Assam Jatiya Bidyalay Class 8 Science Chapter 13 প্রদূষণ

Assam Jatiya Bidyalay Class 8 Science Chapter 13 প্রদূষণ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 8 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 13 প্রদূষণ Class 8 General Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 8 Science Chapter 13 প্রদূষণ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 8 Science Chapter 13 প্রদূষণ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

প্রদূষণ

Chapter – 13

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১। পৰিৱেশ বুলিলে কি বুজা ?

উত্তৰঃ সাধাৰণ অৰ্থত আমাৰ থকা ঠাই আৰু ইয়াৰ চাৰিওফালৰ অৱস্থাক পৰিৱেশ বােলা হয়। বায়ু, পানী আৰু মাটিৰ সমষ্টিয়েই অর্থাৎ বিজ্ঞানৰ ভাষাত বায়ুমণ্ডল, বাৰিমণ্ডল আৰু শিলামণ্ডল লগ-লাগিয়েই আমাৰ পৰিৱেশ। দৰাচলতেই এটা সংযুক্ত শব্দাংশ-অর্থাৎ আমাৰ কেওফালে থকা মাটি, পানী, বায়ু, গছ-গছনি, জীৱ-জন্তু আৰু এইবােৰ বাচি থাকিবৰ বাবে প্রয়ােজন হােৱা সুৰ্য্যৰ তাপ, পােহৰ আৰু জলবায়ু আদিক লৈয়ে আমাৰ পৰিবেশ।

২। প্ৰদূষণ বুলিলে কি বুজা ? বায়ু প্ৰদুষণৰ উৎসবােৰৰ বিষয়ে উল্লেখ কৰাঁ।

উত্তৰঃ জীৱমণ্ডলৰ উপাদান বায়ুমণ্ডল, বাৰিমল আৰু শিলামণ্ডত ভৌতিক বা ৰাসায়নিক পৰিবৰ্তন হ’লে সকলাে জীৱৰ ওপৰতে তাৰ প্ৰভাৱ পৰে। এনে প্ৰভাৱে জীৱৰ অনিষ্ট কৰিলে, তেনে পৰিবৰ্তনক পৰিৱেশ প্ৰদূষণ বােলে। অর্থাৎ জীৱৰ অনিষ্ট সাধন কৰা ভৌতিক বা ৰাসায়নিক পৰিবৰ্তনকে পৰিৱেশ বুলি কোৱা হয়।

বায়ু প্ৰদূষণৰ উৎসবােৰৰ বিষয়ে তলত উল্লেখ কৰা হল –

(ক) যানবাহনৰ পৰা হােৱা প্ৰদূষণ -যানবাহনৰ পৰা ধোঁৱা, গেছ নির্গত হয়। ইয়াত মিহলি হৈ থকা কার্বন মন’ক্সাইড, নাইট্রজেনৰ অক্সাইড আৰু বিভিন্ন হাইড্রকার্বন আদিয়ে বায়ু প্ৰদূষিত কৰে।

(খ) কলকাৰখানাৰ পৰা হােৱা প্ৰদূষণ – বৃহৎ সংখ্যক উদ্যোগ যেনে – পেট্রলিয়াম শােধানাগাৰ, কাগজ কল চিমেন্ট, লাে নিষ্কাসন, খনিজাত বস্তু উদ্ধাৰ কৰা উদ্যোগৰ পৰা নিৰ্গত হােৱা কার্বন মন’ক্সাইড, ছালফাৰ ডাই অক্সাইড, নাইট্রজেন অক্সাইড, হাইড্রজেন ছালফাইড আদিয়ে বায়ু প্ৰদূষিত কৰে।

৩। তােমাৰ পাঠ্যপুথিৰ আলমত বায়ু প্ৰদূষণ সম্পর্কে এটা প্রবন্ধ যুগুতােৱা ।

উত্তৰঃ বায়ু কেইবাবিধাে গেছৰ এটা মিশ্র। এই গেছবােৰ এটা নির্দিষ্ট পৰিমাণত মিহলি হৈ থাকে। এই পৰিমাণৰ কম বেছি হ’লে বা অক্সিজেনৰ পৰিমাণ কম হলে আৰু কিছুমান অপকাৰী গেছ বায়ুমণ্ডলত সােমাই পৰিলে বায়ু প্ৰদূষিত হয়।

বায়ু প্ৰদূষণৰ উৎসবােৰ-

(ক) যানবাহনৰ পৰা হােৱা প্ৰদূষণ :- যান-বাহনৰ পৰা নির্গত হােৱা ধোঁৱাত কার্বন মনঅক্সাইড, নাইট্রজেনৰ অক্সাইড, হাইড্রকান বায়ুপ্রদূষণৰ সৃষ্টি কৰে। এই প্ৰদূষকবােৰে সূৰ্য্যৰ পােহৰত এক ধােৱাঁময় পৰিবেশৰ সৃষ্টি কৰে। ইয়াক ‘স্মগ’ বুলি কোৱা হয় আৰু এই স্মগ জীৱৰ স্বাস্থ্যৰ বাবে অতিশয় ভয়াবহ।

(খ) কলকাৰখানাৰ পৰা হােৱা প্ৰদূষণ :- উদ্যোগসমূহে চিমনিৰ যােগেদি উলিয়াই দিয়া ধোঁৱাত নির্গত হােৱা কার্বন মন’ক্সাইড (Co), ছালফাৰড়াই-অক্সাইড (So₂), নাইট্রজেনৰ অক্সাইড (No₂), হাইড্রজেন ছালফাইড (H₂S) আদিয়ে বায়ু প্ৰদূষিত কৰে।

উদ্যোগৰ পৰা নিৰ্গত হােৱা ছালফাৰ ডাই-অক্সাইড (So₂) আৰু যানবাহনৰ পৰা নির্গত হােৱা নাইট্ৰ’জেনৰ অক্সাইডে (No₂) বৰষুণৰ পানীৰ লগত বিক্রিয়া কৰি এছিড বৰষুণৰ সৃষ্টি কৰে। ইয়াৰ ফলত মানুহৰ স্বাস্থ্যৰ ওপৰত, উদ্ভিদৰ ওপৰত, প্রাণীৰ ওপৰত প্ৰভাৱ পৰাৰ উপৰিও গােলকীয় উত্তাপনৰ সৃষ্টি কৰে।

৪। (ক) গছ-গছনি, (খ) ধাতু আৰু মাৰ্বলৰবস্তুৰ ওপৰত বায়ু প্ৰদূষণৰ প্ৰভাৱবর্ণনা কৰা।

উত্তৰঃ (ক) বায়ু প্ৰদূষণৰ উদ্ভিদৰ ওপৰত প্ৰভাৱ :- বায়ু প্ৰদূষণে উদ্ভিদৰ ওপৰত যথেষ্ট প্রভাৱ পেলায়। বায়ু প্ৰদূষণৰ ফলত হােৱা এছিড বৰষুণে কৃষি ভূমিৰ অম্লতা বৃদ্ধি কৰে। ফলত কৃষিৰ উৎপাদন হ্রাস পায়। বায়ুমণ্ডলত ফ্ল’ৰাইডৰ পৰিমাণ অতিমাত্রা বাঢ়ি গ’লে কিছুমান গছৰ ঘাঁ হােৱা দেখা যায়। ফ্ল’ৰাইডে উদ্ভিদৰ সালােক সংশ্লেষণ আৰু শ্বাস-প্রশ্বাসৰ প্রক্রিয়াতে বাধা জন্মায়। ধোঁৱাময় পৰিবেশেও উদ্ভিদৰ যথেষ্ট অনিষ্ট সাধন কৰে। অ’জন মিশ্রিত বায়ুৰ কাৰণে আঙুৰ ধপাঁত আৰু টেঙাজাতীয় গছত দাগ কৰে।

(খ) ধাতু আৰু মাৰ্বলৰ বস্তুৰ ওপৰত প্ৰভাৱ :- বায়ু প্ৰদূষণে, এছিড বৰষুণে প্রাচীন কৃতিচিহ্ন আৰু অট্টালিকাৰ ক্ষতি কৰে। এছিড বৰষুণে সৃষ্টি কৰে স্মগ। মার্বলেৰে তৈয়াৰ কৰা সামগ্রীবােৰৰ ক্ষয় নিয়াই,ইয়াৰ উজ্জলতা হ্রাস কৰে।

৫। বায়ু প্ৰদূষণ ৰােধৰ উপায় কি ? বায়ু প্ৰদূষণ ৰােধত উদ্ভিদৰ ভূমিকা সম্পর্কে আলােচনা কৰা।

উত্তৰঃ বায়ু প্ৰদূষণ নিয়ন্ত্রণ বা ৰােধ কৰিব পৰা কেইটামান উপায় হল –

(ক) বনাঞ্চল ধ্বংস কৰিব নালাগিব আৰু অধিক হাৰত বৃক্ষৰােপন কৰিব লাগিব।

(খ) বিভিন্ন উদ্যোগত ব্যৱহাৰ কৰা যন্ত্রপাতিৰ কাৰ্য্যদক্ষতা বঢ়াব লাগিব যাতে কম ইন্ধনেৰে বেছি কাম কৰিব পাৰি।

(গ) যান-বাহনৰ পৰা ওলােৱা ধোঁৱা নিয়ন্ত্রণ কৰিবলৈ উদ্ভাৱন কৰা নতুন কৌশল ব্যৱহাৰ কৰা উচিত।

(ঘ) উন্নয়নৰ লগতে পৰিবেশ সুৰক্ষা বিষয়টোক সমানে গুৰুত্ব দিব লাগিব।

(ঙ) বায়ু প্ৰদূষণ আইনৰ ধাৰাবােৰ কঠোৰভাৱে বলবৎ কৰিব লাগিব।

বায়ু প্ৰদূষণ ৰােধত উদ্ভিদৰ ভূমিকা :- বায়ু প্ৰদূষণৰ ফলত সেউজ গৃহৰ গেছবােৰৰ, বিশেষকৈ কার্বন- ডাই- অক্সাইডৰ পৰিমাণ ক্রমে বাঢ়িছে। গছ-গছনিয়ে বায়ুমণ্ডলত অক্সিজেন আৰু কার্বন- ডাই- অক্সাইডৰ সমতা ৰক্ষা কৰে। কালণ জীৱ জন্তুৱে নিশাহত এৰি দিয়া কার্বন-ডাই-অক্সাইড আৰু বিভিন্ন কল কাৰখানা, গাড়ী মটৰৰ পৰা ওলােৱা কার্বন- ডাই- অক্সাইড গছে শশাষণ কৰি সালােক সংশ্লেষণত ব্যৱহাৰ কৰে। এনেদৰে উদ্ভিদে বায়ু প্ৰদূষণ ৰােধ কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।

৬। গুৰু উদ্যোগবােৰৰ কেওকাষে গছ-গছনিৰ ডাঠ বেষ্টনী এটাৰ সৃষ্টিকৰা হয় । ইয়াৰ কাৰণ কি ?

উত্তৰঃ গুৰু উদ্যোগবােৰৰ কেওঁকাযে গছ-গছনিৰ ডাঠ-বেষ্টনী এটাৰ সৃষ্টি কৰা হয় কাৰণ – গুৰু উদ্যোগবােৰৰ পৰা ওলোৱা গেছত অন্যান্য বায়ু প্ৰদূষণকাৰী গেছৰ লগতে কার্বন- ডাই- অক্সাইড গেছে ওলাই ওচৰৰ বায়ুমন্স প্ৰদূষিত কৰে। সেইবাবে গছ-গছনি বেছিকৈ থাকিলে কার্বন-ডাই-অক্সাইড শােষণ কৰি কিছুপৰিমাণে অক্সিজেন আৰু কার্বন-ডাই-অক্সাইডৰ সমতা স্থাপন কৰে আৰু বায়ু প্ৰদুষণৰ পৰিমাণ কিছু কমে আৰু ঠাইখনৰ বায়ুমণ্ডলৰ উত্তাপ কিছু কমি যায়।

৭। চমুটোকা লিখ।

(ক) এছিডৰৰষুণ ।

(খ) গােলকীয় উত্তাপন।

উত্তৰঃ (ক) এছিড বৰষুণ-উদ্যোগৰ পৰা ওলােৱা গেছত ছালফাৰ-ডাই-অক্সাইড (So₂) আৰু যান-বাহনৰ পৰা ওলােৱা গেছত নাইট্রজেন অক্সাইড (No₂) থাকে। বৰষুণ প্রথম অৱস্থাত বিশুদ্ধ পানীৰ ৰূপত নামি আহে। কিন্তু পৃথিৱীলৈ অহাৰ পথত ছালফাৰ আৰু নাইট্রজেনৰ অক্সাইডৰ লগত বিক্রিয়া কৰি এছিডৰ সৃষ্টি কৰে আৰু বৰষুণৰ পানীৰ লগত পৃথিৱীত পৰেহি। ইয়াকে এছিড বৰষুণ বােলে। এছিড বৰষুণৰ তিনিভাগৰ প্ৰায় দুভাগ হালফিউৰিক এছিডযুক্ত (H₂So₄)। তিনি ভাগৰ প্রায় এভাগ বৰষুণ নাইট্রিক এছিডযুক্ত (HNo₃) হয়।

So₂ +H₂o → H₂So₄

No₂ + H₂o→ HNo₃

এছিড বৰষুণে শস্য আৰু অন্যান্য উদ্ভিদৰ বৃদ্ধিৰ হাৰ কমায় আৰু ই মানুহৰ শাস-প্রশ্বাসৰ ওপৰত প্ৰভাৱ পেলায়। এছিড বৰষুণে জলাশয়ৰ পানী এছিডযুক্ত কৰি তােলে। জলাশয়বােৰত থকা মাছ-কাছ আদি জলজ প্রাণীবােৰৰ কণী, পােনা আদি নষ্ট হয়।

(খ) গােলকীয় উত্তাপন :- পৃথিৱীৰ পৃষ্ঠৰ পৰা 11 কিল’মিটাৰ উচ্চতালৈ বিস্তৃত থকা পটোক ট্ৰপস্ফিয়েৰ বােলা হয়।ট্রপস্ফিয়েৰত থকা নাইট্রজেন, অক্সিজেন, জলীয় বাষ্প, কার্বন-ডাই-অক্সাইড, মিথেন (CH₄), নাইট্রজেন অক্সাইড প্রভৃতি গেছবােৰে পৃথিৱীক এটা ছাতিৰ দৰে আৱৰি আছে। ইয়াকে সেউজ গৃহছাতি বােলে। এই গেছবােৰে, বিশেষকৈ কার্বন- ডাই-  অক্সাইডে পৃথিৱীয়ে এৰি দিয়া তাপ শুহি ৰাখে। বায়ু প্ৰদূষণৰ ফলত সেউজ-গৃহৰ গেছবােৰৰ, বিশেষকৈ কার্বনডাই অক্সাইডৰ পৰিমাণ ক্রমে বাঢ়িছে। ফলত গেছবােৰে পৃথিৱীয়ে এৰি দিয়া দীঘল তৰংগৰ তাপ শােষণৰ পৰিমাণে বাঢ়িছে। পৃথিৱীয়ে এৰি দিয়া তাপমহাকাশলৈ ঘূৰি যােৱাত বেছি বাধাৰ সৃষ্টি হৈছে আৰু বায়ুমণ্ডলৰ উষ্ণতা ক্রমান্বয়ে বাঢ়ি গৈ আছে। ইয়াক গােলকীয় উত্তাপন বুলি কোৱা হয়। গােলকীয় উত্তাপনৰ দুটা প্রধান কাৰণ হৈছে –

(ক) গছ-গছনি কাটি বনাঞ্চল বা সেউজ আৱৰণ কমােৱা বাবে বায়ুমণ্ডলত কার্বন – ডাই – অক্সাইড পৰিমাণ বাঢ়িছে।

(খ) কল কাৰখানাত জীষ্ম ইন্ধনৰ দহ্নত সৃষ্টি হােৱা কার্বন- ডাই- অক্সাইড বায়ুমণ্ডলত পৰিমাণ বাঢ়িছে।

৮। স্মগ কি ? ইয়াৰ ক্ষতিকাৰক প্ৰভাৱ সম্পর্কে লিখ।

উত্তৰঃ যানবাহনৰ পৰা ওলােৱা প্ৰদূষকবােৰ কম সময়ৰ ভিতৰতে অদৃশ্য হৈ গ’লেও ইহঁত বায়ুমণ্ডলৰ লগত মিহলি হৈ থাকে। সূৰ্য্যৰ পােহৰত ইহঁতে এক ধোঁৱাময় পৰিবেশৰ সৃষ্টি কৰে। ইয়াক “স্মগ” বুলি কোৱা হয়। 

জীৱৰ স্বাস্থ্যৰ বাবে এই স্মগ অতিশয় ভয়াবহ। ইয়াৰ ফলত তেজৰ অক্সিজেন কঢ়িওৱা ক্ষমতা কমি আহে, হাওঁফাওঁৰ ওপৰত প্ৰভাৱ পেলায়, স্নায়ুতন্ত্রৰ ওপৰতো প্ৰভাৱ পেলায়।

৯। গােলকীয় উত্তাপনৰ দুটা অন্যতম কাৰণ উল্লেখ কৰাঁ।

উত্তৰঃ গােলকীয় উত্তাপনৰ দুটা অন্যতম কাৰণ হৈছে –

(ক) গছ-গছনি কাটি বনাঞ্চল বা সেউজ আৱৰণ কমােৱা বাবে বায়ুমণ্ডলত কার্বনডাই- অক্সাইডৰ পৰিমাণ বাঢ়িছে।

(খ) কল-কাৰখানাত জীৱষ্মইন্ধনৰ দহ্নতসৃষ্টি হােৱা কার্বন- ডাই- অক্সাইড বায়ুমণ্ডলত পৰিমাণ বাঢ়িছে।

১০। বায়ুমণ্ডলত কি কি গেছৰ উপস্থিতিয়ে এছিড বৰষুণ সৃষ্টিত অৰিহণা যােগায় ? এই গেছকেইটাৰ প্ৰধান উৎস কি ?

উত্তৰঃ বায়ুমণ্ডলত থকা গেছছালফাৰ-ডাই-অক্সাইড(So₂) আৰু নাইট্রজেন অক্সাইড (No₂) ৰ উপস্থিতিয়ে এছিড বৰষুণ সৃষ্টিত অৰিহণা যােগায়।

So₂ অর্থাৎ ছালফাৰ-ডাই-অক্সাইড গেছৰ প্রধান উৎস উদ্যোগ।

No₂ অর্থাৎ নাইট্রজেন অক্সাইড গেছৰ প্রধান উৎস যানবাহন।

১১। সেউজ গৃহ ছাতিৰ প্রধান উপাদান কি ? পৃথিৱীয়ে এৰি দিয়া তাপৰ অন্যতম শােষক কি ?

উত্তৰঃ সেউজ-গৃহ ছাতিৰ প্ৰধান উপাদানবােৰ হ’ল ট্ৰপুস্ফিয়েৰত থকা নাইট্রজেন, অক্সিজেন, জলীয় বাষ্প, কার্বন-ডাই-অক্সাইড, মিথেন (CH₄), নাইট্রজেন অক্সাইড প্রভৃতি গেছ।

পৃথিৱীয়ে এৰি দিয়া তাপৰ অন্যতম শােষক হ’ল কার্বন-ডাই-অক্সাইড গেছ।

১২। “পানীয়েই প্রাণ”-এই কথাষাৰৰ গুৰুত্ব আলােচনা কৰাঁ।

উত্তৰঃ পানী জীৱৰ প্রাণ। পানী নহ’লে কোনাে জীৱই পৃথিৱীত জীয়াই থাকিব নােৱাৰে। পৃথিৱীৰ মুঠ পানীৰ মাত্র 1% পানীয়েহে খােৱা, কৃষিকৰ্ম আৰু উদ্যোগত ব্যৱহাৰ কৰা হয় বা কৰিব পৰা যায়। সঠিকভারে ব্যৱহাৰ কৰিলে এই 1% পানীয়েই পৃথিৱীৰ জীৱৰ বাবে যথেষ্ট পানী সকলো জীৱৰে জীৱন ধাৰণৰ প্ৰধান আহিলা। পানী নহ’লে খােৱা, কৃষিকর্ম একো কৰিব নােৱাৰি।

১৩। পানী প্রদূষণ বুলিলে কি বুজা ? কি কি উৎসৰদ্বাৰা পানী প্ৰদূষিত হ’ব পাৰে লিখা।

উত্তৰঃ জীৱ-জন্তুৰ মল-মূত্র, জাৱৰ-জোঁথৰ, বিভিন্ন উদ্যোগৰপৰা ওলােৱা পেলনীয়া দ্রব্য ইত্যাদি সাধাৰণতে ওচৰত থকা নৈ, ৰ্জিৰা বা জলাশয়বােৰত পেলাই দিয়া হয়। উদ্যোগৰ পেলনীয়া দ্রব্যবােৰত এছিড, ক্ষাৰ, বং, গধুৰ ধাতু, ছায়েনাইডৰ দৰে বিষাক্ত দ্রব্য আৰু নানা ধৰণৰ প্ৰদূষক গেছ থাকে। এইবােৰে পানীৰ গুণাগুণ নষ্ট কৰে আৰু মানুহ, আন জীব-জন্তু আৰু কৃষিকৰ্মৰ বাবে অনুপযােগী হৈ পৰে। ইয়েই হ’ল পানী প্ৰদূষণ।পানী প্ৰদূষণৰ উৎসবােৰ হ’ল।

এছিড – প্ৰায়বােৰ উদ্যোগৰ পৰা নির্গত হােৱা বর্জিত পদার্থবােৰত বিভিন্ন এছিড মিহলি হৈ থাকে। এই এছিডসমূহে পানীত থকা কিছুমান অণুজীৱ মাৰি পেলায়, যিবােৰে পানী নির্মল কৰাত সহায় কৰে।

(i) পানীত ওপঙি থকা কিছুমান পদার্থই পানী প্রদুষিত কৰে।

(ii) এম’নিয়া, হাইড্রজেন ছালফাইড আদি গেছেও পানী প্ৰদূষিত কৰে।

(iii) তেল শােধানাগাৰৰ পৰা ওলােৱা বর্জিত পদার্থই পানীত অক্সিজেন সােমাব নােৱাৰা কৰে।কিছুমান উদ্যোগৰপৰা ওলােৱাবর্জিত পদার্থ যেনে পাৰা, সীহ, আর্জেনিক আদিয়ে জলজ প্রাণীৰ মাৰাত্মক বেমাৰৰ সৃষ্টি কৰে। মলমূত্র, জাৱৰ-জেঁথৰ আদিয়ে পানীৰ স্বাভাৱিক গুণ নষ্ট কৰি প্ৰদূষিত কৰিছে।

১৪। পানী প্রদূষণ ৰােধ কৰিবলৈ কি উপায় অৱলম্বন কৰা উচিত ?

উত্তৰঃ পানী প্ৰদূষণ ৰােধ কৰিবলৈ কেতবােৰ ব্যৱস্থা ল’ব পাৰি-

(ক) কম পৰিমাণে প্ৰদূষিত পানী পুনৰ বিভিন্ন কামত লগাব পাৰি। দৈনন্দিন জীৱনত ব্যৱহাৰ হােৱা পানীৰ বৰ্জিত অংশ পৰিশােধন বা পুনৰাৱৰ্তনৰ ব্যৱস্থা কৰিব পাৰি।

(খ) উদ্যোগৰ বৰ্জিত পানীভাগ শশাধন কৰিহে নদী, হ্রদ আদিত পেলােৱাৰ ব্যৱস্থা কৰিব লাগিব।

(গ) কাপােৰ ধােৱা পানী, গা ধােৱা পানী, পােহনীয়া জীৱ- জন্তুৰ মলমূত্র, গেলাপচা শাক-পাচলি আদি কুঁৱা, পুখুৰী আদিত সােমাবলৈ দিব নালাগিব।

(ঘ) পৰিশােধন প্রক্রিয়াৰ যােগেদি পনীয়া আৱৰ্জনাৰপৰা পানীখিনি আঁতৰাই পেলাব পাৰি আৰু সেই পানী ব্যৱহাৰ কৰিব পাৰি।

(ঙ) উদ্যোগৰ পৰা নিৰ্গত ধাতু আৰুৰাসায়নিক পদার্থ পুণঃউদ্ধাৰ কৰি পুনৰ ব্যৱহাৰৰ ব্যৱস্থা কৰিব লাগিব।

১৫। মাটি-প্ৰদূষণ ৰােধ কৰিবলৈ কি উপায় অৱলম্বন কৰা উচিত ?

উত্তৰঃ  মাটি প্রদূষণ ৰােধ কৰাৰ উপায়সমূহ হ’ল-

(ক) কৃষিকার্যত ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য আদিৰ সলনি জৈৱিক সাৰ ব্যৱহাৰ কৰা উচিত।

(খ) বৃক্ষৰােপণৰ দ্বাৰা মাটি প্ৰদূষণ ৰােধ কৰিব পাৰি।

(গ) উপযুক্ত কৃষি পদ্ধতি অৱলম্বন কৰি মাটি প্ৰদূষণ ৰােধ কৰিব পৰা যায়।

১৬।বিজ্ঞানসম্মত কাৰণ দশোৱা।

(ক) পৃথিৱীৰ বায়ুমণ্ডলৰ উত্তাপ ক্রমে বৃদ্ধি হ’ব লাগিছে।

উত্তৰঃ কার্বন-ডাই-অক্সাইড, নাইট্রজেন অক্সাইড আদি সেউজ-গৃহ গেছবােৰে পৃথিৱীয়ে এৰি দিয়া তাপ শুহি ৰাখে। বায়ু প্ৰদূষণৰ ফলত সেউজ-গৃহৰ গেছবােৰৰ, বিশেষকৈ কার্বন-ডাই-অক্সাইডৰ পৰিমাণ ক্রমে বাঢ়িছে। ফলত গেছবােৰে পৃথিৱীয়ে এৰি দিয়া দীঘল তৰংগৰ তাপ শােষণৰ পৰিমাণ বাঢ়িছে। পৃথিৱীয়ে এৰি দিয়া তাপ মহাকাশলৈ ঘুৰি যােৱাত বেছি বাধাৰ সৃষ্টি হৈছে আৰু বায়ুমণ্ডলৰ উষ্ণতা ক্রমে বাঢ়ি গৈ আছে।

(খ) ধূমপান স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।

উত্তৰঃ ধূমপান কৰিলে উশাহত অক্সিজেনৰ লগতে কার্বন-মন-অক্সাইড আদি বিষাক্ত গেছ হাওঁফাওঁত প্রৱেশ কৰে। ইয়াৰ ফলত বায়ুথলীৰ বেৰনষ্ট হৈ যায় আৰু ফলস্বৰূপে শ্বসন পৃষ্ঠ হ্রাস পায়। হাওঁফাওঁ দুর্বল হৈ পৰে আৰু শেষলৈ হাওঁফাওঁ নষ্ট হৈ শ্বাস প্রশ্বাসত অসুবিধা হৈ পৰে।

(গ) বর্তমান যুগত বাঢ়ি অহা গাড়ী-মটৰবৰৰেই প্ৰদূষণৰ প্রধান উৎস।

উত্তৰঃ বর্তমান যুগত যানবাহনৰ সংখ্যা বিশেষকৈ চহৰ অঞ্চলত অতিমাত্রা বৃদ্ধি পাইছে। এই যান-বাহনসমূহৰ পৰা প্ৰতিদিনে যথেষ্ট পৰিমাণে ধোঁৱা, গেছ আদি নির্গত হয়। এইবােৰত মিহলি হৈ থকা কার্বন-মনক্সাইড, নাইট্র জেনৰ অক্সাইড আৰু বিভিন্ন হাইড্রকার্বনেবুয়ু প্ৰদূষণৰ সৃষ্টি কৰে।এইবােৰৰ লগতে সীহৰ যৌগৰ কণিকাও নির্গত হৈ মানুহৰ স্বাস্থ্যৰ ক্ষতি সাধন কৰে। যানবাহনত ব্যৱহৃত ইন্ধনবােৰৰ অসম্পূর্ণ, দহনৰ ফলত হােৱা ধোঁৱা আৰুনাইট্রজেন অক্সাইডবােৰে স্মগ’ৰ সৃষ্টি কৰে আৰুই অতি বিষাক্ত।

(ঘ) বৰষুণৰ পানী খােৱাৰ বাবে ব্যৱহাৰ কৰিব নােৱাৰি।

উত্তৰঃ বৰষুণৰ পানী পৃথিৱীলৈ অহাৰ পথত উদ্যোগ আৰু যানবাহনৰ পৰা ওলােৱা ছালফাৰ- ডাই- অক্সাইড (So₂) আৰুনাইট্রজেন অক্সাইড (No₂) ৰ লগত বিক্রিয়া কৰি এছিডৰ সৃষ্টি কৰে আৰু বৰষুণৰ পানীৰ লগত পৃথিৱীত পৰেহি। এছিড বৰষুণে জলাশয়ৰ পানী এছিডযুক্ত কৰি তােলে। গতিকে বৰষুণৰ পানী খােৱাৰ বাবে ব্যৱহাৰ কৰিব নােৱাৰি।

১৬। খালী ঠাই পূৰ কৰাঁ।

(ক) ধূলিকণা, ছাই আদি উদ্ভিদৰ পাতত পৰি পাতত থকা ……………. বন্ধ কৰি দিয়ে।

(খ) পৃথিৱীৰ পৃষ্ঠৰপৰা 11 কি.মি. উচ্চতালৈ বিস্তৃত থকা বায়ুমণ্ডলৰ তৰপটোক ………….বােলা হয়।

(গ) …………….আমাৰ বায়ুমণ্ডলৰ প্রায় ৭০ শতাংশ অক্সিজেন উৎপন্ন কৰে।

(ঘ) যানবাহনৰ ধোঁৱাত থকা অন্যতম বায়ু প্ৰদূষকটো হৈছে……………।

(ঙ) অন্যতম সেউজ-গছু গেছটো হৈছে……………….।

(চ)………………. দ্বাৰা বায়ুমণ্ডলত সেউজ-গৃহ গেছৰ পৰিমাণ হ্রাস কৰিব পাৰি।

(ছ) এছিড বৰষুণে কৃষিভূমিৰ পৰা পুষ্টিকবােৰ ধুই নি ইয়াৰ……………. হ্রাস কৰে।

উত্তৰ  (ক) ৰন্ধ্ৰবোৰ।

(খ) ট্ৰপস্ফিয়েৰ।

(গ) উদ্ভিদে।

(ঘ) নাইট্রজেন অক্সাইড।

(ঙ) কার্বন-ডাই-অক্সাইড।

(চ) বৃক্ষৰােপন।

(ছ) উর্বতা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top