Assam Jatiya Bidyalay Class 7 Science Chapter 5 পানী আৰু হাইড্ৰ’জেন

Assam Jatiya Bidyalay Class 7 Science Chapter 5 পানী আৰু হাইড্ৰ’জেন, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Class 7 Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 7 Science Chapter 5 পানী আৰু হাইড্ৰ’জেন Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The provided here ensures a smooth and easy understanding of all the concepts. Assam Jatiya Bidyalay Class 7 Science Chapter 5 পানী আৰু হাইড্ৰ’জেন Understand the concepts behind every chapter and score well in the board exams.

পানী আৰু হাইড্ৰ’জেন

Chapter -5

ASSAM JATIYA VIDYALAYA

অসম জাতীয় বিদ্যালয়

প্রশ্ন ১ l শুদ্ধ উত্তৰটো বাছি উলিওৱাঁ । 

(ক) পানী এবিধ

1. যৌগ l          

2. মৌল l              

3. মিশ্র l      

4. অধাতু l

উত্তৰঃ 1. যৌগ l

(খ) পানীত আয়তন হিচাপে হাইড্ৰ’জেন-অক্সিজেনৰ অনুপাত হ’ল

1. 2:1        

2. 1:8           

3. 01:1            

4. 01:9

উত্তৰঃ 1. 2:1

(গ) কোনটো ধাতুৱে এছিডৰ লগত বিক্ৰিয়া কৰি হাইড্ৰ’জেন উৎপন্ন কৰে?

1. Cu          

2. Zn        

3. Pt          

4. Ag

উত্তৰঃ 2. Zn

(ঘ) হাইড্র জৈন গেছ সংগ্ৰহ কৰা পদ্ধতিটো হ’ল,

1. বায়ুৰ উৰ্ধ অপসাৰণ।   

2. বায়ুৰ নিম্ন অপসাৰণ।

3. পানীৰ নিম্ন অপসাৰণ।  

4. পানীৰ উৰ্ধ অপসাৰণ।

উত্তৰঃ 1. পানীৰ উৰ্ধ অপসাৰণ।

(ঙ) হাইড্ৰ’জেন গেছ পানীত

1. অতিশয় দ্রাব্য বা দ্রবণীয়।     

2. অদ্রাব্য বা অদ্রবণীয়।

3. সামান্যভাৱে দ্রাব্য।

4. সামান্যভাৱে অদ্রাব্য।

উত্তৰঃ 3. সামান্যভাবে দ্রাব্য।

(চ) হাইড্রজেন গেছ

1. বায়ুতকৈ পাতল ।      

2. বায়ুতকৈ গধূৰ ।

3. বায়ুৰ সমান পাতল ।  

4. এটাও শুদ্ধ নহয় ।

উত্তৰঃ 1. বায়ুতকৈ পাতল ।

(ছ) হাইড্ৰ’জেন গেছ

1. দাহ্য       

2. দহনৰ সহায়ক

3. অদাহ্য     

4. এটাও শুদ্ধ নহয়।

উত্তৰঃ 1. দাহ্য।

প্রশ্ন ২ l হাইড্ৰ’জেনৰ প্ৰধান উৎস দুটাৰ নাম লিখাঁ।

উত্তৰঃ হাইড্ৰ’জেনৰ প্ৰধান উৎস দুটাৰ নাম হ’ল – বায়ু আৰু পানী।

প্রশ্ন ৩ l হাইড্ৰ’জেনৰ এটা অনুত কিমানটা পৰমাণু থাকে?

উত্তৰঃ হাইড্ৰ’জেনৰ এটা অনুত দুটা পৰমাণু থাকে।

প্রশ্ন ৪ l হাইড্ৰ’জেনক কিয় উদজান বোলা হয়?

উত্তৰঃ লেভয়ছিয়েৰে দেখুৱায় যে হাইড্ৰ’জেন এবিধ দাহ্য গেছ। এই গেছ পানীৰ এটা উপাদান আৰু গেছটো বায়ুত পুৰিলে সদায় পানী উৎপন্ন হয়। সেইবাবে লেভয়ছিয়েৰে গেছটোৰ নাম ৰাখে হাইড্ৰ’জেন বা জনজান বা উদজান (উদ = পানী, জান উৎপন্নকাৰী)।

প্রশ্ন ৫ l হাইড্ৰ’জেন নামটো কোনে ৰাখিছিল?

উত্তৰঃ হাইড্ৰ’জেন নামটো লেভয়ছিয়েৰে ৰাখিছিল।

প্রশ্ন ৬ l হাইড্ৰ’জেন থকা চাৰিবিধ বস্তুৰ নাম লিখা। 

উত্তৰঃ হাইড্ৰ’জেন থকা চাৰিবিধ বস্তুৰ নাম হ’ল – পানী, তেল, চেনি, এছিড।

প্রশ্ন ৭ l তিনিটা বেলুনত যথাক্রমে হাইড্ৰ’জেন, অক্সিজেন আৰু বায়ু ভৰাই এৰি দিয়া হ’ল। কোনটো বেলুন একেবাৰে ওপৰলৈ উৰি যাব আৰু কিয়? 

উত্তৰঃ হাইড্ৰ’জেন ভৰোৱা বেলুনটো একেবাৰে উপৰলৈ উৰি যাব। কাৰণ, হাইড্ৰ’জেন গেছ অক্সিজেন আৰু বায়ুতকৈ পাতল।

প্রশ্ন ৮ l পৰীক্ষাগাৰত হাইড্রজেন প্রস্তুতিত

(ক) প্রয়োজন হোৱা দ্ৰব্য। 

(খ) ৰাসায়নিক বিক্রিয়া।

(গ) সংগ্রহ পদ্ধতি উল্লেখ কৰাঁ।

উত্তৰঃ (ক) পৰীক্ষাগাৰত হাইড্রাজেন প্রস্তুতিত প্রয়োজন হোৱা দ্ৰব্য সমূহ হ’ল — উলফ্ বটল, থিচোল্‌ ফানেল, নির্গম নলী, গেছ জাৰ, পানীৰ দ্ৰোণী, বজৰুৱা জিংক, লঘু ছালফিউৰিক এছিড আৰু পানী।

(খ) ৰাসায়নিক বিক্রিয়া – পৰীক্ষাগাৰত বজৰুৱা জিংক আৰু লঘু ছালফিউরিক এছিডৰ মাজত বিক্ৰিয়া ঘটাই হাইড্ৰ’জেন গেছ প্ৰস্তুত কৰা হয়।

(গ) সংগ্রহ পদ্ধতি : এটা দুমুখীয়া উল্ফ বটলত কেইটুকুৰামান বজৰুৱা জিংক লোৱা হয়। উলফ্ বটলটোত এটা থিচোল চুপি (ফানেল) আৰু এটা নির্গম নলী দুটা কাগৰ সহায়ত সংযোগ কৰা হয়। সঁজুলিটোৰ পৰা বায়ু ওলোৱা সোমোৱা কৰিব নোৱাৰা কৰি লোৱা হয়। এই অৱস্থাটোক বায়ুৰুদ্ধ অৱস্থা বোলা হয়। নির্গম নলীৰ বাহিৰত থকা মূৰটো আঙুলিৰে বন্ধ কৰি থিচোল চুপিৰ ওপৰত পানী বাকি লৈ চুপিৰে বটলত সোমাব নোৱাৰিলে সঁজুলিটো বায়ুৰুদ্ধ হোৱা বুলি ধৰিব পাৰি।

নির্গম নলীৰ খোলা মূৰটো পানীৰ দ্ৰোণীত ডুবাই ৰাখি থিচোল চুপিৰে লঘু ছালফিউৰিক এছিড যোগ কৰা হয়। উল্ফ বটলৰ ভিতৰত এছিড আৰু জিংকৰ বিক্ৰিয়াৰ ফলত হাইড্ৰ’জেন গেছ মুক্ত হয়। নলীৰে হাইড্ৰ’জেন গেছ আৰু বায়ুৰ মিশ্ৰ ওলাই আছে। পানীৰ মাজেৰে বুৰবুৰণিৰ আকাৰত এই মিশ্র ওলাই যায়। হাইড্ৰ’জেন আৰু বায়ুৰ মিশ্ৰ বিস্ফোৰক বাবে এনেদৰে ওলাই যাবলৈ দিয়া হয়। অলপ সময়ৰ পাছত পানীপূর্ণ গেছজাৰ এটা ওলোটাই নলীডালৰ মুখত ধৰা হয়। হাইড্ৰ’জেন গেছ গেছজাৰত থকা পানীৰ মাজেদি গৈ ভিতৰত জমা হ’ব। গেছ জাৰটো গেছেৰে পূৰ্ণ হোৱাৰ পাছত পানীৰ তলতে গেছ জাৰটোৰ মুখখন ঢাকনিৰে বন্ধ কৰি উলিয়াই অনা হয় । এনেদৰে কেইবাটাও গেছ-জাৰত হাইড্ৰ’জেন গেছ সংগ্ৰহ কৰিব পাৰি।

প্রশ্ন ৯ l প্ৰমাণ কৰা যে হাইড্ৰ’জেন বায়ুতকৈ পাতল। 

উত্তৰঃ 

এটা বটলত কেইটুকুৰামান জিংক ভৰাই লোৱা হয়। আন এটা কাচৰ বাটিত চাবোন পানী লোৱা হয়। বটলৰ ভিতৰত এছিড যোগ কৰিলে হাইড্ৰ’জেন গেছ। উৎপন্ন হয়। নির্গম নলীৰে ওলাই অহা গেছ চাবোন পানীৰ মাজেদি যাবলৈ দিয়া হয়। চাবোনৰ বুদ বুদ ওপৰলৈ উঠে আৰু ওলাই আহে। চাবোনৰ বুদ বুদ্‌বোৰৰ ভিতৰত হাইড্ৰ’জেন গেছ থাকে। ওপৰলৈ উঠি যোৱাটোৱে দেখুৱায় যে হাইড্ৰ’জেন গেছ বায়ুতকৈ পাতল। 

প্রশ্ন ১০ l হাইড্ৰ’জেনৰ দুটা ব্যৱহাৰ লিখা ।

উত্তৰঃ হাইড্ৰ’জেনৰ দুটা ব্যৱহাৰ হ’ল –

(ক) জুলীয়া হাইড্ৰ’জেনৰ আয়তন কম বাবে ৰকেটৰ ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। 

(খ) বিজাৰক পদাৰ্থ হিচাপে হাইড্ৰ’জেন ব্যৱহাৰ কৰা হয় ।

প্রশ্ন ১১ l হাইড্ৰ’জেন কিয় ভাল বিজাৰক?

উত্তৰঃ হাইড্ৰ’জেন ভাল বিজাৰক কাৰণ হাইড্ৰ’জেন গেছে তপত ধাতুৰ অক্সাইডৰ পৰা অক্সিজেন আঁতৰাই নি পানী উৎপন্ন কৰে। 

প্রশ্ন ১২ l তেলত হাইড্ৰ’জেন যোগকৰণ মানে কি?

উত্তৰঃ প্ৰাণী আৰু উদ্ভিদৰ পৰা উৎপন্ন কৰা জুলীয়া তেলৰ সৈতে হাইড্ৰ’জেনৰ সংযোজন ঘটাই গোটা অৱস্থাত থকা চৰীজাতীয় পদার্থ উৎপন্ন কৰা হয়। ইয়াকে তেলত হাইড্ৰ’জেন যোগকৰণ বোলা হয়।

প্রশ্ন ১৩ l পৰীক্ষাগাৰত হাইড্ৰ’জেন কেনেকৈ প্ৰস্তুত কৰা হয় ? হাইড্ৰ’জেন প্ৰস্তুতিৰ ৰাসায়নিক বিক্ৰিয়াটো লিখা। প্রয়োজনীয় চিহ্নিত ছবি আঁকা।

উত্তৰঃ (ক) পৰীক্ষাগাৰত হাইড্রাজেন প্রস্তুতিত প্রয়োজন হোৱা দ্ৰব্য সমূহ হ’ল — উলফ্ বটল, থিচোল্‌ ফানেল, নির্গম নলী, গেছ জাৰ, পানীৰ দ্ৰোণী, বজৰুৱা জিংক, লঘু ছালফিউৰিক এছিড আৰু পানী।

(খ) ৰাসায়নিক বিক্রিয়া – পৰীক্ষাগাৰত বজৰুৱা জিংক আৰু লঘু ছালফিউরিক এছিডৰ মাজত বিক্ৰিয়া ঘটাই হাইড্ৰ’জেন গেছ প্ৰস্তুত কৰা হয়।

(গ) সংগ্রহ পদ্ধতি : এটা দুমুখীয়া উল্ফ বটলত কেইটুকুৰামান বজৰুৱা জিংক লোৱা হয়। উলফ্ বটলটোত এটা থিচোল চুপি (ফানেল) আৰু এটা নির্গম নলী দুটা কাগৰ সহায়ত সংযোগ কৰা হয়। সঁজুলিটোৰ পৰা বায়ু ওলোৱা সোমোৱা কৰিব নোৱাৰা কৰি লোৱা হয়। এই অৱস্থাটোক বায়ুৰুদ্ধ অৱস্থা বোলা হয়। নির্গম নলীৰ বাহিৰত থকা মূৰটো আঙুলিৰে বন্ধ কৰি থিচোল চুপিৰ ওপৰত পানী বাকি লৈ চুপিৰে বটলত সোমাব নোৱাৰিলে সঁজুলিটো বায়ুৰুদ্ধ হোৱা বুলি ধৰিব পাৰি।

নির্গম নলীৰ খোলা মূৰটো পানীৰ দ্ৰোণীত ডুবাই ৰাখি থিচোল চুপিৰে লঘু ছালফিউৰিক এছিড যোগ কৰা হয়। উল্ফ বটলৰ ভিতৰত এছিড আৰু জিংকৰ বিক্ৰিয়াৰ ফলত হাইড্ৰ’জেন গেছ মুক্ত হয়। নলীৰে হাইড্ৰ’জেন গেছ আৰু বায়ুৰ মিশ্ৰ ওলাই আছে। পানীৰ মাজেৰে বুৰবুৰণিৰ আকাৰত এই মিশ্র ওলাই যায়। হাইড্ৰ’জেন আৰু বায়ুৰ মিশ্ৰ বিস্ফোৰক বাবে এনেদৰে ওলাই যাবলৈ দিয়া হয়। অলপ সময়ৰ পাছত পানীপূর্ণ গেছজাৰ এটা ওলোটাই নলীডালৰ মুখত ধৰা হয়। হাইড্ৰ’জেন গেছ গেছজাৰত থকা পানীৰ মাজেদি গৈ ভিতৰত জমা হ’ব। গেছ জাৰটো গেছেৰে পূৰ্ণ হোৱাৰ পাছত পানীৰ তলতে গেছ জাৰটোৰ মুখখন ঢাকনিৰে বন্ধ কৰি উলিয়াই অনা হয় । এনেদৰে কেইবাটাও গেছ-জাৰত হাইড্ৰ’জেন গেছ সংগ্ৰহ কৰিব পাৰি।

প্রশ্ন ৯ l প্ৰমাণ কৰা যে হাইড্ৰ’জেন বায়ুতকৈ পাতল। 

উত্তৰঃ 

এটা বটলত কেইটুকুৰামান জিংক ভৰাই লোৱা হয়। আন এটা কাচৰ বাটিত চাবোন পানী লোৱা হয়। বটলৰ ভিতৰত এছিড যোগ কৰিলে হাইড্ৰ’জেন গেছ। উৎপন্ন হয়। নির্গম নলীৰে ওলাই অহা গেছ চাবোন পানীৰ মাজেদি যাবলৈ দিয়া হয়। চাবোনৰ বুদ বুদ ওপৰলৈ উঠে আৰু ওলাই আহে। চাবোনৰ বুদ বুদ্‌বোৰৰ ভিতৰত হাইড্ৰ’জেন গেছ থাকে। ওপৰলৈ উঠি যোৱাটোৱে দেখুৱায় যে হাইড্ৰ’জেন গেছ বায়ুতকৈ পাতল। 

প্রশ্ন ১৪। খালী ঠাই পূৰণ কৰা ।

(ক) হাইড্ৰ’জেন গেছ বায়ুত পুৰিলে _______ উৎপন্ন হয় ।

উত্তৰঃ নীলা শিখা।

(খ) হাইড্ৰ’জেন গেছ পানীৰ _______ অপসাৰণৰ দ্বাৰা সংগ্ৰহ কৰা হয় (নিম্ন উৰ্ধ)।

উত্তৰঃ নিম্ন।

(গ) হাইড্ৰ’জেন গেছ _______ (দাহ্য / অদাহ্য / দহনৰ সহায়ক)।

উত্তৰঃ দাহ্য।

(ঘ) হাইড্ৰ’জেন গেছ বায়ুতকৈ _______ (পাতল/গধুৰ)।

উত্তৰঃ পাতল।

(ঙ) হাইড্ৰ’জেন গেছ পানীত _______(দ্রাব্য/অদ্রাব্য / সামান্য দ্রাব্য)।

উত্তৰঃ সামান্য দ্রাব্য ।

(চ) হাইড্ৰ’জেন গেছ _______ (জাক/বিজাৰৰ্ক)। 

উত্তৰঃ বিজাৰক ।

(ছ) জুলীয়া হাইড্ৰ’জেন ৰকেটত _______ হিচাপে ব্যৱহাৰ কৰা হয় ।

উত্তৰঃ ইন্ধন।

(জ) দ্ৰাৰ আৰু ড্ৰাৱকৰ _______ মিশ্ৰক দ্ৰৱ বোলে।

উত্তৰঃ সমসত্ব ।

প্রশ্ন ১৫ l শুদ্ধ/অশুদ্ধ লিখাঁ।

(ক) পানীত দ্রবীভূত কঠিন পদার্থক দ্রাবক বোলে।

উত্তৰঃ অশুদ্ধ।

(খ) পৃথিৱীৰ উপৰিভাগৰ শতকৰা প্ৰায় 70 ভাগ পানী।

উত্তৰঃ শুদ্ধ।

(গ) পানীৰ বিদ্যুৎ বিশ্লেষণৰ ফলত সমান সমান আয়তনৰ হাইড্ৰ’জেন আৰু অক্সিজেন গেছ উৎপন্ন হয়।

উত্তৰঃ অশুদ্ধ। 

(ঘ) চাপ বঢ়ালে পানীত গেছ এটা বেছি পৰিমানে দ্রবীভূত হয়।

উত্তৰঃ শুদ্ধ।

(ঙ) অক্সিজেনৰ যোজনক জাৰণ বোলে।

উত্তৰঃ শুদ্ধ।

(চ) হাইড্ৰ’জেন গেছ নীলা শিখা উৎপন্ন কৰি পুৰি যায় ।

উত্তৰঃ শুদ্ধ।

(ছ) পানী আৰু মিঠাতেল মিহলি হয়।

উত্তৰঃ অশুদ্ধ।

প্রশ্ন ১৬ l তলৰ বিক্ৰিয়াবোৰত কি উৎপন্ন হ’ব, ৰাসায়নিক সমীকৰণৰ সহায়ত লিখা ।

(ক) ছ’ডিয়াম ধাতু লঘূ ছালফিউৰিক এছিড়ত যোগ কৰা হ’ল।

উত্তৰঃ ছ’ডিয়াম ধাতুৱে লঘু স্থালফিউৰিক এছিডৰ সৈতে বিক্ৰিয়া কৰি ছ’ডিয়াম ক্ল’ৰাইড আৰু হাইড্ৰ’জেন গেছ উৎপন্ন কৰে।

(খ) ক’পাৰ অক্সাইডৰ উত্তপ্ত গুড়িৰ ওপৰেদি হাইড্ৰ’জেন গেছ যাব দিয়া হ’ল।

উত্তৰঃ হাইড্ৰ’জেন গেছ উত্তপ্ত ক’পাৰ অক্সাইড, Cuoৰ ওপৰেদি যাবলৈ দিলে ই ক’পাৰ অক্সাইডৰ পৰা অক্সিজেন লৈ পানী উৎপন্ন কৰে আৰু ধাতৱ ক’পাৰ অৱশেষ হিচাপে থাকি যায় ।

(গ) মেগনেছিয়াম ধাতুৰ ফিটা এডাল অক্সিজেন গেছৰ উপস্থিতিত জ্বলাই দিয়া হ’ল।

উত্তৰঃ মেগনেছিয়াম ধাতুৰ ফিটা এডাল অক্সিজেন গেছৰ উপস্থিতিত জ্বলাই দিয়াত ই অতি উজ্জ্বল বগা পোহৰ দি পুৰিবলৈ ধৰে আৰু মেগনেছিয়াম অক্সাইড Mgo ব বগা গুড়ি উৎপন্ন কৰে ।

(ঘ) হাইড্ৰ’জেন গেছ ক্ল’ৰিণৰ উপস্থিতিত জ্বলোৱা হ’ল।

উত্তৰঃ হাইড্ৰ’জেন গেছ ক্ল’ৰিণৰ উপস্থিতিত জ্বলালে হাইড্ৰ’ক্লৰিক এছিড  Hcl উৎপন্ন হয়।

H₂Cl₂ = 2Hcl

প্রশ্ন ১৭ l পানীত থকা উদ্ভিদ আৰু প্রাণীয়ে পানীৰ তলত কেনেকৈ জীয়াই থাকে?

উত্তৰঃ অক্সিজেন গেছ আৰু কাৰ্বন ডাই অক্সাইড গেছ পানীত কিছু পৰিমাণে দ্রৱীভূত হয়। পানীত অক্সিজেন দ্রবীভূত হোৱা বাবে মাছ আদি জলচৰ প্ৰাণীয়ে পানীত থকা উদ্ভিদ সমূহ জীয়াই থাকে। 

প্রশ্ন ১৮ l ছ’ডা পানীৰ বটল খুলিলে মুখেৰে বুদ্ কিয় ওলায়?

উত্তৰঃ ছ’ডা পানীৰ বটলত কার্বন ডাই অক্সাইড গেছ দ্রবীভূত কৰি ৰখা হয়। সেইবাবে ছ’ডা পানীৰ বটল খুলিলে মুখেৰে বুদ্ কৰি কাৰ্বন ডাই অক্সাইড Co গেছ বাহিৰলৈ ওলাই আহে।

প্রশ্ন ১৯ l দ্ৰাৱ, দ্রাবক আৰু দ্ৰৱৰ সংজ্ঞা লিখা।

উত্তৰঃ দ্ৰাৱ : কিছুমান কঠিন পদার্থ পানীত দিলে সহজে গলি যায়। এই গলি যোৱা গোটা পদাৰ্থটোক দ্ৰাৱ বোলে ।

দ্রাৱক : কিছুমান গোটা বা কঠিন পদার্থ কিছুমান জুলীয়া পদার্থত দিলে গলি যায়। আৰু এই জুলীয়া পদাৰ্থক দ্রাৱক বোলে।

দ্রব : দ্রব আৰু প্ৰাৱকৰ সমসত্ব মিশ্ৰক এব বোলা হয়।

প্রশ্ন ২০ l সংপৃক্ত দ্রৱ আৰু অসংপৃক্ত দ্রর কাক বোলে?

উত্তৰঃ সংপৃক্ত দ্রৱ : যি দ্রৱই সাধারণ উষ্ণতাত সৰ্বাধিক পৰিমাণৰ প্ৰাৱ দ্রৱীভূত কৰি ৰাখে তেনে দ্রাবক সংপৃক্ত দ্রব বোলে। অসংপৃক্ত দ্রব ঃ যি দ্রৱই সাধাৰণ উষ্ণতাত সৰ্বাধিক পৰিমাণতকৈ কম পৰিমাণৰ দ্ৰাৱ প্ৰৱীভূত কৰি ৰাখে তেনে দ্রৱক অসংপৃক্ত দ্রর বোলে। 

প্রশ্ন ২১ l হাইড্ৰ’জেন গেছৰ দুটা ভৌতিক ধৰ্ম লিখা।

উত্তৰঃ হাইড্ৰ’জেন গেছৰ দুটা ভৌতিক ধৰ্ম হ’ল 

(ক) হাইড্ৰ’জেন গেছ বৰণহীন, সোৱাদহীন আৰু স্বচ্ছ।

(খ) ই পানীত সামান্য প্রাধ্য।

প্রশ্ন ২২ l দ্রাব্যতাৰ সংজ্ঞা লিখা।

উত্তৰঃ দ্রাব্যতা : সাধাৰণ উষ্ণতাত এটা প্ৰাৱকৰ 100 গ্রাম দ্রবীভূত কৰিব পৰা প্ৰাৱৰ সৰ্বাধিক পৰিমাণক গ্ৰামত প্ৰকাশ কৰিলে তাক প্ৰাৱটোৰ দ্রাব্যতা বোলে।

প্রশ্ন ২৩ l শিল্প উদ্যোগত ব্যৱহৃত হাইড্ৰ’জেন গেছৰ দুটা ব্যৱহাৰ উল্লেখ কৰা ।

উত্তৰঃ শিল্প উদ্যোগত ব্যৱহৃত হাইড্ৰ’জেন গেছৰ দুটা ব্যৱহাৰ হ’ল—

(ক) বিভিন্ন শিল্পত প্রয়োজন হোৱা ৰাসায়নিক দ্রব্য এম ‘নিয়া, হাইড্ৰ’জেন ক্ল’ৰাইড, মিথানল, পেট্ৰ’ল আদিৰ উৎপাদনত হাইড্ৰ’জেন ব্যৱহাৰ হয়। এম নিয়া সাৰ উৎপাদনত হাইড্রাজেন ব্যৱহাৰ হয়।

(খ) এম’নিয়াম ছালফেট আৰু ইউৰিয়া উৎপাদনত হাইড্ৰ’জেন ব্যৱহাৰ হয়।

প্রশ্ন ২৪ l জাৰণ আৰু বিজাৰণৰ সংজ্ঞা লিখা। 

উত্তৰঃ জাৰণঃ কোনো এটা মৌল বা যৌগৰ লগত অক্সিজেন যোগ হোৱা পদ্ধতিক জাৰণ বিক্রিয়া বোলে। অক্সিজেনক জাৰক পদার্থ বোলে।

বিজাৰণঃ যি পদাৰ্থই যৌগৰ পৰা অক্সিজেন আঁতৰাই নিব পাৰে তাক বিজাৰক পদাৰ্থ আৰু এই বিক্ৰিয়াক বিজাৰণ বিক্রিয়া বোলে। হাইড্ৰজেনক বিজারক পদার্থ বোলে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top