ASOS Class 12 Economics Chapter 27 উদ্যোগ

ASOS Class 12 Economics Chapter 27 উদ্যোগ, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Economics Chapter 27 উদ্যোগ and select needs one.

ASOS Class 12 Economics Chapter 27 উদ্যোগ

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Economics Chapter 27 উদ্যোগ Solutions for All Subject, You can practice these here.

উদ্যোগ

Chapter : 27

27.1পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. বন্ধনীৰ ভিতৰৰ পৰা উপযুক্ত শব্দ বাছি লৈ খালী ঠাই পূৰ্ণ কৰা।

(i) _____ হৈছে প্ৰাথমিক খণ্ডৰ প্ৰধান ভাগ। (খনি, কৃষি)

উত্তৰঃ কৃষি।

(ii) 1996-97 চনত ভাৰতৰ বৈদেশিক বাণিজ্যলৈ উদ্যোগখণ্ডৰ অৱদান আছিল ______। (75%, 25%)

উত্তৰঃ 75% .

(iii) 1990-91 চনত ভাৰতৰ উদ্যোগ খণ্ডৰ নিয়োজিত লোকৰ সংখ্যা আছিল ______। (5 কোটি, 4 কোটি)

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ 5 কোটি।

(iv) উদ্যোগ হৈছে অৰ্থনীতিৰ ______ খণ্ডৰ অংশ। (প্রাথমিক, দ্বিতীয়)

উত্তৰঃ দ্বিতীয়।

2. তলত দিয়া কথাবোৰ সঁচা’ নে ‘মিছা’ লিখা।

(i) উদ্যোগে কেৱল ভোক্তাৰ প্ৰয়োজনৰ সামগ্ৰীহে উৎপাদন কৰে।

উত্তৰঃ মিছা।

(ii) উদ্যোগে পৰিবহণ, যোগাযোগ, স্বাস্থ্য আৰু শিক্ষা সেৱা প্ৰদান কৰে।

উত্তৰঃ সঁচা।

(iii) ভাৰত পেট্ৰ’লিয়ামৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল।

উত্তৰঃ মিছা।

(iv) ৰপ্তানি বাণিজ্যৰ একমাত্ৰ গুৰুত্ব হৈছে এয়ে যে আমাৰ আমদানিৰ বিল পৰিশোধৰ বাবে ধন আহৰণত সহায় কৰে।

উত্তৰঃ মিছা।

27.2 পাঠ-অন্তৰ্গত প্রশ্নাৱলীঃ

1. বন্ধনীৰ ভিতৰৰ পৰা উপযুক্ত শব্দ বাছি লৈ খালী ঠাই পূৰ্ণ কৰা।

(i) চৰকাৰৰ অধীনত থকা উদ্যোগক ______ খণ্ডৰ উদ্যোগ বোলা হয়। (ৰাজহুৱা ব্যক্তিগত)

উত্তৰঃ ৰাজহুৱা।

(ii) হিন্দুস্তান লিভাৰ লিমিটেড হৈছে ______ খণ্ডৰ উদ্যেগ। (ৰাজহুৱা, ব্যক্তিগত)

উত্তৰঃ ব্যক্তিগত।

(iii) ______ হৈছে ভাৰত চৰকাৰ আৰু বিদেশী কোম্পানী এটাৰ যৌথ মালিকানাযুক্ত উদ্যোগ। (মাৰুতি উদ্যোগ লিমিটেড, মহানগৰ টেলিফোন নিগম লিমিটেড)

উত্তৰঃ মাৰুতি উদ্যোগ লিমিটেড।

(iv) যিবোৰ উদ্যোগত প্ৰাৰম্ভিক বিনিয়োগ ______ টকাতকৈ বেছি নহয়, সেইবোৰক ক্ষুদ্র উদ্যোগ বুলিব পাৰি। (3 কোটি, 3 লাখ)

উত্তৰঃ 3 কোটি।

2. তলত দিয়া কথাবোৰ ‘সঁচা’ নে ‘মিছা’ লিখা।

(i) চিমেণ্ট উদ্যোগ হৈছে এটা উপভোক্তাৰ উদ্যোগ।

উত্তৰঃ মিছা।

(ii) স্বয়ংক্রিয় যন্ত্র এটাই এজন শ্রমিকতকৈ অধিক উৎপাদন কৰিব পাৰে।

উত্তৰঃ সঁচা।

(iii) টেলিফেন হৈছে এবিধ আন্তঃগাঁথনিমূলক সুবিধা।

উত্তৰঃ সঁচা।

(iv) উদ্যোগ এটা সূচাৰু ৰূপত চলিবলৈ শ্রমিক-মালিকৰ মাজত সুসম্পৰ্ক নাথাকিলেও হয়।

উত্তৰঃ মিছা।

27.3 পাঠ-অন্তৰ্গত প্রশ্নাৱলীঃ

1. বন্ধনীৰ ভিতৰৰ পৰা উপযুক্ত শব্দ বাছি লৈ খালী ঠাই পূৰ্ণ কৰা।

(i) 1956 চনৰ ঔদ্যোগিক নীতিখনত উদ্যোগসমূহক ______ টা অনুসূচীত ভাগ কৰা আছে। (2, 3)

উত্তৰঃ 3 .

(ii) ৰাজহুৱা খণ্ডত থকা 17 টা ক্ষেত্ৰৰ ______ টা 1991 চনৰ ঔদ্যোগিক নীতিত অসংৰক্ষিত কৰা হৈছে। (9, 10)

উত্তৰঃ 9 .

(iii) ঔদ্যোগিক অনুজ্ঞাপত্ৰ প্ৰদান ব্যৱস্থাৰ এটা প্ৰধান উদ্দেশ্য হৈছে _____ উদ্যোগ খণ্ডৰ অপ্ৰয়োজনীয় সম্প্ৰসাৰণ বন্ধ কৰা। (বৃহৎ, ক্ষুদ্র)

উত্তৰঃ বৃহৎ।

(iv) ভাৰত চৰকাৰে _____ টা উদ্যোগৰ বাহিৰে বাকীবোৰৰ অনুজ্ঞাপত্ৰৰ প্রয়োজনীয়তা নাইকীয়া কৰিছে। (15,25)

উত্তৰঃ 15 .

(v) ক্ষুদ্র উদ্যোগসমূহ _____ নিবিড়। (শ্রম, মূলধন)

উত্তৰঃ শ্রম।

পাঠ্য সমাপ্তি অনুশীলনীৰ উত্তৰঃ

1. ভাৰতৰ অৰ্থনীতিত উদ্যোগৰ ভূমিকা ব্যাখ্যা কৰা।

উত্তৰঃ ভাৰতৰ অৰ্থনীতিত উদ্যোগ খণ্ডৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। কাৰণ—

1. উপভোক্তাৰ সামগ্ৰীৰ উৎপাদনঃ উদ্যোগসমূহে উপভোক্তাসকলৰ প্রয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন প্ৰকাৰৰ সামগ্রী উৎপাদন কৰে। পিন, কাগজ, পেন্সিল, কাপোৰ, জোতা, চাবোন, চাইকেল, চিলাই কল, ৰেডিঅ’, ৰেফ্ৰিজাৰেটৰ ইত্যাদি ভোক্তাৰ পছন্দৰ বিভিন্ন সামগ্ৰী উদ্যোগসমূহত উৎপাদন কৰা হয়।

2. উদ্যোক্তাৰ সামগ্ৰীৰ উৎপাদনঃ উদ্যোগসমূহত উৎপাদন গোট, যেনে— কাৰখানা, প্রতিষ্ঠান, অফিচ-কাৰ্যালয় আদিৰ বাবে প্ৰয়োজনীয় সামগ্ৰীবোৰো উৎপাদিত হয়। এই সামগ্ৰীবোৰ পিছত পুনৰ সামগ্রী উৎপাদনৰ অৰ্থে ব্যৱহাৰ কৰা হয়।

3. সেৱাৰ উৎপাদনঃ যদিহে উদ্যোগসমূহে বাছ, ট্রাক, ৰে’লগাড়ী ইত্যাদিবোৰ উৎপাদন কৰিবলৈ এৰি দিয়ে, তেতিয়া মানুহে এঠাইৰ পৰা আন ঠাইলৈ যাব নোৱাৰিব আৰু বস্তু সামগ্ৰীৰ সৰবৰাহ কৰিবও নোৱাৰিব।

4. আত্মনিৰ্ভৰশীলতা প্রদানঃ আমাৰ দেশত যদি উদ্যোগ নাথাকিলেহেঁতেন, তেতিয়া আমাৰ প্ৰয়োজনীয় সামগ্ৰীবোৰ আমি আন দেশৰ পৰা আমদানি কৰিব লাগিলেহেঁতেন। তেতিয়া আমি বিদেশী ৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰশীল হ’লোহেঁতেন। এনেদৰে পৰনিৰ্ভৰশীল হোৱাটো কেতিয়াও ভাল কথা হ’ব নোৱাৰে। যুদ্ধৰ সময়ত যেতিয়া পৰনিৰ্ভৰশীল দেশবোৰলৈ বস্তুৰ সৰবৰাহ বন্ধ হৈ যায়, তেতিয়া কি হ’ব পাৰে কল্পনা কৰিব নোৱাৰি।

5. ৰপ্তানি বৃদ্ধিঃ অশেষ চেষ্টা কৰিলেও কোনো দেশেই 100 শতাংশ আত্মনিৰ্ভৰশীলতা লাভ কৰিব নোৱাৰে। প্ৰয়োজনীয় উপাদানৰ অভাৱত এখন দেশে বহুতো বস্তু-সামগ্রী উৎপাদন কৰিব নোৱাৰিব পাৰে। গতিকে, তেনে সামগ্ৰীবোৰৰ আমদানি কৰিবলগীয়া হয়।

আন দেশৰ পৰা আমদানি কৰি অনা সামগ্ৰীৰ মূল্য পৰিশোধ কৰিবলৈ আমাক বৈদেশিক মুদ্ৰাৰ প্ৰয়োজন হয়। আন দেশলৈ দ্রব্য-সামগ্ৰী ৰপ্তানি কৰি বৈদেশিক মুদ্ৰা আহৰণ কৰিব পাৰি, গতিকে, আমাৰ বাবে ৰপ্তানি অভি প্রয়োজনীয়।

6. জীৱিকাৰ উৎসঃ উদ্যোগে বহুতো লোকক নিয়োগৰ সুবিধা আগবঢ়াইছে। 1990-91 চনৰ হিচাপ মতে, ভাৰতীয় উদ্যোগত পাঁচ কোটিতকৈও অধিক লোক নিয়োজিত হৈ আছে। অন্য অৰ্থত ভাৰতৰ মুঠ কর্মযোগ্য মানুহৰ এক-ষষ্ঠাংশ লোকেই উদ্যোগ খণ্ডত নিয়োগৰ সুবিধা পাইছে।

7. প্ৰাকৃতিক সম্পদৰ উদ্ধাৰঃ প্ৰকৃতিয়ে বিভিন্ন প্ৰকাৰৰ সম্পদ যেনে— কৃষিভূমি, খনিত সম্পদ, কাগজ সম্পদ, নদী, সাগৰ ইত্যাদিৰে আমাৰ দেশক চহকী কৰিছে। এই সম্পদসমূহ এতিয়াও সম্পূৰ্ণৰূপে উদ্ধাৰ হোৱা নাই। এই সম্পদসমূহ উদ্ধাৰ কৰাৰ বাবে যিবোৰ যন্ত্ৰ-পাতি বা সা-সঁজুলিৰ প্রয়োজন হয়, সেইবোৰ উদ্যোগতেই নিৰ্মিত। উদাহৰণস্বৰূপে, ট্ৰেক্টৰৰ সহায়ত মাটি চহাই সহজতে কৃষিকার্য সম্পন্ন কৰিব পাৰি। সাগৰ ব্যৱহাৰৰ দ্বাৰা ভূমিৰ উৰ্বৰতা বৃদ্ধি কৰিব পাৰি। ঔদ্যোগিক সামগ্ৰীয়ে নতুন সম্পদ অনুসন্ধান কৰাতো সহায় কৰে। উদাহৰণস্বৰূপে, সাগৰতলীত তেলৰ অনুসন্ধান কৰাৰ বাবে আমাক উন্নত মানৰ যন্ত্রপাতি, কৃত্রিম উপগ্রহ আৰু অন্যান্য যন্ত্ৰপাতিৰ প্ৰয়োজন হয়, যিবোৰ আমাক উদ্যোগে দিয়ে।

2. ঔদ্যোগিক উন্নয়ন প্ৰভাৱিত কৰা কাৰকণসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ উদ্যোগৰ বিকাশত প্ৰভাৱ পেলোৱা কাৰকসমূহ হৈছে—

1. কেঁচামালঃ কেঁচামাল হৈছে উৎপাদনৰ প্ৰাথমিক উপাদান। উদ্যোগৰ বাবে প্রয়োজনীয় আন্তঃগাথনি, ঋণ, যন্ত্রপাতি, শ্রমিক ইত্যাদি থাকিলেও যদিছে কেঁচামাল নাথাকে, তেন্তে কোনো সামগ্রী উৎপাদন কৰিব নোৱাৰিব।

2. প্রযুক্তিঃ ঔদ্যোগিক বিকাশ নিৰ্ধাৰণ কৰাত প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ অৱদান আছে। যিমানেই উচ্চমানৰ প্ৰযুক্তি হয়, উৎপাদন সিমানেই বাঢ়ে। যিবোৰ উদ্যোগত যন্ত্ৰপাতিৰ পৰিৱৰ্তে অধিক শ্রমিক নিয়োগ কৰা হয়, সেইবোৰত উৎপাদনৰ পৰিমাণ কম হয়।

3. আন্তঃগাথনিৰ সুবিধাঃ আন্তঃগাথনিৰ সুবিধাই পথ, ৰে’লপথ, আকাশী পৰিবহণ, দলং, বান্ধ, টেলিফোন আৰু অন্যান্য যোগাযোগৰ মাধ্যম, পানী যোগানৰ ব্যৱস্থা, বিদ্যুতৰ ব্যৱস্থা ইত্যাদিবোৰ বিষয় সামৰি লয়। উদ্যোগসমূহ চলি থাকিবৰ বাবে আৰু বিকাশৰ বাবে এই সুবিধদাবোৰৰ অতি প্রয়োজন। আন্তঃগাথনিমূৰক সুবিধাসমূহ আগবঢ়োৱা উৎসসমূহলৈ লক্ষ্য কৰিলেই এইবোৰ একোটা উদ্যোগলৈ আগবঢ়াব পৰা সেৱা আৰু ঔদ্যোগিক বিকাশলৈ আগবঢ়াব পৰা অৱদানৰ কথা অনুমান কৰিব পৰা যায়।

4. মানৱ সম্পদঃ মানৱ সম্পদেও ঔদ্যোগিক বিকাশ প্রভাৱিত কৰিব পাৰে। ইয়াত মানৱ সম্পদৰ জৰিয়তে উদ্যোগৰ প্ৰয়োজনীয় বিভিন্ন স্তৰৰ দক্ষ আৰু অদক্ষ শ্রমিকৰ কথা বুজোৱা হৈছে। সমগ্ৰ ঔদ্যোগিক কাম-কাজ পৰিচালনা কৰিবলৈ পৰিচালক আৰু উদ্যোগৰ শংকা বহন কৰি নেতৃত্ব দিয়া উদ্যোক্তাকো এনে মানৱ সম্পদৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে।

5. নিয়োগকর্তা আৰু কৰ্মচাৰীৰ সম্পৰ্কঃ উদ্যোগ সুচাৰুৰূপে চলিবৰ বাবে নিয়োগকর্তা আৰু কৰ্মচাৰীৰ মাজত সুসম্পর্ক থকা উচিত। সুসম্পর্ক নাথাকিলে উদ্যোগত হৰতাল, তলা বন্ধ ইত্যাদি হোৱাৰ সম্ভাৱনা থাকিব, যাৰ দ্বাৰা উদ্যোগৰেই লোকচান হ’ব। গতিকে, উদ্যোগত শ্রমিক-মালিকৰ সুসম্পর্ক থকা উচিত।

6. দ্রব্য-সামগ্ৰীৰ প্ৰতি চাহিদাঃ চাহিদা থাকিলেহে দ্রব্য-সামগ্রী উৎপাদন কৰা হয়। গতিকে, দ্রব্য-সামগ্ৰীৰ চাহিদা থকা বজাৰ এখন অতি প্রয়োজনীয়। ব্যৱসায়ীসকলে যিকোনো ক্ষেত্ৰতে বিনিয়োগ কৰাৰ পূৰ্বে উৎপাদন কৰিব খোজা বস্তুবিধ চাহিদা আছেনে নাই, সেই সম্পৰ্কে বজাৰত সমীক্ষা চলাই যদিহে ব্যৱসায়ীজনে তেনে সামগ্ৰীৰ বাবে বজাৰত চাহিদা হ’ব পৰা সম্ভাৱনা লক্ষ্য নকৰে, তেন্তে তেওঁ বিনিয়োগ নকৰিব অৱশ্যে চাহিদা যে নিজৰ দেশতে সৃষ্টি হ’ব তেনে নহয়। কোনো কোনো সামগ্ৰীৰ বাবে ৰপ্তানি-চাহিদাও থাকি।

3. ভাৰতৰ ঔদ্যোগিক বিকাশৰ ক্ষেত্ৰত ক্ষুদ্র উদ্যোগক কিছু গুৰুত্ব নি হৈছে?

উত্তৰঃ ভাৰত চৰকাৰৰ নীতি মতে, যিবোৰ উদ্যোগত প্ৰাৰম্ভিক বিনিয়োগৰ পৰিমাণ 3 কোটি বা ততোধিক কম, সেইবোক ক্ষুদ্র উদ্যোগ বুলি কোৱা হয়। ক্ষুদ্র উদ্যোগ খণ্ডত থকা গোটসমূহক কুটিৰ উদ্যোগ আৰু ক্ষুদ্র উদ্যোগ গোট— এই দুই ভাগত ভগোৱা হৈছে। কুটিৰ উদ্যোগসমূহে পৰম্পৰাগত পদ্ধতিৰে পৰম্পৰাগত সামগ্ৰী উৎপাদন কৰে। উদাহৰণস্বৰূপে, হস্তশিল্প, হস্ততাঁত তৈয়াৰী সামগ্রীসমূহ। এনে উদ্যোগসমূহত পৰিয়ালৰ সদস্যসকলেই শ্রমিকৰ কাম কৰে। আনহাতে, ক্ষুদ্র উদ্যোগ গোটসমূহে আধুনিক উপভোক্তাৰ সামগ্রী উৎপাদন কৰে। এনে উদ্যোগত ভাৰতীয়া শ্রমিক নিয়োগ কৰা হয়।

(a) ক্ষুদ্ৰ উদ্যোগৰ গুৰুত্বঃ ভাৰতৰ অৰ্থনৈতিক বিকাশ প্রক্রিয়াত ক্ষুদ্র উদ্যোগ খণ্ডক অতি গুৰুত্বপূৰ্ণ স্থান দিয়া হৈছে। ইয়াৰ কাৰণ হৈছে—

1. কৰ্মসংস্থাপনৰ সুবিধাঃ ক্ষুদ্র উদ্যোগৰ ক্ষেত্ৰত গড় হিচাপত শ্রমিকৰ বাবে কম মূলধনৰ প্ৰয়োজন হয়। ভাৰতবৰ্ষ অত্যাধিক জনসংখ্যাৰ দেশ, য’ত মূলধন পৰিমাণ কম। প্ৰতি বছৰে কৰ্মসংস্থাপন বিচৰা লোকৰ সংখ্যা বৃদ্ধি হৈ গৈ আছে। ক্ষুদ্র উদ্যোগ খণ্ডত কম মূলধন বিনিয়োগ কৰি অধিক শ্রমিক নিয়োগ কৰিব পৰা যায়।

2. পৰিৱৰ্তিত চাহিদা অনুকূলঃ এনে উদ্যোগৰ উৎপাদন ক্ষেত্র অতি কম। গতিকে, বজাৰৰ পৰিৱৰ্তিত চাহিদাৰ লগত সংগতি ৰাখি উৎপাদনৰ পদ্ধতি আৰু মাত্ৰা সলনি কৰিব পাৰে।

3. থলুৱা প্ৰতিভাৰ ব্যৱহাৰঃ ভাৰতৰ বিভিন্ন ৰাজ্যত চুকে-কোণে অসংখ্য প্ৰতিভা সিঁচৰতি হৈ আছে। এই লোকসকলৰ পৰম্পৰাগত সামগ্রী উৎপাদনত অভিজ্ঞ। ক্ষুদ্র উদ্যোগ খণ্ডই এনে থলুৱা অভিজ্ঞ শিল্পীসকলক নিজৰ প্ৰতিভা প্রদর্শনৰ সুবিধা দিয়ে। ক্ষুদ্র উদ্যোগ খণ্ড অবিহনে এনে লোকসকলে নিজৰ প্রতিভা ব্যৱহাৰৰ সুবিধা নাপালেহেঁতেন।

4. আয় অসমতা দূৰীকৰণঃ বৃহৎ মাত্ৰাৰ উদ্যোগে আয় আৰু সম্পদৰ কেন্দ্ৰীয়কৰণত অৰিহণা যোগায়। তাৰ বিপৰীতে ক্ষুদ্র উদ্যোগ ক্ষেত্ৰই আয় আৰু সম্পদ দেশৰ অধিক সংখ্যক লোকৰ মাজত বিতৰণ কৰি দিয়ে। ইয়াৰ দ্বাৰা অর্থনীতিত আয় অসমতা দূৰ হয়।

5. আঞ্চলিক সমতা স্থাপনঃ দেশৰ বিভিন্ন ঠাইত ক্ষুদ্ৰ গোট স্থাপন কৰিব পাৰি। ইয়াৰ দ্বাৰা তেনে ঠাইবোৰৰ আৰ্থিক বিকাশ সাধন হয় আৰু বিভিন্ন ঠাইৰ মাজৰ অসমতা দূৰ হয়।

4. চমু টোকা লিখাঃ

(a) উদ্যোগৰ শ্ৰেণী বিভাজনৰ ভিত্তি।

উত্তৰঃ উদ্যোগসমূহক তলত দিয়া ধৰণে শ্ৰেণী বিভাজন কৰিব পৰা যায়—

1. স্বত্বাধিকাৰ ভিত্তিৰ উদ্যোগঃ যিকোনো এটা উদ্যোগৰ স্বত্বাধিকাৰ চৰকাৰ, কোনো ব্যক্তি, কেবাজনো ব্যক্তি অথবা চৰকাৰ আৰু ব্যক্তিসমূহৰ মাজত যৌথভাৱে থাকিব পাৰে।

যিবোৰ উদ্যোগৰ স্বত্বাধিকাৰী চৰকাৰ হয়, সেইবোক চৰকাৰী বা ৰাজহুৱা খণ্ডৰ উদ্যোগ বোলে। এনে চৰকাৰ কেন্দ্ৰীয়, ৰাজ্যিক বা স্থানীয় চৰকাৰো হ’ব পাৰে। ভাৰতৰ ৰাজহুৱা খণ্ডৰ কেতবোৰ উদ্যোগৰ নাম হৈছে — ইণ্ডিয়ান এয়াৰ লাইন্‌ছ কৰ্প’ৰেছন, ভাৰত গল্ড মাইন্‌ছ, ভাৰতীয় সাৰ নিগম, ৰাষ্ট্ৰীয় ইস্পার্ট নিগম ইত্যাদি।

যিবোৰ উদ্যোগৰ স্বত্বাধিকাৰী এজন বা কেবাজনো ব্যক্তিৰ গোট এটচা হয়, সেইবোৰক ব্যক্তিগত বা বেচৰকাৰী খণ্ডৰ বুলি কোৱা হয়। ব্যক্তিগত খণ্ডৰ কেতবোৰ উদ্যোগ হৈছে হিন্দুস্থান লিভাৰ লিমিটেড, নেছ্লে ইণ্ডিয়া লিমিটেড, বাজাজ অট’লিমিটেড, শ্ৰীৰাম ফার্টিলাইজাৰছ, ইত্যাদি।

এইবোৰৰ উপৰি এনে কিছুমান উদ্যোগ আছে, যিবোৰ ব্যক্তিগত আৰু ৰাজহুৱা উভয় খণ্ডৰে স্বত্বাধিকাৰত আছে। এইবোৰ হৈছে যৌথ খণ্ডৰ উদ্যোগ। যৌথ খণ্ডৰ উদ্যোগ। যৌথ উদ্যোগ দুই ধৰণৰ হ’ব পাৰে।

(ক) চৰকাৰ আৰু বিদেশী কোম্পানীর যৌথ মালিকানা। আৰু

(খ) চৰকাৰ আৰু দেশীয় ব্যক্তিগত খণ্ডৰ কোম্পানীৰ যৌথ মালিকানাৰ উদ্যোগ।

(গ) শ্ৰেণীৰ যৌথ মালিকানাৰ কেতবোৰ উদ্যোগৰ উদাহৰণ হৈছে— মহানগৰ টেলিফোন নিগম লিমিটেড, ইঞ্জিনীয়াৰ্ছ ইণ্ডিয়া লিমিটেড, ভাৰতৰ পৰ্যটক বিকাশ নিগম ইত্যাদি।

2. উৎপাদনৰ মাত্ৰা ভিত্তিক উদ্যোগঃ উৎপাদনৰ মাত্ৰাৰ দ্বাৰা উদ্যোগৰ আকাৰ বুজোৱা হয়। উদ্যোগত বিনিয়োগ কৰা মূলধন বা নিয়োজিত শ্রমিকৰ সংখ্যাৰ দ্বাৰা উদ্যোগৰ আকাৰ নিৰ্ধাৰণ কৰা হয়। উৎপাদনৰ মাত্ৰা অনুসৰি উদ্যোগসমূহক বৃহৎ উদ্যোগ আৰু ক্ষুদ্র উদ্যোগ হিচাপে ভাগ কৰা হয় ৷

ভাৰতত উদ্যোগৰ আৰম্ভণিতে বিনিয়োগ কৰা স্থিৰ মূলধনৰ ভিত্তিত উদ্যোগৰ মাত্ৰা নিৰ্ধাৰণ কৰা হয়।

ক্ষুদ্র উদ্যোগৰ বাবে স্থিৰ মূলধন বিনিয়োগৰ উচ্চ সীমা নির্ধাৰণ কৰি দিয়া হয়। হ এনে সীমা চৰকাৰে নিৰ্ধাৰণ কৰে আৰু সময়ে সময়ে ইয়াক সলাই থাকে। 1996-97 চনত ক্ষুদ্র উদ্যোগৰ বাবে তিনি কোটি টকা উচ্চ সীমা নিৰ্ধাৰণ কৰা হৈছিল। অর্থাৎ যিবোৰ উদ্যোগত প্ৰাৰম্ভিক বিনিয়োগৰ উচ্চসীমা 3 কোটি টকাতকৈ অধিকক হ’ব সেইবোৰক ক্ষুদ্র উদ্যোগ বুলিব নোৱাৰি।

3. ব্যৱহাৰিক উদ্যোগঃ উদ্যোগৰ উৎপাদিত সামগ্ৰীবোৰ হয় ভোগৰ বাবে, নহ’লে পুনৰ উৎপাদনকাৰ্যৰ বাবে ব্যৱহাৰ কৰা হয়। উৎপাদিত সামগ্ৰীৰ এই ব্যৱহাৰৰ ভিত্তিটো উদ্যোগসমূহক ভাগ কৰিব পাৰি। সেইমতে আমি দুই শ্ৰেণীৰ উদ্যোগ, যেনে— উপভোক্তাৰ সামগ্ৰীৰ উদ্যোগ আৰু উৎপাদকৰ সামগ্ৰীৰ উদ্যোগ পাওঁ।

(ক) উপভোক্তাৰ সামগ্ৰীৰ উদ্যোগঃ এই উদ্যোগসমূহে কাপোৰ, জোতা, চাবোন, পিন, ঘড়ী, টিভি, ৰেডিঅ’ আদি ভোক্তাৰ সামগ্ৰীসমূহৰ উৎপাদন কৰে।

(খ) উৎপাদকৰ সামগ্ৰীৰ উদ্যোগঃ এই উদ্যোগবোৰে সাৰ, লো-তীখা, চিমেণ্ট, ৰাসায়নিক দ্রব্য, সঁজুলি, যন্ত্র-পাতি আদি অন্য বস্তু উৎপাদনৰ বাবে উৎপাদনকর্তাই ব্যৱহাৰ কৰা সামগ্রী উৎপাদন কৰে।

(b) 1956 চনৰ ঔদ্যোগিক নীতি।

উত্তৰঃ এখন দেশত সময়ে সময়ে কিধৰণৰ ঔদ্যোগিক কামকাজ কৰা হ’ব, সেই সম্পৰ্কে চৰকাৰে নিৰ্ধাৰণ কৰা সকলোবোৰ নীতি-নিয়ম ঔদ্যোগিক নীতিত থাকে। চৰকাৰে এই ঔদ্যোগিক নীতিৰ দ্বাৰাই উদ্যোগসমূহৰ প্ৰতি গ্ৰহণ কৰা চৰকাৰী নিৰ্দেশনা আদিও প্রকাশ কৰে। ভাৰত চৰকাৰে গ্ৰহণ কৰা এনে ঔদ্যোগিক নীতিসমূহ হ’ল—

1. উদ্যোগৰ শ্ৰেণী বিভাজনঃ স্বাধীনতাৰ পিছত চৰকাৰে ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ড উভয়ৰে মাজত সুকীয়াকৈ দায়িত্বভাৰ দি ঔদ্যোগিক নীতি প্ৰস্তুত কৰে। 1948 চনত গ্ৰহণ কৰা ঔদ্যোগিক নীতিত প্ৰথমবাৰৰ বাবে চৰকাৰে ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ডৰ মাজৰ পাৰ্থক্য দেখুৱাই উদ্যোগৰ শ্ৰেণীবিভাজন কৰে। 1956 চনত এইখন ঔদ্যোগিক নীতি সংশোধন কৰা হয়। এই নীতিখনেই 1991 চন পর্যন্ত ভাৰতত গ্ৰহণ কৰা ঔদ্যোগিক নীতিৰ মূল হিচাপে বিবেজিত হৈ আহিছে।

‘ক’ অনুসূচীঃ এই ভাগত চৰকাৰী ৰাজহুৱা খণ্ডৰ বাবে 17 টা উদ্যোগ ৰখা হৈছে। এইবোৰৰ প্ৰতি চৰকাৰৰ একচেটীয়া অধিকাৰ আৰু দায়িত্ব থাকিব। এই উদ্যোগবোৰৰ কেতবোৰ হৈছে অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ, আণৱিক শক্তি, লো আৰু তীখা, ৰে’লপথ, আকাশী পথ, টেলিফোন, বিদ্যুৎ উৎপাদন আৰু বিতৰণ ইত্যাদি।

‘খ’ অনুসূচীঃ এই ভাগত 12 টা উদ্যোগ ৰখা হৈছে। এই শিতানত চৰকাৰে নতুন উদ্যোগ স্থাপন কৰিব পাৰিব। অৱশ্যে, ব্যক্তিগত খণ্ডকো উদ্যোগ স্থাপন কৰিবলৈ দিয়া হ’ব। এইভাগৰ কেতবোৰ উদ্যোগ হৈছে— যন্ত্রপাতি নির্মাণ, ৰাসায়নিক দ্রব্য, সাৰ, পথ আৰু সাগৰীয় পৰিবহণ ইত্যাদি।

‘গ’ অনুসূচীঃ প্ৰথম ভাগত নথকা আন সকলোবোৰ উদ্যোগ ‘গ’ অনুসূচীত থাকিব। এই ভাগত থকা বিকাশৰ সমস্ত দায়িত্ব ব্যক্তিগত খণ্ডলৈ এৰি দিয়া হৈছে।

ঔদ্যোগিক নীতিৰ দ্বাৰা কৰা এই শ্ৰেণীবিভাজনে ভাৰতীয় অর্থনীতি যে মিশ্র অর্থনীতি তাকেই প্রতিপন্ন কৰিলে। মিশ্র অর্থনীতি হৈছে ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ডৰ সংমিশ্ৰণত গঢ় লোৱা অর্থনীতি। এনে অর্থনীতিত উভয় খণ্ডই মিলিতভাৱে ঔদ্যোগিক বিকাশৰ বাবে কাম-কাজ সম্পন্ন কৰে।

5. ভাৰতত ঔদ্যোগিক অনুজ্ঞাপত্ৰৰ প্ৰদানৰ কেতবোৰ উদ্দেশ্য লিখা।

উত্তৰঃ নতুন উদ্যোগ গোট স্থাপন কৰাৰ বাবে চৰকাৰৰ পৰা লোৱা অনুমতিপত্ৰই হৈছে অনুজ্ঞাপত্ৰ। প্ৰচলিত ঔদ্যোগিক নীতিৰ আধাৰত দেশৰ উদ্যোগসমূহক চৰকাৰে অনুজ্ঞাপত্ৰৰ সহায়ত নিয়ন্ত্ৰণ কৰে। অনুজ্ঞাপত্ৰ প্ৰদান ব্যৱস্থাটোৰ কেইটামান উদ্দেশ্য হৈছে—

১। চৰকাৰে গ্ৰহণ কৰা নীতি অনুসৰি উদ্যোগৰ উন্নতি সাধন কৰা।

২। বৃহৎ মাত্ৰাৰ উদ্যোগসমূহৰ সম্প্ৰসাৰণ নিয়ন্ত্ৰণ কৰি অৰ্থনৈতিক ক্ষমতাৰ কেন্দ্ৰীভূতকৰণ বন্ধ কৰি ৰখা।

৩। বৃহৎ উদ্যোগসমূহৰ প্ৰতিযোগিতাৰ পৰা ক্ষুদ্র উদ্যোগসমূহক ৰক্ষা কৰা।

৪। সমতাপূর্ণ আঞ্চলিক বিকাশ সাধন কৰা।

৫। সম্পদৰ সদ্ব্যবহাৰ কৰা।

৬। কৰ্ম সংস্থাপনৰ সুবিধা সৃষ্টি কৰা।

6. ভাৰতত ক্ষুদ্র উদ্যোগৰ বিকাশৰ বাবে চৰকাৰে লোৱা কেতবোৰ ব্যৱস্থা ব্যাখ্যা কৰা।

উত্তৰঃ 1. ক্ষুদ্র উদ্যোগ খণ্ডৰ বাবে সংৰক্ষণঃ ক্ষুদ্র উদ্যোগৰ তুলনাত বৃহৎ উদ্যোগসমূহে অধিক প্রতিযোগিতামূলক সা-সুবিধা লাভ কৰিব পাৰে। কাৰণ বৃহৎ উদ্যোগবোৰে সম্পদ, কেঁচামাল, বিত্ত, বজাৰ তথা আধুনিক প্ৰযুক্তিৰ সুবিধা সহজতে লাভ কৰিব পাৰে। গতিকে, উভয়ৰ মাজৰ প্ৰতিযোগিতা ন্যায়সংগত হ’ব নোৱাৰে। এনে প্ৰতিযোগিতাৰ পৰা ৰক্ষা কৰিবৰ বাবে ক্ষুদ্র উদ্যোগ খণ্ডৰ উৎপাদনৰ বাবে কেতবোৰ সামগ্ৰী কেৱল ক্ষুদ্র উদ্যোগ খণ্ডৰ উৎপাদনৰ বাবে সংৰক্ষিত কৰি ৰখা হৈছে।

2. চৰকাৰী ক্রয়ঃ ক্ষুদ্র উদ্যোগসমূহে উৎপাদিত সামগ্ৰীৰ বজাৰৰ বাবে যথেষ্ট সমস্যাত ভুগিবলগীয়া হয়। চৰকাৰে এনে উদ্যোগবোৰক বিভিন্ন উপায়েৰে বজাৰৰ সুবিধা প্ৰদান কৰি আহিছে। এই উদ্যোগবোৰত উৎপাদিত সামগ্ৰীবোৰ অগ্ৰাধিকাৰ ভিত্তিত চৰকাৰে কিনি লয়।

3. অগ্ৰাধিকাৰ ভিত্তিত ঋণঃ বাণিজ্যিক বেংকবোৰে অগ্ৰাধিকাৰ ভিত্তিত ক্ষুদ্র উদ্যোগ খণ্ডক ঋণ প্ৰদান কৰে। তদুপৰি ক্ষুদ্ৰ উদ্যোগ খণ্ডৰ প্ৰয়োজনীয়তা পুৰণৰ উদ্দেশ্যে চৰকাৰে 1990 চনত ক্ষুদ্র উদ্যোগ বিকাশ বেংক স্থাপন কৰে৷

4. আধুনিকীকৰণঃ ক্ষুদ্র উদ্যোগসমূহে পুৰণি কৌশল আৰু যন্ত্রপাতি ব্যৱহাৰ কৰে। ফলত, এই উদ্যোগসমূহৰ উৎপাদন ব্যয় বৃদ্ধি হয়। চৰকাৰে এই উদ্যোগবোৰক নতুন যন্ত্রপাতি যোগান ধৰাৰ বাবে কেবাখনো আঁচনি গ্ৰহণ কৰিছে।

7. ভাৰতত ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ ভূমিকা ব্যাখ্যা কৰা।

উত্তৰঃ ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ গৰাকী হৈছে চৰকাৰ। ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহক চৰকাৰে অনেক দায়িত্ব অপৰ্ণ কৰিছে। ইয়াৰ কাৰণ হৈছে—

1. তীব্ৰ ঔদ্যোগীকৰণৰ নিশ্চিতকৰণঃ ৰাজৰুৱা খণ্ডবোৰ হৈছে বিনিয়োগৰ অন্তহীন উৎস। এই উদ্যোগসমূহে ব্যৱসায়ৰ ক্ষতি-শংকা বহন কৰিব পাৰে আৰু চৰকাৰৰ নীতি অনুসৰি চলিব পাৰে। গতিকে, চৰকাৰী নীতিমতে ঔদ্যোগীকৰণৰ গতি দ্রুত হোৱাতো ই সহায় কৰিব পাৰে।

2. মুষ্টিমেয় এচামৰ হাতত অর্থনৈতিক ক্ষমতা কেন্দ্রভূত হোৱাত বাধা প্রদানঃ ৰাজহুৱা খণ্ডৰ গৰাকী মাথোন কেইজনমান ব্যক্তি নহয়, বৰঞ্চ সমগ্র সমাজখনেই গৰাকী। গতিকে, ৰাজহুৱা খণ্ডৰ উদ্যোগৰ লাভ মানেই সমগ্র অর্থনীতিটোৰ লাভ। অধিক ৰাজহুৱা খণ্ডৰ উদ্যোগ স্থাপন হ’লে দেশৰ সকলোৱেই লাভৰ অংশীদাৰ হ’ব পাৰে।

3. ব্যক্তিগত খণ্ডই সামৰি নোলোৱা খণ্ডত উদ্যোগ স্থাপনঃ তীখা উদ্যোগ, নদী বান্ধ, ৰে’লপথ, জলসিঞ্চন প্ৰকল্প ইত্যাদি ব্যয়বহুল উদ্যোগসমূহ, যিবোৰত বিনিয়োগ কৰা ধনৰ লাভ ঘূৰাই পাবলৈ দীর্ঘ সময়ৰ প্ৰয়োজন, সেইবোৰত ব্যক্তিগত খণ্ড আগবাঢ়ি নাহে। কিন্তু আৰ্থিক উন্নয়নৰ বাবে এনে উদ্যোগ অতি প্রয়োজনীয়। সেয়েহে চৰকাৰে এনে ঠাইত উদ্যোগ স্থাপন কৰিব লাগে।

4. ক্ষমতাপূর্ণ আঞ্চলিক বিকাশঃ যিবোৰ ঠাইৰ অৰ্থনৈতিক আন্তঃগাধনি, যেনে— পথ তথা অন্যান্য পৰিবহণ, বিদ্যুৎ, পানীযোগান আদি উন্নত, সেইবোৰ ঠাইতহে ব্যক্তিগত খণ্ডসমূহে উদ্যোগ স্থাপন কৰিব বিচাৰে। দেশৰ পিছপৰ ঠাইবোৰত এনে সা-সুবিধাবোৰ নাথাকে। গতিকে, চৰকাৰে ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ এনে ঠাইত স্থাপন কৰি সেই অঞ্চলবোৰ উন্নত কৰিব পাৰে। তাৰ ফলত আঞ্চলিক অসমতা দূৰ হয়।

5. লাভৰ দ্বাৰা অধিক বিনিয়োগঃ ব্যক্তিগতখণ্ডৰ লাভৰ অংশ উদ্যোক্তাসকলে নিজে ভগাই লয়। ৰাজহুৱা খণ্ডত এনে নহয়। ৰাজহুৱা খণ্ডৰ লাভ পুনৰ বিনিয়োগৰ বাবে ব্যৱহাৰ কৰি দেশৰ ঔদ্যোগিকৰণৰ হাৰ বঢ়োৱা হয়।

৪. ভাৰতত ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহে সন্মুখীন হোৱা সমস্যাবোৰ কি কি?

উত্তৰঃ ৰাজহুৱা খণ্ডই ভাৰতৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা প্ৰদান কৰিছে যদিও বাস্তৱত ই বহুতো সমস্যাৰো সন্মুখীন হ’বলগীয়াত পৰিছে। ৰাজহুৱা খণ্ডৰ কেতবোৰ উদ্যোগে যথেষ্ট লাভ আহৰণ কৰিছে, যেনে— ষ্টিল অথ’ৰিটী অৱ ইণ্ডিয়া, তেল আৰু প্ৰাকৃতিক গেছ নিগম, ভাৰত হেভী ইলেকট্রিকেল লিমিটেড ইত্যাদি। আনহাতে, এক বৃহৎসংখ্যক উদ্যোগে ব্যৱসায়িক লাভ আহৰণ কৰিব পৰা নাই। যেনে— ভাৰতীয় সাৰ নিগম, ৰাষ্ট্ৰীয় ইস্পাত নিগম, ইণ্ডিয়ান এয়ালৰাইন্‌ছ ইত্যাদি। ইয়াৰ মূল কাৰণ হৈছে—

1. উদ্যোগসমূহৰ অৱস্থানঃ ৰাজহুৱা খণ্ডৰ উদ্যোগবোৰৰ অৱস্থান ব্যৱসায়িক স্থানত নহয়। এই উদ্যোগবোৰ পিছপৰা অঞ্চলত স্থাপন কৰা হয়। তদুপৰি, উদ্যোগবোৰ ব্যৱসায়িক লাভ আহৰণৰ উদ্দেশ্যেৰেও স্থাপন কৰা নহয়। দেশৰ

আঞ্চলিক অসমতা দূৰীকৰণৰ উদ্দেশ্য আগত ৰাখিহে উদ্যোগৰ স্থান নির্বাচন কৰা হয়।

2. চৰকাৰী হস্তক্ষেপঃ এই উদ্যোগৰবোৰৰ ক্ষেত্ৰত চৰকাৰে প্ৰয়োজনীয়ভাৱে হস্তক্ষেপ কৰে। ইয়াৰ ফলত যিকোনো সিদ্ধান্ত গ্ৰহণত যথেষ্ট পলম হয় আৰু উদ্যোগসমূহৰ লোকচান হয়।

3. উদগনি আৰু দায়বদ্ধতাৰ অভাৱঃ ৰাজহুৱা খণ্ডৰ উদ্যোগবোৰে ভাল ফল দেখুওৱাৰ বাবে কোনো বিশেষ উদগনিমূলক পুৰস্কাৰ নাপায়। তদুপৰি, কৰ্মীসকল নিজৰ সফলতা বা বিফলতাৰ বাবে কাৰো ওচৰত দায়বদ্ধ হ’ব নালাগে।

4. অধিক ব্যয়বহুল প্রকল্পঃ উপযুক্ত পৰিকল্পনাৰ অভাৱ আৰু প্ৰকল্পসমূহ ৰূপায়ণত হোৱা অযথা পলমৰ বাবেও প্রকল্পবোৰৰ ব্যয় অধিক হয়।

5. প্ৰতিযোগিতাৰ অভাৱঃ ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ প্রায় একচেটীয়া ব্যৱসায়ীৰ দৰে। ব্যক্তিগত খণ্ডক ৰাজহুৱা খণ্ডৰ মাজত সোমাবলৈ দিয়া নহয়। প্রতিযোগিতাৰ অভাৱৰ বাবে ৰাজহুৱা খণ্ডই যি কাম কৰে, সেয়েই ভাল বুলি ধৰা হয়। প্রতিযোগী নোহোৱা বাবে ব্যয় সংকোচনৰ ক্ষেত্ৰতো গুৰুত্ব দিয়া নহয়। সামগ্ৰীৰ গুণগত মান উন্নয়নৰ কথাও ভবা নহয়।

6. অত্যাধিক নিযুক্তিঃ ৰাজহুৱা খণ্ডৰ উদ্যোগবোৰত অত্যধিক লোকক নিযুক্তি দিয়া দেখা যায়। একোটা উদ্যোগত যিমান শ্ৰমিকৰ প্রয়োজন হয়, তাতোকৈ বহু বেছি শ্রমিক এনে উদ্যোগবোৰত নিয়োজিত হৈ থাকে। ইয়াৰ ফলত উদ্যোগবোৰৰ ব্যয় আৰু লোকচান বৃদ্ধি পায় আৰু লাভৰ হাৰ কমি যায়।

9. ভাৰতত ঔদ্যোগিক খণ্ডৰ খতিয়ান দেখুৱাই এটা টোকা লিখা।

উত্তৰঃ ঔদ্যোগিক খণ্ডৰ অগ্ৰগতিৰ দ্বাৰা ঔদ্যোগিক উৎপাদনৰ বৃদ্ধিৰ হাৰ বুজোৱা হৈছে। ইয়াক ঔদ্যোগিক উৎপাদন সূচকেৰে বুজোৱা হয়।

1. সামগ্রিকভাৱে ঔদ্যোগিক উৎপাদনৰ অগ্ৰগতিঃ তলৰ তালিকাত 1950-51 চনৰ পৰা 1980-81 চনলৈকে ঔদ্যোগিক উৎপাদন সূচক দেখুওৱা হৈছে। এইক্ষেত্ৰত চনক ভিত্তি বছৰ হিচাপে লোৱা হৈছে।

তালিকাঃ 1

ওপৰৰ তালিকাত 1950-51 চনৰ পৰা ভাৰতত ঔদ্যোগিক উৎপাদন বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। 45 বছৰীয়া সময়ছোৱাত ঔদ্যোগিক উৎপাদন 16 গুণ বৃদ্ধি হোৱা দেখা গৈছে। বৃদ্ধিৰ হাৰো প্ৰতিটো দশকতে সলনি হোৱা দেখিবলৈ পোৱা গৈছে। 1980-81 ৰ পৰা 1990-91 ৰ দশকটোত 81 শতাংশ হাৰৰ বৃদ্ধি দেখা গৈছে। অর্থাৎ গড়ে বছৰি ৪ শতাংশ হাৰত উক্ত দশকটোত ঔদ্যোগিক উৎপাদন বাঢ়িছিল।

2. নির্বাচিত কেতবোৰ উদ্যোগৰ অগ্ৰগতিঃ এতিয়া ভাৰতৰ কেইটামান নির্দিষ্ট উদ্যোগ খণ্ডৰ অগ্ৰগতিৰ খতিয়ান লোৱা যাওক। তলৰ তালিকাত কেতবোৰ উদ্যোগৰ তথ্য দিয়া হৈছে। এই তালিকাত আমি দুটা কথা লক্ষ্য কৰিব পাৰো। প্ৰথমতে দেখা গৈছে যে বিগত 40 বছৰত সকলোবোৰ উদ্যোগৰেই উৎপাদন বৃদ্ধি পাইছে। দ্বিতীয়তে, পৰম্পৰাগত বস্ত্ৰ উদ্যোগ বা আনবোৰৰ তুলনাত আধুনিক উদ্যোগ, যেনে— যন্ত্রপাতি নিৰ্মাণ, ধাতু সামগ্ৰী নিৰ্মাণ, ৰাসায়নিক দ্রব্য উৎপাদন, পৰিবহণৰ নিৰ্মাণ, প্রযুক্তিভিত্তিক উদ্যোগ আদিৰ উৎপাদন অধিক হাৰত বাঢ়িছে।

তালিকাঃ 2 ভাৰতত কেতবোৰ উদ্যোগত উৎপাদনৰ অগ্ৰগতি

3. ক্ষুদ্র উদ্যোগ খণ্ডৰ অগ্ৰগতিঃ ভাৰতৰ মুঠ ঔদ্যোগিক উৎপাদনৰ 40 শতাংশ উদ্যোগ খণ্ডৰ পৰা আহে। মুঠ ঔদ্যোগিক ৰপ্তানিৰ 45 শতাংশ আৰু মুঠ ভাৰতীয় ৰপ্তানি সামগ্ৰীৰ 34 শতাংশ ক্ষুদ্র উদ্যোগতেই উৎপাদিত হয়।

1995-96 চনৰ তথ্য মতে আমি দেখিছো যে এই খণ্ডৰ উৎপাদন বৃদ্ধিৰ হাৰ ইছে 11.4 শতাংশ। এই বৃদ্ধিৰ হাৰ ভাৰতৰ সামগ্ৰীক ঔদ্যোগিক উন্নয়ন বৃদ্ধিৰ নিতকৈ অধিক।

4. ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ অগ্ৰগতিঃ ভাৰত চৰকাৰৰ ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠান বিভাগে প্ৰতি বছৰে এই প্ৰতিষ্ঠানবোৰৰ অগ্ৰগতিৰ খতিয়ান লয়। 1995-96 চনত দেখা গ’ল যে মুঠ 104 টা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ ভিতৰত 51 টাৰ অগ্রকতি অতি উত্তম, 31 টা উত্তম আৰু 2 টাৰ অতি বেয়া।

শেহতীয়া কেতবোৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ অগ্ৰগতি অতি উত্তম হোৱাটো পৰিলক্ষিত হৈছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top