Assam Jatiya Bidhyalay Class 7 Assamese Chapter 14 সীতানাথ ব্ৰহ্মচৌধুৰী

Assam Jatiya Bidhyalay Class 7 Assamese Chapter 14 সীতানাথ ব্ৰহ্মচৌধুৰী, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন পাঠ Class 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidhyalay Class 7 Assamese Chapter 14 সীতানাথ ব্ৰহ্মচৌধুৰী Class 7 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidhyalay Class 7 Assamese Chapter 14 সীতানাথ ব্ৰহ্মচৌধুৰী Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidhyalay Class 7 Assamese Chapter 14 সীতানাথ ব্ৰহ্মচৌধুৰী provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

সীতানাথ ব্ৰহ্মচৌধুৰী

Chapter – 14

অসম জাতীয় বিদ্যালয়

১। একোটি বাক্যত উত্তৰ লিখা :

ক) বিদ্যালয়খনলৈ অহা ওখ-পাখ শকত-আৱত মানুহজন কোন আছিল?

উত্তৰঃ বিদ্যালয়লৈ অহা ওখ-পাখ-শকত আৱত মানুহজন আছিল অসমৰ প্ৰধান মন্ত্ৰী ছাৰ ছৈয়দ ছাদুল্লা। 

খ) সীতানাথ ব্ৰহ্মচৌধুৰীয়ে ভাইচ চেয়াৰমেনৰ দায়িত্ব লৈ কি কৰিছিল?

উত্তৰঃ  সীতানাথ ব্ৰহ্মচৌধুৰীয়ে ভাইচ চেয়াৰমেনৰ দায়িত্ব লৈ ধুবুৰী মহকুমাৰ সকলো প্ৰাথমিক স্কুলত শিক্ষাৰ মাধ্যম অসমীয়া কৰিছিল।

গ) ব্ৰহ্মচৌধুৰীয়ে ৰচনা কৰা যুক্তাক্ষৰ বিহীন কিতাপখনৰ নাম কি? 

উত্তৰঃ ব্ৰহ্মচৌধুৰীয়ে ৰচনা কৰা যুক্তাক্ষৰ বিহীন কিতাপখনৰ নাম ‘গাঁও সংগঠন’।

ঘ) ১৯৫২ চনত হোৱা অসমৰ সাধাৰণ নিৰ্বাচনত ব্ৰহ্মচৌধুৰীয়ে কোন সমষ্টিৰ পৰা আৰু কি সভাৰ সদস্যৰূপে নিৰ্বাচিত হৈছিল? 

উত্তৰঃ ১৯৫২ চনত হোৱা অসমৰ সাধাৰণ নিৰ্বাচনত ব্ৰহ্মচৌধুৰীয়ে গোৱালপাৰা-গাৰোপাহাৰ সংসদীয় সমষ্টিৰ পৰা লোকসভাৰ সদস্যৰূপে নির্বাচিত হৈছিল।

ঙ) তেওঁ কোন চনত বঙাইগাঁৱত কলেজ প্রতিষ্ঠা কৰিছিল? 

উত্তৰঃ ১৯৬৪ চনত তেওঁ বঙাইগাঁৱত কলেজ প্রতিষ্ঠা কৰিছিল।

চ) তেওঁৰ কবিতা পুথিখনৰ নাম কি?

উত্তৰঃ তেওঁৰ কবিতা পুথিখনৰ নাম ‘কদম কলি’।

ছ) ‘মিলন’ত কি ছদ্ম নামত ব্ৰহ্মচৌধুৰীয়ে কবিতা লিখি আলোড়নৰ সৃষ্টি কৰিছিল।

উত্তৰঃ ‘মিলন’ত ব্ৰহ্মচৌধুৰীয়ে ‘তিলোত্তমা বৰুৱা’ ছদ্মনামত কবিতা লিখি আলোড়নৰ সৃষ্টি কৰিছিল।

জ) সীতানাথ ব্ৰহ্মচৌধুৰীয়ে পঢ়া বিদ্যালয়খনৰ ইংৰাজী শিকোৱা শিক্ষকজনৰ নাম কি? 

উত্তৰঃ সীতানাথ ব্ৰহ্মচৌধুৰী পঢ়া বিদ্যালয়খনৰ ইংৰাজী শিকোৱা শিক্ষকজনৰ নাম আছিল— ‘হাবাণ সেন। 

২। সীতানাথ ব্ৰহ্মচৌধুৰীৰ মনত মন্ত্ৰী বুলি কওঁতে সৰু কালত কি ধাৰণা আছিল।

উত্তৰঃ সীতানাথ ব্ৰহ্মচৌধুৰীৰ মনত মন্ত্ৰী বুলি ক’লে সৰু কালত এনেকুৱা ধাৰণা আছিল যে মন্ত্ৰীয়ে গাত চকা-মকা, ক’লা-বগা ফুলৰ পোছাক পিছে আৰু মূৰত জিলমিলিয়া মুকুট পিছে।

৩। সীতানাথ ব্ৰহ্মচৌধুৰীৰ সমাজসেৱাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ সীতানাথ ব্ৰহ্মচৌধুৰীয়ে সৰুতেই মন্ত্ৰী হোৱাৰ ইচ্ছা প্ৰকাশ কৰি ডাঙৰ হোৱাৰ পাছত এজন প্ৰকৃত সমাজসেৱক হৈ পৰিছিল। মহাত্মা গান্ধীৰ স্বাধীনতা আন্দোলনত সহযোগ কৰা ব্ৰহ্মচৌধুৰীয়ে শিক্ষা শেষ কৰি সমাজসেৱা কৰিবলৈ আগবাঢ়ি আছে। ১৯৩৯ চনত তেওঁৰ চেষ্টাতেই বঙাইগাঁৱত বীৰঝৰা হাইস্কুল প্রতিষ্ঠা হয়। লোকেল বৰ্ডৰ ভাইচ চেয়াৰমেন হৈ ধুবুৰী মহকুমাৰ সকলো প্ৰাথমিক স্কুলত অসমীয়া মাধ্যম কৰায়। এই অঞ্চলৰ ৰাষ্টা-ঘাটৰো উন্নতি সাধন কৰে। লোকসভাৰ সদস্য হৈ গোৱালপাৰা জিলাৰ উন্নয়নৰ বাবে মনোনিবেশ কৰে। কৃষিৰ উন্নতিৰ ক্ষেত্ৰতো মনোযোগ দিছিল। ৰেলৱেৰ মুখ্য কাৰ্যালয়, ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণ, অসমত তেল শোধনাগাৰ স্থাপন, অসমীয়া ৰাজ্য ভাষা আন্দোলন আৰু বিশ্ববিদ্যালয় মাধ্যম আন্দোলন আদি প্ৰতিটো ক্ষেত্ৰতে সহায় সহযোগ কৰিছিল। বহুতো লোকৰ বাধা আৰু বিৰোধিতা সত্বেও তেওঁ ১৯৬৪ চনত বঙাইগাঁৱত কলেজ প্রতিষ্ঠা কৰে। এইদৰে ব্ৰহ্মচৌধুৰীয়ে নানা প্ৰকাৰে সমাজৰ সেৱা কৰিছিল।

৪। অসমীয়া কোন— এই সম্পর্কে ব্ৰহ্মচৌধুৰীয়ে কি মন্তব্য কৰিছিল? 

উত্তৰঃ অসমীয়া কোন— এই সম্পর্কে ব্ৰহ্মচৌধুৰীৰ, মন্তব্য আছিল এনে ধৰণৰ ব্ৰাহ্মণ, কলিতা, বড়ো, ৰাভা, মিচিং আদি জনগোষ্ঠীৰ লগতে আহোম, কোচ আদি সকলোৰে একতাৰ ফলতহে বলিষ্ঠ অসমীয়া জাতি গঠন হৈছে।

৫। প্রসংগ সংগতি দশাই ব্যাখ্যা কৰা : 

ক) তেওঁ সাহিত্যক জাতিৰ সার্বিক কল্যাণৰ অংগ বুলি অনুভব কৰিছিল। 

উত্তৰঃ প্ৰসংগ : উক্ত কথাশাৰী আমাৰ পাঠ্যপুথি ‘আপোন পাঠ’ৰ ‘সীতানাথ ব্ৰহ্মচৌধুৰী’ নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে।

সংগতি : এই কথা শাৰীৰ জৰিয়তে ব্ৰহ্মচৌধুৰীয়ে সাহিত্যৰ জৰিয়তে এটা জাতিৰ সকলো প্ৰকাৰ উন্নতি কৰিব পাৰে বুলি বিশ্বাস কৰিছিল সেই কথা প্ৰকাশ কৰিছে।

ব্যাখ্যা : সাহিত্যৰ জৰিয়তে সাহিত্যিকে মনৰ ভাৱ প্ৰকাশ কৰে। এটা জাতিৰ উন্নতি কৰিবলৈ হ’লে সাহিত্যৰ সমান এনেকুৱা দ্বিতীয় এনে এটা মাধ্যম নাই যাৰ জৰিয়তে জনসাধাৰণৰ মাজত জাগৰণ আনিব পাৰি। সেইবাবে ব্ৰহ্মচৌধুৰীয়ে সাহিত্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল। তেওঁৰ ৰচনাসমূহৰ জৰিয়তে অসমৰ বিভিন্ন জাতি জনজাতিৰ মাজত সমন্বয় সাধন কৰিবলৈ চেষ্টা কৰিছিল। সাহিত্যৰ জৰিয়তে মানুহৰ ভুল বুজাবুজি, আগবাঢ়ি যোৱাৰ শুদ্ধ পথ আদি দেখুৱাই দিব পাৰে। যাৰ ফলত সৰ্বসাধাৰণ মানুহে দেশৰ উন্নতিৰ বাবে শুদ্ধ পথ বিচাৰি ল’ব পাৰে একোখন পুথি পঢ়ি।

খ) তেওঁ যি সমন্বয়ৰ ভেটি গঢ়ি থৈ গ’ল সিয়ে তেওঁক সমন্বয়ৰ প্রতীকৰূপে আমাৰ মাজত চিৰ স্মৰণীয় কৰি ৰাখিব।

উত্তৰঃ প্ৰসংগ : এই কথাশাৰী আমাৰ পাঠ্যপুথি ‘আপোন পাঠ’ৰ সীতানাথ ব্ৰহ্মচৌধুৰী নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে।

সংগতি : এই কথাষাৰৰ জৰিয়তে ব্ৰহ্মচৌধুৰীয়ে সমন্বয়ৰ বাবে কৰা কামে যে তেওঁ মানুহৰ মাজত চিৰস্মৰণীয় কৰি ৰাখিব সেই কথা প্রকাশ কৰিছে।

ব্যাখ্যা : সীতানাথ ব্ৰহ্মচৌধুৰী এনেকুৱা এজন মানুহ আছিল যিজনে নিজৰ জাতিৰ মংগলৰ হকে আৰম্ভণিৰ পৰা কাম কৰিছিল। অসমৰ ভিতৰুৱা অঞ্চলৰ পিচপৰা মানুহখিনিৰ বাবে ৰাষ্টা-ঘাট নিৰ্মাণ কৰা, স্কুল-কলেজ স্থাপন কৰা আদি কাম তেওঁ হাতত লৈছিল। জনহিতকৰ কামবোৰ কৰি যাওতে লগে লগে সাহিত্য চর্চ্চাও কৰি গৈছিল। গোৱালপাৰা, গাৰোপাহাৰ সংসদীয় সমষ্টিৰ পৰা লোকসভাৰ সদস্যৰূপে নিৰ্বাচিত হৈ গোৱালপাৰা তথা অসমৰ উন্নতিৰ হকে কাম কৰিবলৈ চেষ্টা কৰিছিল। অসমৰ প্ৰতিটো সমস্যা সমাধানৰ বাবে তেওঁ সক্রিয় ভূমিকা গ্রহণ কৰিছিল। সকলোৰে উন্নতিৰ কথা চিন্তা কৰা এইজন মহান ব্যক্তি সমন্বয়ৰ প্ৰতীক ৰূপে মানুহৰ মাজত চিৰ স্মৰণীয় হৈ ৰ’ব।

৬। ‘বাঁহী’, ‘চেতনা’ আৰু ‘মিলন’ এই তিনিখন আলোচনীৰ বিষয়ে শিক্ষকৰ সহায়ত জানি লোৱা।

উত্তৰঃ বাঁহী : ‘জোনাকী’, ‘বিজুলী’, ঊষা আদিৰ পাছত লক্ষ্মীনাথ বেজবৰুৱাৰ সম্পাদনাত ‘বাঁহী’ৰ জন্ম হয়। ১৯০৩ চনৰ পৰা ১৯৩৩ চনলৈ এইখন বেজবৰুৱাই সম্পাদনা কৰিছিল। বেজবৰুৱাৰ পাছত অমিয় কুমাৰ দাস আৰু মাধৱচন্দ্ৰ বেজবৰুৱাৰ সম্পাদনাত ১৯৪৫ চনলৈ চলিছিল। 

চেতনা : অম্বিকাগিৰি ৰায়চৌধুৰীৰ সম্পাদনাত ১৯১৫ চনত ‘চেতনা’ প্রকাশ পায়। ১৯২৬ চনলৈ এই আলোচনী প্ৰকাশ পাইছিল। এই আলোচনীৰ জৰিয়তে জনগণৰ মনত স্বাধীনতাৰ চেতনা আনিবলৈ চেষ্টা কৰিছিল। সীতানাথ ব্ৰহ্মচৌধুৰীও চেতনাৰ জৰিয়তে ৰাইজৰ চেতনা আনিবলৈ চেষ্টা কৰিছিল।

মিলন : ‘মিলন’ নামৰ আলোচনীখন আছিল অসম ছাত্ৰ সন্মিলনৰ মুখপত্র। গৰ্গৰাম চৌধুৰী, ডিম্বেশ্বৰ নেওগ, বিনন্দ চন্দ্ৰ বৰুৱা, অতুল চন্দ্ৰ হাজৰিকা আদিৰ দ্বাৰা সম্পাদিত হৈছিল ‘মিলন’।

৭। পঢ়া, বুজা আৰু লিখা : 

উত্তৰঃ চাকৰ+ ই = চাকৰি।

ডাক্তৰ + ই = ডাক্তৰি।

মাষ্টৰ + ই = মাষ্টৰি।

বদমাচ + ই = বদমাচি।

৮। বুজা আৰু লিখা :

উত্তৰঃ বিদ্যাৰ আলয় — বিদ্যালয়।

দেৱৰ আলয় — দেৱালয়। 

জুইৰ শাল ― জুইশাল।

মৌৰ চাক — মৌচাক।

পুথিৰ ভঁৰাল ― পুথি ভঁৰাল।

ৰজাৰ হাউলী — ৰাজহাউলী

৯। বাক্য ৰচনা কৰা :

ঘামি-জামি, পিছে-পৰে, কওঁ-নকওঁ

উত্তৰঃ ঘামি-জামি : খেতিয়কজনে ঘামি-জামি পথাৰৰ পৰা আহি পোৱাৰ পিছত ঘৈণীয়েকে ভালদৰে আলপৈচান ধৰিছিল। 

পিছে পৰে : সকলো কাম পিছে-পৰে কৰিম বুলি কেতিয়াও ভাবিব নালাগে।

কওঁ-নকও : ছাত্ৰজনে কওঁ-নকওঁকৈ প্ৰশ্নৰ উত্তৰটো ক’লে।

১০। পঢ়া আৰু লিখা :

উত্তৰঃ সেউজ + ঈয়া = সেউজীয়া।

নগৰ + ঈয়া = নগৰীয়া।

চহৰ + ঈয়া = চহৰীয়া।

উজনি + ঈয়া = উজনীয়া।

নোমল + ঈয়া = নুমলীয়া।

নিয়ম + ঈয়া = নিয়মীয়া।

পাহাৰ + ঈয়া = পাহাৰীয়া।

পর্বত + ঈয়া পৰ্বতীয়া।

পুৰুষ + ঈয়া = পুৰুষীয়া।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top