Assam Jatiya Bidyalay Class 5 History Chapter 1 ইতিহাস কি আৰু ইতিহাস অধ্যয়নৰ প্ৰয়োজনীয়তা

Assam Jatiya Bidyalay Class 5 History Chapter 1 ইতিহাস কি আৰু ইতিহাস অধ্যয়নৰ প্ৰয়োজনীয়তা, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন দেশৰ কথা Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 1 ইতিহাস কি আৰু ইতিহাস অধ্যয়নৰ প্ৰয়োজনীয়তা Class 5 History Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 5 Apun Dekhor Kotha Chapter 1 ইতিহাস কি আৰু ইতিহাস অধ্যয়নৰ প্ৰয়োজনীয়তা Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 History Chapter 1 ইতিহাস কি আৰু ইতিহাস অধ্যয়নৰ প্ৰয়োজনীয়তা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

ইতিহাস কি আৰু ইতিহাস অধ্যয়নৰ প্ৰয়োজনীয়তা

Chapter – 1

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১। (ক) ইতিহাস কাক বোলে ?

উত্তৰ :- যি বিষয় অধ্যয়ন কৰিলে অতীত কালৰ কথা জানিব পৰা যায় সেই বিষয়টোকে ইতিহাস বোলা হয়।

(খ) সিন্ধু নদীৰ সভ্যতা মানে কোন দেশৰ সভ্যতা বুলি বুজা যায় লিখা।

উত্তৰ :- সিন্ধু নদীৰ সভ্যতা বুলিলে আমাৰ দেশ ভাৰতবৰ্ষৰ সভ্যতাকে বুজায়। সিন্ধু নদী, সৰস্বতী নদী আৰু ঝিলাম নদীক কেন্দ্ৰ কৰি সিন্ধু উপত্যকাৰ সভ্যতা গঢ়ি উঠে।

(গ) হোৱাংহা আৰু ইয়াংচিকিয়াং নদী দুখন কোন দেশৰ নদী লিখা।

উত্তৰ :- হোৱাংহো আৰু ইয়াংচিকিয়াং নদী দুখন চীন দেশৰ নদী।

২। পৃথিৱীৰ চাৰিটা প্ৰাচীন সভ্যতাৰ নাম লিখা।

উত্তৰ :- পৃথিৱীৰ চাৰিটা প্ৰাচীন সভ্যতা হৈছে সিন্ধু নদীৰ সভ্যতা, নীল নদীৰ সভ্যতা, চুমেৰীয় সভ্যতা আৰু হোৱাংহো ইয়াংচিকিয়াং নদীৰ সভ্যতা।

৩। ইতিহাস শব্দৰ অৰ্থ কি লিখা।

উত্তৰ :- ‘ইতিহাস’ শব্দটো সংস্কৃত ভাষাৰ পৰা উৎপত্তি হৈছে। শব্দটোৰ অৰ্থ হ’ল ‘ইতি’ মানে এইবিলাক, ‘হ’ মানে নিশ্চয় আৰু ‘আস’ মানে হৈছিল বা ঘটিছিল। ইতি + হ + আস = ইতিহাস। অৰ্থাৎ যিবোৰ ঘটনা নিশ্চয়কৈ ঘটিছিল, যিবোৰ ঘটনা ঘটিছিল বুলি প্ৰমাণ পোৱা গৈছে, তেনেবোৰ ঘটনা আৰু কথা বতৰাহে ইতিহাস বিষয়ৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হয়।

৪। ইতিহাস অধ্যয়ন কৰি যুদ্ধ বিগ্ৰহৰ বিষয়ে কি কি কথা জানিব পাৰি লিখা।

উত্তৰ :- ইতিহাস অধ্যয়ন কৰি যুদ্ধ বিগ্ৰহৰ বিষয়ে বহু কথা জানিব পৰা যায়। মানুহৰ মাজত যুদ্ধ-বিগ্ৰহৰ কাৰণ কি ? কোনে, কেতিয়া কোন ৰাজ্য আক্ৰমণ কৰিছিল, তেনে আক্ৰমণৰ ফলত কাৰ কি লাভ অথবা লোকচান হৈছিল ? যুদ্ধত কেনেকুৱা অস্ত্ৰ শস্ত্ৰ ব্যৱহাৰ হৈছিল, যুদ্ধ কৰাটো ভাল হৈছিল নে বেয়া হৈছিল আদি নানা কথা ইতিহাস অধ্যয়ন কৰি জানিব পৰা যায়।

৫। মঠ-মন্দিৰ নিৰ্মাণৰ বিষয়ে ইতিহাস বিষয়টোৰ সহায়ত কি কি কথা জানিব পাৰি লিখা।

উত্তৰ :- ইতিহাস বিষয়টোৰ সহায়ত মঠ-মন্দিৰ নিৰ্মাণৰ বিষয়ে নানা কথা জানিব পাৰি। বিভিন্ন ঠাইত দেখা পোৱা মঠ-মন্দিৰবোৰ কোনে, কেতিয়া নিৰ্মাণ কৰিছিল ? সেইবোৰৰ নিৰ্মাণ কৌশল আৰু কাৰুকাৰ্য কেনেকুৱা, এইবিলাক নানা কথা ইতিহাস অধ্যয়নৰ জৰিয়তে জানিব পৰা যায়। মঠ-মন্দিৰ নিৰ্মাণৰ মূলতে হৈছে মানুহৰ ধৰ্ম বিশ্বাস। গতিকে মঠ-মন্দিৰ অথবা তেনে ধৰণৰ উপাসনা গৃহ নিৰ্মাণত কি ধৰ্ম বা আধ্যাত্মিক বিশ্বাসে প্ৰভাৱ পেলাইছিল এই বিষয়েও ইতিহাস বিষয়টোৰ সহায়ত জানিব পৰা যায়।

৬। ইতিহাস অধ্যয়ন কৰিলে শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত কি কি কথা শিকিব পাৰি লিখা।

উত্তৰ :- ইতিহাস অধ্যয়ন কৰিলে পৃথিৱীৰ বিভিন্ন দেশৰ মানুহৰ শিক্ষা-দীক্ষা, জ্ঞান-বিজ্ঞান, ভাষা সাহিত্য আদিৰ বিষয়ে জানিব পৰা যায়। কিছুমান দেশৰ মানুহে শিক্ষা-দীক্ষা, জ্ঞান-বিজ্ঞান, ভাষা-সাহিত্য সংস্কৃতি আদি সকলোবোৰ ক্ষেত্ৰতে আগবাঢ়ি যোৱাৰ বিপৰীতে কিছুমান দেশৰ মানুহে কিয় আজিও পিছ পৰি আছে, ইয়াৰ কাৰণ ইতিহাস অধ্যয়ন কৰিলেহে বুজিব পৰা যায়। এনে অধ্যয়নৰ ফলত আমি অসমীয়া আৰু ভাৰতীয় লোক হিচাবে কি কৰা উচিত তাৰ শিক্ষাও লাভ কৰিব পৰা যায়।

৭। ইতিহাস অধ্যয়ন কৰিলে মানুহৰ চিন্তা কাম কাজৰ উন্নতিৰ বিষয়ে কি কি কথা জানিব পাৰি লিখা।

উত্তৰ :- ইতিহাস অধ্যয়ন কৰি আমি প্ৰাচীন কালৰে পৰা মানুহৰ চিন্তা-চৰ্চা, কাম-কাজৰ উন্নতি কেনেকৈ হ’ল সেই বিষয়ে জ্ঞান লাভ কৰিব পাৰোঁ। পৃথিৱীৰ কোন কোন ঠাইত পোন প্ৰথমে মানুহৰ বসবাস আৰম্ভ হৈছিল, কৃষি কাৰ্যৰ আৰম্ভণি কেনেকৈ হৈছিল, মানুহে নিজৰ সুবিধাৰ বাবে বিভিন্ন সা-সঁজুলি কিদৰে আৱিস্কাৰ কৰিলে, সেইবোৰ কামত লগোৱাৰ ফলত মানুহৰ কি লাভ হ’ল ইত্যাদি কথাবোৰ জানিবলৈ হলে ইতিহাস অধ্যয়ন কৰিবই লাগিব। উদাহৰণস্বৰূপে আমি বৰ্তমান পৃথিৱীৰ প্ৰায় সকলো দেশৰ কৃষকে ব্যৱহাৰ কৰা মাটি চহোৱা ট্ৰেক্টৰ খনৰ কথাকে ক’ব পাৰোঁ। মানুহৰ উন্নত চিন্তা চৰ্চাৰ ফলতে এদিন এই ট্ৰেক্টৰৰ আৱিস্কাৰ হৈছিল। কোনে, কেতিয়া ইয়াক আৱিস্কাৰ কৰিছিল, কোন ঠাইৰ মানুহে ইয়াকে প্ৰথম ব্যৱহাৰ কৰিছিল বা ইয়াৰপৰা আজি মানুহে কেনেধৰণে উপকৃত হৈছে, এইবোৰ কথা আমি ইতিহাসৰ পৰাহে জানিব পাৰোঁ।

৮। ইতিহাস অধ্যয়নৰ সহায়ত আমি কিদৰে সুনাগৰিক হোৱাৰ শিক্ষা লাভ কৰিব পাৰোঁ লিখা।

উত্তৰ :- একোজন সু-নাগৰিক হ’বলৈ ইতিহাস বিষয়ৰ জ্ঞান অৰ্জন কৰাটো অতি প্ৰয়োজনীয় কথা। ইতিহাসে আমাক অতীত কালৰ জ্ঞান দিয়ে। আমাৰ দেশ আৰু জাতিৰ অতীতৰ শাসন ব্যৱস্থা, সামাজিক নীতি-নিয়ম, ধৰ্ম-সংস্কৃতি, ভাষা-সাহিত্য, ভৌগোলিক পৰিসৰ আদিৰ শুদ্ধ জ্ঞান লাভ কৰিলে আমাৰ মনত দেশপ্ৰেম ভাৱৰ সৃষ্টি হয়। দেশপ্ৰেমৰ ভাৱৰ সৃষ্টি হলেহে আমি দেশ আৰু জাতিৰ প্ৰতি থকা আমাৰ দায়িত্ব আৰু কৰ্তব্যৰ বিষয়ে বুজিব পাৰোঁ আৰু সেইমতে কাম কৰি নিজক একো একোজন সু-নাগৰিক কৰি গঢ়ি তুলিব পাৰোঁ।

৯। ইতিহাস অধ্যয়ন কৰি আমি কিদৰে লাভৱান হ’ব পাৰোঁ তেনে যিকোনো পাঁচটা কথা লিখা।

উত্তৰ :- ইতিহাস অধ্যয়ন কৰি আমি বহু ধৰণে লাভৱান হ’ব পাৰোঁ। তলত তাৰে পাঁচটা কথা বিশেষভাৱে উল্লেখ কৰা হ’ল।

(ক) ইতিহাস অধ্যয়ন কৰি আমি প্ৰাচীন কালৰে পৰা মানুহৰ চিন্তা-চৰ্চা, কাম কাজৰ উন্নতি কেনেকৈ হ’ল সেই বিষয়ে জ্ঞান লাভ কৰিব পাৰোঁ।

(খ) মানুহৰ সমাজ কেনেকৈ সৃষ্টি হ’ল, শাসন ব্যৱস্থা কেনেকৈ আৰম্ভ হ’ল, পৃথিৱীৰ বিভিন্ন দেশত কোনবোৰ ৰজাৰ ৰাজত্বকাল কেনেকুৱা আছিল, ৰজাৰ শাসন প্ৰজা সকলে ভাল পাইছিল নে বেয়া পাইছিল, এইবোৰ কথা আমি ইতিহাস অধ্যয়নৰ জৰিয়তে জানিব পাৰোঁ।

(গ) মানুহৰ মাজত যুদ্ধ বিগ্ৰহ লগাৰ কাৰণ, ইয়াৰ ফলাফল, কোনে, কেতিয়া কোন ৰাজ্য আক্ৰমণ কৰিছিল, যুদ্ধত কেনেকুৱা অস্ত্ৰ-শস্ত্ৰ ব্যৱহাৰ হৈছিল- এইবোৰ কথাও আমি ইতিহাসৰ পৰাহে জানিব পাৰোঁ। 

(ঘ) পৃথিৱীৰ বিভিন্ন ঠাই দেখা পোৱা মঠ-মন্দিৰ বা তেনে উপাসনাগৃহবোৰ কোনে নিৰ্মাণ কৰিছিল এইবোৰৰ নিৰ্মাণৰ সময়, নিৰ্মাণ কৌশল বা এইবোৰত খটুওৱা কাৰুকাৰ্যৰ জ্ঞান আমি ইতিহাস অধ্যয়নৰ জৰিয়তে লাভ কৰিব পাৰোঁ। 

(ঙ) ইতিহাস অধ্যয়ন কৰি নিজৰ লগতে আন ঠাইৰ মানুহৰ সাজ-পাৰ, খাদ্যাভ্যাস, নৃত্য-গীত, আচাৰ-আচৰণ, যাতায়াত আৰু পৰিৱহণ ব্যৱস্থা আদি কথাৰ জ্ঞান আহৰণ কৰিব পাৰি।

ওপৰঞ্চি প্ৰশ্নোত্তৰ

১। মহাপুৰুষ শংকৰদেৱে কি ধৰ্ম প্ৰচাৰ কৰিছিল ?

উত্তৰ :- বৈষ্ণৱ ধৰ্ম।

২। মহাপুৰুষ শংকৰদেৱে লিখা দুখন পুথিৰ নাম লিখা।

উত্তৰ :- কীৰ্ত্তনঘোষা আৰু গুণমালা।

৩। তেজপুৰত থকা প্ৰাচীন কীৰ্তিচিহ্ন এটিৰ নাম লিখা।

উত্তৰ :- দ-পৰ্বতীয়াৰ শিলত দুৱাৰ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top