Assam Jatiya Bidyalay Class 5 Assamese Chapter 19 নিয়ৰ

Assam Jatiya Bidyalay Class 5 Assamese Chapter 19 নিয়ৰ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন পাঠ Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 19 নিয়ৰ Class 5 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 5 Assamese Chapter 19 নিয়ৰ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 Assamese Chapter 19 নিয়ৰ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

নিয়ৰ

Chapter – 19

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক প্ৰশ্নোত্তৰ

* তলৰ শব্দবোৰৰ অৰ্থ লিখা :

মুকুতা, পাহি, ফটিক, নিচুক, হেঙলি, শোভে।

উত্তৰ :- 

শব্দ   অৰ্থ
মুকুতাশামুকৰ পেটত হোৱা ৰত্ন।
পাহি ফুলৰ সৰু পাপৰি।
ফটিকস্বচ্ছ; পৰিস্কাৰ।
নিচুককান্দিবলৈ এৰ; কান্দিবলৈ এৰি শান্ত হ।
হেঙুলিৰঙচুৱা।
শোভেশোভাযুক্ত হয়।

পাঠভিত্তিক ক্ৰিয়া-কলাপৰ প্ৰশ্নোত্তৰ

১। প্ৰথমে কোৱা, তাৰ পিছত লিখা :

(ক) মুকুতা মণিটি ক’ত জিলিকে ?

উত্তৰ :- মুকুতা মণিটি ফুলৰ পাহিত জিলিকে।

(খ) নিয়ৰে হিয়াত কি সাঁচি থৈছে বুলি কবিয়ে কৈছে ?

উত্তৰ :- নিজম আকাশত নিচুক কথাটি নিয়ৰে হিয়াত সাঁচি থৈছে বুলি কবিয়ে কৈছে।

(গ) কিহৰ কলিৰে ফুলজুপিৰ শোভা বাঢ়ে ?

উত্তৰ :- নিয়ৰ কলিৰে ফুলজুপিৰ শোভা বাঢ়ে।

(ঘ) ‘নিয়ৰ’ৰ দৰে প্ৰকৃতিৰ আন কিছুমান বস্তুৰ নাম উল্লেখ কৰা।

উত্তৰ :- ‘নিয়ৰ’ৰ দৰে প্ৰকৃতিৰ আন কিছুমান বস্তু হ’ল – বৰষুণ, কুঁৱলী।

২। ক-অংশৰ লগত খ-অংশ মিলোৱা :

ক-অংশ  খ-অংশ
টোপনিপুষ্প
পানীনৃত্য
ফুলদিবাকৰ
কথানিদ্ৰা
নাচবচন
বেলিজল

উত্তৰ :- 

ক-অংশ    খ-অংশ
টোপনিনিদ্ৰা
পানীজল
ফুলপুষ্প
কথাবচন
নাচনৃত্য
বেলিদিবাকৰ 

৩। বাক্য ৰচনা কৰা :

নিজম, মুকুতা, কঁহুৱা, সৰিয়হ, খাগৰি, ইকৰা।

উত্তৰ :- (i)  নিজম :- পূজাখন শেষ হোৱাৰ লগে লগে ঠাইখন নিজম পৰিল।

(ii) মুকুতা :- সাগৰৰ তলিত বহুতো মণি-মুকুতা থাকে।

(iii) কঁহুৱা :- নৈৰ পাৰত বতাহত হালি-জালি থকা কঁহুৱা ভৰাই আমাৰ মন-প্ৰাণ পুলকিত কৰে।

(iv) সৰিয়হ :- বস্তুৰ উৰ্ধমুখী মূল্যবৃদ্ধিয়ে ৰাইজক চকুৰে সৰিয়হ ফুল দেখাইছে।

(v) খাগৰি :- নৈৰ পাৰত নল-খাগৰি পোৱা যায়।

(vi) ইকৰা :- ইকৰা হাতেৰে ভাঙিবলৈ সহজ।

(৪) চমুটোকা লিখা :

চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা।

উত্তৰ :- (i) চন্দ্ৰকুমাৰ আগৰৱালা :- চন্দ্ৰকুমাৰ আগৰৱালা অসমীয়া সাহিত্যত গীতি-কবিতাৰ প্ৰৱৰ্তক বিশিষ্ট ৰোমান্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম হৈছিল ১৮৬৭ চনৰ ২৮ অক্টোবৰত তেজপুৰত। তেখেতৰ পিতৃ বিশিষ্ট ব্যৱসায়ী হৰিবিলাস আগৰৱালা। চন্দ্ৰকুমাৰে তেজপুৰত স্কুলীয়া শিক্ষা আৰু কলিকতাত কলেজীয়া শিক্ষা গ্ৰহণ কৰে। কলিকতাত থকা কালতে চন্দ্ৰকুমাৰৰ নিবিড় ঘনিষ্ঠতা হয়। লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীৰ লগত। তেওঁলোকৰ সহযোগত ১৮৮৯ খ্ৰীষ্টাব্দত চন্দ্ৰকুমাৰে কলিকতাৰ পৰা ‘জোনাকী’ আলোচনী প্ৰকাশ কৰে। ১৯১৮ চনত ডিব্ৰুগড়ৰপৰা তেওঁ সাদিনীয়া বাতৰি কাকত ‘অসমীয়া’ প্ৰকাশ কৰে। এই কাকতেই পাছলৈ তিনিদিনীয়া আৰু শেষত ‘দৈনিক অসমীয়া’ কাকতলৈ ৰূপান্তৰিত হয়। চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ প্ৰকাশিত কবিতাপুথিসমূহ হ’ল – প্ৰতিমা (১৯১৩), বৰাগী (১৯২৩) আৰু চন্দামৃত (১৯৬৭)। তেওঁৰ কবিতাপুথিসমূহত সৌন্দৰ্য সন্ধান, মানৱ-প্ৰীতি, বৈদান্তিক প্ৰভাৱ বা অদ্বৈতদৃষ্টি, বৈষম্যপূৰ্ণ পুৰণি পৃথিৱীক ধ্বংস কৰি নায্যভাৱৰ ওপৰত প্ৰতিষ্ঠিত নতুন সমাজৰ আহ্বান আৰু সবল আশাবাদ পৰিফুট হৈছে। ১৯৩৮ চনৰ ২ আগষ্টত চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ মৃত্যু হয়। অসমীয়া কাব্য-সাহিত্যত আগৰৱালাদেৱক ‘প্ৰতিমাৰ খনিকৰ’ আখ্যা দিয়া হৈছে।

(ii) হেমচন্দ্ৰ গোস্বামী :- ১৮৭২ চনত গোলাঘাটৰ ঢেকিয়ালত জন্ম গ্ৰহণ কৰা হেমচন্দ্ৰ গোস্বামী অসমৰ এগৰাকী বিশিষ্ট কবি, সাহিত্যিক, বুৰঞ্জীবিদ। তেখেতৰ পিতৃৰ নাম ডম্বৰুধৰ গোস্বামী আৰু মাতৃৰ নাম ঘনকান্তী গোস্বামী। ১৮৮৮ চনত শিৱসাগৰৰ পৰা প্ৰৱেশিকা পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ উচ্চশিক্ষা লাভ কৰিবলৈ কলিকতালৈ যায়। ইয়াৰ পাছত গুৱাহাটীৰ সোণাৰাম হাইস্কুলত শিক্ষকতাৰে কৰ্ম জীৱন আৰম্ভ কৰি ১৮৯৭ চনত এছ ডি চি পদবীত যোগদান কৰে। কর্মসূত্ৰে অসমৰ বিভিন্ন  ঠাইত কাৰ্যনিৰ্বাহ কৰি ই এ চি হিচাপে ১৯২৬ চনত অৱসৰ গ্ৰহণ কৰে। স্কুলীয়া জীৱনৰে পৰা গোস্বামীদেৱ ‘জোনাকী’ আলোচনীৰ লগত ঘনিষ্ঠভাৱে জড়িত আছিল। তেওঁ কিছুকাল জোনাকীৰ সম্পাদনাও কৰিছিল। ১৯১৬ চনত শিশু আলোচনী ‘অকণ’ৰ সম্পাদক হয়। ১৯২০ চনত অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত হয়। কামৰূপ অনুসন্ধান সমিতিৰ লগতো তেওঁ জড়িত আছিল। তেওঁৰ প্ৰকাশিত পুথিসমূহৰ ভিতৰত ‘A descriptive Catalogue of Assamese Manuscripts’, ‘পুৰণি অসম বুৰঞ্জী’, ‘অসমীয়া সাহিত্যৰ চানেকী’ আদি অন্যতম। ‘জোনাকী’ত প্ৰকাশিত তেওঁৰ ‘প্রিয়তমাৰ চিঠি’ নামৰ কবিতাটোৱেই প্ৰথম অসমীয়া চনেট (চৈধ্য শাৰীৰ কবিতা)। 

(iii) লক্ষ্মীনাথ বেজবৰুৱা :- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পিছতে যিকেইজন অসমীয়াই অসমীয়া জাতিৰ গুৰি ধৰিছিল তেওঁলোকৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱা অন্যতম। ১৮৬৪ চনত লক্ষ্মী পূৰ্ণিমাৰ দিনা মৰিগাঁও জিলাৰ আঁহতগুৰিত ব্ৰহ্মপুত্ৰ নদীৰ নাৱৰ ওপৰত লক্ষ্মীনাথৰ জন্ম হয়। তেখেতৰ পিতৃৰ নাম দিননাথ বেজবৰুৱা আৰু মাতৃৰ নাম থানেশ্বৰী বেজবৰুৱা। তেজপুৰ, লক্ষীমপুৰ, গুৱাহাটী, শিৱসাগৰ আদি ঠাইত শিক্ষা লাভ কৰি ১৮৮৬ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। পাছত কলিকতাৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে।

অসমীয়া ভাষা-সাহিত্যৰ আটাইকেইটা দিশতে অৰ্থাৎ চুলিগল্প, ৰস-ৰচনা, উপন্যাস, নাটক, কবিতা, গীত আদিত উল্লেখনীয় অৱদান আগবঢ়োৱা বেজবৰুৱাদেৱক ‘সাহিত্যৰথী’ আখ্যা দিয়া হৈছে। বেজবৰুৱাদেৱ ‘অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা’ৰ অন্যতম জন্মদাতা। তেওঁ কিছুমান ‘জোনাকী’ আলোচনীখন সম্পাদনা কৰে। ১৯০৯ চনত ‘বাঁহী’ আলোচনীৰ প্ৰকাশ আৰু সম্পাদনা কৰে। ১৯২৪ চনত অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত হয়। বেজবৰুৱাদেৱৰ প্ৰকাশিত পুথিসমূহ হ’ল- ‘চিকৰপতি নিকৰপতি’, ‘কদমকলি’, ‘পদুম কুঁৱৰী’, ‘সাধুকথাৰ কুকি’, ‘বুঢ়ী আইৰ সাধু’, ‘জোনবিৰি’, ‘লিতিকাই’, ‘কেহোঁকলি’, ‘বেলিমাৰ’, ‘জয়মতী কুঁৱৰী’, ‘শ্ৰী শ্ৰী শংকৰদেৱ’, ‘তত্ত্ব কথা’, ‘The Religion of love and devotion’, ‘মোৰ জীৱন সোঁৱৰণ’, ‘কৃপাবৰ বৰুৱাৰ ওভতনি’, ‘কৃপাবৰ বৰুৱাৰ ভাবৰ বুৰবুৰণি’, ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’ আদি। ‘কৃপাবৰ বৰুৱা’ ছদ্ম নামেৰে লিখা ব্যঙ্গাত্মক লিখনিসমূহৰ বাবে তেখেতক ‘ৰসৰাজ’ উপাধিৰে বিভূষিত কৰা হৈছে। অসমীয়া সাহিত্যৰ মুকুটবিহীন সম্ৰাট লক্ষ্মীনাথ বেজবৰুৱাৰ ১৯৩৮ চনত মৃত্যু হয়।

(৫) ‘নিয়ৰ’ কবিতাটোৰ দৰে অইন কিছুমান কবিতা সংগ্ৰহ কৰা।

উত্তৰ :- ছাত্ৰ-ছাত্ৰীসকলে অভিভাৱক তথা শ্ৰেণী শিক্ষকৰ সহায়ত তেনে কবিতাবোৰ সংগ্ৰহ কৰিব।

(৬) গদ্য ৰূপত লিখা :

ভাল পাওঁ আকাশৰ                মেঘৰ ধেমালি

             বেলিৰ লগত থাকে লুকাই ভাকু খেলি

ভাল পাওঁ পথাৰৰ                  ৰং সেউজীয়া 

             ধাননি কঁপাই বোৱা বতাহ বলিয়া।

উত্তৰ :- আকাশৰ মেঘৰ ধেমালিবোৰ চাই আমি ভাল পাওঁ। কিয়নো কেতিয়াবা কেতিয়াবা মেঘৰ আঁৰ লৈ বেলিটি লুকাই থাকে আৰু মাজে মাজে ওলায়। বেলিটি লুকাই থকা সময়ছোৱাত বতৰটো ডাৱৰীয়া হৈ থাকে আৰু ওলাই আহিলে ৰ’দ দিয়ে। সেইদৰে আমি সেউজীয়া ধাননিৰে ভৰি থকা পথাৰখনলৈ চাইও ভাল পাওঁ। ধাননি কঁপাই বোৱা বতাহজাকে যেন ধানবোৰৰ ওপৰেৰে ঢৌ খেলিহে যায়। চাই থাকিলে তেনে ভাৱ মনলৈ আহে।

(৭) কবিতাটো সম্পূৰ্ণকৈ মুখস্থ কৰি আবৃত্তি কৰা।

উত্তৰ :- ছাত্ৰ-ছাত্ৰীসকলে নিজে নিজে চেষ্টা কৰিব।

অতিৰিক্ত পাঠভিত্তিক প্ৰশ্নোত্তৰঃ 

(১) কবিয়ে নিয়ৰক আকাশৰ কি বস্তুৰ লগত তুলনা কৰিছে ?

উত্তৰ :- কবিয়ে নিয়ৰক ‘সৰগত টোপনি যোৱা আকাশৰ তৰা’ এটিৰ লগত তুলনা কৰিছে।

(২) ‘আকাশৰ তৰা’ৰ উপৰিও নিয়ৰক আৰু কি বস্তুৰ তুলনা কৰা হৈছে ?

উত্তৰ :- ফুলনিত কোনোবাই নাচোতে ছিঙি ৰৈ যোৱা মণি আৰু পুৱাৰ হেঙুলি বেলিটিলৈ চাই কোনোবাই টুকা এটুপি চকুৰ পানীৰ লগত নিয়ৰক কবিয়ে তুলনা কৰিছে।

(৩) কোনে ফুলৰ পাহি জোকাৰি দিলে ?

উত্তৰ :- বায়ুৱে।

(৪) ‘নিয়ৰ’ কবিতাটোৰ কবি কোন ? এটি চমু পৰিচয় দিয়া।

উত্তৰ :- ‘নিয়ৰ’ কবিতাটোৰ কবি হ’ল চন্দ্ৰকুমাৰ আগৰৱালা। (কবিৰ পৰিচয়ৰ বাবে পাঠভিত্তিক প্ৰশ্নোত্তৰৰ ৪নং প্ৰশ্নোত্তৰৰ চমুটোকা চোৱা)।

Leave a Reply

error: Content is protected !!
Scroll to Top
Scroll to Top
adplus-dvertising