Assam Jatiya Bidyalay Class 6 Assamese Chapter 6 মহোহো

Assam Jatiya Bidyalay Class 6 Assamese Chapter 6 মহোহো, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় অসমীয়া Class 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 6 মহোহো Class 6 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 6 Assamese Chapter 6 মহোহো Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 6 Assamese Chapter 6 মহোহো provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

মহোহো

Chapter – 6

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১। একোটিকৈ বাক্যত উত্তৰ লিখা।

(ক) মহােহাে’ শব্দটো কেনেদৰে সৃষ্টি হৈছে ?

উত্তৰঃ অসমীয়া ভাষাৰ মহ’ শব্দৰ লগত বড়াে ভাষাৰ ‘হাে’ শব্দ লগ লাগি ‘মহােহাে’ শব্দটো সৃষ্টি হােৱা বুলি ধাৰণা কৰা হৈছে।

২। কোন তিথিত মহােহাে উৎসৱ পালন কৰা হয় ?

উত্তৰঃ আযােণ মাহৰ পূর্ণিমা তিথিত মহােহাে উৎসৱ পালন কৰা হয়।

৩। মহােহাে উৎসৱৰ গীতবােৰ মূলত- কেনেকুৱা ?

উত্তৰঃ মহােহাে উৎসৱৰ গীতবােৰৰ আৰম্ভণি আৰু সামৰণিৰ মাজত সামঞ্জসা নাথাকে, গীতবোৰ এটা বিষয়ত আৰম্ভ হৈ আন এটা বিষয়তহে শেষ হয়।

৪। লােক বিশ্বাস মতে ভালুকে কি খায় ?

উত্তৰঃ লােকবিশ্বাস মতে ভালুকে মহ খায়।

৫। এউৰি মাগা’ কোন অঞ্চলত পালন কৰা হয় ?

উত্তৰঃ নামনি অসমৰ গােৱালপাৰা জিলাত ‘এউৰি মাগা’ উৎসৱ পালন কৰা হয় ।

২। তিনি-চাৰিটামান বাক্যত হােৱাকৈ উত্তৰ লিখা।

(ক) মহােহাে উৎসৱ কেনেদৰে পালন কৰা হয় ?

উত্তৰঃ আঘােণ মাহৰ পূর্ণিমা তিথিৰ দিনা পালন কৰা মহােহাে উৎসৱত চেমনীয়াসকলে একেলগ হৈ হাতে হাতে বাঁহৰ টোকোন একেল লৈ মানুহৰ ঘৰৰ চোতালে চোতালে মহখেদা গীত গাই গৃহস্থক আশীর্বাদ দি ফুৰে। মহােহে। গীত গাঁওতে দলৰ এজনে কলৰ চোঁচনি গাত আঁৰি, বাঁহৰ শুকান ঢকুৱাৰ খাৰু, বাজু, মুকুট আদি পিন্ধি ভালুকৰ বেশ লয়। আন এজনে কান্ধত এখন জোলােঙা ওলােমাই লয়। জোলােঙা লােৱা আৰু ভালুক হােৱা দুইজনক ক্ৰমে ভাল আৰু ভলুকা বুলি কোৱা হয় আৰু এই দুজনক আগুৰি লৈ বাকীসকলে টোকোনেৰে মাটিত চেও ধৰি ঠক ঠক্‌কৈ খুন্দিয়াই গীত গায়। টোকোনৰ ভয়ত মহবােৰ পলাই ফাৎ মৰাৰ ইংগিত গীতবােৰত দিয়া হয়। মহােহাে গাবলৈ অহা দলটিক গৃহস্থই পদূলিমূখৰ পৰাই আদৰি নিয়ে। মহােহােৰ দল অসন্তুষ্ট হৈ উভতি গ’লে ঘৰখনলৈ অমংগল আহে বুলি বিশ্বাস কৰি গৃহস্থই দলটোক সকলােপ্ৰকাৰে সন্তুষ্ট কৰিবলৈ চেষ্টা কৰে। গীত গােৱাৰ অন্তত গৃহস্থই সাধ্যানুসাৰে মাননি আগবঢ়াই মহােহাে দলৰ পৰা আশীর্বাদ লয়। এনেদৰে আশীর্বাদ লওতে দলটোৱে আশীবাদসূচক গীত গাই গৃহস্থৰ মংগল কামনা কৰে।

(খ) মহােহাে উৎসৱত অংশগ্ৰহণ কৰা শিল্পীসকলে কেনেধৰণৰ সাজপাৰ পৰিধান কৰে লিখা।

উত্তৰঃ মহােহাে উৎসৱত অংশগ্ৰহণ কৰা শিল্পীসকলে বিভিন্ন ধৰণৰ বেশ লয়। মহােহে গীত গাওতে দলৰ এজনে কলৰ চোঁচনি গাত অৰি ভালুক হয়, লগতে বাহৰ শুকান ঢকুৱাৰ খাৰু, বাজু, মুকুট আদি পিন্ধে। বহাগ বিহুৰ হুচৰি দলৰ এজনে কান্ধত এখন জোলােঙা ওলােমাই নিয়াৰ দৰে মহােহাে গীত গাবলৈ যাওতেও এজনে কান্ধত এখন জোলােঙা ওলােমাই লৈ যায়। বাকীসকলে চুৰিয়া- চোলা আদি পৰিধান কৰে আৰু দুই এজনে মূৰত পাগুৰি মৰাও দেখা যায়।

(গ) বহাগ বিহুৰ চৰিৰ সৈতে মহােহাে উৎসৱৰ কোনবােৰ দিশৰ সাদৃশ্য আছে ?

উত্তৰঃ বহাগ বিহুৰ হুচৰিৰ সৈতে মহােহাে উৎসৱৰ বহুতাে দিশত মিল দেখা যায়। হুঁচৰিৰ দৰে মহােহাে উৎসৱতাে মানুহৰ ঘৰৰ চোতালে চোতালে মহখেদা গীত গাই গৃহস্থক আশীর্বাদ দি ফুৰে চেমনীয়াসকলে। আনহাতে বহাগ বিহুত হুচৰি দলৰ এজনে কান্ধত জোলােঙা ওলােমাই নিয়াৰ দৰে মহােহাে গীত গাবলৈ যাওঁতেও এজনে কান্ধত এখন জোলােঙা -ওলােমাই লৈ যায়। বহাগ বিহুত ঘৰলৈ হুঁচৰি আহিলে গৃহস্থই পদূলিমুখৰ পৰাই আদৰি নিয়াৰ দৰে মহােহাে গাবলৈ আহিলেও গৃহস্থই আদবি নিয়ে। বহাগ বিহুত কোনাে কোনাে হুঁচৰি দলে স্ফুর্তি-তামাচা কৰি সৰহীয়াকৈ মাননি বিচৰাৰ দৰে মহােহাে গীততো পইচা বিচৰাৰ কথা পােৱা যায়।

(ঘ) মহােহাে উৎসৱ পালনৰ প্ৰধান উদ্দেশ্য কি ?

উত্তৰঃ অইন বহুতাে উৎসৱ পালনৰ নিচিনা মহৈহাে উৎসৱ পালনৰাে এক সুকীয়া উদ্দেশ্য আছে। মহােহাে উৎসৱ পালনৰ প্ৰধান উদ্দেশ্য হ’ল মহখেদা। মহােহাে উৎসৱ পালনৰ আন এক উদ্দেশ্য হ’ল মানুহৰ প্রাত্যহিক জীৱনৰ বিপৰীতে আনন্দ-বিনােদনৰ যােগন ধৰা ।

(ঙ) সমাজৰ বিভিন্ন মানুহৰ মাজত সম্প্রীতিৰ বান্ধোন দৃঢ় কৰাত মহােহাে উৎসৱে কেনেদৰে ভূমিকা লৈছে ?

উত্তৰঃ এখন সমাজত বিভিন্ন জাতি, ধর্ম, বর্ণ নির্বিশেষে বিভিন্ন শ্রেণীৰ লােক বাস কৰে। এই বিভিন্নতাৰ মাজত পালন কৰা মহােহাে উৎসৱত সকলাে শ্ৰেণীৰ লােকে নিজৰ নিজৰ জাতি-ধর্ম-বর্ণৰ কথা পাহৰি একেলগ হৈ আনন্দ মনেৰে অংশগ্ৰহণ কৰে। এইদৰে পালন কৰা মহােহাে উৎসৱে মানুহৰ মাজত সম্প্রীতিৰ বান্ধোন দৃঢ় কৰাৰ ক্ষেত্ৰত এক উল্লেখযােগ্য ভূমিকা পালন কৰে।

৩। চমুটোকা লিখা।

(ক) লােক উৎসৱ।

(খ) মহােহাে উৎসৱৰ গীত। 

(গ) হুঁচৰি। 

(ঘ) বাম্বোল পিটা উৎসর।

উত্তৰঃ (ক) লােক উৎসৱ :- অতি প্রাচীন কালৰেপৰা কিবা এটা উপলক্ষ্যত সমাজত প্রচলিত তথা জাতি-ধর্ম-বর্ণ নির্বিশেষে সকলো শ্ৰেণীৰ লােকে অংশ গ্ৰহণ কৰা উৎসৱকে লােক উৎসৱ আখ্যা দিব পাৰি। সমাজ একোখনৰ সংস্কৃতি প্রতিফলিত হয় এই লােক উৎসৱসমূহত। এই উৎসৱসমূহত কোনাে কৃত্রিমতা নাথাকে। সকলােৱে স্বতঃস্ফূর্তভাৱে অংশ গ্রহণ কৰে। এখন দেশৰ সকলােৱে নতুবা কোনাে এটা বিশেষ জনগােষ্ঠীয়ে পালন কৰা উৎসৱকো লােক উৎসৱৰ অন্তর্ভুক্ত কৰা হৈছে। এই উৎসৱসমূহে সমাজত একতাৰ বান্ধোন সুদৃঢ় কৰাৰ উপৰিও মানুহৰ ন-ন কামত নতুন উদ্যমেৰে আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা যােগায়।

(খ) মহােহাে উৎসৱৰ গীত :- মহােহাে উৎসৱত পৰিবেশন কৰা গীতসমূহ মূলত মহখেদা বিষয়ক যদিও অন্যান্য আনুসঙ্গিক বিষয়ে অন্তর্ভুক্ত কৰা দেখা যায়। গ তবােৰ এটা বিষয়ত আৰম্ভ হৈ আন এটা বিষয়তহে শেষ হােৱা দেখা যায়। অথাৎ গীতবােৰৰ আৰম্ভণি আৰু সামৰণিৰ মাজত সামঞ্জস্য নাথাকে। মহােহাে গীত গাওঁতে দলটোৰ জোলােঙা লােৱা আৰু ভালুকৰ বেশ লােৱা দুইজনক ক্রমে ভাল আৰু ভুলুকা বুলি কোৱা হয় আৰু মহােহাে গীততে এই ভাল-ভলুকাৰ কথা উল্লেখ আছে। গৃহস্থই সাধ্যানুসাৰে মাননি আগবঢ়াই মহােহাে দলৰ পৰা আর্শীবাদ লওতেও মহােহাে গীতৰ যােগেদি আশীর্বাদ দিয়া হয়। আনহাতে কোনাে কোনাে মহােহাে দলে গৃহস্থৰপৰা সৰহীয়ালৈ পইচা বিচৰাৰ কথাৰ উল্লেখ পােৱা যায়। মুঠতে দেখা যায় যে মহােহাে উৎসৱৰ গীতসমূহ সাধাৰণ গৰখীয়া, গাঁৱলীয়া ল’ৰাৰ সহজ-সৰল মুখৰ ভাষা বুলিব পাৰি৷

(গ) হুচৰি :- বহাগ বিহুৰ এটা বিশেষত্ব হ’ল হুচৰি গােৱাটো। গৃহস্থৰ ঘৰে ঘৰে গৈ উত্তাল আনন্দত গৃহস্থৰ কুশলার্থে হৰিধ্বনি দি ঢােল, পেঁপা, গগণাৰ সুমধুৰ সমন্বয় তুলি নৃত্য-গীতেৰে মুখৰিত কৰি তােলা হয়। ইয়ে গৃহস্থৰ মন আনন্দত পুলকিত কৰাৰ লগতে গৃহস্থইও সাধ্যানুসাৰে মাননি আদি আগবঢ়াই সেৱা- সকাৰ কৰে। চৰিয়ে অসমীয়া সমাজত ঐক্যৰ এনাজৰীডাল দৃঢ় কৰাত এক উল্লেখযােগ্য ভূমিকা লৈছে।

৪। উদাহৰণটো চাই বাকীকেইটা কৰা ।

উদাহৰণ- গৃহস্থ – অতিথি।

মংগল –

আশীর্বাদ –

আৰম্ভণি –

সন্তুষ্ট –

বিশ্বাস –

আনন্দ –

উজনি –

উত্তৰঃ গৃহস্থ – অতিথি।

মংগল – অমংগল।

আশীর্বাদ – অভিশাপ।

আৰম্ভণি – শেষ।

সন্তুষ্ট – অসন্তুষ্ট।

বিশ্বাস – অবিশ্বাস।

আনন্দ – দুখ।

উজনি – নামনি।

৫। সকলাে গীতেই মানুহৰ মাজত আনন্দবিনােদন যােগান ধৰে’- কেনেকৈ, তােমাৰ নিজৰ ভাষাৰে বুজাই লিখা।

উত্তৰঃ আমাৰ মনৰ ভাৱ-অনুভূতিক জাগ্রত কৰিব পৰা সকলাে গীতেই আমাৰ মনটোক প্ৰভাৱিত কৰে। কেতিয়াবা ই আনন্দ-বিনােদনৰ যােগান ধৰে আৰু কেতিয়াবা কিবা পুৰণা স্মৃতি মনত পেলাই মনত দুখবােধৰাে সৃষ্টি কৰে। অৱশ্যে গীতৰ ভাষা বা কথাবস্তু বুজি পােৱা হ’লে ই আমাক বেছিকৈ প্ৰভাৱিত কৰে। আনহাতে আমি বুলি নােপােৱা আন ভাষা বা কথাবস্তুৰ গীতৰ সুৰেও আমাৰ দেহ-মনক প্ৰভাৱিত কৰে। গতিকে দেখা গ’ল যে সকলাে গীতেই মানুহৰ মাজত আনন্দ-বিনােদনৰ যােগান ধৰে।

৬। অর্থ পার্থক্য স্পষ্ট হােৱাকৈ বাক্য ৰচনা কৰা।

দল, দ’ল; মহ, ম’হ; পানী, পাণি; বল, ব’ল; বদ, ৰ’দ।

উত্তৰঃ দল (কিছুমান মানুহৰ গােট বা সমষ্টি) :-  মহােহােৰ দল অসন্তুষ্ট হৈ উভতি গলে ঘৰখনলৈ অমংগল আহে বুলি বিশ্বাস কৰা হয়।

দ’ল (মন্দিৰ, মঠ) :- অসমৰ শিৱসাগৰ জিলাত বহুতাে দ’ল, পুখুৰী আদি আছে।

মহ (এবিধ তেজ খােৱা পতঙ্গ) :- মাইকী এন’ফিলিছ মহে কামুৰিলে মেলেৰিয়া ৰােগ হয়।

ম’হ (তৃণভােজী, ধেনুভিৰীয়া শিঙেৰে গৰুতকৈ ডাঙৰ এবিধ জন্তু) :- ম’হৰ গাখীৰৰ দৈ খাবলৈ বৰ সােৱাদযুক্ত হয়।

পানী (জল) :- বর্তমান পৃথিৱীৰ পানীভাগ প্ৰদূষিত হৈ পৰিছে।

পাণি (হাত) :- বিষ্ণুৰ আন এটা নাম চক্রপাণি।

বল (শক্তি; পৰাক্ৰম) :- আজি তিনিদিনৰপৰা জ্বৰ হৈ থকা বাবে ৰমেনে গাঁত অলপাে বল নােপােৱা হৈছে।

ব’ল (যােৱা) :- শিক্ষকে ক’লে, “ল’ৰাহঁত ঘৰলৈ ব’ল, আন্ধাৰ হৈ আহিছে।”

ৰ’দ ( সূৰ্যৰ ৰশ্মি) :- কাতিমহীয়া ৰ’দত বস্তু শুকাবলৈ ভাল।

ৰদ (বাতিল) :- মুখ্যমন্ত্ৰীয়ে পূর্ব নিদের্শ বদ কৰি উপায়ুক্তক পুনৰ জিলাতে যােগদান কৰিবলৈ নির্দেশ দিলে।

৭। পাঠটোত এটি লােকবিশ্বাসৰ কথা আছে। লােকবিশ্বাস মানে কি ? তুমি শুনা কেইটামান লােকবিশ্বাসৰ এখন তালিকা কৰা।

উত্তৰঃ লােক-বিশ্বাস মানে হ’ল মানুহৰ মুখে মুখে প্রচলিত কিছুমান কথা বা কাহিনী। লােক-বিশ্বাস কিছুমানৰ বৈজ্ঞানিক ভিত্তি থাকে যদিও আন বহুতাে লােক বিশ্বাসৰ বৈজ্ঞানিক ভিত্তি থকা কথাৰ প্ৰমাণ পােৱা নাযায়। আমাৰ পাঠটোত থকা লােকবিশ্বাসটি হ’ল ভালুকে মহ খায়।

আমাৰ সমাজত প্ৰচলিত আন কিছুমান লােকবিশ্বাস হ’ল-  বহাগ বিহুত নাহৰৰ পাতত সূর্য মন্ত্র লিখি ঘৰৰ চালত গুজি থােৱা, যাত্রাকালত কোনােবাই পিছফালে মাত দিলে অমঙ্গল হােৱা বুলি ভবা।

পাঠভিত্তিক ব্যাকৰণৰ আলােচনা

১। ভাষা বুলিলে কি বুজা ?

উত্তৰঃ মানুহৰ মনৰ ভাৰ প্ৰকাশ কৰিবলৈ বাগমন্ত্রৰ সহায়ত উচ্চাৰণ কৰা সুবিন্যস্ত, অর্থবহ ধ্বনি প্ৰতীকৰ সমষ্টিকে ভাষা বােলা হয়।

২। উপভাষা কি ? উদাহৰণ দিয়া।

উত্তৰঃ একেটা ভাষা-সম্প্রদায়েৰে অঞ্চল বিশেষে গঢ়ি উঠা সুকীয়া ভাষা ৰূপবােৰক সেই ভাষা সম্প্রদায়ৰ উপভাষা বুলি কোৱা হয়। যেনে- অসমীয়া ভাষাৰ ক্ষেত্ৰত কামৰূপী উপভাষা, গােৱালপৰীয়া উপভাষা ইত্যাদি।

৩। মান্যভাষা কাক বােলে ? উদাহৰণৰ সহায়ত বুজাই লিখা।

উত্তৰঃ কোনাে এটা ভাষা সম্প্রদায়ৰ মাজত ‘চলা উপভাষা কেইটাৰ মাজৰ কোনাে এটা উপভাষাই কেতিয়াবা সাংস্কৃতিক, সামাজিক, ৰাজনৈতিক, অর্থনৈতিক আদি বিভিন্ন কাৰণত অধিক গুৰুত্ব লাভ কৰে। অথাৎ এই উপভাষাকেইটাৰ মাজৰপৰা কোনাে এটা উপভাষাক শিক্ষা-দীক্ষা, ৰাজহুৱা কাম-কাজ আদি সকলােতে ব্যৱহাৰ কৰিবলৈ লােৱা হয়। এনেদৰে গুৰুত্ব লাভ কৰা উপভাষাটোক মান্যভাষা বােলা হয়। উদাহৰণস্বৰূপে অসমৰ প্রচলিত উপভাষা কেইটাৰ ভিতৰত উজনিৰ উপভাষাটোকে ৰাজহুৱা কাম-কাজ, শিক্ষা-দীক্ষা আদি সকলােতে ব্যৱহাৰ কৰা হয়। গতিকে উজনিৰ ভাষাটোৱেই হল বর্তমান অসমৰ মান্যভাষা।

৪। মান্যভাষা আৰু উপভাষাৰ মাজত সম্পর্ক কি ?

উত্তৰঃ মান্যভাষা সকলােৱে গ্ৰহণ কৰে কিন্তু উপভাষা কোনাে এটা বিশেষ সম্প্রদায়ৰ মাজতহে প্রচলিত হয়। কেতিয়াবা এটা উপভাষাও মান্যভাষালৈ পৰিৱৰ্তন হৈ মান্যভাষাটো উপভাষালৈ পৰিৱৰ্তন হ’ব পাৰে।

অতিৰিক্ত পাঠভিত্তিক প্রশ্নোত্তৰ

১। নামনি অসমত পালন কৰা এটি জনপ্রিয় লােক-উৎসৱ কি ?

উত্তৰঃ নামনি অসমত পালন কৰা এটি জনপ্রিয় লােক-উৎসৱ হ’ল মহােহাে উৎসৱ।

২। বড়াে ভাষাত ‘হাে’ মানে কি ?

উত্তৰঃ বড়াে ভাষাত ‘হাে’ মানে খেদি দিয়া।

৩। টোকোন লৈ মহ মৰাটো সম্ভৱ নে ?

উত্তৰঃ টোকোন লৈ মহ মৰাটো সম্ভৱ নহয় যদিও লােক-বিশ্বাসত সম্ভৱ।

৪। বাম্বােল পিটা’ উৎসৱ কত পালন কৰা হয় ?

উত্তৰঃ নামনি অসমৰ কোনাে কোনাে অঞ্চলত ‘বাম্বােল পিটা’ উৎসৱ পালন কৰা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top