ASOS Class 12 Economics Chapter 26 কৃষি, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Economics Chapter 26 কৃষি and select needs one.
ASOS Class 12 Economics Chapter 26 কৃষি
Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Economics Chapter 26 কৃষি Solutions for All Subject, You can practice these here.
কৃষি
Chapter : 26
26.1 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ
1. বন্ধনীৰ ভিতৰৰ পৰা উপযুক্ত শব্দ বাছি লৈ খালী ঠাই পূৰ্ণ কৰা। (এক-তৃতীয়াংশ, দুই-তৃতীয়াংশ, ঔদ্যোগিক, গুৰুত্বপূর্ণ, উদগনি, কৃষি)।
(i) ______ হৈছে ভাৰতৰ অৰ্থনীতিৰ সবাতোকৈ অধিক গুৰুত্বপূর্ণ খণ্ড।
উত্তৰঃ কৃষি।
(ii) ভাৰতৰ জনসংখ্যাৰ প্ৰায় _____ কৃষিৰ ওপৰত নিৰ্ভৰশীল।
উত্তৰঃ দুই-তৃতীয়াংশ।
(iii) কাপোৰ, জোতা, আচবাব-পত্ৰ, ৰেডিঅ’, টিভি আদি _____ খণ্ডই উৎপাদন কৰে।
উত্তৰঃ ঔদ্যোগিক।
(iv) কাৰখানা-নিৰ্মিত বস্তুৰ বৰ্ধিত চাহিদাই উদ্যোগ খণ্ডৰ সম্প্ৰসাৰণত ______ যোগায়।
উত্তৰঃ (iv) উদগনি।
(v) ভাৰতৰ বৈদেশিক বাণিজ্যত কৃষিয়ে ______ ভূমিকা পালন কৰিছে৷
উত্তৰঃ (v) গুৰুত্বপূৰ্ণ।
(vi) ভাৰতৰ জাতীয় আয়ৰ প্ৰায় ______ কৃষিৰ পৰা আহে।
উত্তৰঃ (vi) এক–তৃতীয়াংশ।
2. তলৰ তালিকাত দিয়া কেঁচামালসমূহে কোনবিধ সামগ্রী উৎপাদনত সহায় কৰে দেখুওৱা।
(i) কুঁহিয়াৰ | (A) তেল |
(ii) তৈল বীজ | (B) কাপোৰ |
(iii) কেঁচা কপাহ | (C) টায়াৰ আৰু টিউব |
(iv) ৰবৰ | (D) চেনি |
উত্তৰঃ
(i) কুঁহিয়াৰ | (D) চেনি। |
(ii) তৈল বীজ | (A) তেল। |
(iii) কেঁচা কপাহ | (B) কাপোৰ। |
(iv) ৰবৰ | (C) টায়াৰ আৰু টিউব। |
26.2 পাঠ-অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ
1. বন্ধনীৰ ভিতৰৰ পৰা উপযুক্ত শব্দ বাছি লৈ খালী ঠাই পূৰ্ণ কৰা। (ব্যাপক, উৎপাদন, বিস্তৃত, 20 কুইন্টল, 30 কুইণ্টল)।
(i) অধিক মাটিত কৃষিকৰ্ম কৰি উৎপাদন বৃদ্ধি কৰা পদ্ধতিটোৰ নাম হৈছে ______ পদ্ধতি।
উত্তৰঃ বিস্তৃত।
(ii) একেডৰা মাটিতেই অধিক শস্য উৎপাদন কৰি উৎপাদন বৃদ্ধি কৰা পদ্ধতিটো হৈছে ______পদ্ধতি।
উত্তৰঃ ব্যাপক।
(iii) ভূমিৰ উৎপাদনশীলতা হৈছে প্ৰতি হেক্টৰত উৎপাদিত ______।
উত্তৰঃ উৎপাদন।
(iv) যদিহে 3 হেক্টৰ ভূমিত 60 কুইণ্টল ধান উৎপাদন হয়, তেন্তে প্রতি হেক্টৰ ভূমিৰ উৎপাদনশীলতা হ’ব ______।
উত্তৰঃ 20 কুইন্টল।
2. তলত দিয়া তালিকাৰ পৰা 1994-95 চনত কোনখন দেশত কোনবিধ শস্যৰ অধিক উৎপাদন হৈছিল দেখুওৱা।
(i) মাকৈ | (a) উত্তৰ কোৰিয়া। |
(ii) ধান | (b) ভূটান। |
(iii) ঘেঁহু | (c) ইজৰাইল। |
(iv) চীনা বাদাম | (d) গ্রীচ। |
(v) মৰাপাট | (e) আয়াৰলেণ্ড। |
উত্তৰঃ
(i) মাকৈ | (d) গ্রীচ। |
(ii) ধান | (a) উত্তৰ কোৰিয়া। |
(iii) ঘেঁহু | (c) ইজৰাইল। |
(iv) চীনা বাদাম | (e) আয়াৰলেণ্ড। |
(v) মৰাপাট | (b) ভূটান। |
26.3 পাঠ-অন্তৰ্গত প্রশ্নাৱলীৰ উত্তৰঃ
1. বন্ধনীৰ ভিতৰৰ পৰা উপযুক্ত শব্দ বাছি লৈ খালী ঠাই পূৰ্ণ কৰা। (70, ভূস্বামী, ৰায়ত, 4:2:1, 5% ৰ পৰা 10% লৈ, নাইট্ৰ’জেনযুক্ত, 8.5:2.5:1, 60, 5:4:3, 10% ৰ পৰা 20% লৈ)।
(i) ভেৰোণীয়া হিচাপত মাটি লৈ খেতি কৰা কৃষকক ______ বুলি কোৱা হয়।
উত্তৰঃ ৰায়ত।
(ii) আমাৰ দেশৰ ______ শতাংশ কৃষিভূমিতেই উপযুক্ত জলসিঞ্চনৰ অভাৱ।
উত্তৰঃ 70%.
(iii) নাইট্ৰজেনঃ ফছফেটঃ প ‘টাচৰ কাম্য অনুপাত হৈছে ______।
উত্তৰঃ 4:2:1.
(iv) ভাৰতৰ নাইট্ৰ’জেনঃ ফছফেটঃ প’টাচ সাৰৰ ব্যৱহৃত অনুপাত হৈছে _____।
উত্তৰঃ 8.5:2.5:1.
(v) ইউৰিয়া হৈছে ______ সাৰৰ উদাহৰণ।
উত্তৰঃ নাইট’জেনযুক্ত।
(vi) উপযুক্ত সংৰক্ষণ ব্যৱস্থাৰ অভাৱত ______ % শস্য নষ্ট হৈ যায়।
উত্তৰঃ 5% ৰ পৰা 10% লৈ।
26.4 পাঠ-অন্তর্গত প্রশ্নাৱলীঃ
1. বন্ধনীৰ ভিতৰৰ পৰা উপযুক্ত শব্দ বাছি লৈ খালী ঠাই পূৰ্ণ কৰা। (পচন সাৰ, 1963, 225 ভূপৃষ্ঠ, সমবায়, ঘেঁহু, ধান, 1975, 250 )।
(i) _____ স্থাপনৰ জৰিয়তে ভূমি একত্ৰীকৰণৰ কাম কৰা হৈছিল।
উত্তৰঃ সমবায়।
(ii) নদী, পুখুৰী, হ্রদ, বিল ইত্যাদি ______ পানীৰ উৎস।
উত্তৰঃ ভূপৃষ্ঠ।
(iii) 1950–51 চনত জলসিঞ্চিত কৃষিভূমিৰ পৰিমাণ ______ লাখ হৈক্টৰ আছিল।
উত্তৰঃ 225.
(iv) ৰাষ্ট্ৰীয় বীজ নিগম ______ চনত স্থাপন কৰা হৈছিল।
উত্তৰঃ 1963.
(v) প্রথমতে উচ্চ উৎপাদনক্ষম বীজ ______ ৰ ক্ষেত্ৰতহে আৰম্ব কৰা হৈছিল।
উত্তৰঃ ঘেঁহু।
(vi) ভাৰতীয় কৃষকে পৰম্পৰাগতভাৱে ______ ব্যৱহাৰ কৰি আহিছে।
উত্তৰঃ পচন সাৰ।
পাঠ্য সমাপ্তি অনুশীলনীৰ উত্তৰঃ
1. ভাৰতৰ অৰ্থনীতিত কৃষি খণ্ডৰ ভূমিকা ব্যাখ্যা কৰা।
উত্তৰঃ ভাৰতৰ অৰ্থনীতিত কৃষিখণ্ডৰ প্ৰধান ভূমিকাবোৰ তলত উল্লেখ কৰা হ’ল—
১। খাদ্যৰ উৎসঃ খাদ্য, বস্ত্ৰ আৰু বাসস্থান হৈছে মানুহৰ জীৱনৰ প্ৰাথমিক প্রয়োজনীয়তা। এই তিনিটাৰ ভিতৰত খাদ্য আটাইতকৈ গুৰুত্বপূৰ্ণ। খাদ্য নাখালে আমি জীয়াই থাকিব নোৱাৰিম। মানুহৰ খাদ্যৰ লগতে অন্যান্য জীৱ-জন্তুক ঘাঁহ-বন তথা আন খাদ্য যোগান ধৰে বাবেই কৃষি হৈছে ভাৰতৰ অৰ্থনীতিৰ সবাতোকৈ অধিক গুৰুত্বপূর্ণ খণ্ড।
২। কেঁচা সামগ্ৰীৰ উৎসঃ কৃষি খণ্ডই বিভিন্ন উদ্যোগৰ বাবে কেঁচা সামগ্ৰীৰ যোগান ধৰে। কৃষিয়ে কপাহী সূতা আৰু কপাহী বস্ত্ৰৰ বাবে কপাহ, মৰাপাটেৰে তৈয়াৰী সামগ্ৰীৰ বাবে কেঁচা মৰাপাট, চেনিৰ বাবে কুঁহিয়াৰ, তেলৰ বাবে তৈল বীজ, টায়াৰ, টিউব আদি ৰবৰৰ সামগ্ৰী নিৰ্মাণৰ বাবে প্ৰাকৃতিক ৰবৰ ইত্যাদিবোৰ যোগান ধৰে।
৩। জীৱন ধাৰণৰ অৱলম্বনঃ অতীতৰ পৰা বৰ্তমানলৈ কৃষিয়েই হৈছে ভাৰতৰ জনসাধাৰণৰ জীৱিকাৰ প্ৰধান উপায়। এতিয়াও ভাৰতৰ মুঠ জনসংখ্যাৰ তিনি ভাগৰ দুই ভাগেই কৃষি আৰু আনুষংগিক খণ্ডৰ ওপৰত নিৰ্ভৰশীল। অদূৰ ভৱিষ্যতেও কৃষিয়েই আটাইতকৈ বেছি নিয়োগ সৃষ্টিকাৰী খণ্ড হিচাপে পৰিগণিত হৈ থাকিব।
৪। বৈদেশিক বাণিজ্যলৈ অৰিহণাঃ ভাৰতৰ বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰতো কৃষিয়ে গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে। ভাৰতে পৰম্পৰাগতভাৱে কৃষিজাত সামগ্রী, যেনে— চাহপাত, কফি, চেনি, ধঁপাত, কপাহী বস্ত্ৰ, মৰাপাট, কেঁচা ঊণ সূতা, বনস্পতি ইত্যাদিবোৰৰ ৰপ্তানি কৰি আহিছে। কৃষি হৈছে ভাৰতৰ বৈদেশিক মুদ্ৰা আহৰণ কৰা অন্যতম প্রধান খণ্ড।
৫। ঔদ্যোগিক সামগ্ৰীৰ বজাৰঃ আমাৰ উপাৰ্জনৰ ধনেৰে আমি খাদ্য সামগ্রী কিনাৰ উপৰিও আমাৰ অভাৱ পূৰণ কৰিব পৰা বিভিন্ন সামগ্ৰী, যেনে– কাপোৰ, জোতা, ঘৰুৱা আচবাব, চিলাই কল, গেছ ষ্ট’ভ, ৰেডিঅ’, টেলিভিচন, ৰেছিজাৰেটৰ ইত্যাদি কিনো। এই সামগ্ৰীবোৰ হৈছে কাৰখানা বা উদ্যোগত তৈয়াৰী সামগ্ৰী।
৬। জাতীয় আয়লৈ অৱদানঃ আমাৰ জাতীয় আয়ব প্রায় এক–তৃতীয়াংশ কৃষি আৰু আনুষংগিক পৰা আহে। গতিকে, কৃষিয়ে জাতীয় আয়লৈ বৃহৎ অৰিহণা আগবঢ়ায়।
2. ভূমিৰ উৎপাদনশীলতাৰ অৰ্থ কি? ভাৰতত বিভিন্ন শস্যৰ উৎপাদনশীলতাৰ স্তৰ পৰিৱৰ্তনৰ বিষয়ে আলোচনা কৰা। বিশ্বৰ অন্যান্য দেশৰ উৎপাদনশীলতাৰ লগত ইয়াক কিদৰে তুলনা কৰিবা?
উত্তৰঃ ভূমিৰ উৎপাদনশীলতাৰ অৰ্থঃ সাধাৰণ অৰ্থত উৎপাদনশীলতা মানে হৈছে উৎপাদনৰ উপাদানৰ গোটেপতি হোৱা উৎপাদন। উদাহৰণস্বৰূপে, ভূমিৰ উৎপাদনশীলতা মানে হৈছে প্ৰতি হেক্টৰ ভূমিত হোৱা মুঠ উৎপাদন। উৎপাদনশীলতা হৈছে গড় উৎপাদন। কোনো এবিধ শস্যৰ মুঠ উৎপাদনৰ পৰিমাণকে সেইবিধ শস্য উৎপাদনত ব্যৱহৃত কৃষিভূমিৰ পৰিমাণেৰে হৰণ কৰি উৎপাদনশীলতা গণনা কৰা হয়। অর্থাৎ,
ভূমিৰ উৎপাদনশীলতা = শস্যবিধৰ মুঠ উৎপাদনৰ পৰিমাণ / শস্যবিধ উৎপন্ন কৰা ভূমিৰ পৰিমাণ
ধৰাহ’ল, 2 হেক্টৰ এলেকা ভূমিত সৰ্বমুঠ 50 কুইণ্টল ঘেঁহু উৎপাদন কৰা হৈছে। এতিয়া যদি ভূমিৰ উৎপাদনশীলতা কিমান তালৈ লক্ষ্য কৰো, তেন্তে দেখিম যে ই হ’ব প্ৰতি হেক্টৰত 25 কুইণ্টল।
ভাৰতত বিভিন্ন শস্যৰ উৎপাদনশীলতাৰ স্তৰ পৰিৱৰ্তনঃ
195–51 চনৰ সময়ছোৱাত ভাৰতত প্ৰায়বোৰ শস্যৰেই প্রতি হেক্টৰৰ উৎপাদশীলতা কম আছিল। কিন্তু, ইয়াৰ পিছত পঞ্চবার্ষিক পৰিকল্পনাযো গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ ফলত উৎপাদনশীলতা তাৎপর্যপূর্ণভাৱে বৃদ্ধি পায়। উল্লেখনীয়ভাৱে 1994–95 চনত ঘেঁহুৰ উৎপাদন 1950–51 চনৰ তুলনাত 4 গুণ বৃদ্ধি পোৱা দেখা গৈছে।
তালিকা – 1
প্রতি হেক্টৰত শস্য উৎপাদনশীলতা (কুইণ্টল হিচাপত)
যদিও 44 বছৰৰ ভিতৰত উৎপাদনশীলতা বৃদ্ধি পাইছে, তথাপি, আন দেশৰ তুলনাত ভাৰতত শস্যৰ উৎপাদনশীলতাৰ হাৰ এতিয়াও নিম্ন।
অন্যান্য দেশৰ সৈতে উৎপাদনশীলতাৰ স্তৰৰ তুলনাঃ এতিয়া আমি কেতবোৰ প্ৰধান শস্য, যেনে— ধান, ঘেঁহু, মাকৈ, চীনা বাদাম, মৰাপাট আদিৰ ক্ষেত্ৰত ভাৰতৰ উৎপাদনশীলতা (প্রতি হেক্টৰ উৎপাদন) অন্য দেশকেইখনমানৰ
উৎপাদনশীলতাৰ ওপৰত তুলনা কৰি চাম।
তালিকা – 2
তুলনামূলক উৎপাদনশীলতা
গতিকে 2 নং তালিকালৈ চালে দেখা যায় যে 1994-95 চনত (যিসময়ত 1950-51 চনৰ তুলনাত উৎপাদনশীলতা বেছি হোৱা বুলি ইতিমধ্যে কোৱা হৈছেই) ভাৰতত তধানৰৰ উৎপাদনশীলতা চীনদেশৰ একৃ-তৃতীয়াংশ আৰু উত্তৰ কোৰিয়াৰ এক-চতুর্থাংশহে সমান। ঘেঁহুৰ উৎপাদনশীলতা আয়াৰলেণ্ডৰ এক-তৃতীয়াংশৰ সমান। আনকি ভূটানৰ দৰে ভাৰততকৈ কম উন্নয়নশীল দেশতো মৰাপাটৰ উৎপাদনশীলতা ভাৰতৰ প্ৰায় দুগুণ।
গতিকে, বিগত কালছোৱাত ভাৰতত উৎপাদনশীলতা বৃদ্ধি পালেও বিশ্বৰ আন দেশৰ তুলনাত প্ৰায়বোৰ কৃষিজাত সামগ্ৰীৰ উৎপাদনশীলতা তুলনামূলকভাৱে কম।
3. ভাৰতত কৃষিৰ নিম্ন উৎপাদনশীলতাৰ কাৰণ কি?
উত্তৰঃ (ক) ভূমি উন্নয়নৰ বাবে প্ৰেৰণাৰ অভাৱঃ আমাৰ বেছিসংখ্যক কৃষকৰেই নিজাকৈ মাটি নাই। তেওঁললোকক ৰায়ত বোলা হয় (যিসকলে ভেৰোণীয়াকৈ মাটি লয়)। ৰায়তী কৃষক এজনৰ যদিহে ভৱিষ্যতেও একে মাটিতেই ৰায়ত হ’ব পৰা নিশ্চিতি নাথাকে, তেতিয়া তেওঁলোকৰ মাটিৰ স্থায়ী উন্নয়নৰ বাবে কোনো ব্যৱস্থা ল’ব নোখোজে।
তদুপৰি ভূমিৰ মালিকসকলেও মাটিৰ উন্নয়নৰ বাবে ব্যয় বহন নকৰে। ইয়াৰ ফলত মাটিৰ উৎপাদিকা শক্তি কম হয়।
(খ) মাটিৰ বিভাজন আৰু খণ্ড-বিখণ্ডতাঃ উত্তৰাধিকাৰ বিধি-বিধান আৰু জনসংখ্যা বৃদ্ধিৰ প্ৰভাৱত কৃষিভূমিসমূহ খণ্ড-বিখণ্ড হৈ পৰিছে।
(গ) উপযুক্ত জলসিঞ্চন সুবিধাৰ অভাৱঃ পানী হৈছে কৃষিৰ বাবে অতি প্রয়োজনীয় উপাদান। ভাৰতত এতিয়াও উপযুক্ত জলসিঞ্চন ব্যৱস্থাৰ অভাৱত 70 শতাংশ কৃষিভূমিয়েও মৌচুমী বায়ুৰ ওপৰত নিৰ্ভৰশীল। গতিকে, ভাৰতত কৃষি উৎপাদনৰ সফলতা বা বিফলতা মৌচুমী বায়ুয়েহে নিৰ্ধাৰণ কৰে। জলসিঞ্চনৰ উৎস হিচাপে বৰষুণ দুটা কাৰণত কাৰণত বিশ্বাসযোগ্য নহয়—
(a) অনিয়মীয়া বৰষুণঃ কেতিয়াবা অসময়ত বৰষুণ হোৱা দেখা যায়। শস্য চপোৱাৰ আগে আগে বৰষুণ হ’লে শৰাৰ ক্ষতি হয়।
(b) অপর্যাপ্ত বৰষুণঃ ভাৰতৰ বহুতো ঠাইত পর্যাপ্ত পৰিমাণৰ বৰষুণ নহয়। আনহাতে কোনো কোনো ঠাইত প্ৰয়োজনতকৈ অধিক বৰষুণ হয়। উভয় ক্ষেত্ৰতে কৃষিকাৰ্যৰ অপকাৰ হয়।
গতিকে, বৰষুণ নিৰ্ভৰশীলতাও কৃষি উৎপাদনশীলতা কমি যোৱাৰ অন্যতম কাৰণ।
(ঘ) পৰম্পৰাগত পদ্ধতিৰ ওপৰত নিৰ্ভৰশীলঃ অধিকসংখ্যক কৃষকেই পৰম্পৰাগত পদ্ধতিৰ ওপৰত নিৰ্ভৰশীল হোৱা বাবেও ভাৰতত কৃষি উৎপাদনশীলতাৰ হাৰ কম। নিৰক্ষৰতা, পৰম্পৰাগত বিশ্বাস, উৎপাদনৰ প্ৰতি দৃষ্টিভংগী ইত্যাদিবোৰে আমাৰ কৃষকসকলক আধুনিক কৃষি পদ্ধতি অনুসৰণ কৰাত বাধা দিয়ে। এতিয়াও আমাৰ দেশৰ বৃহৎসংখ্যক কৃষকে কাঠৰ নাঙল আৰু গৰু ব্যৱহাৰ কৰিয়েই কৃষিকাৰ্য সম্পন্ন কৰে। তদুপৰি বহুতৰপীয় কৃষি আৰু কৃষিৰ আধুনিক পদ্ধতি বা উপাদান সম্পর্কে কৃষকসকল যথেষ্ট অজ্ঞ। উপযুক্ত গুণসমৃদ্ধ সাৰ ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে কৃষকসকলে মাটিৰ উৰ্বৰা শক্তি ঘূৰি আহিবৰ বাবে মাজে-সমজে এনেয়ে পেলাই থৈ দিয়ে। এইবোৰ কাৰণতেই মাটিৰ উৎপাদিকা শক্তি লোপ পায়।
(ঙ) অন্যান্য উপাদান ব্যৱহাৰৰ অভাৱঃ
(a) বীজঃ কৃষি উৎপাদনশীলতা বৃদ্ধিৰ বাবে ভাল গুণসম্পন্ন বীজৰ প্রয়োজন। ভাল বীজ ব্যৱহাৰ কৰিলে অধিক ফচল পোৱা যায়। কিন্তু, বিভিন্ন কাৰণত আমাৰ কৃষকসকলে ভাল বীজ ব্যৱহাৰ কৰিব নোৱাৰে, যেনে—
(i) উন্নত বীজ কিনিবৰ বাবে কৃষকৰ হাতত ধনৰ অভাৱ।
(ii) গৱেষণাৰ দ্বাৰা উদ্ভাৱন কৰা উচ্চ উৎপাদনক্ষম বীজ ব্যৱহাৰ কৰিবলৈ কৃষকসকল অনিচ্ছুক।
(b) সাৰঃ কৃষি উৎপাদনৰ বঢ়াবৰ বাবে সাৰৰো প্ৰয়োজন। ভাৰতত গোবৰ আৰু পচি যোৱা জাবৰ-জোঁথৰৰ পৰা তৈয়াৰী সাবেই সাধাৰণতে ব্যৱহাৰ কৰা হয়।
সাধাৰণতে তিনি প্ৰকাৰৰ ৰাসায়নিক সাৰ কৃষিত ব্যৱহাৰ কৰা হয়— নাইট্ৰ’জেন, ফছফেইট আৰু প’টাচ। এই সাৰবোৰ দুই প্রকাশে সহায় কৰে। প্ৰথমতে, এই সাৰে ৰুপিত মাটি উৰ্বৰ কৰি ৰাখে। দ্বিতীয়তে, এইবোৰ মাটিৰ উৎপাদনশীলতা বৃদ্ধিত সহায় কৰে। অৱশ্যে, ভাৰতত এনে সাৰ প্ৰয়োগৰ ক্ষেত্ৰত দুটা অসুবিধা আছে। প্রথমতে, উপযুক্তভাৱে জলসিঞ্চিত মাটিতহে এনে সাৰ ব্যৱহাৰৰ সুফল পোৱা যায়। কিন্তু, ভাৰতত 70 শতাংশ কৃষিভূমিয়েই বৰষুণৰ ওপৰত নিৰ্ভৰশীল। গতিকে, ভাৰতৰ প্ৰায় 70 শতাংশ কৃষিভূমিতেই এনে সাৰ প্ৰয়োগৰ সুফল পোৱা নাযাব।
এই সাৰ তিনিবিধ প্ৰয়োগৰ এক নিৰ্দিষ্ট অনুপাত আছে। সেয়া হৈছে— 4:2:1। ভাৰতৰ কৃষকসকলে এই অনুপাত মানি নচলে। নাইট্ৰ’জেনযুক্ত ইউৰিয়া সাৰ সস্তীয়া হোৱা বাবে প্রয়োজনতকৈ অধিক প্রয়োগ কৰা হয়। ভাৰতত সাধাৰণতে এই তিনিবিধ সাৰ 8. 5:25:1 অনুপাততহে ব্যৱহাৰ কৰা হয়। নাইট্র’জেনযুক্ত সাৰৰ সুফল নিশ্চয় আছে, যদিহে ইয়াক সঠিক পৰিমাণত ব্যৱহাৰ কৰা হয়।
(c) কীটনাশক ঔষধঃ ভাৰতত 50 শতাংশতকৈও অধিক শস্য কীট-পটংগ, পৰুৱা, অপতৃণ আদিয়ে নষ্ট কৰে। কীটনাশক ঔষধ ব্যৱহাৰৰ অভাৱতেই এনে হ’বলৈ পায়। কিন্তু, আমি অতিমাত্ৰা পৰিমাণত এনে কীটনাশক ব্যৱহাৰ কৰিব নোৱাৰো। কিয়নো, ইয়াৰ দ্বাৰা আমাৰ মানুহৰ স্বাস্থ্যৰ অপকাৰ হোৱাৰ লগতে মাটি, পানী তথা বায়ু দূষিত হৈ পৰিৱেশ প্ৰদূষণৰ সৃষ্টি হ’ব পাৰে৷
(d) গ্ৰাম্য ঋণৰ অভাৱঃ পর্যাপ্ত ঋণৰ অভাৱতো কৃষি উৎপাদনশীলতা কম হ’ব পাৰে। প্ৰধানতঃ দুটা কাৰণে কৃষকক ঘৃণৰ প্ৰয়োজন হয়—
(ক) বীজ, সাৰ, কীটনাশক দ্ৰব্য, সা-সঁজুলিৰ মেৰামতি আৰু ক্ৰয়ৰ বাবে কৃষকক ঋণৰ প্ৰয়োজন হয়।
(খ) দীর্ঘকালীন বিনিয়োগৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ, যেনে— মাটি কিনিবলৈ বা মাটিৰ গুণ উন্নত কৰিবলৈ, নতুন সা-সঁজুলি কিনিবলৈ অথবা উপযুক্ত জলসিঞ্চনৰ সুবিধা আহৰণ কৰিবলৈ কৃষকক ঋণৰ প্ৰয়োজন হয়।
(চ) সঞ্চয়, বজাৰ আদি সুবিধাৰ অভাৱঃ কৃষকে যদিহে বজাৰৰ পৰা উৎপাদিত দ্ৰব্যৰ উচিত দৰ পায়, তেতিয়া তেওঁ উৎসাহিত হয়। ইয়াৰ বাবে উপযুক্ত সংৰক্ষণ ব্যৱস্থা আৰু ভাল বজাৰৰ আৱশ্যক। এজন কৃষকৰ বাবে উৎপাদিত সামগ্ৰী বিক্ৰী কৰাৰ বিফল ব্যৱস্থাসমূহ হ’ল —
১। থলুৱা ব্যৱসায়ীৰ ওচৰত বিক্ৰী কৰা।
২। স্থানীয় মেলা বা হাটত বা হাটত বিক্ৰী কৰা।
৩। নিয়মিত বজাৰত বিক্ৰী কৰা।
দ্রব্য সামগ্ৰী বিক্ৰী কৰাৰ ক্ষেত্ৰত কৃষকসকলে পোৱা সমস্যাসমূহ হৈছে—
প্রথমতে, উপযুক্ত পথ বা পৰিবহণ মাধ্যমৰ অভাৱত কৃষকসকলে উৎপাদিত বস্তুবোৰ বজাৰলৈ নিব নোৱাৰে। দ্বিতীয়তে, কৃষকসকলৰ উপযুক্ত সংৰক্ষণৰ ব্যৱস্থা নাই। এনে সুবিধাৰ অভাৱৰ ফলত 5 ৰ পৰা 10 শতাংশ দ্রব্য নষ্ট হৈ যায়। এনে পৰিস্থিতিত কৃষকে যি দৰ পায়, তাতেই দ্রব্য সামগ্ৰী বিক্ৰী কৰি দিয়ে।
4. ভাৰতত কৃষি উৎপাদনশীলতা বৃদ্ধিৰ বাবে লোৱা ব্যৱস্থাবোৰ ব্যাখ্যা কৰা।
উত্তৰঃ প্ৰযুক্তিগত পদ্ধতিৰ উদ্দেশ্য হৈছে উন্নত কৃষি পদ্ধতিৰ ব্যৱহাৰ আৰু উন্নত উপাদানৰ ব্যৱহাৰ। এই ব্যৱস্থাসমূহৰ বিষয়ে তলত চমু আলোচনা আগবঢ়োৱা হ’ব।
(ক) আনুষ্ঠানিক ব্যৱস্থা বা ভূমি সংস্কাৰঃ
1. মধ্যস্থতাকাৰীৰ বিলোপ সাধনঃ কৃষক আৰু চৰকাৰী কৰ্তৃপক্ষৰ মাজত থকা বিষয়া, আমোলা, কৰ্মচাৰীসকলেই হৈছে মধ্যস্থতাকাৰী। এইসকলেই কৃষকৰ পৰা খাজনা আদায় কৰি কৰ্তৃপক্ষক জমা দিয়ে। এই প্ৰক্ৰিয়াত তেওঁলোকে শিকসকলক শোষণ কৰে। এনে ব্যৱস্থা চলি থকা সময়ত কৃষকে ভূমিৰ উন্নতি সাধন কৰাৰ বাবে কোনো প্ৰেৰণা নাপাইছিল। সেইবাবে চৰকাৰে আইন প্ৰণয়ন দ্বাৰা এনে ব্যৱস্থাৰ বিলোপ সাধন কৰে।
2. ৰায়তী নিৰাপত্তা প্ৰদানঃ ৰায়তসকলে ভূস্বামীসকলৰ পৰা ভূমি অধিগ্ৰহণ কৰে আৰু উৎপাদিত শস্য তেওঁলোকৰ সৈতে ভগাই লয়। এইক্ষেত্ৰত ৰায়তসকলে ভূগিবলগীয়া হোৱা দুটা প্ৰধান সমস্যা আছিল— উচ্চ হাৰৰ খাজনা আৰু ভূমিস্বামীসকলৰ দ্বাৰা উচ্ছেদকৰণৰ ভয়। চৰকাৰে ৰায়তসকলৰ উচ্ছেদকৰণ পৰা নিৰাপত্তা দিবলৈ আৰু খাজনাৰ হাৰ নিয়মীয়া কৰিবলৈও আইন প্রণয়ন কৰে।
3. চিলিং বা ভূমিৰ উচ্চসীমা নির্ধাৰণঃ এজন লোকে নিজৰ স্বত্বত ৰাখিবব পৰা মাটিৰ উচ্চতম সীমা নিৰ্ধাৰণ কৰি দিয়া আইনেই হৈছে চিলিং আইন। ইয়াৰ উদ্দেশ্য হৈছে নিৰ্দিষ্ট সীমাৰ ওপৰৰ ভূমি সংগ্ৰহ কৰি ভূমিহীন কৃষকসকলৰ মাজত বিতৰণ কৰি দিয়া। এইক্ষেত্ৰত বিভিন্ন ৰাজ্যই মাটিৰ উচ্চ সীমা নিৰ্ধাৰণ কৰি আইন প্ৰণয়ন কৰিছে।
4. ভূমি একত্ৰিকৰণঃ ভূমিৰ খণ্ড-বিখণ্ডতাই ভূমিৰ উৎপাদনশীলতা হ্রাস কৰে, যিহেতু এনে ভূমিত কৃষিৰ আধুনিক সা-সঁজুলি ব্যৱহাৰ কৰিব নোৱাৰি। কৃষিমাটি একত্ৰীকৰণৰ জৰিয়তে এই সমস্যা দূৰ কৰিব পাৰি। পাৰস্পৰিক বিনিময়ৰ যোগেদি ক্ষুদ্ৰ আকাৰৰ কৃষিভূমিসমূহ একো একোটা বৃহৎ খণ্ডলৈ ৰূপান্তৰ কৰা হয়। ধৰি লোৱা হ’ল, এজন খেতিয়কৰ দুডৰা খেতিমাটি বেলেগা বেলেগ ঠাইত আছে। এতিয়া অন্য এজন কৃষকৰ সৈতে বিনিময় কৰি তেওঁ নিজৰ মাটি দুডা একেলগ কৰিব পাৰে। ইয়াৰ ফলত উভয়ৰে সুবিধা হ’ব।
ভাৰতত সমবায় স্থাপনৰ জৰিয়তে ভূমি একত্ৰীকৰণৰ কাম কৰিবলৈ লোৱা হৈছিল আৰু স্বতঃস্ফূৰ্তভাৱে কৃষকসকলক এনে কৰিবলৈ আহ্বান জনোৱা হৈছিল। পঞ্জাব, হাৰিয়ানা, উত্তৰ প্ৰদেশৰ পশ্চিমাংশ ইত্যাদি যিবোৰ ঠাইত কৃষকসকলে এনে ব্যৱস্থাৰ প্ৰতি সঁহাৰি জনাই আধুনিক কৃষি সঁজুলি ব্যৱহাৰ কৰিবলৈ লৈছিল, তাত এই ব্যৱস্থা সফল হৈছিল আৰু মাটিৰ উৎপাদনশীলতা বৃদ্ধি হৈছিল। অৱশ্যে, সমগ্ৰ দেশতে এই ব্যৱস্থা ফলৱৰ্তী হোৱা নাছিল।
(খ) প্রযুক্তিগত ব্যৱস্থাঃ
1. জলসিঞ্চন ব্যৱস্থাঃ জলসিঞ্চন হৈছে কৃষি উৎপাদনশীলতাক প্ৰভাৱিত কৰিব পৰা এবিধ গুৰুত্বপূৰ্ণ ব্যৱস্থা। ভাৰতৰ মুঠ কৃষিভূমিৰ 70 শতাংশই, এতিয়াও মৌচুমী বায়ুৰ ওপৰত নিৰ্ভৰশীল। জলসিঞ্চনৰ প্ৰধাঝান উৎস হৈছে দুটা—
(ক) ভূ-পৃষ্ঠৰ উৎসঃ ভূ-পৃষ্ঠত পানীৰ উৎসস্থলীবোৰ হৈছে— নদী, হ্রদ, বিল, পুখুৰী, জলাশয় আদি।
(খ) ভূ-গৰ্ভৰ উৎসঃ ভূগৰ্ভটো পানী পোৱা যায়। দমকল, গভীৰ নলী-নাদ, পাম্পছেট আদিৰ দ্বাৰা আহৰণ কৰি জলসিঞ্চন কৰিব পৰা যায়।
2. উন্নত বিধৰ উপাদানঃ
(ক) বীজঃ ষাঠিৰ দশকৰ মধ্যভাগৰ পৰা চৰকাৰে কৃষি উৎপাদনশীলতা বৃদ্ধিৰ বাবে উচ্চ উৎপাদনক্ষম বীজৰ প্ৰচলন আৰম্ভ কৰিছে। এই বীজসমূহ হৈছে গৱেষণাৰ দ্বাৰা সৃষ্ট। গৱেষণাকালত এই বীজসমূহ যাতে থলুৱা জলবায়ুসাপেক্ষে আৰু ৰোগমুক্ত হয়, তাৰ প্ৰতি লক্ষ্য ৰখা হৈছিল। সেই সময়ত দেশত কৃষি উৎপাদন বৃদ্ধি কৰাৰ প্ৰয়োজন হৈছিল বাবে 1963 চনত কেন্দ্রীয় চৰকাৰে ৰাষ্ট্ৰীয় বীজ নিগম স্থাপন কৰিছিল। ৰাজ্য চৰকাৰসমূহেও একে আৰ্হিত নিজাকৈ ৰাজ্যিক বীজ নিগম স্থাপন কৰিছিল। ৰাজ্য চৰকাৰসমূহেও একে আৰ্হিত নিজাকৈ ৰাজ্যিক বীজ নিগম স্থাপন কৰি উন্নত জাতৰ বীজ উৎপাদন আৰু বিতৰণৰ ব্যৱস্থা হাতত লৈছিল।
উচ্চ উৎপাদনক্ষম বীজ ব্যৱহাৰৰ ক্ষেত্ৰত সফলতা লাভ কৰিলেও আৰু অধিক কাম কৰাৰ অৱকাশ ৰৈ হৈছে। এইক্ষেত্ৰত কৃষকসকলৰ মাজত উক্ত বীজ ব্যৱহাৰৰ বাবে অধিক সজাগতা সৃষ্টি আৰু তেওঁলোকক অধিক ঋণ দিয়াৰো প্রয়োজন আছে যাতে তেওঁলোকে উচ্চ উৎপাদনক্ষম বীজ কিনি উৎপাদনশীলতা বঢ়াব পাৰে।
(খ) সাৰঃ কৃষকসকলে অতীতৰে পৰাই খেতিমাটিৰ উৰ্বৰতা ৰক্ষাৰ বাবে গোবৰ সাৰ বা পচন সাৰ ব্যৱহাৰ কৰি আহিছে। তদুপৰি উৰ্বৰতা ৰক্ষা কৰাৰ বাবে সময়ে সময়ে খেতিমাটি ছন পেলাই থোৱাৰ ব্যৱস্থাও চলি আছে। কিন্তু, অধিক উৎপাদন লাভৰ বাবে মাটিত ৰাসায়নিক সাৰ ব্যৱহাৰৰ প্ৰয়োজন আছে। ভাৰতত উৎপাদন বৃদ্ধিৰ বাবে এতিয়া ৰাসায়নিক সাৰৰ ব্যৱহাৰো বেছি হোৱা দেখা গৈছে। 1960-61 চনত ভাৰতত ৰাসায়নিক সাৰৰ ব্যৱহাৰৰ পৰিমাণ আছিল 2 লাখ টন, 1965-66 চনত এই পৰিমাণ 139 লাখ টনলৈ বৃদ্ধি পাইছে। এই সাৰৰ ব্যৱহাৰ বৃদ্ধিৰ অন্যতম কাৰণ হৈছে উচ্চ উৎপাদনক্ষম বীজৰ ব্যৱহাৰৰ বৃদ্ধি, কিয়নো, এনে বীজৰ বাবে জৈৱ সাৰতকৈ ৰাসায়নিক সাৰৰ প্ৰয়োজন বেছি।
(গ) কীটনাশক দ্ৰব্যঃ কীট-পতংগ আৰু বিভিন্ন ৰোগে শস্য নষ্ট কৰে। এই সমস্যা সমাধানৰ বাবে দুটা উপায় আছে— প্ৰথমতে, কীট-পতংগৰ আক্ৰমণ আৰু উদ্ভিদৰ ৰোগ প্ৰতিৰোধকাৰী ক্ষমতাসম্পন্ন বীজ গৱেষণাৰ দ্বাৰা তৈয়াৰ কৰি লোৱা, যিটোক প্ৰতিৰোধী ব্যৱস্থা বুলি কোৱা হয়।
দ্বিতীয়তে, উপশমকাৰী ব্যৱস্থা, অর্থাৎ পাউদাৰ বা ওষধ ছটিয়াই ৰোগ আৰোগ্য কৰা হয়। অৱশ্যে, এই ঔষধে যাতে মানুহ তথা শস্যৰ হানি কৰিব নোৱাৰে, তাৰ প্রতি গুৰুত্ব দিব লাগে। এনে কীটনাশক দ্ৰব্য পৰিৱেশ অনুকূল হোৱা উচিত। জৈৱ কীটনাশক দ্রব্য, যেনে— নিম বা অন্যান্য জৈৱ ৰাসায়নিক দ্রব্যভিত্তিক কীটনাশক দ্রব্য ব্যৱহাৰ কৰা হয়, যেনে— নিম বা অন্যান্য জৈৱ ৰাসায়নিক দ্রব্যভিত্তিক কীটনাশক দ্রব্য ব্যৱহাৰ কৰা হয়, যিবোৰ পৰিৱেশ অনুকূল। ভাৰতত সংহত কীটনাশক পৰিচালনা আঁচনি এখনো আছে। ইয়াৰ উদ্দেশ্য হৈছে কীট-পটংগৰ নিয়ন্ত্ৰণ কৰা আৰু এনে নিয়ন্ত্ৰণৰ বাবে কৃষকক প্ৰশিক্ষণ দিয়া।
3. গ্ৰাম্য ঋণৰ ব্যৱস্থাঃ স্বাধনিতা লাভৰ পিছত কৃষকসকলক সহজলভ্য ঋণৰ যোগান ধৰাৰ বাবে বহুতো অনুষ্ঠান-প্রতিষ্ঠান গঢ়ি তোলা হৈছে। সমবায় ঋণদান সমিতি, আঞ্চলিক গ্রাম্য বেং, বাণিজ্যিক বেংক ইত্যাদিবোৰ তেনে অনুষ্ঠানৰ উদাহৰণ। এই অনুষ্ঠানবোৰৰ শীৰ্ষ অনুষ্ঠানটো হৈছে ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য বিকাশ বেংক।
(ক) সমবায় ঋণদান সমিতিঃ সমবায় ঋণতান সমিতিসমূহ হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ গ্ৰাম্য ঋণৰ আনুষ্ঠানি উৎস। ই হৈছে সস্তীয়া আৰু সর্বোৎকৃষ্ট গ্ৰাম্য ঋণৰ উৎস।
(খ) আঞ্চলিক গ্রাম্য বেংক আৰু অন্যান্য বেকঃ 1969 ত যেতিয়া 14 বাণিজ্যিক বেংক জাতীয়কৰণ কৰা হৈছিল, তেতিয়া কৃষিক অগ্ৰাধিকাৰ খণ্ড হিচাপে চিহ্নিত কৰা হৈছিল। বাণিজ্যিক বেংকবোৰৰ বাদেও কৃষিখণ্ডক সহায় আগবঢ়োৱাৰ বাবে আঞ্চলিক গ্রাম্য বেংক আৰু ভূমি উন্নয়ন বেংক আছে। আঞ্চলিক গ্রাম্য বেংকে কৃষি বনুৱা, ক্ষুদ্ৰ আৰু উপান্ত কৃষক, গ্রামীণ কাৰিকৰ-শিল্পীসকলক ঋণ দিয়ে। ভূমি উন্নয়ন বেংকে মাটি আবাদকৰণ, কুঁৱা খন্দা, মাটি কিনা, কৃষিৰ সা-সৰঞ্জাম ইত্যাদি কিনাৰ বাবে ঋণ দিয়ে।
(গ) নাবার্ডঃ ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য বিকাশ বেংক 1982 চনত স্থাপন কৰা হৈছিল। গ্ৰাম্য ঋণৰ ক্ষেত্ৰই হৈছে শীর্ষ অনুষ্ঠান। নাবার্ডে সমবায় ঋণদান সমিতি, আঞ্চলিক গ্রাম্য বেংগ, বাণিজ্যিক বেংক আদিৰ জৰিয়তে কৃষকক ঋণ দিয়ে। গাঁও অঞ্চলৰ বাবে থকা বিভিন্ন গ্রামীণ ঋণদান অনুষ্ঠানলৈ ই বিত্তীয় সমর্থন আগবঢ়ায় আৰু সেইবোৰৰ মাজত সংহতি বজাই ৰাখে।
4. অন্যান্য সা-সুবিধাঃ সমগ্ৰ দেশত কৃষি খণ্ডৰ বাবে নিয়ন্ত্ৰিত বজাৰ স্থাপন কৰা হৈছে। এনে বজাৰে কৃষকসকলক এক প্রতিযোগিতাত চামিল হোৱাৰ সুযোগ দিছে, যাৰ ফলত কৃষকে সর্বোচ্চ দৰত দ্রব্য বিক্ৰী কৰিব পাৰিছে। এই বজাৰবোৰৰ একোখন কমিটি বা সমিতি থাকে। কৃষক, ব্যৱসায়ী, থলুৱা কর্তৃপক্ষ আৰু ৰাজ্য চৰকাৰৰ সদস্যৰ দ্বাৰা এনে সমিতি গঠিত হয়। কৃষকসকলে এনে বজাৰৰ পৰা বহুতো সুবিধা পায়। তেওঁলোকে বজাৰ সম্পর্কে জোখ-মাখ তথা বজাৰ দৰ সম্পর্কে তথ্যসমূহ এনে সমিতিৰ পৰা পাব পাৰে।
5. চমু টোকা লিখা—
(a) বিস্তৃত আৰু ব্যাপক কৃষি পদ্ধতি।
উত্তৰঃ বিস্তৃত বা সম্প্ৰসাৰিত কৃষিকাৰ্যৰ অৰ্থ হ’ল কৃষিভূমিৰ পৰিমাণ বৃদ্ধি কৰা। হছনপৰি থকা বা এনেয়ে অব্যৱহৃত হৈ থকা ভূমিক কৃষিভূমিলৈ ৰূপান্তৰ কৰি অথবা গৱেষণাৰ দ্বাৰা কৃষি-অযোগ্য ভূমিক কৃষিভূমিলৈ পৰিৱৰ্তিত কৰি বিস্তৃত কৃষিকাৰ্য কৰিব পৰা যায়।
অৱশ্যে বিস্তৃত কৃষিকার্যৰ কেতবোৰ সীমাবদ্ধতা আছে। এই সীমাবদ্ধতাৰ কাৰণসমূহ হ’ল—
(ক) যিকোনো দেশৰ বাবেই ভূমিৰ যোগান স্থিৰ বা পূৰ্ব নিৰ্ধাৰিত। যদিহে ইতিমধ্যে সম্ভাব্য সকলো ভূমিতে খেতি কৰা হৈছে, তেন্তে তাৰ যোগান আৰু বঢ়াব নোৱাৰি।
(খ) মাটি কেৱল কৃষিকার্যৰ বাবেই নহয়। অন্যান্য কাম, যেনে— গৃহ নির্মাণ, কাৰখানা নিৰ্মাণ আদি কামৰ বাবেও প্রয়োজনীয়। গতিকে, কৃষিৰ বাবে ভূমিৰ যোগান সীমিত।
গতিকে, দেখা যায় যে শস্য উৎপাদনৰ বাবে অধিক কৃষিমাটি ব্যৱহাৰ কৰিবলৈ কোৱা বিস্তৃত কৃষিকার্য পদ্ধতিয়ে কৃষিজাত সামগ্ৰীৰ উৎপাদন বৃদ্ধিৰ বাবে স্থায়ী সমাধান দিব নোৱাৰে। ইয়াৰ কাৰণ হৈছে ভূমিৰ যোগান সীমিত, অথচ, ইয়াৰ ব্যৱহাৰ বহুমুখী। এনে এক পৰিস্থিতিত কৃষিভূমিলৈ ৰূপান্তৰ কৰিব পৰা মাটিৰ অভাৱ হ’লে ব্যাপক কৃষি পদ্ধতিৰ সহায় ল’ব পৰা যায়।
(b) ভাৰতীয় কৃষিৰ উৎপাদনশীলতা।
উত্তৰঃ সাধাৰণ অৰ্থত উৎপাদনশীলতা মানে হৈছে উৎপাদনৰ উপাদানৰ গোটেপতি হোৱা উৎপাদন। উদাহৰণস্বৰূপে, ভূমিৰ উৎপাদনশীলতা মানে হৈছে প্ৰতি হেক্টৰ ভূমিত হোৱা মুঠ উৎপাদন। উৎপাদনশীলতা হৈছে গড় উৎপাদন। কোনো এবিধ শস্যৰ মুঠ উৎপাদনৰ পৰিমাণকে সেইবিধ শস্য উৎপাদনত ব্যবহৃত কৃষিভূমিৰ পৰিমাণেৰে হৰণ কৰি উৎপাদনশীলতা গণনা কৰা হয়। অর্থাৎ,
ভূমিৰ উৎপাদনশীলতা = শস্যবিধৰ মুঠ উৎপাদনৰ পৰিমাণ / শস্যবিধ উৎপন্ন কৰা ভূমিৰ পৰিমাণ
ধৰাহ’ল, 2 হেক্টৰ এলেকা ভূমিত সৰ্বমুঠ 50 কুইণ্টল ঘেঁহু উৎপাদন কৰা হৈছে। এতিয়া যদি ভূমিৰ উৎপাদনশীলতা কিমান তালৈ লক্ষ্য কৰো, তেন্তে দেখিম যে ই হ’ব প্ৰতি হেক্টৰত 25 কুইণ্টল।
ভাৰতত বিভিন্ন শস্যৰ উৎপাদনশীলতাৰ স্তৰ পৰিৱৰ্তনঃ 195-51 চনৰ সময়ছোৱাত ভাৰতত প্ৰায়বোৰ শস্যৰেই প্ৰতি হেক্টৰৰ উৎপাদশীলতা কম আছিল। কিন্তু, ইয়াৰ পিছত পঞ্চবার্ষিক পৰিকল্পনাযোগে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ ফলত উৎপাদনশীলতা তাৎপর্যপূর্ণভাৱে বৃদ্ধি পায়। উল্লেখনীয়ভাৱে 1994-95 চনত ঘেঁহুৰ উৎপাদন 1950-51 চনৰ তুলনাত 4 গুণ বৃদ্ধি পোৱা দেখা গৈছে।
(c) গ্ৰাম্য ঋণৰ আনুষ্ঠানিক উৎস।
উত্তৰঃ (ক) মধ্যস্থতাকাৰীৰ বিলোপ সাধনঃ কৃষক আৰু চৰকাৰী কৰ্তৃপক্ষৰ মাজত থকা বিষয়া, আমোলা, কৰ্মচাৰীসকলেই হৈছে মধ্যস্থতাকাৰী। এইসকলেই কৃষকৰ পৰা খাজনা আদায় কৰি কৰ্তৃপক্ষক জমা দিয়ে। এই প্ৰক্ৰিয়াত তেওঁলোকে কৃষকসকলক শোষণ কৰে। এনে ব্যৱস্থা চলি থকা সময়ত কৃষকে ভূমিৰ উন্নতি সাধন কৰাৰ বাবে কোনো প্ৰেৰণা নাপাইছিল। সেইবাবে চৰকাৰে আইন প্ৰণয়নৰ দ্বাৰা এনে ব্যৱস্থাৰ বিলোপ সাধন কৰে।
(খ) ৰায়তী নিৰাপত্তা প্ৰদানঃ ৰায়তসকলে ভূস্বামীসকলৰ পৰা ভূমি অধিগ্ৰহণ কৰে আৰু উৎপাদিত শস্য তেওঁলোকৰ সৈতে ভগাই লয়। এইক্ষেত্ৰত ৰায়তসকলে ভূগিবলগীয়া হোৱা দুটা প্ৰধান সমস্যা আছিল — উচ্চ হাৰৰ খাজনা আৰু ভূমিস্বামীসকলৰ দ্বাৰা উচ্ছেদকৰণৰ ভয়। চৰকাৰে ৰায়তসকলৰ উচ্ছেদকৰণ পৰা নিৰাপত্তা দিবলৈ আৰু খাজনাৰ হাৰ নিয়মীয়া কৰিবলৈও আইন প্রণয়ন কৰে।
(গ) চিলিং বা ভূমিৰ উচ্চসীমা নিৰ্ধাৰণঃ এজন লোকে নিজৰ স্বত্বত ৰাখিব পৰা মাটিৰ উচ্চতম সীমা নিৰ্ধাৰণ কৰি দিয়া আইনেই হৈছে চিলিং আইন। ইয়াৰ উদ্দেশ্য হৈছে নিৰ্দিষ্ট সীমাৰ ওপৰৰ ভূমি সংগ্ৰহ কৰি ভূমিহীন কৃষকসকলৰ মাজত বিতৰণ কৰি দিয়া। এইক্ষেত্ৰত বিভিন্ন ৰাজ্যই মাটিৰ উচ্চ সীমা নিৰ্ধাৰণ কৰি আইন প্ৰণয়ন কৰিছে।
(ঘ) ভূমি একত্ৰিকৰণঃ ভূমিৰ খণ্ড-বিখণ্ডতাই ভূমিৰ উৎপাদনশীলতা হ্রাস কৰে, যিহেতু এনে ভূমিত কৃষিৰ আধুনিক সা-সঁজুলি ব্যৱহাৰ কৰিব নোৱাৰি। কৃষিমাটি একত্ৰীকৰণৰ জৰিয়তে এই সমস্যা দূৰ কৰিব পাৰি। পাৰস্পৰিক বিনিময়ৰ যোগেদি ক্ষুদ্ৰ আকাৰৰ কৃষিভূমিসমূহ একো একোটা বৃহৎ খণ্ডলৈ ৰূপান্তৰ কৰা হয়। ধৰি লোৱা হ’ল, এজন খেতিয়কৰ দুভৰা খেতিমাটি বেলেগ বেলেগ ঠাইত আছে। এতিয়া অন্য এজন কৃষকৰ সৈতে বিনিময় কৰি তেওঁ নিজৰ মাটি দুডৰা একেলগ কৰিব পাৰে। ইয়াৰ ফলত উভয়ৰে সুবিধা হ’ব।
ভাৰতত সমবায় স্থাপনৰ জৰিয়তে ভূমি একত্ৰীকৰণৰ কাম কৰিবলৈ লোৱা হৈছিল আৰু স্বতঃস্ফূৰ্তভাৱে কৃষকসকলক এনে কৰিবলৈ আহ্বান জনোৱা হৈছিল। পঞ্জাব, হাৰিয়ানা, উত্তৰ প্ৰদেশৰ পশ্চিমাংশ ইত্যাদি যিবোৰ ঠাইত কৃষকসকলে এনে ব্যৱস্থাৰ প্ৰতি সঁহাৰি জনাই আধুনিক কৃষি সঁজুলি ব্যৱহাৰ কৰিবলৈ লৈছিল, তাত এই ব্যৱস্থা সফল হৈছিল আৰু মাটিৰ উৎপাদনশীলতা বৃদ্ধি হৈছিল। অৱশ্যে, সমগ্ৰ দেশতে এই ব্যৱস্থা ফলৱৰ্তী হোৱা নাছিল।