ASOS Class 12 Economics Chapter 25 সাম্প্রতিক অর্থনৈতিক সংস্কাৰসমূহ আৰু পৰিকল্পনাৰ ভূমিকা, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Economics Chapter 25 সাম্প্রতিক অর্থনৈতিক সংস্কাৰসমূহ আৰু পৰিকল্পনাৰ ভূমিকা and select needs one.
ASOS Class 12 Economics Chapter 25 সাম্প্রতিক অর্থনৈতিক সংস্কাৰসমূহ আৰু পৰিকল্পনাৰ ভূমিকা
Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Economics Chapter 25 সাম্প্রতিক অর্থনৈতিক সংস্কাৰসমূহ আৰু পৰিকল্পনাৰ ভূমিকা Solutions for All Subject, You can practice these here.
সাম্প্রতিক অর্থনৈতিক সংস্কাৰসমূহ আৰু পৰিকল্পনাৰ ভূমিকা
Chapter : 25
পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ
1. শুদ্ধ নে অশুদ্ধ বিচাৰ কৰাঃ
(ক) আশীৰ দশকৰ শেষৰ ফালে ভাৰতীয় অৰ্থনীতিয়ে এক মূল্য বৃদ্ধিৰ অভিজ্ঞতা অৰ্জন কৰিছিল।
উত্তৰঃ শুদ্ধ।
(খ) বিশ্বৰ বাণিজ্যত ভাৰতৰ অংশ বৃদ্ধি পাই গৈছিল।
উত্তৰঃ অশুদ্ধ।
(গ) নবৈ দশকৰ আৰম্ভণিতে ভাৰতীয় অর্থনীতিয়ে অভিজ্ঞতা পোৱা একমাত্ৰ নাটনিটো আছিল বৈদেশিক বিনিময়।
উত্তৰঃ অশুদ্ধ।
(ঘ) কোৱেইট আৰু ইৰাকৰ মাজৰ যুদ্ধই 1991 চনত বৈদেশিক বিনিময় সংকটৰ সৃষ্টি কৰিছিল।
উত্তৰঃ অশুদ্ধ।
(ঙ) 1991 চনৰ নীতিৰ পৰিৱৰ্তনটো অৰ্থনৈতিক পৰিকল্পনাৰ নীতিৰ এটা অংশআছিল।
উত্তৰঃ অশুদ্ধ।
(চ) উদ্যোগৰ অনুজ্ঞাপত্ৰৰ ৰোধকৰণৰ উদ্দেশ্য আছিল প্রতিযোগিতা বৃদ্ধি কৰা আৰু বিকাশ ত্বৰান্বিত কৰা।
উত্তৰঃ শুদ্ধ।
(ছ) আমদানি শুল্ক হ্ৰাস কৰি চৰকাৰে ভাৰতীয় উৎপাদকক দি থকা সুৰক্ষা হ্ৰাস কৰিলে।
উত্তৰঃ অশুদ্ধ।
II. বন্ধনীৰ ভিতৰৰ পৰা উপযুক্ত শব্দটোৰে খালী ঠাই পূৰ কৰাঃ
(ক) অত্যাৱশ্যকীয় দ্ৰব্যৰ দাম বৃদ্ধিয়ে উদ্যোগিক শ্রমিকক ______। (জীৱনধাৰণৰ ব্যয়, আয়) বৃদ্ধি কৰিছিল।
উত্তৰঃ অত্যাৱশ্যকীয় দ্ৰব্যৰ দাম বৃদ্ধিয়ে উদ্যোগিক শ্রমিকক জীৱনধাৰণৰ ব্যয় বৃদ্ধি কৰিছিল।
(খ) উদ্যোগৰ বিকাশৰ ওপৰত নিয়ন্ত্ৰণ কৰা হৈছিল ______। (বজাৰ, অনুজ্ঞাপত্ৰ ব্যৱস্থাৰ যোগেদি।
উত্তৰঃ উদ্যোগৰ বিকাশৰ ওপৰত নিয়ন্ত্ৰণ কৰা হৈছিল অনুজ্ঞাপত্ৰৰ ব্যৱস্থাৰ যোগেদি।
(গ) সংস্কাৰ ব্যৱস্থাৰ আগতে প্ৰযুক্তি আমদানিৰ বাবে চৰকাৰৰ আগতীয় অনুমোদনৰ প্ৰয়োজন ______। (আছিল, নাছিল)
উত্তৰঃ সংস্কাৰ ব্যৱস্থাৰ আগতে প্ৰযুক্তি আমদানিৰ বাবে চৰকাৰৰ আগতীয় অনুমোদনৰ প্ৰয়োজন আছিল।
(ঘ) বৈদেশিক মূলধনৰ অংশগ্ৰহণৰ ওপৰত বাধা আৰোপ ______। (আছিল, নাছিল)
উত্তৰঃ বৈদেশিক মূলধনৰ অংশগ্ৰহণৰ ওপৰত বাধা আৰোপ আছিল।
(ঙ) আবকাৰী শুল্ক হ্ৰাস কৰি ভাৰতীয় উদ্যোগৰ বিদেশী দ্ৰব্যৰ সৈতে _____ কৰাৰ লক্ষ্য হাতত লোৱা হৈছিল।
উত্তৰঃ আবকাৰী শুল্ক হ্ৰাস কৰি ভাৰতীয় উদ্যোগৰ বিদেশী দ্ৰব্যৰ সৈতে প্ৰতিযোগিতা কৰাৰ লক্ষ্য হাতত লোৱা হৈছিল।
(চ) বহুতো উৎপাদিত দ্রব্যক একেটা বিভাগতে অন্তৰ্ভুক্ত কৰা হৈছিল, যিবিলাকৰ ______ কোনো অনুজ্ঞাপত্ৰৰ প্ৰয়োজন নহৈছিল।
উত্তৰঃ বহুতো উৎপাদিত দ্রব্যক একেটা বিভাগতে অন্তর্ভুক্ত কৰা হৈছিল, যিবিলাকৰ উৎপাদনৰ কোনো অনুজ্ঞাপত্ৰৰ প্ৰয়োজন নহৈছিল।
(ছ) প্রযুক্তি আমদানি কৰিবলৈ স্বাধীনতা প্ৰদান কৰি নতুন নীতিয়ে আশা কৰিছিল যে ______ প্রযুক্তি আমদানি কৰা হ’ব।
উত্তৰঃ প্ৰযুক্তি আমদানি কৰিবলৈ স্বাধীনতা প্ৰদান কৰি নতুন নীতিয়ে আশা কৰিছিল যে শেহতীয়া প্ৰযুক্তি আমদানি কৰা হ’ব।
(জ) যিবিলাক উদ্যোগ চৰকাৰী খণ্ডৰ বাবে সংৰক্ষিত আছিল, সিবিলাক চৰকাৰেএ এতিয়া ব্যক্তিগত খণ্ডলৈ ______।
উত্তৰঃ যিবিলাক উদ্যোগ চৰকাৰী খণ্ডৰ বাবে সংৰক্ষিত আছিল, সিবিলাক চৰকাৰেএ এতিয়া ব্যক্তিগত খণ্ডলৈ মুক্ত।
(ঝ) 1991 চনৰ পিছত অর্থনৈতিক বিকাশেই অর্থনৈতিক পৰিকল্পনাৰ একমাত্র উদ্দেশ্য।
উত্তৰঃ অশুদ্ধ।
(ঞ) অর্থনৈতিক সংস্কাৰ গ্ৰহণৰ পিছতো আয়ৰ অসমতা দূৰ কৰা উদ্দেশ্যতো গুৰুত্বপূৰ্ণ হৈ আছে।
উত্তৰঃ শুদ্ধ।
(ট) অর্থনৈতিক সংস্কাৰৰ পিছত অর্থনৈতিক বিকাশ সাধন কৰাত ব্যক্তিগত খণ্ডৰ দায়িত্ব বেছি।
উত্তৰঃ শুদ্ধ।
(ঠ) অৰ্থনৈতিক সংস্কাৰ নীতি গ্ৰহণ কৰাৰ পিছত চৰকাৰে নিজে উদ্যোগিক উৎপাদন বৃদ্ধি কৰাত মনোনিবেশ কৰে।
উত্তৰঃ অশুদ্ধ।
2. উত্তৰ দিয়াঃ
1. কোনটো পঞ্চবার্ষিক পৰিকল্পনাত ভাৰতীয় অর্থনৈতিক পৰিকল্পনাক “জ্ঞাপক (সূচক) পৰিকল্পনা” (Indicative Planning) বুলি অভিহিত কৰিছিল?
উত্তৰঃ অষ্টম পঞ্চবার্ষিক পৰিকল্পনাত ভাৰতীয় অর্থনৈতিক পৰিকল্পনাক “জ্ঞাপক (সূচক) পৰিকল্পনা” বুলি অভিহিত কৰিছিল?
2. 1991 চনৰ অৰ্থনৈতিক সংকটৰ সৃষ্টি কৰা কাৰকসমূহ চমুকৈ বৰ্ণনা কৰা।
উত্তৰঃ 1991 চনৰ অৰ্থনৈতিক সংকটৰ সৃষ্টি কৰা কাৰকসমূহ তলত আলোচনা কৰা হ’ল—
(ক) অনুজ্ঞা পত্ৰৰ ব্যৱস্থাঃ চৰকাৰে উদ্যোগিক বিকাশটো অনুজ্ঞাপত্ৰৰ যোগেদি উদ্যোগিক বিকাশ প্রক্রিয়াক নিয়ন্ত্ৰণ আৰু নিয়মানুকৰণ কৰি নিয়ম নীতি নিৰ্দ্ধাৰণ কৰিছিল।
(খ) কিছুমান উদ্যোগ কেৱল চৰকাৰৰ হাততহে আছিলঃ কিছুমান উদ্যোগৰ উন্নয়ন কেৱল চৰকাৰৰ হাততহে ন্যস্ত আছিল। কিছুমান উদ্যোগ যেনে শক্তি উৎপাদন আৰু বিতৰণ, পৰিবহণ আৰু যোগাযোগ, খনি, গধুৰ যন্ত্রপাতি ইত্যাদিৰ সম্প্ৰসাৰণ আৰু উন্নয়ন কেৱল চৰকাৰেহে কৰিব পাৰিছিল।
(গ) বৈদেশিক বিনিয়োগত বাধা আৰোপঃ ভাৰতীয় উদ্যোগত বৈদেশিক অংশ গ্ৰহণৰ ক্ষেত্ৰত বহুতো বাধা আৰোপ কৰা হৈছিল। যিকোনো উদ্যোগতে মূলধনৰ 25 শতাংশতকৈ বেছি বিনিয়োগ কৰিবলৈ অনুমতি প্ৰদান কৰিবলৈ দিয়া হোৱা নাছিল। যিহেতু বৈদেশিক মুদ্ৰাৰ মূল্য স্থিৰ আছিল। ইয়াৰ কৰ্তৃত্বশীল বিনিময় হাৰ বুলি কোৱা হৈছিল। যিহেতু বৈদেশিক মুদ্ৰাৰ চাহিদা যোগানতকৈ বেছি আছিল আৰু এই মুদ্ৰা বিলাকৰ চাহিদাও যোগান বৃদ্ধিকৈ বেছি হৈছিল৷
(ঘ) বৈদেশিক প্রতিযোগিতাৰ পৰা সুৰক্ষা দিয়াঃ ভাৰতীয় উদ্যোগক বৈদেশিক উদ্যোগৰ প্ৰতিযোগিতাৰ পৰা সুৰক্ষা প্ৰদান কৰা হৈছিল। ইয়াৰ বাবে প্রতিযোগিতাত নামিব পৰা বিদেশী দ্ৰব্য বিলাকৰ ওপৰত গধুৰ আমদানি শুল্ক আৰোপ কৰা হৈছিল যাতে সিবিলাকে ভাৰতীয় উদ্যোগজাত দ্ৰব্যৰ বজাৰ নষ্ট কৰিব নোৱাৰে। কিন্তু সুৰক্ষা প্ৰদানৰ দ্বাৰাই ভাৰতীয় উদ্যোগৰ প্ৰতিযোগিতামূলক শক্তি বৃদ্ধি পোৱা নাছিল। আনহাতে ৰপ্তানি বৃদ্ধি কৰাৰ বাবে ভাৰতীয় উদ্যোগে চৰকাৰৰ পৰা অধিক পৰিমাণে ৰাজ সাহায্য বিচাৰিছিল।
(ঙ) বৈদেশিক প্ৰযুক্তিৰ আগমনত বাধা আৰোপঃ চৰকাৰে বৈদেশিক প্রযুক্তিৰ আমদানিৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছিল আৰু যদি কোনো উদ্যোগিক প্রতিষ্ঠানে বিদেশী প্ৰতিষ্ঠানৰ পৰা প্ৰযুক্তি আমদানি কৰিব বিচাৰিছিল, তেন্তে চৰকাৰৰ পৰা আগতীয়া অনুমোদন লাভ কৰিব লাগিছিল।
3. 1991 চনত অৰ্থনৈতিক নীতিৰ সংস্কাৰৰ যুক্তিযুক্ততা কি আছিল?
উত্তৰঃ ভাৰতীয় অর্থনীতিয়ে নব্বৈ দশকৰ আৰম্ভণীতে কিছুমান সমস্যাৰ সন্মুখীন হৈছিল। সেইবোৰ তলত আলোচনা কৰা হ’ল—
(ক) মুদ্রাস্ফীতিৰ হেচাঃ ভাৰতীয় অর্থনীতি সাংঘাতিকভাৱে মুদ্রাস্ফীতিৰ কৱলত পৰিছিল। আৱশ্যকীয় সামগ্ৰীসমূহৰ দাম দ্রুতভাৱে বৃদ্ধি পাইছিল। যিহেতু ই শ্রমিক শ্ৰেণীৰ জীৱনধাৰণৰ ব্যয় বৃদ্ধি পাইছিল। তাৰোপৰি উদ্যোগিক ব্যয় বৃদ্ধি পোৱাৰ আন এটা কাৰণ আছিল কেঁচা সামগ্ৰী আদিৰ ব্যয় বৃদ্ধি পোৱাৰ বাবে। উদ্যোগিক ব্যয় আৰু দাম বৃদ্ধি হোৱাৰ ফলত সিবিলাক দ্ৰব্যৰ চাহিদা আৰু বিদেশৰ বজাৰত স্থবিৰ হৈ পৰিছিল।
(খ) বিত্তৰ নাটনিঃ উদ্যোগীকৰণ আদিৰ বাবে অৰ্থনীতিত বিত্তৰ নাটনি বাৰুকৈয়ে অনুভৱ কৰা হৈছিল। অৰ্থনীতিত পৰিবহণ আৰু যোগাযোগৰ ক্ষেত্ৰতো নাটনি হৈছিল। এনেবিলাক নাটনিয়ে উদ্যোগিক বিকাশ স্তিমিত কৰি তুলিছিল।
(গ) বৈদেশিক বিনিময়ৰ নায়নিঃ নাটনিৰ ক্ষেত্ৰত উদ্ভৱ হোৱা আটাইতকৈ ডাঙৰ ক্ষেত্ৰতো আছিল বৈদেশিক বিনিময়। আগৰ দশকত ভাৰতীয় অৰ্থনীতিয়ে ৰপ্তানি বৃদ্ধি কৰাৰ অভিজ্ঞতা হৈছিল। কিন্তু আমদানিৰ পৰিমাণ আছিল তাতোকৈ অধিক। গতিকে অর্থনীতিয়ে অৱস্থিত পৰিমাণতকৈ অধিক পৰিমাণৰ বৈদেশিক চাহিদা কৰিব লগীয়া হৈছিল। সেয়ে বৈদেশিক বিনিময়ৰ দাম বা মূল্য ক্রমাগতভাৱে বৃদ্ধি পাইছিল।
(ঘ) নিবনুৱা সমস্যাঃ উদ্যোগিক বিকাশ ঘটিলেও উদ্যোগখণ্ডত নিয়োগ সমানুপাতিভাৱে বৃদ্ধি পোৱা নাছিল।
(ঙ) বিশ্ব বাণিজ্য অংশৰ হ্ৰাসঃ ভাৰতৰ স্থান বিশ্ব বাণিজ্যত হ্ৰাস পাই গৈছিল। অর্থনৈতিক পৰিকল্পনাৰ আৰম্ভণিতে ভাৰতৰ বিশ্ববাণিজ্যত দুই শতাংশ আছিল। নব্বৈ দশকৰ প্ৰাৰম্ভণিত এই অংশ এক শতাংশৰ তলত আছিল অৰ্থাৎ 0.5 শতাংশ। তদুপৰি আগৰ দশকবোৰত ভাৰতৰ বাণিজ্যৰ সম্প্ৰসাৰণ হৈছিল আগৰ ছোভিয়েট আৰু ইউৰোপৰ অন্যান্য সমাজবাদী দেশবোৰৰ সৈতে।
(চ) অন্যান্য দেশবিলাকত অৰ্থনৈতিক বিকাশৰ হাৰ উচ্চঃ কিছুমান অন্যান্য উন্নয়নশীল দেশ যেনে দক্ষিণ কোৰিা, ফিলিপাইনছ, হংকং, ছিংগাপুৰ,মালয়েছিয়া, ইন্দোনেছিয়া, চীন আদি দেশৰ অৰ্থনৈতিক আৰু উদ্যোগিক বিকাশৰ হাৰ ভাৰততকৈ বেছি আছিল।
4. 1991 চনৰ অৰ্থনৈতিক নীতিৰ প্ৰধান পৰিৱৰ্তনবিলাক উল্লেখ কৰা।
উত্তৰঃ 1991 চনৰ অৰ্থনৈতিক নীতিৰ প্ৰধান পৰিৱৰ্তনসমূহ তলত আলোচনা কৰা হ’ল—
(ক) উদ্যোগৰ অনুজ্ঞাপত্ৰ বাতিলঃ পৰিৱেশৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ কৰিব পৰা কিছুমান উদ্যোগৰ বাহিৰে বাকী উদ্যোগসমূহৰ অনুজ্ঞাপত্ৰ ব্যৱস্থা আঁতৰ কৰা হয়। ইয়াৰ ফলত দেশৰ ভিতৰতে প্ৰতিযোগিতাৰ মনোভাৱ গঢ়ি উঠে। এই কথাৰ প্ৰতি প্ৰত্যাশা কৰা হৈছিল যে উদ্যোগৰ সম্প্ৰসাৰণ হ’ব আৰু উদ্যোগিক দক্ষতাৰো উন্নয়ন হ’ব।
(খ) প্ৰযুক্তিৰ আমদানিৰ ক্ষেত্ৰত স্বাধীনতাঃ ভাৰতীয় উদ্যোগসমূহক বিদেশৰ পৰা পৰা প্ৰযুক্তি আমদানি কৰিবলৈ স্বাধীনতা প্ৰদান কৰা হ’ল। আশা কৰা হৈছিল যে উৎকৃষ্ট মানৰ প্ৰযুক্তি দেশলৈ আমদানি কৰা হ’ব আৰু দেশৰ প্ৰযুক্তিৰ ক্ষেত্ৰত উন্নয়ন অব্যাহত থাকিব।
(গ) বৈদেশিক বিনিয়োগৰ স্বাধীনতাঃ বৈদেশিক বিনিয়োগকাৰীসকলক মুঠ মূলধনৰ 51 শতাংশলৈকে কিছুমান নির্বাচিত উদ্যোগত প্ৰৱেশ কৰিবলৈ স্বাধীনতা প্ৰদান কৰা হ’ল। ইয়াৰ ফলত ভাৰতীয় উদ্যোগলৈ বিত্তৰ আগমন হোৱাৰ উপৰি আধুনিক প্রযুক্তি, পৰিচালনা কৌশল আদিও অহাৰ প্ৰবল সম্ভাৱনা থাকিল।
(ঘ) বৃহঋ উদ্যোগৰ প্ৰতিবন্ধ প্ৰত্যাহাৰঃ একচেটীয়া ব্যৱসায়ৰ বৃদ্ধি ৰোধ কৰিবলৈ বৃহৎ উদ্যোগৰ ওপৰত যি বাধা আৰোপ কৰা আছিল তাক আঁতৰ কৰা হ’ল। এতিয়া বিভিন্ন দিশত উদ্যোগিক গোটক তেওঁলোকৰ কাৰ্যকলাপ আগবঢ়াবলৈ অথবা সম্প্ৰসাৰণ কৰিবলৈ স্বাধীনতা প্ৰদান কৰা হ’ল।
(ঙ) চৰকাৰী খণ্ডৰ বাবে সংৰক্ষিত উদ্যোগক ব্যক্তিগত খণ্ডৰ হাতত মুকলিভাৱে এৰি দিয়াঃ যিবিলাক উদ্যোগৰ উন্নয়নৰ দায়িত্ব চৰকাৰৰ হাতত ন্যস্ত আছিল, এতিয়া এই বিলাক উদ্যোগৰ ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰি দিয়া হ’ব।
5. অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তন কৰাৰ পিছত অৰ্থনৈতিক পৰিকল্পনাৰ ভূমিকাৰ বিষয়ে তুমি কি ক’ব বিচৰা?
উত্তৰঃ নতুন অর্থনৈতিক নীতি অথবা অর্থনৈতিক সংস্কাৰে উদ্যোগিক খণ্ডৰ বিকাশ ত্বৰান্বিত কৰাৰ লক্ষ্য হাতত লৈছিল। নতুন নীতিয়ে ভাৰতীয় উদ্যোগত চৰকাৰী নিয়ন্ত্ৰণৰ বাবে যিবোৰ অসুবিধা হৈছিল, সেই সকলোবোৰ হ্ৰাস কৰাৰ অথবা অপসাৰণ কৰাৰ লক্ষ্য হাতত লৈছিল। দ্রুত উদ্যোগিক বিকাশৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছিল যাতে ইয়াৰ বাবে অৰ্থনৈতিক বিকাশৰ হাৰো দ্রুতত হয়।
অৰ্থনীতিত চৰকাৰী নিয়ন্ত্ৰণ আৰু বান্ধোন হ্ৰাস কৰি চৰকাৰে আশা কৰিছিল যে অর্থনৈতিক বিকাশ দ্রুতত হ’ব। পঞ্চাদশ দশকত দেশৰ অৰ্থনৈতিক পৰিকল্পনা প্রস্তুত কৰোতে যি আশাৰে অৰ্থনৈতিক প্রগতি আশা কৰা হৈছিল এতিয়াও দ্রুত গতিত অর্থনৈতিক প্রগতিৰেই প্ৰয়োজন হৈছিল। কেৱল এটাই পৰিৱৰ্তন এতিয়া কৰা হৈছে আৰু সেইটো হৈছে নীতিৰ পৰিৱৰ্তন যি অর্থনৈতিক প্রগতি সুনিশ্চিত কৰিব পাৰে। সেই কাৰণেই আৰু উদ্দেশ্যেই তেতিয়াৰ বিত্তমন্ত্ৰীয়ে নতুন উদ্যোগিক নীতিৰ নিৰৱচ্ছিন্ন পৰিৱৰ্তন বুলি অভিহিত কৰিছিল।
(ক) চৰকাৰৰ ভূমিকা হ্ৰাস কৰাঃ যিহেতু অৰ্থনীতিত চৰকাৰৰ ভূমিকা উল্লেখনীয়ভাৱে হ্ৰাস কৰা হৈছিল, গতিকে প্ৰত্যেক পাঁচবছৰীয়া পৰিকল্পনাত চৰকাৰৰ বাবে ধাৰ্য কৰা লক্ষ্যসমূহ সীমিত কৰা হ’ল। এতিয়া এই লক্ষ্যসমূহ পূৰণ কৰাৰ দায়িত্ব ব্যক্তিগত খণ্ডৰ হাতত অৰ্পণ কৰা হ’ল। সেয়ে অষ্টম পৰিকল্পনাত প্ৰকৃতি হ’ব উদ্দেশ্যভিত্তিক, বর্তমান ভাৰতীয় পৰিকল্পনাক ‘জ্ঞাপক পৰিকল্পনা’।
বিকাশৰ গতিধাৰাত আগ–ভাগ ল’বলৈ ব্যক্তিগত খণ্ডৰ হাততে এৰি দিছে। যিহেতু ব্যক্তিগত খণ্ডই লাভ আহৰণ কৰা কাৰ্যত মনোনিৱেশ কৰে, সেয়ে অর্থনৈতিক বিকাশৰ হাৰ নিৰ্ভৰ কৰিব, লাভ আহৰণ কৰাৰ ক্ষমতা আৰু সামৰ্থতাৰ ওপৰত। অবশ্যে এনে নীতিয়ে অর্থনৈতিক অসমতাক হ্ৰাস কৰাতকৈ বৃদ্ধিহে কৰিব, সেয়ে চৰকাৰৰ এনে অসমতা ৰোধ কৰিবলৈ আগবাঢ়ি আহিব লাগিব।
(খ) চৰকাৰৰ নতুন ভূমিকাঃ দৰিদ্ৰতা নিৰ্মূল কৰাৰ প্ৰয়োজনীয়তা প্রবল হৈ আছে। অর্থনৈতিক পৰিকল্পনাৰ ভূমিকা হ’ব দৰিদ্ৰতা নিৰ্মূল কৰাৰ বাবে প্রয়োজনীয় আঁচনিসমূহৰ আৰম্ভণি আৰু চলাই যোৱাটো আৰু চৰকাৰে এতিয়া জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড উন্নয়নৰ দায়িত্ব ল’ব লাগিব।
নতুন নীতিয়ে অৱশ্যে নিবনুৱা অৱস্থা হ্ৰাস কৰিব বুলি সুনিশ্চিত কৰা নাই। ব্যক্তিগত উদ্যোগ খণ্ডই যিবিলাক প্রযুক্তিয়ে লাভ অৰ্জনত উদ্গনি দিব তেনে প্রযুক্তিহে প্ৰয়োগ কৰিব। কিন্তু ই বেছি নিয়োগৰ সুবিধাৰ সৃষ্টি নকৰে। সেয়েহে নিবনুৱা সমস্যা দূৰ হোৱাটো নিৰ্ভৰ কৰিব কিমান ক্ষিপ্ৰতাৰে উদ্যোগ খণ্ডৰ সম্প্ৰসাৰণ হ’ব আৰু ই কিমান দূৰ প্ৰসাৰ লাভ কৰিব তাৰ ওপৰত। চৰকাৰে উদ্যোগৰ দ্রুত সম্প্ৰসাৰণ ঘটোৱাৰ বাবে উৎসাহিত কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু বিভিন্ন ৰাজ্য আৰু গ্ৰাম্য অঞ্চলত সিবিলাক স্থাপন কৰিব লাগিব।
সেয়েহে নতুন অর্থনৈতিক নীতি গ্ৰহণ কৰাৰ ক্ষেত্ৰত অৰ্থনৈতিক পৰিকল্পনাৰ ভূমিকা হ্ৰাস নাপায়। ইয়াৰ কেৱল পৰিৱৰ্তনহে হ’ব। চৰকাৰে নিজে উদ্যোগিক উৎপাদন বৃদ্ধি কৰি মনোনিবেশ নকৰে। ই এনে বিলাক পৰিকল্পনা প্ৰস্তুত কৰিব যাতে উদ্যোগিক উন্নয়নৰ লগে লগে আয়ৰ অসমতা হ্রাস পায়, দৰিদ্ৰতা আঁতৰ হয়, নিবনুৱা সমস্যা হ্রাস পায় আৰু ভাৰসাম্য আঞ্চলিক বিকাশ ঘটে।