Assam Jatiya Bidyalay Class 6 Social Science Chapter 2 ভাৰতত মৌৰ্যসকল

Assam Jatiya Bidyalay Class 6 Social Science Chapter 2 ভাৰতত মৌৰ্যসকল, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 2 ভাৰতত মৌৰ্যসকল Class 6 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 6 Social Science Chapter 2 ভাৰতত মৌৰ্যসকল Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 6 Social Science Chapter 2 ভাৰতত মৌৰ্যসকল provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

ভাৰতত মৌৰ্যসকল

Chapter – 2

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১৷ চন্দ্ৰগুপ্তই প্রতিষ্ঠা কৰা বংশটোৰ নাম কি ?

উত্তৰঃ চন্দ্ৰগুপ্তই প্রতিষ্ঠা কৰা বংশটোৰ নাম হ’ল মৌর্য বংশ।

২৷ সাম্রাজ্য স্থাপনত চন্দ্ৰগুপ্তক সহায় কৰা ব্যক্তিজনৰ নাম কি আছিল ?

উত্তৰঃ চানক্য।

৩৷ অমিত্রঘাত উপাধি কোনে লৈছিল ?

উত্তৰঃ বিন্দুসাৰে অমিত্রঘাত উপাধি লৈছিল। 

৪৷ বিন্দুসাৰৰ ৰাজত্বকাত অহা গ্ৰীক কটকীজনৰ নাম কি আছিল ?

উত্তৰঃ ডেই মাক্‌চ।

৫৷ মৌৰ্যসকলৰ শ্ৰেষ্ঠ সম্রাট কোন আছিল ?

উত্তৰঃ মৌৰ্যসকৰ শ্ৰেষ্ঠ সম্রাট আছিল অশোক।

৬৷ চন্দাশোক বা কালাশোক মানে কি বুজা ? 

উত্তৰঃ প্রথম অৱস্থাত অশোকৰ যুদ্ধৰ প্ৰতি থকা আগ্রহ আৰু উগ্র নীতিৰ বাবে চন্দাশোক বা কালাশোক বুলি কৈছিল।

৭৷ ইন্দিকা আৰু মুদ্ৰাৰাক্ষস কোনে কোনে ৰচনা কৰিছিল ? 

উত্তৰঃ ইন্দিকা মেগেছস্থানিছে আৰু মুদ্ৰাৰাক্ষস বিশাখা দত্তই ৰচনা কৰে।

৮৷ মৌর্য শাসন ব্যৱস্থাত কৰ সংগ্ৰহ কৰা বিষয়াজনৰ নাম কি আছিল ?

উত্তৰঃ কৰ সংগ্ৰহ কৰা বিষয়াজনৰ নাম আছিল সমাহতা।

৯৷ দেৱানামপ্রিয় উপাধি কোনে আৰু কিয় লৈছিল ? 

উত্তৰঃ দেৱানামপ্রিয় উপাধি অশোকে লৈছিল। ধর্মীয় উদাৰতাৰ শ্রেষ্ঠ নিদর্শন দাঙি ধৰাৰ বাবে অশোকক দেৱানমপ্রিয় বা দেৱতাসকলৰ প্ৰিয় বুলি কোৱা হৈছিল। 

১০৷ ভাৰতৰ ৰাষ্ট্ৰীয় প্রতীকটো অশোকৰ কোনটো স্থাপত্য কলাৰ নিদর্শন ?

উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰীয় প্রতীকটো সাৰনাথৰ অশোক স্তম্ভৰ পৰা লোৱা হৈছে। এইটো স্তূপ স্থাপত্য কলাৰ নিদর্শন। 

খালী ঠাই পূৰ কৰা :

(ক) ইজিপ্তৰ ৰজা ____ও কটকী পঠাই বিন্দুসাৰৰ লগত বন্ধুত্ব স্থাপন কৰিছিল।

(খ) অশোকে ____নীতি এৰি ____নীতি গ্ৰহণ কৰিছিল।

(গ) চন্দ্ৰগুপ্ত মৌর্যই ৰাজধানী ____প্ৰথমবাৰৰ বাবে পৌৰ শাসন ব্যৱস্থাৰ প্রৱর্তন কৰে।

(ঘ) _____ওপৰত লগোৱা কৰেই আছিল মূলতঃ মৌর্য সম্ৰাজ্যৰ ৰাজহৰ মূল ভেটি।

(ঙ) _____বিধি-বিধানৰ ওপৰত নিৰ্ভৰ কৰি ন্যায়ৰ ৰায় দিছিল।

উত্তৰঃ (ক) ইজিপ্তৰ ৰজা টমেলীয়েও কটকী পঠাই বিন্দুসারৰ লগত বন্ধুত্ব স্থাপন কৰিছিল।

(খ) অশোকে যুদ্ধ জয় নীতি এৰি ধৰ্ম জয় নীতি গ্ৰহণ কৰিছিল।

(গ) চন্দ্ৰগুপ্ত মৌয়ই ৰাজধানী পাতলিপত্ৰত প্ৰথমবাৰৰ বাবে পৌৰ শাসন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰে। 

(ঘ) মাটিৰ ওপৰত লগোৱা কৰেই আছিল মূলতঃ মৌর্য সম্রাজ্যৰ ৰাজহৰ মূল ভেটি।

(ঙ) প্রচলিত প্রথা, সামাজিক ৰীতি-নীতি, ধর্মীয় বিধি-বিধানৰ ওপৰত নিৰ্ভৰ কৰি ন্যায়ৰ ৰায় দিছিল।

চমু প্রশ্নোত্তৰ

১১৷ চন্দ্ৰগুপ্তৰ শাসন কালছোৱাক মূলতঃ কেইভাগত ভগাব পাৰি আৰু কি কি ?

উত্তৰঃ চন্দ্ৰগুপ্তৰ শাসন কালছোৱাক মূলতঃ দুইভাগত ভগাব পাৰি– 

(ক) অসামৰিক শাসন ব্যৱস্থা।

(খ) সামৰিক শাসন ব্যৱস্থা।

১২৷ চন্দ্ৰগুপ্তৰ সৈন্যবাহিনীৰ ভাগকেইটা কি কি আছিল লিখা ? 

উত্তৰঃ চন্দ্ৰগুপ্তৰ সৈন্যবাহিনীৰ ভাগকেইটা হ’ল – 

(ক) পদাতিক।

(খ) অশ্বাৰোহী।

(গ) হাতী।

(ঘ) ৰথ।আৰু 

(ঙ) নৌ বাহিনী। 

১৩৷ অশোকৰ ধৰ্ম প্ৰচাৰৰ মূল লক্ষ্য আৰু নীতি কি কি আছিল ?

উত্তৰঃ অশোকৰ ধৰ্ম প্ৰচাৰৰ মূল নীতি হ’ল– বিশ্ব কল্যাণ আৰু বিশ্বশান্তি। ইয়াৰ উপৰিও দয়া, দানশীলতা, নম্রতা, সততা আৰু সাধুতা।

১৪৷ অশোকে ধর্ম প্ৰচাৰৰ বাবে সিংহললৈ কাক পঠাইছিল ?

উত্তৰঃ আশোকে ধর্ম প্ৰচাৰৰ বাবে সিংহললৈ নিজপুত্ৰ মহেন্দ্ৰ আৰু কন্যা সংঘমিত্রাক পঠাইছিল।

চমুটোকা লিখা :

(ক) বিন্দুসাৰ।

(খ) মৌর্যযুগৰ অৰ্থনৈতিক অৱস্থা।

(গ) শিল্প সংস্কৃতিলৈ অশোকৰ অৱদান।

(ঘ) মৌর্য যুগৰ ন্যায় ব্যবস্থা।

উত্তৰঃ (ক) বিন্দুসাৰ :- আনুমানিক ২৯৮ খ্রীঃপুতে চন্দ্রগুপ্তৰ মৃত্যুৰ পিছত চন্দ্ৰগুপ্তৰ পুতেক বিন্দুসাৰে অমিত্রঘাত উপাধি লৈ সিংহাসনত বহে।গ্ৰীক ৰচনাৱলীৰ মতে ডেই-মাকচ নামৰ এজন ৰাষ্ট্ৰদূত বিন্দুসাৰৰ ৰাজসভালৈ গ্ৰীক ৰজা এন্টিয়কছে পঠাইছিল। তদুপৰি ইজিপ্তৰ ৰজা টলেমীয়েও কটকী পঠাই বিন্দুসাৰৰ লগত বন্ধুত্ব স্থাপন কৰিছিল।

বিন্দুসাৰৰ ৰাজত্বকালৰ আটাইতকৈ উল্লেখযোগ্য ঘটনাটো হ’ল তক্ষশিলাত প্ৰজাবিলাকে কৰ কাটল তোলা বিষয়াবোৰৰ বিৰুদ্ধে কৰা বিদ্রোহ।

(খ) মৌর্যযুগৰ অৰ্থনৈতিক অৱস্থা :- মৌর্য যুগৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল আছিল। মাটিৰ ওপৰত লগোৱা কৰেই মূলতঃ ৰাজহৰ মূল ভেটি আছিল। মাটিৰ অৱস্থিতি আৰু গুণাগুণ নিৰ্ভৰ কৰি দিব লগা কৰৰ পৰিমাণ চাৰিভাগৰ এভাগৰ পৰা ছয়ভাগৰ এভাগলৈ আছিল। মাটিৰ খাজনাৰ উপৰিও খনিজাত, বনজাত, বৃত্তিকৰ, জৰিমনা আৰু পুৰস্কাৰ পোৱা বা উপহাৰ পোৱা আদি বিভিন্ন উৎসৰ পৰা ৰাজহ সংগ্ৰহৰ ব্যৱস্থা আছিল। সমাহর্তা নামৰ এক শ্ৰেণীৰ বিষয়াই কৰ সংগ্ৰহ কৰিছিল। সংগ্ৰহ কৰা কৰ ৰাজহুৱা কামত খৰচ কৰিছিল। এনেদৰে সংগ্ৰহ কৰা ৰাজহ ব্যৱস্থা বিজ্ঞান সন্মত আছিল।

(গ) শিল্প সংস্কৃতিলৈ অশোকৰ অৱদান :- শিল্প সংস্কৃতিলৈ অশোকৰ অৱদান আছিল বহুত। শিল্প কলা সমূহক তিনিভাগত ভাগ কৰিব পাৰি। 

(ক) শিলালিপি।

(খ) স্তুপ।

(গ) গুহা। 

অশোকে বৌদ্ধ ধৰ্মৰ বানীসমূহ শিলালিপিত খোদিত কৰিছিল। ইয়াৰ উপৰিও শিলালিপি সমূহত সেই সময়ৰ প্ৰতিচ্ছবি প্ৰতিস্ফুট হৈছিল। শিলালিপিৰ দৰে বৌদ্ধ স্তুপ আৰু স্তম্ভ আদিও নিৰ্মাণ কৰাইছিল। তাৰ ভিতৰত উল্লেখযোগ্য হ’ল – ফিৰোজ ছাহ কোটলা। তৰাই স্তম্ভ, সৰুনাথৰ স্তম্ভ। সাঁচীৰ স্তম্ভ আদি। সাৰনাথৰ অশোক স্তম্ভক ভাৰতৰ ৰাষ্ট্ৰীয় প্রতীক হিচাপে স্বীকৃতি দিয়া হৈছে।

গুহা পৰ্বতত ধৰ্মৰ বাণীৰ লগতে বিভিন্ন ধৰণৰ চিত্ৰ খোদিত কৰাইছিল। জীৱ জন্তুৰ লগতে অন্য ছবি সমূহৰ ভাস্কৰ্য নিখুত আৰু জীৱন্ত ৰূপত খোদিত কৰিছিল।

(ঘ) মৌর্য যুগৰ ন্যায় ব্যৱস্থা :- মৌৰ্যসকলৰ ন্যায় ব্যৱস্থা কটকটীয়া আছিল। প্রচলিত প্রথা, সামাজিক ৰীতি-নীতি, ধর্মীয় বিধি-বিধানৰ ওপৰত নিৰ্ভৰ কৰি ন্যায়ব ৰায় দিছিল। সকলো লোকে ন্যায় লাভ কৰিবৰ বাবে ব্যৱস্থা কৰিছিল। বিচাৰুৰ ভাৰ গ্ৰামকৰ পৰা ৰজালৈকে আছিল। সৰু সৰু গোচৰবোৰ প্ৰাথমিক পর্যায়ত সমাধান কৰিছিল। গুৰুতৰ গোচৰহে ন্যায়ালয়ত নিষ্পত্তি কৰিছিল। শাস্তিৰ ব্যৱস্থা আছিল কঠোৰ। সামাজিক বর্জন, অংগছেদ আদি শাস্তিও আছিল। আনকি ৰাজদ্ৰোহৰ ক্ষেত্ৰত মৃত্যুদণ্ডও বিহিছিল। সেয়েহে চোৰ ডকাইতৰ প্ৰভাৱ কম আছিল।

মৌৰ্যসকলৰ শাসনৰ অন্যতম উল্লেখযোগ্য অৱদান আছিল চোৰাং চোৱা ব্যৱস্থা। চোৰাং চোৱাই ৰজাক সকলো খবৰ যোগান ধৰিছিল। এইক্ষেত্ৰত মহিলাসকলৰ ভূমিকা আছিল অগ্রণী।

১৫৷ কোনজন মৌর্য সম্রাটে পাটলিপুত্ৰত প্ৰথমবাৰৰ বাবে পৌৰ শাসন ব্যৱস্থাৰ প্ৰচলন কৰিছিল ? তেওঁ গঠন কৰা সমিতি কেইখনৰ কাম কি কি আছিল ? 

উত্তৰঃ চন্দ্ৰগুপ্ত মৌর্যই পাটলিপুত্ৰত প্ৰথমবাৰৰ বাবে পৌৰ শাসন ব্যৱস্থা প্রচলন কৰিছিল।

চন্দ্ৰগুপ্তই গঠন কৰা সমিতিকেইখনে প্ৰধান কৰিব লগা কাম আছিল – 

(ক) শ্ৰম আৰু শিল্প।

(খ) বিদেশীৰ তত্ত্বাৱধান। 

(গ) জন্ম-মৃত্যুৰ হিচাপ।

(ঘ) কৰ আৰু শুল্ক তদাৰক।

(ঙ) উৎপন্ন দ্রব্য পৰিদৰ্শন।

(চ) বাট-পথ নিৰ্মাণ আদি।

১৬৷ বৌদ্ধ ধৰ্ম প্ৰচাৰৰ বাবে অশোকে গ্ৰহণ কৰা যিকোনো চাৰিটা নীতি উল্লেখ কৰা ?

উত্তৰঃ বৌদ্ধ ধৰ্ম প্ৰচাৰৰ বাবে অশোকে গ্ৰহণ কৰা চাৰিটা নীতি হ’ল – 

(ক) অৱসৰ মূহূৰ্ত কটাবৰ বাবে মৃগয়া আৰু বিহাৰ যাত্ৰাৰ পৰিৱৰ্তে ধর্মযাত্রা কৰিছিল। উৎসৱমুখী ৰাজ চৌহদৰ সংস্কৃতিক অনুষ্ঠানসমূহো অশোকে ধর্মমুখী কৰিছিল।

(খ) ধর্ম বিস্তাৰৰ বাবে নিয়োগ কৰা ‘ধৰ্ম মহামাত্র’ নামৰ বিষয়াসকলে ভাৰতৰ উপৰিও চীন আৰু ইজিপ্ত আদি দেশতো বৌদ্ধ ধৰ্মৰ বাণী প্ৰচাৰ কৰিছিল।

(গ) অশোকে বৌদ্ধ ধৰ্মক বিশ্ব ধৰ্মত পৰিণত কৰিবৰ বাবে নিজ পুত্র মহেন্দ্র আৰু সংঘমিত্রাক বৌদ্ধ ধৰ্ম প্ৰচাৰৰ কামত নিয়োজিত কৰিছিল। দুই সন্তানে সিংহলত ধৰ্ম প্ৰচাৰ কৰাৰ উপৰিও বৌদ্ধ ভিক্ষু সকলে দাক্ষিণাত্যৰ অন্ধ্র, বোল, পাণ্ড্য, সত্যপুত্র, কেৰালা পুত্ৰ প্ৰভৃতি ৰাজ্যত চিৰিয়া, গ্ৰীচ, সুমাত্রা আৰু আফ্ৰিকাৰ অন্তৰ্গত গ্রীক ৰাজ্যসমূহতো ধৰ্মৰ বাণী বিলাই দিছিল।

(ঘ) বৌদ্ধ ধৰ্মৰ বাণীসমূহ জনসাধাৰণে সহজে বুজিব পৰাকৈ পৰ্বতৰ গাত বা শিলৰ স্তম্ভত খোদিত কৰাই দিছিল। 

১৭৷ অশোকৰ যিকোনো আঠখন শিলালিপিৰ নাম লিখা।

উত্তৰঃ (ক) চাহবাজগৰ্হি।

(খ) মাঞ্চেৰা।

(গ) কলচী।

(ঘ) গিৰণাৰ।

(ঙ) চোপাৰা।

(চ) ইৰাচদী।

(ছ) দাউলী।

(জ) জাগোদা। 

১৮৷ ভাৰতত প্ৰথম সাম্ৰাজ্য কোনে প্রতিষ্ঠা কৰিছিল ? তেওঁ কেনেকৈ সাম্রাজ্য স্থাপনত সফল হৈছিল বর্ণনা কৰা।

উত্তৰঃ চন্দ্ৰগুপ্তই প্ৰথম ভাৰতত সাম্রাজ্য স্থাপন কৰিছিল। চন্দ্ৰগুপ্তই প্ৰথমতে মগধৰ ৰজা ধনানন্দৰ সৈন্যবাহিনীত আছিল। পিছত তেওঁ আলেকজেণ্ডাৰৰ গ্ৰীক বাহিনীত অন্তৰ্ভুক্ত হৈছিল আৰু তাতেই তেওঁ গ্ৰীক বাহিনীৰ সামৰিক ৰীতি-নীতিৰ বিষয়ে ভালকৈ শিকি লৈছিল। কিন্তু আলেকজেণ্ডাৰৰ ৰোষৰ বলি হৈ মৃত্যুদণ্ডৰ আদেশ পাইছিল। চন্দ্রগুপ্তই গ্ৰীক বাহিনীৰ হাতৰ পৰা পলাই আহি ব্রাহ্মণ পণ্ডিত চানক্যকে লগ পায়।দুয়ো লগ লাগি প্রথমে গ্রীকসকলৰ গৃহবিদ্ৰোহৰ সুযোগ লৈ চন্দ্ৰগুপ্তই এমুঠি সু-সংগঠিত সৈন্যৰ সহায়ত প্ৰায় ৩২২ খ্ৰীঃপূঃত পঞ্জাৱৰ পৰা গ্রীকবিলাকক খেদি পঞ্জাৱ দখল কৰি লয়। 

চানক্যৰ লগ লাগি প্ৰথমতে ব্যর্থ হলেও পিছৰ বাৰ মগধৰ ৰজা ধনানন্দক হত্যা কৰি মগধ অধিকাৰ কৰে। গ্রীকসকলক উচ্ছেদ কৰিবৰ বাবে চন্দ্ৰগুপ্তই উত্তৰ পশ্চিম সীমান্তৰ মালৱ আৰু সৌৰাষ্ট্ৰ গ্ৰীকৰ পৰা অধিকাৰ কৰে। গ্রীক বীৰ চেলুকচে নিজৰ অস্তিত্বৰ বাবে যুদ্ধ কৰিব লগা হয়। কিন্তু এই যুদ্ধত হাৰি চেলুকচে ৫০০ টা হাতীৰ বিনিময়ত হিৰাট, কান্দাহাৰ, কাবুল আৰু বেলুচিস্তান চন্দ্ৰগুপ্তক এৰি দিব লগা হয়। তাৰ উপৰিও চেলুকচৰ কন্যাক চন্দ্ৰগুপ্তলৈ বিয়া দি মিত্ৰভাৱেৰে শৰণাপন্ন হয়। এই মিত্ৰতাৰ চীন স্বৰূপে মেগাস্থিনিচ নামৰ এজন গ্ৰীক কটকী ভাৰতলৈ আহে।

মহীশূৰ ৰাজ্যও চন্দ্ৰগুপ্তই নিজৰ তলতীয়া কৰিছিল বুলি জুনাগড় শিলালিপিৰ পৰা জনা যায়। এনেদৰেই চন্দ্রগুপ্তই এক বিশাল সাম্রাজ্যৰ ভেটি গঢ়ি ভাৰতত প্রথম সাম্রাজ্য স্থাপন কৰিবলৈ সক্ষম হৈছিল।

১৯৷ অশোকৰ ৰাজত্বকালৰ ধৰ্মীয় অৱস্থাৰ বিষয়ে এটি চমু বিৱৰণ দিয়া। 

উত্তৰঃ অশোকৰ বাজত্বকালৰ আটাইতকৈ গুৰুত্বপূর্ণ দিশটো হৈছে ধর্মীয় অবস্থা। অশোকে বৌদ্ধ ধর্ম গ্রহণ কৰাৰ আগতে হিন্দু ধৰ্মৰ বিশেষকৈ শিৱৰ উপাসক আছিল। অশোকে বৌদ্ধ ধৰ্মৰ লগতে জৈন ধৰ্ম আৰু ব্ৰাহ্মণ্য ধৰ্মকো সমানে আদৰ কৰিছিল। ধৰ্মীয় উদাৰতাৰ শ্ৰেষ্ঠ নিদৰ্শন দাঙি ধৰাৰ বাবে অশোকক দেৱতাসকলৰ প্ৰিয় বুলি কোৱা হৈছিল।

অশোকৰ ধৰ্মত সকলো ধৰ্মৰ নীতিৰ সমন্বয় ঘটিছিল। ধনী-দুখীয়া, ৰজা প্রজা, জাতি – বর্ণ নির্বিশেষে পৃথিবীৰ প্ৰতিজন মানুহে ধর্ম পালন কৰি স্বৰ্গ লাভ কৰিব পাৰে। নিৰ্বাণ লাভৰ পৰিৱৰ্তে অশোকে স্বৰ্গলাভৰ লক্ষ্যহে তেওঁৰ ধৰ্মত প্ৰদৰ্শন কৰিছিল। বিশ্বকল্যাণ আৰু বিশ্বশান্তি তেওঁৰ ধৰ্মৰ মূল লক্ষ্য আছিল। ইয়াৰোপৰি তেওঁৰ নীতি আছিল দয়া, দানশীলতা, নম্রতা, সততা আৰু সাধুতা। বৌদ্ধ ধৰ্ম প্ৰচাৰৰ বাবে অশোকে বিভিন্ন পন্থা হাতত লৈছিল—

(ক) অৱসৰ মুহূর্ত কটাবৰ বাবে ধর্মযাত্ৰা কৰিছিল। উৎসৱমুখী ৰাজ চৌহদৰ সাংস্কৃতিক অনুষ্ঠানসমূহো অশোকে ধর্মমুখী কৰিছিল। 

(খ) ধৰ্ম বিস্তাৰৰ বাবে নিয়োগ কৰা ধৰ্ম মহামাত্ৰ নামৰ বিষয়াসকলে ভাৰতৰ উপৰিও চীন আৰু ইজিপ্ত আদি দেশতো বৌদ্ধ ধৰ্মৰ বাণী প্রচাৰ কৰিছিল।

(গ) অশোকে বৌদ্ধ ধৰ্মক বিশ্ব ধৰ্মত পৰিণত কৰিবৰ বাবে নিজ পুত্র মহেন্দ্ৰ আৰু কন্যা সংঘমিত্রাক বৌদ্ধ ধৰ্ম প্ৰচাৰৰ কামত নিয়োগ কৰিছিল। 

(ঘ) বৌদ্ধ ধৰ্মৰ বাণীসমূহ জনসাধাৰণে সহজে বুজিব পৰাকৈ পৰ্বতৰ গাত বা শিলৰ স্তম্ভত খোদিত কৰাই দিছিল।

(ঙ) সমাজত সংহতি, ঐক্য স্থাপনৰ হেতু ৰাজধানী পাটলিপুত্ৰত তৃতীয় বৌদ্ধ মহামেল অনুষ্ঠিত কৰাইছিল।

২০৷ মৌর্য সাম্ৰাজ্যৰ পতনৰ কাৰণসমূহ লিখা। 

উত্তৰঃ মৌর্য সাম্ৰাজ্যৰ পতনৰ প্ৰধান কাৰণসমূহ হ’ল–

(ক) চন্দ্রগুপ্ত আৰু অশোকৰ ৰাজত্বকালৰ পিছৰ মৌর্যৰজাসকলে বিশাল সাম্ৰাজ্য শাসন কৰাত ব্যৰ্থ হৈ পৰিল। 

(খ) মৌর্য সাম্রাজ্যৰ সকলো অঞ্চলতে সমানে যাতায়তৰ সুবিধা নাছিল। কেন্দ্ৰৰ লগত সীমান্তৱৰ্তী এলেকাৰ উন্নত যোগাযোগ ব্যৱস্থা নথকাত মৌর্য সাম্রাজ্য পতনৰ অন্য এক কাৰণ।

(গ) মৌর্য শাসন ব্যৱস্থাত ক্ষমতার বিকেন্দ্ৰীকৰণৰ ফলত মৌর্য সাম্রাজ্য ভঙাত অৰিহণা যোগাইছিল। 

প্রাদেশিক শাসনকর্তা সকলে ক্ষমতার অপব্যৱহাৰ কৰি জনসাধাৰণৰ আস্থা হেৰুৱাইছিল। 

(ঘ) শেষৰ ফালে উত্তৰাধিকাৰীসকল দুৰ্বল হোৱা হেতুকে বিদেশীসকলে আক্ৰমণ কৰাৰ সুবিধা পাইছিল।

(ঙ) অর্থ সংকটো অন্য এক কাৰণ। ৰাজহুৱা কামত অশোকে অধিক ধন খৰছ কৰাৰ ফলত অর্থনৈতিক দিশটো অতি দুৰ্বল হৈ পৰিছিল।

(চ) বৌদ্ধ ধৰ্মৰ দুটা দলৰ মাজত হোৱা মতানৈক্যই পুনৰ ব্ৰাহ্মণ্য ধৰ্মৰ প্ৰভাৱ বৃদ্ধি হোৱাত সহায় কৰিছিল।

(ছ) সামৰিক শক্তিৰ দুৰ্বলতা মৌর্য সাম্রাজ্য পতনৰ উল্লেখযোগ্য কাৰণ।

২১৷ মৌর্য শাসন ব্যৱস্থাৰ বিষয়ে এটি চমু আলোচনা কৰা। 

উত্তৰঃ মৌৰ্যসকলৰ শাসন ব্যৱস্থা আছিল অতি উচ্চমানৰ। বিভিন্ন উৎসৰ পৰা শাসন ব্যৱস্থাৰ বিষয়ে বহুতো কথা জানিব পাৰি।

মৌর্য শাসন ব্যৱস্থাক মূলত : দুটা ভাগত ভাগ কৰা হৈছিল –

(ক) অসামৰিক শাসন।

(খ) সামৰিক শাসন। 

অসামৰিক শাসনক আকৌ সাতটা ভাগত ভাগ কৰা হৈছিল— 

(ক) কেন্দ্ৰীয় শাসন।

(খ) প্রাদেশিক শাসন।

(গ) স্থানীয় শাসন।

(ঘ) পৌৰ শাসন।

(ঙ) ৰাজহ ব্যৱস্থা।

(চ) ন্যায় ব্যৱস্থা।

(ছ) চোৰাং চোৱা ব্যৱস্থা। 

সামাৰিক শাসনত সৈন্যবাহিনী উল্লেখযোগ্য। মৌৰ্যসকলৰ প্ৰথম সম্রাট চন্দ্রগুপ্তই শাসন সুকলমে চলাবলৈ ৰাজ্যখন কেবাখন প্ৰদেশত ভাগ কৰিছিল। প্ৰদেশবোৰৰ শাসনভাৰ ৰাজ পৰিয়ালৰ লোকক দিয়া হৈছিল। মগধত তেওঁ নিজে শাসন কৰিছিল। সেই প্রদেশ কেইখন হ’ল– মগধ, উত্তৰ পূৱ সীমান্ত প্রদেশ বা উত্তৰাপথ, অবন্তী বা পশ্চিমাপথ আৰু দক্ষিণাপথ।

ৰজাই আছিল শাসনৰ মূল। সদায় প্ৰজাৰ মংগলৰ হকে কাম কৰিছিল। চন্দ্রগুপ্ত মন্ত্ৰী পৰিষদ আৰু বিষয়াও আছিল। 

মন্ত্ৰী পৰিষদৰ ভিতৰত প্ৰধান মন্ত্ৰী, সেনাপতি, পুরোহিত আৰু যুৱৰাজ আছিল। তদুপৰি অধ্যক্ষ অমাত্য, মহামাত্র, প্রাদেশিক আৰু ৰাজুক আদি।

২২৷ গাঁৱৰ মুৰব্বীজনক কি বোলা হয় ? 

উত্তৰঃ গাঁৱৰ মুৰব্বীজনক গ্রামিক বোলা হয়।

২৩৷ ‘ৰাজুক কি আছিল ? 

উত্তৰঃ ৰাজুক নামৰ এক শ্ৰেণীৰ বিষয়াই ৰাজহ বিভাগ আৰু আইন সম্পৰ্কীয় বিভাগটো চোৱা-চিতা কৰিছিল।

২৪৷ মৌৰ্যসকলৰ শাসনৰ অন্যতম উল্লেখযোগ্য অৱদান কি আছিল ?

উত্তৰঃ মৌৰ্যসকলৰ শাসনৰ অন্যতম উল্লেখযোগ্য অৱদান আছিল চোৰাং চোৱা ব্যৱস্থা। 

২৫৷ মেগাস্থিনিচৰ বিৱৰণৰ পৰা কি কি জানিব পৰা যায় ?

উত্তৰঃ মেগাস্থিনিচৰ বিৱৰণৰ পৰা সেই সময়ৰ ভাৰতৰ আৰ্থ সামাজিক, সামৰিক আৰু প্ৰশাসনীয় ব্যৱস্থাৰ বিষয়ে বহু কথা জানিব পৰা যায়। তেওঁ লিখা পুথিখনৰ নাম আছিল ‘ইণ্ডিকা’।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top