Assam Jatiya Bidyalay Class 4 Science Chapter 4 কাৰ্য্য, বল আৰু শক্তি

Assam Jatiya Bidyalay Class 4 Science Chapter 4 কাৰ্য্য, বল আৰু শক্তি, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 4 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 4 কাৰ্য্য, বল আৰু শক্তি Class 4 Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 4 Science Chapter 4 কাৰ্য্য, বল আৰু শক্তি Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 4 Science Chapter 4 কাৰ্য্য, বল আৰু শক্তি provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

কাৰ্য্য, বল আৰু শক্তি

Chapter – 4

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১। বল কাক বোলে ?

উত্তৰঃ বস্তু লৰচৰ কৰিবলৈ হাতেৰে বা অইন যন্ত্ৰপাতিৰ সহায়ত কৰা কামকে বল বোলে।

২। শক্তি কাক বোলে ?

উত্তৰঃ কাম কৰিবলৈ বল দিয়াৰ সামৰ্থকে শক্তি বোলে।

৩। স্থিতি শক্তি কাক বোলে ?

উত্তৰঃ কোনো বস্তুৱে নতুন অৱস্থানৰ বাবে পোৱা শক্তিকে স্থিতি শক্তি বোলে।

৪। শাৰিৰীক শক্তিৰ পৰা স্থিতি শক্তি পোৱাৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ উদাহৰণ হিচাপে আমি এইটো লব পাৰো। শিলগুটি এটা মাটিত থাকে । ইয়াক হাতেৰে তুলি ওপৰলৈ ধৰিলে এটা নতুন অৱস্হান পায়। এই অৱস্থানত থকা বাবে শিলগুটিটোৱে কাম কৰিব পাৰে। তলত আইনা এখন থৈ শিলগুটিটো এৰি দিলে আইনখন ভাঙি যাব। মাটিৰ পৰা ওপৰলৈ তুলি নিয়া বাবে শিলগুটিটোৱে এটা নতুন শক্তি পায়।

৫। বৈদ্যুতিক শক্তিৰ পৰা চুম্বকীয় শক্তি পোৱাৰ এটা পৰীক্ষা বৰ্ণনা কৰা।

উত্তৰঃ বৈদ্যুতিক শক্তিৰ পৰা চুম্বকীয় শক্তি পাবলৈ হ’লে এই পৰীক্ষা কৰিব পাৰি। পৰীক্ষাটোৰ বাবে এডাল গজাল আৰু তাৰ এডাল লোৱা হ’ল। তাঁৰ ডালৰ মূৰ দুটা বৈদ্যুতিক কোষ এটাৰ দুয়ো মূৰত সংযোগ কৰা হ’ল। এতিয়া গজালটোৱে আন গজাল বা আলপিনক আকৰ্ষণ কৰিব। অৰ্থাৎ তাঁৰ মেৰিওৱা গজালটো চুম্বক হৈ পৰিব। এনে চুম্বকৰ নাম বিদ্যুৎ চুম্বক।

৬। কয়লা আৰু পেট্ৰলৰ পৰা কি কি শক্তি পাব পাৰি লিখা।

উত্তৰঃ কয়লা আৰু পেট্ৰলৰ পৰা যন্ত্ৰৰ জৰিয়তে বৈদ্যুতিক শক্তি,তাপ শক্তি আৰু গতিশক্তি পাব পাৰি।

৭। বৰষুণৰ লগত সূৰ্য্যৰ তাপ আৰু পোহৰ শক্তিৰ সম্পৰ্ক কি ?

উত্তৰঃ সূৰ্য্যৰ তাপত পানী ভাপ হৈ ওপৰলৈ যায়। উপৰত ভাগ বিলাক লগ লাগি ডাৱৰ হয়। ডাৱৰৰ ফলত বৰষুণ হয়। পাহাৰত জমা হোৱা বৰষুণৰ পানী নামি আহে। ইয়াৰ ফলত জল প্ৰপাতৰ সৃষ্টি হয়। প্ৰপাতৰ পৰা বৈদ্যুতিক শক্তি পাব পাৰি। বৈদ্যুতিক শক্তিক আকৌ চুম্বকীয় তাপ আৰু গতিশক্তি হিচাপে পাব পাৰি।

বিভিন্ন শক্তিৰ মূলতেই আছে সূৰ্যৰ তাপ আৰু পোহৰ।

৮। শুদ্ধ নে অশুদ্ধ (✔) চিন দিয়া।

(ক) চৰাইটোক উৰিবলৈ শক্তি লাগে। শুদ্ধ/অশুদ্ধ

(খ) গৈ থকা গাড়ী এখনৰ স্থিতি শক্তি থাকে।শুদ্ধ/অশুদ্ধ

(গ) পানী ওপৰৰ পৰা পৰিলে স্থিতি শক্তি গতি শক্তিলৈ ৰূপান্তৰ হয়।শুদ্ধ/অশুদ্ধ

(ঘ) গাড়ীৰ স্প্ৰিঙত স্থিতি শক্তি থাকে।শুদ্ধ/অশুদ্ধ

(ঙ) যন্ত্ৰই ইন্ধনৰ সহায়ত কাম কৰে।শুদ্ধ/অশুদ্ধ

উত্তৰঃ (ক) চৰাইটোক উৰিবলৈ শক্তি লাগে।

(খ) গৈ থকা গাড়ী এখনৰ স্থিতি শক্তি থাকে। X

(গ) পানী ওপৰৰ পৰা পৰিলে স্থিতি শক্তি গতি শক্তিলৈ ৰূপান্তৰ হয়।

(ঘ) গাড়ীৰ স্প্ৰিঙত স্থিতি শক্তি থাকে।

(ঙ) যন্ত্ৰই ইন্ধনৰ সহায়ত কাম কৰে।

৯। খালী ঠাই পুৰুৱা।

(ক) _______ শক্তিয়ে বাল্বটো জ্বলায়।

(খ) গছত লাগি থকা আমটোৰ _______ শক্তি থাকে।

(গ) ভাপ ইঞ্জিনত তাপ শক্তি _______ শক্তিলৈ সলনি হয়।

(ঘ) বাল্বত বৈদ্যুতিক শক্তিৰ পৰা _______ আৰু _______ শক্তি পাব পাৰি।

(ঙ) সকলো শক্তিৰ মূলতে হ’ল সূৰ্যৰ _______ আৰু _______ শক্তি।

(চ) বিদ্যুৎ চুম্বকত বৈদ্যুতিক শক্তি _______ শক্তিলৈ সলনি হয়।

উত্তৰঃ (ক) বৈদ্যুতিক শক্তিয়ে বাল্বটো জ্বলায়।

(খ) গছত লাগি থকা আমটোৰ স্থিতি শক্তি থাকে।

(গ) ভাপ ইঞ্জিনত তাপ শক্তি গতি শক্তিলৈ সলনি হয়।

(ঘ) বাল্বত বৈদ্যুতিক শক্তিৰ পৰা তাপ শক্তি আৰু পোহৰ শক্তি শক্তি পাব পাৰি।

(ঙ) সকলো শক্তিৰ মূলতে হ’ল সূৰ্যৰ তাপ আৰু পোহৰ শক্তি।

(চ) বিদ্যুৎ চুম্বকত বৈদ্যুতিক শক্তি চুম্বকীয় শক্তিলৈ সলনি হয়।

১০। শাৰীৰিক শক্তি কাক বোলে ?

উত্তৰঃ শাৰিৰীক বলেৰে কাম কৰিব পৰা শক্তিক শাৰীৰিক শক্তি বোলে।

১১। চুম্বকীয় শক্তি কাক বোলে ?

উত্তৰঃ চুম্বকীয় বলেৰে কাম কৰিব পৰা শক্তিক চুম্বকীয় শক্তি বোলে।

১২। বৈদ্যুতিক শক্তি কাক বোলে ?

উত্তৰঃ বৈদ্যুতিক বলেৰে কাম কৰিব পৰা শক্তিক বৈদ্যুতিক শক্তি বোলে।

১৩। মাধ্যাকর্ষণীয় শক্তি কাক বোলে ?

উত্তৰঃ মাধ্যাকর্ষণীয় বলেৰে কাম কৰিব পৰা শক্তিক মাধ্যাকর্ষণীয় শক্তি বোলে।

১৪। স্থিতি শক্তি কাক বোলে ?

উত্তৰঃ কোনো বস্তুৱে নতুন অৱস্থানৰ বাবে পোৱা শক্তিকে স্থিতি শক্তি বোলে।

১৫। গতি শক্তি কাক বোলে ?

উত্তৰঃ আমি জানো যে গৈ থকা বস্তুৱে কাম কৰিব পাৰে আৰু এইবিধ শক্তিৰ নামেই হ’ল।গতি শক্তি।

১৬। শক্তিৰ ৰূপান্তৰ বুলিলে কি বুজা।

উত্তৰঃ এবিধ শক্তিক আন এবিধ শক্তিলৈ সলনি কৰিব পাৰি। ইয়াকে শক্তিৰ ৰূপান্তৰ বা পৰিৱৰ্তন বোলে।

১৭। স্থিতি শক্তিৰ পৰা কেনেকৈ গতি শক্তি পায়।

উত্তৰঃ গছত লাগি থকা নাৰিকলটো মাটিৰ ওপৰত থাকে। সেইবাবে ইয়াৰ স্থিতি শক্তি থাকে। সৰিলে নাৰিকলটোৱে গতি শক্তি পায়। এইয়ে স্থিতিশক্তি গতিশক্তিলৈ সলনি হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top