বামুণ আৰু বামুণীৰ কাহিনী | Bamun Aru Bamunir Kahini

বামুণ আৰু বামুণীৰ কাহিনী | Bamun Aru Bamunir Kahini, ককাদেউতা আৰু নাতি ল’ৰা সাধু কবিতা পুথিৰ পৰা সংগ্ৰহ, বামুণ আৰু বামুণীৰ গল্প, সাধুকথা, অসমীয়া কাহিনী, বামুণ আৰু বামুণীৰ কথা, শিশুৰ বাবে কাহিনী

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

একালত এখন দেশত এজন বৰ দুখীয়া বামুণ আছিল। বামুনে ধন – বিত ঘটি বামুণীক আনি দিব নোৱাৰে দেখি বামুণীয়ে বামুণক নিতৌ টান কথাৰে কৰচি থাকে। এদিন বামুণীয়ে বামুণক ক’লে  ”আমাৰ ৰজাৰ ঘৰলৈকে যোৱাচোন; দেশৰ অতবোৰ বামুণে গৈ চোলোখ মাতি ৰজাক আশীৰ্বাদ কৰি পইচা আনিব লাগিছে, তুমিহে নোৱাৰা। তুমিনো গৈ সচাই মিছাই চোলোখ মাতি এজোলোকা আশীৰ্বাদ দি টকা পইচা গোটাচেৰেক আনিব নোৱাৰা নে?” বামুণীৰ কথা শুনি বামুণে কলে, “তইতো মুখেৰে কব পাৰ, কিন্তু লুইতেহে জানে বঠাৰ কোব কিমানলৈ বহে। মই যে ধুই পানী এটোপা খাবলৈকো আশীৰ্বাদ এষাৰ নাজানো আৰু শ্লোক এটাও নাজানো, সেইটো তোৰ ভূ আছে নে নাই?” বামুণৰ এই কথা শুনি ঘৈণীয়েকে খঙেৰে কলে, “যোৱা দেও হে, তুমি নো তেনেহলে কিহৰ মতাটো? আশীৰ্বাদ একাষাৰ দিবও নাজানা, শ্লোক এটাও মাতিব নাজানা, মিছাতে বামুণ জনম পালা। বোলো, মই কৈছোঁ তুমি যোৱা ৰজাৰ ঘৰলৈ; যাওঁতে বাটত যিহকে দেখা তাকেই সচাই মিছাই শ্লোকৰ নিচিনা কৰি সাজি ৰজাৰ আগত ৰসসৰ কৰে মাতি দিবা, কোনেনো ধৰিব?” 

বামুণে বামুণীৰ কথাকে সৰোগত কৰি লৈ “বাৰু যাম” বুলি কলত, বামুনীয়ে গা পা ধুই ৰান্ধি বাঢ়ি ভালকৈ বামুণক এসাঁজ খুৱাই ৰজাৰ ঘৰলৈ পঠিয়াই দিলে। মাটি খান্দি থকা দেখি সেই কথাকে শ্লোকৰ নিচিনাকৈ সাজিবলৈ মন কৰি “খুচুৰ মুচুৰ মাটি খোচোৰা:” বুলি মনতে সাজি থলে। তাৰ পিছত তেওঁ অলপমান গৈ, এটা মানুহে শাকনি বাৰীত সোমাই শাক নিৰাই থকা দেখি সেইটো কথাও মনতে ঈদৰ শ্লোক কৰিলে – “কুচুটি মুচুটি বহি কিং কৰা:।।” তাৰ পিছত অলপমান গৈ বামুণে দেখিলে যে এটা বলদ গৰু সেই ফাললৈকে আহিছে, তাৰ পিছত এটা বগলী উঠি আছে আৰু বগলীটোৱে দুৰৰপৰা বামুণক ডিঙি মেলি মেলি চাইছে। ইয়াকে দেখি বামুণে আগৰ দৰেই আৰু দুফাকি শ্লোক ৰচনা কৰিলে – “এখুজি দুখুজিকৈ কলৈ যোৱা:। ডিঙি মেলিঙ মেলিঙ কালৈ চোৱা:।।” ইয়াৰ পিছত অলপ বাট গৈ বামুণে এজোপা লাওঁগছত ফুল ফুলি থকা দেখি আৰু এফাকি শ্লোক সাজিলে – “লাও ফুলং ফুলা:।” ইয়াৰ অলপ পৰৰ পিছত ৰাজসভাৰ ওচৰা উচৰি লওঁতেই বামুণে তেওঁৰ ওচৰ চুবুৰীয়া চিনাকি পেট গাধৰি নামৰ বামুণক দেখি এচৰণ শ্লোক সাজিলে – “পেট গাধৰি বাপু কলৈ যোৱা:।।”

“খুচুৰ মুচুৰ মাটি খোচৰা:।

কুচুটি মুচুটি বহি কিং কৰা:।।

এখুজি দুখুজিকৈ কলৈ যোৱা:।

ডিঙি মেলিং মেলিং কালৈ চোৱা:।।

লাও ফুলং ফুলা:।

পেট গাধৰি বাপু কলৈ যোৱা:।।”

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

ৰজাই এই শ্লোকটো শুনি বিস্ময় মানি বামুণক তাৰ অৰ্থ ভাঙিবলৈ কলত বামুণে, কাটে মাৰে যি কৰে কৰক বুলি ভয়ত কঁপি কঁপি, আদিৰেপৰা অন্তলৈকে সকলো কথা ৰজাৰ আগত ভাঙি কলে। বামুণৰ কথা শুনি ৰজাই বামুণক হোজা দেখি তেওঁলৈ মৰম লাগি এচৰু ৰূপ আৰু এচৰু সোণ তেওঁক দি পঠিয়াই দিলে। ৰজাই বামুণক ৰূপ চৰু আৰু সোণ চৰু দিওঁতে পেট গাধৰি বাপুও ৰজাৰ সভালৈ থাকি সেইটো দেখি আহিল।

বামুণে সোণ ৰূপ দুচৰু লৈ ঘৰলৈ উভতি আহি মিচিককৰে হাঁহি বামুণীৰ আগত বাকী দিলে। বামুণীয়ে ইমানবোৰ সোণ ৰূপ দেখি আনন্দত উত্ৰাৱল সি গিৰিয়েকক সুধিলে – “কোৱাচোন কোৱা, তুমিনো কত ইমানবোৰ সোণ ৰূপ পালা?” বামুণে নিজক গধুৰ কৰি  গহীনকৈ ঘৈণীয়েকক ক’লে – ”এতিয়া যাচোন যা, ৰন্ধা – বঢ়া কৰগৈ। জিৰাই – শতাই খাই – বৈ লওঁ, তাৰ পিছত শোওঁতে শোৱাপাটিত কম।” এই কথা শুনি বামুনিয়ে আনন্দটো মনৰ চুঙাত হেঁচা মাৰি সুমুৱাই সোপা দি থৈ সোণ – ৰূপবোৰ বুটলি, সামৰি – সূতৰি ভালকৈ থৈ দিলে আৰু তেতিয়াই ততাতৈয়াকৈ গা ধুই ভাত এগাল ৰান্ধিবলৈ গৈ।

ভাত – পানী খাই উঠি বামুণ – বামুণীয়ে শোৱাপাটিত উঠিলত, বামুণীয়ে  গিৰিয়েকক সেই সোণ – ৰূপৰ কথা সুধিলত গিৰিয়েকে ক ‘ বলৈ ধৰিলে।

ইফালে বামুণ – বামুণীৰ ওচৰ – চুবুৰীয়া কিৰপিন যক্ষ পেট – গাধৰি নামৰ বামুণজনে, দুখীয়া বামুণটোৱে একেদিনৰ ভিতৰতে ইমানবোৰ সোণ ৰূপ পোৱা দেখি তাৰ শ্ৰী সহিব নোৱাৰি, সেইবোৰ চোৰ কৰি নিবৰ মনেৰে বামুণৰ শুৱনি ঘৰৰ পিৰালিত বহি লাহে লাহে সিন্ধী খাবলৈ ধৰিছে। বামুণে ঘৈণীয়েকৰ আগত, প্ৰথমতে তেওঁ ৰজাৰ আগত কি শ্লোক ফাঁকি মাতিছিল কলে – 

“খুচুৰ মুচুৰ মাটি খোচৰা।”

চোৰে সিন্ধী খান্দি থাকোতেই এই কথা শুনি ভাবিলে যে গিৰিহঁতে এই কথা তাকহে কৈছে। ইয়াকে সি ভাবি সিন্ধী খান্দিবলৈ এৰি, পিৰালিত কুচি – মচি বহিল। সিফালে বামুণেও ৰজাৰ আগত কোৱা দ্বিতীয়ফাকি শ্লোক ঘৈণীয়েকৰ আগত মাতিলে – “কুচুটি মুচুটি বহি কিং কৰা।” এই কথা চোৰৰ কাণত পৰিলত সি ভাবিলে, তাক সেইদৰে বহা দেখিহে গিৰিহঁতে সেই কথা কৈছে। সেইদেখি সি তাৰ পৰা উঠি এখোজ – দুখোজকৈ যাবলৈ ধৰিলে। ইফালে বামুণে ঘৈণীয়েকৰ আগত তৃতীয় ফাঁকি “শ্লোক” মাতিলে – “এখুজি – দুখুজিকৈ কলৈ যোৱা।” এইবাৰ চোৰৰ কাণত এইষাৰ পৰিলতে সি ভাবিলে, “মই ধৰা পৰিলোঁ।” গিৰিহঁতে তাক ধৰিবলৈ আহিছে যেন ভাবি সি ডিঙি মেলি চাওঁতেই শুনিলে – “ডিঙি এলিং মেলিং কালৈ চোৱা।” এইষাৰ কথাও গিৰিহঁতে চোৰকে কৈছে যেন ভাবি, লুকাবৰ মনেৰে চোৰ ওচৰতে এজোপা লাওঁগছৰ মাজত সোমালগৈ। ইপিনে বামুণে পঞ্চম আৰু ষষ্ঠ ফাঁকি “শ্লোক” মাতি ঘৈণীয়েকক শুনালে – “লাও ফলং ফুলাং। পেট গাধৰি বাপু কলৈ যোৱা।” পেট গাধৰি বামুণ চোৰে সেই কথা শুনি তাৰ আচল মানে বুজিব নোৱাৰি, ধৰা পৰিলোঁ বুলি ভাবি, লাওৰ মাজৰ পৰা ওলাই চোতাললৈ আহি বামুণক মাত লগালে – “যি হʼল হʼল, এই কথা আৰু কাৰো আগত নকবি বোপাই।” বাহিৰত পেট গাধৰিৰ মাত শুনি গিৰিয়েকে ওলাই আহি তাৰ হাত দুখনত ধৰি পেলালে। বামুণীয়ে চোৰক কলে, “যদি কাকো কব নেলাগে, তেন্তে তোমাৰ ঘৰৰ লোটা, বাটি, কাঁহী, কলহ, বয় বস্তুবোৰ আমাক দিয়া।” পেট গাধৰিয়ে এই কথাটো উলিয়ালে তাৰ সৰ্বনাশ হব জানি গোঁসাইৰ শপত খাই কলে যে, কাইলৈ পুৱাই সি তাৰ বয় বস্তুবোৰ বামুণ – বামুণীক আনি দি যাবহি, সিহঁতে যেন সেই কথা কাৰো আগত নুলিয়ায়। এই কথাত বামুণ বামুণী মান্তি হৈ পেট গাধৰিক এৰি দিলে। 

পিছদিনা পেট গাধৰিয়ে তাৰ বয় বস্তু সোপাকে  আনি বামুণ বামুণীক দিলে আৰু তাৰ পিছত দুয়ো চহকী হৈ মহাসুখে খাই বৈ থাকিল।

NOTE: কাকাদেউতা আৰু নাতি লʼৰা আৰু বুঢ়ী আইৰ সাধুৰ দৰে কাহিনী সম্ভাৰে শিশুৰ মানসিক বিকাশত সহায় কৰে। এনে কাহিনীয়ে শিশুক কাল্পনা শক্তিৰ যোগান ধৰে। পুৰণি যুগৰ সমাজৰ এটি সজীৱ চিত্ৰও এনে কাহিনীৰ মাজত ফুটি উঠে। বামুণ আৰু বামুণীৰ এনে এক প্ৰকাৰৰ কাহিনী বা গল্প যিয়ে পঢ়ুৱৈৰ মনত মনোৰঞ্জনৰ লগতে শিক্ষাৰো যোগান ধৰে। বামুণ আৰু বামুণী এহালৰ মাজত হোৱা কিছু মনোৰঞ্জক তথা কাল্পনিক ঘটনা ইয়াত দাঙি ধৰা হৈছে। বামুণ আৰু বামুণীৰ এই কাহিনীয়ে পঢ়ুৱৈক অতিকৈ আনন্দিত কৰিব বুলি আশা কৰিলোঁ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top