Assam Jatiya Bidyalay Class 8 Social Science Chapter 1 মোগল প্ৰশাসন আৰু সমাজ

Assam Jatiya Bidyalay Class 8 Social Science Chapter 1 মোগল প্ৰশাসন আৰু সমাজ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 8 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 1 মোগল প্ৰশাসন আৰু সমাজ Class 8 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 8 Social Science Chapter 1 মোগল প্ৰশাসন আৰু সমাজ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 8 Social Science Chapter 1 মোগল প্ৰশাসন আৰু সমাজ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

মোগল প্ৰশাসন আৰু সমাজ

Chapter – 1

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১। মোগল যুগৰ বিষয়ে জনাত সহায় কৰা দুখন কিতাপৰ নাম লিখা ।

উত্তৰঃ আইন-ই-আকবৰী আৰু পাদছাহ-নামা।

২। মোগল প্ৰশাসন ব্যৱস্থা কেনে ধৰণৰ আছিল ?

উত্তৰঃ মোগল প্ৰশাসন দেশী-বিদেশী শাসনৰ সংমিশ্ৰণ আছিল।

৩। মোগল প্ৰশাসন ব্যৱস্থা মূলতঃ কি কি ভাগত ভাগ কৰা হৈছে ?

উত্তৰঃ মোগল প্ৰশাসন ব্যৱস্থাক কেন্দ্ৰীয় আৰু প্ৰাদেশিক এই দুটা ভাগত ভাগ কৰা হৈছে।

৪। ৱাকিয়া নৰিশৰ কাম কি আছিল ?

উত্তৰঃ ৱাকিয়া নৰিশৰ কাম আছিল বাতৰি (বাৰ্তা) বহন কৰা ।

৫। লম্বার্ডৰ বুলি কাক কোৱা হৈছে ?

উত্তৰঃ পঞ্চায়েতৰ প্ৰধানজনক লম্বার্ডৰ বুলি কোৱা হৈছে।

৬। কি কি কিতাপত মোগল ৰাজত্বৰ বিষয়ে সবিশেষ জানিব পাৰি ?

উত্তৰঃ দস্তৰ উল আমল ইকবাল-নামা-জাহাংগিৰী, মুন্ট- খাব- উট- তাৱাৰিখ,ফটৱা-ই-আলমগিৰি,আইন-ই-আকবৰী,পাদছাহ নামা’ আদি গ্ৰন্হত মোগল ৰাজত্বৰ বিষয়ে সবিশেষ জানিব পাৰি ।

৭। কি কি বিদেশী লিখকৰ লিখনিত মোগল প্ৰশাসনৰ বিষয়ে জানিব পাৰি ?

উত্তৰঃ ছাৰ টমাছ ৰ’ বাৰ্ণিয়াৰ,হকিন্স, মেনুচি আৰু টেৰী আদি বিদেশী লিখকৰ লিখনিত মোগল প্ৰশাসনৰ বিষয়ে জানিব পাৰি ।

৮। মোগল প্ৰশাসনৰ ভেটি কি আছিল ?

উত্তৰঃ মোগল প্ৰশাসনৰ প্ৰধান ভেটি আছিল সামৰিক ।

৯। প্ৰশাসনিক ব্যৱস্থাৰ শিৰোমণি কোন আছিল ?

উত্তৰঃ প্ৰশাসনিক ব্যৱস্থাৰ শিৰোমণি আছিল স্বয়ং সম্ৰাট।

১০। ৱকিলৰ কাম কি আছিল ?

উত্তৰঃ ৱকিলে ৰাজ্যেৰ সকলো দিশতে চকু দিব লাগিছিল । তেৱেঁই ৰজা আৰু ৰাইজৰ মাজত প্ৰধান যোগসূত্ৰ আছিল ।

১১। ৱকিল পদবী কাৰ দিনৰ বিলুপ্ত হয় ?

উত্তৰঃ সম্ৰাট ছাহজাহানের দিনৰ পৰা ৱকিল পদবী বিলুপ্ত হয় ।

১২। উজীৰ বা দেৱান কোন আছিল ?

উত্তৰঃ ৰাজহ বিভাগৰ মুৰব্বীজনক উজীৰ বা দেৱান বলা হয়।

১৩। মীৰ বকসীৰ কাম কি আছিল ?

উত্তৰঃ তেঁও সৈন্য বাহিনীৰ সৰ্বাধিনায়ক আছিল আৰু সামৰিক বাহিনীৰ দৰমহা দিয়া তেওঁৰ প্ৰধান কাম আছিল।

১৪। কাজী-উল-কাজাৎ বা প্ৰধান কাজীৰ কাম কি আছিল ?

উত্তৰঃ সম্ৰাটের পিচতেই প্ৰধান কাজীৰ কাম আছিল বিচাৰ কৰা। প্ৰনদণ্ডৰ বাহিৰে প্ৰধান কাজিয়ে সকলো ধৰণৰ শাস্তি বিহিব পাৰিছিল।

১৫। চুবেদাৰ কোন আছিল ?

উত্তৰঃ প্ৰদেশ এখনৰ মুৰব্বী শাসকজনক চুবেদাৰ বুলিছিল।

১৬। চুবেদাৰক প্ৰশাসনত কোনে সহায় কৰিছিল ?

উত্তৰঃ চুবেদাৰক প্ৰশাসন কাৰ্য্যত দেৱান,বকসী,ফৌজদাৰ, কটোৱাল,কাজী, সদৰ আৰু চোৰাংচোৱা সকলে সহায় কৰিছিল।

১৭। প্ৰদেশবোৰক কিহত ভাগ কৰা হৈছে ?

উত্তৰঃ প্ৰদেশবোৰক চৰকাৰ আৰু পৰিগণা-এই দুটা ভাগত ভাগ কৰা হৈছে।

১৮।ফৌজদাৰ বা চিকদাৰ-ই-চিকদাৰণৰ কাম কি ?

উত্তৰঃ ফৌজদাৰৰ দায়িত্ব আছিল সমগ্ৰ চৰকাৰখন চোৱাচিতা কৰা।

১৯। আমলগুজাৰ কোন আছিল ?

উত্তৰঃ চৰকাৰৰ ৰাজহ বিষয়াজন আমলগুজাৰ বোলা হয়।

২০। চৰকাৰৰ কোষধ‍্যক্ষজনক  কি  বোলা হৈছিল ?

উত্তৰঃ চৰকাৰৰ কোষধ‍্যক্ষজনক  খাজনাদাৰ  বোলা হৈছিল।

২১। পৰগনাৰ দায়িত্ব থকা বিষয়াসকলক কি বোলা হৈছিল ?

উত্তৰঃ পৰগনাৰ দায়িত্ব থকা বিষয়াসকলক চিকদাৰ বোলা হৈছিল ।

২২।পৰগনাত ৰাজহ সংগ্রহ কোনে কৰিছিল ?

উত্তৰঃ পৰগনাত আমিলে ৰাজহ সংগ্রহ কৰিছিল।

২৩। কানানগো সকলৰ কাম কি আছিল ?

উত্তৰঃ কানানগো সকলৰ কাম আছিল হিচাপ-নিকাচ ৰখা।

২৪।প্ৰশাসনৰ নিম্নতম গোটটো কি আছিল ?

উত্তৰঃ প্ৰশাসনৰ নিম্নতম গোটটোৰ নাম আছিল গাওঁ।

২৫। প্ৰাদেশিক সৈন্যবল কাৰ নিয়ন্ত্ৰণত আছিল ?

উত্তৰঃ প্ৰাদেশিক সৈন্যবল চুবেদাৰৰ নিয়ন্ত্ৰণত আছিল।

২৬।কাৰোৰি নামৰ বিষয়াসকলৰ কাম কি আছিল ?

উত্তৰঃ কাৰোৰিসকলে মাটিৰ জৰীপ আৰু কৰ সংগ্ৰহৰ ব্যবস্থা কৰিছিল।

২৭। কাৰ নেতৃত্বত মোগল সাম্ৰাজ্যৰ ৰাজহ ব্যৱস্থাই নতুন ৰূপ পাইছিল ?

উত্তৰঃ দেৱান খাজা মজিদ খান,দেৱান মজ্জাফৰ তাৰবতী আৰু ৰজা টৌডৰমলৰ নেতৃত্বত মোগল সাম্ৰাজ্যৰ ৰাজহ ব্যৱস্থাই নতুন ৰূপ পাইছিল।

২৮। মোগল ৰাজত্বত ভূমি বন্দোবস্তি আৰু ৰাজহ সংগ্ৰহ ক্ষেত্ৰত কেইটা পদ্ধতি প্ৰচলিত আছে ?

উত্তৰঃ মোগল ৰাজত্বত মূলতে চাৰিটা ভূমি বন্দোবস্তি আৰু ৰাজহ সংগ্ৰহ পদ্ধতি প্ৰচলিত আছে।

২৯। মোগল ৰাজত্বত প্ৰচলিত চাৰিটা ভূমি বন্দোবস্তি আৰু ৰাজহ সংগ্ৰহৰ পদ্ধতি কেইটা কি কি আছিল ?

উত্তৰঃ মোগল ৰাজত্বত প্ৰচলিত চাৰিটা ভূমি বন্দোবস্তি আৰু ৰাজহ সংগ্ৰহৰ পদ্ধতি কেইটা আছিল―

(ক) দহ বছৰীয়া বা দহ চাল পদ্ধতি,

(খ) জাৱটী পদ্ধতি,

(গ) বাতাই খালা বকসী বা ভাউলি পদ্ধতি আৰু

(ঘ) নাচাক বা কানকূট পদ্ধতি।

৩০। মনচব শব্দৰ অৰ্থ কি ?

উত্তৰঃ মনচব শব্দৰ অৰ্থ হল পদবী,ঠাই, সন্মান, মৰ্যাদা।

৩১। সৰ্বনিম্ন মনচবদাৰৰ অধীনত কিমান সৈন্য আছিল ?

উত্তৰঃ সৰ্বনিম্ন মনচবদাৰৰ অধীনত মুঠ দহজন সৈন্য আছিল।

৩২। সৰ্বনিম্ন মনচবদাৰৰ অধীনত কিমান সৈন্য আছিল ?

উত্তৰঃ সৰ্বনিম্ন মনচবদাৰৰ অধীনত মুঠ দহ হাজাৰ সৈন্য আছিল।

৩৩। মনচবদাৰৰ দুটা প্ৰধান শ্ৰেণীৰ নাম কি আছিল ?

উত্তৰঃ মনচবদাৰৰ দুটা প্ৰধান শ্ৰেণীৰ নাম  আছিল–

(ক) চৱাৰ । আৰু 

(খ) জাট।

৩৪ । মোগল ৰাজত্বত কি কি জাতিৰে অভিজাত শ্ৰেণীটো গঠিত ?

উত্তৰঃ তুৰাণী, ইৰাণী, আফগানী ছেইখজাদা,ৰাজপুত্ৰ,ডেক্কানী আৰু মোগলসকল লৈ অভিজাত শ্ৰেণীটো গঠিত।

৩৫। মোগোল ৰাজত্ব শেঠ বা বোহৰাসকল কোন আছিল ?

উত্তৰঃ মোগোল ৰাজত্বত পাইকাৰী বেপাৰীক শেঠ বা বোহৰা বোলা হৈছিল।

৩৬।মোগল ৰাজত্বত বনজাৰা সকল কোন আছিল ?

উত্তৰঃ মোগল ৰাজত্বত বনজাৰা সকল বিভিন্ন ঠাইত ঘূৰি পকি বেহা-বেপাৰ কৰা লোক আছিল।

৩৭। মোগল ৰাজত্বত ছাৰফ বা ছোফসকল কোন আছিল ?

উত্তৰঃ মোগল ৰাজত্বত ছাৰফ বা ছোফসকলে ধন ঋণ দিয়া আৰু জমা ৰখাৰ কাম কৰিছিল।

৩৮। মোগল সাম্ৰাজ্যেত নিম্ন শ্ৰেণীটো কেনেকৈ গঠিত হৈছিল ?

উত্তৰঃ মোগল সাম্ৰাজ্যেত নিম্ন শ্ৰেণীটো কৃষক, কাৰিকৰ, শিল্পী, লগুৱা, দাস-দাসী,শ্ৰমিক,সাধাৰণ সৈনিকৰ দ্বাৰা গঠিত হৈছিল।

৩৯। মোগল ৰাজত্বত কৃষকৰ কেইটা শ্ৰেণী আছে ?

উত্তৰঃ মোগল ৰাজত্বত কৃষকৰ তিনিটা শ্ৰেণী আছে।

৪০। মোগল ৰাজত্বত কৃষকৰ তিনিটা শ্ৰেণী কি আছিল?

উত্তৰঃ মোগল ৰাজত্বত কৃষকৰ তিনিটা শ্ৰেণী আছিল― 

(ক) খুদকষ্ট বা রিয়ায়তি।

(খ) পাহিকাষ্ট।

(গ) মুজারিয়ান বা রায়তি।

৪১। মোগল ৰাজত্বত অর্থনৈতিক ব্যবস্থার মেরুদণ্ড কি আছিল ?

উত্তৰঃ মোগল ৰাজত্বত অর্থনৈতিক ব্যবস্থার মেরুদণ্ড আছিল কৃষি।

৪২। মোগল ৰাজত্বত কচৱা কাক কৈছিল ?

উত্তৰঃ মোগল ৰাজত্বত সরু সরু নগরক কচৱা বোলা হৈছিল।

৪৩। মোগল রাজত্বত আটাইতকৈ উল্লেখযোগ্য উদ্যোগ কি আছিল ?

উত্তরঃ মোগল রাজত্বত আটাইতকৈ উল্লেখযোগ্য উদ্যোগ আছিল বস্ত্র উদ্যোগ।

৪৪। মোগলোর দিনত কৰ রেচমীকাপোৰ পৃথিৱীত বিখ্যাত আছিল?

উত্তৰঃ মোগলোর দিনত ঢাকাৰ রেচমীকাপোৰ পৃথিৱীত বিখ্যাত আছিল।

৪৫। মোগলৰ যুগত মুছলমান সকলৰ শিক্ষাৰ কেন্দ্ৰ কি আছিল ?

উত্তৰঃ মোগলৰ যুগত মুছলমান সকলৰ শিক্ষাৰ কেন্দ্ৰ আছিল মছজিদ, মাদ্ৰাছা, মোক্তাব।

৪৬। মোগলৰ যুগত হিন্দু সকলৰ শিক্ষাৰ কেন্দ্ৰ কি আছিল ?

উত্তৰঃ মোগলৰ যুগত হিন্দু সকলৰ শিক্ষাৰ কেন্দ্ৰ আছিল মঠ, মন্দিৰ,পাঠশালা আৰু টোল।

৪৭। মোগল যুগৰ দুবিধ জনপ্ৰিয় চিকিৎসা পদ্ধতি কি আছিল ?

উত্তৰঃ মোগল যুগৰ দুবিধ জনপ্ৰিয় চিকিৎসা পদ্ধতি আছিল য়ুনানী আৰু আয়ুৰ্বেদিক চিকিৎসা পদ্ধতি।

৪৮।কোনজন মোগল সম্ৰাটে ধৰ্মৰ ক্ষেত্ৰত উদাৰতাৰ পৰিচয় দিয়া নাছিল ?

উত্তৰঃ মোগল সম্ৰাটে ঔৰংজেবে ধৰ্মৰ ক্ষেত্ৰত উদাৰতাৰ পৰিচয় দিয়া নাছিল।

৪৯।কোনজন সম্ৰাটে ধর্ম-বিদ্বেষ আৰু অসহিঞ্চুতা দূৰ কৰিবলৈ চেষ্টা কৰিছিল ?

উত্তৰঃ মোগল সম্ৰাট আকবৰে ধর্ম-বিদ্বেষ আৰু অসহিঞ্চুতা দূৰ কৰিবলৈ চেষ্টা কৰিছিল।

৫০। কোনজন মোগল সম্ৰাটে হিন্দুৰ ওপৰত বহুওৱা জিজিয়া আৰু তীৰ্থ-যাত্ৰীৰ ওপৰত বহুওৱা কৰ নিষিদ্ধ কৰিছিল ?

উত্তৰঃ মোগল সম্ৰাটে আকবৰে হিন্দুৰ ওপৰত বহুওৱা জিজিয়া আৰু তীৰ্থ-যাত্ৰীৰ ওপৰত বহুওৱা কৰ নিষিদ্ধ কৰিছিল।

৫১। ভাৰতত ভক্তি আন্দোলন কেতিয়া আৰম্ভ হৈছিল ?

উত্তৰঃ ভাৰতত মোগল তাজত্বৰ সময়ছোৱাত ভক্তি আন্দোলন আৰম্ভ হৈছিল।

৫২। মহাৰাষ্ট্ৰত ভক্তি আন্দোলনৰ নেতৃত্ব কোনে লৈছিল ?

উত্তৰঃ মহাৰাষ্ট্ৰত ভক্তি আন্দোলনৰ নেতৃত্ব জ্ঞানেশ্বৰ বা জ্ঞানদেৱে লৈছিল।

৫৩। মহাৰাষ্ট্ৰত ভক্তি আন্দোলনৰ আন আন গুৰি ধৰোঁতা কোন আছিল ?

উত্তৰঃ মহাৰাষ্ট্ৰত ভক্তি আন্দোলনৰ আন আন গুৰি ধৰোঁতা আছিল নমদেৱ, একনাথ, টুকাৰাম আৰু ৰামদাস।

৫৪। উত্তৰ ভাৰতৰ ভক্তি ধৰ্মৰ গুৰি কোনে ধৰিছিল ?

উত্তৰঃ উত্তৰ ভাৰতৰ ভক্তি ধৰ্মৰ গুৰি ধৰিছিল ৰামানন্দই।

৫৫। ৰামানন্দৰ অনুগামী সকলক কি বুলি জনা গৈছিল ?

উত্তৰঃ ৰামানন্দৰ অনুগামী সকলকব ৰামানন্দী বুলি জনা গৈছিল।

৫৬। ৰামানন্দৰ প্ৰধান শিষ্য কোন আছিল ?

উত্তৰঃ ৰামানন্দৰ প্ৰধান শিষ্য আছিল কবীৰ।

৫৭। শিখসকলৰ মাজত ধৰ্মীয় নৱজাগৰণ কোনে আনিছিল ?

উত্তৰঃ গুৰু নানকে শিখসকলৰ মাজত ধৰ্মীয় নৱজাগৰণ আনিছিল।

৫৮। গুৰু নানকৰ পন্হাটোৰ নাম কি আছিল ?

উত্তৰঃ গুৰু নানকৰ পন্হাটোৰ নাম নিৰ্গূন পন্থা আছিল।

৫৯। গুৰু নানকে সংকলন কৰা ধৰ্মপুথিখনৰ নাম কি আছিল ?

উত্তৰঃ গুৰু নানকে সংকলন কৰা ধৰ্মপুথিখনৰ নাম আদি গ্রন্থ বা গুৰু গ্ৰন্থ আছিল ।

৬০। উত্তৰ ভাৰতৰ ধৰ্মীয় নৱজাগৰণৰ গুৰি ধৰোঁতা কোন আছিল ?

উত্তৰঃ উত্তৰ ভাৰতৰ সুৰদাস আৰু তুলসী দাসে ধৰ্মীয় নৱজাগৰণৰ গুৰি ধৰিছিল ।

৬১। বঙ্গদেশত নৱজাগৰণৰ গুৰি কোনে ধৰিছিল ?

উত্তৰঃ বঙ্গদেশত নৱজাগৰণৰ গুৰি জয়দেৱ আৰু বিশ্বম্ভৰ মিশ্ৰ বা চৈতন্ই ধৰিছিল ।

৬২। অসমত ভক্তি আন্দোলন আৰু নৱজাগৰণৰ গুৰি ধৰোঁতা কোন আছিল ?

উত্তৰঃ অসমত ভক্তি আন্দোলন আৰু নৱজাগৰণৰ গুৰি ধৰিছিল মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱ ।

৬৩। উত্তৰ ভাৰত কোনজন ভক্তি ধৰ্মৰ প্ৰচাৰক জন্মান্ধ আছিল?

উত্তৰঃ উত্তৰ ভাৰত ভক্তি ধৰ্মৰ প্ৰচাৰক সুৰদাস জন্মান্ধ আছিল।

৬৪। সুৰদাস ভক্তিমূলক গীতৰ সংকলনটোৰ নাম কি আছিল ?

উত্তৰঃ সুৰদাস ভক্তিমূলক গীতৰ সংকলনটোৰ নাম আছিল সুৰসাগৰ।

৬৫। সুৰদাসৰ আন এটা নাম কি আছিল ?

উত্তৰঃ সুৰদাসক The blind bard of Agra নামেৰেও জনা যায়।

৬৬। তুলসী দাস ৰচিত ৰাময়নখনৰ নাম কি ?

উত্তৰঃ তুলসী দাস ৰচিত ৰাময়নখনৰ নাম ৰামচৰিত মানস।

৬৭। জয়দেৱৰ ধৰ্মীয় পুথিখনৰ নাম কি আছিল ?

উত্তৰঃ জয়দেৱ ধৰ্মীয় পুথিখনৰ নাম আছিল গীত গোবিন্দ।

৬৮। চুফিসকলে কিহৰ পোষকতা কৰিছিল ?

উত্তৰঃ চুফিসকলে ইছলামৰ গোড়ামি এৰি মানৱতাবাদ আৰু উদাৰতাবাদ গ্ৰহণ কৰাৰ পোষকতা কৰিছিল।

৬৯। চুফীবাদ কাক কয় ?

উত্তৰঃ উদাৰনৈতিক ধৰ্মীয় বিপ্লৱক ইতিহাসত চুফীবাদ বুলি জনা যায়।

৭০। কেইজনমান চুফীৰ নাম লিখা।

উত্তৰঃ যিসকল চুফীয়ে উদাৰ ধৰ্মীয় বিপ্লৱত বৰঙণি যোগাইছিল সেই সকলৰ ভিতৰত প্ৰধান হল খাজা মইনুদ্দিন চিষ্টি, নিজামুদ্দিন আউলীয়া ইত্যাদি।

৭১। চুফী সকলে সৃষ্টি কৰা জনপ্ৰিয় সংগীতবিধক কি বুলি জনা যায়?

উত্তৰঃ চুফী সকলে সৃষ্টি কৰা জনপ্ৰিয় সংগীতবিধক কাৱালী বুলি জনা যায়।

৭২। বাবৰৰ আত্মজীৱনী খনৰ নাম কি ?

উত্তৰঃ বাবৰৰ আত্মজীৱনী খনৰ নাম তুজুক-ই-বাবৰী।

৭৩। কোনে অথৰ্ববেদ খন ফাৰ্চী ভাষালৈ অনুবাদ কৰিছিল ?

উত্তৰঃ হাজী ইব্ৰাহিম সৰহিন্দীয়ে অথৰ্ববেদ খন ফাৰ্চী ভাষালৈ অনুবাদ কৰিছিল।

৭৪। কোনে লীলাৱতী নামৰ সংস্কৃত ভাষাৰ অঙ্ক পুথিখন ফাৰ্চী ভাষালৈ অনুবাদ কৰিছিল ?

উত্তৰঃ ফৈজীয়ে লীলাৱতী নামৰ সংস্কৃত ভাষাৰ অঙ্ক পুথিখন ফাৰ্চী ভাষালৈ অনুবাদ কৰিছিল।

৭৫। মোগল চিত্ৰশৈলী কাক কোৱা হয় ?

উত্তৰঃ মোগল ৰাজ পৰিয়াল আৰু পৰিষদবৰ্গৰ অনুপ্ৰেৰণাত সৃষ্টি হোৱা চিত্ৰাশিল্পৰ ধাৰাটোক মোগল চিত্ৰশৈলী বোলা হয়।

৭৬। মোগল ৰাজত্বত খ্যাতি লাভ কৰা এজন বিখ্যাত সংগীতজ্ঞৰ নাম কি ?

উত্তৰঃ মোগল ৰাজত্বত খ্যাতি লাভ কৰা এজন বিখ্যাত সংগীতজ্ঞৰ নাম তানসেন।

৭৭। মোগল যুগৰ প্ৰদেশৰ শাসন ব্যৱস্থা সম্পৰ্কে লিখা।

উত্তৰঃ মোগল সাম্ৰাজ্যখন বহুকেইখন প্ৰদেশত ভাগ কৰি একোখন প্ৰদেশৰ শাসনভাৰ একোজন চুবেদাৰক দিয়া হৈছিল। সম্ৰাটে নিজে

চুবেদাৰক নিযুক্তি দিছিল।তেওঁ প্ৰদেশ খনৰ সকলো দিশৰ চোৱাচিতা কৰিব লাগিছিল।শাসন কাৰ্য্যত তেওঁক দেৱান,বকসী,ফৌজদাৰ, কটোৱাল, কাজী, সদৰ আৰু চোৰাংচোৱা সকলে সহায় কৰিছিল।

প্ৰদেশবোৰক চৰকাৰ আৰু পৰগ-ণা নামৰ দুটা ভাগত ভাগ কৰা হৈছিল।চৰকাৰৰ দায়িত্ব এজন ফৌজদাৰ বা চিকদাৰ-ই-চিকদাৰণ থাকে চৰকাৰৰ ৰাজহ বিষয়াজনক আমলগুজাৰ বোলা হৈছিল।চৰকাৰৰ কোষাধ‍্যক্ষজনক খাজনাদাৰ বোলা হৈছিল।

পৰগনাৰ দায়িত্বত চিকদাৰসকল আছিল।পৰগনাত ৰাজহ সংগ্ৰহ কৰিছিল আমিলে।কানানোগোসকলে মাটিৰ হিচাপ নিকাচ ৰাখিছিল।

গাওঁ আছিল প্ৰশাসনৰ নিম্নতম গোট।পঞ্চায়েতে গাওঁৰ শাসন কৰিছিল আৰু পঞ্চায়তৰ মুৰব্বী জনক লম্বার্ডৰ বোলা হৈছিল।

৭৮। মোগল যুগত চৰকাৰ মানে কি? চৰকাৰ শাসন ব্যৱস্থাৰ বিষয়ে লিখা।

উত্তৰঃ মোগল যুগত প্ৰদেশ বোৰক –

(ক) চৰকাৰ । আৰু 

(খ) পৰগনাত বিভক্ত কৰা হৈছিল।গতিকে চৰকাৰ প্ৰদেশৰ একোটা ভাগ।

চৰকাৰ শাসন দায়িত্বত আছিল ফৌজদাৰ বা চিকদাৰ ই-চিকদাৰণ। চৰকাৰৰ ৰাজহ বিষয়াজনক আমলগুজাৰ বোলা হৈছিল।চৰকাৰৰ কোষাধ‍্যক্ষজনক খাজনাদৰ বোলা হৈছিল।

৭৯। চুবেদাৰজনৰ দায়িত্বত আৰু কৰ্তব্যৰ বিষয়ে এটা টোকা লিখা।

উত্তৰঃ মোগল যুগত প্ৰদেশৰ শাসনৰ মুৰব্বীজনক চুবেদাৰ বোলা হৈছিল আৰু তেওঁক সম্ৰাটে নিযুক্তি দিছিল।প্ৰদেশৰ শাসন সকলোবোৰ দিশৰ তেওঁ চোৱা-চিতা কৰিছিল।প্ৰশাসনৰ কামত তেওঁক দেৱান, বকসী,ফৌজদাৰ, কটোৱাল,কাজী, সদৰ আৰু চোৰাং চুৱাসকলে সহায় কৰিছিল।

প্ৰদেশৰ সৈন্যদল তেওঁৰ নিয়ন্ত্ৰণত আছিল।শাসন কাৰ্য্য চলোৱাৰ ক্ষেত্ৰত তেওঁ সম্ৰাটৰ পৰামৰ্শ লৈছিল।সম্ৰাটৰ বিনা অনুমতি তেওঁ যুদ্ধ ঘোষণা আৰু শান্তি স্থাপন কৰিব নোৱাৰিছিল।চুবেদাৰে প্ৰদেশৰ শাসনৰ সম্পৰ্কত সম্ৰাটক প্ৰতিবেদন দিব লাগিছিল।চুবেদাৰ সকল যাতে শক্তিশালী হব নোৱাৰে তাৰ বাবে সম্ৰাট তেওঁলোকক মাজে সময়ে বদলি কৰিছিল।

৮০। মোগল প্ৰশাসনৰ দিনৰ চিত্ৰকলা সম্পৰ্কে লিখা।

উত্তৰঃ মোগল আমোলত চিত্ৰ শিল্পই বিশেষকৈ উন্নতি লাভ কৰিছিল।বাবৰে কাবুল আৰু পাৰস্যৰ পৰা চিত্ৰ শিল্পী আনি ৰাজদৰবাৰৰ সৌস্ঠৱ বঢ়াইছিল। হুমায়ুনো চিত্ৰশিল্পৰ বিশেষ অনুৰাগী আছিল।আকবৰ আৰু জাহাংগীৰৰ দিনত মোগল চিত্ৰকলাই উন্নতিৰ শীৰ্ষস্থান পাইছিল।মোগল যুগত ভাৰতীয়, টীন আৰু পাৰস্য চিত্ৰ শৈলীৰ লগতো মোগল শৈলীৰ সংমিশ্ৰণ ঘটি পাহাৰী শৈলীৰ সৃষ্টি  হৈছিল।

৮১। মোগল যুগৰ ভূমি ৰাজহৰ ব্যৱস্থাৰ বিষয়ে লিখা।

উত্তৰঃ মোগল যুগত আকবৰৰ শাসনকালৰ পৰাহে প্ৰকৃততে ভূমি ৰাজহ ব্যৱস্থা আৰম্ভ হয়।ইয়াৰ পূৰ্বে ভূমি ৰাজহ ব্যৱস্থা টনকিয়াল নাছিল।আকবৰে প্ৰথম দহবছৰ ছেৰছাহৰ ভূমি ৰাজহ ব্যৱস্থাকে মানি চলিছিল।কিন্তু পিছলৈ আকবৰে ভূমি নীতিৰ কিছু সংস্কাৰ সাধন কৰে।

আকবৰে কাৰোৰী নামৰ এ শ্রেণী বিষয়াৰ দ্বাৰা সাম্ৰাজ্যেৰ মাটি জৰীপৰ ব্যৱস্থাৰ আৰু কৰ সংগ্ৰহ ব্যৱস্থা কৰিছিল।ৰজা টৌডৰমলৰ নেতৃত্বত আকবৰ ভূমি ৰাজহ ব্যৱস্থাই নতুন ৰূপ পাইছিল।

মোগল যুগত তলত উল্লেখ কৰা ধৰণে ভূমি ব্যৱস্থা চলিছিল।

(ক) দহচাল বা দহবছৰীয়া পদ্ধতিত পূৰ্বৰ দহ বছৰৰ শস্যৰ উৎপাদন আৰু তাৰ বজাৰ মূল্যৰ ওপৰত নিৰ্ভৰ কৰি উৎপাদিত শস্যৰ এক তৃতীয়াংশ ৰাজহ নিৰ্ধাৰণ কৰা হৈছিল।

(খ) জাবটি পদ্ধতি অনুসৰি বীজ সিঁচাৰ লগে লগে লোহাৰ অংগঠিযুক্ত বাঁহৰ টাৰেৰে কৃষি ভূমিৰ জোখলৈ ৰাজহ স্থিৰ কৰা হৈছিল।

(গ) বাতাই, ঘালা-বকসী বা ভাউলী পদ্ধতি মতে উৎপাদিত শস্য তিনি ভাগত বিভক্ত কৰি এভাগ ৰাজহ হিচাপে সংগ্ৰহ কৰিছিল।

(ঘ) নাচাক বা কানকুট পদ্ধতি অনুসৰি কৃষি ভূমিৰ চৰজমিন তদন্ত কৰি ঠাইতে ৰাজহ নিৰ্ধাৰণ কৰা হৈছিল। উৎপাদনৰ এক তৃতীয়াংশ ৰাজহ হিচেবে সংগ্ৰহ কৰা হৈছিল।

৮২। মোগল আমোলৰ সামাজিক গঠন কেনে আছিল বৰ্ণনা কৰা।

উত্তৰঃ মোগল যুগৰ সমাজখন বিভিন্ন শ্ৰেণীৰ মানুহক লৈ গঠিত হৈছিল।অভিজাত শ্ৰেণীৰ লোকে লাহ-বিলাসত দিন কটাইছিল আৰু জীৱনৰ মানদণ্ড উন্নত আছিল।এই শ্ৰেণীটো তুৰাণী, ইৰাণী, আফগানী,ছেইখজাদা,ৰাজপুত, ডেক্কানী আৰু মোগলসকলক লৈ গঠিত হৈছিল।এওঁলোকেই ডাঙৰীয়া পদবোৰ দখলত ৰাখিছিল।

ক্ষুদ্ৰ ক্ষুদ্ৰ ৰজা আৰু জমিদাৰসকলক লৈ অভিজাত শ্ৰেণীৰ আন এটা অংশ গঠিত হৈছিল।চৰকাৰী আমোল বিষয়া, চিকিৎসক,বনিক সদাগৰ আদিৰে আন এটা শ্ৰেণী গঠিত হৈছিল যিটোক মধ্যবিত্ত শ্ৰেণী আখ্যা দিব পাৰি।সংখ্যাত তাকৰ মধ্যবিত্ত এই শ্ৰেণীটোই সাধাৰণভাৱে জীৱন যাপন কৰিছিল।এওঁলোকৰ ভিতৰত কেৱল বনিকসকলহে চহকী আছিল।

কৃষক,ক্ষুদ্ৰ কাৰিকৰ,শিল্পী, ক্ষুদ্ৰ ব্যৱসায়ী, লগুৱা দাস দাসী,শ্ৰমিক আৰু সাধাৰণ সৈনিকৰ দ্বাৰা সমাজৰ নিম্ন শ্ৰেণীটো গঠিত হৈছিল।

৮৩। মোগল যুগৰ অৰ্থনৈতিক অৱস্থাৰ বিষয়ে এটা টোকা লিখা।

উত্তৰঃ মোগল যুগৰ অৰ্থনৈতি কৃষিৰ ওপৰত নিৰ্ভৰশীল আছিল। কৃষিভিত্তিক সমাজখনত প্ৰয়োজনীয় সকলোবোৰ সামগ্ৰী কৃষি ক্ষেত্ৰৰ পৰাই আহৰণ কৰা হৈছিল।প্ৰশাসন ব্যৱস্থা স্থিৰ হৈ থকা বাবে ৰাজ্যেৰ উৎপাদন কাৰ্য্য সুচাৰুৰূপে  চলিছিল।

ভৌগোলিক অৱস্থান আৰু জলবায়ুৰ তাৰতম্যৰ বাবে বিভিন্ন ঠাইত বিভিন্ন শস্যৰ খেতি কৰা হৈছিল।সেয়েহে বঙ্গ আৰু বিহাৰত কুঁহিয়াৰ বেছিকৈ উৎপাদন হৈছিল।

দক্ষিণ ভাৰতত উৎপাদন হোৱা প্ৰচুৰ কপাহৰ বাবে বস্ত্ৰ উদ্যোগ গঢ়ি উঠিছিল।ভাৰতত উৎপাদিত হোৱা কপাহী আৰু ৰেছমী কাপোৰ পৃথিৱীৰ বিখ্যাত আছিল।কাশ্মীৰৰ উনসূতা আৰু কাপোৰ বিদেশতো সমাদৃত হৈছিল।

মোগল যুগত বেহা-বেপাৰৰ দ্বাৰা সামগ্ৰী সমূহৰ আমদানি আৰু ৰপ্তানি কৰি অৰ্থনৈতিক অৱস্থা টনকিয়াল কৰা হৈছিল।ৰাজনৈতিক সুস্থিৰতাৰ বাবে অৰ্থনৈতিক অৱস্থা অধিক স্বচ্ছল আছিল।

৮৪। মোগল যুগৰ সাহিত্যৰ বিকাশৰ এটি বিৱৰণ দিয়া।

উত্তৰঃ মোগল সম্ৰাটসকল সাহিত্যপ্ৰিয় আছিল আৰু সাহিত্যৰ উন্নতিৰ বাবে পৃষ্ঠাপোষকতা কৰিছিল।বাবৰ, হুমায়ুন দুয়োজন সম্ৰাট পণ্ডিত আৰু সাহিত্য প্রিয় আছিল।বাবৰৰ আত্মজীৱনী তুজুক-ই-বাবৰীয়ে তেঁওৰ পণ্ডিত্যৰ পৰিচয় দিয়ে আৰু হুমায়ুনে যুদ্ধ ক্ষেত্ৰলৈ কিতাপৰ টোপোলা নিয়া ঘটনাই তেওঁৰ সাহিত্যৰ প্ৰতি থকা দুৰ্বলতাৰ প্ৰমান দিয়ে।

আকবৰৰ দিনতো সাহিত্যৰ যথেষ্ট উন্নতি হৈছিল। তেওঁৰ দিনতেই বুৰঞ্জী, অনুবাদ সাহিত্য আৰু কবিতা সাহিত্যৰবাযথেষ্ট উন্নতি হৈছিল।তেওঁৰ দিনত ৰচিত আইন-ই-আকবৰী, আকবৰ নামা আদি বিখ্যাত গ্ৰন্থ পোৱা যায়। জহাংগীৰ আৰু ছাহজানৰ দিনতো বুৰঞ্জী সাহিত্যৰ উন্নতি হৈছিল।

মোগল যুগত অনুবাদ সাহিত্যৰ যথেষ্ট প্ৰসাৰ লাভ হৈছিল।মহাভাৰত আদি প্ৰাচীন গ্ৰন্থ বোৰ পাৰ্চী ভাষালৈ অনুবাদ কৰি পঢুৱৈক সোৱাদ দিছিল। মোগল যুগতে অথৰ্ববেদখন ফাৰ্চী ভাষালৈ অনুদিত কৰা হৈছিল। সেইদৰে সংস্কৃত ভাষাত ৰচিত লিলাৱতী নামৰ অঙ্কৰ পুথিখনো ফাৰ্চী ভাষালৈ অনুবাদ কৰা হৈছিল।

৮৫। মোগল যুগত ধৰ্ম আৰু শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰ সম্পৰ্কে এটা টোকা লিখা।

উত্তৰঃ মোগল যুগত সম্ৰাট ঔৰংজেৱৰ বাহিৰে বেছিভাগ সম্ৰাটেই ধৰ্মৰ ক্ষেত্ৰত উদাৰ আছিল।অৱশ্যে ইছলাম ধৰ্মই প্ৰসাৰ আৰু প্ৰচাৰ লাভ কৰিছিল।তথাপি হিন্দু ধৰ্মৰ ওপৰত বাধা প্ৰদান কৰা নাছিল।আনকি সম্ৰাট আকবৰে হিন্দুৰ ওপৰত বহুৱা জিজিয়া কৰ উঠাই দিছিল । মোগল সম্ৰাট সকল উদাৰ আছিল বাবে খৃষ্টীয় ১৪ দশ – ১৫ দশ শতিকাত ভাৰতৰ বিভিন্ন প্ৰান্তত হিন্দুধৰ্মৰ নৱজাগৰণ সূচনা হৈছিল।মধ্যযুগত নমদেৱ, চৈতন্য, ,ৰামানন্দ,কবীৰ গুৰুনানক,সুৰদাস,তুলসীদাস, শঙ্কৰদেৱৰ মাধৱদেব আদি সাধু সন্ত, মহাপুৰুষে  হিন্দু ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰ লগত ভক্তি ধৰ্মৰ সূচনা কৰিব পাৰিছিল।

মোগল যুগত ইছলামিক আৰু হিন্দু দুয়োবিধ শিক্ষাই প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰিছিল।মছজিদ, মাদ্ৰাছা আৰু মুক্তাবত ইছলামী শিক্ষা আৰু মঠ-মন্দিৰ, পাঠশালা আৰু  টোলত হিন্দু ধৰ্মৰ শিক্ষাই প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰিছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top