Assam Jatiya Bidyalay Class 5 Assamese Chapter 6 বকুল নাৱৰীয়া

Assam Jatiya Bidyalay Class 5 Assamese Chapter 6 বকুল নাৱৰীয়া, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন পাঠ Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 6 বকুল নাৱৰীয়া Class 5 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 5 Assamese Chapter 6 বকুল নাৱৰীয়া Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 Assamese Chapter 6 বকুল নাৱৰীয়া provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

বকুল নাৱৰীয়া

Chapter – 6

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক প্ৰশ্নোত্তৰ

* তলৰ শব্দবোৰৰ অৰ্থ লিখা – 

সুহৃদ, দায়িত্ব, সম্পৰ্কীয়, টঙিঘৰ, সামৰ্থ, আতিথ্য, অভ্যস্ত, চকৰ, ৰঠা, ভৰুণ, চিৰিং, ওফন্দি, বান, উচন, সাৰথি, তৰুণ, সুৰুঙা, উদ্যম, কালান্তক, চেবাই, ধাৰাসাৰ, পকনীয়া, স্বস্তি।

উত্তৰ :- 

শব্দ                    অৰ্থ
সুহৃদআপোনজন।
দায়িত্বকৰ্তব্য-ভাৰ; ফলাফলৰ বাবে জগৰীয়া হোৱা অৱস্থা।
সম্পৰ্কীয়সম্পর্ক বিষয়ক; কুটুম্ব; মিতিৰ; আত্মীয়।
টঙিঘৰকিবা উদ্দেশ্যত মানুহ থাকিবৰ বাবে সজা ওখ চাংঘৰ।
সামৰ্থযোগ্যতা; কোনো কাম কৰিবৰ শক্তি।
আতিথ্যআলহীক ধৰা আলপৈচান।
অভ্যস্তঅভ্যাস থকা।
চকৰঘূৰণীয়া ঠাই বা বাট।
বঠানাও বাবলৈ লোৱা কাঠৰ আগ-বহল মাৰি।
ভৰুণপৰিপূৰ্ণ; পূৰ্ণ অৱস্থাপ্ৰাপ্ত।
চিৰিংহঠাৎ; গাত বেজী বা কাঁইটৰ খোঁচ খালে যেনে লাগে তেনে অনুভৱ ।
ওফন্দিফুলি উঠা।
বানবাঢ়নী পানী।
উচনধ্বংস।
সাৰথিসহায়; সঙ্গী।
তৰুণডেকা; যুৱা।
সুৰুঙাফাঁক।
উদ্যমউৎসাহ।
কালান্তকজীৱনৰ কাল শেষ কৰোঁতা; যম।
চেবাইচমকি উঠা।
ধাৰাসাৰছেদ-ভেদ নথকা; নেৰা-নেপেৰা।
পকনীয়ানৈৰ সোঁতৰ পাক; চাকনৈয়া।
স্বস্তিসন্তোষ।

পাঠভিত্তিক ক্ৰিয়া-কলাপৰ প্ৰশ্নোত্তৰ

১। প্ৰথমে কোৱা আৰু তাৰ পিছত লিখা :

(ক) বকুল নাৱৰীয়া ক’ত বাস কৰিছিল ?

উত্তৰ :- দিহিং নৈৰ পাৰত কদমণি গাঁৱত এটা টঙীঘৰ সাজি বকুল নাৱৰীয়া বাস কৰিছিল।

(খ) বকুলে গাঁওবাসীক কিদৰে সহায় কৰে ?

উত্তৰ :- দিহিং নদীৰ দুয়োপাৰৰ দুখন গাঁৱৰ মানুহক বকুল নাৱৰীয়াই নিজৰ ওকনেৰে ইপাৰ-সিপাৰ কৰে। বাৰিষা-খৰালি সকলো দিনতে বকুলে নাও চলায়। চানকি কাৰোবাৰ আপদ-বিপদ হ’লে ৰাতি বিয়লিও বকুলে নাৱেৰে ইপাৰ-সিপাৰ কৰি সহায় কৰে।

(গ) বকুলৰ নাওখন কিহেৰে সজা ?

উত্তৰ :- বকুলৰ নাওখন উৰিয়াম গছৰ কাঠেৰে সজা।

(ঘ) ‘লগী’ ‍মানে কি ?

উত্তৰ :- পানীও নাও বাওতে ব্যৱহাৰ কৰা লাহি দীঘল বাঁহডালকে ‘লগী’ বুলি কোৱা হয়। সাধাৰণতে খৰালি নদী বাম হয় আৰু বালিও নাও লাগি ধৰিলে এই লগীডালেৰে ঠেলিব লগা হয়।

(ঙ) কাৰ মাতত বকুল চক খাই উঠিছিল ?

উত্তৰ :- যদু মাষ্টৰৰ মাতত বকুল চক খাই উঠিছিল।

(চ) বাৰিষাৰ ভৰা নৈত বকুলে কিয় জাপ মাৰিছিল আৰু তাৰ পিছত কি হৈছিল ?

উত্তৰ :- কেইবাদিনো একেৰাহে নেৰানেপেৰাকৈ দিয়া বৰষুণৰ দিহিং নৈখন দুকুল উপচি পৰিছিল। যদু মাষ্টৰ আৰু বকুল নাৱৰীয়াই আগন্তুক বানপানীৰ কথা আলোচনা কৰি থাকোতে হঠাতে নাওখনৰ নদীৰ পাৰত বান্ধি থোৱা ৰছীডাল ছিঙি গ’ল। বকুলে তলকিব নোৱাৰাকৈ নাওখন নদীৰ সোঁতত পৰি ভালেখিনি দূৰ পালেগৈ। জীৱিকাৰ একমাত্র সাৰথি নাওখন এনেকৈ নদীৰ সোঁতত পৰা দেখি বকুলে নৈত জাপ দিলে। বকুলে প্ৰৱল বেগেৰে সাঁতুৰিব ধৰিলে। মাজতে এবাৰ নৈৰ পকনীয়াত তেওঁ সোমাইছিল। যদু মাষ্টৰে তাকে দেখি ভয়তে চিঞৰি উঠিছিল। পিছত যেনিবা পকনীয়াৰ স’তে যুঁজ-বাগৰ কৰি অৱশেষত বকুলে তেওঁৰ মৰমৰ নাওখন উদ্ধাৰ কৰিলে।

২। কোনে, কাক, কিয় কৈছিল :

(ক) ‘নহয়, মানে দদাই, এই দিহিংখনৰ কথাকে ভাবি আছোঁ।’

উত্তৰ :- ওপৰোক্ত কথাষাৰ বকুল নাৱৰীয়াই কদমণি গাঁৱৰ যদু মাষ্টৰক কৈছিল। 

বকুলে নৈৰ পাৰৰ সৰু টঙি ঘৰটোত বহি বাৰিষা উপচি পৰা দিহিং নৈখনৰ ফালে চাই মনতে কিবা-কিবি ভাবি আছিল। সেইবাৰ দিহিঙত কালান্তক ৰূপ দেখি আৰু গাঁৱত হ’ব পৰা আগন্তুক ভয়াবহ বানপানীৰ কথা চিন্তা কৰি থাকোতে যদু মাষ্টৰে পিছফালৰ পৰা মাত দিয়াত বকুলে এনেদৰে কৈছিল।

(খ) ‘হয়হে বকুল, তই ঠিকেই ভাবিছ।’

উত্তৰ :- ওপৰোক্ত কথাষাৰ যদু মাষ্টৰে বকুল নাৱৰীয়াক কৈছিল।

বতৰৰ ভয়াবহ ৰূপ দেখি চিন্তিত হৈ পৰা যদু মাষ্টৰেও বকুলৰ ভাৱনাখিনিক সমৰ্থন জনাই তেনেদৰে কৈছিল।

৩। বাক্য সাঁজা :

ইপাৰ-সিপাৰ, কেও-কিছু, ইপদ-সিপদ, বয়-বস্তু,   আতিথ্য, তেজ-মঙহৰ আপোন, অভ্যস্ত, আপোন-পাহৰা, কালান্তক।

উত্তৰ :- (i)  ইপাৰ-সিপাৰ :- কদমণি গাঁৱৰ মানুহখিনিক ইপাৰ-সিপাৰ কৰা দায়িত্বটো বকুলে বৰ আন্তৰিকতাৰে কৰে।

(ii) কেও-কিছু :- ৰমলা পেহীৰ কেও-কিছু নাই বাবে তেওঁৰ বাবে গাঁৱৰ মানুহখিনিয়েই নিচেই আপোন।

(iii) ইপদ-সিপদ :- গাঁওবাসীৰ পৰাই বকুলে ইপদ-সিপদ বস্তু পায়, একো কিনিবকে নালাগে।

(iv) বয়-বস্তু :- আজিকালি বয়-বস্তুৰ যিহে চৰা দাম কম উপাৰ্জনৰ লোকসকল চলাই টান হৈছে।

(v) আতিথ্য :- ঘৰলৈ আলহী আহিলে সামৰ্থ অনুযায়ী আতিথ্য আগবঢ়াব লাগে।

(vi) তেজ-মহঙৰ আপোন :- বিপদৰ সময়ত তেজ-মঙহৰ আপোন নহ’লেও সৎ লোকক আনে সহায় আগবঢ়ায়।

(vii) অভ্যস্ত :- দিহিংপৰীয়া পৰিবেশটোৰ স’তে বকুল অভ্যস্ত হৈ পৰিছে।

(viii) আপোন-পাহৰা :- সূৰ্যাস্তৰ ৰঙা বেলিটো দেখি তশ্ময়ে আপোন-পাহৰা হৈছিল।

(ix) কালান্তক :- খৰালি শুকাই যোৱা নৈবোৰে ভৰ বাৰিষা কালান্তক ৰূপ ধাৰণ কৰে।

৪। বুজা আৰু লিখা :

গাওঁ + ৰ = _______________

মানুহ + এ = _______________

নদী + ৰ = _______________

দিহিং + এ = _______________

নাও + এৰে = _______________

দিহিং + অফ = _______________

সিপাৰ + অলৈ = _______________

সোতঁ + অত = _______________

পাৰ + অৰ + পৰা =_______________

উত্তৰ :- গাওঁ + ৰ = গাঁৱৰ

মানুহ + এ = মানুহে

নদী + ৰ = নদীৰ 

দিহিং + এ = দিহিঙে

নাও + এৰে = নাৱেৰে

দিহিং + অক = দিহিঙক

সিপাৰ + অলৈ = সিপাৰলৈ

সোঁত + অত = সোঁতত

পাৰ + অৰ + পৰা = পাৰৰপৰা

পাঠভিত্তিক ব্যাকৰণৰ আলোচনা

১। বিভক্তি কাক বোলে ? ই কেইপ্ৰকাৰৰ আৰু কি কি ? উদাহৰণসহ বুজাই লিখা।

উত্তৰ :- শব্দৰ পিছত যিবোৰ চিহ্ন যোগ হৈ শব্দ এটা পদলৈ ৰূপান্তৰিত কৰিব পাৰে সেইবোৰকে বিভক্তি বোলে। দুটা শব্দ বা শব্দবোৰৰ লগত ক্ৰিয়াপদৰ সংযোগ ঘটাবলৈ বিভক্তি যোগ দিয়া হয়।

বিভক্তি দুই প্ৰকাৰৰ –

১। ক্ৰিয়া বিভক্তি।আৰু 

২। শব্দ বিভক্তি।

১। ক্ৰিয়া বিভক্তি :- যিবোৰ বিভক্তিয়ে ধাতুৰপৰা ক্রিয়া পদৰ সৃষ্টি কৰে তেনেবোৰ বিভক্তিকে ক্ৰিয়া বিভক্তি বোলে। যেনে :- খাইছে = খা (ধাতু) + ইছ (প্ৰত্যয়) + এ (ক্ৰিয়া বিভক্তি)।

২। শব্দ বিভক্তি :- ধাতু শব্দৰ বাহিৰে আন শব্দ বা প্ৰাতিপাদিকৰ পাছত যিবোৰ বিভক্তি যোগ হৈ পদৰ সৃষ্টি কৰে সেইবোৰকে শব্দ বিভক্তি বোলে। যেনে :- হৰেনে যোৰহাটৰ পৰা মাকলৈ সুমনৰ হাতত চিঠি এখন পঠিয়াইছে। এই  বাক্যটোত থকা পদবোৰ ভাঙিলে তলত দিয়া ধৰণৰ হ’ব :

হৰেনে = হৰেন + এ

যোৰহাটৰপৰা = যোৰহাট + অৰ + পৰা

মাকলৈ = মা + ক + অলৈ

সুমনৰ = সুমন + অৰ

হাতত = হাত + অত

ইয়াত – এ, -অৰ-পৰা, -অক, -অলৈ, -অৰ, -অত এইবোৰ শব্দ বিভক্তি।

২। পদ কাক বোলে ? ই কেইবিধ আৰু কি কি ?

উত্তৰ :- শব্দৰ পিছত বিভক্তি যোগ হোৱাৰ ফলত শব্দ এটাৰ যিটো ৰূপ পোৱা যায় তাক পদ বোলে। যেনে :- গাওঁ+ৰ = গাৱঁৰ।

পদ পাঁচবিধ – বিশেষ্য, বিশেষণ, সৰ্বনাম, ক্ৰিয়া আৰু অব্যয়।

৩। ধাতু কাক বোলে ? উদাহৰণসহ বুজাই লিখা।

উত্তৰ :- ক্ৰিয়া পদবোৰৰ যিটো মূল, যাক আৰু সৰুকৈ ভাঙিব নোৱাৰি তাকে ধাতু বোলে। অৰ্থাৎ ক্ৰিয়াৰ মূলকেই ধাতু বুলি কোৱা হয়।

যেনে :- খা + ওঁ = খাও

          পঢ়্ + ইব্ + ই = পঢ়িব

          কৰ্ + ইল্ + ই = কৰিল

          কৰ্ + ইছ্ + এ = কৰিছে

ইয়াৰ খা, পঢ়, কৰ্  আদি ধাতু।

অতিৰিক্ত পাঠভিত্তিক প্ৰশ্নোত্তৰ

১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া :

(ক) বকুলহঁতৰ গাওঁখনৰ নাম কি ?

উত্তৰ :- কদমণি গাঁও।

(খ) কি নৈৰ পাৰত কদমণি গাঁও অৱস্থিত ?

উত্তৰ :- দিহিং নৈৰ পাৰত।

(গ) বকুলৰ সুহৃদ কোন ?

উত্তৰ :- দিহিং নৈৰ দুয়োপাৰৰ গাঁৱৰ মানুহখিনি বকুলৰ সুহৃদ।

(ঘ) ‘তেওঁ যিদৰে গাওঁবাসীৰ আপোন, তাৰো আপোন গাওঁবাসী’ – বুজাই লিখা।

উত্তৰ :- ওপৰোক্ত কথাষাৰ বকুল নাৱৰীয়া আৰু কদমণি গাঁওবাসীৰ মাজত থকা সম্পর্কৰ প্ৰসঙ্গত কোৱা হৈছে। বকুলে দিহিং নৈৰ দুয়োপাৰৰ গাঁওবাসীক তেওঁৰ নাওখনেৰে ইপাৰ-সিপাৰ কৰে। কাৰোবাৰ আপদ-বিপদ হ’লে ৰাতি-বিয়লিও তেওঁ এই ইপাৰ- সিপাৰ কৰাত সহায় কৰে। গাঁওবাসীৰ সুবিধাৰ্থে তেঁও নৈৰ পাৰতে টঙীঘৰ সাজি বাস কৰে। বকুলে তেওঁৰ দায়িত্ববোৰ বৰ আন্তৰিকতাৰে পালন কৰে।

ঠিক সেইদৰে স্থানীয় লোকসকলেও বকুলক বৰ মৰম কৰে। কোনোৱে চাউল কেইটামান, কোনোৱে তেলকণ, নিমখখিনি, শাক-পাচলি দুটামান দি তেওঁৰ প্ৰয়োজন পূৰণ কৰে। বকুলৰ অসুখ-বিসুখ হ’লেও মানুহে আহি যথেষ্ট আদৰ-যত্ন লয়। তেজ-মঙহৰ সম্পর্ক নাথাকিলেও বকুল যিদৰে গাঁওবাসীৰ আপোন, বকুলৰো আপোন গাঁওবাসী।

(ঙ) বকুল মাজে মাজে কিয় আপোন-পাহৰা হয় ?

উত্তৰ :- দিহিংপৰীয়া পৰিবেশৰ সৈতে অভ্যস্ত বকুলে নৈ-পৰীয়া চেঁচা বতাহজাকৰ পৰশত মাজে মাজে আপোন-পহৰা হয়।

(চ) নৈৰ পাৰত থাকি বকুলে কেনে অনুভৱ কৰে ?

উত্তৰ :- নৈৰ পাৰত থাকি বকুলে বৰ সুখ অনুভৱ কৰে।

(ছ) ‘নাওখনৰ স’তে তেওঁ মাজে মাজে সপোনতো কথা পাতে’- কোনে, কিয় সপোনতো কথা পাতে বুজাই লিখা।

উত্তৰ :- বকুলে তেওঁৰ জীৱিকাৰ একমাত্ৰ সম্বল নাওঁখন বছৰ বছৰ ধৰি কোনো মেৰামতি নকৰাকৈ চলাই থাকিব পাৰিছে। তেওঁ নাওঁখনক বৰ মৰম কৰে। নাওঁখনৰ স’তে তেওঁ মাজে মাজে সপোনতো কথা পাতে।

(জ) ‍বকুলৰ নাওখনত কি কি বস্তু আছে ?

উত্তৰ :- বকুলৰ নাওখনত দুপাত বঠা, পানী সিঁচিবলৈ টিনৰ এটা পাত্ৰ আৰু এডাল লগী আছে।

(ঝ) বকুলে দিহিং নৈখনক কেনে জ্ঞান কৰে ?

উত্তৰ :- বকুলে দিহিং নৈখনক মাতৃ জ্ঞান কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top