Assam Jatiya Bidyalay Class 6 Assamese Chapter 16 ভীমৰ কাণ্ড

Assam Jatiya Bidyalay Class 6 Assamese Chapter 16 ভীমৰ কাণ্ড, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় অসমীয়া Class 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 16 ভীমৰ কাণ্ড Class 6 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 6 Assamese Chapter 16 ভীমৰ কাণ্ড Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 6 Assamese Chapter 16 ভীমৰ কাণ্ড provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

ভীমৰ কাণ্ড

Chapter – 16

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১। প্রথমে কোৱা,তাৰ পিছত লিখা।

(ক) পাণ্ডু আৰু ধৃতৰাষ্ট্ৰ কাৰ নাতিয়েক আছিল ?

উত্তৰঃ পাণ্ডু আৰু ধৃতৰাষ্ট্র শান্তনু ৰজাৰ নাতিয়েক আছিল।

(খ) পাণ্ডৱসকলৰ পিতৃৰ নাম কি আছিল ?

উত্তৰঃ পাণ্ডৱলৰ পিতৃৰ নাম আছিল ৰজা পাণ্ডু।

(গ) পাণ্ডৱসকলে কি মেলা চাবলৈ গৈছিল ?

উত্তৰঃ পাণ্ডৱসকলে বৃহৎ শিৱৰ মেলা চাবলৈ গৈছিল।

(ঘ) বাৰণাৱতত গৈ পাণ্ডৱসকলে ক’ত থাকিবলৈ লৈছিল ?

উত্তৰঃ বাৰণাৱতত গৈ পাণ্ডৱসকলে কৌৰৱসকলে নির্মাণ কৰি থােৱা জতুগৃহত থাকিবলৈ লৈছিল।

(চ) পাণ্ডৱসকলে কেনেদৰে জতুগৃহৰ পৰা বাহিৰলৈ ওলাই প্ৰাণৰক্ষা কৰিছিল ?

উত্তৰঃ জতুগৃহৰ ভিতৰৰপৰা আগতেই খান্দি থােৱা সুৰঙ্গৰে বাহিৰলৈ ওলাই পাণ্ডৱসকলে নিজৰ প্ৰাণ ৰক্ষা কৰিছিল।

(ছ) পলাই গৈ পাণ্ডৱসকলে কত থাকিবলৈ লৈছিল ?

উত্তৰঃ পলাই গৈ পাণ্ডৱসকলে একচক্রা নামৰ এখন নগৰৰ এঘৰ ব্ৰাহ্মণৰ ঘৰত থাকিবলৈ লৈছিল।

(জ) একচক্রা নগৰত পাণ্ডৱসকলে কেনেদৰে জীৱন যাপন কৰিছিল ?

উত্তৰঃ একচক্রা নগৰত থাকোতে পাণ্ডৱসকলে নিজৰ পৰিচয় দিয়া নাছিল। তেওঁলােকে দুখীয়া ব্রাহ্মণৰ বেশ ধৰিহে তাত আছিল। তেওঁলােকে ভিক্ষা কৰি দিনবোেৰ নিয়াইছিল। পাঁচোজন পাণ্ডরে ভিক্ষা কৰি যি পায় তাকে মাকক দিয়েহি আৰু মাকে ৰান্ধি বাঢ়ি তেওঁলােকক খাবলৈ দিছিল।

(ঝ) ব্ৰাহ্মণৰ ঘৰত কিহৰ বাবে কন্দাকটা লাগিছিল ?

উত্তৰঃ ব্রাহ্মণৰ ঘৰৰপৰা অলপ দুৰত পৰ্বতৰ গুহাত বক নামৰ এটা অসুৰ আছিল। সি এবাৰ নগৰত সােমাই মানুহ,ঘৰচীয়া জীৱ-জন্তু আদি এফালৰপৰা খাবলৈ ধৰিলে। তেতিয়া উপায়বিহীন হৈ নগৰবাসীয়ে ঠিক কৰিলে যে প্রত্যেকদিনাই পাল পাতি এজন মানুহে গৰুৰ গাড়ীৰে এগাড়ী খাদ্যবস্তু লৈ ৰাক্ষসৰ ওচৰলৈ যাব। ৰাক্ষসে সেই খাদ্যসম্ভাৰৰ লগতে গৰুহাল আৰু খাদ্য লৈ যােৱা মানুহজনকো ভক্ষণ কৰিব। এইটো নিয়ম চলি থাকিল আৰু নগৰখনৰ মানুহবােৰেও তাকে পালন কৰিলে। ফলত নগৰখনৰ মানুহৰ সংখ্যাও ক্ৰমাৎ কমি আহিল। সিদিনা ব্রাহ্মণহঁতৰ ৰাক্ষকৰ ওচৰলৈ যােৱাৰ পাল পৰিছিল। ফলত তেওঁলােকৰ ঘৰৰ এজন সদস্য ৰাক্ষসৰ হাতত মৃত্যু হ’ব লগা হােৱাৰ বাবে কন্দা-কটা কৰিছিল।

(ঞ) অসুৰটোৰ নাম কি আছিল ?

উত্তৰঃ অসুৰটোৰ নাম আছিল বক।

(ট) নগৰবাসীয়ে অসুৰটোক প্রতিদিনে ভােজনৰ বাবে কি দিবলগীয়া হৈছিল ?

উত্তৰঃ নগৰবাসীয়ে অসুৰটোক প্রতিদিনে ভােজনৰ বাবে এগাড়ী খাদ্যবস্তুৰে সৈতে গৰু এহাল আৰু একোজনকৈ মানুহ দিৱলগীয়া হৈছিল।

(ঠ) অসুৰটোৱে কত বাস কৰিছিল ?

উত্তৰঃ অসুৰটোৱে একচক্রা নগৰৰপৰা অলপ দূৰত এক পৰ্বতৰ গুহাত বাস কৰিছিল।

(ড) বকাসুৰক কোনে, কেনেদৰে মাৰিছিল ?

উত্তৰঃ একচক্রা নগৰৰ ব্ৰাহ্মণৰ ঘৰত আশ্ৰয় লৈ থকা পঞ্চপাণ্ডৱৰ দ্বিতীয় পাণ্ডৱ ভীমে বকাসুৰক বধ কৰিছিল।

অইন দিনা যােৱাৰ দৰে খাদ্য বস্তুৰে ভর্তি গৰু গাড়ীখন চলাই ভীম অসুৰ থকা পৰ্বতৰ গুহাৰ ওচৰ পালে। ওচৰ পায়েই গাড়ীখনত থকা সকলাে খাদ্যবস্তু ভীমে অকলে খাই উঠি এটা প্রকাণ্ড উগাৰ মাৰিলে। উগাৰৰ শব্দ শুনি খঙত খাও খাও মূর্তি ধৰি বক অসুৰ গুহাৰপৰা বাহিৰলৈ ওলাই আহিল। বকাসুৰে সমুখত ভীমক দেখা পালে কিন্তু তাৰ লগে লগে গৰু-গাড়ীখনত কোনাে খাদ্যবস্তু দেখা নাপাই খঙত একো নাই হৈ ভীমৰ ফালে চেঁচা ল’লে। বকাসুৰ আহি ভীমৰ কাষ পােৱাৰ লগে লগে ভীমে দুই হাতেৰে বকাসুৰৰ দাঁত দুটাত থাপ মাৰি ধৰি দূৰলৈ দলিয়াই দিলে। তাৰ পিছত ভীম দৌৰি গৈ বকাসুৰৰ পিঠিত উঠি লৈ প্রকাণ্ড দুটামান জাপ দিলে! বকাসুৰৰ পিঠিৰ হাড়বােৰ মেৰ মেৰ কৰি ভাঙিবলৈ ধৰিলে। বকাসুৰৰ মুখৰপৰা হােলােকা হােলােকে তেজ ওলাবলৈ ধৰিলে। তেনেতে ভীমে প্রকাণ্ড পাথৰ এটা লৈ বকাসুৰৰ মূৰৰ ওপৰত জোৰেৰে কোৰ মৰাত মূৰ চেপেটা লাগি বকাসুৰ মৰি থাকিল।

২। প্রশ্ন- বাক্য ৰচনা কৰা।

চল-চক্রান্ত, চলাহী কথা, ৰান্ধি-বাঢ়ি, কন্দা-কটা, পােহপাল দিয়া।

উত্তৰঃ চল-চক্রান্ত :- নৱই বহু চল-চক্রান্ত কৰি দলৰ শীর্ষপদ ধৰিলে।

চলাহী কথা :- আমি আনৰ চলাহী কথাত সহজে ভােল গৈ যতে-ততে টকা-পইচা জমা কৰা উচিত নহয়।

ৰান্ধি-বাঢ়ি :- পঞ্চ-পাণ্ডৱে ভিক্ষা খুজি পােরা বস্তু মাকক দিয়ে আৰু মাক কুন্তী দেৱীয়ে ৰান্ধিবাঢ়ি তেওঁলােকক খাবলৈ দিয়ে।

কন্দা-কটা :- ৰাতুলহঁতৰ ঘৰত কন্দাকটা শুনি গাঁৱৰ মানুহবােৰ গােট খালে।

পােহপাল দিয়া :- পৰিয়ালটোক পােহপাল দিয়া আৰু বিপদৰপৰা উদ্ধাৰ কৰাটো গিৰীহঁতৰ কর্তব্য।

৩। বুজা আৰু লিখা।

গুণ – গুণী

দুখ-……………..

জ্ঞান -………………

অসুৰ-…………………

নির্মাণ – ………………

উপকাৰ- ………………

সুখ-…………………..

বল – ……………….

ভিক্ষা- ………………

শত্ৰু – ……………….

উত্তৰঃ গুণ – গুণী।

দুখ – দুখী।

জ্ঞান – জ্ঞানী।

অসুৰ – আসুৰিক ।

নির্মাণ – নির্মিত ।

উপকাৰ – উপকাৰী।

সুখ – সুখী।

বল – বলী।

ভিক্ষা – ভিক্ষাৰী। 

শত্রু – শত্রতা।

অতিৰিক্ত পাঠভিত্তিক প্রশ্নোত্তৰ

১। ধৃতৰাষ্ট্রৰ এশজন পুত্ৰক কি বুলি কোৱা হৈছিল ?

উত্তৰঃ ধৃতৰাষ্ট্রৰ এশজন পুত্ৰক কৌৰৱ বুলি কোৱা হৈছিল।

২। কৌৰৱসকলে পাণ্ডৱসকলৰ কিয় অপকাৰ কৰিবলৈ চেষ্টা কৰিছিল ?

উত্তৰঃ পাণ্ডৱসকলৰ ৰাজ্য অধিকাৰ কৰিবৰ উদ্দেশ্যেই কৌৰৱসকলে পাণ্ডৱসকলৰ সদায় অপকাৰ কৰিবৰ চেষ্টা কৰিছিল।

৩। ব্রাহ্মণৰ পৰিয়ালটোত কেইজন সদস্য আছিল ?

উত্তৰঃ ব্রাহ্মণৰ পৰিয়ালটোত মাক-বাপেক, বায়েক-ভায়েককে ধৰি মুঠ চাৰিজন সদস্য আছিল ।

৪। বকাসুৰৰ শৰীৰ, চকু, দাঁত আৰু চুলি দেখিবলৈ কেনেকুৱা আছিল ?

উত্তৰঃ বকাসুৰৰ শৰীৰটো বৰগছৰ নিচিনা, চকু দুটা নাৰিকলৰ নিচিনা, দাঁত কেইটা হাতীদাঁতৰ দৰে আৰু চুলিবােৰ মৰাপাটৰ ৰছীৰ নিচিনা আছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top