Assam Jatiya Bidyalay Class 4 Social Science Chapter 5 আকাশৰ কথা

Assam Jatiya Bidyalay Class 4 Social Science Chapter 5 আকাশৰ কথা, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 4 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 5 আকাশৰ কথা Class 5 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class IV Social Science Chapter 5 আকাশৰ কথা Notes cover all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 4 Social Science Chapter 5 আকাশৰ কথা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

আকাশৰ কথা

Chapter – 5

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

1. আকাশ বুলিলে কি বুজা ?

উত্তৰঃ আমাৰ ওপৰলৈ চালে যি দেখো,য’ত এক সীমাহীন শূন্যতাই বাস কৰে, তাকে আকাশ বোলে । এই আকাশতেই জোন, বেলি, তৰা আদি সকলোবোৰ ওপঙি থাকে।

2. সৌৰজগতৰ গ্ৰহ কেইটা আৰু কি কি ?

উত্তৰঃ সৌৰজগতৰ গ্ৰহ আঠটা। সেইবোৰ হ’ল― বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাচ আৰু নেপচুন।

3. সৌৰজগত বুলিলে কি বুজা ?

উত্তৰঃ সূৰ্য্য আৰু ইয়াৰ আঠটা গ্ৰহ আৰু ইহঁতৰ উপগ্ৰহবোৰৰ পৰিয়ালটোক একেলগে সৌৰজগত বোলে।

4. গ্ৰহ কাক বোলে ?

উত্তৰঃ যিবোৰ জ্যোতিষ্কৰ নিজা তাপ আৰু পোহৰ নাথাকে, তেনে বোৰ জ্যোতিষ্কক গ্ৰহ বোলে।

5. উপগ্ৰহ কাক বোলে ?

উত্তৰঃ গ্ৰহতকৈ সৰু, যিবোৰ জ্যোতিষ্কৰ নিজা তাপ আৰু পোহৰ নাই, তেনে বোৰ জ্যোতিষ্কক উপগ্ৰহ বোলে।

6. নক্ষত্ৰমণ্ডল বুলিলে কি বুজা ?

উত্তৰঃ আকাশৰ কোনো কোনো অংশত কিছুমান তৰা থুপ বান্ধি থকা দেখা যায়। এনেকুৱা তৰাৰ থুপক নক্ষত্ৰমণ্ডল বোলে।

7. উল্কা বুলিলে কি বুজা ?

উত্তৰঃ সৌৰজগতৰ পৰা কেতিয়াবা একোটা উজ্জ্বল বস্তু তীব্ৰ গতিৰে পৃথিৱীলৈ নামি আহে। হঠাতে আকৌ নাইকিয়া হয়। কেতিয়াবা মাটিত পৰেহি ইয়াকে উল্কা বোলে।

8. বহু বছৰৰ মূৰে মূৰে অকাশত ওলোৱা এটা ধূমকেতুৰ নাম লিখা।

উত্তৰঃ বহু বছৰৰ মূৰে মূৰে আকাশত ওলোৱা এটা ধূমকেতুৰ নাম হ’ল―হেলিৰ ধূমকেতু।

9. সপ্তৰ্ষিমণ্ডল কি ?

উত্তৰঃ গৰম দিনত সন্ধিয়াৰ আকাশত উত্তৰফালে মুখ কৰিলে সাতোটা উজ্জ্বল তৰা ওচৰা-ওচৰিকৈ থকা দেখা যায়। এই তৰা সাতোটাকৈ একেলগে ‘সপ্তৰ্ষিমণ্ডল’ বুলি কোৱা হয়। সপ্তৰ্ষিমণ্ডলৰ নক্ষত্ৰ সাতোটা হ’ল― মৰীচি, অত্রি, অংগিৰা, পুলস্ত্য, পুলহ, ক্ৰতু, বেশিষ্ঠ ।

10. ধ্ৰুৱতৰা কোন দিশত ওলায় ?

উত্তৰঃ ধ্ৰুৱতৰা উত্তৰ দিশত ওলায়।

11. কোনটো গ্ৰহক ভোটা তৰা বুলি কোৱা হয় ?

উত্তৰঃ শুক্ৰ গ্ৰহক ভোটা তৰা বুলি কোৱা হয়।

12. জ্যোতিষ্ক বুলিলে কি বুজা ?

উত্তৰঃ ৰাতিৰ আকাশত থকা সকলোবোৰ উজ্বল বস্তুকে জ্যোতিষ্ক বোলে। 

13. আকাশখন কিয় নীলা দেখি ?

উত্তৰঃ সূৰ্য্যৰ পোহৰ প্ৰকৃততে সাতোটা ৰঙৰ সমষ্টি। এই সূৰ্য্যৰ পোহৰ বায়ুমণ্ডলৰ মাজেদি পাৰ হৈ আহি আমাৰ পৃথিৱী পৃষ্ঠত পৰে । এনেদৰে বায়ুমণ্ডলৰ মাজেদি সূৰ্য্যৰ পোহৰ পাৰ হৈ আহোঁতে বায়ুমণ্ডলত ওপঙি থকা নানা ধূলি বালিৰ কণিকাই ইয়াৰ সকলোবোৰ ৰং শোষণ কৰি লয়। তাৰ পাছত তাৰে নীলা ৰঙটো চাৰিওফালে সিঁচৰতি কৰি দিয়ে। সেয়ে ফৰকাল বতৰত আকাশখন নীলা দেখি।

14. দিগন্ত কি ?

উত্তৰঃ আকাশখনে য’ত মাটি চুই থকা যেন লাগে তাকে দিগবলয় বা দিগন্ত বোলে।

15. ৰামধেনু কি ?

উত্তৰঃ সূৰ্য্যৰ পোহৰত থকা সাতোটা ৰঙৰ বৰ্ণালীয়েই হ’ল ৰামধেনু।

16. হাতীপটি বুলিলে কি বুজা ?

উত্তৰঃ জুন-জুলাই মাহত ফৰকাল আন্ধাৰ ৰাতি আকাশৰ ইমূৰৰ পৰা সিমূৰলৈ উত্তৰা-দক্ষিণাকৈ এছটা বগা ৰঙৰ মেঘৰ বাট দেখা যায়। ইয়াকেই হাতীপটি বোলে।

17. আমাৱশ্যাৰ লগত সম্পৰ্ক থকা দুটা উৎসৱৰ নাম লিখা।

উত্তৰঃ আমাৱশ্যাৰ লগত সম্পৰ্ক থকা দুটা উৎসৱৰ নাম হ’ল ― দেৱালী, কালীপূজা।

18. পূর্ণিমাৰ লগত সম্পৰ্ক থকা দুটা উৎসৱৰ নাম লিখা।

উত্তৰঃ পূর্ণিমাৰ লগত সম্পৰ্ক থকা দুটা উৎসৱৰ নাম হ’ল―ৰাস, লক্ষ্মীপূজা।

অতিৰিক্ত প্ৰশ্নৱলী

1. পৃথিৱীয়ে সূৰ্য্যৰ চাৰিওফালে ঘূৰে বুলি কোনজন বিজ্ঞানীয়ে প্ৰথমতে কৈছিল ?

উত্তৰঃ ক’পৰ্ণিকাছে ।

2. নক্ষত্ৰ কাক বোলে ? উদাহৰণ দিয়া।

উত্তৰঃ যিবোৰ জ্যোতিষ্কৰ নিজা তাপ আৰু পোহৰ আছে তাকে নক্ষত্ৰ বোলে।যেনে―সূৰ্য্য।

3. পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটোৰ নাম কি ?

উত্তৰঃ চন্দ্ৰ।

4. সূৰ্য্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি ?

উত্তৰঃ বুধ।

5. সৌৰজগতৰ আটাইতকৈ সৰু আৰু ডাঙৰ গ্ৰহ দুটাৰ নাম কি ?

উত্তৰঃ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটোৰ হ’ল― বুধ।আৰু সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ হ’ল― বৃহস্পতি।

6. উল্কাৰ আন এটা নাম কি ?

উত্তৰঃ পপীয়া তৰা।

7. ধুমকেতুৰ আন এটা নাম কি ?

উত্তৰঃ নেজাল তৰা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top