুৰ।

মধুৰ যি আদৰ্শ গোসাঁইৰো সেয়ে আদৰ্শ। কিন্তু মধুৱে নিজৰ মনৰ ভাৱ যিমান স্পষ্টভাৱে কৈ দিব পাৰিছে, গোসাঁয়ে পৰা নাই। মধুৱে মনে প্ৰাণে অহিংসাৰ বিশ্বাস কৰে। কিন্তু গোসাঁয়ে কৰিবলৈ কোৱা কাম সকলো কৰিব। মহদা গোসাঁইৰো একে অৱস্থাই। তেওঁ অহিংসাৰ যুঁজহে ভাল পায়, মাথোন পৰিস্থিতিৰ বাধ্যবাধকতাত পৰি দলৰ নিৰ্দেশ মতে হিংসাত আশ্ৰয় লৈছে। এই ভাৱটো আহিলেই তেওঁৰ কাঁহ আহে। মধুৱেও ধনপুৰৰ লগত লয়ৰমৰ বন্দুক আনিবৰ কাৰণে ব্ৰহ্মপুত্ৰৰ চেৰাসুঁতিটো থিয় সাঁতোৰ দি পাৰ হওঁতে তাৰ জ্বৰ উঠিছিল। সৰু-সৰু জ্বৰ তাৰ থাকেই, কাৰণ সি বিলত মাছ মাৰি প্ৰাণ প্ৰবৰ্তায়; সেই কাৰণেই ধনপুৰে যেতিয়া সুধিছিল, “মাছমৰা জানো পাপ নহয়?” তেতিয়া মধুৰ মনত প্ৰশ্ন উদয় হৈছিল “মাছ আৰু মানুহৰ জীৱ জানো একে নহয়?” গোসাঁইৰ কথা হৈছে তেওঁক ইতিহাসে ক্ষমা কৰিলেও ধৰ্মপ্ৰাণ বিবেক ক্ষমা নকৰে, মধুৰ কাৰণে তেনে সমস্যা নাই তেওঁ গুৰুৰ নিৰ্দেশ মতে কাম কৰি যাব। সেইদৰে কাম কৰি যাওঁতেই তেওঁ পুলিচৰ হাতত বন্দী হৈছে। 

(ঙ) অহিনা কোঁৱাৰঃ মহদা গোসাঁয়ে ভিভিৰামক আহিনা কোঁৱৰৰ কথা এইদৰে কৈছিল, “আহিনা কোঁৱৰ খালি এলেহুৱা, ওৰে জীৱন কানি খাই খাই তেনে হ’ল, কিন্তু মনুহটোৱে বাট-পথ চিনি পাই”। গোসাঁইৰ কাৰণে মধুৰ দৰেই আহিনা কুঁৱৰো বাট-পথ চিনি পোৱা মানুহ। মধুৱে যেনেকৈ ৰেল বগৰোবা আচল ঠাই টুকুৰা চিনি পায়, এনেদৰেই সেই ঠাইডোখৰলৈ যোৱাৰ বাট-পথ চিনি পাই আহিনাই, এই বাট-পথ দেখুৱাৰ মাজত কেৱল হাবি, পথাৰ আদিৰ মাজত বাট-পথ দেখুওৱাই নহয়, ইয়াৰ মাজত স্বাধীনতা যুঁজাৰুক আধ্যাত্মিক পথ দেখুওৱাৰ ইংগিতো আছে।

আহিনাই ভাবে ইংৰাজ গ’লে সিহঁতে মায়ঙত পুনৰ ৰজা পাতিব, তেওঁলোকক চিলাৰায়ে পতা বুলি কৈও অহিনাই গৌৰৱ কৰে।

আচল ৰেল পেলোৱা ঠাইডোখৰলৈ গৈ থাকোতে ধনপুৰে আহিনাৰ কানিখোৱা চিলিম আদি বস্তুবোৰ পেলাই দিলে। আহিনাৰ কাৰণে স্বাধীনতাৰ ৰণ তীৰ্থযাত্ৰাৰ দৰে। তীৰ্থলৈ গ’লে এটা বস্তু এৰিব লাগে। সেইকাৰণে তেওঁ কানি এৰিলে। কানি এৰাৰ পিছত অহিনাৰ একমাত্ৰ লগ ৰাম নাম, কীৰ্তন দশমৰ পথ। তেওঁ বস্তুকাৰণ লোৱা ভকত। অসমৰ বৈষ্ণৱ পৰম্পৰাত বস্তুকাৰণ লোৱাতো আধ্যাত্মিক জীৱনৰ গুৰুত্বপূৰ্ণ কথা। তেনেজন লোকে একান্তভাৱে ঈশ্বৰৰ চৰণত নিজক সমৰ্পণ কৰে। তেওঁলোকৰ কাৰণে ৰাম নামেই জীৱন তাৰণৰ একমাত্ৰ পথ। আহিনা কোঁৱৰে তেনে ভাবত থাকিয়েই স্বাধীনতা যুদ্ধত কাম কৰি শেষত পুলিচৰ হাতত ধৰা পৰে।

(চ) দধি মাষ্টৰঃ দধি মাষ্টৰ দৈৱজ্ঞৰ ল’ৰা। সেইকাৰণে মায়ঙৰ প্ৰাইমাৰী স্কুলখনৰ শিক্ষক হ’ল। পৰীয়ালৰ গুলীত ধনপুৰ আঁহত হোৱাৰ পিছত মহদা গোসাঁইহঁতলৈ শিলচটাত অপেক্ষা কৰি থাকোতে তেওঁৰ মায়ঙৰ স্কুলখনলৈ মনত পৰিছে। স্কুলখনলৈ ল’ৰা-ছোৱালী পঠাবলৈ কোনেও ইচ্ছা নকৰে। মহদা গোসাঁই আৰু তেঁও বহু কষ্ট কৰি ল’ৰা-ছোৱালী গোটাব লাগে। চৰকাৰে এনেকুৱা পিছপৰা ঠাইৰ শিক্ষাৰ কাৰণে মুঠেই চিন্তা নকৰে। সেইকাৰণে নিজৰ চৰকাৰ এখন লাগে। নিজৰ চৰকাৰ কৰিবৰ কাৰণেই স্বৰাজ লাগে। কংগ্ৰেছ এজন নিষ্ঠাবান কৰ্মী হিচাপে দধিয়ে যিমান পাৰে স্বাৰজৰ কাৰণে কাম কৰি গৈছে। 

(ছ) ডিমিঃ উপন্যাসখনৰ নাৰী চৰিত্ৰকেইটাৰ ভিতৰত ডিমিৰ চৰিত্ৰটোৱাই জটিল চৰিত্ৰ। ডিমিৰ আনৰ লগত বিয়া হোৱাৰ পাছতো তাই ধনপুৰক ভাল পাইছে। আন্দোলনৰ কথা বিশেষ বুজি নাপায় যদিও তাই ধনপুৰহঁতক যিমান পাৰে সহায় কৰিছে। ধনপুৰৰ মৃত্যুৰ পিছতো তাই ৰূপনাৰায়ণে দিয়া কাগজ-পত্ৰবোৰ নগাঁৱৰ বৰুৱাৰ ঘৰত দিবলৈ পাহৰা নাই। শেষত অনুপমাৰ ওচৰলৈ আহি গোসাঁনীক সুৰক্ষা দিয়াৰ কাৰণে তাই চিন্তা কৰিছে।

ঘৰতে স্বামী থকা স্বত্বেও বাহিৰত মুকলিভাৱে ফুৰি নিজৰ সতিত্ব ৰক্ষা কৰিব পৰা তাইৰ গুণ দেখি মহদা গোসাঁই স্তম্ভিত হৈছে। ডিমী নীৰ্ভিক প্রকৃতিৰ। অ’চি শইকীয়াৰ কামনাপূৰ্ণ দৃষ্টিত ভয় নাখাই তাই নিজক ৰক্ষা কৰিবলৈ সক্ষম হৈছে। মিকিৰ গাভৰু হৈ গাৰো ডেকা ডিলিক বিয়া কৰাই ডিমিৰ মহদা গোঁসাই আৰু তেওঁৰ দলক যিমান পাৰে সহায় কৰিছে। শেষত পুলিচে ধৰি নিয়াৰ পাছতো ৰে’ল বগৰোৱা মানুহ আটাইকেইজনকে চিনি পোৱা সত্বেও সেইসকলক পুলিচৰ আগত চিনাকি কৰি নিদি তাই স্বাধীনতা ৰণৰ প্ৰতি নিজৰ অনুগত্যৰ সুন্দৰ পৰিচয় দিছে। সেইবুলি স্বাধীনতা পালেই যে মানুহবোৰ ভাল হ’ব সেই কথাও তাই নাভাবে। তাইৰ হয়তো ধাৰণা স্বাধীনতাৰ উপৰিও মানুহৰ ভাল হ’বলৈ আৰু কিবাকিবি লাগে। লেখকে চৰিত্ৰটোৰ যোগেদি তেনেকুৱা ইংগিতকে দিছে বুলি ধাৰণা হয়। 

(জ) ক’লী বাইদেউঃ ক’লী বাইদেউ ৰণৰ একনিষ্ঠা সেৱিকা। ফুকনৰ দৰে নেতায়ো ক’লী বাইদেউৰ লগত ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰিছিল। সুভদ্ৰাৰ বিপদকালত ক’লী বাইদেৱেই অশেষ্ট চেষ্টা কৰি ছোৱালীজনীক মৃত্যুৰ মুখৰ পৰা ৰক্ষা কৰিলে। ৰেল বগৰোৱাৰ আগমুহূৰ্তত কামপুৰৰ গোসাঁয়ে সেই কামত বাধা আৰোপ কৰি চিঠি দিয়াৰ কাৰণে ক’লীয়ে নিজে আহি মহদা গোসাঁইৰ ওচৰত থিয় দিছে। কু’লী বাইদেৱে টাকুৰীত সূতা কটোতে কাহানিও আউল নালাগে, এতিয়া যাতে তেওঁলোকৰ কামতো আউল নালাগক সেই কাৰণেই মহদা গোঁসাইহঁতৰ ওচৰলৈ আহিছে। 

ধনপুৰক সুভদ্ৰাৰ মৃত্যুৰ খনৰটো তাইয়ে দিছিল। ধনপুৰক সেই খবৰ দিবলৈ ক’লীয়ে মুঠেই সঙ্কোচ নাছিল। মহদা গোসাঁইহঁতে খবৰটো গোপন কৰি ৰখাৰ কাৰণে তাই দুখহে কৰিছিল। ধনপুৰক আৰু এজনী সুভদ্ৰা আনি দিম বুলিও ক’লীয়া কৈছিল।

নিজৰ চিন্তা আৰু কামত ক’লী বাইদেউ খুব পৰিষ্কাৰ। ধনপুৰে গৰিলা যুদ্ধৰ কথা প্ৰথম ক’লী বাইদেউৰ মুখতেই শুনিছিল। চীনে জাপানৰ বিৰুদ্ধে বন্দুক লৈ কৰা যুদ্ধখনৰ কথাও ধনপুৰে ক’লীৰ মুখতেই শুনিছিল।

উপন্যাসখনৰ কাহিনীৰ গাঠনিতো ক’লীৰ চৰিত্ৰটোৰ ভূমিকা উল্লেখযোগ্য। 

(ঝ) গোসাঁনীঃ গোসাঁনী চৰিত্ৰটিৰ বেলেগ নাম দিয়া নাই, তেওঁক গোসাঁনী কৰিয়েই ৰখা হৈছে। গোসাঁয়ে নিশা লগৰীয়াসকলৰ সৈতে ৰেল বগৰোৱাৰ বিষয়ে আলোচনা কৰা গোসাঁনীয়ে বিছনাৰ পৰাই গুনি আছিল। গোসাঁনীয়ে স্পষ্টভাৱেই গোঁসাইক কৈছে। গোসাঁইৰ কিবা হয় বুলি তেওঁৰ ভয় লাগিছে। সেই গোটেই ৰাতি শৰ পহুজনীয়ে হাবিত কান্দি থকা গোসাঁনীয়ে গুনিছিল। 

ঘৰৰ পৰা যাত্ৰা কৰি ওলাই যোৱাৰ আগতে গোঁসায়ে গোসাঁনীক মাত লগাইছিল। গোসাঁনীয়ে নামিতিলে। যদিও তাৰ আগতে গোসাঁইক মকৰধ্বজ আৰু মৰাণ আদা যোগান কৰি দিছিল। গাৰোগাঁৱত গৈ গোসাঁনীয়ে গোঁসাইক লগ কৰিছে। গোসাঁইক তেওঁ সেৱা কৰিছে আৰু কৈছে তেওঁ নিজৰ জীৱনো আৰু গোসাঁইক জীৱনো ঈশ্বৰৰ হাততে অৰ্পন কৰিছে।

ঈশ্বৰৰ ওচৰত আত্মসমৰ্পন কৰিয়েই গোসাঁনীয়ে হৃদয়ত বল বান্ধিছিল। গৰ্ভৱতী গোসাঁনকো পুলিচে গ্ৰেপ্তাৰ কৰিলে। অনুপমাৰ ঘৰত গোসাঁনীৰ ল’ৰা এটি হ’ল। অনুপমাৰ ঘৰতে ডিমিক লগ পাই তেওঁ ল’ৰা হোৱাৰ খবৰটো গোসাঁইক দিবলৈ কৈছিল। তেতিয়া তেওঁৰ মুখত  সৰগৰ পোহৰ যেন হাঁহি বিৰিঙি উঠিছিল। অৱশ্য ইতিমধ্যে গোসাঁইৰ মৃত্যু হৈছিল।

গোস্বানীয়ে স্বাধীনতা ৰণৰ কথা বৰকৈ বুজি নাপায়। এই ৰণখনৰ কোন কাৰ শত্ৰু কোন কাৰ মিত্ৰ সেই কথাও গোসাঁনীয়ে বৰকৈ নাজানে। অন্তত ডাৰোগাই কংগ্ৰেছ ভলেণ্টিয়াৰৰ ওপৰত অত্যাচাৰ কৰিছে। সেই অনন্তৰ ঘৰতে তেওঁ‌ মাতৃ হৈছে আৰু অনন্তৰ পত্নী অনুপমাই তেওঁক চোৱা-চিতা কৰিছে। সেই অনন্তক আকৌ কংগ্ৰেছৰ মৃত্যু বাহিনীয়ে হত্যা কৰিছে। গোসাঁনীৰ কথা হ’ল যে, মানুহবোৰ ভাল হ’ব লাগে। স্বাধীনতা পালেই মানুহবোৰ ভাল হ’বনে নহয় সেই কথা গোসাঁনীয়ে নাজানে। কিন্তু তেওঁ ভাবে মানুহবোৰ মানুহ হ’ব লাগে। হিংসা, ঘৃনা, হত্যা এই বিলাকৰ পৰা মানুহ মুক্ত হ’ব লাগে। মতৃত্বৰ চিৰসুন্দৰ চৰিত্ৰটি তেওঁৰ দ্বাৰা উজ্জ্বলি উঠিছে।

(ঞ) অনুপমাঃ অনুপমাৰ গিৰিয়েক অনন্তক কংগ্ৰেছৰ মৃত্যু বাহিনীৰ লোকে হত্যা কৰিছে। তথাপিও সৰু কালৰ লগৰীয়া ৰূপনাৰায়ণৰ প্ৰতি তেওঁৰ সহানুভূতি আছে। অনুপমাৰ ব্যৱহাৰত মুগ্ধ হৈ ৰূপনাৰায়ণেও ভাবিছে স্বাধীনতাৰ যুঁজখন গান্ধীজীয়ে দেখুওৱা অহিংসাৰ পথেৰে হোৱা হ’লেই ভাল আছিল। ডিলিক লগ পোৱাৰ পিছত আৰু হাজাৰ হাজাৰ মানুহ স্বাধীনতা যুঁজলৈ ওলাই অহা দেখি অনুপমাৰ মনতো যেন সেই বা চাটি লাগিছে। সদৰ থানাৰ দাৰোগায়ো যধে-মধে মানুহ ধৰিব লগা হোৱাত পদ ইস্তফা দিছে। এই সকলোবোৰ কথাৰ মাজেদি চৰিত্ৰটোৰ বিকাশ দেখুওৱা হৈছে। কিন্তু চৰিত্ৰটো আৰু বিকশিত হোৱাৰ থল থাকি গ’ল।

প্ৰশ্নঃ ১১। “মৃত্যুঞ্জয়” উপন্যাসখনৰ পৰিৱেশ সম্পৰ্কে চমু বিশ্লেষণ দিয়া ।

উত্তৰঃ “মৃত্যুঞ্জয়” উপন্যাসখনৰ পৰিৱেশ অতিশয় হৃদয়গ্রাহী আৰু তাৎপৰ্যপূৰ্ণ। কলং, কপিলী, সোমাই, ব্ৰহ্মপুত্ৰৰ চাপৰি, ছিগা সুঁতি, নৈ, বিল, খাল, চোমনি, কুহিয়ানী, পথৰুৱা বাট, গৰুবাট আদিৰ যোগেদি অসমৰ বৈশিষ্টপূৰ্ণ প্ৰকৃতিৰ জগতখনক উপন্যাসখনৰ বুকুলৈ লৈ অহা হৈছে। ওখ টিলা, কেঁকুৰি, চেচুকীয়া ঠাই, প্ৰকাণ্ড বৰ গছৰ তলৰ এচটা শিল, সেই শিলত কটা পেটুৱা গণেশৰ মূৰ্তিৰ পৰা আৰম্ভ কৰি অসমৰ হাবি-বননি, চৰাই-চিৰিকটিৰ মনোৰম উল্লেখেৰে উপন্যাসখন জাতিষ্কাৰ হৈ আছে। এইবিলাকৰ যোগেদি ঔপন্যাসিক এখন নিজস্ব kosmos তৈয়াৰ কৰি ল’ব পাৰিছে। সেই kosmos অসমীয়া মানুহৰ বিশ্বাস আৰু পৰম্পৰাৰ ঐশ্বৰ্যতে মণ্ডিত। কীৰ্তন-দশম-নামঘোষাৰ পদ আৰু ঘোষা, অৰ্জন, ভীষ্ম, কৃষ্ণ, ৰাম, সীতা, ৰাৱণ আদিৰ উল্লেখেৰে অসমৰ পটভূমিত বিশাল ভাৰতীয় উত্তাৰাধিকাৰীকে উপন্যাসৰ চৰিত্ৰসমূহৰ মনুজগতলৈ লৈ অহা হৈছে। আহোমৰ দিনৰ লাচিত, গদাধৰ, জয়মতী আৰু বীৰ চিলাৰায়ৰ ঐতিহ্য, মোৱামৰীয়া বিদ্ৰোহ আৰু মানৰ দিনৰ উত্তৰাধিকাৰীকো উপন্যাসখনৰ চৰিত্ৰসমূহৰ মনোজগতলৈ অনি অসমীয়া জীৱনক পোহৰাই তোলা হৈছে। তদুপৰি অসমৰ লোকবিশ্বাস, যেনে– বুঢ়া-বুঢ়ী থান, বুঢ়া ডাঙৰীয়া, জলদেৱতা, সাপ, ফেঁচু চৰাই, ঘৰত ফেঁচা পৰা, ওপৰত শগুণ উৰা, কাউৰীক লৈ থকা লোকবিশ্বাস, মায়ঙৰ বেজে মানুহক বহা পীৰাতে লগাই থব পৰা, কুমন্ত্ৰ কৰি বিয়াৰ দৰা-কইনা পেলোৱা ইত্যাদি অসমীয়া মানুহৰ অজস্ৰ লোকবিশ্বাসে উপন্যাসখনত স্থান লাভ কৰি পৰিৱেশৰ ৰূপসজ্জা সুন্দৰ কৰি তুলিছে। 

কেইবাটাও চৰিত্ৰৰ মুখত প্ৰয়ে শঙ্কৰ-মাধৱৰ কীৰ্তন, দশম আৰু নামঘোষাৰ উল্লেখ উপন্যাসখনৰ পৰিৱেশৰ এক চমকপদ বৈশিষ্ট্য। মহদা গোসাঁই চৈতন্যপন্থী হ’লেও শঙ্কৰদেৱকো মানে। শঙ্কৰদেৱৰ ধৰ্ম আৰু মানৱীয় মূল্যবোধ অসমীয়া মানুহৰ প্ৰাণৰ সম্পদ। বহু গুৰুত্বপূৰ্ণ মূহুৰ্তত এই পদ-ঘোষাসমূহৰ যোগেদি চৰিত্ৰৰ মানসিক অৱস্থা প্ৰকাশ কৰি তোলা হৈছে। মধুৰ লগত কথা-বতৰা পাতি মহদা গোসাঁইৰ ওচৰলৈ অহা কথাটোৰ সাৰমৰ্ম উপলব্ধি কৰিয়েই মানিক বৰাই গালে, “নাহি মৃত্যুভয় ইটো শৰীৰৰ……..।” আচলতে মানিক বৰাৰ মনৰ মাজত তেতিয়া মৃত্যুৰ ছবি জিলিকি উঠিছিল। মানিক বৰাই ঘোষাফাঁকিৰ আশ্ৰয়তে সেয়া গ্ৰহণ কৰিছে। আকৌ মুকলি ঠাই টুকুৰাৰ পৰা ৰেল বগৰোৱা ঠাইলৈ নাৱেৰে পাৰ হওঁতে মানিক বৰাই এনেদৰে ঘোষাফাঁকি গাইছে।                               

“কৃষ্ণ কৃষ্ণ কৃষ্ণ বুলি যিটো অন্তকালে নিজ প্ৰাণ তেজে

আদ্যৰ শৱাদ মুকুতি তাঙ্ক দিৱয়।”

গোসাঁইৰ কাৰণে দৰিদ্ৰ নাৰায়ণৰ মুক্তিৰ হকে কাম কৰা “পৰম মঙ্গল কৃষ্ণ যশ” সদৃশ। স্বাধীনতা ৰণৰ ৰণুৱাই ধৰ্মীয় মূল্যবোধৰ এইদৰে সম্বল কৰি ল’ব পৰাটো কম তাৎপৰ্যপূৰ্ণ কথা নহয়।

তাৰ উপৰিও বৈষ্ণৱ ধৰ্মৰ বস্তকাৰণ লোৱা কথাৰ পৰা আৰম্ভ কৰি নামঘৰৰ ডব শংকৰ ধ্বনি, নামগোৱা, নামঘৰ, মনিকূট, বলুক গছ আদিৰ উল্লেখ অসমীয়া সমাজত বৈষ্ণৱ ঐতিহ্যই লাভ কৰা সকলোখিনি প্ৰধান্য আৰু বৈশিষ্ট্যক ঔপন্যাসিকে উপন্যাসৰ জগতখনলৈ লৈ আহিব পাৰিছে। কলাৰ ৰূপত যেন এইখন আৰু এখন অসম আৰু অসমীয়া সমাজ। গাৰো গাঁওখনৰ বঙ্গলা উৎসৱ, মিকিৰ জীয়ৰী আৰু গাৰো বোৱাৰী ডিমিৰ হাঁহি, কথা আৰু মানুহক ভাল পাব পৰা তাইৰ হৃদয়ৰ অকৃতিম সম্পদ, নেপালী গাঁৱৰ বলবাহাদুৰৰ নীৰ্ভীক আৰু আন্তৰিকতাপূৰ্ণ কাম-কাজ ইত্যাদিবোৰেই উপন্যাসখনক অসমীয়া জাতীয় জীৱনৰ বহুৰঙী বৈচিত্ৰ্যকে মুখৰিত কৰি তুলিছে।

প্ৰশ্নঃ ১২। “মৃত্যুঞ্জয়” উপন্যাসখৰ আঙ্গিক সম্পৰ্কে লিখা ?

উত্তৰঃ আঙ্গিক বা “পইন্ট অৱ ভিউ”ৱে উপন্যাসৰ গল্পটো কোৱাৰ পদ্ধতিটো সূচায়। “মৃত্যুঞ্জয়” উপন্যাসত লেখকে অনুসৰণ কৰা পদ্ধতিটো হৈছে Omniscient point of view অৰ্থাৎ লেখকে ইয়াত সবজ্ঞৰ ভূমিকা পালন কৰিছে। এনে আঙ্গিকৰ উপন্যাসৰ বেলিকা বৰ্ণনাকাৰীয়ে উপন্যাসৰ ঘটনাসমূহৰ বিষয়ে আৰু ঘটনাসমূহৰ ধাৰক আৰু বাহক চৰিত্ৰসমূহৰ বিষয়ে সকলো কথা জানে বুলি ধৰি লোৱা হয়। এনে ৰচনা কৌশল অৱলম্বন কৰা বৰ্ণনাকাৰীয়ে যিকোনো সময়ত পৰা যিকোনো সময়লৈ, যিকোনো স্থানৰ পৰা যিকোনো স্থানলৈ গতি কৰিব পাৰে, এটা চৰিত্ৰৰ  কথাৰ পৰা আন এটা চৰিত্ৰৰ কথালৈ নিজৰ ইচ্ছা অনুযায়ী অহা-যোৱা কৰিব পাৰে। এনে কৌশল অনুসৰণ কৰা বৰ্ণনাকাৰীয়ে চৰিত্ৰসমূহৰ ভাব আৰু কথাৰ বৰ্ণনা দি যায়। চৰিত্ৰসমূহে কোৱা কথাৰ বাহিৰেও তেওঁলোকৰ মনৰ ভিতৰৰ ভাব, চিন্তা, ইচ্ছা এইবিলাকৰো খবৰ দি যায়।

“মৃত্যুঞ্জয়” উপন্যাসত ঔপন্যাসিকে এই কৌশলৰ সুন্দৰতম বিকাশ ঘটাইছে। য’ত সম্ভৱ হয় লেখকে নিজেই চৰিত্ৰসমূহৰ কথা বৰ্ণনা কৰি গৈছে। উপন্যাসখনৰ প্ৰথম তিনিটা অধ্যায়ত চৰিত্ৰসমূহৰ কথা-বতৰাৰ মাজেদিয়েই চৰিত্ৰসমূহৰ ইচ্ছা, প্ৰৱণতা, বিশ্বাস আৰু মূল্যবোধৰ সুন্দৰ প্ৰকাশ ঘটিছে। চৰিত্ৰসমূহৰ অতীত সোঁৱৰণৰ মাজেদিও ঔপন্যাসিকে নিজৰ জগতখনৰ ৰূপৰেখা প্ৰথম অধ্যায় তিনিটাতে তৈয়াৰ কৰি ল’বলৈ সক্ষম হৈছে। শেষৰ অধ্যায় দুই-তিনিটাৰ অৱশ্যে ঘটনাৰ গতি বেছি খৰ হৈছে আৰু চৰিত্ৰৰ ভাব আৰু চিন্তাই ঘটনাক লগ ধৰিব নোৱাৰা যেন হৈ পৰিছে।

“মৃত্যুঞ্জয়” উপন্যাসৰ আংগিকৰ কথা কওঁতে উপন্যাসখনৰ এটা কথা মনলৈ আহে। সেইটো হৈছে, উপন্যাসখনৰ বহুখিনি ঘটনা যাত্ৰাৰ মাজেদিয়েই ফুটাই তোলা হৈছে। পৃথিৱীৰ বহু মহৎ গ্ৰন্থৰ বিলিকা এনে যাত্ৰাৰ কৌশল গ্ৰহণ কৰা দেখা যায়। গ্ৰীক মহাকাব্য “ওডিচি”, বানিয়ানৰ “পিলগ্ৰিমছ প্ৰগ্ৰেছ”ৰ কাহিনী যাত্ৰাৰ মাজেদিয়েই প্ৰকাশ পাইছে। ৰামায়ণ আৰু মহাভাৰততো যাত্ৰাৰ বৰ্ণনা সুন্দৰ ৰূপত আছে। আধুনিক যুগৰ এখন মহৎ গ্ৰন্থ অৰ্নেষ্ট হেমিংওৱেৰ “ডি অল্ড মেন এণ্ড বি চি” উপন্যাস এক যাত্ৰাৰ কাহিনী মাথোন। “মৃত্যুঞ্জয়” উপন্যাস পঢ়োতে আমাৰ এই উপন্যাসখনলৈ সঘনে মনত পৰে। সেই উপন্যাসত অৱশ্যে বৃদ্ধ মাছমৰীয়া চান্টিয়াগোৱে অকলে মাজসাগৰলৈ যাত্ৰা আৰম্ভ কৰিছে মাছ ধৰিবৰ কাৰণে। প্ৰায় তিনিদিন তিনি ৰাতি ব্যাপি তেওঁৰ এই যাত্ৰা, প্ৰথমে যোৱা, পিছত ঘূৰা।

উপন্যাসনৰ পঢ়োতে আমাৰ মহাভাৰতলৈকো মনত পৰে। কুৰুক্ষেত্ৰ যুদ্ধ প্ৰসঙ্গত যুধিষ্টিৰ, ভীম আৰু অৰ্জুনক শ্ৰীকৃষ্ণই সততে কৌৰৱ ৰাজসভাত দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ ঘটনালৈ মনত পেলাই দিব লগা হৈছিল। আকৌ যুদ্ধ চলি থাকোতে পিছৰ অৱস্থালৈ সপ্তৰথীয়ে অভিমন্যুক বেৰি মৰাৰ কথা মনত পেলাই দিব লগা হৈছিল। “মৃত্যুঞ্জয়”তো মহদা গোসাঁই, মানিক বৰা, ভিভিৰাম, মধু, সুভদ্ৰা, তিলক ডেকা, ভুগেশ্বৰী আদিৰ কথাই কৰ্তব্য পালনত অধিক সুদৃঢ় কৰি তুলিছে। 

প্ৰশ্নঃ ১৩। ঔপন্যাসিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ “মৃত্যুঞ্জয়” উপন্যাসত তেওঁৰ জীৱন জিজ্ঞাসা কেনেদৰে ফুটি উঠিছে লিখা ?

উত্তৰঃ উপন্যাসখনত দিয়া টোকাটোত ঔপন্যাসিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কৈছে—”মানৱ-মুক্তিৰ সাধনাতকৈ মানুহৰ সমগ্ৰ সত্তা আৰু চিত্ত আলোড়িত কৰা আন কিবা কোবাল সাধন আছে বুলি ধাৰণা কৰা টান”। গান্ধীজীৰ নেতৃত্বত চলা ভাৰতৰ স্বাধীনতা সংগ্ৰাম আছিল মানৱ-মুক্তিৰ সাধনাৰ এটা খণ্ড বা অধ্যায়। প্ৰাচীন ভাৰতীয় সভ্যতাত, বুদ্ধদেৱৰ দৰ্শনত, নৱ-বৈষ্ণৱ ধৰ্মৰ ধৰ্মগুৰুসকলৰ লেখা আৰু সাধনাত এই মানৱ-মুক্তিৰ কথাই আছে। প্ৰধানকৈ এই ঐতিহ্য আৰু পৰম্পৰাকে লৈ, লগতে পশ্চিমীয়া চিন্তা জগতৰ কিছু ভাব-আদৰ্শও গ্ৰহণ কৰি মহাত্মা গান্ধীয়ে প্ৰথমে দক্ষিণ আফ্ৰিকাতে তেখেত সত্যাগ্ৰহ আৰম্ভ কৰে। এই সত্যাগ্ৰহ আছিল গান্ধীজীৰ কাৰণে মানৱ-মুক্তি সাধনাৰ প্ৰথম খোজ। তাৰ পিছত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ যোগেদি তেখেতে মানৱ-মুক্তিৰ এই সাধনাৰ এক বিশেষ ৰূপ দিয়ে। গান্ধীজীৰ কাৰণে ভাৰতৰ স্বাধীনতা সংগ্ৰাম বিশ্ব-মানৱৰ মুক্তি আন্দোলনৰ অংশবিশেষ মাথোন। গান্ধীজীৰ মানৱ-মুক্তিৰ এই আন্দোলনত হিংসাৰ স্থান নাই। অহিংসা আৰু প্ৰেমেৰে এই আন্দোলন পৰিচালিত হ’ব লাগিব। তাকে কৰি যাওঁতে এই অহিংসা আন্দোলনে নানা সময়ত হিংসাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লগা হৈছিল। কেতিয়াবা কেতিয়াবা আকৌ আন্দোলনৰ নিজৰ শক্তিৰ মাজৰ পৰাই হিংসাৰ প্ৰৱণতাই গা কৰি উঠিছিল। দ্বিতীয় মহাসমৰৰ মানৱ বিধ্বংসী বিভীষিকাৰ মাজত এটা সময়ত অন্ততঃ এচাম স্বাধীনতা সংগ্ৰামীৰ ক্ষেত্ৰত এই আন্দোলনটোৱে ইয়াৰ অহিংসা চৰিত্ৰ হেৰুৱাই পেলাব খুজিছিল। তেনে এক সময়ৰে হিংসা-অহিংসাৰ এক দ্বন্দ্বময় ছবি উপন্যাসখনত ফুটাই তোলা হৈছে। মানৱ-মুক্তিৰ কাৰণে অহিংস পথ লোৱাসকলে মুক্তিসাধন পথত বাধা প্ৰদান কৰাসকলৰ বিৰুদ্ধে যেনেকৈ অহিংসাৰ হ’ব লাগিব, মানৱ-মুক্তিৰ কাৰণে ভিন্ন পথ লোৱা সকলৰ কাৰণেও অহিংস হ’ব লাগিব। ভাৰতৰ ৰাইজৰ বিপ্লৱৰ পথ যে এটাই হ’ব সেইটো নহয়। গতিকে ভিন্ন পথ লোৱাসকলৰ প্ৰতিও প্ৰেম আৰু অহিংসাৰ ভাবেই থাকিব লাগিব। মানৱ-মুক্তিৰ সাধন ভাৰতীয়ৰ ঐতিহ্যৰ তীৰ্থ ভ্ৰমণ বা যজ্ঞৰ দৰে হ’ব লাগিব। ইয়াত হিংসাৰ স্থান নাই। অহিংস পথেৰে গ’লেহে মানুহ “ভাল” হ’ব। উপন্যাসখনত লেখকৰ জীৱন জিজ্ঞাসা এইদৰেই ফুটি উঠা দেখা যায়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top