Assam Jatiya Bidhyalay Class 7 Assamese Chapter 15 কাগজ কলমৰ ৰণ

Assam Jatiya Bidhyalay Class 7 Assamese Chapter 15 কাগজ কলমৰ ৰণ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন পাঠ Class 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidhyalay Class 7 Assamese Chapter 15 কাগজ কলমৰ ৰণ Class 7 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidhyalay Class 7 Assamese Chapter 15 কাগজ কলমৰ ৰণ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidhyalay Class 7 Assamese Chapter 15 কাগজ কলমৰ ৰণ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

কাগজ কলমৰ ৰণ

Chapter – 15

অসম জাতীয় বিদ্যালয়

১। একোটি বাক্যত উত্তৰ লিখা

ক) কাগজ আৰু কলমৰ জংক-পংক দেখি সোণটিয়ে কাক মাতিছিল?

উত্তৰঃ কাগজ আৰু কলমৰ জংক-পংক দেখি সোণটিয়ে দেউতাকক মাতিছিল

খ) কাগজ-কলমে সোণটিৰ পঢ়া মেজখন কি কৰি পেলাইছে? 

উত্তৰঃ কাগজ-কলমে সোণটিৰ পঢ়া মেজখন শৰাইঘাট কৰি পেলাইছে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

গ) কাগজে কাক মহাপুৰুষ বুলি কৈছে?

উত্তৰঃ কাগজে কলমক মহাপুৰুষ বুলি কৈছে।

ঘ) কাগজ আৰু কলমে কিহৰ ছেৱত যুদ্ধত নামিছিল?

উত্তৰঃ কাগজ আৰু কলমে ভাওনাৰ ছেৱত যুদ্ধত নামিছিল।

ঙ) সোণটিক আইতাকে কি কাৰণে ছুটী দিছিল?

উত্তৰঃ কাগজ আৰু কলমৰ ডাঙৰ খৰিয়ালখন মিটমাট কৰা বাবে সোণটিক আইটাকে ছুটী দিছিল।

২। ‘কাগজ-কলমৰ ৰণ’ নাটকখনিৰ কাহিনীটো তোমাৰ কথাৰে লিখা। 

উত্তৰঃ সোণটি নামৰ সৰু ল’ৰাটোৱে এদিন দেউতাকক ক’লে যে সদায় মনে মনে থকা কাগজ আৰু কলমে মিলি দুয়ো গপত গঙ্গাটোপ যেন হৈ মেজখনকে শৰাইঘাট কৰি যুদ্ধ কৰিব লাগিছে। গতিকে সোণটিয়ে কেনেকৈ অঙ্ক কৰে।

কাগজে কৈছে তাৰ বুকুত হেনো ডাঙৰ ডাঙৰ কথা লিখা থাকে। কলমে কৈছে কাগজে একো বুজি নাপায়। কাগজে ক’লে কলমক গালি নাপাৰি চুপ থাকিবলৈ। কলমৰ উঠি গ’ল খং। তেতিয়া কাগজে ক’লে যে চিয়াহীৰে ভোক নুগুচালে কলমৰ ৰং চাব পাৰি। কলমৰ মতে কাগজৰ গাত অলপো ৰস নাই গাটো লেৰেলা চেপেটা শুকান গা, নিজৰ কিন্তু গাটো নিমজ ল’নি।

কাগজে কলমক মহাপুৰুষ বুলি ঠাট্টা কৰি কৈ উঠিল যে ক’লা পানী খোৱা কলমে আনে নচলালে এখোজো আগনাবাঢ়ে আৰু লিখাত বাহিৰে তাৰ একো কাম নাই। কাগজৰ যে কিমান কাম তাৰ হিচাপ দিওতা নাই। পণ্ডিতবিলাকে কাগজত গধুৰ গধুৰ কথা লিখে দুৱৰাদেৱে কোমল কোমল কবিতা লিখে কাগজৰ বুকুত। বাতৰিকাকতে পৃথিৱীৰ দেশে দেশে বাতৰি বিলায়। কাগজেৰে চেনি, চানাচুৰ আদিৰ টোপোলা বান্ধে। কাগজ কিবা কাৰণত নোহোৱা হ’লে কলপাত শেষ হৈ যাব।

লগে লগে কলমে কাগজক এশ এটা বুধি থকা শিয়ালৰ লগত তুলনা কৰিলে আৰু ক’লে যে কলমৰ লিখাৰ বাহিৰে কাম নথকা বাবে মানুহে ইমান মৰম কৰে।

কাগজৰ মতে চিয়াহীয়ে কলমক লিখায় বাবেহে লিখে চিয়াহী নহ’লে কলমে লোকৰ মুখলৈ বাট চাই থাকিব লাগে কাগজে কিন্তু নালাগে। সোণটিয়ে কাগজৰ বুকুত ধুনীয়া ধুনীয়া মুকুতাৰ দৰে আখৰেৰে চিঠি লিখে। কলমৰ মতে যেতিয়া কাগজক ফটা কাকতৰ পাচিত পেলায় তাৰ দাম জানো কমি নাযায়? লগে লগে কাগজে উত্তৰ দিলে যে কাগজ নহ’লে ক’ত পুথি লিখিব। কলমে ক’লে সাঁচি পাতত, তাল পাতত।

কাগজে কলমক মূর্খ বুলি ক’লে আৰু কলমে কাগজক বতাহত উৰি যোৱা আৰু গধুৰ কথা বুজি নোপোৱা বুলি কলে। এইদৰে কথাৰ যুদ্ধৰে বলে নোৱাৰি দুয়োটাই ভাওনাৰ চেৱত যুদ্ধ কৰিবলৈ আৰম্ভ কৰিলে। তেতিয়া সোণটি আহি কাগজ নহ’লে লিখিব নোৱাৰি আৰু কলম নহ’লে কাগজত কোনে লিখিব এই বুলি কৈ দুয়োটাৰে যে সমান মূল্য সেইকথা বুজাই কাজিয়াখন ভাঙি দিলে।

অৱশেষত সোণটিৰ আইতাকে আহি কাগজ-কলমৰ কাজিয়াখন ভাঙি দিয়াবাবে সোণটিক সেইদিনা ছুটী দি টাং গুটি খেলিবলৈ দিলে। লগতে আৰু এটা কথা ক’লে যে ভাল মনৰ মানুহে ভাল কাম কৰে আৰু বেয়া মনৰ মানুহে বেয়া কাম কৰে। 

৩। বাক্য ৰচনা কৰা :

গপত গঙ্গাটোপ, বুধিৰ ঢেঁকী থোৰা, ঠেহ-পাত, বাংকৰা কথা, মিট-মাট কৰ।

উত্তৰঃ গপত গঙ্গাটোপ : আমি কেতিয়াও গপত গঙ্গাটোপ হৈ থাকিব নালাগে।

বুধিৰ ঢেঁকী থোৰা : কাগজে কলমক বুধিৰ ঢেঁকী থোৰা বুলি ঠাট্টা কৰিছিল। 

ঠেহ-পাত : সৰু ল’ৰা-ছোৱালীয়ে মাকৰ ওচৰত অলপ কথাতে ঠেহ পাতে। 

বাংকৰা কথা : বাংকৰা কথা কৈ সময় নষ্ট কৰিব নালাগে।

৪। টাং গুটি আৰু আন কিছুমান অসমীয়া খেলৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰঃ টাং গুটি : সৰু ল’ৰাবিলাকে সাধাৰণতে এই খেল খেলি আহিছে। এটা বাঁহৰ পৰা সজা ছয় ইঞ্চিমান দীঘল কামি এটাৰ ধুনীয়াকৈ নিমজ কৰি চাঁচি লৈ আন বাঁহৰ লৰু (এচাৰি)ৰ দ্বাৰা কোবাই কোবাই এই খেল খেলে। যিয়ে টাং গুটিটো বেচি দুৰলৈ মাৰি পঠিয়াব পাৰে সেয়ে খেলত জিকে। 

হৈ গুদু খেল : মাজত এডাল আঁক পাৰি দুফালে দুদল হৈ এদলৰ এটাই আন দলটোৰ কাৰোবাক একে উশাহতে চুবলৈ যায়। খেদি যোৱা জনে “মাণ্ডৰ কি মাণ্ডৰ জালি, ঘোঁৰাৰ আগত দিলো পানী, ঘোঁৰাই বোলে নেখাও পানী; দৌ ৰাম, কাতি ৰাম, দলনিতে লাগি যাম, দলে কেৰেকেৰাই, গুটি ঐ মালী, বান্দৰ পোৱালি, বন্ধৰতে লেটিপেটি তোৰ মাৰ কোনেজনী মোক পাৰে গালি হাতত তৰোৱাল লৈ খেদে বনমালী, মালী, মালী বুলি খেদি যায়। নামনি অসমত ইয়াক কপটি খেল বোলে। বঙ্গদেশত এই খেলটো বৰ জনপ্ৰিয়।

ল’ৰাবিলাকে বিশেষকৈ টাংগুটি, চিলা উৰুৱা, ঘিলা খেলা, বাঘ-গৰু খেল, জপিওৱা, গছত উঠা, পেঙত উঠা বাটলুগুটিলৈ চিতিকা পাতি চৰাই ধৰা, কুকুৰা যুজ খেলা, ধেনু-কাড় মৰা আদি খেল খেলে। 

ছোৱালীবিলাকে ঢোপখেলা, হেতালি খেলা, কইনা দৰা খেলা, উকুলী মুকুলী, ‘অলৌগুটি তলৌগুটি কচুগুটি ঘাই’ আদি খেল খেলে।

৫। একে অর্থ বুজোৱা শব্দ লিখা :

গপ ― গর্ব অহংকাৰ।

নিমজ ― মিহি।

লেঠা ― জঁট।

শুকান ― নীৰস। 

চিয়াহী ― মহী।

খৰিয়াল ― কাজিয়া।

৬। চমুটোকা লিখা : 

বাতৰি কাকত, সাঁচিপাত, তালপাত।

উত্তৰঃ বাতৰি কাকত : বাতৰি কাকত হৈছে বিশ্বৰ বিভিন্ন মানুহৰ মাজত যোগসূত্ৰ ৰক্ষা কৰি ওচৰ সম্বন্ধ গঢ়ি তোলাৰ মাধ্যম। বিজ্ঞানৰ প্ৰগতিয়ে বিশ্বক আমাৰ দুৱাৰ মুখত উপনীত কৰাই দিয়েহি বাতৰি কাকতৰ যোগেদি। প্রথম বাতৰি কাকত উদ্ভাৱন হৈছিল চীন দেশত। ইউৰোপৰ প্রথমে ইটালীৰ ভেনিচ নগৰত উৎপত্তি হয়। ইংলণ্ডৰ ৰাণী এলিজাবেথৰ দিনত দৈনিক বাতৰি কাকত প্ৰকাশ হয়। ভাৰতত ইংৰাজ ৰাজত্বৰ আৰম্ভৰ পৰাই বাতৰি কাকত প্ৰচলন হয়। ইয়াৰ পাছৰ পৰাই দেশীয় নানা ভাষাত ভাৰতত বাতৰি কাকত প্ৰকাশ হয়। অসমত প্ৰথম বাতৰি কাকত প্রচলন কৰে মিছনেৰীসকলে। সেই বাতৰি কাকতখনৰ নাম আছিল ‘অৰুনোদয়’। ১৮৪৬ চনত প্ৰথম প্ৰকাশ হৈছিল।

সাঁচি পাত : সাঁচি পাত বুলি ক’লে সাঁচি গছৰ বাকলিৰ কথা কোৱা হয়। পৈণত সাঁচি গছৰ বাকলি তাক এৰুৱাই আনি ৰ’দত শুকুৱাই লিখাৰ উপযোগী কৰি লোৱা হয়। মহাপুৰুষ শংকৰদেৱে ৰচনা কৰা সাহিত্যৰাজি সাঁচিপাতত লিখিছিল প্রথমে। তাৰ পিছত বহুদিনলৈ সাঁচিপাতত লিখা হৈ আছিল।

তাল পাত : তাল গছৰ পাত। তালগছ নাৰিকল গছৰ নিচিনা এবিধ গছ। এই তাল গছৰ পাতত কিন্তু ‘লিখা নহয়। তাল গছৰ পাতৰ বিচনী তৈয়াৰ কৰা হয়। এইপাতৰ পৰা নানা ধৰণৰ পাত্ৰ তৈয়াৰ কৰি পুৰী জগন্নাথ মন্দিৰত ব্যৱহাৰ কৰা হয়।

৭। উদাহৰণটো চাই বাকীবিলাক কৰা :

কাগজ আৰু কলম ― কাগজ কলম।

ৰণৰ চালি ― ৰণচালি।

তালৰ পাত ― তাল পাত।

মহান যি পুৰুষ ― মহাপুৰুষ।

ঢেঁকীৰ থোৰা – ঢেঁকীথোৰা।

৮। নৱকান্ত বৰুৱাৰ বিষয়ে এখনি ৰচনা লিখা। 

উত্তৰঃ নৱকান্ত বৰুৱাৰ জন্ম ১৯২৬ চনত। নগাঁৱৰ খৰঙি বৰুৱা বংশৰ নীলকান্ত বৰুৱা তেওঁৰ পিতৃ আছিল। স্কুলীয়া শিক্ষা নগাঁৱত শেষ কৰি কলিকতাৰ শান্তিনিকেতনৰ পৰা বি, এ, আৰু অলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজীৰ এম, এ, পাছ কৰে। প্ৰথমে জগন্নাথ বৰুৱা কলেজত প্ৰবক্তা ৰূপে সোমাই যদিও এবছৰ পাছত কটন কলেজৰ অধ্যাপক ৰূপে নিযুক্তি পায়। তেওঁ কবি হিচাপে এজন প্রসিদ্ধ লোক আছিল। হে অৰণ্য হে মহানগৰ, কপিলীপৰীয়া সাধু, আখৰৰ জখলা, এটি দুটি এঘাৰটি তৰা, যতি আৰু কেইটিমান স্কেচ, মনৰ খবৰ, ককাদেউতাৰ হাড়, মোৰ আৰু পৃথিৱীৰ উল্লেখযোগ্য ৰচনা। ১৯৭৫ চনত ‘ককাদেউতাৰ হাড়’ পুথিখনিৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে। ২০০২ চনৰ ১৪ জুলাইৰ দিনা গুৱাহাটীত তেওঁৰ মৃত্যু হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top