ASOS Class 12 Economics Chapter 9 সূচকাঙ্ক গঠনৰ সমস্যাৱলী আৰু ব্যৱস্থাসমূহ

ASOS Class 12 Economics Chapter 9 সূচকাঙ্ক গঠনৰ সমস্যাৱলী আৰু ব্যৱস্থাসমূহ, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Economics Chapter 9 সূচকাঙ্ক গঠনৰ সমস্যাৱলী আৰু ব্যৱস্থাসমূহ and select needs one.

ASOS Class 12 Economics Chapter 9 সূচকাঙ্ক গঠনৰ সমস্যাৱলী আৰু ব্যৱস্থাসমূহ

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Economics Chapter 9 সূচকাঙ্ক গঠনৰ সমস্যাৱলী আৰু ব্যৱস্থাসমূহ Solutions for All Subject, You can practice these here.

সূচকাঙ্ক গঠনৰ সমস্যাৱলী আৰু ব্যৱস্থাসমূহ

Chapter : 9

পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. সূচকাঙ্ক গঠন কৰোঁতে ভিত্তি বৰ্ষ নিৰ্বাচনৰ সমস্যায়ো ব্যাখ্যা কৰা।

উত্তৰঃ দৰ সূচকাঙ্কটো আপেক্ষিক দৰ ৰূপত প্ৰকাশ কৰা হয়। গতিকে তুলনাৰ বাবে আমি এটা ভিত্তি সময় বাছি ল’ব লাগে। এই ভিত্তি সময়কে ভিত্তি বর্ষ বা প্রাসংগিক সময় বুলি কোৱা হয়। ভিত্তি বৰ্ষ নিৰ্বাচনৰ সমস্যাটোৰ ওপৰত নিৰ্ভৰ কৰিয়েই তুলনাটো কৰা হয়। এই ভিত্তি সময়টো এটা বছৰ, এটা মাহ বা এটা দিন হ’ব পাৰে। আনহাতে ভিত্তি সময়ৰ নিৰ্বাচন কৰাটো নিৰ্ভৰ কৰে সূচকাঙ্কৰ গঠন কৰা উদ্দেশ্যৰ ওপৰত। ভিত্তি সময়টো অতি বেছি পুৰণি হ’ব নালাগে। ইয়াৰ কাৰণ হ’ল সময় আগবঢ়াৰ লগে লগে কিছুমান পুৰণি দ্রব্যই ইয়াৰ গুৰুত্ব হেৰুৱায় আৰু কিছুমান নতুন দ্ৰব্যই অভাৱবিলাক পূৰণ কৰিব পাৰে। আকৌ এই সময়টো স্বাভাৱিক অৰ্থনৈতিক কাৰ্যকলাপৰ সময় হ’ব লাগে। অৰ্থাৎ এই সময়ত কোনো ভূমিকম্প, যুদ্ধ, খৰাং বতৰ, বানপানী অথবা যিকোনা প্রাকৃতিক দুর্যোগ সংঘটিত হ’ব নালাগে।

2. সূচকাঙ্ক গঠন কৰোঁতে ভৰ নিৰ্বাচনৰ সমস্যাটো ব্যাখ্যা কৰা।

উত্তৰঃ সূচকাঙ্কত অন্তৰ্ভুক্ত হ’ব লগা দ্ৰব্য আৰু সেৱাসমূহৰ নিৰ্বাচনো নিৰ্ভৰ কৰে সূচকাঙ্ক গঠনৰ উদ্দেশ্যৰ ওপৰত। যিবিলাক দ্ৰব্য আৰু সেৱাৰ সূচকাঙ্ক গঠনৰ উদ্দেশ্যত নিৰ্বাচন কৰা হয়, সিবিলাক সেই দ্ৰব্য আৰু সেৱাবিলাক জনপ্ৰিয় আৰু যিসকল লোকৰ বাবে সূচকাঙ্ক গঠন কৰা হৈছে তেওঁলোকৰ ৰুচি, পছন্দ আৰু ৰীতি–নীতিক প্ৰতিনিধিত্ব কৰা হ’ব লাগে। ধৰা হওঁক আমি ওখলাৰ ঔদ্যোগিক কৰ্মীসকলৰ জীৱন নিৰ্বাহ ব্যয় সূচকাঙ্ক গঠন কৰিব লাগে। এনে ক্ষেত্ৰত আমি এই সকলো লোকে ব্যৱহাৰ কৰা দ্ৰব্য আৰু সেৱাহে বাছি ল’ব লাগে। সাধাৰণতে ঔদ্যোগিক কর্মীসকলে কিছুমান দ্রব্য উলৰ কার্পেট, ৰিফ্ৰিজাৰেটৰ, ভি. চি আৰ আদি দ্রব্যবিলাকৰ ব্যৱহাৰ অতি কম অথবা একেবাৰে নকৰে। গতিকে সেৱাসমূহৰ নিৰ্বাচন, সিবিলাকৰ পৰিমাণ আৰু সংখ্যা ইত্যাদি বিলাক পৰিয়ালৰ বাজেট অনুসন্ধান কৰি পোৱা যায়। যিবিলাক লোকৰ বাবে সূচকাঙ্ক গঠন কৰা হ’ব, তেওঁলোকৰ পৰাই এই অনুসন্ধানবিলাক কৰিব লাগে। দিল্লীৰ ওখলা অঞ্চলৰ ঔদ্যোগিক কৰ্মীসকলৰহে বাজেট অনুসন্ধান কৰিব লাগে। আমি এইসকল লোকৰ মাজৰ পৰাই কিছুমান পৰিয়াল বাছি লৈ তেওঁলোকে উপভোগ কৰা দ্রব্যসমূহ, সিবিলাকৰ বাবে পৰিশোধ কৰা দৰ আৰু কোনবিলাক ঠাইৰ পৰা সিবিলাক দ্ৰব্য প্ৰয় কৰা হৈছে সিবিলাক বিষয়হে অনুসন্ধান কৰি ল’ব লাগে। তেওঁলোকে ব্যৱহাৰ কৰা দ্ৰব্য আৰু পৰিমাণবিলাকো ল’ব লাগে।

3. সুচকাঙ্ক গঠন কৰোঁতে গড় নিৰ্বাচনৰ সমস্যাটো ব্যাখ্যা কৰা।

উত্তৰঃ সূচকাঙ্কটো এটা পৰিসাংখ্যিকীয় পদ্ধতি আৰু ই কোনো সময় বা স্থানৰ ব্যৱধানত এটা বা অধিক সম্পর্কিত চলকৰ গড় পৰিৱৰ্তনৰ কথা দেখুৱায়। গাণিতিক মাধ্য, মাধ্যিকী, বহুলক, গুণোত্তৰ মাধ্য আদিৰ পৰা কোনটো গড় এই উদ্দেশ্যে ব্যৱহাৰ কৰা হ’ব। সাধাৰণতে গুণোত্তৰ মাধ্যকে এটা ভাল পদ্ধতি হিচাপে গণ্য কৰা হয়। কিন্তু ইয়াৰ গণনাৰ বাবে অসুবিধা থকা বাবে, কাচিৎহে ব্যৱহাৰ কৰা হয়। সেয়ে বেছিভাগ ক্ষেত্ৰতে গাণিতিক মাধ্যকে গড় হিচাপে ব্যৱহাৰ কৰা হয়। এতিয়া এই সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত, ইয়াৰ পিছৰ সমস্যাটো হ’ল সৰল গড় পদ্ধতি নে ভৰযুক্ত গড় পদ্ধতি ব্যৱহাৰ কৰা হ’ব। কম গুৰুত্বপূর্ণ অধ্যয়নবিলাকৰ বাবে সৰল বা অনাভযুক্ত গড় পদ্ধতিকে ব্যৱহাৰ কৰা উচিত। আনহাতে বেছি সূক্ষ্ম অধ্যয়নবিলাকৰ বাবে উপযুক্ত ভৰযুক্ত পদ্ধতি ব্যৱহাৰ কৰিব লাগে।

4. সূচকাঙ্কৰ কিছুমান ব্যৱহাৰ ব্যাখ্যা কৰা।

উত্তৰঃ সূচকাংকৰ ব্যৱহাৰসমূহ হ’ল—

(ক) দৰ সূচকাঙ্ক হ’ল জীৱন নিৰ্বাহ ব্যয়ৰ এটা পৰিমাপ। আমি ব্যৱহাৰ কৰা দ্রব্য আৰু সেৱাবিলাকৰ পৰিৱৰ্তন হৈ থাকে। সাধাৰণতে দেখা যায় যে আমাৰ ঘৰুৱা ব্যৱহাৰ অথবা ব্যৱসায়ত ব্যবহৃত দ্রব্য সেৱাবিলাকৰ দাম সময়ৰ গতিত বৃদ্ধি পাই গৈ থাকে। ইয়াৰ ফলত জীৱন–নিৰ্বাহৰ ব্যয়ো বাঢ়ে। ইয়াৰ বাবে কৰ্মচাৰীয়ে বেছি মজুৰি, মৰগীয়া বানচ, বেছি কেৰেয়া ইত্যাদি দাবী কৰে। কৰ্মচাৰীসকলে কিমান বেছি মজুৰি পাব সেইটো নিয়োগকৰ্তাৰ চিন্তনীয় বিষয়। এই ক্ষেত্ৰত দৰ সূচকাঙ্কই প্ৰদৰ্শন কৰে। নিম্নতম মজুৰি কিমানত স্থিৰ হ’ব, মৰগীয়া বানচ কিমান পৰিমাণৰ দিব, সেইবিলাক কথা চৰকাৰে এই দৰ সূচকাঙ্কৰ ওপৰত ভিত্তি কৰিয়েই নিৰ্ধাৰণ কৰে।

(খ) দৰ সূচকাঙ্কই কোনো এটা অৰ্থনীতিত মুদ্রাস্ফীতি আৰু মুদ্রাসংকোচন আদিৰ প্ৰৱণতা পৰিমাপ কৰে। এই প্ৰৱণতাবিলাক ৰোধ কৰিবলৈ চৰকাৰে উপযুক্ত নীতি গ্রহণ কৰে।

(গ) কোনো এটা অৰ্থনীতিত বিভিন্ন খণ্ডৰ অৰ্থনৈতিক প্ৰগতি দেখুৱাবলৈ হ’লে উৎপাদন সূচকাঙ্ক এটা ভাল পৰিমাপ। এই সূচকাঙ্কবিলাক উৎপাদনৰ ভৱিষ্যৎ প্রৱণতা অথবা ভৱিষ্যত উৎপাদন কি হ’ব সেই বিষয়ে ক’বলৈ ব্যৱহাৰ কৰিব পাৰি। গতিকে এনেবিলাক সূচকাঙ্কক পৰিকল্পনাৰ কামতো অতিশয় উপযোগী।

(ঘ) ৰাষ্ট্ৰীয় আয়, ৰপ্তানি, আমদানি সম্পর্কীয় সূচকাঙ্কবিলাক অতি প্রয়োজনীয়। ৰাষ্ট্ৰীয় আয় সূচকাঙ্ক অর্থনৈতিক প্ৰগতিৰ হাৰ নিৰ্দেশ কৰে। আনহাতে জনমূৰি আয় সূচকাঙ্কই অৰ্থনৈতিক উন্নয়নৰ হাৰ আৰু দৰিদ্ৰতাৰ পৰ্যায় নিৰ্দেশ কৰে।

(ঙ) সূচকাঙ্ক কোনো এখন দেশৰ বিভিন্ন অঞ্চলৰ মাজত আৰু বিভিন্ন দেশবিলাকৰ মাজত তুলনা কৰিবলৈকো ব্যৱহাৰ কৰা হয়।

5. তলৰ সূচকাঙ্কটো ব্যাখ্যা কৰা –

X নামৰ দেশখনৰ পাইকাৰী দৰ সূচকাঙ্ক (ভিত্তি বৰ্ষ 1980–81 = 100)

উত্তৰঃ সূচকাঙ্কটোৱে সকলোবিলাক দ্রব্যকে তিনিটা শ্ৰেণীত ভাগ কৰিছে— প্রাথমিক দ্রব্য, কাৰখানাজনিত দ্ৰব্য আৰু ইন্ধন, শক্তি পোহৰ সকলোবোৰ দ্ৰব্য আৰু ইন্ধনজাত দ্রব্য।

সূচক সংখ্যাটো সম্পর্কে এনেদৰে ক’ব পাৰি—

1. 1980 – 81 চনৰ বছৰটো ভিত্তিবৰ্ষ হিচাপে ল’ব পাৰি আৰু ইয়াৰ সূচকাঙ্ক হ’ল 100। অন্য সকলো বৰ্ষৰ দৰবিলাক ইয়াৰ শতাংশ হিচাপত প্ৰকাশ কৰা হয়।

2. ই এটা ভৰ যুক্ত সূচকাঙ্ক। বিভিন্ন বিভাগৰ দ্ৰব্যবিলাকৰ ওপৰত বিভিন্ন ধৰণে ভৰ আৰোপ কৰা হৈছে। প্ৰাথমিক দ্ৰব্য, কাৰখানা উৎপাদিত দ্রব্য, ইন্ধন ইত্যাদিৰ ভৰ বিভিন্ন ধৰণে আৰোপ কৰা হৈছে আৰু ইবিলাক হ’ল ক্ৰমে 100 ৰ ভিতৰত 41.67%, 49.87% আৰু 8.46 ভৰ।

3. সূচকাংখটো গঠন কৰা হৈছে 1 নং স্তম্ভত দিয়া দিয়া বছৰবিলাকৰ দৰৰ ভিত্তিত।

4. প্রত্যেক বছৰৰ দৰে গঠন কৰা দৰ সূচকাঙ্কই কেৱ 1980–81 চনৰ দৰৰ ভিত্তিত তুলনামূলক দৰ পৰ্যায়ৰ পৰিৱৰ্তন দেখুৱায়।

5. 1993 – 94 চনত সকলোবিলাক দৰৰ সূচকাঙ্ক আছিল 322% আৰু 1980–81 চনৰ ভিত্তি বৰ্ষৰ আছিল 100%। অর্থাৎ 13 বছৰত 122% দৰ বৃদ্ধি পালে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top