Assam Jatiya Bidhyalay Class 7 Assamese Chapter 13 অর্জুন ভঞ্জন, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন পাঠ Class 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidhyalay Class 7 Assamese Chapter 13 অর্জুন ভঞ্জন Class 7 Assamese Question Answer can be of great value to excel in the examination.
Assam Jatiya Bidhyalay Class 7 Assamese Chapter 13 অর্জুন ভঞ্জন Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidhyalay Class 7 Assamese Chapter 13 অর্জুন ভঞ্জন provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.
অর্জুন ভঞ্জন
Chapter – 13
অসম জাতীয় বিদ্যালয়
১। প্রথমে কোৱা, তাৰ পাছত লিখা।
ক) যশোদাক কিয় নন্দৰাণী বোলা হয়?
উত্তৰঃ নন্দ ৰজাৰ ৰাণী কাৰণে যশোদাক নন্দৰাণী বোলা হয়।
খ) মথনি দণ্ড মানে কি?
উত্তৰঃ মথনি দণ্ড মানে গাখীৰ মথিবলৈ ব্যৱহাৰ কৰা দণ্ড।
গ) কৃষ্ণই কি কাৰণে মথনি দণ্ডডাল ভাঙি পেলাইছিল?
উত্তৰঃ কৃষ্ণই মাকৰ গাখীৰ খাই থাকোতে গাখীৰ পৰা বুলি শুনি যশোদাই কৃষ্ণক কোলাৰ পৰা নমাই দিয়াত খং উঠি কৃষ্ণই মথনি দণ্ডডাল ভাঙি পেলাইছিল।
ঘ) কৃষ্ণই লৱনুবোৰ কাক খাবলৈ দিছিল?
উত্তৰঃ কৃষ্ণই লৱনুবোৰ বান্দৰক খাবলৈ দিছিল।
ঙ) কৃষ্ণক ধৰিবলৈ খেদি ফুৰোতে যশোদাৰ কেনে অৱস্থা হৈছিল?
উত্তৰঃ কৃষ্ণক ধৰিবলৈ খেদি ফুৰোতে যশোদাৰ খোপাৰ মালতীফুল সৰি পৰিল, খোপা খুলি গৈ চুলি আউলী-বাউলী হৈ পৰিল। খঙত-দুখত দুচকুৰে সৰসৰাই পানী পৰিবলৈ ধৰিলে।
চ) যশোদাই কৃষ্ণক কেনেদৰে বান্ধি থৈছিল?
উত্তৰঃ যশোদাই কৃষ্ণক উৰালত আটি আটি বান্ধি থৈছিল।
ছ) অর্জুন গছ দুজোপাৰ মাজৰ পৰা ওলাই অহা দিব্য পুৰুষ দুজনা কোন কোন?
উত্তৰঃ অর্জুন দুজোপাৰ মাজৰ পৰা ওলাই অহা দিব্য পুৰুষ দুজন আছিল— কুবেৰৰ দুই পুত্ৰ নলকুবেৰ আৰু মনিকুবেৰ।
জ) নন্দই যশোদক কিয় ককৰ্থনা কৰিছিল নিজৰ ভাষাত লিখা।
উত্তৰঃ যশোদাই কৃষ্ণক বান্ধি থোৱাৰ পিছত কৃষ্ণই উৰলৰে সৈতে গৈ ঘৰৰ চৌহদত থকা যমনাৰ্জ্জুন দুজোপাৰ কাষ পালে। কৃষ্ণই গছ দুজোপাৰ মাজেৰে যাব খোজোতে উৰলটো গছৰ ফেৰেঙণিত লাগি ধৰিলে আৰু কৃষ্ণৰ আজোৰত গছ দুজোপা প্রচণ্ড শব্দ কৰি ভাঙি পৰিল। পিছত নন্দৰজা আহি তেনে অৱস্থাত কৃষ্ণক দেখি গাৰ পৰা বান্ধ খুলি দি গাৰ ধূলি-মাকতি জোকাৰি কোলাত তুলি ল’লে। তেতিয়া কৃষ্ণই উচুপি উচুপি কান্দি কান্দি মাকৰ সকলো কথা দেউতাকক লগাই দিলে। নন্দই কৃষ্ণক মুখত অজস্র চুমা খাই ঘৰলৈ আহি কৃষ্ণৰ উৰলত বান্ধা কাৰণে নানা ধৰণে ককৰ্থনা কৰিছিল।
২। বুজা আৰু লিখা :
কঠিন ― সহজ।
চঞ্চল ― স্থিৰ।
বন্দী ― স্বাধীন।
অভিসাপ ― আশীর্বাদ।
আবির্ভাব ― তিৰোভাৱ।
পুৰস্কাৰ ―তিৰস্কাৰ।
৩। বুজা আৰু লিখা :
যমল + অর্জুন = যমলার্জুন।
নন্দ + ঈশ্বৰ = নন্দেশ্বৰ।
অতি + উৎসাহ = অত্যুৎসাহ।
জন্ম + অন্ধ = জন্মান্ধ।
উমা + আনন্দ = উমানন্দ।
উত্তৰ + উত্তৰ = উত্তোৰত্তৰ।
৪। কাক কি বোলা হয় লিখা :
ক) যিয়ে গাখীৰ বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰে ― গুৱাল।
খ) মাছ মাৰি জীৱিকা নিৰ্বাহ কৰা লোক― পোহাৰী।
গ) যিয়ে ডাঢ়ি চুলি কাটে— নাপিত।
ঘ) বাঁহ-বেতৰ সামগ্ৰী তৈয়াৰ কৰে যিয়ে— বাঁহ বেতৰ শিল্পী।
ঙ) ঘৰে ঘৰে বাতৰিকাকত বিলাই ফুৰা লোক – হকাৰ।
৫। উদাহৰণটো চাই বাকীকেইটা কৰা :
উদাহৰণ : পোৱাল + ঈ = পোৱালী।
সম + তান = সন্তান।
ধান + অনি = ধাননি।
মথ + অনি = মথনি।
গৰুৰখ + ঈয়া = গৰুৰখীয়া।
৬। ল’ৰালি কালত কৃষ্ণই নানান দুষ্টামি কৰিছিল। এনে দুষ্টামিবোৰৰ কথা মাধৱদেৱৰ কেইবাটাও বৰগীতত পোৱা যায়। তেনেকুৱা দুটা বৰগীত সংগ্ৰহ কৰি বহীত লিখা।
উত্তৰঃ বৰগীত মাধৱদেৱ
ৰাগ ভাটিয়ালী
আলো মাই
গালি তুমি নাপাৰিয়ো মোৰে।
যত অপমান মোৰে দিয়া আছা বাৰে বাৰে
ভালে আমি ময়া আছো তাৰে।।
পদ : কোন ছাব পুৰাতন সে কড়া দুইৰ ধন
কলসি ভাঙ্গিলো দেখি ৰাগে।
হৈবাক নবৈল মোৰ যেন পাইল ঘণ্ট চেৰ
বান্ধিলা গৰুৰ লৈয়া পাগ।
এই অপৰাধ খানি নসৈলা নন্দেৰ ৰাণী
আৱৰ সহিবা তুমি কি।
তোমাৰ লক্ষণ দেখি জগতে জানিল তুমি
যেন বৰ মানুষৰ ঝী।।
৭। চমুটোকা লিখা :
(ক) ঝুমুৰা।
(খ) অংকীয়া নাট।
উত্তৰঃ ঝুমুৰা : মহাপুৰুষ মাধৱদেৱে মহাপুৰুষ শংকৰদেৱৰ আৰ্হিত ৰচনা কৰা নাটক ‘অর্জুন ভঞ্জন’ৰ বাহিৰে বাকী চোৰধৰা, পিম্পৰা গুচোৱা, ভোজন বেহাৰ আদি নাটৰ ঝুমুৰা বোলে। কাৰণ ইয়াত অংকীয়া নাটৰ সকলো অংগ দেখা নাযায়। একোটা সাধাৰণ পৰিস্থিতিকলৈ ঝুমুৰা কেইখন ৰচনা কৰা হৈছে।
অংকীয়া নাট : মহাপুৰুষ শংকৰদেৱে সংস্কৃত নাটকৰ আৰ্হিত এক শ্ৰেণীৰ অসমীয়া নাটক ৰচনা কৰে। সংস্কৃত নাটকত থকা অংক ইয়াতো ব্যৱহাৰ কৰা বাবে লোকিক ভাষাত ইয়াক অংকীয়া নাট বোলে। শংকৰদেৱে ৰচিত নাট কেইখন হ’ল – কালিয় দমন, কেলি গোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, ৰাম বিজয় ইত্যাদি। চিহ্ন-যাত্রা মহাপুৰুষৰ প্ৰথম নাট।
৮। মাধৱদেৱৰ বিষয়ে এখন সুন্দৰ ৰচনা লিখা।
উত্তৰঃ মহাপুৰুষ মাধৱদেৱৰ জন্ম নাৰায়ণপুৰৰ লেটেকু পুখুৰী নামে ঠাইত ১৪৮১ চনত। পিতৃ আছিল গোবিন্দগিৰি ভূঞা। বর্তমান বাংলাদেশৰ বাণ্ডুকা নামে ঠাইত শিক্ষা গ্ৰহণ কৰে। বেলগুৰি সত্ৰত ১৫২২ চনত শংকৰদেৱৰ ওচৰত শৰণ লয়। আহোম ৰজাৰ ৰোষত পৰি ১৫৪৬ চনত ভটিয়াই আহি কোচবেহাৰ পায়। নামনি অসমৰ বাৰাদি, গণককুছি, সুন্দৰীদিয়া, ভেলাদাঙ্গা আদি ঠাইত তেওঁ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰে লগতে নতুন সাহিত্য কৰ্মৰ সৃষ্টিত ব্রতী হয়। মহাপুৰুষ শংকৰদেৱে ইহলীলা সম্বৰণ কৰাৰ পাছত নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে সম্পূর্ণ দায়িত্বভাৰ মাধৱদেৱে কান্ধ পাতি লৈ দক্ষতাৰে সেই কাৰ্য চলাই নিছিল। ধৰ্ম প্ৰচাৰ কৰা সময়ত তেওঁ বৈষ্ণৱ ধৰ্মৰ ৰম্যপুৰী ৰূপে খ্যাত ‘বৰপেটা সত্ৰ’ প্ৰতিষ্ঠা কৰে যি আজিও সগর্বে সত্ৰ পৰম্পৰা অক্ষুণ্ণ ৰাখিছে। অসাধাৰণ প্ৰতিভাৰ অধিকাৰী এইজনা মহাপুৰুষে ১৫৯৬ চনত কোচবিহাৰৰ ভেগাদাঙ্গাত ইহলীলা সম্বৰণ কৰে। গুৰুজনাই ৰচনা কৰি যোৱা উল্লেখযোগ্য সাহিত্যৰাজি হ’ল— নামঘোষা, বৰগীত, ৰাজসূয় কাব্য, দধিমথন, চোবধৰা, পিম্পৰা গুচোৱা, ভোজন বেহাৰ, গুৰু ভটিমা, ভক্তি ৰত্নাৱলী, জন্ম ৰহস্য ইত্যাদি।
৯। কৃষ্ণক অনেক নামেৰে জনা যায়। সেই নামবোৰ সংগ্ৰহ কৰিবলৈ যত্ন কৰা।
উত্তৰঃ কৃষ্ণৰ নামৰ অন্ত নাই বুলি কব পাৰি। ক’ৰবাত কৃষ্ণৰ ১০৮টা নাম পোৱা যায় আৰু ক’ৰবাত সহস্ৰ নামো পোৱা যায়। তলত তেনেকুৱা নাম কেইটামান লিখিবলৈ যত্ন কৰা হ’ল—
শ্রীকৃষ্ণ শংকৰ, সদাশিৱ সনাতন।
পীতাম্বৰধাৰী বিষ্ণু জিষ্ণু উনাৰ্দ্দন।।
গোৱৰ্দ্ধনধাৰী মধুমথন ঈশ্বৰ।
বেণু বাদ্য বিশাৰদ দেৱ গদাধৰ।।
যশোদানন্দন নন্দগোপাল কুমাৰ।
কেশৱ কমলানাথ প্রমথ সংহাৰ।।
ভাস্কৰ পুণ্ডৰীকাক্ষ বিষ্ণু বিশ্বস্তৰ।
অনিৰুদ্ধ সত্যসন্ধ শুদ্ধ ধৰাধৰ।।
দৈৱকী নন্দন হৰি নিকিঞ্চন ধন।
বৈকুণ্ঠ কমলাকান্ত নাথ নাৰায়ণ।।