Assam Jatiya Bidyalay Class 6 Social Science Chapter 9 আমাৰ ৰাষ্ট্ৰীয় সংহতি

Assam Jatiya Bidyalay Class 6 Social Science Chapter 9 আমাৰ ৰাষ্ট্ৰীয় সংহতি, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 9 আমাৰ ৰাষ্ট্ৰীয় সংহতি Class 6 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 6 Social Science Chapter 9 আমাৰ ৰাষ্ট্ৰীয় সংহতি Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 6 Social Science Chapter 9 আমাৰ ৰাষ্ট্ৰীয় সংহতি provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

আমাৰ ৰাষ্ট্ৰীয় সংহতি

Chapter – 9

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১৷ আমাৰ ভাৰতীয় সংস্কৃতিৰ প্ৰধান বৈশিষ্টটো কি ? 

উত্তৰঃ আমাৰ ভাৰতীয় সংস্কৃতিৰ প্ৰধান বৈশিষ্টটো হ’ল বিভিন্নতাৰ মাজত ঐক্য।

২৷ ভাৰতবৰ্ষত কিমানটা ভাষাক সাংবিধানিক স্বীকৃতি প্ৰদান কৰা হৈছে ?

উত্তৰঃ ভাৰতবৰ্ষত বাইছটা ভাষাক সাংবিধানিক স্বীকৃতি দিয়া হৈছে। 

৩৷ ভাৰতবৰ্ষত কিমানটা কথিত ভাষা আছে ?

উত্তৰঃ ভাৰতবৰ্ষত ১৬৫২টা কথিত ভাষা আছে। 

৪৷ ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা কি ?

উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা হিন্দী।

৫৷ দক্ষিণ ভাৰতত কিহৰ তেল বেছিকৈ ব্যৱহাৰ কৰে ?

উত্তৰঃ দক্ষিণ ভাৰতত নাৰিকলৰ তেল বেছিকৈ ব্যৱহাৰ কৰে৷

৬৷ ভাৰতবৰ্ষৰ কোন ৰাজ্যত মৰুভূমি আছে।

উত্তৰঃ ভাৰতবৰ্ষৰ ৰাজস্থানত মৰুভূমি আছে। 

৭৷ ৰাজস্থানত থকা মৰুভূমিখনৰ নাম কি ?

উত্তৰঃ মৰুভূমি।

৮৷ ভাৰতৰ ৰাষ্ট্ৰীয় পাতাকাত থকা গেৰুৱা ৰঙটোৱে কি অৰ্থ প্ৰকাশ কৰে ? 

উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰীয় পাতাকাত থকা গেৰুৱা ৰঙটোৱে সাহস আৰু ত্যাগৰ অর্থ বুজায়।

৯৷ ভাৰতৰ ৰাষ্ট্ৰীয় পাতাকাখনৰ দীঘ প্রস্থৰ অনুপাত কিমান ? 

উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰীয় পাতাকাখনৰ দীঘ-প্রস্থৰ অনুপাত দেৰগুণ হ’ব লাগে।

১০৷ ভাৰতৰ ৰাষ্ট্ৰীয় প্রতীকৰ তলত লিপিবদ্ধ কথাষাৰ লিখা। 

উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকৰ তলত ‘সত্যমেব জয়তে’ বুলি লিখা থাকে। 

১১৷ অসমৰ পৰা আন ৰাজ্যসমূহলৈ ৰপ্তানি হোৱা এবিধ সামগ্ৰীৰ নাম লিখা। 

উত্তৰঃ চাহপাত।

১২৷ ৰাষ্ট্ৰীয় সংহতি মানে কি বুজা ?

উত্তৰঃ কোনো এখন ৰাষ্ট্ৰৰ সলোবোৰ লোক জাতি, বর্ণ ভাষা, ধৰ্মৰ পাৰ্থক্য পৰিহাৰ কৰি একাত্মবোধেৰে বান্ধ থাই থাকিলে তাকে ৰাষ্ট্ৰীয় সংহতি বোলে।

১৩৷ একক নাগৰিকত্ব মানে কি ? 

উত্তৰঃ ভাৰতত বিভিন্ন জাতিৰ মানুহ বাস কৰিলেও ইয়াত ভিন ভিন জাতিব বাবে সুকীয়া নাগৰিকত্ব নাই। আটাইবোৰ লোকেই ভাৰতীয় নাগবিক। আমাৰ এটাই চিনাকি আমি সকলো ভাৰতীয়। ইয়েই একক নাগৰিকত্ব।

১৪৷ পাৰস্পৰিক নিৰ্ভৰশীলতাই কি বুজায় ? উদাহৰণ সহ লিখা। 

উত্তৰঃ পাৰস্পৰিক নিৰ্ভবশীলতা মানে হ’ল এখন ৰাজ্য আন এখন ৰাজ্যৰ ওপৰত নিৰ্ভৰশীল। উদাহৰণ স্বৰূপে অসমৰ চাহপাত, কয়লা, খনিজ তেল আদি ভাৰতত আন ৰাজ্যসমূহলৈ যায়। ঠিক তেনেদৰে অসমলৈ বিভিন্ন ফলমূল ঘেঁই আদি অনা হয়। এনেকৈয়ে এখন ৰাজ্য আন এখন ৰাজ্যৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে।

চমুটোকা লিখা –

(ক) ভাৰতৰ ৰাষ্ট্ৰীয় পাতাকা। 

(খ) ভাৰতৰ ৰাষ্ট্ৰীয় প্রতীক।

(গ) ভাৰতৰ মুদ্ৰা ব্যৱস্থা।

উত্তৰঃ (ক) ভাৰতৰ ৰাষ্ট্ৰীয় পাতাকা :- ভাৰতৰ ৰাষ্ট্ৰীয় পাতাকাখনত তিনিটা ৰং আছে। ৰঙকেইটা হ’ল– সেউজীয়া, বগা, আৰু গেৰুৱা। প্ৰতিটো ৰঙৰ এটা অর্থ আছে। একেবাৰে ওপৰৰ গেৰুৱা ৰং সাহস আৰু ত্যাগৰ প্রতীক। মাজত থকা বগা ৰঙে সত্য, শান্তি আৰু পৰিত্ৰতাক বুজায়। একেবাৰে তলৰ সেউজীয়া ৰঙে শস্য শ্যামলা সেউজীয়া ভাৰতবৰ্ষক সুচাইছে। বগা ৰঙৰ সোমাজত চব্বিশ ডাল দণ্ডযুক্ত এটা চক্র আছে। এই চক্ৰটো সাৰনাথৰ অশোক স্তম্ভৰ পৰা লোৱা হৈছে। চক্ৰটোক ন্যায়ৰ প্ৰতীকৰূপে লোৱা হৈছে। পাতাকাখনৰ দীঘগ্ৰস্থৰ দেৰগুণ হ’ব লাগে। ৰাষ্ট্ৰীয় পাতাকাখনে আমাৰ ৰাষ্ট্ৰীয় সংহতি গঢ়ি তোলাত সহায় কৰিছে। 

(খ) ভাৰতৰ ৰাষ্ট্ৰীয় প্রতীক :- সাৰনাথত থকা অশোক স্তম্ভটোক সমগ্র ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় প্ৰতীকৰূপে গ্ৰহণ কৰা হৈছে। ৰাষ্ট্ৰীয় প্রতীকটোত এখন ঘূৰণীয়া পীৰাৰ ওপৰত চাৰিটা সিংহৰ প্ৰতিমূৰ্তি আছে। সন্মুখফালৰ পৰা চালে তিনিটা সিংহৰ প্ৰতিমূৰ্তিহে দেখা পোৱা যায়। পীৰাৰ সন্মুখৰ ফালে মাজভাগত এটা ধৰ্ম চক্র আছে। এই চক্ৰটোৰ সোফালে ষাড়গক আৰু বাওঁফালে এটা ঘোঁৰা আছে। চক্ৰটো আমাৰ ৰাষ্ট্ৰীয় পাতাকাত লোৱা হৈছে। প্রতীকটোৰ তলত দেৱানগিৰী লিপিত সত্যমের জয়তে, অর্থাৎ সত্যৰ সদায় জয় বুলি কথাষাৰ লিখা আছে।

(গ) ভাৰতৰ মুদ্ৰা ব্যৱস্থা :- আমাৰ দেশ ভাৰতবৰ্ষত একে মুদ্ৰা ব্যৱহাৰ কৰা হয়। অর্থাৎ আমাৰ ৰাজ্য অসমত যিটো মুদ্ৰা (কাগজী নোট, ধাতুৰ খুচুৰা পইচা আদি) ব্যৱহাৰ কৰা হয় ভাৰতৰ অইন ৰাজ্যতো একে মুদ্রা ব্যৱহাৰ কৰা হয়। কিন্তু ভাৰতৰ বাহিৰত আমি আমাৰ দেশৰ মুদ্ৰাৰে বস্তু কিনা-বেচা কৰিব নোৱাৰো। ভাৰতৰ বাহিৰত সোণ, ৰূপৰ মুদ্ৰা নাইবা আন্তৰাষ্ট্ৰীয় মুদ্ৰা ‘ডলা’ৰ ব্যৱহাৰ কৰিব লাগিব। এই একে মুদ্রা ব্যৱস্থা আমাৰ দেশৰ ৰাষ্ট্ৰীয় সংহতিৰ প্ৰতীক।

১৷ ভাৰতবৰ্ষত কেনেদৰে অনৈক্যৰ মাজত ঐক্য গঢ়ি উঠিছে লিখা।

উত্তৰঃ আমাৰ ভাৰতবৰ্ষত অনৈক্যৰ মাজত ঐক্য পৰিলক্ষিত হয়। ভাৰতবৰ্ষৰ মূঠতে ২৮খন ৰাজ্য আছে। প্ৰতিখন ৰাজ্যৰে ভাষা, সংস্কৃতি, ঐতিহ্য আদি পৃথক। ইয়াৰ উপৰি একোখন ৰাজ্যতো বিভিন্ন ভাষা, সংস্কৃতিৰ লোকে বাস কৰে। কিন্তু আমাৰ ভাৰতবৰ্ষত বাস কৰা সকলো লোকে এক জাতি এক দেশ ভাৱেৰে বান্ধ খাই আছে।

আমাৰ ভাৰতীয় সংস্কৃতিৰ প্ৰধান বৈশিষ্ট্য হৈছে বিভিন্নতাৰ মাজত ঐক্য। আমাৰ দেশত বিভিন্ন ক্ষেত্ৰত ভিন্নতা পৰিলক্ষিত হয়। কিন্তু এই ভিন্নতা থকা স্বত্বেও আমাৰ এটাই চিনাকি আমি সকলো ভাৰতীয়।

২৷ ৰাষ্ট্ৰীয় সংহতিত ব্যাঘাত জন্মাৱ পৰা যিকোনো পাঁচোটা দিশৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ ৰাষ্ট্ৰীয় সংহতিত ব্যাঘাত কৰা পাঁচোটা দিশ হ’ল –

(ক) ব্যক্তি স্বাৰ্থপৰতা।

(খ) হিংসা বিদ্বেষ ভাব।

(গ) উদাসীনতা।

(ঘ) সাম্প্রদায়িকতা।আৰু 

(ঙ) অর্থনৈতিক বিকাশৰ দিশত পিছপৰা।

ব্যক্তিগত স্বাৰ্থপূৰণৰ বাবে বহুতো মানুহে নকৰিবলগীয়া কাম কৰে। সময়ত ইয়ে ৰাষ্ট্ৰীয় সংহতিত ব্যাঘ্যাত জন্মায়। আমাৰ মাজত হিংসা বিদ্বেষ ভারেও ৰাষ্টীয় সংহতিত ব্যাঘাত জন্মায়। পাৰস্পৰিক হিংসা বিদ্বেষ আদিয়ে আমাৰ মাজত ভাতৃত্ববোধ গঢ়ি উঠাত বাধা দিয়ে।

নাগৰিকৰ মাজত থকা উদাসীনতা ভাৱ ধাৰাই ৰাষ্ট্ৰীয় সংহতি গঢ়ি উঠাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে। কিয়নো উদাসীন লোকে দেশৰ কোনো কার্যতে অংশ গ্রহণ নকৰে। 

ৰাষ্ট্ৰীয় সংহতি গঢ়ি উঠাৰ ক্ষেত্ৰত প্ৰধান অন্তৰায় হৈছে সাম্প্রদায়িকতা। ধর্মীয় গোড়ামী তথা আন ধৰ্মৰ প্ৰতি থকা বিদ্বেষৰ ভাৱে দেশৰ ঐক্যতাত বাধাৰ সৃষ্টি কৰে।

সকলো ৰাজ্যতে সমভাৱে অর্থনৈতিক বিকাশ নহ’লেও ৰাষ্ট্ৰীয় সংহতিত বাধাৰ সৃষ্টি হয়। 

৩৷ ৰাষ্ট্ৰীয় সংহতি ৰক্ষাৰ বাবে ভাৰতবৰ্ষৰ সংবিধানত থকা ব্যৱস্থাসমূহ আলোচনা কৰা।

উত্তৰঃ ৰাষ্ট্ৰীয় সংহতি ৰক্ষাৰ বাবে ভাৰতবৰ্ষৰ সংবিধানত তলত থকা ব্যৱস্থাসমূহ আছে।

(ক) একক সংবিধান।

(খ) ৰাষ্ট্ৰীয় পাতাকা।

(গ) ৰাষ্ট্ৰীয় সংগীত।

(ঘ) ৰাষ্ট্ৰীয় দিৱস।

(ঙ) একক নাগৰিকত্ব।

(চ) একে মুদ্রা ব্যৱস্থা।

(ছ) একে ন্যায় ব্যৱস্থা আৰু সম অধিকাৰ ব্যৱস্থা।

(ক) একক সংবিধান :- ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ বাবে এখনেই সংবিধান। এইসংবিধানখন ভাৰতৰ সকলো নাগৰিকে মানি চলিব লাগে। একক সংবিধান ব্যৱস্থাই আমাৰ ৰাষ্ট্ৰীয় সংহতি গঢ়ি তোলাত সহায় কৰে।

(খ) ৰাষ্ট্ৰীয় পাতাকা :- ভাৰতবৰ্ষৰ এখন ৰাষ্ট্ৰীয় পতাকা আছে। পতাকাখনক ভাৰতত বাস কৰা সকলো নাগৰিকে সম্মান প্ৰদৰ্শন কৰে।

(গ) ৰাষ্ট্ৰীয় সংগীত :- সমগ্ৰ ভাৰতবৰ্ষৰ বাবে এটা গীতক ৰাষ্ট্ৰীয় সংগীত ৰূপে স্বীকৃতি দিয়া হৈছে। এই ৰাষ্ট্ৰীয় সংগীতটোৱে আমাৰ মাজত ঐক্য সংহতি গঢ়ি তুলিছে। 

(ঘ) ৰাষ্ট্ৰীয় প্রতীক :- সাৰনাথত থকা অশোক স্তম্ভটোক সমগ্ৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় প্রতীকৰূপে গ্ৰহণ কৰা হৈছে। এই ৰাষ্ট্ৰীয় প্রতীকক সমগ্র দেশবাসীয়ে সন্মান জনায়। ৰাষ্ট্ৰীয় প্রতীকটোৱে আমাৰ ৰাষ্ট্ৰীয় সংহতিৰো প্ৰতীকৰূপে পৰিগণিত হৈছে।

(ঙ) ৰাষ্ট্ৰীয় দিৱস :- আমাৰ দেশৰ স্বাধীনতা দিবস, গণৰাজ্য দিৱস আৰু গান্ধী জয়ন্তীক ৰাষ্ট্ৰীয় দিৱসৰূপে পালন কৰা হয়। এইদিৱসসমূহত সকলো ভাৰতীয়ই জাতি, ধর্ম, বর্ণ নির্বিশেষে অংশ গ্ৰহণ কৰে। এই ৰাষ্ট্ৰীয় দিৱসসমূহে আমাৰ ৰাষ্ট্ৰীয় সংহতিত অৰিহণা যোগাইছে।

(চ) একক নাগৰিকত্ব :- আমাৰ দেশত বিভিন্ন জাতি উপজাতিৰ মানুহ থাকিলেও আমি আটায়ে ভাৰতীয় নাগৰিক। একক নাগৰিকত্বই আমাৰ ৰাষ্ট্ৰীয় সংহতিত অৰিহণা যোগাইছে।

(ছ) একে মুদ্রা ব্যৱস্থা :- আমাৰ দেশত সকলো মানুহৰ বাবেই একে মুদ্রা ব্যৱস্থা কৰা হৈছে। এই ব্যৱস্থাই ৰাষ্ট্ৰীয় সংহতিত অৰিহণা যোগাইছে।

(জ) একে ন্যায় ব্যৱস্থা আৰু সম অধিকাৰ ব্যৱস্থা :- একে ন্যায় ব্যৱস্থা আৰু সম অধিকাৰ ব্যৱস্থা আমাৰ ভাৰতবৰ্ষত সকলো লোকৰ বাবে একে ন্যায় ব্যৱস্থা কৰা হৈছে। তদুপৰি সকলো ভাৰতীয়ৰ বাবে সম-অধিকাৰৰ ব্যৱস্থা কৰা হৈছে। ইয়ে ৰাষ্ট্ৰীয় সংহতিত অৰিহণা যোগাইছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top