Assam Jatiya Bidyalay Class 5 Social Science Chapter 16 পৃথিৱীৰ পৰিৱেশ

Assam Jatiya Bidyalay Class 5 Social Science Chapter 16 পৃথিৱীৰ পৰিৱেশ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 16 পৃথিৱীৰ পৰিৱেশ Class 5 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 5 Social Science Chapter 16 পৃথিৱীৰ পৰিৱেশ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 Social Science Chapter 16 পৃথিৱীৰ পৰিৱেশ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

পৃথিৱীৰ পৰিৱেশ

Chapter – 16

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১। একোটিকৈ বাক্যত উত্তৰ লিখা।

(ক) উদ্ভিদে সালোক সংশ্লেষণৰ পিছত কি গেছ এৰি দিয়ে ?

উত্তৰঃ উদ্ভিদে সালোক সংশ্লেষণৰ পিছত অক্সিজেন গেছ এৰি দিয়ে।

(খ) বিষুৱীয় অঞ্চলত গৰম কিয় বেছি ?

উত্তৰঃ সূৰ্যৰ পোহৰ আৰু তাপ বিষুৱীয় অঞ্চলত পোনপটীয়া আৰু প্ৰখৰ বাবে ইয়াত গৰম বেছি।

(গ) বিষুৱীয় বা নিৰক্ষীয় অঞ্চল বুলিলে কোনটো অঞ্চলক বুজাই ?

উত্তৰঃ বিষুৱৰেখাৰ কাষৰীয়া অঞ্চলক বিষুৱীয় বা নিৰক্ষীয় অঞ্চল বোলা হয়।

(ঘ) দুখন বিখ্যাত মৰুভূমিৰ নাম লিখা।

উত্তৰঃ চাহাৰা আৰু থৰ পৃথিৱীৰ দুখন বিখ্যাত মৰুভূমি।

(ঙ) পৃথিৱীৰ সবাতোকৈ বিশাল মৰুভূমি খনৰ নাম কি ?

উত্তৰঃ পৃথিৱীৰ আটাইতকৈ বিশাল মৰুভূমি খনৰ নাম চাহাৰা মৰুভূমি।

(চ) মৰুদ‍্যান কি ?

উত্তৰঃ মৰুভূমিৰ যিটো ঠাইত পানী আৰু গছ গছনি পোৱা যায়, সেইবোৰক মৰুদ‍্যান বোলে।

(ছ) তুন্দ্ৰা অঞ্চলত বসবাস কৰা দুটা জনগোষ্ঠীৰ নাম লিখা।

উত্তৰঃ চামুয়দ আৰু লেপ তুন্দ্ৰা অঞ্চলত বসবাস কৰা দুটা জনগোষ্ঠী।

(জ) তুন্দ্ৰা অঞ্চলৰ লোকসকলৰ জীৱিকাৰ উপায় কি ?

উত্তৰঃ তুন্দ্ৰা অঞ্চলৰ লোকসকলে ছিল, পেংগুইন, তিমি, সিন্ধুঘোটক আৰু বগা ভালুক চিকাৰ কৰি জীৱন নিৰ্বাহ কৰে।

(ঝ) এক্সিম’সকলে সজা বৰফৰ ঘৰক কি বোলে ?

উত্তৰঃ এক্সিম’সকলে সজা বৰফৰ ঘৰক ইগলু বোলা হয়।

(ঞ) সমভূমি অঞ্চলৰ মানুহে কেনে ধৰণৰ খাদ্য গ্ৰহণ কৰে ?

উত্তৰঃ সমভূমি অঞ্চলৰ মানুহে সাধাৰণতে সহজতে উৎপাদন হোৱা খাদ্য-শস্য আহাৰ হিচাপে গ্ৰহণ কৰে।

(ট) তুন্দ্ৰা আৰু মেৰু অঞ্চলৰ মানুহে কেনেধৰণৰ খাদ্য গ্ৰহণ কৰে ?

উত্তৰঃ তুন্দ্ৰা অঞ্চল আৰু মেৰু অঞ্চলৰ মানুহে চিকাৰ কৰা ছিল, সিন্ধুঘুটক, তিমি, বগা ভালুক আৰু মেৰু ভালুকৰ মাংস খাদ্য হিচাপে গ্ৰহণ কৰে।

(ঠ) মৰুভূমি অঞ্চলৰ মানুহে কেনেধৰণৰ খাদ্য গ্ৰহণ কৰে ?

উত্তৰঃ মৰুভূমি অঞ্চলৰ মানুহে খেজুৰ, উটৰ মাংস আৰু গাখীৰ খাদ্য হিচাপে গ্ৰহণ কৰে।

(ড) জীৱৰ সৃষ্টিৰ বাবে কি কি উপাদানৰ প্ৰয়োজন ?

উত্তৰঃ জীৱন সৃষ্টিৰ বাবে বায়ু, পানী আৰু মাটি এই তিনিটা উপাদানৰ প্ৰয়োজন।

(ঢ) পৰিবেশ বুলিলে কি বুজা ?

উত্তৰঃ জীৱজগতৰ উৎপত্তি, বৃদ্ধি আৰু বিকাশত প্ৰভাৱান্বিত কৰিব পৰা জৈৱিক আৰু অজৈৱিক উপদানসমূহৰ সামগ্ৰীক ৰূপটোকে পৰিৱেশ বোলে।

(ণ) পৃথিৱী পৃষ্ঠত থকা দুটা অজৈৱিক উপাদানৰ নাম লিখা ।

উত্তৰঃ পৃথিৱীৰ পৃষ্ঠত থকা দুটা অজৈৱিক উপাদান হল মাটি আৰু খনিজ সম্পদ।

(ত) বৰ্ষাৰণ‍্য কি ?

উত্তৰঃ অতিপাত বৰষুণৰ কাৰণে বাসৱীয় অঞ্চলত সৃষ্টি হোৱা গেজেপনি মৰা অৰণ্যক বৰ্ষাৰণ‍্য বোলে।

২। চমুকৈ উত্তৰ দিয়া।

(ক) পৰিৱেশৰ উপাদানসমূহক কেইটা আৰু কি কি ভাগত ভগোৱা হৈছে ?

উত্তৰঃ পৰিৱেশৰ উপাদান সমূহক দুটা ভাগত ভগোৱা হৈছে। ভাগ দুটা হৈছে প্ৰাকৃতিক আৰু মানৱসৃষ্ট।

(খ) পৃথিৱীৰ জীৱসমূহ এটা আনটোৰ ওপৰত কিদৰে নিৰ্ভৰশীল।

উত্তৰঃ প্ৰত্যকবিধ প্ৰাণী বা উদ্ভিদ খাদ্য সংগ্ৰহৰ বাবে এটা আনটোৰ ওপৰত নিৰ্ভৰশীল। যেনে সাপে ভেকুলী খায়, ভেকুলীয়ে সৰু সৰু কীত পতংগ খায়। হৰিণ আদি তৃণভোজী প্ৰাণীয়ে ঘাঁহ-পাত খাই জীয়াই থাকে। সেই তৃণভোজী প্ৰাণীবোৰক মাংসাহাৰী জন্তুৱে খায়। এনেদৰে উদ্ভিদে অক্সিজেন গেছ এৰি দিয়ে। প্ৰাণীজগতক অক্সিজেনৰ প্ৰয়োজন। প্ৰাণীয়ে নিশাহত এৰি দিয়া কাৰ্বন ডাই অক্সাইড গেছ উদ্ভিদৰ অতি দৰকাৰী।

(গ) পৰিবেশৰ জৈৱিক আৰু অজৈৱিক উপাদানসমূহ কি কি ?

উত্তৰঃ পৰিৱেশৰ জৈৱিক উপাদানসমূহ হ’ল উদ্ভিদ আৰু প্ৰাণী।  অজৈৱিক উপদানসমূহৰ ভিতৰত আছে অৱস্থান, ভূ-প্ৰকৃতি, জলবায়ু, মাটি পানী আৰু খনিজ সম্পদ। এই আটাইকেইটা উপাদান বহলভাৱে প্ৰাকৃতিক উপাদানৰ শ্ৰেণীভুক্ত।

(ঘ) পৰিবেশভেদে মানুহৰ খাদ্য ভ্যাসৰ পাৰ্থক্য বোৰ লিখা।

উত্তৰঃ পৰিবেশভেদে মানুহৰ খাদ্যৰ অভ্যাসো বেলেগ বেলেগ। সমভূমি অঞ্চলৰ মানুহে সাধাৰণতে সহজে উৎপাদন হোৱা খাদ্য শস্য আহাৰ হিচাপে গ্ৰহণ কৰে। আনহাতে তুন্দ্ৰা আৰু মেৰু অঞ্চলৰ মানুহে চিকাৰ কৰা ছিল, সিন্ধুঘোটক, তিমি , বগা ভালুক আৰু মেৰু ভালুকৰ মাংস খায়। মৰুভূমিৰ মানুহে খেজুৰ, উটৰ মাংস আৰু গাখীৰ খাদ্য হিচাপে গ্ৰহণ কৰে।

(ঙ) পৰিবেশভেদে মানুহৰ বাসস্থান আৰু সাজ-পাৰ কেনেদৰে বেলেগ বেলেগ হয় ?

উত্তৰঃ পৰিবেশভেদে মানুহৰ বাসস্থান আৰু সাজ-পাৰৰ প্ৰত্যক্ষ সম্পৰ্ক আছে। মকৰক্ৰান্তি আৰু কৰ্কটক্ৰান্তিৰ কাষৰ মানুহবোৰৰ বাসস্থান বোৰ বাঁহ, কাঠ, খেৰ, শিল, বালি, টিন, লোহা, চিমেণ্ট ইত্যাদিৰে সুন্দৰকৈ নিৰ্মাণ কৰা হয়। আধুনিক ঘৰ বুলিলে আমি যি বুজোঁ , সেইবোৰ এই অঞ্চলতে সৰহকৈ দেখা যায়। বৰফাবৃত অঞ্চলত এক্সিম সকলে ইগলুত বাস কৰে।মৰুভূমিৰ বাসিন্দাসকলে গৰম বতাহ আৰু ধূলিৰ পৰা ৰক্ষা পাবলৈ ডাঠ বোকাৰে ঘৰ সাজে আৰু ঘৰটোৰ চৌপাশে ওখ দেৱাল সাজি লয়। তুন্দ্ৰা আৰু মেৰু অঞ্চলৰ মানুহে ছিল, সিন্ধুঘোটক, তিমি বগা ভালুক, আৰু মেৰু ভালুকৰ ছাল কাপোৰ হিচাপে ব্যৱহাৰ কৰে। সমভূমি অঞ্চলৰ মানুহে কপাহ বা অন্যান্য অহাৰ পৰা তৈয়াৰ কৰা কাপোৰ পিন্ধে। সমভূমি অঞ্চলৰ মানুহে লগত ৰজিতা খুৱাই বিভিন্ন ৰঙ আৰু শৈলীৰ পোছাক পৰিধান কৰে। মৰুভূমি অঞ্চলৰ মানুহে দিনৰ গৰম তথা বালি ধুমুহা আৰু ৰাতিৰ ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ গোটেই শৰীৰ ঢাক খুৱাই কাপোৰ পিন্ধে। পাহাৰীয়া অঞ্চলৰ মানুহে ৰংচঙীয়া পোছাক ভাল পায়।

(চ) কোনবোৰ অঞ্চল বেছি গৰমো নহয়, ঠাণ্ডাও নহয় ? তেনেবোৰ অঞ্চলৰ পৰিবেশ সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ পৃথিৱীখনে নিজৰ কক্ষতলৰ লগত ৬৬_১/২ ডিগ্ৰী কোন কৰি হালি থকা কাৰণে ২৩_১/২ ডিগ্ৰীৰ পৰা ৬৬_১/২ ডিগ্ৰী উত্তৰ আৰু দক্ষিণলৈ অৱস্থিত অঞ্চলবোৰত সূৰ্যৰ ৰশ্মি হেলনীয়াকৈ পৰে। সেইবাবে এই অঞ্চলবোৰত বেছি ঠাণ্ডাও নহয়, বেছি গৰমো নহয়। ইয়াৰ কোনো কোনো অঞ্চলত ডাঠ চিৰসেউজ অৰণ্য , আন কিছুমান ঠাইত কাঁইটীয়া জোপোহা গছ আৰু ঘাঁহজাতীয় উদ্ভিদ দেখা দিয়ে। জীৱ জন্তুৰ ক্ষেত্ৰতো এই ঠাইবোৰৰ বিচিত্রতা আছে।

(ছ) কোনবোৰ অঞ্চল বৰফাবৃত ? তেনে অঞ্চলৰ পৰিবেশ সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ ৬৬_১/২ ডিগ্ৰী অক্ষাংশৰ পৰা উত্তৰ আৰু দক্ষিণ গোলাৰ্ধত বিয়পি থকা অঞ্চলকেইটাত সূৰ্যৰ ৰশ্মি একেবাৰে হেলনীয়াকৈ পৰে। ইয়াত ছমাহ ৰাতি আৰু ছমাহ দিন হৈ থাকে। এই দুয়োটা অঞ্চল বৰফেৰে আবৃত হৈ থাকে। সেইবাবে জনবসতি অতি সেৰেঙা। মাত্ৰ এক্সিম’সকলেহে  ইগলু সাজি বাস কৰে।

(জ) মৰুভূমি কাক বোলে ? মৰুভূমি অঞ্চলৰ পৰিবেশ সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ পৃথিৱী নিজৰ কক্ষতলৰ লগত ৬৬_১/২ ডিগ্ৰী কোন কৰি হালি থকা কাৰণে ২৩_১/২ ডিগ্ৰীৰ পৰা ৬৬_১/২ ডিগ্ৰী উত্তৰ আৰু দক্ষিণলৈ থকা অঞ্চলবোৰত সূৰ্যৰ ৰশ্মি হেলনীয়াকৈ পৰে। এই অঞ্চলবিলাকৰ কিছুমান ঠাইত বৰষুণৰ পৰিমাণ একেবাৰে কম, গছ-গছনি শূন্য আৰু বালিময়। সেইবোৰ ঠাইক মৰুভূমি বোলে। অতি উষ্ণ পৰিৱেশৰ বাবে মৰুভূমি অঞ্চলত জনবসতি কম।

(ঝ) মকৰক্ৰান্তি আৰু কৰ্কটক্ৰান্তিৰ কাষৰ মানুহৰ বাসস্থান সম্পৰ্কে লিখা।

উত্তৰঃ মকৰক্ৰান্তি আৰু কৰ্কটক্ৰান্তিৰ কাষৰ মানুহবিলাকৰ বাসস্থানবোৰ বাঁহ, কাঠ, খেৰ, শিল, বালি, টিন, লোহা, চিমেণ্ট, আদিৰে সুন্দৰকৈ নিৰ্মাণ কৰা হয়। আধুনিক ঘৰ বুলিলে যি বুজোৱা হয়, তেনে ঘৰ এই অঞ্চলতে সৰহকৈ পোৱা যায়। 

(ঞ) “পৰিবেশে মানুহৰ খাদ্য অভ্যাসৰ ওপৰত প্ৰভাৱ পেলায়।” চমুকৈ লিখা।

উত্তৰঃ পৰিবেশভেদে মানুহৰ খাদ্য অভাৱ বেলেগ বেলেগ হয়। সমভূমি অঞ্চলৰ মানুহে সাধাৰণতে সহজে উৎপাদন হোৱা খাদ্য শস্য আহাৰ হিচাপে গ্ৰহণ কৰে। আনহাতে তুন্দ্ৰা আৰু মেৰু অঞ্চলৰ মানুহে চিকাৰ কৰা ছিল, সিন্ধুঘোটক, তিমি, বগা ভালুক, আৰু মেৰু ভালুকৰ মাংস খায়। মৰুভূমিৰ মানুহে খেজুৰ, উটৰ মাংস আৰু গাখীৰ খাদ্য হিচাপে গ্ৰহণ কৰে।

৩। খালী ঠাই পুৰ কৰা।

(ক) প্ৰাণীয়ে নিশাহত _______ গেছ এৰি দিয়ে।

উত্তৰঃ প্ৰাণীয়ে নিশাহত কাৰ্বন ডাই অক্সিইড গেছ এৰি দিয়ে।

(খ) পৃথিৱীখনে নিজৰ কক্ষতলৰ লগত _______ কোন কৰি হালি থাকে।

উত্তৰঃ পৃথিৱীখনে নিজৰ কক্ষতলৰ লগত  ৬৬_১°/২ কোন কৰি হালি থাকে।

(গ) উত্তৰ কানাডাত বাস কৰা লোকসকলক ________ বোলে।

উত্তৰঃ উত্তৰ কানাডাত বাস কৰা লোকসকলক এক্সিম বোলে।

(ঘ) বিষুৱৰেখাৰ কাষৰীয়া অঞ্চলক _________ বোলে।

উত্তৰঃ বিষুৱৰেখাৰ কাষৰীয়া অঞ্চলক বিষুৱীয় বা নিৰক্ষীয় অঞ্চল বোলে।

৪। চমুটোকা লিখা।

(ক) তুন্দ্ৰা অঞ্চল।

উত্তৰঃ এছিয়া মহাদেশৰ উত্তৰৰ বৰফাবৃত অঞ্চলক তুন্দ্ৰা অঞ্চল বোলে। চামুয়দ, লেপ, য়াকুট আদি জনগোষ্ঠীবোৰ এই অঞ্চলত বাস কৰে। ইয়াত উদ্ভিদ নাই। সেইবাবে ইয়াৰ বাসিন্দা সকলে চিকাৰ কৰি জীৱিকা অর্জন কৰে।

(খ) পৰিবেশৰ উপাদানসমূহ।

উত্তৰঃ পৰিবেশৰ দুই প্ৰকাৰ উপাদান আছে। এবিধ প্ৰাকৃতিক আৰু আনবিধ মানৱসৃষ্ট। প্ৰাকৃতিক উপদানক জৈৱ আৰু অজৈৱ এই দুটা ভাগত ভগোৱা হৈছে। মানৱসৃষ্ট উপাদানক আকৌ ছয়টা ভাগত ভাগ কৰিছে।

(গ) পৃথিৱীৰ ভিন ভিন অঞ্চলৰ পৰিৱেশ কিয় ভিন ভিন হয় উদাহৰণ দি বুজাই লিখা।

উত্তৰঃ পৃথিৱীখন গোলাকাৰ হোৱা কাৰণে সূৰ্যৰ পোহৰ বেলেগ বেলেগ ধৰণে পৰে। সূৰ্যৰ পোহৰ আৰু তাপ বিষুৱীয় অঞ্চলত বেছি পোনপটীয়া আৰু প্ৰখৰ বাবে সেই অঞ্চলত গৰম বেছি। বিষুৱ ৰেখাৰ উত্তৰ আৰু দক্ষিণলৈ সূৰ্যৰ ৰশ্মি হেলনীয়াকৈ পৰে। সেয়েহে তাত অৱস্থিত অঞ্চলত বেছি গৰমো নহয়, বেছি ঠাণ্ডাও নহয়। যেনে চিন, জাপান, ভাৰত আদি। উত্তৰ আৰু দক্ষিণ গোলাৰ্ধত সূৰ্যৰ ৰশ্মি অতি হেলনীয়াকৈ পৰে। সেইবাবে এই অঞ্চল দুটা বৰফেৰে আবৃত হৈ থাকে। এই অঞ্চলত মানুহৰ বসতি নাই বুলি ক’লেও হয়। যেনে – তুন্দ্ৰা আৰু মেৰু অঞ্চল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top