ASOS Class 12 Economics Chapter 11 ৰাষ্ট্ৰীয় আয়ঃ ধাৰণাসমূহ

ASOS Class 12 Economics Chapter 11 ৰাষ্ট্ৰীয় আয়ঃ ধাৰণাসমূহ, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Economics Chapter 11 ৰাষ্ট্ৰীয় আয়ঃ ধাৰণাসমূহ and select needs one.

ASOS Class 12 Economics Chapter 11 ৰাষ্ট্ৰীয় আয়ঃ ধাৰণাসমূহ

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Economics Chapter 11 ৰাষ্ট্ৰীয় আয়ঃ ধাৰণাসমূহ Solutions for All Subject, You can practice these here.

ৰাষ্ট্ৰীয় আয়ঃ ধাৰণাসমূহ

Chapter : 11

পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. অৰ্থনৈতিক সীমাৰ ধাৰণা ব্যাখ্যা কৰা।

উত্তৰঃ অৰ্থনৈতিক সীমা বা অর্থনৈতিক ঘৰুৱা সীমাৰ ধাৰণাটো এই ভৌগোলিক সীমাৰ পৰাই উদ্ভাৱন কৰা হৈছে। ইয়াত অৱশ্যে কিছুমান সালসলনি কৰা হৈছে। এই ধাৰণাটো এখন দেশৰ অৰ্থনৈতিক কার্যকলাপ পৰিমাপ কৰাৰ লগত জড়িত।

অর্থনৈতিক সীমা উলিয়াবলৈ হ’লে ভৌগোলিক সীমাৰ সৈতে দুটা কথাৰ সমিলমিল কৰি ল’ব লাগে। প্ৰথমটো হ’ল— কোনো এখন ভৌগোলিক সীমাৰ বাহিৰত থকা সকলোবোৰ ৰাষ্ট্ৰদূতৰ কাৰ্যালয় আৰু সেই ধৰণৰ চৰকাৰী কাৰ্যালয়বোৰ ইয়াত অন্তৰ্ভুক্ত কৰি ল’ব লাগে। উদাহৰণস্বৰূপে, ভাৰতৰ অৰ্থনৈতিক সীমাৰ ভিতৰত সকলোবোৰ বিদেশী ৰাষ্ট্ৰত থকা ৰাষ্ট্ৰদূতৰ কাৰ্যালয় আৰু তেনে ধৰণৰ কাৰ্যালয়সমূহ অন্তর্ভুক্ত কৰা হয়।

দ্বিতীয়তে, সেই দেশত থকা সকলোবোৰ বৈদেশিক কার্যালয়, আন্তৰাষ্ট্ৰীয় সংগঠনৰ কাৰ্যালয় আৰু তেনে ধৰণৰ কাৰ্যালয় আদি বাদ দিয়া হয়। উদাহৰণ স্বৰূপে, ভাৰতৰ অৰ্থনৈতিক ভৌগোলিক সীমাৰ ভিতৰৰ পৰা ইয়াত থকা সকলোবোৰ বিদেশী ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতবিলাকৰ কাৰ্যালয় আন্তঃৰাষ্ট্ৰীয় সংগঠনবিলাকৰ কার্যালয়সমূহ বাদ দিয়া হয়।

অৰ্থনৈতিক সীমাৰ ধাৰণাটো ভৌগোলিক সীমাৰ ধাৰণাৰ সৈতে একে নহয়। অর্থনৈতিক সীমাৰ ধাৰণাটো এখন দেশৰ ঘৰুৱা উৎপাদনৰ পৰিমাণ উলিয়াবলৈহে ব্যৱহাৰ কৰা হয়।

এখন দেশৰ অৰ্থনৈতিক সীমাৰ ভিতৰত উদ্ভৱ হোৱা সকলোবোৰ আয়ৰ সমষ্টিকে সেই দেশখনৰ ঘৰুৱা আয় বুলি কোৱা হয়। অর্থনৈতিক সীমাৰ ভিতৰত উদ্ভৱ হোৱা সকলোবোৰ উৎপাদন গোটে আহৰণ কৰা উপাদান আয় দেশীয় বা বিদেশী যিয়েই নহওক ঘৰুৱা আয়ত অন্তৰ্ভুক্ত কৰা হয়।

2. স্থায়ী বাসিন্দাৰ ধাৰণা ব্যাখ্যা কৰা।

উত্তৰঃ এখন দেশৰ সকলোবোৰ ব্যক্তি আৰু অনুষ্ঠানৰ যদি অর্থনৈতিক কার্যকলাপবিলাকৰ কেন্দ্ৰবিন্দুটো দেশখনতে থাকে, সেই সকলোবিলাককে স্থায়ী আৰু স্থানীয় বাসিন্দাৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হয়। ইয়াৰে কিছুমান লোকে সই দেশৰ নাগৰিক হ’বও পাৰে নহ’বও পাৰে। উদাহৰণস্বৰূপে, যদি এজন বিদেশী নাগৰিকে ভাৰতত থাকি উৎপাদন, উপভোগ, বিনিয়োগ আদি অর্থনৈতিক কার্যকলাপসমূহ ভাৰততে সংঘটিত কৰে, তেওঁকেই স্থানীয় বাসিন্দা বুলি কোৱা হ’ব। এনেদৰে যদি এজন ভাৰতীয় নাগৰিকে তেওঁৰ মূল অর্থনৈতিক কার্যকলাপ সমূহ বিদেশত সম্পন্ন কৰে, তেন্তে যিখন দেশত থাকে, সেই দেশখনৰ বাসিন্দা বুলি কোৱা হয়। বহুতো ভাৰতীয় লোকে বিদেশত মূল অর্থনৈতিক কার্যকলাপবিলাক চলায়। তেওঁ যিখন দেশতেই থাকে, সেইখন দেশৰ বাসিন্দা বুলি পৰিগণিত হ’ব।

3. মধ্যৱর্তীকালীন দ্রব্য আৰু শেষ উৎপাদিত দ্ৰব্যৰ মাজৰ পাৰ্থক্য উলিওৱাৰ তাৎপৰ্য কি?

উত্তৰঃ মধ্যৱৰ্তীকালীন দ্রব্যবিলাক হ’ল সেইবিলাক দ্রব্য, যিবিলাক উৎপাদন গোটবিলাক আনবিলাক উৎপাদন গোটৰ পৰা ক্ৰয় কৰি সিবিলাক পুনৰ বিক্ৰী কৰে।

(খৰ শেষ উৎপাদিত দ্রব্যবিলাক উপভোগ আৰু বিনিয়োগৰ বাবে ক্রয় কৰে।

(গৰ মধ্যৱর্তীকালীন দ্রব্য আৰু শেষ উৎপাদিত দ্ৰব্যৰ মাজৰ পাৰ্থক্য উলিওৱাৰ তাৎপৰ্য হ’ল — ইয়াৰ দ্বাৰা দুবাৰ গণনা ৰোধ কৰিব পৰা যায়। 

4. মূল্য সংযোজনৰ ধাৰণাটো সংখ্যাৰে উদাহৰণেৰে ব্যাখ্যা কৰা।

উত্তৰঃ উৎপাদিত দ্ৰব্যৰ মূল্যত মধ্যৱর্তীকালীন ব্যয়ৰ পৰা যি অতিৰিক্ততা আছে, ই হ’ল মূল্য সংযোজন। মূল্য সংযোজন পদ্ধতিৰ অধীনত এটা দ্রবা উৎপাদনৰ বিভিন্ন স্তৰত সৃষ্টি হোৱা ইয়াৰ অতিৰিক্ত মূল্য যোগ কৰাৰ ব্যৱস্থ হয়। উদাহৰণস্বৰূপে কেঁচামাল এটা দ্রব্যলৈ ৰূপান্তৰ কৰোঁতে ইয়াৰ মূল্য সংযোজিত হয়।

উদাহৰণস্বৰূপে এটা আটা কলৰ মালিকে 10,000 টকা মূল্যৰ ঘেঁহু ক্রয় কৰে। এই ক্ৰয়ৰ পৰিমাণটো মধ্যবর্তী ব্যয়। আনহাতে কলটোৱে বিক্ৰী কৰা পৰিমাণ হ’ল 12,000 টকা মূল্যৰ। এই পৰিমাণটো হ’ব কলটোৰ উৎপাদন। ধৰা হওক কলটোৰ ঘেঁহুৱেই কেৱল মধ্যৱৰ্তী ব্যয়। এতিয়া কলটোৰ 12,000 টকা মূল্যৰ বিক্ৰীৰ ভিতৰত কলটোৰ অৱদান কেৱল 2,000 টকাহে। বাকী 10000 টকা খেতিয়কৰ অৱদান। কলটোৰ 2,000 টকা অৱদানটোকেই কলটোৰ দ্বাৰা সংযোজিত বুলি কোৱা হয়। এই পৰিমাণটো এনেদৰে উলিওৱা হয়–

মূল্য সংযোজন = উৎপাদিত দ্ৰব্যৰ বিক্ৰী মূল্য – মধ্যৱর্তীকালীন ব্যয় 

= 12,000–10,000 টকা = 2,000 টকা।

5. তলত দিয়া বিষয়সমূহৰ ভিত্তিত মূল্য সংযোজনৰ ভিত্তি পৰিমাপবিলাক কৰা।

(ক) উৎপাদিত দ্ৰব্যৰ মূল্য।

(খ) পৰোক্ষ কৰ।

(গ) মধ্যৱর্তীকালীন ব্যয়।

(ঘ) স্থিৰ মূলধনৰ ক্ষয়–ক্ষতি।

(ঙ) ৰাজসাহায্য।

উত্তৰঃ (ক) উৎপাদিত দ্ৰব্যৰ মূল্যঃ উৎপাদিত দ্ৰব্যৰ মূল্যত মধ্যৱৰ্তীকালীন ব্যয়ৰ পৰা যি অতিৰিক্ততা আছে, ই হ’ল মূল্য সংযোজন। মূল্য সংযোজন পদ্ধতি অধীনত এটা দ্ৰবা উৎপাদনৰ বিভিন্ন স্তৰত সৃষ্টি হোৱা ইয়াৰ অতিৰিক্ত মূল্য যোগ কৰাৰ ব্যৱস্থা হয়। উদাহৰণস্বৰূপে কেঁচামাল এটা দ্ৰব্যলৈ ৰূপান্তৰ কৰোঁতে ইয়াৰ মূল্য সংযোজিত হয়।

(খ) পৰোক্ষ কৰঃ ৰাষ্ট্ৰীয় আয় নিৰ্বাচনৰ অৰ্থে দ্রব্য–সামগ্ৰীৰ ওপৰত ধার্য কৰা কৰ বাদ দিব লাগে। পৰোক্ষ কৰ হৈছে চৰকাৰে বিভিন্ন দ্রব্য–সামগ্ৰীৰ উৎপাদন আৰু বিক্ৰীৰ ওপৰত ধাৰ্য কৰা পৰোক্ষ কৰ। এনে কৰ পৰোক্ষ কৰৰ অন্তর্ভুক্ত, কাৰণ উৎপাদনকাৰী বা বিক্ৰেতাৰ ওপৰত এনে কৰ ধাৰ্য কৰিলেও প্ৰকৃততে ক্রেতাইহে ইয়াৰ বোজা বহন কৰিবলগীয়া হয়। বিক্রেতাই এনে কৰসমূহ দ্ৰব্যৰ দামৰ লগত অন্তৰ্ভুক্ত কৰি ক্ৰেতাৰ পৰা সংগ্ৰহ কৰি লয়। সেই কাৰণে কৰৰ বোজা গ্রাহক বা উপভোক্তাসকলেহে বহন কৰিব লাগে। বিভিন্ন দ্ৰব্যৰ উৎপাদনৰ ওপৰত ধাৰ্য কৰা শুল্ক, বিক্ৰী কৰ আদি এনে পৰোক্ষ কৰৰ অন্তৰ্ভুক্ত।

(গ) মধ্যৱর্তীকালীন ব্যয়ঃ মধ্যৱৰ্তী দ্রব্যবিলাক হ’ল এটা উৎপাদন গোটে আনটো উৎপাদন গোটৰ পৰা পুনৰ বিক্ৰীৰ বাবে ক্ৰয় কৰা দ্রব্যসমূহ। উদাহৰণস্বৰূপে, এটা আটা কলৰ মালিকে ক্ৰয় কৰা ঘেঁহু সেই কলটোৰ বাবে মধ্যৱর্তী দ্রব্য। আটা কলৰ মালিকে ঘেঁহুবোৰ গুড়ি কৰি আটা হিচাপত সিবিলাক পুনৰ বিক্ৰী কৰে। একেদৰে আটা কলটোৱে বিদ্যুৎ, দ্রব্য, বন্ধাছটাৰ বাবে প্রয়োজনীয় দ্রব্য আদি ক্রয় কৰে আৰু ইবিলাক ইয়াৰ মধ্যৱৰ্তী দ্রব্য।

(ঘ)স্থিৰ মূলধনৰ ক্ষয়–ক্ষতিঃ দ্ৰব্য সামগ্ৰীৰ উৎপাদনৰ অৰ্থে ব্যৱহাৰ কৰা যন্ত্র–পাতিৰ দৰে মূলধনী দ্রব্য বাৰেপতি ব্যৱহাৰ কৰাৰ ফলত সিহঁতৰ যি ক্ষয়–ক্ষতি হয় তাৰফলত উক্ত মূলধনী দ্রব্যবোৰৰ মূল্য হ্ৰাস হোৱাটোৱেই ক্ষয়–ক্ষতি আখ্যা দিয়া হয়। উদাহৰণস্বৰূপে কপাহী বস্ত্র উৎপাদন কৰা এখন উৎপাদন প্ৰতিষ্ঠানত যিখিনি যন্ত্র–পাতি ব্যৱহাৰ হয় সেইবোৰ প্ৰতিদিনে ব্যৱহাৰ কৰাৰ ফলত সিহঁতৰ অংশবিশেষ সময়ে–সময়ে অকামিলা হৈ পৰে আৰু মেৰামতিৰ প্রয়োজন হয়। যন্ত্রপাতিৰ এনে ক্ষয়–ক্ষতিয়ে সিহঁতৰ মূল্য হ্ৰাস কৰে আৰু সিহঁতক কার্যক্ষম কৰি ৰাখিবৰ অৰ্থে টকা–পইচা ব্যয় কৰাটো প্রয়োজন হয়। যন্ত্ৰ–পাতিৰ ক্ষয়–ক্ষতিক সিহঁতৰ অৱমূল্যায়ন আৰু সিহঁতৰ মেৰামতিৰ ক্ষেত্ৰত হোৱা ব্যয়ক ক্ষয়–ক্ষতিৰ ব্যয় আখ্যা দিয়া হয়।

(ঙ) ৰাজসাহায্যঃ ৰাজসাহায্য পৰোক্ষ ব্যৱসায়িক কৰৰ সম্পূৰ্ণ বিপৰীত। পৰোক্ষ কৰে দ্রবাৰ দৰ বৃদ্ধি কৰাৰ বিপৰীতে ৰাজসাহায্যই দৰ হ্ৰাস কৰে। কিছুমান অত্যাৱশ্যকীয় দ্রব্য সামগ্ৰী আৰু সেৱা যেতিয়া চৰকাৰে সিহঁতৰ নিজস্ব বজাৰৰ দৰতকৈ কম মূল্যত যোগান ধৰে তাক ৰাজসাহায্য আখ্যা দিয়া হয়। যিবোৰ দ্ৰব্যৰ ক্ষেত্ৰত ৰাজসাহায্য প্ৰদান কৰা হয় উক্ত দ্ৰব্যবোৰৰ বজাৰ দৰ সিহঁতৰ উৎপাদনী ব্যয়তকৈ কম হয়। গতিকে উৎপাদনৰ উপাদানৰ ব্যয়ত নিগুট ৰাষ্ট্ৰীয় উৎপাদনত নিৰ্ণয়ৰ অৰ্থে বজাৰ দৰত ৰাষ্ট্ৰীয় উৎপাদনৰ লগত ৰাজসাহায্য যোগ কৰিবলগীয়া হয়।

6. বিভিন্ন উপাদানবিলাকৰ আয়বিলাক উল্লেখ কৰা। সিবিলাকৰ অর্থ চমুকৈ লিখা।

উত্তৰঃ বিভিন্ন উপাদানবিলাকৰ আয়বিলাক হ’ল—

(ক) কৰ্মচাৰীৰ ক্ষতিপূৰণ।

(খ) খাজনা।

(গ) সুদ। আৰু

(ঘ) লাভ।

উপাদানবিলাক তলত আলোচনা কৰা হ’ল–

(ক) কৰ্মচাৰীৰ ক্ষতিপূৰণঃ উৎপাদন কার্যত কৰ্মচাৰীয়ে যি শাৰীৰিক শ্ৰম প্ৰদান কৰে সেয়েই শ্রম। শ্ৰম কৰ্মচাৰীৰ পৰা পৃথক কৰিব নোৱাৰি। কামৰ প্রকৃতি, পৰিৱেশ, সময় আদিৰ ওপৰত শ্ৰমে প্ৰভাৱ পেলায়। কৰ্মচাৰীয়ে শ্ৰমৰ বাবে মজুৰি অথবা দৰমহা পায়। ইয়াৰ উপৰি তেওঁলোকে ভাট্টা, ভৱিষ্য নিধিৰ‍ সুবিধা, বিনামূলীয়া চিকিৎসা সেৱা, বিনামূলীয়া ভ্রমণ, বিনামূলীয়া বাসগৃহ, বিনামূলীয়া যান–বাহনৰ সুবিধা আদি লাভ কৰিব পাৰে। কৰ্মচাৰীৰ ক্ষতিপূৰণ বুলিলে তেওঁলোকৰ কামৰ বাবে প্ৰাপ্ত মুদ্ৰাগত আৰু অমুদ্ৰাগত সকলোবোৰ সা–সুবিধাকে বুজোৱা হয়।

(খ) খাজনাঃ ভূমি হ’ল প্ৰকৃতিৰ মুক্তদান। পৃথিৱীৰ উপৰিভাগৰ খাজনা প্ৰদান কৰিব লগা উপাদানসমূহেই হ’ল ভূমি। ইয়াৰ যোগান অস্থিতিস্থাপক। কার্যত ভূমি ব্যৱহাৰ কৰাৰ বাবে খাজনা লাভ কৰে।

(গ) সুদঃ উৎপাদন গোটসমূহলৈ যিসকল লোকে পুঁজিৰ যোগান ধৰে তেওঁলোকে পুঁজিৰ বাবে সুদ লাভ কৰে। ৰাষ্ট্ৰীয় আয় পৰিমাপ কৰোঁতে উৎপাদন গোটসমূহলৈ পূঁজিৰ যোগান ধৰাৰ বাবেহে কেৱল সুদ পৰিশোধ কৰা হয়।

(ঘ) লাভঃ উৎপাদন গোটসমূহলৈ উদ্যোক্তামূলক সেৱা আগবঢ়োৱাৰ বাবে উদ্যোক্তাৰ আয়েই লাভ। ই হ’ল মূল্যৰ সংযোজনৰ পৰা উপাদানবিলাকক কর্মচাৰীৰ ক্ষতিপূৰণ, খাজনা আৰু সুদ ৰূপত পৰিশোধ কৰাৰ পিছত এক অৱশিষ্ট আয় আৰু এই অৱশিষ্ট আয় উদ্যোক্তাই পায়।

7. মিশ্রিত আয় কি? এনে ধৰণাৰ প্ৰয়োজনীয়তা কিয় আছে?

উত্তৰঃ মিশ্ৰিত আয় হ’ল বিভিন্ন উপাদান আয়ৰ এটা মিশ্ৰণ।

প্রত্যেক বিভাগৰে পৃথকভাৱে উলিওৱা এই কাৰণেই প্রয়োজন যে আমি বিভিন্ন উপাদান আয়ৰ পৰা এই আয় পৃথক কৰিব নোৱাৰো।

৪. বিভিন্ন ধৰণৰ শেষ ব্যয় উল্লেখ কৰা। সিবিলাকৰ অৰ্থ চমুকৈ ব্যাখ্যা কৰা।

উত্তৰঃ বিভিন্ন শেষ ব্যয়বোৰ হ’ল–

(ক) ব্যক্তিগত শেষ উপভোগ্য ব্যয়।

(খ) চৰকাৰী শেষ উপভোগ্য ব্যয়।

(গ) মুঠ ঘৰুৱা মূলধন গঠন আৰু

(ঘ) নিগুট ৰপ্তানি। 

(ক) ব্যক্তিগত শেষ উপভোগ্য ব্যয়ঃ ব্যক্তিগত শেষ উপভোগ্য ব্যয়ৰ ভিতৰত গৃহখণ্ড (পৰিয়ালবিলাকে) আৰু গৃহখণ্ডক সেৱা আগবঢ়োৱা অনা–লাভ অনুষ্ঠানবিলাকে দ্ৰব্য আৰু সেৱাৰ বাবদ ক্ৰয় কৰা ব্যয়ৰ অন্তৰ্ভুক্ত কৰা হয়। গৃহখণ্ডই অথবা পৰিয়ালবিলাকে তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ অভাৱ পূৰণ কৰিব বাৰে দ্ৰব্য আৰু সেৱা ক্ৰয় কৰে। অনালাভ অনুষ্ঠানবিলাকেও গৃহখণ্ডক মুক্ত সেৱা আগবঢ়ায়। তেনে ধৰণৰ অনুষ্ঠানিবিলাক হ’ল— মন্দিৰ, মছজিদ, গির্জা, গুৰুদ্বাৰ, দাতব্য চিকিৎসালয়, সংগঠন আদি।

(খ) চৰকাৰী শেষ উপভোগ্য ব্যয়ঃ চৰকাৰী শেষ উপভোগ্য ব্যয় হ’ল চৰকাৰে জনসাধাৰণক মুক্ত সেৱা প্ৰদান কৰাৰ বাবে কৰা ব্যয়। এনে ধৰণৰ মুক্ত সেৱৰ উদাহৰণবোৰ হ’ল আৰক্ষী সেৱা, সেনা, শিক্ষানুষ্ঠান চিকিৎসালয়, ৰাস্তা–পদুলি দলং আৰু অন্যান্য চৰকাৰী বিভাগসমূহ আদি।

(গ) মুঠ ঘৰুৱা মূলধন গঠনঃ মুঠ ঘৰুৱা উৎপাদন হৈছে এটা বিত্তীয় বাছত অর্থনীতি এখনত উৎপাদিত দ্রব্য সামগ্ৰী আৰু সেৱাৰ মূল্য। এই ধৰণৰ বিনিয়োগ দুই প্রকাৰৰ –

(ক) স্থিৰ পৰিসম্পত্তি যেনে ঘৰ–দুৱাৰ, মেচিন, যন্ত্রপাতি, আচবাব, পৰিবহন, যানবাহন আদিৰ ওপৰত কৰা বিনিয়োগ ব্যয়। আৰু

(খ) কেঁচা সামগ্ৰী, অৰ্দ্ধ সমাপ্ত দ্ৰব্য আৰু শেষ উৎপাদিত দ্রব্য = দ্ৰব্যৰ ওপৰত কৰা বিনিয়োগ।

(ঘ) নিগুট ৰপ্তানিঃ ৰাষ্ট্ৰীয় আয় নিৰূপণ কৰোতে কোনো এখন দেশৰ ঘৰুৱা ৰাজনৈতিক সীমাৰ ভিতৰত যদি শেষ উৎপাদিত দ্ৰব্যবিলাকৰ এটা অংশ উপভোগ কৰা নহয়, তেন্তে ইয়াক বিনিয়োগ বুলি ধৰা হয়। সেই ধাৰণা অনুসৰি ৰপ্তানিক বিদেশত কৰা বিনিয়োগ বুলি ধৰা হয়। একেদৰে আমদানি বিনিয়োগ বুলি ধৰা হয়। সেয়ে ৰপ্তানিৰ পৰা আমদানি বিয়োগ কৰিলে নিগুট ৰপ্তানি অথবা বিদেশত কৰা নিগুট বিনিয়োগ হ’ব।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top