Assam Jatiya Bidyalay Class 7 History Chapter 10 অসমৰ উৎসৱ-অনুষ্ঠান

Assam Jatiya Bidyalay Class 7 History Chapter 10 অসমৰ উৎসৱ-অনুষ্ঠান, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় ইতিহাস Class 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Class 7 History Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 7 History Chapter 10 অসমৰ উৎসৱ-অনুষ্ঠান Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. Assam Jatiya Bidyalay Class 7 History Chapter 10 অসমৰ উৎসৱ-অনুষ্ঠান The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

অসমৰ উৎসৱ-অনুষ্ঠান

Chapter -10

ASSAM JATIYA VIDYALAYA

অসম জাতীয় বিদ্যালয়

প্রশ্নোত্তৰঃ 

১। অসমৰ উৎসৱ-অনুষ্ঠানসমূহক কি কি প্রধান ভাগত ভাগ কৰা হয়? 

উত্তৰঃ অসমৰ উৎসৱ-অনুষ্ঠানসমূহক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰা হয় । সেইবোৰ হৈছে— 

(১) ধর্মীয় উৎসৱ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(২) কৃষিভিত্তিক উৎসৱ । আৰু 

(৩) সামাজিক অনুষ্ঠানমূলক উৎসৱ। 

২। ব’হাগ, কাতি আৰু মাঘ বিহুত কৃষক সমাজে কোন কোন দেৱতাৰ সন্তুষ্টিৰ বাবে পূজা আগবঢ়ায়?

উত্তৰঃ ব’হাগ, কাতি আৰু মাঘ বিহুত কৃষক সমাজে সূর্য, অগ্নি, পৃথিৱী, আকাশ আদি দেৱতাৰ সন্তুষ্টিৰ বাবে পূজা আগবঢ়ায়।

৩। ভঠেলি উৎসৱক আন কি কি নামেৰে জনা যায়?

উত্তৰঃ ভঠেলি উৎসৱক স’ৰি বা সুঁৱেৰি, দেউল আৰু বিষুৱা নামেৰেও জনা যায়। কামৰূপ উত্তৰত ভঠেলি, দক্ষিণ পাৰত সৰি বা সুঁৱৰি, মঙ্গলদৈ মহকুমাত দেউল আৰু গোৱালপাৰাত বিষুৱা আৰু সৰি উৎসৱ বোলে।

৪। বড়ো-কছাৰীসকলৰ মাঘ বিহুৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ অসমৰ বড়ো-কছাৰীসকলে মাঘ বিহুক দোমাসী বা দোমাহী বোলে। মাঘ বিহুৰ মেজিটোক ‘বিলাগুৰ’ বুলি কয়। পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা গা পা ধুই ‘বিলাণ্ডৰ’ জনায় আৰু গৰুৰ উন্নতি আৰু গঞা ৰাইজৰ মংগল কামনা কৰে। তাৰ পিছদিনা সকলোৱে লগ হৈ ভোজ-ভাত খায় ।

৫। বড়োসকলৰ বৌইছাগু উৎসৱৰ বিষয়ে লিখা।

উত্তৰঃ বড়োসকলে ব’হাগ বিহুক ‘বৌইছাগু’ বোলে। চ’ত-ব’হাগৰ সংক্ৰান্তিৰ দিনা গৰুক গা ধুৱায়। গা ধুৱাবলৈ নিয়াৰ আগতে গৰুৰ শিং আৰু খুড়াত মিঠাতেল ঘহে, চৰৰ ছাই মিঠাতেলৰ লগত মিহলাই গৰুৰ গাত চাব মাৰে। এই সময়ত তেওঁলোকে কিছুমান ধর্মীয় পৰম্পৰা আৰু লোকাচাৰো পালন কৰে। আপোনজনক নতুন বস্ত্ৰ উপহাৰ দিয়ে। ‘বৌইছাগু’ৰ সময়ত বড়োসকলৰ ল’ৰা-ছোৱালী, পুৰুষ মহিলা প্রায় সকলোৱে নৃত্য-গীতত মচগুল হৈ থাকে। 

৬। মিচিংসকলৰ আলি-আই লৃগাং উৎসৱৰ বিষয়ে এটা বিৱৰণ লিখাঁ। 

উত্তৰঃ মিচিংসকলৰ আলি-আই-লৃগাং এটি কৃষিভিত্তিক উৎসৱ। লৃগাং বিহুৰ দিনা পুৱা কুকুৰা ডাকতে ঘৰে ঘৰে বৰকাঁহ বজায়। মিচিংসকলৰ বিশ্বাস বৰকাঁহৰ মাতত মেঘদেৱতা সাৰ পায়, বৰষুণ হয় আৰু তেতিয়া পৃথিৱী শস্য-শ্যামলা হয়। লৃগাং বিহু সাধাৰণতে মাঘমাহৰ আঁউসীৰ আগৰ বুধবাৰে পালন কৰা হয়। পিছদিনা বৃহস্পতিবাৰে এঘৰৰ চোতালত আনুষ্ঠানিকভাৱে বিহু আৰম্ভ হয়। নিৰ্দিষ্ট এঘৰ মানুহৰ চোতালত এখন বৰকাঁহ আঁৰি তাৰ চাৰিওফালে ঘূৰি ঘূৰি নৃত্য-গীত কৰা হয়। এনেদৰে নৃত্য-গীত কৰিলে পৃথিৱী সন্তুষ্ট হয় আৰু লখিমী আহি শস্য পথাৰত থিয় দিয়ে বুলি বিশ্বাস কৰা হয়।

৭। অসমৰ চাহ জনগোষ্ঠীৰ উৎসৱৰ বিষয়ে এটা টোকা লিখা।

উত্তৰঃ অসমৰ চাহ জনগোষ্ঠীৰ লোকসকলে পালন কৰা অনেক উৎসৱৰ মাজত দুটা উল্লেখযোগ্য উৎসৱ হৈছে কৰম পূজা আৰু টুচু পৰ্ব পূজা।

কৰম পূজা ভাদ মাহত পালন কৰা হয়। খেতি-বাতি আৰু ধন-ঐশ্বর্য বৃদ্ধি কামনা কৰি এই পূজা পতা হয়। কৰম পূজা দুবিধ— ৰাজহ কৰম আৰু জিতিয়া কৰম। ভাদ মাহৰ পঞ্চমী তিথিৰপৰা একাদশীলৈ এইখিনি সময়ত ৰাজহ কম’ পতা হয়। জিতিয়া কৰম’ পতাৰ কিন্তু কোনো নিৰ্দ্ধাৰিত সময় নাই। কৰম পূজাত নৃত্য-গীত অপৰিহার্য।

টুচুপৰ্ব পুহ আৰু মাঘৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয়। এই দিনা টুচুদেৱীৰ প্রতিমা স্থাপন কৰি পূজা কৰা হয়। প্রতিমা স্থাপনৰ দিনা ৰাতি উজাগৰে থাকি নৃত্য গীত কৰি কটায়। পিছদিনা সকলোৱে নৃত্য-গীত কৰি নদীত প্রতিমা বিসর্জন দিয়ে। প্রতিমা বিসর্জন দিওঁতে স্নান কৰাটো পবিত্ৰ কৰ্ম হিচাবে গণ্য কৰা হয় আৰু এই স্নান কর্মক ‘মকৰস্নান’ বোলে।

৮। অসমৰ সামাজিক উৎসৱসমূহৰ বিষয়ে এটি বিৱৰণ লিখা।

উত্তৰঃ অসমৰ সামাজিক উৎসৱসমূহৰ ভিতৰত বিবাহ অনুষ্ঠান অতি তাৎপর্যপূর্ণ। বিবাহ অনুষ্ঠানক অতি পবিত্র অনুষ্ঠানৰূপে জ্ঞান কৰা, দুৱাৰমুখত আমদালি অৰা গাঁঠিয়ান খুন্দা, নোৱাবৰ বাবে বেই সজা, মৰলসজা, দুণৰিত চাউল-বন্তি সজোৱা, দৈয়ন দিয়া, খোবা-খুবুনী পূজা, পানী তোলা, সুৱাগুৰি তোলা, দৰা আদৰা আদি আচাৰ-অনুষ্ঠান অসমৰ সকলো জনগোষ্ঠীৰ মাজত প্ৰায় একে।

বিবাহৰ দৰে আন এটি আমোদজনক উৎসৱ হৈছে ভেকুলী বিয়া। খেতিৰ বতৰত দীৰ্ঘদিন ধৰি বৰষুণ নহ’লে বৰষুণৰ কামনাৰে এই উৎসৱ পতা হয়। দুখন গাঁৱৰ দুঘৰত দৰাঘৰ-কন্যাঘৰ কৰি লৈ দুয়োঘৰতে একোটিকৈ ভেকুলীক দৰা-কন্যা সাজি ঠিক বৰবিয়াৰ নিচিনাকৈ ভেকুলী বিয়া পতা হয়।

অসমীয়া সমাজত জন্ম আৰু মৃত্যুৰ লগতো বহুবোৰ সামাজিক উৎসৱ অনুষ্ঠান জড়িত হৈ আছে। জন্মৰ লগত নামকৰণ, অন্নপ্রাশন, চূড়াকৰণ, উপনয়ন, বিদ্যাৰম্ভ আদি অনুষ্ঠানবোৰ সামাজিকভাৱেই পালন কৰা হয়। সেইদৰে মৃতকৰ সৎকাৰৰ পাছত পতা তিলনি, চতুর্থী আৰু শ্রাদ্ধ আদি সামাজিক অনুষ্ঠান। এইবোৰৰ উপৰিও সময়ে সময়ে পতা কীৰ্ত্তন, বৰসবাহ, ভাওনা আদি জনপ্ৰিয় সামাজিক অনুষ্ঠান । এটা জাতিৰ সামগ্ৰিক পৰিচয়, গৌৰৱ, ঐতিহ্য-পৰম্পৰা এনে উৎসৱসমূহৰ মাজেদিয়েই প্রকাশিত হয়।

৯। অসমত বিভিন্ন কৃষিভিত্তিক উৎসৱৰ বিষয়ে এটা আলোচনা আগবঢ়োৱা ।

উত্তৰঃ অসম এখন কৃষি প্রধান বাজ্য। সেয়ে কৃষি নির্ভৰশীল ইয়াৰ অধিবাসীসকলে অতি প্রাচীন কালৰ পৰা যিবিলাক উৎসৱ পালন কৰি আহিছে, সেইবোৰ মূলতঃ কৃষিভিত্তিক উৎসৱ। অসমৰ জাতীয় উৎসৱ বিহু, ভঠেলি; বড়ো কছাৰীসকলৰ বৌইছাগু, দোমাহী বা দোমাসী, মিচিংসকলৰ আলি আই লৃগাং, পঃৰাগ বা নৰাছিগা বিহু চাহ জনগোষ্ঠীৰ কৰম পূজা, টুচুপৰ্ব, লালুংসকলৰ বিহু, এই আটাইবোৰেই কৃষিভিত্তিক উৎসৱ।

প্ৰাচীন কালত অসমৰ কৃষকসকলে ব’হাগ, কাতি আৰু মাঘ মাহত অর্থাৎ‍ তিনিটা বিশেষ ঋতুত কৃষিৰ মংগলার্থে সূর্য, অগ্নি, পৃথিৱী, আকাশ আদি দেৱতাৰ সন্তুষ্টিৰ বাবে পূজা-অৰ্চনা কৰিছিল। কালক্রমে ইয়েই ক্রমে ব’হাগ বিহু, কাতি বিহু আৰু ভোগালী বিহু বুলি পৰিচিত লাভ কৰিলে আৰু ইয়াৰ ধৰ্মীয় বিশ্বাসবোৰ কমি গৈ নৃত্য-গীতেৰে ভৰা আনন্দ-উৎসৱ হৈ পৰিল।

বড়ো-কছাৰীসকলৰ বৌইছাগু আৰু দোমাহী বা দোমাসীও কৃষিভিত্তিক উৎসৱ। অতি পুৰণি কালৰপৰাই অসমৰ কৃষকে গৰুৰ সহায়ত কৃষিকৰ্ম কৰি আহিছে। গতিকে গৰুৰ লগত খেতি আৰু খেতিয়কৰ ওতঃপ্রোত সম্পর্ক আছে। ব’হাগ বিহুৰ গৰু বিহুৰ দিনাখনৰ দৰে বোঁইছাগু, চ’ত ব’হাগৰ সংক্ৰান্তিৰ দিনা পুৱা বড়োসকলে তেল সানি গৰুক গা ধুৱায়, মাখিয়তী-দীঘলতিৰে কোবাই গৰুৰ মংগল কামনা কৰে।

মিচিংসকলে মাঘ মাহত পালন কৰা আলি আই লৃগাং উৎসৱৰ দিনা পুৱা কুকুৰা ডাকতে মেঘ দেৱতাক সাৰ পোৱাবৰ বাবে ঘৰে ঘৰে বৰকাঁহ বজোৱা হয়। মিচিংসকলৰ বিশ্বাস, এনে কৰিলে মেঘ দেৱতা সাৰ পাই উঠি বৰষুণ দিয়ে আৰু বৰষুণ দিলে পৃথিৱী শস্য-শ্যামলা হৈ উঠে। লৃগাং বিহুৰ দ্বিতীয় দিনা মিচিংসকলে নিৰ্দিষ্ট এঘৰ মানুহৰ চোতালত বৰকাঁহ আঁৰি তাৰ চাৰিওফালে ঘূৰি ঘূৰি নৃত্য-গীত কৰে। এনে কৰিলে পৃথিৱী সন্তুষ্ট হয় আৰু লখিমী আহি শস্য পথাৰত থিয় দিয়ে বুলি তেওঁলোকে বিশ্বাস কৰে। মিচিংসকলে পৰাগ বা নৰাছিগা বিহু পাতে ভাদ মাহত অৰ্থাৎ খেতিৰ অন্তত।

চাহ জনগোষ্ঠীৰ কৰম পূজা আৰু টুচুপর্বও কৃষিভিত্তিক উৎসৱ। খেতি-বাতি আৰু ধন-ঐশ্বর্য বৃদ্ধি কামনা কৰিয়ে ভাদমাহত চাহ জনগোষ্ঠীৰ লোকসকলে কৰম পূজা উৎসৱ পাতে।

উল্লেখযোগ্য যে, বর্তমান সময়ত এই আটাইবোৰ উৎসৱেই সংশ্লিষ্ট জাতি -জনগোষ্ঠীৰ সীমা পাৰ হৈ অন্যান্য জাতি-জনগোষ্ঠীৰো সমাদৰ লাভ কৰিছে। ইয়ে সমাজত জাতি-জনগোষ্ঠীৰ মাজত পাৰস্পৰিক শ্ৰদ্ধা, বিশ্বাস, একতা আৰু ভাতৃত্ববোধ বৃদ্ধিত যথেষ্ট বৰঙণি যোগাইছে।

অতিৰিক্ত প্রশ্নোত্তৰঃ

১। অসমত আদিম অধিবাসীসকল প্ৰথম অৱস্থাত কি ধৰ্মাৱলম্বী আছিল?

উত্তৰঃ  শৈৱ ধৰ্মাৱলম্বী।

২। শ্ৰীকৃষ্ণ‍ই ঘুনুচাৰ ঘৰলৈ যাত্ৰা কৰা কাহিনীভাগক লৈ পালন কৰা উৎসৱটোৰ নাম লিখা।

উত্তৰঃ দেউল উৎসৱ।

৩। বড়োসকলৰ উপাস্য দেৱতাগৰাকী কোন?

উত্তৰঃ মহাদেৱ।

৪। বড়ো সমাজৰ দুটি ধর্মীয় উৎসৱৰ নাম লিখাঁ। 

উত্তৰঃ বাথৌ পূজা আৰু খেৰাই পূজা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top