Assam Jatiya Bidyalay Class 6 Assamese Chapter 5 চোতাল

Assam Jatiya Bidyalay Class 6 Assamese Chapter 5 চোতাল, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় অসমীয়া Class 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 5 চোতাল Class 6 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 6 Assamese Chapter 5 চোতাল Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 6 Assamese Chapter 5 চোতাল provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

চোতাল

Chapter – 5

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১। প্রথমে কোঁৱা, তাৰ পিছত লিখা-

(ক) চোতাল’ শব্দটো ক’ৰ পৰা আহিছে, ইয়াৰ আভিধানিক অর্থ কি ?

উত্তৰঃ সংস্কৃত ভাষাৰ চত্ব’ শব্দৰ পৰা ‘চোতাল’ শব্দটো আহিছে। চোতাল শব্দৰ আভিধানিক অর্থ হৈছে- দুৱাৰমুখৰ আগৰ বহল সমান ঠাই।

(খ) আগচোতাল আৰু পিছচোতাল বুলিলে কি বুজা ?

উত্তৰঃ ঘৰৰ আগফালে থকা চোতালক আগচোতাল আৰু ঘৰৰ পিছফালে থকা চোতালক পিছচোতাল বােলা হয়।

(গ) গাঁৱৰ ঘৰ এখনত চোতালৰ গুৰুত্ব কেনেধৰণৰ বুজাই লিখা।

উত্তৰঃ গাঁৱৰ ঘৰ এখনত চোতাল এখনৰ গুৰুত্ব বহুত। এখন আদর্শ অসমীয়া ঘৰৰ সৌন্দৰ্যৰ লগত চোতাল এখনৰ প্ৰয়ােজনীয়তা যথেষ্ট। কাৰণ চোতালখনেই ঘৰটোৰ সৌন্দর্য বহুখিনি বঢ়াই তােলে। চোতালখনক কেন্দ্ৰ কৰি গােটেই ঘৰখনত এটা শৃংখলাৱদ্ধ পৰিৱেশ গঢ়ি উঠে। অসমীয়া গাঁৱলীয়া সমাজত বিভিন্ন ব্যৱহাৰিক কার্যাৱলী আৰু নানান উৎসৱ-পার্বণ, ধর্মীয় আচাৰ- অনুষ্ঠান আদি সম্পাদন কৰা হয় চোতালখনতে। চোতালত ৰভা-পৰলা দি গাঁৱৰ মানুহে বিভিন্ন মাংগলিক অনুষ্ঠানৰ আয়ােজন কৰে। কৃষিকাৰ্যৰ পৰা তাতঁশালৰ কাম-কাজলৈকে, ফুলৰ বাগিছা পতাৰ পৰা সৰু লৰা-ছােৱালীৰ খেলধেমালিলৈকে, ঢাৰি-পাটী পাৰি বহি আইতাক ককাকৰ মুখৰপৰা সাধুশুনাৰ পৰা আমাৰ বাপতি সাহােন বিহুটিৰ হুচৰি গােৱালৈকে সকলােৰে মূল কেন্দ্রবিন্দু হ’ল আমাৰ হেঁপাহৰ চোতালখন। গতিকে দেখা গল যে গাঁৱৰ ৰাইজৰ বাবে চোতালখন এক অত্যাৱশ্যকীয় সম্পদ।

(ঘ) পাঠটিত উল্লেখ থকা কৃষিৰ লগত জড়িত সামগ্রীবােৰৰ নাম লিখা।

উত্তৰঃ চোতাল’ পাঠটিত উল্লেখ থকা কৃষিৰ লগত জড়িত বিভিন্ন সামগ্রী হ’ল কোৰ, কটাৰী, কাচি, নাঙল, যুঁৱলি, তমাল, বিৰীয়া, কঠিয়ামাৰি।

(ঙ) শিপিনীসকলৰ কাৰণে চোতালখনৰ প্ৰয়ােজনীয়তা কেনেধৰণৰ লিখা।

উত্তৰঃ তাঁতশালৰ বিভিন্ন কাম-কাজ শিপিনীসকলে চোতালতে সম্পন্ন কৰে। তাঁত লগােৱা, তাতঁৰ বাটি কৰা, ব-তােলা, মহুৰা, ফুৰােৱা আদি কামবােৰ চোতালতে সম্পন্ন কৰা হয়। এইবােৰ কাম শেস হােৱাৰ পিছত মূল তাঁতশালখনাে চোতালৰ এচুকতে পাতি লৈ শিপিনীসকলে মাকো মাৰি মাৰি বিভিন্ন গপোৰ বই উলিয়ায়। গতিকে দেখা গ’ল যে শিপিনীসকলৰ কাৰণে চোতাল এখনৰ প্রয়ােজনীয়তা বহুত।

(চ) খেতিৰ লগত চোতালখনৰ সম্পর্ক কেনেধৰণৰ লিখা।

উত্তৰঃ খেতিৰ লগত চোতালখনৰ সম্পৰ্ক এৰাব নােৱাৰা বিধৰ। খেতিত উৎপন্ন হােৱা ধান-মাহ-সৰিয়হ আদিৰ মুঠি পথাৰৰপৰা চপাই-কোচাই অনাৰ পিছত চোতালতে মৰণা মাৰি বীজ উলিওৱা হয়। বীজবােৰ ৰ’দত শুকাওতেও চোতালতহে ৰ’দ লগাকৈ মেলি দি শুকুওৱা হয়। কৃষি-কার্যত ব্যৱহৃত নানান সামগ্রী তৈয়াৰ কৰা হয় চোতালতে।

(ছ) উৎসৱ-পাৰ্বনৰ লগত চোতালৰ সম্পর্ক বিচাৰ কৰা।

উত্তৰঃ অসমীয়া গাঁৱলীয়া সমাজত পালিত নানান উৎসৱ-পার্বন চোতালখনতে পালন কৰা হয়। জন্ম-মৃত্যু-বিবাহ সম্পর্কীয় আৰু নানান ধর্মীয় অনুষ্ঠান চোতালতে অনুষ্ঠিত কৰা হয়। কেঁচুৱা জন্ম হলে এঘাৰ দিনৰ দিনা সূর্য দেখুওৱা উৎসৱ চোতালতে সম্পন্ন কৰা হয়। সেইদৰে সৰু বিবাহৰ ক্ষেত্ৰত বিয়াৰ ‘বেই বা বেইঘৰ সজা হয় চোতালৰ দাঁতিত। বৰ বিয়াৰ সকলাে কাম-কাজো চোতালতে কৰা হয়। দৰাপক্ষৰ শ্ৰাদ্ধাদি অনুষ্ঠানৰ লগতে কন্যা সম্প্রদান, অতিথি আপ্যায়ন আদি কামবােৰ চোতালৰ বিভিন্ন অংশত কৰা হয়।

আনহাতে ঘৰৰ মানুহৰ মৃত্যুৰ পিছত মৃতকক ঘৰৰ চোতালতে বগা কাপােৰেৰে ঢাকি শুকাই ৰখাৰ নিয়ম প্রচলিত আছে। মৃতকৰ দহা-কাজ, গৰখীয়া সকাম, বার্ষিক এঘৰীয়া ভাওনা আদিও চোতালতে অনুষ্ঠিত কৰা হয়। আমাৰ জাতীয় উৎসৱ বিহুটোৰ এক অন্যতম প্রধান উপাদান হুচৰিও চোতালতে গােৱা হয়।

গতিকে দেখা যায় যে উৎসৱ-পাৰ্বনৰ লগত চোতালৰ এক অভিন্ন সম্পর্ক আছে।

২। শুদ্ধ বানানকেইটি বাছি উলিয়াই লিখা।

অনুষ্ঠান – অনুস্থান।

প্রতিস্থান – প্রতিষ্ঠান।

প্রস্থান – প্ৰষ্ঠান।

অস্থাৱৰ – অষ্ঠাবৰ।

পার্বণ – পার্বন।

আহৰণ – আৰহন।

ঋণ – ঋন।

উত্তৰঃ অনুষ্ঠান, প্রতিষ্ঠান, প্রস্থান, অস্থাৱৰ, পার্বণ, আহৰণ, ঋণ।

৩। বুজা আৰু লিখা ?

গাঁও-ত  = গাঁৱত

গাঁও-ৰ ..…………..

গাঁও-এ……………….

গাঁও-ক………………

গাঁও-লৈ………………..

উত্তৰঃ গাঁও-ত = গাঁৱত।

গাঁও- ৰ = গাঁওৰ।

গাঁও-এ = গাঁৱে।

গাঁও-ক = গাঁৱক।

গাঁও-লৈ = গাঁৱলৈ।

পাঠভিত্তিক ব্যাকৰণৰ আলােচনা

১। বিভক্তি কাক বােলে ? উদাহৰণ দিয়া।

উত্তৰঃ শব্দবােৰ বাক্যত ব্যৱহাৰ হওতে যিবােৰ চিন যােগ কৰা হয়, সেই চিনবােৰকে বিভক্তি বােলা হয়। যেনে- দেউতাক- এ কালিলৈ ৰাহুল-অক এখন কিতাপ দিব বাক্যটোৰ বিভক্তি হ’ল- এ, লৈ, -অক, -ব।

২। ক্রিয়াবিভক্তি আৰু শব্দ বিভক্তি বুলিলে কি বুজা ?

উত্তৰঃ ধাতুৰ পাছত যােগ হৈ ক্রিয়াপদ সৃষ্টি কৰা চিনবােৰক ক্রিয়া বিভক্তি বােলে।

আনহাতে শব্দৰ পাছত যােগ হােৱা চিনবােৰক শব্দ-বিভক্তি বােলা হয়।

৩। শব্দ বিভক্তি কেই প্ৰকাৰৰ আৰু কি কি ?

উত্তৰঃ শব্দ বিভক্তি সাত প্ৰকাৰৰ।

প্ৰথমা – অ, ই, এ।

দ্বিতীয়া – ক, অক।

তৃতীয়া – ৰে, দি, দ্বাৰা।

চতুৰ্থী – ক, লৈ।

পঞ্চমী – পৰা।

ষঠী – ৰ, আৰ।

সপ্তমী – ত, অত।

অতিৰিক্ত পাঠভিত্তিক প্রশ্নোত্তৰ

১। পাঠটিত উল্লেখিত ঘৰুৱা কাম-কাজত ব্যৱহৃত বিভিন্ন সামগ্রীবােৰ কি, কি ?

উত্তৰঃ পাচি, খৰাহি, চালনী, জাকৈ, ডুলি, টোম, খালৈ আদি বিভিন্ন ঘৰুৱা কাম-কাজত ব্যৱহৃত সামগ্রী।

২। ৰ’দ ঘাই আৰু জাৰৰ দিনৰ লগত চোতালৰ সম্পর্ক কি ?

উত্তৰঃ ৰ’দ ঘাই বতৰত ছাঁ ল’বৰ বাবে আৰু জাৰৰ দিনত মূৰত ৰ’দৰ আমেজ ল’বৰ বাবে চোতালতে বহা হয়।

৩। চোতালৰ লগত জড়িত পৰম্পৰাবােৰ কি কি ?

উত্তৰঃ ঘৰৰ চোতালখন পৰিষ্কাৰ কৰি ৰখাটো গ্রাম্য সমাজৰ এটা পৰম্পৰা। আনহাতে চোতালৰ একোণত তুলসীৰ পুলি ৰুই অথবা কাষতে পতা গােসাঁইঘৰত গৃহিণীহঁতে সন্ধিয়া এগছি চাকি-বন্তি জ্বলাই প্রার্থনা কৰাটোও পৰম্পৰাৰ ভিতৰত পৰে। ঘৰলৈ আলহী আহিলেও প্রথমে চোতালতে বহিবলৈ দি সােধ-পােছ কৰাৰ আন এটা পৰম্পৰা অসমীয়া সমাজৰ ঠাইভেদে প্রচলন আছে।

৪। কণমানিহঁতে চোতালত কি কি খেল-ধেমালি কৰে ?

উত্তৰঃ চোতালক কেন্দ্ৰ কৰি কণমানিতে নানা ধৰণৰ খেল-ধেমালি কৰে। এনে কিছুমান খেল-ধেমালি হ’ল- কেম, শিশু-ভাওনা, ৰজা ৰাণী, গুডু খেল, কাবাদী, খলিগুটি, চইত খেল, চেংগুটি, চোৰ-পুলিচ, লুকা-ভাকু আদি।

৫। চোতালৰ লগত কি কি চৰাইৰ সম্পর্ক আছে ?

উত্তৰঃ চোতালত শালিকা, কপৌ, ঘৰচিৰিকা আদি চৰাইয়ে আহি ভিৰ কৰে। চোতালত মেলি দিয়া বিভিন্ন খেতিৰ বীজবােৰ এইবােৰ চৰায়ে খাবলৈ আহে।

৬। ককা-আইতাহঁতে নাতিনাতিনীহঁতক চোতালতে বহিকিকি সাধুকথা শুনায় ?

উত্তৰঃ ককা-আইতাহঁতে চোতালত বহি নাতি-নাতিনীহঁতক তুল-তেজা, কমলা কুঁৱৰী, ফুলকোঁৱৰ, অপেশ্বৰী, ৰাজকুমাৰ আদিৰ বিভিন্ন সাধু কয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top