Assam Jatiya Bidyalay Class 8 Social Science Chapter 13 মানৱ ভূগোল

Assam Jatiya Bidyalay Class 8 Social Science Chapter 13 মানৱ ভূগোল, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 8 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 13 মানৱ ভূগোল Class 8 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 8 Social Science Chapter 13 মানৱ ভূগোল Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 8 Social Science Chapter 13 মানৱ ভূগোল provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

মানৱ ভূগোল

Chapter – 13

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১। ভূগোল কি ?

উত্তৰঃ আমি বাস কৰা পৃথিৱীখন গোলাকাৰ। গতিকে এই গোলাকাৰ পৃথিৱীখনৰ অধ্যয়ন কৰা বিষয়টোকে ভূগোল বুলি জনা যায়।

২। পৰিবেশ বুলিলে কি বুজা ?

উত্তৰঃ আমাৰ চৌপাশে থকা জগত খনকে পৰিবেশ বুলি জনা যায়।আমি বাস কৰা পৃথিৱীখনৰ যিটো প্ৰাকৃতিক ৰূপ সেইটোৱে পৰিবেশ। এই পৰিবেশত থাকিয়েই আমি জীৱন নিৰ্বাহ কৰোঁ।

৩। প্ৰাকৃতিক ভূগোল কাক বোলে ?

উত্তৰঃ পৃথিৱীৰ সৃষ্টি কিদৰে হৈছিল আৰু সৃষ্টিৰে পৰা এই পৃথিৱীত কি বোৰ প্ৰাকৃতিক শক্তিয়ে অহৰহ ক্ৰিয়া কৰি আছে আৰু এই প্ৰাকৃতিক শক্তিৰ ক্ৰিয়াৰ ফল স্বৰূপে হৈ থকা পৰিবৰ্তনবোৰ ভূগোল যিটো অংশত আলোচনা কৰা হয় সেই অংশকে প্রাকৃতিক ভূগোল বোলা হয়।

৪। মানৱ ভূগোল কাক বোলে ?

উত্তৰঃ ভূগোলৰ যিটো অংশই পৃথিৱীত বাস কৰা মানৱ জাতিটোৰ লগত পৃথিৱীৰ পৰিবেশৰ কি সম্পর্ক আলোচনা কৰে তাকে মানৱ ভূগোল বোলে। অৰ্থাৎ পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশটোৰ লগত মানুহৰ ওতঃপ্ৰোত সম্পৰ্ক আছে যিটোৰ বিষয়ে মানৱ ভূগোলৰ আলোচনা কৰে।

৫। ঠাইভেদে জনসংখ্যা ঘন আৰু পাতল হোৱাৰ কাৰণ লিখা।

উত্তৰঃ মানুহে বাস কৰিবলৈ লোৱা ঠাইটুকুৰা পছন্দৰ হ’ব লাগে অৰ্থাৎ মানুহে সুবিধা অসুবিধা আদিৰ কথা আগত ৰাখিহে বসতি স্থাপন কৰাৰ কথা চিন্তা কৰে। সেয়েহে ঠাইভেদে মানুহৰ জনসংখ্যা কম বেছি বা ঘন-পাতল হোৱা দেখা যায়।

(১) এখন ঠাইৰ ভৌগোলিক অৱস্থানে জনসংখ্যা ঘন পাতল হোৱাত প্ৰভাৱ বিস্তাৰ কৰে। যেনে পাহাৰতকৈ সমভূমিত মানুহে বাস কৰিবলৈ পছন্দ কৰে।

(২) কৃষি কাৰ্য্যত জড়িত লোকে নদী, উপত্যকা, সমভূমি আদিত পলসুৱা মাটিৰ বাবে বসতি স্থাপন কৰে।

(৩) মৰুভূমি সদৃশ মাটি বাদ দি বৰষুণ পৰ্যাপ্ত পৰিমানে হোৱা ঠাইতহে বসতি স্থাপন কৰিবলৈ পছন্দ কৰে।

৬। পাৰ্থক্য লিখা– 

প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোল।

উত্তৰঃ (১) প্ৰাকৃতিক ভূগোলত পৃথিৱীৰ প্ৰাকৃতিক অবয়বটোৰ কথা বিস্তাৰিত ৰূপত আলোচনা কৰা হয়। পৃথিৱীৰ সৃষ্টি কিদৰে হৈছিল, সৌৰ জগতত ইয়াৰ স্থান আৰু প্ৰাকৃতিক শক্তি  সমূহে পৃথিৱীত যি অহৰহ ক্ৰিয়া কৰি আছে, তাৰ পৰিণতিত পৃথিৱীৰ কি ধৰণৰ পৰিৱৰ্তনে দেখা দিছে সেই সকলোবোৰ কথাকে প্ৰাকৃতিক ভূগোল বোলে।

(২) আনহাতে মানৱ ভূগোলত পৃথিৱীত বাস কৰা মানুহে পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশৰ লগত খাপ খুৱাই কিদৰে বাস কৰে সেইবিষয়ে আলোচনা চলায়। প্ৰাকৃতিক পৰিৱেশে কিদৰে মানুহৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে আৰু মানুহৰ বিভিন্ন কাৰ্য্য কলাপে পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশৰ ওপৰত ক্ৰিয়া কৰে সেই বিষয়ে মানৱ ভূগোলত আলোচনা কৰে।

৭। পাৰ্থক্য লিখা– 

সমভূমি কৃষি আৰু পাহাৰীয়া কৃষি।

উত্তৰঃ কৃষিজীৱী লোকে সাধাৰণতে সমভূমিত বসতি স্থাপন কৰিবলৈ বিচাৰে পলসুৱা মাটি আৰু পানীৰ সুবিধাৰ বাবে। কিন্তু সেয়ে হ’লেও পাহাৰীয়া অঞ্চলতো কৃষিজীৱী মানুহে বাস কৰে। অৱশ্যে সমভূমিৰ কৃষি কাৰ্য্যৰ লগত পাহাৰীয়া অঞ্চলৰ কৃষি কাৰ্য্যৰ যথেষ্ট পাৰ্থক্য থকা দেখা যায়।

উদাহৰণ স্বৰূপে সমভূমি অঞ্চলৰ কৃষি কাৰ্য্য তুলনামূলকভাৱে সহজ যিহেতু ইয়াৰ মাটি পলসুৱা আৰু পানী যোগানৰ যথেষ্ট সুবিধা থাকে। যেনে― নৈ,জান, জুৰি, পুখুৰী আদিৰ পৰা কৃষি ভূমিলৈ জলসিঞ্চনৰ দ্বাৰা পানী যোগান ধৰিব পাৰি।

কিন্তু পাহাৰীয়া অঞ্চলত কৃষি কাৰ্য্য যথেষ্ট কষ্ট সাধ্য হোৱা দেখা যায়। এনে ধৰণৰ  কৃষি কাৰ্য্যক ঝুমখেতি বোলা হয়। পাহাৰৰ এঢলীয়া মাটিত থকা গছ-গছনিবোৰ কাটি কৃষি উপযোগী কৰি তোলা হয়। বনজংঘল জ্বলাই, চাফা কৰি মাটিৰ চহাই শস্যৰ বীজ ৰোপণ কৰা হয়। একে ঠাইতে প্ৰতি বছৰে ঝুম খেতি কৰা নহয়। বছৰি ঠাই সলনি কৰিহে ঝুম খেতি কৰা হয়।

৮। মানৱ ভূগোলৰ পৰিসৰ সম্পর্কে লিখা।

উত্তৰঃ মানৱ ভূগোলৰ অধ্যয়ণ পৰিসৰ যথেষ্ট বিস্তৃত হোৱা দেখা যায়। কিয়নো মানৱ ভূগোলে পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশৰ লগত মানুহে কিদৰে নিজকে খাপ খুৱাই জীয়াই থকাৰ অহৰহ সমগ্ৰাম কৰিছে সেই বিষয়ে আলোচনা কৰে।

দ্বিতীয়তে, মানুহে পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশত বিভিন্ন ক্ৰিয়া প্ৰক্ৰিয়াৰ দ্বাৰা কেনেকৈ আঘাত হানিছে তাৰ বিষয়েও আলোচনা কৰে।

তৃতীয়তে, প্রাকৃতিক পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰি কিদৰে মানুহৰ বসতি ঘন বা পাতল হ’ব পাৰে সেই বিষয়েও মানৱ ভূগোলে বিস্তৃত ভাবে আলোচনা কৰে।

চতুৰ্থতে, পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশটোৰ সংৰক্ষণত মানুহৰ দায়িত্ব আৰু কৰ্ত্তব্য সম্বন্ধে অধ্যয়ন কৰে।

৮। মানৱ ভূগোলৰ বিষয়-বস্তু সম্পৰ্কে লিখা।

উত্তৰঃ মানৱ ভূগোলৰ বিষয়-বস্তু হ’ল পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশৰ লগত মানুহে কিদৰে নিজকে খাপ খুৱাই জীৱন নিৰ্বাহ কৰিছে সেই বিষয়ে অধ্যয়ন কৰাটো। মানৱ ভূগোলে প্ৰত্যক্ষ ভাৱে প্ৰাকৃতিক পৰিৱেশৰ বিষয়ে অধ্যয়ন নকৰে। কিন্তু এই পৰিৱেশৰ লগত যিহেতু মানুহে নিবিড় ভাৱে জীয়াই থাকে, গতিকে এটাৰ ওপৰত আনটোৰ কি প্ৰভাৱ, সেই বিষয়ে মানৱ ভূগোলত অধ্যান কৰা হয়।

আদিম যুগত প্ৰাকৃতিক জগতত মানুহৰ ক্ৰিয়া-কলাপ সীমাবদ্ধ আছিল যিহেতু মানুহৰ জ্ঞান বুদ্ধিত সীমাবদ্ধ আছিল। কিন্তু বৰ্ত্তমান যুগত মানুহৰ জ্ঞান বুদ্ধিৰ পৰিসৰ সুদূৰ প্ৰসাৰী হোৱাত প্ৰাকৃতিক পৰিৱেশত মানুহৰ কাৰ্য্য কলাপো বহু গুণে বৃদ্ধি পালে। এনে পৰিপ্ৰেক্ষিতত মানৱ ভূগোলে সেয়েহে মানুহৰ বৰ্দ্ধিত কাৰ্য্য কলাপে কিদৰে পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশত প্ৰভাৱ বিস্তাৰ কৰিছে সেই বিষয়ে বিস্তৃত ভাৱে আলোচনা কৰে।

১০ । প্ৰাকৃতিক পৰিৱেশে মানুহৰ ওপৰত কেনেধৰণে প্ৰভাৱ বিস্তাৰ কৰে লিখা।

উত্তৰঃ এই পৃথিৱীত মানুহে প্ৰাকৃতিক পৰিৱেশৰ ওপৰত ভিত্তি কৰিয়েই জীৱন নিৰ্বাহ কৰি আহিছে। প্ৰাকৃতিক পৰিৱেশে মানুহক জীয়াই থকাত গুৰুত্ব পূর্ণ ভূমিকা পালন কৰিছে। ইয়াৰ অবিহনে মানুহে জীৱন নির্বাহ কৰাত বাধাগ্ৰস্ত হ’লহেঁতেন। প্ৰাকৃতিক পৰিৱেশে জলবায়ু নিৰ্ধাৰণ কৰে আৰু এই জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰিয়েই মানুহ জীয়াই থাকে। মানুহে যদি প্ৰাকৃতিক পৰিৱেশত  নিজৰ ক্ৰিয়া-কলাপৰ দ্বাৰা আঘাত হানে তেন্তে প্ৰাকৃতিক পৰিৱেশ বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হয় যাৰ ফলত জলবায়ু সঘন পৰিবৰ্তন হোৱা দেখা যায় যিটো মানুহৰ বসতিৰ প্ৰতিকূল হোৱা পৰিলক্ষিত হয়। মানুহে প্ৰকৃতিৰ বুকুত থকা গছ-গছনি, বনাঞ্চল আদি কাটি তহলিং কৰাৰ ফলত পৃথিৱীৰ বুকুত সঘনাই পৰিবৰ্তন দেখা দিছে। যাৰ ফলত মানুহেই আটাইতকৈ ক্ষতি গ্রস্ত হৈছে। জলবায়ুৰ সঘন পৰিৱৰ্তন, বায়ুমণ্ডলৰ ক্ৰমান্বয়ে বাঢ়ি অহা উষ্ণতা আদিয়ে মানুহৰ জীৱন যাত্ৰাত ভালেমান জটিল সমস্যাৰ সৃষ্টি হৈছে।

মুঠতে, মানুহৰ বিভিন্ন কাৰ্য কলাপে প্ৰাকৃতিক পৰিৱেশত এনে বেয়াকৈ আঘাত হানিছে যে তাৰ পৰিণতিত প্ৰাকৃতিক পৰিৱেশেও মানুহৰ ওপৰত বেয়াকৈ প্ৰভাৱ পেলাইছে।

1 thought on “Assam Jatiya Bidyalay Class 8 Social Science Chapter 13 মানৱ ভূগোল”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top