আদিত্য আৰু জাৰা: Assamese Love Story

নিজান সন্ধিয়া পৰত,  তাতে ফাগুনৰ চেঁচা বতাহজাক প্ৰাণ চঞ্চল হৃদয়ৰ নানা অনুভূতিবোৰে বাৰে বাৰে ইংগিত দিছে উঠোৱা আজি হাতত কলমটো আৰু লিখা এটা নতুন কাহিনী । মনৰ অনুভূতিবোৰৰক প্ৰকাশৰ বাট দিবলৈ ডায়েৰী, কলমটো বেগত লৈ যোৱা কালি অনলাইন আহি পোৱা kurta টোৰ সৈতে ঈদত আব্বা এ লৈ দিয়া jutti পাত পিন্ধি ল’লো । খোজ দিলোঁ ভাল লগা ঠাই খনলৈ এটা নতুন কাহিনী লিখিবলৈ। মোৰ বাবে ভাল লগা ঠাই মানেই কি জানেনে নাহৰৰ দেশ ডিব্ৰুগড় বিশ্ববিদ্যালয়। উফ্ কি যে শান্তি অনুভৱ হৈ অজস্ব স্মৃতিৰ সৈতে সেই ঠাইখন হৃদয়ৰ একেবাৰে আপোন। 

আদিত্য আৰু জাৰা:  Assamese Love Story
Join Telegram channel

গৈ পাওঁতে ভালেমান সন্ধিয়া হ’ল  বিশ্ববিদ্যালয়ৰ পাৰ্কৰ আগফালে থকা চকী এখনতে বহিলো। যেতিয়া ইয়ালৈ অহা হয় লগৰবোৰৰ সৈতে অহা হয় আজি এনেদৰে অকলে আহি কিবা অদ্ভুত লাগিছে। একো নাই কেতিয়াবা কেৱল নিজকো অলপ সময় দিব লাগে বুলি নিজক সান্তনা দিলোঁ। ডায়েৰী খন উলিয়াই কলমটো হাতত ধৰি ……

প্ৰেম মাথো এটি শব্দ নহয় ই এক সুকীয়া অনুভৱ যি অনুভৱ   প্ৰতিজনলোকে জীৱনৰ কোনোবা এটা ক্ষণত অনুভৱ কৰে।  আমি কাৰোবাক ক্ষন্তেকত ভাল পাব পাৰোঁ কিন্তু ক্ষন্তেকত কাৰোবাক পাহৰাটো সহজ নহয়। প্ৰেম সহজ হ’ব পাৰে কিন্তু সেই প্ৰেমক বিয়াৰ সৈতে স্বীকৃতি দিয়াটো ইমান সহজ নহয়। যিয়ে নিজৰ ভালপোৱাৰ সময়খিনি অতিক্ৰম কৰি বিবাহ পাশত আৱদ্ধ হয় আৰু সুখ দুখৰ মাজতে জীৱনটো একেলগে এজনে আনজনৰ সৈতে প্ৰতি ক্ষণে ঠিয় দি জীৱনটো অতিবাহিত কৰাটোৱেই জানো সঁচা প্ৰেম নহয়। এয়া হৈছে চাগে সঁচা প্ৰেম প্ৰকৃত ভালপোৱা। জীৱনলৈ ক’ত বিপদ কিয়নো নাহক কিন্তু সেই সময়কণ আপোনাৰ  ভালপোৱা গৰাকীয়ে যদি আপোনাৰ সৈতে ঠিয় দিয়ে তেন্তে আপুনি আপোনাৰ জীৱনলৈ অহা যিকোনো সংঘাত অতিক্ৰম কৰি যাব। যিহেতু আমি প্ৰতেক্যেয় একো একো জন মানুহ আৰু জানেনে মানুহ আটাইতকৈ বেছি ভোকাতুৰ কিহৰ বাবে প্ৰেমৰ বাব ঠিকেই শুনিছে – মানুহ প্ৰেম, মৰম, ভালপোৱাৰ বাবে ভোকাতুৰ। আমাক কোনোবাই অলপ প্ৰেম, মৰম দিলে আমি আত্মহাৰা হৈ নপৰো জানো তাৰ পিছত সেই মানু্হজনক আমি সপোনত দেখো দিঠকত তেঁওৰ হ’বলৈ খোজোঁ এয়াই প্ৰেম যিয়ে আমাক পৃথিৱীৰ আটাইটকৈ সুখী ব্যক্তি বুলি অনুভৱ কৰাই। সঁচা আৰু প্ৰকৃত প্রেমে নিজৰ প্ৰিয়জনৰ পৰা জোন, তৰা বেলি আনি দিয়াৰ বাবে আশা নকৰে প্ৰকৃত প্রেমে নিজৰ প্ৰিয়জনে অনিদিয়া দহ টকাৰ Dairy milk chocolate টো পাইয়ো বিৰাট সুখী অনুভৱ   কৰে। 

ভাল লগা অনুভৱ  বোৰ সদায় হৃদয়ে সাঁচি ৰাখে লাগিলে সেই আপোন জন জীৱনত থাকক বা নাথাকক। বৰ্তমানৰ কোনোবা ক্ষণত আকৌ অতীতবোৰে আমনি কৰে। আজিও মনত আছে বিশ্ববিদ্যালয়ৰ প্ৰথমটো দিনত তাইক লগ পোৱাৰ সেই মূৰ্হুতটো কেনেকৈ এজনী ছোৱালী ইমানেই সৰল আৰু মৰমিয়াল হ’ব পাৰে। মাজনিশা আজিও কেতিয়াবা তাইক সপোনত দেখা পাওঁ, তাই হাতৰ পৰশত বৰ্তমানৰ সকলো বেদনা পাহৰি পেলাওঁ।  

অতীতৰ পাতবোৰ খুলিলে সেই দিনটোক জীৱনৰ পৰা মুচি পেলাব মন যায় যিদিনা আমি দুয়ো আঁতৰ হ’ব লগা হৈছিল এজনে আনজনৰ পৰা। খং উঠে বহুত কিয় নিয়তিয়ে আমাক লগ পোৱালে যদি এই জীৱনত আমি এজনে আনজনৰ হ’বই নাছিলোঁ কি নিয়তীয়ে আমাৰ জীৱনবোৰৰ লগত এনেদৰে খেলা কৰে। তাই মোক কেতিয়াও মোৰ সম্পূৰ্ণ নামটো  আদিত্য নেমাতেই সদায় মৰমতে  আদি আদি বুলিয়েই মাতিলে। আজি মোৰ জীৱনত মোক আদি বুলি মতা কোনো নাই। লগৰবোৰক তাইৰ কথা আজিও সোধোঁ মাজে সময় মোৰ best friend নয়নক কওঁ জাৰায়ে Instagram ত যদি কিবা কবিতা পোষ্ট কৰে মোক screenshot এটা দি পঠাবি। বিৰাট ধুনীয়া কবিতা লিখে তাই। আজিও তাইৰ কবিতা বোৰৰ শব্দৰ আঁৰত নিজৰ প্ৰতিচ্ছবি দেখা পাওঁ। তেতিয়া বুজি উঠো যে মই যিদৰে তাইক আজি পযন্ত পাহৰিব পৰা নাই তাইও মোক পাহৰা নাই। এইবোৰে মনত এক আকৌ নতুন আশা কঢ়িয়াই আনে কিজানি আকৌ আমাক আমাৰ নীয়তিয়ে লগ পোৱাব নেকি আকৌ সেই আশাবোৰত চেঁচা পানী ঢালে আমাৰ  ধৰ্মৰ ভিন্নতাই যাৰ বাবে আমি আমাৰ সম্পৰ্ক ত্যাগ কৰিব লগা হ’ল। সমাজখনৰ ৰীতি – নীতি , পৰিয়ালৰ প্ৰতি থকা কৰ্তব্যবোৰৰ বোজাৰ আগত আমাৰ ভালপোৱাই ত্যাগক আঁকোৱালি ল’লে। যদি প্ৰতিজন মানুহে মানুহক কেৱল মানুহ হিচাপে গণ্য কৰিলে হ’লে হয়তো আমাৰ সম্পৰ্ক জাৰা আৰু আদিত্যৰ প্ৰেমেও সফলতা লাভ কৰিলে হয়। 

ৰিং……. হেল্লো মা আহি আছোঁ চিন্তা নকৰিবা , আহি আছো ডায়েৰী খন সোমাই লওঁ বেগত অধা ঘণ্টা মানত আহি পাম। কেনেকৈ সময় পাৰ হৈ নিশায়ে হ’লগৈ গমকে নেপালো। আকৌ বা কেতিয়া অহা হৈ ভাল লগা ঠাইত এক নতুন কাহিনীৰ সৈতে …..

Author- Mahezubin Saikia 

Read also: লাচিত দিৱস – ছাত্ৰ-ছাত্ৰীৰ বাবে লাচিত দিৱসৰ ভাষণ

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top