Assam Jatiya Bidhyalay Class 7 Assamese Chapter 16 অসমৰ সংস্কৃতিৰ বিশিষ্ট অংগ ঢোল, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন পাঠ Class 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidhyalay Class 7 Assamese Chapter 16 অসমৰ সংস্কৃতিৰ বিশিষ্ট অংগ ঢোল Class 7 Assamese Question Answer can be of great value to excel in the examination.
Assam Jatiya Bidhyalay Class 7 Assamese Chapter 16 অসমৰ সংস্কৃতিৰ বিশিষ্ট অংগ ঢোল Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidhyalay Class 7 Assamese Chapter 16 অসমৰ সংস্কৃতিৰ বিশিষ্ট অংগ ঢোল provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.
অসমৰ সংস্কৃতিৰ বিশিষ্ট অংগ ঢোল
Chapter – 16
অসম জাতীয় বিদ্যালয়
১। সম্পূর্ণ বাক্যত উত্তৰ লিখা :
ক) প্রায়োগিক দিশৰ পৰা ঢোল বাদ্যক কি কি ভাগত ভগাব পাৰি?
উত্তৰঃ প্ৰায়োগিক দিশৰ পৰা ঢোল বাদ্যক নৃত্যানুগ, গীতানুগ আৰু সুস্ক এই তিনি ভাগত ভগোৱা হয়।
খ) ঢোল নামৰ বাদ্য বিশেষৰ সৃষ্টি কিহৰ অনুকৰণত হৈছে?
উত্তৰঃ ঢোল নামৰ বাদ্য বিশেষৰ সৃষ্টি হৈছে মেঘৰ মাতৰ অনুকৰণত।
গ) ঢোল বাদ্যৰ খোলাটো কি কি কাঠেৰে সাধাৰণতে সজা হয়?
উত্তৰঃ ঢোলৰ খোলাটো আম, কঁঠাল নাইবা চাম কাঠেৰে সজা হয়।
ঘ) ঢোলৰ যিটো ফালে মাৰিৰে বজোৱা হয় সেই ফালটোক কি বোলা হয়?
উত্তৰঃ ঢোলৰ যিটো ফালে মাৰিৰে বজোৱা হয় সেই ফালটোক কোবনি বোলা হয়।
ঙ) মেখেলা কি?
উত্তৰঃ ঢোলৰ এটা মূৰত মাৰিৰে আৰু আনটো মূৰত আঙুলিৰে বজোৱা .হয়। আঙুলিৰে বজোৱা অংশক তালি বোলা হয়। তালিৰ মলুৱাক চামৰাৰ ৰচীৰে গোঁঠা হয়। ইয়ে মেখেলা।
চ) ফৰিঙা কাক বোলে?
উত্তৰঃ কোবাৰ কাষত থকা খোপৰ খালী অংশবোৰত বাঁহৰ টুকুৰা কিছুমান লগাই কুৰলক ঠেকা দি ৰখা হয়। এই বোৰকে ফৰিঙা বোলে।
২। চমু উত্তৰ লিখা :
ক) ঢোলৰ ইতিহাসৰ বিষয়ে লিখা।
উত্তৰঃ ঢোলৰ ইতিহাস এনেকুৱা ধৰণৰ ― সভ্যতাৰ পাতনিৰ পৰাই মানুহৰ মাজত ঢোল বাদ্যৰ প্ৰচলন হৈ আহিছে। বিশেষকৈ কৃষি সভ্যতাৰ লগত জৰিত জাতিসমূহৰ জন বিশ্বসসমূহে এই কথাৰ প্ৰমাণ দিয়ে। ঢোলবাদ্যৰ উৎপত্তিৰ উৎস জাতিবোৰৰ নিজৰ নিজৰ কৰ্মক্ষেত্ৰখন। সেইবাবে বিভিন্ন জাতিৰ মাজত প্ৰচলিত এই ঢোলবাদ্যবোৰৰ আকৃতি বেলেগ বেলেগ আৰু নামো বেলেগ বেলেগ।
খ) ঢোলৰ ব্যৱহাৰ কি কি অনুষ্ঠানত হয়?
উত্তৰঃ খেতি পথাৰত বৰষুণ নমাবৰ বাবে কৃষি কৰ্মৰ আৰম্ভণিতে ঢোল ব্যৱহাৰ কৰা হয়। তদুপৰি পৃথিৱীৰ আন আন ঠাইৰ দৰে অতীত কালৰে পৰাই অসমতো জৰুৰী বাৰ্তা দিবলৈ বা হঠাৎ বিপদৰ আগজাননী দিবলৈ ঢোল ব্যৱহাৰ কৰা হয়। দৰা-কইনাৰ পানী তুলিবলৈ যাওতে ঢোল ব্যৱহাৰ কৰা হয়।
গ) কোবনি আৰু তালি বুলিলে কি বুজা?
উত্তৰঃ ঢোলৰ দুটা মূৰ থাকে। এটা মূৰত মাৰিৰে আৰু আনটো মূৰত হাতৰ আঙুলিৰে কোবাই বজোৱা হয়। যিটো মূৰত মাৰিৰে কোবোৱা হয় সেই মূৰটোক কোবনি আৰু যিটো মূৰত হাতৰ আঙুলিৰে বজোৱা হয় সেই মূৰটোক তালি বুজা যায়।
ঘ) কনাই কি?
উত্তৰঃ ঢোলৰ দুয়োটা মূৰৰ দুয়োটা মলুৱাৰ লগত চামৰাৰ ৰচীৰে গুঠি দুটা আঙঠীৰ দৰে কৰা হয়। এই আঙঠি দুটাই কনাই।
ঙ) বিবাহ অনুষ্ঠানৰ পানীতোলা প্ৰথাৰ লগত ঢোল কিয় বজোৱা হয়?
উত্তৰঃ অসমীয়াসকলে বিশ্বাস কৰে যে নৈ বা বিলৰ পাৰত অপদেৱতা থাকে। ঢোল বজাই অপদেৱতাক খেদিবলৈ চেষ্টা কৰা হয়। সেইবাবেই পানীতোলা প্ৰথাৰ লগত ঢোল বজোৱা হয়।
৩। চমুটোকা লিখা :
(ক) সংস্কৃতি।
(খ) ঢোলবাদ্য।
(গ) বিহুগীত।
(ঘ) ঢোলৰ মালিতা।
উত্তৰঃ (ক) সংস্কৃতি : মানুহৰ জীৱনক সুন্দৰতম কৰি তুলিবলৈ খোৱা-লোৱা, থকা-মেলা আদিক উন্নত কৰি যোৱাকে এখন ঠাইৰ সংস্কৃতি বুলিব পাৰি। সংস্কৃতি হ’ল বোৱতী নদীৰ দৰে। নদী এখনত হোৱাকৈ অন্য উপনদী, শাখানদী আহি লগ লাগে। সংস্কৃতিৰ লগতো তেনেকৈ অন্যান্য সংস্কৃতি লগ লাগে। সংস্কৃতি হৈছে এটা জাতিৰ বা এখন সমাজৰ জীৱন প্ৰতিভা।
(খ) ঢোল বাদ্য : ঢোল এবিধ অতি জনপ্রিয় বাদ্যযন্ত্র। বিশেষকৈ অসমীয়া মানুহৰ ঢোলৰ প্ৰতি অতি আদৰ। পৃথিৱীৰ বহুদেশে বাদ্যযন্ত্র হিচাপে ঢোল ব্যৱহাৰ কৰে। বিভিন্ন আকৃতিৰ ঢোল সমাজত প্ৰচলিত আছে। কৃষি সভ্যতাৰ লগত জড়িত জাতিসমূহৰ ঢোল সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ। ঢোল অবিহনে অসমীয়াৰ বিহু উৎসৱ ভাবিব নোৱাৰি।
(গ) বিহুগীত : বিহুগীত সমূহত অসমৰ অপৰূপ প্ৰকৃতিৰ ছবি, অসমীয়াৰ জীৱনৰ কল্পনা, উপলব্ধি আৰু হৃদয়ৰ বতৰা তথা সমগ্ৰ অসমৰ সংস্কৃতি, ৰং আৰু সুৰভিৰে সঞ্চিত হৈ আছে। বছৰেকৰ মূৰত বাপতি সাহোন বিহুটো অসমীয়া মানুহৰ ওচৰলৈ আহে। তেতিয়া অসমীয়া মানুহৰ মন সাতখন আঠখন লাগি কমোৱা তুলাৰ দৰে উৰে। এই পৰিবেশত মানুহৰ মনৰ মাজত আপোনা আপুনি গীতৰ উৎপত্তি হয়। এয়ে বিহুগীত।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.