Assam Jatiya Bidyalay Class 6 Science Chapter 10 আমাৰ চৌপাশৰ বস্তুবোৰ

Assam Jatiya Bidyalay Class 6 Science Chapter 10 আমাৰ চৌপাশৰ বস্তুবোৰ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 10 আমাৰ চৌপাশৰ বস্তুবোৰ Class 6 Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 6 Science Chapter 10 আমাৰ চৌপাশৰ বস্তুবোৰ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 6 Science Chapter 10 আমাৰ চৌপাশৰ বস্তুবোৰ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

আমাৰ চৌপাশৰ বস্তুবোৰ

Chapter – 10

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১। শুদ্ধ উত্তৰটো কি হ’ব লিখাঁ ―

(i) এবিধ অর্ধস্বচ্ছ বস্তুৰ উদাহৰণ হ’ল—

(a) বায়ু ।

(b) কাঁচ ।

(c) তৈল কাগজ ।

(d) কাগজ ।

উত্তৰঃ (c) তৈল কাগজ ।

(ii) এবিধ পানীত অদ্রবণীয় পদাৰ্থৰ উদাহৰণ হ’ল— 

(a) গ্লুক’জ ।

(b) বালি ।

(c) চেনি ।

(d) নিমখ ।

উত্তৰঃ (b) বালি ।

(iii) ঘৰত ব্যৱহাৰ কৰা কাপ-প্লেট সাধাৰণতে কি পদাৰ্থৰে নিৰ্মিত ?

(a) চেৰামিক ।

(b) কাঁচ ।

(c) ষ্টিল ।

(d) লো ।

উত্তৰঃ (a) চেৰামিক ।

২। এবিধ সামগ্রী কি কামত ব্যৱহৃত হ’ব সেয়া কিহৰ ওপৰত নিৰ্ভৰ কৰে লিখা ।

উত্তৰঃ এবিধ সামগ্রী কি কামত ব্যৱহৃত হ’ব, সেয়া নিৰ্ভৰ কৰিব বস্তুটো যি পদাৰ্থৰে গঠিত, সেই পদাৰ্থৰ ধৰ্মৰ ওপৰত।

৩। কাঠেৰে নিৰ্মিত ছয়বিধ বস্তুৰ নাম লিখাঁ। 

উত্তৰঃ কাঠেৰে নিৰ্মিত ছয়বিধ বস্তু হ’ল – বিচনা, চকী, মেজ, ছোফা, ক্রিকেট বেট ইত্যাদি।

৪। প্ৰতিটো থুপত থকা নিমিলা বস্তুবিধ বাছি উলিওৱাঁ। 

(a) মিছিৰি, নিমখ, চেনি, গ্লুক’জ ।

(b) লো, এলুমিনিয়াম, তাম, কাঠ ।

(c) বাঁহ, কাঠ, প্লাষ্টিক, শিলগুটি ।

(d) বায়ু, পানী, কাগজ, কাঁচ ।

(d) বিছনা, চকী, বাল্টি, টেবুল ।

(d) মিছিৰি, চকৰ গুড়ি, নিমখ, চেনি ।

উত্তৰঃ (a) গ্লুক’জ ।

(b) কাঠ ।

(c) প্লাষ্টিক ।

(d) কাঁচ ।

(e) বাল্টি ।

(d) চকৰ গুড়ি ।

৫। তলত কিছুমান বস্তু আৰু পদাৰ্থৰ নাম দিয়া হৈছে। কোনটো বস্তু সাধাৰণতে কি পদাৰ্থৰে নিৰ্মিত মিলাই লিখা ―

বস্তুপদার্থ
কিতাপপ্লাষ্টিক
চকীকাঁচ
কাঁহীকাঠ
গজালকাগজ
বাল্টিষ্টিল
আয়নালো

উত্তৰঃ 

বস্তুপদার্থ
কিতাপকাগজ
চকীকাঠ
কাঁহীষ্টিল
গজাললো
বাল্টিপ্লাষ্টিক
আয়নাকাঁচ

৬। কোনটো উক্তি সত্য আৰু কোনটো অসত্য লিখাঁ। 

(a) লোৰ-জ্যোতি নাই; তোমাৰ বহীখনৰ জ্যোতি আছে।

উত্তৰঃ সত্য ।

(b) এটা বস্তুৰ মাজেৰে পোহৰ পাৰ হৈ নাযায়। বস্তুটোত পোহৰ পৰিলে ছাঁৰ সৃষ্টি হ’ব।

উত্তৰঃ সত্য ।

(c) সাধাৰণতে প্লাষ্টিকৰ সামগ্ৰীসমূহ নিজম নহয়।

উত্তৰঃ অসত্য ।

(d) কলগছ আৰু কাঠ পানীত ওপঙে।

উত্তৰঃ সত্য ।

(e) গ্লুক’জ পানীত দ্ৰৱীভূত নহয়।

উত্তৰঃ অসত্য ।

(f) স্বচ্ছ বস্তুৰ মাজেৰে পোহৰ পাৰ হৈ যায়।

উত্তৰঃ সত্য ।

৭। জ্যোতি কাক বোলে ?

উত্তৰঃ কিছুমান পদার্থ পোহৰত থ’লে চিক্‌মিকায়। এই চিক্‌মিকোৱা ধৰ্মটোক জ্যোতি (lusture) বোলে।

৮। স্বচ্ছ পদার্থ মানে কি ? স্বচ্ছ পদাৰ্থৰ দুটা উদাহৰণ দিয়া।

উত্তৰঃ যিবোৰ পদাৰ্থৰ মাজেৰে আমি দেখা পাওঁ বা যিবোৰ পদাৰ্থৰ মাজেৰে পোহৰ সম্পূৰ্ণৰূপে পাৰ হৈ যায়, সেইবোৰ পদাৰ্থক স্বচ্ছ পদাৰ্থ বোলে। উদাহৰণস্বৰূপে চাফা কাঁচ, ফটফটীয়া পানী আদি।

৯। অস্বচ্ছ পদার্থ মানে কি ? অস্বচ্ছ পদাৰ্থৰ দুটা উদাহৰণ দিয়া। 

উত্তৰঃ যিবোৰ পদাৰ্থৰ মাজেৰে আমি দেখা নাপাও বা যিবোৰ পদাৰ্থৰ মাজেৰে পোহৰ সম্পূৰ্ণৰূপে পাৰ হৈ যাব নোৱাৰে, সেইবোৰ পদাৰ্থক অস্বচ্ছ পদাৰ্থ বোলে। উদাহৰণ স্বৰূপে শিল, মাটি আদি।

অতিৰিক্ত প্রশ্নোত্তৰ

১। অর্ধস্বচ্ছ পদার্থ কি ? উদাহৰণ দিয়াঁ।

উত্তৰঃ যিবোৰ বস্তুৰ মাজেৰে আংশিকভাৱে দেখা পোৱা যায়, বা আংশিকভাৱে পোহৰ পাৰ হৈ যায়, সেইবোৰ পদাৰ্থক অর্ধস্বচ্ছ পদার্থ বোলে। উদাহৰণ স্বৰূপে—ক’লা ৰঙৰ কাঁচ, তৈল কাগজ আদি।

২। দ্রাব্যতা কি ?

উত্তৰঃ কিছুমান পদাৰ্থ পানীত দিলে পানীত মিহলি হৈ যায় এইবোৰ পদাৰ্থৰ এই গুণটোক দ্রাবতা (solubility) বোলে।

৩। দ্ৰৱণীয় কি ?

উত্তৰঃ যিবিধি পদাৰ্থ পানীত দ্ৰৱীভূত হয়, তাক পানীত দ্রৱণীয় (soluble) বোলে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top