অসম বুৰঞ্জী [Part 9]
1. কোন চনৰ পৰা অসমত মাটিৰ ‘ম্যাদী পাট্টা’ আৰম্ভ কৰা হৈছিল ?
উত্তৰঃ ১৮৮৬ চনত।
2. ‘জয়দৌল’ আৰু ‘জয়সাগৰ পুখুৰী’ কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল ?
উত্তৰঃ আহোম স্বৰ্গদেও ৰুদ্ৰসিংহই।
3. আহোমসকলৰ শেষ কীৰ্তিস্তম্ভটো গুৱাহাটীৰ ক’ত অৱস্থিত ?
উত্তৰঃ বশিষ্টাশ্ৰমত ।
4. অসমৰ প্ৰাচীনতম নাম –
উত্তৰঃ – প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ ।
5. প্ৰাচীন অসমৰ ইতিহাস ৰচনাত আটাইতকৈ বেছি সমল যোগোৱা সংস্কৃত গ্ৰন্থখন –
উত্তৰঃ – কালিকা পুৰাণ ।
6. অসমৰ প্ৰাচীনতম শাসকগৰাকী –
উত্তৰঃ – মহীৰংগ দানৱ ।
7. প্ৰাগজ্যোতিষৰ পশ্চিম সীমাত –
উত্তৰঃ – বৰ্তমান বাংলাদেশৰ কৰতোৱা নদী ।
8. প্ৰাগজ্যোতিষপুৰৰ দক্ষিণ সীমাত –
উত্তৰঃ – বঙ্গোপসাগৰ ।
9. প্ৰাচীন কামৰূপ ৰাজ্যৰ চাৰিটা ভাগত বিভক্ত আছিল –
উত্তৰঃ – ১) কামপীঠ – ( সোণকোষ বা স্বৰ্ণকোষ নদীৰপৰা ৰূপহী নদীলৈকে ) ।
২) ৰত্নপীঠ – ( পূবে স্বৰ্ণকোষ নদীৰপৰা পশ্চিমে বৰ্তমানৰ বাংলাদেশৰ কৰতোৱা নদীলৈকে বিস্তৃত অঞ্চল ) ।
৩) স্বৰ্ণপীঠ – ( ৰূপহীৰ পৰা ভৰালী নদীলৈ ) ।
৪) সৌমাৰপীঠ – ( ভৰলীৰপৰা দিকৰাই বা ডিক্ৰঙলৈ ) ।
10. সতী জয়মতীক শাস্তি দিয়া পথাৰখন –
উত্তৰঃ – জেৰেঙা পথাৰ ।
11. মূলা গাভৰু –
উত্তৰঃ – বৰগোঁহাই ফ্ৰাঙচেংমুঙৰ পত্নী । তুৰ্বকৰ আক্ৰমণৰ সময়ত নিজে ঘোঁৰাত উঠি শত্ৰু পক্ষৰ লগত যুদ্ধ কৰি প্ৰাণ ত্যাগ কৰিছিল ।
12. শৰাইঘাটৰ যুদ্ধ হৈছিল –
উত্তৰঃ – ১৬৭১ খ্ৰীষ্টাব্দত । ( মোগল আৰু আহোমৰ মাজত হৈছিল ) ।
13. শৰাইঘাটৰ যুদ্ধৰ দুয়োপক্ষৰ সেনাপতি আছিল –
উত্তৰঃ – লাচিত বৰফুকন ( আহোম ) আৰু ৰাম সিং (মোগল) ।
14. প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল –
উত্তৰঃ – ১৭৬৯ খ্ৰীষ্টাব্দত ।
15. দন্দুৱা বিদ্ৰোহ হৈছিল –
উত্তৰঃ – আহোম ৰজা কমলেশ্বৰ সিংহৰ দিনত ।
16. দন্দুৱা বিদ্ৰোহ নেতা –
উত্তৰঃ – হৰদত্ত আৰু বীৰদত্ত নামে দুই ভাই – ককাই ।
17. দন্দুৱা বিদ্ৰোহৰ কাৰণ –
উত্তৰঃ – কামৰূপত আহোম বৰফুকন কলীয়া ভোমোৰাৰ অত্যাচাৰ ।
18. জলমবটা বা নকল আহোম –
উত্তৰঃ – ৰজা কীৰ্তিচন্দ্ৰ ।
19. ‘চকৰী ফেঁটী’ বুৰঞ্জীৰ ৰচক –
উত্তৰঃ – নুমলী বৰগোঁহাই ।
20. মোগলসকলে অসম আক্ৰমণ কৰিছিল –
উত্তৰঃ – ১৭ বাৰ ।

Hi, I’m Dev Kirtonia, Part-Time Blogger, Web Designer & Digital Marketer. Founder of Dev Library. A website that provides all SCERT, NCERT, and BA, B.com, B.Sc with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Study Materials, and more.
MAY I GET PDF FORMAT OF THESE AVOBE QUESYIONS ANSWERS?
No, Not available