Assam Jatiya Bidyalay Class 6 History Chapter 7 আতন বুঢ়াগোহাঁই

Assam Jatiya Bidyalay Class 6 History Chapter 7 আতন বুঢ়াগোহাঁই, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন দেশৰ কথা Class 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 7 আতন বুঢ়াগোহাঁই Class 6 History Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 6 History Chapter 7 আতন বুঢ়াগোহাঁই Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 6 History Chapter 7 আতন বুঢ়াগোহাঁই provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

আতন বুঢ়াগোহাঁই

Chapter – 7

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ


১৷ একোটিকৈ বাক্যত উত্তৰ লিখাঁ।

(ক) আতন বুঢ়াগোহাঁই কোনটো ফৈদৰ আছিল ? 

উত্তৰঃ বাঁহগৰীয়া ফৈদৰ ।

(খ) আতন বুঢ়াগোহাঁইৰ সমসাময়িক বৰবৰুৱা কোন আছিল ?

উত্তৰঃ ডেবেৰা বৰবৰুৱা।

(গ) শৰাইঘাটৰ যুদ্ধৰ পিছত সংকটকাল কোন চনৰ পৰা কোন ছনলৈকে হৈছিল ?

উত্তৰঃ ১৬৭৩ চনৰ পৰা ১৬৮১ চনলৈকে।

(ঘ) জয়ধ্বজ সিংহৰ ৰাজত্বকালত কোনজন মোগল সেনাপতিয়ে অসম আক্ৰমণ কৰিছিল ?

উত্তৰঃ মিৰজুমলাই। 

২৷ ‘বাৰীৰ ভিতৰৰ পুখুৰী সিটোতেও আঠোটা দহোটা মানুহক শিঙিয়ে বিদ্ধে’— কোনে কিয় এই কথাযাৰ কৈছিল লিখাঁ। 

উত্তৰঃ এই কথাষাৰ আতন বুঢ়াগোহাঁয়ে কৈছিল।

শৰাইঘাটৰ যুদ্ধৰ আগে আগে আলাবৈত আহোম আক মোগলৰ মাজত এখন যুদ্ধ হৈছিল। সেই যুদ্ধৰ প্ৰস্তুতিৰ বিষয়ে একো নজনাকৈয়ে স্বৰ্গদেউ চক্ৰধ্বজ সিংহই মোগলক আক্ৰমণ কৰিবলৈ লাচিতক নিৰ্দেশ দিছিল। যাৰ ফলত মোগলৰ বাবে সুবিধাজনক আলাবৈ নামৰ ঠাইখনত হোৱা যুদ্ধখনত আহোমৰ প্ৰায় দহ হাজাৰ সৈন্য মৃত্যুমুখত পৰিছিল। এনে অৱস্থাত হতাশ হৈ পৰা লাচিতৰ মনোবল ঘূৰাই আনিবলৈ আতন বুঢ়াগোহাঁয়ে উক্ত কথাখিনি কৈছিল আৰু এই ক্ষেত্ৰত তেওঁ সফলো হৈছিল।

৩৷ ‘আতন বুঢ়াগোহাঁই এজন বিচক্ষণ আৰু চিন্তাবিদ কুটনীতিজ্ঞ ৰাজমন্ত্ৰী’—কথাষাৰ দুটা উদাহৰণসহ বুজাই লিখাঁ। 

উত্তৰঃ আতন বুঢ়াগোহাঁই যে এজন বিচক্ষণ আৰু চিন্তাবিদ কুটনীতিজ্ঞ ৰাজমন্ত্ৰী আছিল, এই কথাষাৰৰ সত্যতা তলৰ উদাহৰণ দুটাৰ পৰা সহজে উপলব্ধি কৰিব পৰা যায়।

জয়ধ্বজ সিংহৰ পিছত চক্ৰধ্বজ সিংহই আহোমৰ ৰাজপাটত বহিয়েই মোগলক খেদাৰ বাবে যুদ্ধ কৰিবলৈ ঠিক কৰিছিল। কিন্তু সেই সময়ত মিৰজুমলাৰ আক্ৰমণৰ ফলত আহোমৰ সামাজিক, ৰাজনৈতিক, অর্থনৈতিক—সকলো দিশ ধ্বংসস্তূপত পৰিণত হৈছিল। যুদ্ধ কৰিবলৈ সৈন্য নাছিল, যি সৈন্য আছিল তেওঁলোকৰ মনোবল নাছিল, যুদ্ধৰ ৰচদ পাতি, অস্ত্ৰ-শস্ত্ৰ-এইবোৰো প্ৰায় একোৱেই নাছিল। এনেক্ষেত্ৰত যুদ্ধ নকৰি চলে বলে কৌশলে মোগল সকলক সন্ধিৰ চলেৰে ৰখাই থৈ সকলোফালে প্রস্তুতি সম্পূৰ্ণ কৰিহে যুদ্ধ ঘোষণা কৰা ভাল বুলি আতন বুঢ়াগোহাঁয়ে চক্ৰধ্বজ সিংহক পৰামৰ্শ আগবঢ়াইছিল। বুঢ়াগোহাঁইৰ পৰামৰ্শ মানি চক্ৰধ্বজ সিংহই সফল হ’ব পাৰিছিল।

আন এটা ঘটনাৰ পৰাও আমি আতন বুঢ়াগোহাঁইৰ বিচক্ষণতা ধৈর্য, দূৰদৰ্শিতা আদিব প্রমাণ পাও। আলাবৈৰ যুদ্ধত প্রায় দহ হেজাৰ সৈনা হেৰুৱাই সেনাপতি লাচিত বৰফুকনৰ মনোবল ভাগি পৰিছিল। তেনেকুৱা অৱস্থাত লাচিতৰ মনোবল ঘুৰাই আনিবলৈ আতন বুঢ়াইগোহাঁয়ে এনেদৰে উপদেশ দিছিল—’বাৰীৰ ভিতৰৰ পুখুৰী সিচোঁতেও আঠোঁটা দহোটা মানুহক শিঙিয়ে বিদ্ধে। এইখনতো ৰণহে, এই জানি দুই চাৰিজন লোক নপৰিব কিয় ? এই কথা ৰজাক জনোৱাটো ভাল নহয়৷’বুঢ়াগোহাঁইৰ এনেকুৱা কথাত লাচিতৰ হেৰোৱা মনোবল ঘূৰি আহিছিল আৰু ইয়ে পৰৱৰ্তী সময়ত মোগলৰ লগত যুদ্ধ কৰাত লাচিতক উৎসাহ যোগাইছিল।

অতিৰিক্ত প্রশ্নোত্তৰ

১৷ ঘিলাধাৰীঘাটৰ সন্ধি কৰিবলৈ জয়ধ্বজ সিংহক কোনে উপদেশ দিছিল ?

উত্তৰঃ আতন বুঢ়াগোহাঁয়ে।

২৷ শৰাইঘাটৰ যুদ্ধৰ পিছত আহোম ৰাজত্বত সংকটকাল আৰম্ভ হোৱাৰ কাৰণ কি আছিল ?

উত্তৰঃ আহোমৰ ক্ষমতালোভী ৰাজবিষয়া সকলৰ ষড়যন্ত্র।

৩৷ আতন বুঢ়াগোহাঁইক কোনে হত্যা কৰিছিল ?

উত্তৰঃ লালুকসোলা বৰফুকনে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top