Assam Jatiya Bidyalay Class 6 History Chapter 6 শৰাইঘাটৰ যুদ্ধ আৰু লাচিত বৰফুকন

Assam Jatiya Bidyalay Class 6 History Chapter 6 শৰাইঘাটৰ যুদ্ধ আৰু লাচিত বৰফুকন, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন দেশৰ কথা Class 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 6 শৰাইঘাটৰ যুদ্ধ আৰু লাচিত বৰফুকন Class 6 History Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 6 History Chapter 6 শৰাইঘাটৰ যুদ্ধ আৰু লাচিত বৰফুকন Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 6 History Chapter 6 শৰাইঘাটৰ যুদ্ধ আৰু লাচিত বৰফুকন provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

শৰাইঘাটৰ যুদ্ধ আৰু লাচিত বৰফুকন

Chapter – 6

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ


১৷ একোটিকৈ বাক্যত উত্তৰ লিখা।

(ক) চক্ৰধ্বজ সিংহৰ আহোম নাম কি আছিল ? 

উত্তৰঃ চুপুংমুং ৷

(খ) চক্ৰধ্বজ সিংহৰ ৰাজত্বকালত প্রধান মন্ত্রী কোন আছিল ? 

উত্তৰঃ আতন বুঢ়াগোহাঁই।

(গ) আলাবৈ যুদ্ধ কোন চনত হৈছিল ?

উত্তৰঃ ১৬৬৯ চনত।

(ঘ) কাৰ নেতৃত্বত দগী যুদ্ধ হৈছিল ?

উত্তৰঃ আতন বুঢ়াগোহাঁইৰ নেতৃত্বত।

২৷ চমুটোকা লিখ। 

(ক) আলাবৈ যুদ্ধ।

(খ) উদয়াদিত্য সিংহ। 

(গ) চক্ৰধ্বজ সিংহ।

উত্তৰঃ (ক) আলাবৈ যুদ্ধ :- ১৬৬৯ খ্রীষ্টাব্দত আলাবৈৰ যুদ্ধ হয়। স্বৰ্গদেউ চক্ৰধ্বজ সিংহব নির্দেশ মতে বুঢ়াগোহাঁই আৰু লাচিত বৰফুকনে এই যুদ্ধত অংশ লয়। এই যুদ্ধত আহোম সৈন্য বেয়াকৈ পৰাজিত হয়। এই যুদ্ধৰ প্ৰস্তুতিৰ বিষয়ে একো নজনাকৈয়ে স্বৰ্গদেউ চক্ৰধ্বজ সিংহই মোগলক আক্ৰমণ কৰিবলৈ লাচিতক নিৰ্দেশ দিছিল। যাৰ ফলত যুদ্ধখনত আহোমে মোগলৰ হাতত প্ৰায় দহ হাজাব সৈন্য হেৰুৱাবলগীয়া হয়।

(খ) উদয়াদিত্য সিংহ :- আলাবৈ যুদ্ধত পৰাজয়ৰ বাৰ্তা পোৱাৰ পাছত শোকত ম্রিয়মান হৈ স্বৰ্গদেউ চক্ৰধ্বজ সিংহই প্রাণ ত্যাগ করে । তেওঁৰ মৃত্যুৰ পাছত চুন্যতফা বা উদয়াদিত্য সিংহ আহোমৰ ৰাজপাটত বহে। এওঁ বৰ স্বাধীনচিতীয়া আৰু উৎসাহী ৰজা আছিল। তেওঁ মোগলক ৰাজ্য এৰি নিদিয়াৰ দৃঢ় সংকল্প লৈছিল। আলাবৈৰ যুদ্ধৰ পাছত ৰামসিংহই লাচিতক সন্ধিৰ প্রস্তাব দিছিল যদিও স্বাধীনচিতীয়া লাচিতে ‘বিনা যুদ্ধে এক আঙুল মাটিও বঙালক এৰি নিদিয়াৰ’ প্রতিজ্ঞাত অটল হৈ আছিল। উদয়াদিত্য সিংহই লাচিতৰ এই দৃঢ় মনোভাৱক সমর্থন জনাই তেওঁক দুগুণ উৎসাহী কৰি তুলিছিল। লাচিতৰ ওচৰলৈ উদয়াদিত্য সিংহই চামধৰাৰ পৰা প্রায় ২০,০০০ সৈন্যও পঠাইছিল। উদয়াদিত্য সিংহৰ উৎসাহ আহোম সৈনিকসকলৰ সাহসৰ মূল উৎস আছিল।

(গ) চক্ৰধ্বজ সিংহ :- জয়ধ্বজ সিংহৰ মৃত্যুৰ পাছত স্বৰ্গদেৱ চক্ৰধ্বজ সিংহ ওরফে চুপুংমুং আহোমৰ বাজপাটত উঠে। চক্ৰধ্বজ সিংহ এজন সাহসী, স্বাধীনতাপ্ৰিয় আৰু কৰ্মদক্ষ চৰিত্ৰৰ লোক আছিল। জয়ধ্বজ সিংহ আৰু মিৰজুমলাৰ মাজত স্বাক্ষৰিত হোৱা ঘিলাধাৰীঘাটৰ অপমানজনক সন্ধিচুক্তিখনে চক্ৰধ্বজ সিংহৰ মনত গভীৰ আঘাট হানিছিল। সেয়ে ৰজা হৈয়ে তেওঁ পাত্ৰ-মন্ত্ৰীসকলৰ আগত ‘মোগলৰ তলতীয়া হৈ থকাতকৈ মৰণেই শ্রেয়’ বুলি ঘোষণা কৰিছিল আৰু মোগলৰ হাতৰ পৰা অসমৰ হৃত গৌৰৱ উদ্ধৰি কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছিল। 

চক্ৰধ্বজ সিংহৰ এটা বিশেষ গুণ আছিল এই যে তেওঁ স বৰ নামানি সাধাৰণ পাইকসকলৰ (সৈন্যৰ) লগত যুঁজৰ আখবাত বা যুঁজৰ প্রস্তুতিৰ কামত নিজে আগভাগ লৈছিল। তেওঁৰ ৰাজত্বকাল অসমৰ ইতিহাসত বিশেষ উল্লেখযোগ্য। ১৬৬৯ খ্ৰীঃত মোগলৰ লগত যুদ্ধ চলি থকাৰ সময়তে এইজন ৰজাৰ মৃত্যু হয়।

১৷ লাচিতে কেনেকৈ বৰফুকন পদবী লাভ কৰিছিল লিখাঁ। 

উত্তৰঃ লাচিত দোলাকাষৰীয়া বৰুৱা হৈ থাকোতে আহোম ৰজাক প্রধান সেনাপতি পাতিবৰ বাবে এজন উপযুক্ত ব্যক্তিৰ প্ৰয়োজন হোৱাত লাচিতক ৰাজসভালৈ মতা হ’ল। লাচিতে আহি স্বৰ্গদেউক অভিবাদন জনাই থকাৰ সময়তে তেওঁৰ মুৰৰ পাণ্ডুবিটো এজন লগুৱাই পিছফালৰ পৰা খুলি লৈ গ’ল। এই কথাত অপমান বোধ কৰি লাচিতে তেতিয়াই ৰজাৰ সন্মুখতে লৰাটোক কাটিবলৈ উদ্যত হ’ল। ৰজাই প্ৰথমতে লাচিতক এই কাৰ্যৰ বাবে ভর্ৎসনা কৰিলেও তেওঁৰ নিজৰ পদমর্যদাৰ প্ৰতি আত্মসচেতনতা আৰু সন্মানবোধৰ বাবে ভূয়সী প্ৰসংশা কৰিলে। ৰজাই নিজ হাতেৰে সোণৰ মুঠিতে বন্ধা হেংদান উপহাৰ দি লাচিতক বৰফুকন পাতি মোগলক ভেটিবলৈ দায়িত্ব অর্পণ কৰিলে।

২৷ শৰাইঘাটৰ যুদ্ধৰ কাৰণ আৰু ফলাফল বর্ণনা কৰাঁ। 

উত্তৰঃ আহোম ৰজা স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ ৰাজত্বকালত ৰাজমন্ত্ৰী আতন বুঢ়াগোহাঁই আৰু সেনাপতি লাচিত বৰফুকনৰ নেতৃত্বত আহোম সৈন্যই মোগল অধীকৃত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ বৰনদীমুখৰ বাঁহবাৰী আৰু দক্ষিণ পাৰৰ কাজলিগড়, গুৱাহাটী আৰু ইটাখুলি দুর্গ অধিকাৰ কৰি দখল কবে। যুদ্ধত মোগল বিষয়া চৈয়দ ফিতোজ খাঁ আৰু মীৰবক্স আহোমৰ হাতত বন্দী হয় ৷ মোগল সৈন্যুৰ এই পৰাজয়ৰ বাতৰিত দিল্লীৰ মোগল সম্রাট ঔরংজেৱে অতি অপমানিত বোধ কৰিছিল। এই পৰাজয়ৰ পোতক তুলিবলৈ তেওঁ পুনৰ অসম আক্ৰমণৰ বাবে অম্বৰ ৰাজ্যৰ ৰজা ৰামসিংহৰ নেতৃত্বত এক বিশাল সৈন্যবাহিনী পঠায়। ফলস্বৰূপে কেৱাখনো সৰু সৰু যুদ্ধৰ পাছত ১৬৭১ খ্রীষ্টাব্দত শৰাইঘাটত আহোম আৰু মোগলৰ মাজত মূল যুদ্ধখন হয়।

শৰাইঘাটৰ যুদ্ধৰ ফলাফল :- শৰাইঘাটৰ যুদ্ধৰ ফলত ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে। মানাহ নদী দুয়োখন ৰাজ্যৰ সীমা নিৰ্দ্ধাৰণ হ’ল। 

পশ্চিমে গোৱালপাৰা জিলাৰ হাদিবাত আহোম-মোগলৰ সীনা কৰি তাত চকী পাতি সীমান্ত সুৰক্ষা কৰা হ’ল। 

এই যুদ্ধত মোগলৰ শোচনীয় পৰাজয় হয়।

৩৷ লাচিত বৰফুকনৰ চৰিত্ৰ আৰু ব্যক্তিত্বৰ বিষয়ে লিখাঁ। 

উত্তৰঃ লাচিত বৰফুকন আছিল বিচক্ষশ বৰবৰুৱা, সমাজ সংগঠক মোমাই তামুলীৰ পুত্ৰ। সৰুৰে পৰাই দেউতাকৰ সজ গুণেৰে সমৃদ্ধ লাচিতৰ চৰিত্ৰ আৰু ব্যক্তিত্বৰ আভাস কেইটামান সৰু সৰু ঘটনাৰ আলমত তলত দাঙি ধৰা হ’ল।

আলাবৈ যুদ্ধৰ পিছৰ কথা। দীর্ঘদিন ধৰি যুদ্ধত লিপ্ত হোৱা আহোম সৈন্যবাহিনী কিছু ভাগৰি পৰিছিল। আনহাতে যুদ্ধৰ প্ৰস্তুতিও সম্পূর্ণ হোৱা নাই। এনে অৱস্থাত চতুৰ লাচিতে মোগল সেনাপতি ৰামসিংহক সন্ধিৰ বাবে প্রলোভিত কৰি কিছুদিনৰ বাবে যুদ্ধ স্থগিত বাখে কিন্তু তলে তলে নিজে যুদ্ধ কৰিবলৈ সাজু হয়।

লাচিতে দোলাকাষৰীয়া বৰুৱা হৈ থকা সময়ৰ এক ঘটনা। আহোম ৰাজসভাত লাচিতে স্বৰ্গদেউক অভিবাদন জনোৱাৰ সময়ত তেওঁৰ মূৰৰ পাগুৰিটো এজন লগুৱাই পিছফালৰ পৰা খুলি নিয়ে ইয়াতে অপমান বোধ কৰি লাচিতে বজাৰ সন্মুখতে লগুৱাটোক কাটিবলৈ উদ্যত হয়। লাচিতৰ নিজৰ পদমর্যদাৰ প্ৰতি আত্মসচেতনতা আৰু সন্মানবোধৰ এনেকুৱা চানেকি দেখি ৰজাই লাচিতক বৰফুকন পাতে আৰু মোগলক ভেটিবলৈ দায়িত্ব অর্পণ কৰে।

১৬৭১ চনৰ কথা। লাচিতে ইটাখুলি শিবিৰত টান নৰীয়াত পৰা শুনি ৰামসিংহই ততালিকে যুদ্ধ কৰিবলৈ আগবাঢ়ি আহিল। বৰফুকনৰ নির্দেশ নাপাই আহোম সৈন্যই মোগলক ভেটা নাই। আনহাতে আহোমৰ দৈৱজ্ঞৰ মতে যুদ্ধৰ ক্ষশ মিলা নাই। তেনেক্ষশতে নৰীয়া অৱস্থাতে লাচিতে তেওঁৰ গা-ৰক্ষীক তেওঁক যুদ্ধলৈ লৈ যাবলৈ নির্দেশ দিয়ে। এনেদৰে তেওঁৰ কৰ্তব্যনিষ্ঠা, নিৰ্ভীকতা, গভীৰ দেশপ্রেম আদি গুণেৰে তেওঁৰ চৰিত্ৰ আৰু ব্যক্তিত্ব উজলি উঠিছিল।

অতিৰিক্ত প্রশ্নোত্তৰ

১৷ ‘মোগলৰ তলতীয়া হৈ থকাতকৈ মৰণেই শ্ৰেয়’ – এই কথাষাৰ কোনে কৈছিল ?

উত্তৰঃ স্বৰ্গদেউ চক্ৰধ্বজ সিংহই।

২৷ লাচিতক কোনে আহোমৰ প্রধান সেনাপতি পাতিছিল ? 

উত্তৰঃ স্বৰ্গদেউ চক্ৰধ্বজ সিংহই।

৩৷ আলাবৈৰ যুদ্ধৰ পিছত লাচিতে ৰামসিংহক কিয় সন্ধিত টোপ দিছিল ?

উত্তৰঃ সেই সময়ত আহোম সৈন্য বাহিনী দীর্ঘদিন ধৰি হোৱা যুদ্ধৰ বাবে কিছু ভাগৰি পৰিছিল । আনহাতে যুদ্ধৰ প্ৰস্তুতিও সম্পূৰ্ণ হোৱা নাছিল। সেয়ে চতুৰ লাচিতে তলে তলে যুদ্ধৰ প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ উদ্দেশ্যে কিছু সময় উলিয়াবলৈ ৰামসিংহক সন্ধিৰ টোপ দিছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top