Assam Jatiya Bidyalay Class 6 Social Science Chapter 8 সামাজিক সমস্যা আৰু আমাৰ দায়িত্ব

Assam Jatiya Bidyalay Class 6 Social Science Chapter 8 সামাজিক সমস্যা আৰু আমাৰ দায়িত্ব, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 8 সামাজিক সমস্যা আৰু আমাৰ দায়িত্ব Class 6 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 6 Social Science Chapter 8 সামাজিক সমস্যা আৰু আমাৰ দায়িত্ব Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 6 Social Science Chapter 8 সামাজিক সমস্যা আৰু আমাৰ দায়িত্ব provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

সামাজিক সমস্যা আৰু আমাৰ দায়িত্ব

Chapter – 8

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১৷ তলত দিয়া বাক্য কেইটি শুদ্ধনে অশুদ্ধ লিখা।

(ক) নিৰক্ষৰতা এখন সমাজৰ বাবে এক জটিল সামাজিক সমস্যা। 

উত্তৰঃ শুদ্ধ।

(খ) উন্নয়নশীল দেশত কর্মহীনতা এটা সমস্যা নহয়।

উত্তৰঃ অশুদ্ধ।

(গ) দৰিদ্ৰতা এটা অমানৱীয় অবস্থা।

উত্তৰঃ শুদ্ধ। 

খালী ঠাঁই পূৰ কৰা।

(ক) সাধাৰণতে ___নজনা লোককে নিৰক্ষৰ বোলা হয়।

(খ) ভাৰতবৰ্ষত নিৰক্ষৰতাৰ শতকৰা হাৰ প্ৰায় ___৷

(গ) অসমত নিৰক্ষৰতাৰ শতকৰা হাৰ প্ৰায় ___৷

(ঘ) নীতি বিৰুদ্ধ যিকোনো কামেই ___ ৰ ভিতৰত পৰে।

উত্তৰঃ (ক) সাধাৰণতে পঢ়া-শুনা নজনা লোককে নিৰক্ষৰ বোলা হয়।

(খ) ভাৰতবৰ্ষত নিৰক্ষৰতাৰ শতকৰা হাৰ প্ৰায় ৩৪। 

(গ) অসমত নিৰক্ষৰতাৰ শতকৰা হাৰ প্ৰায় ৩৭।

(ঘ) নীতি বিরুদ্ধ যিকোনো কামেই দুর্নীতি ৰ ভিতৰত পৰে।

১৷ সামাজিক সমস্যা কি ?

উত্তৰঃ সমাজৰ অধিকাংশ লোকে যেতিয়া এটা নির্দিষ্ট অসুবিধাৰ সন্মুখীন হবলগীয়া হয়, তেতিয়া সেই অসুবিধাটো সেইখন সমাজৰ মানুহৰ এটা সামাজিক সমস্যা।

২৷ দৰিদ্ৰতা বুলিলে কি বুজা ?

উত্তৰঃ দৰিদ্ৰতা হ’ল এটা অমানবীয় অৱস্থা যিটো অৱস্থাত মানুহে ন্যূনতম প্রয়োজনীয়খিনিও পূরণ কৰিব নোৱাৰে। অর্থাৎ দুবেলা দুমুঠি পেট ভৰাই খাবলৈ নাপায়।

৩৷ লিংগ বৈষম্য মানে কি ?

উত্তৰঃ আমাৰ সমাজত পুৰুষ আৰু মহিলা সমানেই যে গুৰুত্বপূৰ্ণ সেই কথাটো আজিও স্পষ্ট নহয়। মহিলাসকলক হেয় চকুৰে ছোৱা উপযুক্ত শিক্ষা প্রদান নকৰা আদিয়ে লিংগ বৈষম্য।

৪৷ নগৰীকৰণ কাক বোলে ?

উত্তৰঃ যেতিয়া কোনো এডোখৰ ঠাইত থকা উদ্যোগ, ধর্ম মন্দিব বা শিক্ষানুষ্ঠানৰ আশে পাশে জনবসতিপূৰ্ণ আৰু মানুহৰ প্ৰয়োজনীয় সকলো বস্তু পোৱা এলেকা এটা গঢ়ি উঠে তাকে নগৰীকৰণ বোলে।

৫৷ আমাৰ সমাজৰ লোকসকলে সন্মুখীন হোৱা কেইটিমান সমস্যাৰ বিষয়ে লিখা।

উত্তৰঃ আমাৰ সমাজৰ লোকসকলে সন্মুখীন হোৱা সমস্যাসমূহৰ ভিতৰত নিৰক্ষৰতা, দৰিদ্ৰতা, অন্ধবিশ্বাস, জাতিভেদ প্রথা, দুর্নীতি, লিংগ বৈষম্য আদি সমস্যাসমূহ প্রধান।

একবিংশ শতিকাতো আমাৰ সমাজৰ একাংশ লোকে নিৰক্ষৰ হৈ আছে। সাধাৰণতে লিখিব পঢ়িব নজনা মানুহক নিৰক্ষৰ বুলি কোৱা হয়।

অন্ধবিশ্বাস আন এটা জলন্ত সমস্যা। নিৰক্ষৰ মানুহৰ মাজত অন্ধবিশ্বাসে গা কৰি উঠে। সমাজত চলি থকা অন্ধবিশ্বাসবোৰ হ’ল– জৰা-ফুকা, বেজ-বেজালিৰ ওপৰত আস্থা, ভূত ডাইনীৰ আবিৰ্ভাৱ, নজৰ লগা মুখ লগা ইত্যাদি।

জাতিভেদ প্রথাও আমাৰ সমাজৰ এটা ডাঙৰ সমস্যা। কিছুমান মানুহক উচ্চ জাতিৰ আৰু কিছুমানক নিম্ন জাতিৰ অনাধিকাৰ বিভাজনে জাতি ভেদ প্ৰথাৰ সৃষ্টি কৰে। সকলো মানুহ যে মানৱ জাতিৰ অন্তৰ্ভুক্ত সেই কথা মানুহে পাহৰি যায়। ফলত সমাজত নানা সমস্যাৰ সৃষ্টি হয়।

সমাজৰ উন্নতিৰ আটাইতকৈ ডাঙৰ বাধা হ’ল দৰিদ্ৰতা যিবোৰ মানুহে দুবেলা দুমুঠি পেট ভৰাই খাবলৈ নাপায় তেওঁলোককে দৰিদ্ৰ বোলে। দৰিদ্ৰতা নিজে এটা সমস্যা হোৱাৰ লগতে আনকিছুমান সমস্যাৰ সৃষ্টি কৰে। যেনে শিক্ষাৰ সমস্যা, অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টিৰ সমস্যা।

বর্তমান সমাজত গা কৰি উঠা সমস্যাৰ ভিতৰত আটাইতকৈ ডাঙৰ সমস্যাটো হ’ল দুর্নীতি।

লিংগ বৈষম্যও আমাৰ সমাজৰ এটা সমস্যা। মহিলা সকলক হেয় জ্ঞান কৰা।

উপযুক্ত শিক্ষা আৰু কামৰ পৰা বঞ্চিত কৰা। স্ত্রী শিক্ষাৰ সম্প্ৰসাৰণ আৰু বিবাহৰ সঠিক সময় নির্ণয় আদিয়ে লিংগ বৈষম্য আঁতৰ কৰিব পাৰে।

৬৷ আমাৰ সমাজত থকা অন্ধবিশ্বাসৰ ওপৰত এটি টোকা প্রস্তুত কৰা। 

উত্তৰঃ অন্ধবিশ্বাস আমাৰ সমাজৰ এটা ডাঙৰ সমস্যা। সাধাৰণতে নিৰক্ষৰ মানুহৰ মাজত অন্ধবিশ্বাসে গা কৰি উঠে। অন্ধবিশ্বাস কেইটিমান জৰা-ফুকা, বেজ বেজালিৰ ওপৰত আস্থা, ভূত-ডাইনীৰ আবির্ভাব, নজৰ লগা মুখ লগা, তন্ত্ৰ মন্ত্ৰৰ প্ৰচলন ইত্যাদি।

আজিৰ যুগতো কিছুমান মানুহে নানা ধৰণৰ বেমাৰ আজাৰ আদি নানা ধৰণৰ জৰা-ফুকা, বেজ-বেজালিৰ ওপৰত আস্থা ৰাখি চিকিৎসা কৰি থাকে অন্ধবিশ্বাসৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ’ল ভূত-ডাইনীৰ আবিৰ্ভাৱ। কিছুমান দুৰ্বল মনৰ মানুহে ভূত-ডাইনীৰ আবির্ভাব হোৱা বুলি অনাহতক ভয় খায়। ইয়াৰ ফলত কোনোবা এজন মানুহৰ জীৱনলৈ সমস্যা আহি পৰে। গতিকে সকলো অন্ধবিশ্বাস আতৰ কৰিলে এই সমস্যাটো সমাজৰ পৰা একেবাৰে নাইকীয়া হ’ব। 

৭৷ আমাৰ সমাজত চলি থকা সামাজিক সমস্যাসমূহ সমাধানৰ বাবে কি পৰামৰ্শ আগবঢ়াবা ?

উত্তৰঃ আমাৰ সমাজত চলি থকা সমস্যাসমূহ দূৰ কৰিবৰ বাবে শিক্ষা অৰিহাৰ্য, সকলো মানুহক সু-শিক্ষাৰে শিক্ষিত কৰিলে অন্ধ বিশ্বাস, জাতি-ভেদ প্রথা আদি নাইকীয়া হৈ যাব। 

বৰ্তমান সমাজৰ ডাঙৰ সমস্যা হ’ল দৰিদ্ৰতা। সকলো মানুহ সু-শিক্ষাৰে শিক্ষিত হ ‘লৈ চৰকাৰৰ বিভিন্ন আঁচনিৰ জৰিয়তে সাৱলম্বী হ’ব পাৰে।

দুর্নীতি আজিৰ সমাজৰএটা ডাঙৰ সমস্যা। সমাজৰ প্ৰগতি বা উন্নতি কৰিবলৈ হ’লে কঠোৰ হাতেৰে দুৰ্নীতি নির্মূল কৰিব লাগিব।

কর্মহীনতাও আমাৰ সমাজৰ এটা সমস্যা। গতিকে বৃত্তিমুখী শিক্ষা প্ৰৱৰ্তন কৰি ঔদ্যোগিক মনোভাৱৰ সৃষ্টি কৰিব লাগিব। কর্ম সংস্কৃত্ৰি জৰিয়তেহে সমাজৰ উন্নতি সাধন কৰিব পৰা যাব।

৮৷ দৰিদ্ৰতাৰ পৰা কি সমস্যাৰ সৃষ্টি হয় ? 

উত্তৰঃ দৰিদ্ৰতা এটা সমস্যা হোৱাৰ লগতে ই অইন কিছুমান সমস্যাৰ সৃষ্টি কৰে। যেনে শিক্ষাৰ সমস্যা, অস্বাস্থ্যকৰ পৰিৱেশ, স্বাস্থ্যৰ সমস্যা ইত্যাদি।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top