Assam Jatiya Bidyalay Class 6 Science Chapter 17 বৰষুণ, মেঘ, কুঁৱলী আৰু নিয়ৰ

Assam Jatiya Bidyalay Class 6 Science Chapter 17 বৰষুণ, মেঘ, কুঁৱলী আৰু নিয়ৰ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 17 বৰষুণ, মেঘ, কুঁৱলী আৰু নিয়ৰ Class 6 Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 6 Science Chapter 17 বৰষুণ, মেঘ, কুঁৱলী আৰু নিয়ৰ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 6 Science Chapter 17 বৰষুণ, মেঘ, কুঁৱলী আৰু নিয়ৰ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

বৰষুণ, মেঘ, কুঁৱলী আৰু নিয়ৰ

Chapter – 17

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১। শুদ্ধ উত্তৰটো বাছিউলিওৱাঁ।

(i) বৰষুণ জোখা সঁজুলিবিধৰ নাম—

(a) থাৰ্ম’মিটাৰ ।

(b) বেব’মিটাৰ ।

(c) ৰেইন গজ ।

(d) ওপৰৰ এটাও নহয়।

উত্তরঃ (c) ৰেইন গজ ।

(ii) উষ্ণতা জোখা সঁজুলিবিধৰ নাম—

(a) থাৰ্ম’মিটাৰ ।

(b) বেৰ’মিটাৰ ।

(c) ৰেইন গজ ।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (a) থার্ম’মিটাৰ ।

(iii) জ্বৰ হ’লে মানুহৰ শৰীৰৰ উষ্ণতা—

(a) কমি যায় ।

(b) একে থাকে ।

(c) বেছি হয় ।

(d) এবাৰ কমে আৰু এবাৰ বাঢ়ে ।

উত্তৰঃ (c) বেছি হয় ।

(iv) আমাৰ শৰীৰতকৈ অধিক তপত হৈ থকা বস্তু এটা হাতেৰে স্কুলে আমি—

(a) ঠাণ্ডা অনুভৱ কৰোঁ ।

(b) গৰম অনুভৱ কৰোঁ ।

(c) ঠাণ্ডা বা গৰম একো অনুভৱ নকৰোঁ ।

(d) ওপৰৰ এটাও নহয় ।

উত্তৰঃ (b) গৰম অনুভৱ কৰোঁ ।

(v) তাপ পালে বস্তুৰ উষ্ণতা—

(a) বাঢ়ে ।

(b) কমে ।

(c) একে থাকে।।

(d) কেতিয়াবা বাঢ়ে আৰু কেতিয়াবা কমে ।

উত্তৰঃ (a) বাঢ়ে ।

(vi) তাপ

(a) উষ্ণতাৰপৰা বেছি উষ্ণতালৈ প্ৰৱাহিত হয় ।

(b) প্রবাহিত নহয় ।

(c) বেছি উষ্ণতাৰ পৰা কম উষ্ণতালৈ প্ৰৱাহিত হয়। 

(d) তাপৰ প্ৰৱাহ উষ্ণতাৰ ওপৰত নিৰ্ভৰ নকৰে ।

উত্তৰঃ (d) তাপৰ প্ৰৱাহ উষ্ণতাৰ ওপৰত নিৰ্ভৰ নকৰে ।

২। চমু উত্তৰ দিয়া। 

(a) উষ্ণতা মানে কি ?

উত্তৰঃ উষ্ণতাই কোনো বস্তু কিমান গৰম বা কিমান ঠাণ্ডা তাকে বুজায়। 

(b) বৰফ হাতেৰে ছুলে কিয় চেঁচা লাগে ?

উত্তৰঃ বৰফৰ উষ্ণতা যথেষ্ট কম (0 ডিগ্ৰীতকৈ যথেষ্ট কম)। সেইবাবে বৰফ হাতেৰে চুলে চেচা লাগে।

(c) বস্তু এটাই কেতিয়া তাপ গ্ৰহণ কৰে ?

উত্তৰঃ বস্তু এটা যেতিয়া কোনো তাপৰ উৎসৰ ওচৰত ৰখা হয়, তেতিয়া বস্তুটোৱে তাপ গ্ৰহণ কৰে।

(d) বস্তু এটাই কেতিয়া তাপ এৰি দিয়ে ?

উত্তৰঃ তাপৰ উৎসৰ ওচৰত থকা বস্তু এটা যেতিয়া আমি উৎসৰ পৰা দূৰলৈ লৈ যাওঁ, তেতিযা বস্তুটোৱে তাপ এৰি দিয়ে। 

(e) পানীৰ অৱস্থা কেইটা আৰু কি কি ?

উত্তৰঃ পানীৰ অৱস্থা তিনিটা। সেইবোৰ হ’ল—

(১) জুলীয়া অৱস্থা (পানী)।

(২) গেছীয় অৱস্থা (জলীয় বাষ্প)। আৰু

(৩) কঠিন অৱস্থা (বৰফ)।

(f) ডাৱৰ কি বস্তু ?

উত্তৰঃ বায়ুত ওপঙি থকা ধূলিকণাৰ লগতে আন আন কণিকাৰ আশ্ৰয়ত পানীৰ কণিকাবোৰ তাতেই ভাঁহি থাকে। এইবোৰকে ডাৱৰ বোলে।

(g) নিয়ৰ কি ?

উত্তৰঃ শীতকালি বায়ুমণ্ডল চেচা হৈ পৰিলে গছ- বনকে ধৰি আমাৰ চৌপাশৰ সকলো বস্তুৱেই চেঁচা হৈ পৰে। তেতিয়া বায়ুত থকা জলীয় বাষ্পই গছৰ পাত, ঘাঁহ-বন বা ঘৰৰ টিন-পাতৰ চালিত ঘণীভূত হৈ পানীৰ সৰু সৰু টোপালৰ সৃষ্টি কৰে। পানীৰ এই টোপালবোৰকে নিয়ৰ বোলে।

(h) বাষ্পীভৱন মানে কি ?

উত্তৰঃ প্রাকৃতিকভাৱে আৰু লাহে লাহে পানী বাষ্পত পৰিণত হয়। ইয়াকে বাষ্পীভবন (evaporation) বোলে। 

(i) বাষ্পীকৰণ আৰু বাষ্পীভৱনৰ মাজত পার্থক্য কি ? 

উত্তৰঃ বাষ্পীভৱন আৰু বাষ্পীকৰণৰ পাৰ্থক্য হল—

(১) বাষ্পীভৱনত সকলো কাম প্রকৃতিয়ে কৰে; কিন্তু বাষ্পীকৰণত সকলো কাম আমি নিজে কৰিব পাৰো।

(২) বাষ্পীভৱনত পানী লাহে-লাহে জলীয় বাষ্পলৈ পৰিৱৰ্তিত হয়; কিন্তু বাষ্পীকৰণত তাপ বঢ়াই বা কমাই বাষ্পীকৰণৰ বেগ কমাব বা বঢ়াব পাৰি।

(j) কি কি উপায়েৰে আমি তাপ পাব পাৰো লিখা।

উত্তৰঃ তাপৰ প্ৰধান উৎস হ’ল সূৰ্য। ইয়াৰোপৰি আমি জুই, হিটাৰ, আদি কৃত্রিম উৎসৰ পৰা তাপ পাব পাৰো।

৩। দুটা বা তিনিটা বাক্যত উত্তৰ দিয়া। 

(a) বায়ুত যে জলীয় বাষ্প থাকে সেয়া কেনেদৰে গম পাব পাৰি ?

উত্তৰঃ জাৰৰ দিনত ৰাতিপুৱা গছ-গছনি, ঘৰৰ টিন বা কোনো বস্তুৰ ওপৰত পানীৰ টোপাল জমা হৈ থকা দেখা পাওঁ। ইয়াৰ পৰা বুজিব পাৰি যে বায়ুত জলীয় বাষ্প থাকে।

(b) এগিলাছ পানীত বৰফ এটুকুৰা পেলাই দিলে গিলাছটোৰ বাহিৰ ফালে পানীৰ কণিকাৰ সৃষ্টি হয় কিয় ?

উত্তৰঃ এগিলাছ পানীত বৰফ এটুকুৰা পেলাই দিলে গিলাছটোৰ বাহিৰফালে পানীৰ কণিকাৰ সৃষ্টি হয়। কাৰণ বৰফ টুকুৰা দিয়াৰ লগে লগে পানীখিনি যথেষ্ট ঠাণ্ডা হয় আৰু ফলত বায়ুমণ্ডলত থকা পানীৰ কণিকাবোৰ গিলাছটোৱে কঢ়িয়াই লয়। এই কণিকাবোৰ গিলাছটোৰ বাহিৰফালে জমা হয়।

(c) বৰফ এটুকুৰা মুখত দিলে কমি যায় কিয় ?

উত্তৰঃ বৰফ (0° (শূন্য ডিগ্রী) ছেলছিয়াছ তাপ পালেও গলি যায়। গতিকে মুখত দিয়াৰ লগে লগে বৰফ টুকুৰাই কোনো নির্দিষ্ট পৰিমাণৰ তাপ পায়। সেইবাবে বৰফটুকুৰা পমি যায় ।

(d) ঘনীভবন মানে কি ? ঘনীভবনৰ ফলত সৃষ্টি হোৱা তিনিবিধ বস্তুৰ নাম লিখা।

উত্তৰঃ জলীয় বাষ্পৰ ক্ষুদ্ৰ-ক্ষুদ্ৰ কণিকাবোৰ লগ হৈ পানীৰ টোপাল বান্ধে। ইয়াকে ঘণীভৱন বোলে।

ঘণীভৱনৰ ফলত সৃষ্টি হোৱা তিনিবিধ বস্তু হ’ল— মেঘ, নিয়ৰ আৰু বৰফ।

(e) ফাণ্ডন-চ’ত মাহত ছাঁত মেলি দিয়া কাপোৰ কিয় সোনকালে শুকায় ? 

উত্তৰঃ ফাগুন-চ’ত মাহত ছাঁত মেলি দিয়া কাপোৰ সোনকালে শুকায়। কাৰণ সেই সময়ত সূৰ্য আৰু পৃথিৱীৰ মাজৰ দূৰত্ব যথেষ্ট কম হয়। সেইবাবে সূৰ্যৰ তাপ যথেষ্ট বেছি হয়।

(f) মেঘ আৰু কুঁৱলীৰ মাজত কি মিল আৰু কি অমিল লিখা।

উত্তৰঃ বায়ুমণ্ডলত থকা জলীয় বাষ্প, ধূলি-বালিৰ কণিকা আদিৰে মেঘ আৰু কুঁৱলীৰ সৃষ্টি হয় ইহঁতৰ সৃষ্টি একেধৰণে হয়। কিন্তু মেঘবোৰ আকাশত থাকে আৰু কুঁৱলীবোৰ ধৰাপৃষ্ঠত থাকে।

(g) কুঁৱলী আৰু নিয়ৰৰ মাজত কি মিল আৰু কি অমিল লিখাঁ। 

উত্তৰঃ কুঁৱলী আৰু নিয়ৰৰ স্থান একে। অর্থাৎ দুয়োটাই ধৰাপৃষ্ঠত থাকে। আৰু ইহঁতৰ গঠন প্রক্রিয়া একে।

কিন্তু কুঁৱলীয়ে কেতিয়াও ডাঙৰ টোপাল নাবান্ধে; আনহাতে নিয়ৰে ডাঙৰ টোপাল বান্ধে।

৪। মেঘ কেনেদৰে সৃষ্টি হয় পাঁচ/ছয়টা বাক্যত উত্তৰ দিয়া। 

উত্তৰঃ ভূ-পৃষ্ঠৰ পৰা বহু ওপৰলৈ পৃথিৱীখনক চাৰিওফালে বায়ুৱে আগুৰি আছে। বায়ুমণ্ডলৰ উপৰিভাগ অতি চেঁচা। গৰম বায়ুৰ সৈতে ওপৰলৈ উঠি অহা জলীয় বাষ্পই চেঁচা বায়ুৰ মাজত গোট মাৰি পানীৰ ক্ষুদ্ৰ টোপাল বা কণিকাত পৰিণত হয়। বায়ুত ওপঙি থকা ধূলিকণাৰ লগতে আন আন কণিকাৰ আশ্ৰয়ত পানীৰ কণিকাবোৰ তাতেই ভাঁহি থাকে। এইবোৰেই মেঘ বা ডাৱৰ।

অতিৰিক্ত প্রশ্নোত্তৰ

১। জলচক্ৰ বুলিলে কি বজা ? 

উত্তৰঃ পৃথিৱীৰ উপৰিভাগত থকা পানীৰ এটা অংশ জলীয় বাষ্প ৰূপত আকাশলৈ উঠি যায়। জলীয় বাষ্পই গোট মৰাৰ ফলত তাতে মেঘৰ সৃষ্টি হয়। সেই মেঘে বৰষুণ দিয়ে আৰু পৃথিৱীৰ পানী পুনৰ পৃথিৱীলৈ ঘূৰি আহে। এই পৰিঘটনাটোক জলচক্র (water cycle) বোলে।

২। বৰষুণৰ পৰিমাণ কেনেকৈ জোখা হয় ?

উত্তৰঃ মাটিৰ পৰা অলপ ওপৰত এক নিৰ্দিষ্ট আকৃতিৰ পাত্ৰ এটা মুকলি ঠাইত থৈ দিব লাগে। পাত্ৰটোত দাগ কটা থাকে। বৰষুণৰ পানী পাত্ৰটোত জমা হয়। পিছত পাত্ৰটোত কিমান ওপৰলৈ পানী জমা হয়। সেইটো জুখিলে বৰষুণৰ জোখ ওলাই পৰে। ইয়াক বৰষুণ জোখা সঁজুলি বা (rain gauge) বুলি কোৱা হয়।

৩। সৌৰ শক্তি কেনেকৈ সংগ্ৰহ কৰা হয় ?

উত্তৰঃ ৰ’দ পৰা ঠাইত কিছুমান সৌৰ ফলি (solar panel) সঠিকভাৱে লগাই থ’ব লাগিব। তেতিয়া তাত ৰ’দ পৰিব আৰু সৌৰ ফলিৰ জৰিয়তে সৌৰ শক্তি (solar energy) আহি থাকিব। এই শক্তি আমি বেটাৰী ব্যৱহাৰ কৰি তাত জমা কৰিব পাৰোঁ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top