Assam Jatiya Bidyalay Class 6 Assamese Chapter 9 অসমৰ সত্ৰ অনুষ্ঠান

Assam Jatiya Bidyalay Class 6 Assamese Chapter 9 অসমৰ সত্ৰ অনুষ্ঠান, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় অসমীয়া Class 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 9 অসমৰ সত্ৰ অনুষ্ঠান Class 6 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 6 Assamese Chapter 9 অসমৰ সত্ৰ অনুষ্ঠান Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 6 Assamese Chapter 9 অসমৰ সত্ৰ অনুষ্ঠান provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

অসমৰ সত্ৰ অনুষ্ঠান

Chapter – 9

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১। প্রথমে কোঁৱা, তাৰ পিছত লিখা।

(ক) মহাপুৰুষজনাই কি উদ্দেশ্যৰে সত্ৰ অনুষ্ঠানৰ সৃষ্টি কৰিছিল ?

উত্তৰঃ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ সুবিধাৰ কাৰণেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সত্ৰ অনুষ্ঠানৰ সৃষ্টি কৰিছিল।

(খ) শংকৰদেৱে ক’ত প্ৰথমতে সত্ৰৰ সূত্রপাত কৰিছিল ?

উত্তৰঃ শংকৰদেৱে বৰদোৱাত প্ৰথমতে সত্ৰৰ সূত্রপাত কৰিছিল।

(গ) মাধৱদেৱ, দামােদৰদেৱ আদি গুৰুসকলে ক’ত ক’ত সত্ৰ স্থাপন কৰিছিল ?

উত্তৰঃ মাধৱদেৱ, দামােদৰদেৱ আদি গুৰুসকলে বৰপেটা, পাটবাউসী আদি ঠাইত সত্ৰ স্থাপন কৰিছিল।

(ঘ) সত্ৰৰ মুখ্য অনুষ্ঠান কি ?

উত্তৰঃ সত্ৰৰ মুখ্য অনুষ্ঠান হ’লনামঘৰ।

(ঙ) বাটচ’ৰা কি ?

উত্তৰঃ বাটচ’ৰা হ’ল সত্ৰলৈ সােমােৱা পদূলিৰ মুখত সাজি থােৱা সৰু ঘৰ।

(চ) ভকতসকল থাকিবৰ কাৰণে সত্ৰৰ চাৰিওফালে কি কি থাকে ?

উত্তৰঃ ভকতসকল থাকিবৰ কাৰণে সত্ৰৰ চাৰিওফালে হাটী, পদশিলা, ভঁৰাল আদি থাকে।

(ছ) সত্ৰৰ মুখ্য কার্যনির্বাহক।

উত্তৰঃ সত্ৰৰ মুখ্য কার্যনির্বাহকজনক সত্ৰাধিকাৰ বুলি কোৱা হয়। তেওঁক ডেকা সত্ৰাধিকাৰ, মেধি, পাচনি, মুক্তিয়াৰ, খাটনিয়াৰ, আলধৰা, পালধীয়া, গায়নবায়ন, সূত্ৰধাৰ, পাঠক, নামলগােৱা আদি বিষয়ববীয়াসকলে সত্ৰ পৰিচালনাত সহায় কৰে।

(জ) ভাৰতবৰ্ষত গণতান্ত্রিক পদ্ধতিৰ প্ৰথম প্ৰচলন সত্ৰসমূহত ঘটে বুলি কি কাৰণে ক’ব পৰা যায়, বুজাই লিখা।

উত্তৰঃ গণতন্ত্র বুলিলে ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে কৰা শাসন পদ্ধতিক বুজা যায়। ৰাইজৰ দ্বাৰা নির্বাচিত প্রতিনিধিয়ে গণতন্ত্রত শাসনতন্ত্ৰৰ বিভিন্ন দিশ পৰিচালনা কৰে।

ভাৰতবৰ্ষত গণতান্ত্রিক শাসন প্ৰৱৰ্ত্তন হয় ১৯৫০ চনৰপৰা। কিন্তু তাৰ প্রায় পাঁচশ বছৰ আগতে মহাপুৰুষ শংকৰদেৱে স্থাপন কৰা সত্ৰসমূহত গণতান্ত্রিক শাসন পদ্ধতিৰ প্ৰচলন আছিল। সত্ৰৰ দৈনন্দিন কার্যপ্রণালী চলিছিল সম্পূর্ণ গণতান্ত্রিক পদ্ধতিৰে। বিভিন্ন ঠাইৰপৰা অহা লােকসকলক সত্রধিকাৰে সত্ৰৰ নামঘৰত শৰণ দিয়াৰ লগতে সত্ৰৰ ৰাজমেধি বা বৰমেধিজনক সত্ৰৰ প্রতিনিধি হিচাপে নিযুক্তি দি গাঁও অঞ্চলত শৰণ দিবলৈ পঠোৱা হয়। তদুপৰি এই মেধিজনেই গুৰুকৰ, পচা আদি তােলাৰ লগতে বিভিন্ন ঠাইত থকা শিষ্যসকলৰ লগত সম্পৰ্ক ৰক্ষা কৰি থাকে। তাৰােপৰি সমাজৰ কোনাে লােকে কোনাে দোষণীয় কার্য কৰিলে তাৰ উপযুক্ত বিচাৰ কৰা হয় সত্ৰৰ নামঘৰত। কোনাে লােক দোষী সাব্যস্ত হলে তেওঁ উপযুক্ত দণ্ড ভৰি সমাজৰ আগত তাঁহ লৈ প্রায়চিত্ত কৰিব লাগে। গতিকে দেখা গ’ল যে গণতন্ত্র প্রচলন থকা প্রতিনিধি নিবার্চন, ৰাজহ সংগ্রহ, ন্যায়ালয় আদি ব্যৱস্থাসমূহ সত্ৰ ব্যৱস্থাত কাহানিবাই প্রচলন হৈছিল আৰু আজিও আছে।

(ঝ) অসমখনক সাংস্কৃতিক দিশত আগুৱাই নিয়াত সত্ৰই কেনেধৰণৰ ভূমিকা গ্রহণ কৰে ?

উত্তৰঃ অসমখনক সাংস্কৃতিক দি ৩ আগুৱাই নিয়াত সত্ৰৰ ভূমিকা অপৰিসীম। সত্ৰসমূহত নৃত্য-গীত-অভিনয় আদিৰ চৰ্চা হােৱাৰ লগতে কুটীৰ শিল্পবাে বিকাশ সাধন হৈছিল। সূত্ৰৰ নামঘৰতে ভকসকলৰ মাজত নাম-কীৰ্ত্তনৰ লগতে বিভিন্ন শাস্ত্র ব্যাখ্যা হয়। গাঁৱৰ নিৰক্ষৰ লােকসকলে সত্ৰৰ যােগেদি শাস্ত্রকথা শুনি নৈতিক মূল্যবােধৰ শিক্ষাৰে শিক্ষিত হয়, ফলত সমাজ একোখন সুস্থিৰভাৱে আগবাঢ়ে। আনহাতে নামঘৰত বহি শাস্ত্র ব্যাখ্যা শুনি থকাৰ সময়ছােৱাত ভকতসকলে পাচি, খৰাহী, বিছনী, ঢাৰি, মুখা আদি বাঁহৰ বিভিন্ন সামগ্রী তৈয়াৰ কৰি থাকে। ফলত কুটীৰ শিৰাে বিকাশ সাধন হয়। গতিকে দেখা যায় যে সত্ৰই অসমখনক সামাজিক-সাংস্কৃতিক তথা অর্থনৈতিক দিশত আগবঢ়াই নিয়াত এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে।

(ঞ) কিহৰ জৰিয়তে শংকৰদেৱে ভাওনা অনুষ্ঠানৰ পাতনি মেলিছিল ?

উত্তৰঃ চিহ্নযাত্রা ভাওনাৰ জৰিয়তে শংকৰদেৱে ভাওনা অনুষ্ঠানৰ পাতনি মেলিছিল।

(ট) অসমীয়া সাহিত্য জগতলৈ সত্ৰসমূহৰ অৱদান কেনেকুৱা ?

উত্তৰঃ শংকৰদেৱ, মাধৱদেৱৰ উপৰিও পৰৱৰ্ত্তী বৈষ্ণৱ ভক্তসকলে ভাওনাৰ কাৰণে নাট আৰু বিভিন্ন পুথি ৰচনা কৰিছিল। এই সত্ৰসমূহতে এজন ব্যক্তি সত্ৰাধিকাৰ নিবাচিত হােৱাৰ লগে লগে এখন নাট ৰচনা কৰিবলগীয়াটো সত্ৰসমূহত এটা পৰম্পৰাত পৰিণত হৈছিল। এই নাটসমূহত শংকৰদেৱ মাধৱদেৱৰ দ্বাৰা ৰচিত নাটৰ সকলােবােৰ বৈশিষ্ট্য ৰক্ষিত হােৱা নাছিল যদিও এইবােৰে অসমীয়া নাট্য-সাহিত্যৰ পৰিসৰ বৃদ্ধিত যথেষ্ট অৰিহণা যােগাইছিল। গতিকে দেখা যায় যে অসমীয়া সাহিত্য জগতলৈ সত্ৰসমূহৰ অৱদান অপৰিসীম।

(ঠ) সামাজিক সংগঠনৰ ক্ষেত্ৰত সত্ৰসমূহৰ অৱদান কেনে ধৰণৰ ?

উত্তৰঃ শংকৰদেৱ মাধৱদেৱৰ পিছত আজিকোপতি সত্ৰসমূহে বৈষ্ণৱ ধর্ম প্ৰচাৰৰ কাৰণে চলাই অহা নিৰৱচ্ছিন্ন প্রচেষ্টাৰ ফলস্বৰূপে এক বৃহৎসংখ্যক লােকে সত্ৰসমূহত শৰণ লৈ সেইসমূহৰ শিষ্যত্ব গ্রহণ কৰিছে। লগে লগে এই লােকসকলে একেটা আদৰ্শৰ দ্বাৰা পৰিচালিত হৈ একতা স্থাপন কৰিব পাৰিছে। ফলত সমাজত থকা বিভিন্ন বিশৃংখলতা বহু পৰিমাণে দূৰ হৈছে।

আনহাতে অসমত অতীজৰেপৰা বিভিন্ন জাতি, উপজাতি, বিভিন্ন ধৰ্মৰ লােকে বাস কৰি আহিছে। কিন্তু স্ত্ৰৰ নামঘৰলৈ জাতি-ধর্ম-বর্ণ নির্বিশেষে সকলাে শ্ৰেণীৰ লােক যাব পাৰে। এই ব্যৱস্থাই জাতীয় সংহতিত প্রভূত পৰিমাণে অৰিহণা যােগাইছে। গতিকে দেখা যায় যে, সত্ৰসমূহৰ জৰিয়তে অসমৰ মানুহক একতাৰ দোলেৰে বান্ধিবলৈ চেষ্টা চলােৱাৰ ফলস্বৰূপে সমাজত শান্তি বিৰাজ কৰিছে।

২। চমুটোকা লিখা।

নামঘৰ, ভাওনা, কুটীৰ শিল্প, সূত্ৰধাৰ।

উত্তৰঃ নামঘৰ :- সত্ৰৰ মুখ্য অনুষ্ঠান হৈছে নামঘৰ। নাম কীৰ্ত্তন, উৎসৱ আদি বিভিন্ন কার্য নামঘৰতে হয়। সমাজৰ বিভিন্ন কামৰ আলােচনা-বিচাৰ আদিও নামঘৰতে অনুষ্ঠিত হয়। ভাওনাৰ কাৰণে প্রয়ােজনীয় মুখা, অস্ত্র শস্ত্র, সাজ-পােছাক আদিও তৈয়াৰ কৰা হয় নামঘৰতে। নামঘৰত জাতি-ধর্ম-বর্ণ নির্বিশেষে সকলাে শ্ৰেণীৰ লােকেই আহ-যাহ কৰিব পাৰে। নামঘৰ সত্ৰ পৰিচালনাৰ মুখ্য থলী বুলি ক’লেও বঢ়াই কোৱা নহ’ব।

ভাওনা :- মহাপুৰুষ শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ সুবিধাৰ কাৰণে ভাওনা অনুষ্ঠানৰ সৃষ্টি কৰিছিল। চিহ্নযাত্রা ভাওনাৰ জৰিয়তে এই অনুষ্ঠানৰ পাতনি মেলা হৈছিল। ভাওনাত সংস্কৃত নাটকৰ আৰ্হিত সূত্ৰধাৰ, গায়ন-বায়ন আদি চৰিত্ৰৰ সৃষ্টি কৰা হৈছিল। খােল, তাল আদি বাদ্যৰ সংযােজন কৰা হৈছিল। ভাওনাত বিভিন্ন চৰিত্ৰত ৰূপদানৰ বাবে মুখা, অস্ত্র-শস্ত্র, সাজ-পােছাক আদি তৈয়াৰ কৰিব লাগিছিল। ভাওনাৰ নাটৰ বিষয়বস্তু হৈছে পৌৰাণিক। ভাগৱত, হৰিবংশ আদি পুৰাণৰপৰা কাহিনী লৈ ভাওনাৰ বাবে নাটৰ সৃষ্টি কৰা হৈছিল। মুঠৰ ওপৰত ক’ব পাৰি যে ভাওনাৰ জৰিয়তে মহাপুৰুষ শংকৰদেৱে অসমত প্রথম নাট্যভিনয়ৰ পাতনি মেলিছিল।

কুটীৰ শিল্প :- কুটীৰ শিল্প বুলিলে আমি প্রধানকৈ ঘৰতে বিশেষ কোনাে যন্ত্রপাতিৰ সহায় নােহােৱাকৈ হাতেৰে বিভিন্ন সামগ্রী তৈয়াৰ কৰাকে বুজো। কুটীৰ শিল্পৰ ভিতৰত প্ৰধানকৈ বিভিন্ন বাঁহ-বেতৰ কাম, হাতী দাতঁৰ শিল্প, স্বর্ণ শিল্প, কমাৰ আৰু কুমাৰৰ দ্বাৰা সৃষ্ট সামগ্রী, কাঁহ-পিতলৰ শিল্প, তাঁত শিল্প আদিকেই বুজা হয়। কুটীৰ শিল্পৰ অধিকাংশ সামগ্রী মূলতঃ প্রয়ােজনৰ সামগ্রী হলেও এই শিল্পৰ চৰ্চা কেৱল প্রয়ােজনৰ পৰিধিতে সীমিত নহয়। ইয়াত প্রয়ােজনৰ লগতে ৰুচিবােধৰাে সংযােজন ঘটে। ফলত কুটীৰ শিল্পত তৈয়াৰী সামগ্ৰীসমূহ মজবুত হােৱাৰ লগতে দেখিবলৈও মনােমােহা হয়।

সূত্ৰধাৰ :- মহাপুৰুষ শংকৰদেৱে প্ৰৱৰ্তন কৰা অংকীয়া ভাওনাৰ এক অন্যতম অঙ্গ হ’ল সূত্ৰধাৰ। নাট একোখনত সূত্রধাৰে একেৰাহে অভিনয়, পৰিচালনা, ব্যাখ্যাকাৰক আদি বিভিন্ন কার্য কৰাৰ লগতে নাচ-গানতাে অংশগ্রহণ কৰে। আৰম্ভণিৰ পৰা শেষলৈ নাট একোখন আগবঢ়াই নি গতি প্রদান কৰাত সূত্ৰধাৰৰ ভূমিকা অপৰিসীম।

৩। শংকৰ-মাধৱ আৰু তেওঁলােকৰ অনুগামী শিষ্যসকলে অসমৰ কোন কোন ঠাইত সত্র স্থাপন কৰিছিল ?

উত্তৰঃ শংকৰ মাধৱ আৰু তেওঁলােকৰ অনুগামী শিষ্যসকলে অসমৰ বিভিন্ন ঠাইত সত্ৰ স্থাপন কৰিছিল। এইবােৰৰ ভিতৰত বৰপেটাৰ পাটবাউসী, সুন্দৰীদিয়া ; বৰপেটাত। উজনিত কুরাবাহী, আউনীআটী, দক্ষিণপাট, গড়মূৰ, কমলাবাৰী আদি প্রধান।

৪। পঢ়া, বুজা আৰু লিখা।

জঞ্জাল – নিজঞ্জাল

স্বার্থ………………….

ধর্ম…….…………….

প্রয়ােজন…………………..

জ্ঞান…………………….

বর্তমান………………….

উত্তৰঃ জঞ্জাল – নিজঞ্জাল

স্বার্থ – নিঃস্বার্থ।

ধর্ম – অধর্ম।

প্রয়ােজন – অপ্রয়ােজন।

জ্ঞান – অজ্ঞান।

বর্তমান – অতীত।

৫। খালী ঠাই পূৰ কৰা।

(ক) সত্ৰৰ মুখ্য কার্যনির্বাহকজন …………………..।

(খ) ভাওনাত পােপ্রথমে ভাওনাৰ অংশৰ চমু বিৱৰণ কৈ দিবলৈ ওলােৱা ভাৱৰীয়া ………………………।

(গ) গানবাজনা কৰা লােক……………………..।

(ঘ) খােল-মৃদং বজোৱাত পাকৈত লােক …………………….।

(ঙ) মানুহৰ ঘৰলৈ সােমাৱা বাটৰ সন্মুখভাগ…………………….।

(চ) পদূলিমূখত সাজি থােৱা ঘৰ ……………………।

উত্তৰঃ (ক) সত্ৰৰ মুখ্য কার্যনিবাহকজন সত্ৰাধিকাৰ।

(খ) ভাওনাত পােনপ্রথমে ভাওনাৰ অংশৰ চমু বিৱৰণ কৈ দিবলৈ ওলােৱা ভাৱৰীয়া সূত্ৰধাৰ।

(গ) গান-বাজনা কৰা লােক গায়ন।

(ঘ) খােল-মৃদং বজোৱাত পাকৈত লােক বায়ন।

(ঙ) মানুহৰ ঘৰলৈ সােমােৱা বাটৰ সন্মুখভাগ পদূলিমুখ।

(চ) পদূলিমূখত সাজি থােৱা ঘৰ বাটচ’ৰা।

৬। বাক্য ৰচনা কৰা ।

নামঘৰ, গায়ন-বায়ন, পােছাক-পৰিচ্ছদ, সাজ-পােছাক।

উত্তৰঃ নামঘৰ :- নামঘৰ হৈছে অসমীয়া জাতীয় জীৱনৰ সাংস্কৃতিক পাঠশালা।

গায়ন-বায়ন :- আমাৰ স্কুলৰ সাংস্কৃতিক শােভাযাত্ৰাটোত গায়ন-বায়নকে ধৰি সকলােৱে অংশগ্রহণ কৰিছিল।

পােছাক-পৰিচ্ছদ :- ভাওনাৰ অভিনেতাসকলৰ পােছাক-পৰিচ্ছদ কাহিনীৰ লগত খাপ খােৱাকৈ তৈয়াৰ কৰি লােৱা হয়।

সাজ-পােছাক :- সাজ-পােছাকে মানুহ একোজনৰ ব্যক্তিত্বক প্ৰভাৱিত কৰে।

৭। পাঠটোত কেইবিধমান বাঁহ-বেতৰ সঁজুলিৰ নাম উল্লেখ আছে। তােমালােকে পাঠত নথকা আন সঁজুলিৰ নাম লিখা।

উত্তৰঃ পিঠত উল্লেখ থকা সঁজুলিকেইবিধৰ উপৰি আন কেইবিধমান বাঁহ-বেতৰ সঁজুলি হ’ল— ডলা, কুলা, চালনী, জাকৈ, ‘পল’, ডুলি, মুঢ়া, জুলুকি, চেপা, খালৈ, মৈ, ইত্যাদি।

৮। পঢ়া আৰু বুজা।

পাচ + অনি = পাচনি।

খাট + অনিয়াৰ = …………………

আল-ধৰ + আ = ………………….

পালধৰ + ঈয়া = ………………….

বিষয়-বাব + ঈয়া = ………………..

গণতন্ত্র + ইক = ……………………..

উত্তৰঃ পাচ + অনি = পাচনি। 

খাট + অনিয়াৰ = খাটনিয়াৰ।

আল-ধৰ + আ = আলধৰা। 

পালধৰ + ঈয়া = পালধৰীয়া।

বিষয়-বাব + ঈয়া = বিষয়ববীয়া।

গণতন্ত্র + ইক = গণতান্ত্রিক।

পাঠভিত্তিক ব্যাকৰণৰ আলােচনা

৯। ক্রিয়া বিভক্তি বুলিলে কি বুজা ? ‘খ’ ধাতুটো ভিন্ন কাল আৰু পুৰুষত বিভক্তি যােগ কৰি দেখুওৱা ।

উত্তৰঃ কোনাে বাক্যৰ কর্তা, কর্ম একেই থাকে যদিও ক্ৰিয়াৰ ৰূপটো বেলেগ বেলেগ হয়। কোনাে ধাতুৰ লগত বেলেগ বেলেগ বিভক্তি যােগ হৈ ক্রিয়াপদৰ ৰূপটো বেলেগ বেলেগ হােৱাকে ক্রিয়াবিভক্তি বােলে।

‘খা’ ধাতুৰ বিভিন্ন কাল আৰু পুৰুষত যােগ হােৱা বিভক্তিৰ ৰূপ

নিত্য বর্তমান 

পুৰুষ 

১ম পুৰুষ-

২য় পুৰুষ-

৩য় পুৰুষ-

একবচন 

মই

তই

তুমি

আপুনি

সি, তেওঁ

তেখেতে

বহুবচন

আমি

তহঁতে

তোমালোকে

আপোনালোকে

সিহঁতে

তেওঁলোকে

তেখেসকলে

ক্রিয়া বিভক্তি

খা + ওঁ = খাওঁ

খা + আ = খা

খা + ওৱা = খোৱা

খা + ই = খায়

খা + ই = খায়

খা + ই = খায়

খা + ই = খায়

স্বৰূপ বৰ্তমান 

পুৰুষ

১ ম পুৰুষ –

২ য় পুৰুষ –

৩ য় পুৰুষ –

একবচন

মই

তই

তুমি

আপুনি

সি, তেওঁ

তেখেতে

বহুবচন

আমি

তহতে

তোমালোকে

আপোনালোকে

সিহঁতে

তেওঁলোকে

তেখেত সকলে

ক্ৰিয়া – বিভক্তি

খা + ইছোঁ = খাইছোঁ

খা + ইছ = খাইছ

খা + ইছা = খাইছা

খা + ইছে = খাইছে

খা + ইছে = খাইছে

খা + ইছে = খাইছে

খা + ইছে = খাইছে

স্বৰূপ ভূত

পুৰুষ

১ ম পুৰুষ –

২ য় পুৰুষ –

৩ য় পুৰুষ –

একবচন

মই

তই

তুমি

আপুনি

সি, তেওঁ

তেখেতে

বহুবচন

আমি

তহতে

তোমালোকে

আপোনালোকে

সিহঁতে

তেওঁলোকে

তেখেত সকলে

ক্ৰিয়া – বিভক্তি

খা + লো = খালো

খা + লি = খালি

খা + লা = খালা

খা + লে = খালে

খা + লে = খালে

খা + লে = খালে

খা + লে = খালে

অপূৰ্ণ ভূত

পুৰুষ

১ ম পুৰুষ –

২ য় পুৰুষ –

৩ য় পুৰুষ –

একবচন

মই

তই

তুমি

আপুনি

সি, তেওঁ

তেখেতে

বহুবচন

আমি

তহতে

তোমালোকে

আপোনালোকে

সিহঁতে

তেওঁলোকে

তেখেত সকলে

ক্ৰিয়া – বিভক্তি

খা + ইছিলো = খাইছিলো

খা + ইছিলি = খাইছিলি

খা + ইছিলা = খাইছিলা

খা + ইছিল = খাইছিল

খা + ইছিল = খাইছিল

খা + ইছিল = খাইছিল

খা + ইছিল = খাইছিল

সম্ভাব্য ভূত

পুৰুষ

১ ম পুৰুষ –

২ য় পুৰুষ –

৩ য় পুৰুষ –

একবচন

মই

তই

তুমি

আপুনি

সি, তেওঁ

তেখেতে

বহুবচন

আমি

তহতে

তোমালোকে

আপোনালোকে

সিহঁতে

তেওঁলোকে

তেখেত সকলে

ক্ৰিয়া – বিভক্তি

খা + লোহেতেন = খালোঁহেঁতেন

খা + লিহেঁতেন = খালিহেঁতেন

খা + লাহেঁতেন = খালাহেঁতেন

খা + লেহেঁতেন = খালেহেঁতেন

খা + লেহেঁতেন = খালেহেঁতেন

খা + লেহেঁতেন = খালেহেঁতেন

খা + লেহেঁতেন = খালেহেঁতেন

ভৱিষ্যত কাল

পুৰুষ

১ ম পুৰুষ –

২ য় পুৰুষ –

৩ য় পুৰুষ –

একবচন

মই

তই

তুমি

আপুনি

সি, তেওঁ

তেখেতে

বহুবচন

আমি

তহতে

তোমালোকে

আপোনালোকে

সিহঁতে

তেওঁলোকে

তেখেত সকলে

ক্ৰিয়া – বিভক্তি

খা + ম = খাম

খা + বি = খাবি

খা + বা = খাবা

খা + ব = খাব

খা + ব = খাব

খা + ব = খাব

খা + ব = খাব।

অতিৰিক্ত পাঠভিত্তিক প্রশ্নোত্তৰ

১। শংকৰদেৱে কেতিয়া বৰদোৱাত প্রথম সত্ৰৰ সূত্রপাত কৰিছিল ?

উত্তৰঃ পঞ্চদশ শতিকাৰ শেষভাগত শংকৰদেৱে বৰদোৱাত প্রথম সত্ৰৰ সূত্রপাত কৰিছিল।

২। কোনখন পুথিত শংকৰদেৱে সত্র স্থাপন কৰাৰ কথা উল্লেখ আছে ?

উত্তৰঃ গুৰুচৰিত কথা’ নামৰ পুথিখনত।

৩। গাঁৱৰ অনাখৰী লােকে কিদৰে নৈতিক জ্ঞান লাভ কৰে ?

উত্তৰঃ গাঁৱৰ অনাখৰী লােকে নামঘৰত বহি বিভিন্ন ধর্মশাস্ত্ৰৰ ব্যাখ্যা শুনি শাস্ত্ৰৰ কথা জনাৰ লগতে নৈতিক জ্ঞাননা লাভ কৰে।

৪। ভাওনাৰ নাটৰ বিষয়বস্তু কি ?

উত্তৰঃ ভাওনাৰ নাটৰ বিষয়বস্তু হৈছে ভাগৱত, হৰিবংশ আদি পুৰাণৰ কাহিনী।

৫। ভাওনাৰ কাৰণে প্রয়ােজনীয় মুখা, অস্ত্রশস্ত্র, সাজ-পােছাক আদি কত সংৰক্ষণ কৰা হয় ?

উত্তৰঃ নামঘৰত।

৬। একেটা বাক্যতে সত্ৰক কি বুলি আখ্যা দিব পাৰি ?

উত্তৰঃ সত্ৰ হৈছে একাধাৰে পাঠশালা, ধর্ম চচাৰ কেন্দ্র, সাংস্কৃতিক সংগ্ৰহালয়, সামাজিক বিচাৰথলী আৰু সমাজক একতাৰ দোলেৰে বান্ধি ৰখা এক অনুষ্ঠান।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top