Assam Jatiya Bidyalay Class 8 Social Science Chapter 12 ভাৰতবৰ্ষ – চমু ভৌগোলিক পৰিচয়

Assam Jatiya Bidyalay Class 8 Social Science Chapter 12 ভাৰতবৰ্ষ – চমু ভৌগোলিক পৰিচয়, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 8 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 12 ভাৰতবৰ্ষ – চমু ভৌগোলিক পৰিচয় Class 8 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 8 Social Science Chapter 12 ভাৰতবৰ্ষ – চমু ভৌগোলিক পৰিচয় Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 8 Social Science Chapter 12 ভাৰতবৰ্ষ – চমু ভৌগোলিক পৰিচয় provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

ভাৰতবৰ্ষ – চমু ভৌগোলিক পৰিচয়

Chapter – 12

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১। (a) ভাৰতবৰ্ষ কোনখন মহাদেশত অন্তৰ্ভুক্ত ?

উত্তৰঃ এছিয়া মহাদেশত অন্তৰ্ভুক্ত।

(b) ভাৰতবৰ্ষই পৃথিৱীৰ মুঠ মাটি কালিৰ কিমান শতাংশ আগুৰি আছে ?

উত্তৰঃ ২.২  শতাংশ আগুৰি আছে।

(c) ভাৰতৰ দক্ষিণে থকা দ্বীপ ৰাষ্ট্ৰখনৰ নাম কি ?

উত্তৰঃ শ্ৰীলংকা।

(d) ভাৰতৰ সৰ্বোচ্চ শৃঙ্গটোৰ নাম লিখা।

উত্তৰঃ কাঞ্চনজংঘা ( উচ্চতা প্ৰায় ৮৬০০০ মিটাৰ)

(e) ভাৰতৰ থৰ মৰুভূমি কোনটো অঞ্চলত অৱস্থিত ?

উত্তৰঃ ৰাজস্থানৰ সমভূমি অঞ্চলত।

(f) দাক্ষিণাত্য মালভূমি কি শিলেৰে গঠিত ?

উত্তৰঃ আগ্নেয়শিলাৰে গঠিত।

(g) আৰৱ সাগৰত অৱস্থিত ভাৰতৰ দ্বীপপুঞ্জটোৰ নাম লিখা।

উত্তৰঃ লাক্ষা দ্বীপপুদ্বীঞ্জ।

(h) উত্তৰ-পূব মৌচুমী বতাহ কোন অঞ্চলৰ পৰা বৈ আছে।

উত্তৰঃ মধ্য এছিয়াৰ পৰা।

(i) প্ৰাকৃতিক উদ্ভিদৰ ভিত্তিত গঢ়ি উঠা দুটা উদ্যোগৰ নাম লিখা।

উত্তৰঃ প্লাইউড উদ্যোগ আৰু পেপাৰ উদ্যোগ।

(j) জনসংখ্যাৰ ফালৰ পৰা পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান ক’ত ?

উত্তৰঃ পৃথিৱীৰ ভিতৰত দ্বিতীয় স্থানত।

(k) ভাৰতৰ কোনটো অঞ্চলত জনসংখ্যা অতি ঘন ?

উত্তৰঃ ভাৰতৰ গঙ্গা আৰু ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত জনসংখ্যা অতি ঘন।

(l) ভাৰতৰ আটাইতকৈ ঘন জনবসতিপূৰ্ণ ৰাজ্যেখনৰ নাম লিখা।

উত্তৰঃ পশ্চিমবঙ্গ (প্রতি বৰ্গ কিলোমিটাত ৯০৪ জন)

(m) ভাৰতৰ সবাতোকৈ কম জনসংখ্যা থকা ৰাজ্যে খনৰ নাম লিখা।

উত্তৰঃ চিকিম।

(n) কৃষিৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা এটা উদ্যোগৰ নাম লিখা।

উত্তৰঃ চাহ উদ্যোগ, বস্ত্ৰ উদ্যোগ, চেনি উদ্যোগ ইত্যাদি।

(o) ভাৰতৰ প্ৰধান ধান উৎপাদনকাৰী ৰাজ্যে কোন খন ?

উত্তৰঃ পশ্চিমবঙ্গ।

(p) কোনখন ৰাজ্যে ভাৰতৰ ‘ঘেঁহুৰ ভঁৰাল’ বুলি কোৱা হয় ?

উত্তৰঃ পঞ্জাৱক ভাৰতৰ ‘ঘেঁহুৰ ভঁৰাল’ বুলি কোৱা হয়।

(q) ভাৰতৰ প্ৰধান অৰ্থ শস্য কি ?

উত্তৰঃ চাহ ভাৰতৰ প্ৰধান অৰ্থ শস্য।

(r) ভাৰতৰ প্ৰথম যন্ত্ৰচালিত কপাহী বস্ত্ৰ উদ্যোগ ক’ত আৰু কেতিয়া স্থাপন কৰা হৈছিল ?

উত্তৰঃ ১৮৫৪ খ্ৰীষ্টাব্দত মুম্বাইত ভাৰতৰ প্ৰথম যন্ত্ৰচালিত কপাহী বস্ত্ৰ উদ্যোগ স্থাপন কৰা হৈছিল।

(s) চেনি উদ্যোগ কোনখন দেশৰ স্থান পৃথিৱীৰ  ভিতৰত প্ৰথম ?

উত্তৰঃ চেনি উদ্যোগ কিউবাৰ দেশৰ স্থান পৃথিৱীৰ  ভিতৰত প্ৰথম।

(t) চেনি উদ্যোগৰ কেঁচামাল কি ?

উত্তৰঃ কুঁহিয়াৰ।

২। (a) কোনকেইখন ৰাষ্ট্ৰক লৈ ভাৰতীয় উপমহাদেশ অঞ্চল গঢ়ি উঠিছে ?

উত্তৰঃ ভাৰত,বাংলাদেশ,পাকিস্তান,নেপাল, ভূটান, শ্ৰীলংকা আৰু মালদ্বীপক লৈ ভাৰতীয় উপমহাদেশ অঞ্চল গঢ়ি উঠিছে।

(b) দাক্ষিণাত্য মালভূমিৰ চাৰিখন প্ৰধান নদীৰ নাম লিখা।

উত্তৰঃ মহানদী, গোদাবৰী, কৃষ্ণা, কাবেৰী,পেনাৰ।

(c) দক্ষিণ ভাৰতৰ তুলনাত উত্তৰ ভাৰতত গৰম কিয় কম ?

উত্তৰঃ উত্তৰ ভাৰতৰ অঞ্চলবোৰ দক্ষিণ ভাৰতৰ তুলনাত গৰম কম কিয়নো এই অঞ্চলবোৰ বিষুৱ ৰেখাৰ পৰা বহুত দূৰত অৱস্থিত ।

(d) ভাৰতৰ কৰমণ্ডল উপকূলত শীতকালতো বৰষুণ হোৱাৰ কাৰণ কি ?

উত্তৰঃ উত্তৰ-পূৱ মৌচুমী বতাহ বঙ্গোপসাগৰদি পাৰ হওঁতে কিছু পৰিমাণে জলীয় বাষ্প আহৰণ কৰে আৰু পিছত পূৰ্বঘাট পৰ্বতত ঠেকা খাই কৰমণ্ডল উপকূলত বৰষুণ দিয়ে। এনেদৰে ভাৰতত কৰমণ্ডল উপকূলত শীতকালতো বৰষুণ হয়।

(e) একে অক্ষাংশত অৱস্থিত আগ্ৰা আৰু দাৰ্জিলিং জলবায়ুৰ মাজৰ প্ৰভেদ থকাৰ কাৰণ লিখা।

উত্তৰঃ উচ্চতাৰ পাৰ্থক্য থকা বাবেই একে অক্ষাংশত অৱস্থিত আগ্ৰা আৰু দাৰ্জিলিং জলবায়ুৰ মাজৰ প্ৰভেদ থকা দেখা যায়।

(f) ধান খেতিৰ বাবে কেনে ধৰণৰ জলবায়ু প্ৰয়োজন ?

উত্তৰঃ ধান খেতি উৎপাদনৰ বাবে ২৫ ডিগ্ৰী ছেলছিয়াছ বা ততোধিক উষ্ণতা থকা আৰু বছৰি গড়ে ১০০ ছেন্টিমিটাৰতকৈ অধিক বৰষুণ পৰা জলবায়ুৰ প্ৰয়োজন।

(g) লো তীখাৰ উদ্যোগ সমূহ আকৰিক লোৰ খনিৰ আশে পাশে গঢ়ি উঠাৰ কাৰণ লিখা।

উত্তৰঃ লো তীখাৰ উদ্যোগ সমূহ গঢ়ি উঠিবৰ বাবে প্ৰয়োজন হোৱা কেঁচা মালবোৰ হ’ল আকৰিক লো, কয়লা আৰু চুনশিল। এইবোৰ পৰিবহণত সুবিধা হয় বাবে লো তীখাৰ উদ্যোগসমূহ আকৰিক লো খনিৰ ওচৰে পাজৰে গঢ়ি উঠে ।

৩। ভাৰতৰ ভূ-প্ৰাকৃতিক বিভাগসমূহ উল্লেখ কৰা।

উত্তৰঃ ভাৰতৰ ভূ-প্ৰাকৃতিক বিভাগসমূহ হ’ল–

১) উত্তৰ পাৰ্বত্য অঞ্চল।

(২) উত্তৰ বিশাল সমভূমি অঞ্চল।

(৩) দাক্ষিণাত্যৰ মালভূমি অঞ্চল।

(৪) উপকূলীও সমভূমি অঞ্চল।আৰু

(৫) দ্বীপীয় অঞ্চলত।

৪। ভাৰতত জলবায়ুত হিমালয় পৰ্বতৰ প্ৰভাৱ লিখা।

উত্তৰঃ হিমালয় পৰ্বত মালাই উত্তৰ দিশৰ পৰা অহা হিম চেঁচা বতাহজাকক বাধা দিয়ে বাবে ভাৰতৰ শীতৰ প্ৰকোপ যথেষ্ট কম অনুভূত হয়। হিমালয় পৰ্বতৰ অবিহনে উত্তৰ ভাৰতৰ জলবায়ু অতি শীতল আৰু চেঁচা হ’লহেতেন। আনহাতে হিমালয় পৰ্বত মালাই জলীয় বাষ্প পূর্ণ মৌচুমী বায়ু মধ্য এচিয়ালৈ পাৰ হৈ যোৱাত বাধা দিছে আৰু উত্তৰ ভাৰতৰ অঞ্চলটো শুকান হোৱাৰ পৰা ৰক্ষা কৰিছে।

৫। ভাৰতৰ মৃত্যুৰ হাৰ হ্রাস পোৱাৰ তিনিটা কাৰণ লিখা।

উত্তৰঃ ভাৰতৰ মৃত্যুৰ হাৰ হ্রাস পোৱাৰ তিনিটা কাৰণ হ’ল―

(ক) সকলো ধৰণৰ মহামাৰীৰ নিয়ন্ত্ৰণ।

(খ) সকলোৰে বাবে উন্নত চিকিৎসা পদ্ধতিৰ ব্যৱস্থা।আৰু

(গ) জনসাধাৰণৰ ক্ৰমাগত স্বাস্হ্য সজাগতা।

৬। প্রাকৃতিক উদ্ভিদৰ গুৰুত্ব লিখা।

উত্তৰঃ উদ্ভিদ প্ৰকৃতিৰ অমূল্য সম্পদ। এনে ধৰণৰ প্ৰাকৃতিক সম্পদৰ পৰাই অতি মূল্যবান কাঠ পোৱা যায়। তদুপৰি ভাৰতৰ প্ৰাকৃতিক অঞ্চলত অগনন ঔষধি গছ পোৱা যায় যিবোৰৰ পৰা বিভিন্ন জীৱন দায়িনী ঔষধ প্ৰস্তুত কৰা হয়। তদুপৰি উদ্ভিদ ভূমি ক্ষয় কৰে আৰু মাটিৰ উৰ্বৰতা শক্তি বৃদ্ধি কৰে। আকৌ প্ৰকৃতিৰ উদ্ভিদ জগতৰ ওপৰত ভিত্তি কৰিয়েই বহুতো উদ্যোগ গঢ়ি উঠিব পাৰে।

৭। ভাৰতৰ জলবায়ুত মৌচুমী বতাহৰ প্ৰভাৱ লিখা।

উত্তৰঃ ভাৰতৰ জলবায়ুত মৌচুমী বায়ুৰ উল্লেখযোগ্য প্ৰভাৱ বিশেষ ভাবে মনকৰিবলগীয়া। মৌচুমি বতাহ গ্ৰীষ্ম আৰু শীতকালত বলে আৰু ইয়ে ভাৰতৰ জলবায়ুত বহুতো প্ৰভাৱ বিস্তাৰ কৰে। উত্তৰ পূৱ মৌচুমী বতাহ শীত কালত মধ্য এচিয়াৰ পৰা ভাৰতলৈ বলে যদিও উত্তৰ অৱস্থিত হিমালয় পৰ্বতে হিম চেঁচা এই বতাহ উত্তৰ ভাৰতত প্ৰৱেশত বাধা দিয়ে। উত্তৰ পূব মৌচুমী বায়ু শুকান আৰু চেঁচা হয়। অৱশ্যে এই বতাহ বঙ্গোপসাগৰদি বৈ যাওঁতে কিছু জলীয় বাষ্প আহৰণ কৰে আৰু ফলত দক্ষিণ ভাৰতৰ পূৰ্বঘাট পৰ্ব্বতৰ ঠেকা খাই কৰমণ্ডল উপকূলত বৰষুণ দিয়ে।

দক্ষিণ পশ্চিম মৌচুমী বতাহ আৰৱ সাগৰ ওপৰেদি ভাৰত প্ৰৱেশ কৰে আৰু পৰ্য্যাপ্ত জলীয় বাষ্প আহৰণ কৰি আনে বাবে এই বায়ুৰ ফলত ভাৰতৰ প্রচুর বৰষুণ হয়। বিশেষকৈ এই বায়ুতে যেতিয়া মেঘালয়ৰ মালভূমিত বাধা পায় তেতিয়া মেঘালয়ৰ চেৰাপুঞ্জী মছিনৰাম অঞ্চলত প্ৰচুৰ বৰষুণ হোৱা দেখা যায়।

৮। ভাৰতৰ কোন চনৰ পৰা জনসংখ্যা বৃদ্ধি হৈ গৈ আছে? ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ দুটা মূল কাৰণ লিখা।

উত্তৰঃ ভাৰতত ১৯২১ চনৰ পৰা জনসংখ্যা বৃদ্ধি হৈ গৈ আছে।

ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ দুটা মূল কাৰণ হ’ল ―

(১) উচ্চ জন্মহাৰ :- ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ এটা মূল কাৰণ হ’ল মানুহৰ জন্মৰ হাৰ অতি উচ্চ। ভাৰতীয় সমাজত জনসংখ্যা বৃদ্ধিৰ আৰু জন্মৰ হাৰ অতি উচ্চ হোৱাৰ বহুতো কাৰক দেখা যায়। উদাহৰণস্বৰূপে ভাৰতৰ বাল্য বিবাহ আৰু বহু বিবাহৰ প্ৰচলন অধিক যাৰ ফলত জন্মৰ হাৰ অতি উচ্চ হোৱা দেখা যায়। তদুপৰি অন্ধবিশ্বাস, শিক্ষাৰ অভাৱ আৰু পৰিয়াল পৰিকল্পনাৰ অভাৱত জনসংখ্যা অতিপাত বৃদ্ধি হৈছে।

(২) মৃত্যুৰ হাৰ হ্ৰাস :- উন্নত চিকিৎসা পদ্ধতিৰ ব্যপক সুবিধা উপলব্ধ হোৱাত মানুহৰ মৃত্যুৰ হাৰো ক্ৰমান্বয়ে কমি আহিছে। তদুপৰি মহামাৰী নিয়ন্ত্ৰণ হোৱাত আৰু জনসাধাৰণৰ মাজত স্বাস্থ্য সজাগতা বৃদ্ধি পোৱাত মৃত্যুৰ সংখ্যা হ্রাস আৰু জনসংখ্যা বৃদ্ধিত সহায় কৰিছে।

৯। ভাৰতৰ প্ৰধান অর্থ শস্য দুবিধৰ বিষয়ে লিখা।

উত্তৰঃ যি বিলাক শস্যৰ পৰা বৈদেশিক মুদ্ৰা অৰ্জন কৰিব পাৰি সেই বোৰক অর্থ শস্য বা নগদী শস্য বোলে। ভাৰতৰ দুবিধ তেনে অর্থ শস্য বা নগদী শস্য হ’ল চাহ আৰু কুঁহিয়াৰ। ভাৰতত বিশেষকৈ অসমত বুজন পৰিমাণৰ চাহ উৎপন্ন হয়। চাহ খেতিৰ বাবে পানী জমা নোহোৱা এঢলীয়া মাটিৰ আৱশ্যক। তদুপৰি পৰ্য্যাপ্ত পৰিমানে বৰষুণ পৰা অঞ্চল হ’ব লাগে। সেয়েহে অসমৰ পাহাৰীয়া এঢলীয়া অঞ্চল বোৰত চাহ খেতি পৰ্য্যাপ্ত পৰিমাণে হয়। ভাৰতৰ সৰ্বমুঠ চাহ উৎপাদন প্ৰায় ৫০ শতাংশ অসমত উৎপাদন হয়।

আন এবিধ অৰ্থ শস্য হৈছে কুঁহিয়াৰ আৰু পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি কুঁহিয়াৰ উৎপাদন হয়। গৰম আৰু সেমেকা জলবায়ুত কুঁহিয়াৰৰ খেতি ভাল হয় । সেইকাৰণে গঙ্গা উপত্যকা বালিচহীয়া মাটিত পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি কুঁহিয়াৰ উৎপাদন হয়। উত্তৰপ্ৰদেশ,বিহাৰ,মহাৰাষ্ট্ৰ, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ আদিতো কুঁহিয়াৰ উৎপাদন হয়।

১০। ভাৰতৰ যিকোনো দুটা ভূ-প্ৰাকৃতিক অঞ্চলৰ বিষয়ে লিখা।

উত্তৰঃ ভাৰতৰ মুঠ পাঁচোটা ভূ-প্ৰাকৃতিক অঞ্চলৰ ভিতৰত দুটা প্ৰধান অঞ্চল হ’ল―

(১) উত্তৰৰ বিশাল সমভূমি অঞ্চল।আৰু 

(২) দক্ষিণৰ মালভূমি অঞ্চল।

(১) উত্তৰৰ বিশাল সমভূমি অঞ্চল :- উত্তৰ ভাৰত জুৰি পঞ্জাৱৰ পৰা অসমলৈ বিয়পি এই সমভূমি অঞ্চল বিস্তৃত হৈ আছে। সিন্ধু, গঙ্গা আৰু ব্ৰহ্মপুত্ৰ এই তিনিখন নদীয়ে কঢ়িয়াই জমা কৰা সাৰুৱা পলাস দ্বাৰা এই সমভূমি অঞ্চল গঠিত হৈছে। সিন্ধু নদী আৰু ইয়াৰ উপনদী শতদ্রু, বিপাশা আৰু ইৰাৱতীৰ পানীয়ে পলস কঢ়িয়াই পঞ্জাৱ অঞ্চলত যি সাৰুৱা সমভূমি গঠন কৰিছে তাত অধিক উৎপাদন সম্ভৱপৰ হৈছে। সেয়েহে পঞ্জাৱ আৰু হাৰিয়ানাত কৃষিৰ উৎপাদন বেছি।

তেনেকৈ গঙ্গা আৰু ইয়াৰ উপনদীবোৰে সমগ্ৰ উত্তৰ ভাৰততে বিশাল সমভূমিৰ সৃষ্টি কৰিছে য’ত কৃষিজাত সামগ্ৰী প্ৰচুৰ উৎপাদন হয়।

আনহাতে ৰাজস্থানতো সমভূমি অঞ্চল আছে কিন্তু এই অঞ্চল শুকান আৰু বালিময় হোৱা বাবে কৃষিৰ বাবে বিশেষ উপযোগী নহয়।

উত্তৰ পূব ভাৰতত ব্ৰহ্মপুত্ৰ উপত্যকাটো বিশাল সমভূমি অঞ্চলৰ দ্বাৰা গঠিত। ব্ৰহ্মপুত্ৰ অৰু ইয়াৰ উপনদীয়ে বছৰি বান পানীৰ সৃষ্টি কৰি দুয়োপাৰে পলসুৱা মাটিৰ সৃষ্টি কৰিছে আৰু এই অঞ্চল কৃষিৰ উৎপাদনৰ বাবে বিশেষ উপযোগী।

(২) দক্ষিণৰ মালভূমি অঞ্চল :- ভাৰতৰ মধ্য অঞ্চলৰ পৰাই দক্ষিণ ত্ৰিভূজ আকৃতিৰ অঞ্চলটো দক্ষিণৰ মালভূমি অঞ্চল বুলি জনাজাত। এই মালভূমি অঞ্চলটো পুৰণি আগ্নেয়শিলাৰে গঠিত । এই মালভূমি অঞ্চলত যিবোৰ নদী আছে সেইবোৰ খৰস্ৰোতা আৰু গোটেই অঞ্চলটোই এঢলীয়া যিটো অঞ্চলত কিছুমান কৃষি উপযোগী মাটিও আছে।

১১। ভাৰতত জলবায়ু বিভিন্নতাৰ প্ৰধান কাৰক সমূহ লিখা।

উত্তৰঃ এখন দেশৰ জলবায়ু সকলো ঠাইতে একে নহয় । জলবায়ুৰ এই বিভিন্নতাৰ বহুতো কাৰক থাকিব পাৰে আৰু এই কাৰকবোৰৰ কিছুমান কাৰকৰ বিষয়ে তলত আলোচনা কৰা হ’ল–

(১) অক্ষ‍্যাংশ :- পৃথিৱীৰ ওপৰত সূৰ্য্যৰ প্ৰভাৱ অপৰিসীম। সূৰ্য্যক কেন্দ্ৰ কৰিয়েই বিষুৱ ৰেখা,কৰ্কট ক্ৰান্তি আৰু মকৰ ক্ৰান্তি বুলি তিনিডাল কাল্পনিক ৰেখা আৰু কিছুমান অক্ষ‍্যাংশ আৰু দ্ৰাঘিমাংশ স্থিৰ কৰা হৈছে। এই অক্ষ‍্যাংশৰ বিভিন্নতাৰ বাবেও ভাৰতত জলবায়ুৰ তাৰতম্য হয়।

(২) উচ্চতা :- ভাৰতৰ বিভিন্ন অঞ্চল সাগৰ পৃষ্ঠৰ পৰা একে উচ্চতাত অৱস্থিত নহয়। এই অৱস্থানৰ বিভিন্নতাৰ বাবেও ভাৰতৰ বিভিন্ন ঠাইৰ জলবায়ু একে নহয়।

(৩) সাগৰৰ পৰা দূৰত্ব :- সাগৰৰ পৰা অহনিৰ্শে বিভিন্ন সময়ত বিভিন্ন বতাহ বৈ থাকে। যি দৰে গৰম বতাহ বলে ঠিক তেনেদৰে চেঁচা বতাহো বয়। এই বায়ুৰ প্ৰৱলতা নিৰ্ভৰ কৰে সাগৰৰ পৰা এখন ঠাইৰ দূৰত্ব। গতিকে সাগৰৰ পৰা দূৰত্বয়ো জলবায়ুৰ ওপৰত প্ৰভাৱ পৰে।

(৪) পৰ্বত পাহাৰৰ অৱস্থান :- ভাৰতৰ বিভিন্ন ঠাইত পৰ্বত পাহাৰ দেখিবলৈ পোৱা যায়। এই পৰ্বত পাহাৰে জলবায়ু নিয়ন্ত্ৰণ কৰে। যেন- হিমালয় পৰ্বতে ভাৰতৰ জলবায়ুক প্ৰচণ্ড শীতৰ পৰা ৰক্ষা কৰি আহিছে।

১২। ভাৰতত কি কি প্রকাৰৰ প্ৰাকৃতিক উদ্ভিদ পোৱা যায় ? যি কোনো এক প্ৰকাৰ প্ৰাকৃতিক উদ্ভিদৰ বিষয়ে লিখা।

উত্তৰঃ কোনো এখন ঠাইৰ জলবায়ু আৰু মাটিৰ গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰিয়েই সেই ঠাই খনৰ প্ৰাকৃতিক উদ্ভিদ উপলব্ধ হয়। ভাৰতৰ জলবায়ু বা মাটিৰ গুণাগুণ একে নহয় আৰু সেইবাবে ভাৰতৰ প্ৰাকৃতিক উদ্ভিদ সমূহক ছয় ভাগত ভগোৱা হৈছে। তাৰ ভিতৰত তলত চিৰসেউজীয়া উদ্ভিদৰ বিষয়ে আলোচনা কৰা হ’ল। 

চিৰসেউজীয়া উদ্ভিদ :- বছৰি ২০ ছেন্টিমিটাৰতকৈ অধিক বৰষুণ আৰু গড়ে ২৫ ডিগ্ৰী ছেলছিয়াছ উত্তাপ থকা অঞ্চলতহে এনে ধৰণৰ চিৰসেউজীয়া উদ্ভিদ দেখিবলৈ পোৱা যায়। এনে বিধ চিৰসেউজীয়া উদ্ভিদ বছৰৰ সকলো সময়ত সেউজীয়া ৰূপত দেখিবলৈ পোৱা যায় যিহেতু এনে উদ্ভিদৰ পাত নসৰে।

ভাৰতৰ চিৰসেউজীয়া উদ্ভিদ পোৱা অঞ্চলটো সুবিস্তৃত। অৰুণাচল, উজনি অসমৰ লগতে সমগ্ৰ উত্তৰ পূব অঞ্চল,আন্দামান, নিকোবৰ দ্বীপ পুঞ্জ হিমালয়ৰ পাদদেশ, পশ্চিম ঘাট পৰ্বতৰ পশ্চিম অংশ পৰ্যন্ত ভাৰতৰ চিৰসেউজীয়া অঞ্চল বিস্তৃত।

চিৰসেউজীয়া উদ্ভিদৰ এটা বৈশিষ্ট্য হ’ল যে এই অঞ্চলবোৰ ওখ ওখ গছ গছনিৰে ভৰপূৰ। এই গছ বিলাক ৪৫ পৰা ৬০ মিটাৰ পৰ্য্যন্ত ওখ হয়। এনে ধৰণৰ গছ বোৰৰ ভিতৰত চন্দন, ৰবৰ,শিশু আদি প্ৰধান। এনে অৰণ্যত বাঁহ-বেত আদিও প্ৰচুৰ পৰিমাণে পোৱা যায়।

১৩। ভাৰতৰ যিকোনো দুবিধ খাদ্য শস্যৰ বিষয়ে লিখা।

উত্তৰঃ ভাৰতৰ প্ৰধান দুবিধ খাদ্য শস্য হ’ল ধান আৰু ঘেহু। এই দুয়োবিধ শস্যই খাদ্য শস্য যিহেতু এই দুয়োবিধকে মানুহে  খাদ্য শস্য হিচাপে ব্যৱহাৰ কৰি আহিছে।

১) ভাৰতৰ বেছিভাগ মানুহৰ প্ৰধান খাদ্য শস্য হ’ল ধান। ভাৰতত এক বুজন পৰিমাণৰ ধান উৎপাদন হয় পৃথিৱীৰ ভিতৰতে ভাৰতৰ স্থান দ্বিতীয়। খেতিৰ বাবে পলসুৱা মাটি , ২৫৹ ছেলছিয়াছতকৈও অধিক উষ্ণতা আৰু বছৰি গড়ে ১০০ ছেন্টিমিটাৰতকৈও অধিক বৰষুণ হোৱা ঠাইতহে ধান খেতি ভাল হয়।

ভাৰতৰ ভিতৰত আটাইতকৈ অধিক ধান উৎপাদন হয় পশ্চিমবঙ্গত। অৰ্থাৎ ভাৰত মুঠ উৎপাদনৰ প্ৰায় ৬৫ শতাংশই এই খন ৰাজ্যেত উৎপাদন হয়। ইয়াৰ বাহিৰেও উৰিষ্যা, মধ্যপ্ৰদেশ, উত্তৰপ্ৰদেশ, হাৰিয়ানা, পঞ্জাৱ, অসম আদিতো ধান উৎপাদন হয়।

(২) ঘেহু বা গম― উত্তৰ ভাৰতীয় মানুহৰ বাবে ঘেহুৱেই হ’ল প্ৰধান খাদ্য শস্য। ই ভাৰতৰ প্ৰধান দ্বিতীয় খাদ্য শস্য। ভাৰতৰ স্থান ঘেহু উৎপাদনৰৱ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত পঞ্চম।

ঘেহু উৎপাদনৰ বাবে বছৰি গড়ে প্ৰায় ৫০ ৰ পৰা ৭৫ ছেন্টিমিটাৰতকৈ  অধিক বৰষুণ পৰা ঠাইত অধিক সুবিধাজনক। সেয়েহে সেমকা জলবায়ু ঘেহুৰ বাবে সুবিধাজনক।

ভাৰতৰ ভিতৰত পঞ্জাৱত অধিক পৰিমাণৰ ঘেহু উৎপাদন হয়। ইয়াৰ বাহিৰেও হাৰিয়ানা, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, ৰাজস্থান, বিহাৰ আদি প্ৰদেশতো ঘেহুৰ উৎপাদন হয়।

১৪। চমু টোকা লিখা ― 

(a) লো-তীখা উদ্যোগ।

উত্তৰঃ আধুনিক যান্ত্ৰিক যুগত লো তীখাৰ অৱদান অপৰিসীম। লো-তীখাৰ ওপৰতে ভিত্তি কৰিয়েই আধুনিক সভ্যতা গঢ়ি উঠিছে। আমি যিফালেই চকু ফুৰাও সেইফালেই লো-তীখাৰ ব্যৱহাৰ দেখা পাওঁ। বিভিন্ন উদ্যোগ সা-সৰঞ্জাম, যন্ত্ৰপাতি, ৰেল, দলং গৃহ- নিৰ্মাণ জাহাজ, মটৰ গাড়ী আদি তৈয়াৰ কৰাৰ ক্ষেত্ৰত লো- তীখাৰ ব্যৱহাৰ অপৰিসীম।

ভাৰতৰ বিভিন্ন ঠাইত লো তীখাৰ কাৰখানা গঢ়ি উঠিছে। বিশেষকৈ টাটা,ষ্টীল, ভিলাই, ৰুৰকেলা, দুৰ্গাপূৰ, বোকাৰা আদি বিভিন্ন ঠাইত লো-তীখাৰ কাৰখানা গঢ়ি উঠিছে।

(b) বস্ত্ৰ উদ্যোগ। 

উত্তৰঃ আধুনিক সাজপোছাকৰ চাহিদা পূৰণ কৰিব পৰাকৈ ভাৰতৰ বস্ত্ৰ উদ্যোগে যথেষ্ট প্ৰসাৰতা লাভ কৰিছে। অৱশ্যে ভাৰতৰ বস্ত্ৰ উদ্যোগ বহু প্ৰাচীন। কিন্তু তথাপি ভাৰতৰ বস্ত্ৰ উদ্যোগে সময়ৰ লগত মিলাই বহু খিনি আগবাঢ়িব পাৰিছে। বস্ত্ৰ উদ্যোগে ভাৰতৰ পৰা সাজ-পোছাক বিদেশলৈ ৰপ্তানি কৰিব পাৰিছে। বৰ্তমান সময়ত আধুনিক মিলবোৰত উৎপাদন হোৱা বস্ত্ৰ বিদেশলৈ ৰপ্তানি কৰা হয়। ইয়াৰ বাহিৰেও ভাৰতৰ বিভিন্ন ঠাইত কুটিৰ শিল্প হিচাপে বিভিন্ন ধৰণৰ বস্ত্ৰ উদ্যোগ বৰ্ত্তি আছে। উদাহৰণস্বৰূপে অসমৰ বস্ত্ৰ নগৰী শুৱালকুছিৰ পাট মুগাৰ কাপোৰ এনে ধৰণৰ কুটিৰ শিল্পত তৈয়াৰী হোৱা বস্ত্ৰ। এই বস্ত্ৰ অকল ভাৰততে নহয়, বিশ্বৰ ভালেমান দেশতো অসমৰ পাট মুগাই প্ৰশংসা বুটলিব পাৰিছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top