বিজ্ঞাপনৰ ভূমিকা ৰচনা | The Role of Advertising Essay in Assamese

বিজ্ঞাপনৰ ভূমিকা ৰচনা | The Role of Advertising Essay in Assamese

Join Telegram channel

মানসিক সম্পদত দুখীয়া আধুনিক যুগৰ মানুহে স্থূল সুখৰ কাৰণে কেৱল ভোগ্যপণ্য সংগ্ৰহ কৰে ৷ তেওঁলোকৰ এই দুৰ্বলচিত্ততা আৰু ভোগপৰায়ণ মানসিকতাৰ সুযোগ গ্ৰহণ কৰাৰ কাৰণে তেওঁলোকৰ দৃষ্টিপথৰ সন্মুখেদি ধাবিত হৈছে বিজ্ঞাপনৰ অন্তহীন মিছিল। স্থূল সুখৰ প্ৰতিটো উপকৰণৰ কাৰণে এই সমাজৰ আবাল-বৃদ্ধ-বনিতাক লোভার্ত লোলুপ কৰাই হ’ল ব্যৱসায়ীসকলৰ মুখ্য লক্ষ্য আৰু এই ক্ষেত্ৰত তেওঁলোকৰ প্ৰধান সহায়ক বিজ্ঞাপন। বিজ্ঞাপন হ’ল অতি উচ্চাঙ্গৰ শিল্প, সুচতুৰ পৰিৱেশন ৷ প্ৰসাধনৰ চাতুৰ্যবে বিজ্ঞাপনে আবৃত কৰি দিব পাৰে নাৰীমুখৰ সকলো খুঁত। কুৰূপা হৈ উঠে তিলোত্তমা। আধুনিক সমাজত বিজ্ঞাপন হ’ল এটা অত্যন্ত প্রয়োজনীয় অশুভ বস্তু।

বিজ্ঞাপনৰ ভূমিকা ৰচনা | The Role of Advertising Essay in Assamese

ব্যৱসায়-বাণিজ্যত বিজ্ঞাপন উপযোগিতা | Advertising Utility in Trade and Commerce

আধুনিক যুগত উৎপাদনকাৰী ব্যৱসায়ীসকলে নিজৰ পণ্যৰ উৎকৰ্ষতা বিশ্বব্যাপী গ্ৰাহকৰ ওচৰলৈ লৈ যাব বিচাৰে । বৰ্তমান কালত বাণিজ্য মূলতঃ প্ৰতিযোগিতাৰ মাজেৰে আগবাঢ়ি গৈ আছে। প্ৰতিটো উৎপাদনকাৰীয়ে বাণিজ্যত একচেটিয়া আধিপত্য লাভ কৰি মুনাফাৰ পৰিমাণ বৃদ্ধি কৰিব বিচাৰে। বহু ব্যৱসায়ীয়ে একেই পণ্য লৈ বাণিজ্যত লিপ্ত হোৱাৰ কাৰণে প্রতিযোগিতাই দেখা দিছে। এই প্ৰৱণতাৰ পথক অনুসৰণ কৰি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত প্ৰৱেশ কৰিছে বিজ্ঞাপন। বাণিজ্যিক প্রতিযোগিতাত তিষ্ঠি থাকিবলৈ হ’লে অকল পণ্যৰ গুণগত মান বৃদ্ধি কৰিলেই নহ’ব। সম্ভাব্য ক্ৰেতাৰ ওচৰত পণ্যৰ বহুমুখী উৎকৰ্ষৰ বিষয়ে যথেষ্ট হৃদয়গ্রাহীভাৱে দাঙি ধৰিব লাগিব। বিজ্ঞাপন Publicity বা প্ৰচাৰ নহয়। বিজ্ঞাপন হ’ল Advertisement। ইয়াৰ অৰ্থ হ’ল বিশেষভাৱে জ্ঞানগোচৰ কৰা। সেয়ে আজিকালি প্ৰতিটো বৃহৎ ব্যৱসায় প্ৰতিষ্ঠানৰ নিজস্ব এটা প্ৰচাৰ বিভাগ থাকে। এই প্ৰচাৰ বিভাগেই বিজ্ঞাপনৰ তত্ত্বাবধান কৰে।

Read Also: অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ ৰচনা | Theatre in Assam Essay in Assamese

বিজ্ঞাপন-অতীত আৰু বৰ্তমান | Advertising-Past and Present

অতীতত বিজ্ঞাপন প্রচাৰৰ মাধ্যম আছিল হাট-বজাৰত হ্যাঙবিল বিতৰণ, হারমোনিয়াম লৈ গীতৰ মাজেদি প্ৰচাৰ, কথাছবি আৰু অনাতাঁৰৰ মাজেদি এতিয়াও বিজ্ঞাপিত হয়। বৈজ্ঞানিক অগ্ৰগতিৰ লগে লগে বর্তমান হোর্ডিং, নিঅন ছাইন আৰু দূৰদৰ্শন হৈ উঠিছে বিজ্ঞাপন প্ৰচাৰৰ প্ৰধান মাধ্যম ৷ সম্প্ৰতি ‘স্পনছৰ’ অভিধেয় বৃহৎ বাণিজ্যিক সংস্থাবোৰে বিজ্ঞাপন জগতলৈ বৈপ্লৱিক পৰিৱৰ্তন কঢ়িয়াই আনিছে। তেওঁলোকৰ পণ্যৰ প্ৰচাৰৰ কাৰণে খেল-ধেমালিৰ ক্ষেত্ৰত সংগঠক আৰু খেলুৱৈবোৰক প্ৰচুৰ পৰিমাণে অৰ্থ প্ৰদান কৰে। তাৰ ফলত আন্তর্জাতিক বাণিজ্য সংস্থাবোৰেই ক্রীড়া প্রতিযোগিতা নিয়ন্ত্ৰণত মুখ্য ভূমিকা গ্ৰহণ কৰিছে।

বিজ্ঞাপনৰ শৈল্পিক আবেদন | The artistic appeal of advertising

শিল্প আৰু সৌন্দৰ্যৰ প্ৰতি মানুহৰ আকৰ্ষণ চিৰন্তন। সেয়ে যি বিজ্ঞাপনদাতাই তেওঁৰ পণ্যক যিমান নয়নলোভন শিল্প-সৌন্দর্যমণ্ডিত কৰি ক্ৰেতাৰ ওচৰত উপস্থাপন কৰে তেওঁৰ পণ্যৰ চাহিদা সিমানেই বৃদ্ধি পায়। প্রতিযোগিতাত জয়লাভ কৰি মুনাফাৰ অংক বৃদ্ধি কৰিব পাৰে। এই ক্ষেত্ৰত শিল্প-নিৰ্দেশক আৰু ফটোগ্ৰাফাৰৰ ভূমিকা উল্লেখযোগ্য। তাৰ লগত সুন্দৰী মডেলসকলক চিত্তজয়ী কৌশলেৰে ব্যৱহাৰ কৰা হয় । সুন্দৰীবোৰে চাবোন, প্রসাধনী দ্রব্য ব্যৱহাৰ কৰি মনোলোভা হাঁহিৰে তেওঁলোকৰ সৌন্দৰ্যৰ গোপন ৰহস্য কোনোবা এটা বিশেষ কোম্পানীৰ চাবোন বা ক্ৰীম বুলি কয়। তেওঁলোকৰ সুন্দৰ আঙুলিৰ শোভা বৰ্দ্ধন কৰে আমেৰিকান কোম্পানীৰ নেইল পলিছ্। নতুন বিজ্ঞাপনদাতাই এনে সুচাৰু শিল্প কৌশলেৰে পুষ্টিকৰ পানীয়, পোছাক-পৰিচ্ছদ, জোতা আদিৰ গুণাৱলী প্ৰচাৰ কৰে যে তেওঁৰ পণ্যটোৱেই সৰ্বোত্তম। সেয়ে টেলিভিছনৰ মডেল সুন্দৰীবোৰ, যেনে- কেশৱতী তেনে কোমল ত্বকৰ অধিকাৰিণী বিশেষ পুষ্টিকৰ পানীয়ৰ গুণত শিশুটো এনেকুৱা পুষ্ট আৰু লাৱণ্যযুক্ত দেখায় যে তেতিয়াই কোলাত ল’বলৈ মন যায়। বিজ্ঞাপন জগতৰ কল্পলোক এনেকুৱাই।

বিজ্ঞাপনৰ লক্ষ্য | The goal of advertising

যিসকল বিজ্ঞাপনদাতাসকলৰ প্ৰধান লক্ষ্য মধ্যবিত্ত গৃহবধূ আৰু বয়ঃসন্ধিৰ কিশোৰ-কিশোৰী আৰু যুৱকযুৱতী। এওঁলোকৰ মাজত যথেষ্ট উচ্চশিক্ষিত সকলো বিজ্ঞাপনৰ বাণত সহজেই বিদ্ধ হয় । টেলিভিছনৰ পর্দাত প্রদর্শিত কল্পজগতৰ বিশেষ পণ্যটো সংগ্ৰহ কৰিব নোৱাৰিলে/তেওঁলোকে জীৱন ব্যৰ্থ হোৱা বুলি ভাবে। গৃহকৰ্তাই বজাৰৰ পৰা নিৰ্দিষ্ট ব্ৰাণ্ডৰ বস্তুটো কিনি আনি ৰেহাই পায়। কিশোৰী-যুৱতীসকলক এইটো বজাব পৰা নাযায় যে স্বাস্থ্যই হ’ল লাৱণ্য আৰু সৌন্দৰ্যৰ উৎস। বিশেষ চাবোন বা ক্রীম ব্যৱহাৰ কৰি একো নহয়৷শীর্ণকায় যুৱকসকলেও ভাবে যে নিৰ্দিষ্ট কোম্পানীৰ জীন্‌ছৰ ছাৰ্ট-ট্রাউজাৰ আৰু জোতা পিন্ধিলেই তেওঁ সিংহপুৰুষ হৈ উঠিব। সেয়ে বিজ্ঞাপনদাতাসকলৰ চেষ্টা থাকে আৱেগপ্ৰৱণ অপৈণতসকলৰ দুৰ্বল স্থানটোত আঘাত কৰা। এই উদ্দেশ্য বিজ্ঞাপনদাতাসকলে নিৰন্তৰ গৱেষণা চলাই আছে।

Read Also: Class 12th Physics Solution

বিজ্ঞাপনৰ আর্থিক দিশ | Financial aspect of advertising

বহুতে ভাবে যে প্ৰচাৰৰ কাৰণে ব্যয় হোৱা অৰ্থ সম্পূর্ণ অপচয়ৰ বাহিৰে আন একো নহয়। ক্ৰেতাৰ দৃষ্টিকোণৰ পৰা বিচাৰ কৰিলে প্ৰচাৰ কাৰ্যত ব্যয় হোৱা অৰ্থ অপচয় বুলিয়েই ধাৰণা হয়। বিজ্ঞাপনৰ কাৰণে ব্যয় হোৱা অৰ্থ পণ্য মূল্য বৃদ্ধি কৰে। গতিকে ক্রেতাৰ ওচৰত এইটো অপব্যয়। কিন্তু প্ৰচাৰ ব্যয়ৰ উপযোগিতাও নথকা নহয়। জীৱন ধাৰণৰ কাৰণে বহু দ্ৰব্যৰেই প্ৰয়োজন হয় কিন্তু ক্রেতাসকল সিবোৰ দ্ৰব্যৰ অভাৱ সম্বন্ধে সচেতন নহয় । প্ৰচাৰ কাৰ্য কল্যাণ আৰু বিজ্ঞাপনৰ প্ৰভাৱত ক্রেতাসকল উক্ত দ্ৰব্যৰ অভাৱবোধ সম্বন্ধে সচেতন হৈ উঠে। তেওঁলোকে দ্ৰব্যটোৰ উপযোগিতা বুজিবলৈ সক্ষম হয়। এইফালৰ পৰা বিচাৰ কৰিলে বিজ্ঞাপনক অপব্যয় বুলি ক’ব নোৱাৰি। আকৌ ব্যৱসায়ীৰ দৃষ্টিকোণৰ পৰা বিচাৰ কৰিলে বিজ্ঞাপনৰ কাৰণে অৰ্থব্যয়ৰ গুৰুত্ব অধিক। প্রতিযোগী ব্যৱসায়ীতকৈ আগুৱাই থাকিবলৈ নিজৰ পণ্যৰ ৰূপগত সৌন্দর্য, গুণৰ দ্বিধাহীন উল্লেখ, অস্তিত্ব, প্ৰকৰণ আৰু চাহিদা বিজ্ঞাপনৰ মাজেদি প্ৰচাৰ কৰাৰ বাহিৰে আন একো উপায় নাই। বৰ্তমান যুগৰ মানুহৰ বহির্মুখী মনক জয় কৰিবলৈ বিজ্ঞাপনৰ আশ্ৰয় ল’বই লাগিব। পাঁচ লাখ টকাৰ মটৰ গাড়ীৰ পৰা পাঁচ টকাৰ ব্লেডলৈকে সকলো বস্তুৱেই বিজ্ঞাপনৰ দ্বাৰা মসৃণ গতিত চালিত হয়।

মন্তব্য

আধুনিক ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত বিজ্ঞাপনৰ ভূমিকা অনস্বীকার্য। উৎপাদক আৰু ক্রেতাউভয় শ্ৰেণীৰ ওচৰতেই ইয়াৰ উপযোগিতা আছে। কিন্তু বিজ্ঞাপন যেতিয়া পণ্য প্ৰচাৰত পৰ্বত প্রমাণ আতিশয্যক প্রশ্রয় দিয়ে তেতিয়া ই সমালোচনাৰ যোগ্য। কোনো কোনো বিজ্ঞাপনদাতাই যেতিয়া হিটলাৰৰ কুখ্যাত সেনানায়ক গোয়েবলছৰ নীতি অনুসৰি একেই মিছা হাজাৰবাৰ প্ৰচাৰ কৰি সঁচা বুলি প্ৰমাণ কৰিব বিচাৰে তেতিয়া ই সমাজৰ কাৰণে ক্ষতিকাৰক হৈ উঠে আৰু এই যুগৰ ফেছনপ্ৰিয়, বিলাসী চহৰীয়া মানুহক প্ৰভাৱিত কৰা খুবেই সহজ। বিজ্ঞাপন যদি শিল্পসুষমামণ্ডিত হয় তেনেহ’লে ব্যৱসায়ৰ ক্ষেত্ৰত তাৰ ফল হ’ব সুদূৰপ্ৰসাৰী আৰু ৰুচিশীল ক্রেতাসকলেও সাদৰে গ্ৰহণ কৰিব।

আমি আশা কৰিছো বিজ্ঞাপনৰ ভূমিকা ৰচনাটোৱে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ বিজ্ঞাপনৰ ভূমিকা ৰচনাৰ সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top