Understanding Political Theory Unit 1 ৰাজনীতি কি? ৰাজনৈতিকৰ তাত্ত্বিককৰণ

Understanding Political Theory Unit 1 ৰাজনীতি কি? ৰাজনৈতিকৰ তাত্ত্বিককৰণ Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Understanding Political Theory Unit 1 What is Politics: Theorizing the ‘Political Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Understanding Political Theory Unit 1 ৰাজনীতি কি? ৰাজনৈতিকৰ তাত্ত্বিককৰণ Question Answer can be of great value to excel in the examination.

Join Telegram channel

Understanding Political Theory Unit 1 ৰাজনীতি কি? ৰাজনৈতিকৰ তাত্ত্বিককৰণ

Understanding Political Theory Unit 1 ৰাজনীতি কি? ৰাজনৈতিকৰ তাত্ত্বিককৰণ Notes cover all the exercise questions in UGC Syllabus. The Understanding Political Theory Unit 1 ৰাজনীতি কি? ৰাজনৈতিকৰ তাত্ত্বিককৰণ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

6. Discuss about the utility of the study of political science.

Ans: প্রাচীন গ্রীক দার্শনিক এৰিষ্ট’টলে কৈছে— ‘মানুহ সামাজিক জীৱ’, আনহাতে ই ‘ৰাজনৈতিক জীৱও’। মানুহৰ এই সমাজিক আৰু ৰাজনৈতিক চেতনাই ৰাষ্ট্ৰৰ সৃষ্টি কৰিছে। এই ৰাষ্ট্ৰ মানৱ জাতিৰ সভ্যতাৰ বিকাশৰ লগত ওতঃপ্রোতভাৱে জড়িত। ৰাজনীতি বিজ্ঞনে ৰাষ্ট্ৰ, চৰকাৰ আৰু এই দুই অনুষ্ঠানৰ লগত জনগণৰ সম্পৰ্কৰ বিষয়ে অধ্যয়ন কৰে। মানুহে নিজৰ ৰাজনৈতিক জীৱনৰ সম্যক জ্ঞান লাভ কৰাটো আৱশ্যক। ৰাজনীতি বিজ্ঞানৰ অধ্যয়নে এই জ্ঞান দিব পাৰে। গতিকে মানুহৰ জীৱনত ৰাজনীতি বিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা এৰিষ্ট ‘টলৰ যুগৰে পৰা প্ৰচলিত হৈ হিছে। মানৱ সভ্যতাৰ বিকাশৰ লগে লগে মানুহৰ ৰাজনৈতিক জীৱনৰো আমূল পৰিৱৰ্তন হৈছে। ফলত ৰাজনীতি বিজ্ঞানৰ লগে লগে মানুহৰ ৰাজনৈতিক জীৱনৰো আমূল পৰিৱৰ্তন হৈছে। ফলত ৰাজনীতি বিজ্ঞানৰ অধ্যয়নৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা যথেষ্ট বৃদ্ধি পাইছে। গতিকে ৰাজনীতি বিজ্ঞান অধ্যয়নৰ উপকাৰিতাবোৰনো কি আমি আলোচনা কৰা উচিত—

১। ৰাষ্ট্ৰ সম্পৰ্কীয় জ্ঞান: ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰিলে। মানুহে মানুহৰ ৰাজনৈতিক চেতনাই সৃষ্টি কৰা ৰাষ্ট্ৰৰ উৎপত্তি, ক্রমবিকাশ, গঠন, চৰকাৰৰ কৰ্যাৱলী আৰু ইয়াৰ ভৱিষ্যৎ সম্পর্কে জ্ঞান লাভ কৰিব পাৰে। মুঠতে, ৰাজনীতি বিজ্ঞানৰ অধ্যয়নে ৰাষ্ট্ৰ আৰু চৰকাৰৰ কাৰ্যাৱলী আৰু ইয়াৰ উদ্দেশ্যৰ বিষয়ে জ্ঞান দিয়ে।

২। চৰকাৰ সম্পৰ্কীয় জ্ঞান: ৰাজনীতি বিজ্ঞানৰ অধ্যয়নে বিভিন্ন ৰাষ্ট্ৰৰ বিভিন্ন প্ৰকাৰৰ চৰকাৰৰ গঠন, শ্রেণী বিভাজন, এই চৰকাৰবোৰৰ কৰ্তৃত্ব আৰু কাৰ্যাৱলী, চৰকাৰ গঠনত জনগণৰ ভূমিকা আদি বিষয়বোৰৰ তুলনামূলক জ্ঞান দিব পাৰে।

৩। গণতন্ত্ৰৰ ৰাজনৈতিক জ্ঞান: আধুনিক যুগৰ গণতান্ত্ৰিক ব্যৱস্থাৰে চৰকাৰ গঠনত দেশৰ প্ৰত্যেকজন উপযুক্ত নাগৰিকে অংশগ্রহণ কৰিব লাগে। সেইবাবে প্ৰত্যেকজন নাগৰিকৰে সম্যক ৰাজনৈতিক জ্ঞান থকাটো আৱশ্যক। তেতিয়াহে প্রকৃত গণতান্ত্রিক শাসন প্রৱর্তন কৰিব পৰা হ’ব। ৰাজনীতি বিজ্ঞানৰ অধ্যয়নেহে এই ৰাজনৈতিক জ্ঞান দিব পাৰে।

৪। ৰাজনৈতিক সচেতনতা: ৰাজনৈতিক বিজ্ঞানৰ অধ্যয়নে দেশৰ জনগণক ৰাজনৈতিক সজাগ সচেতন কৰি তুলিব পাৰে। ৰাজনীতিৰ অধ্যয়নে দেশৰ প্ৰজাক নিজৰ দেশৰ চৰকাৰৰ গঠন, কাৰ্যাৱলী, দেশৰ শসনত জনগণৰ ভূমিকা সম্পর্কে জ্ঞান দিয়ে। তাৰ দ্বাৰা দেশবাসীক ৰাজনৈতিকভাবে সজাগ সচেতন কৰাৰ লগতে দেশপ্রেমী হ’বলৈও সুবিধা প্ৰদান কৰে।

৫। অধিকাৰ আৰু কৰ্তব্যৰ প্ৰতি সচেতনতা: ৰাজনীতি বিজ্ঞানৰ অধ্যয়নে নাগৰিকক তেওঁলোকে ৰাষ্ট্ৰ আৰু চৰকাৰৰ পৰা প্রাপ্য অধিকাৰ আৰু ৰাষ্ট্ৰ চৰকাৰৰ প্ৰতি থকা কৰ্তব্যৰ প্ৰতি সচেতন কৰি নাগৰিকক নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি সজাগ কৰিব পাৰে। অধিকাৰ আৰু কৰ্তব্যই নাগৰিকৰ ব্যক্তিত্বৰ বিকাশ সাধনত সহায় কৰে।

৬। সুস্থ-সবল জনমত গঠন: ৰাজনীতি বিজ্ঞানৰ অধ্যয়নে সজাগ, সচেতন, কর্তব্য পৰায়ণ আৰু দায়িত্বশীল নাগৰিক গঢ়াত সহায় কৰাৰ উপৰিও দেশৰ শাসনত দেখা দিয়া বিভিন্ন সামাজিক, ৰাজনৈতিক, অর্থনৈতিক সমস্যা সমাধানৰ বাবে সুস্থ, সবল শুদ্ধ জনমত গঠন কৰতো ৰাজনীতি বিজ্ঞানৰ অধ্যয়নে সহয় কৰে।

৭। সু-নাগৰিকৰ জ্ঞান: ৰাজনীতি বিজ্ঞানৰ অধ্যয়নেহে এজন সু-নাগৰিকৰ গুণৰাশিৰ বিষয়ে জ্ঞান দিব পাৰে। এনেবোৰ গুণৰ জ্ঞনে দেশত সু-নাগৰিক গঢ়াত সহায় কৰে। গতিকে ৰাজনীতি বিজ্ঞানৰ অধ্যয়নৰ জৰিয়তে সু-নাগৰিক গঢ়িব পাৰি। সু-নাগৰিকেহে দেশৰ উন্নয়নৰ গতি খৰতকীয়া কৰি আদৰ্শ ৰাষ্ট্ৰ গঢ়াত সহায় কৰিব পাৰে।

৮। উদাৰ বহুল দৃষ্টিভংগী: ৰাজনীতি বিজ্ঞানৰ অধ্যয়নে নাগৰিকৰ ঠেক দৃষ্টিভংগী আঁতৰাই উদাৰ-বহল দৃষ্টিভংগী সৃষ্টি কৰাত সহায় কৰে। ইয়াৰ অধ্যয়নৰ ফলত দেশৰ নাগৰিকে দেশবাসীৰ সমস্যাই উপলব্ধি আৰু অনুভৱ কৰৰ উপৰিও আনদেশৰ জনগণৰ সমস্যাও উপলব্ধি কৰিবলৈ জ্ঞান লাভ কৰে আৰু সকলোৱে একেলগে বসবাস কৰাৰ মনোভাব গ্ৰহণ কৰিব পাৰে।

৯। আন্তর্জাতিক দৃষ্টিভংগী: ৰাজনীতি বিজ্ঞানৰ অধ্যয়নে অকল জাতীয় ৰষ্ট্ৰৰ বিষয়ে যে জ্ঞান দিয়ে তেনে নহয়, ই পৃথিৱীৰ বিভিন্ন দেশৰ ৰাষ্ট্ৰ আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ গঠন, কাৰ্যাৱলী আৰু ৰাষ্ট্ৰসমূহৰ মাজৰ সম্পৰ্কৰ বিষয়েও জ্ঞান আহৰণ কৰিবলৈ সুবিধা দিয়ে। ইয়ৰ অধ্যয়নে বিভিন্ন দেশৰ মাজৰ সমস্যা সমাধানত যথেষ্ট সহায় কৰে আৰু পৰস্পৰৰ মাজত বুজাবুজিৰ ভাব গঢ়ি তোলাত সহয়ক হয়।

১০। ৰাজনৈতিক মতবাদৰ জ্ঞান: আধুনিক যুগত পৃথিৱীত ৰাষ্ট্ৰ শাসনৰ বিভিন্ন মতবাদৰ উৎপত্তি আৰু বিকাশ সাধিত হৈছে। ৰাজনীতি বিজ্ঞানৰ অধ্যয়নে এই মতবাদবোৰৰ বিষয়ে জ্ঞান দিব পাৰে। প্লেটো, এৰিষ্ট’টলৰ দিনৰে পৰা আধুনিক সমাজবাদী চিন্তাবিদ কার্লমার্ক্সৰ দিনলৈ উদ্ভৱ হোৱা বিভিন্ন মতবাদৰ জ্ঞান ৰাজনীতি বিজ্ঞানেৰে দিব পাৰে। শুদ্ধ মতবাদৰ শাসনেহে দেশৰ সৰহসংখ্যক নাগৰিকক উন্নত জীৱন-যাপনত সহায় কৰিব পাৰে।

ইতিমধ্যে যুক্তিসংগতভাৱে কৰা আলোচনাৰ দ্বাৰা এই কথা প্রতিপন্ন হ’ল যে আধুনিক যুগত ৰাজনৈতিক জ্ঞানেহে সু-নাগৰিক গঢ়িবলৈ আৰু সজাগ, সচেতন, দায়িত্বশীল, কৰ্তব্যপৰায়ণ নাগৰিক হ’বলৈ প্ৰেৰণা যোগাব পাৰে। এনে ৰাজনৈতিক জ্ঞান দিব পাৰে ৰাজনীতি বিজ্ঞানৰ অধ্যয়নেহে অৰ্থাৎ ৰাষ্ট্ৰ, চৰকাৰ আৰু তাৰ লগত জড়িত জনগণৰ সম্পৰ্কৰ অধ্যয়নেহে।

7. Discuss the differences between Philosophy, science and theory.

Or

When do you mean by scientific character of political science ? Can Political science be called a science ?

Ans: ৰাজনীতি বিজ্ঞান কল নে বিজ্ঞান এই প্রশ্নৰ সহজ উত্তৰ নাই। চমুকৈ কলাৰ অৰ্থ হ’ল শিল্প বিদ্যা। অর্থাৎ দক্ষতৰে কেনো ধাৰণাৰ বাস্তৱ ৰূপ প্ৰদান কৰা। বিজ্ঞান মানে কোনো এক শ্রেণীভুক্ত সমস্যা সম্বন্ধে আহৰণ কৰা প্রণালীবদ্ধ জ্ঞান। অর্থাৎ পর্যবেক্ষণ, অভিজ্ঞতা আৰু পৰীক্ষাৰ দ্বাৰা নিৰ্ণয় কৰা জ্ঞান। এজন শিল্পীয়ে তৰাবছা আকাশখন যেতিয়া তেওঁৰ ৰং তুলিৰে তুলাপাতত আঁকে, তেতিয়া তেওঁৰ সেই শিল্প কর্মক কলা বোলা হয়। আনহাতে, এজন জ্যোতির্বিজ্ঞানীয়ে যেতিয়া সেই একেখন আকাশৰ এটা উজ্জ্বল, জ্যোতিষ্কক পর্যবেক্ষণৰ যেগেদি নেজাল তৰা বুলি ঠাৱৰ কৰি তাৰ গঠন, গতিপথ, আবিৰ্ভাৱৰ সঠিক কাল নির্ণয় কৰে, সেই কাৰ্যক বিজ্ঞান বোলা হয়।

ৰাজনীতি বিজ্ঞান – বিজ্ঞান নে কলা ?

ৰাজনীতি বিজ্ঞান প্ৰকৃতাৰ্থত বিজ্ঞান হয়নে নহয় সেই সম্পর্কে ৰাজনীতি বিজ্ঞানীসকলৰ মাজত মত পার্থক্য আছে। এই মত পার্থক্যসমূহক মি মূলতঃ দুটা ভাগত বিভক্ত কৰি আলোচনা কৰিব পাৰোঁ। গ্রীক দার্শনিক এবিষ্ট ‘টলে ৰাজনীতি বিজ্ঞানক শ্রেষ্ঠ বিজ্ঞান হিচাপে অভিহিত কৰিছে। এৰিষ্ট’টলৰ এই দৃষ্টিভংগীকেই পৰৱৰ্তী সময়ছোৱাত মণ্টেস্কু, হবছ, লর্ড ব্রাইচ, পোলক আদি ৰাজনীতি বিজ্ঞানীসকলে সমৰ্থন কৰিছিল। আচৰণবাদী ৰাজনীতি বিজ্ঞানীসকলেও এই মতকেই সমর্থন কৰিছে।

কিন্তু, বহুসংখ্যক ৰাজনীতি বিজ্ঞানী যেনে— মেইট্‌লেণ্ড, কত,বাৰ্ক আদি সকলে ৰাজনীতি বিজ্ঞান প্রকৃত বিজ্ঞান হিচাপে স্বীকাৰ কৰি লোৱা নাই। এতিয়া আমি ৰাজনীতি বিজ্ঞান প্ৰকৃতাৰ্থত বিজ্ঞান হয়নে নহয় সেই সম্পর্কে থকা দুয়োটা মতবদ আলোচনা কৰিব বিচাৰিছোঁ।

এৰিষ্টটল, ব’ডিন, হ’বছ আৰু ড° গাৰ্ণাৰে ৰাজনীতি বিজ্ঞানক বিজ্ঞান হিচাপে আখ্যা দি তলৰ যুক্তিসমূহ দাঙি ধৰিছে–

(১) বিজ্ঞান হ’ল কোনো এটা বিষয়ৰ ওপৰত যুক্তিপূৰ্ণ আৰু প্রণালীবদ্ধ অধ্যয়ন। যোৱা দুটা দশকৰ পৰা আমেৰিকাৰ লেখকসকলে ৰাজনীতি বিজ্ঞান যুক্তিপূর্ণ আৰু প্ৰণালীবদ্ধভাৱে অধ্যয়ন কৰাৰ বিজ্ঞানসন্মত আৰু আধুনিক পদ্ধতি উদ্ভাৱন কৰি ৰাজনীতি বিজ্ঞানক বিজ্ঞানৰ শৰীৰত স্থান দিয়াত সাফল্য লাভ কৰিছে। এই লোকসকলৰ ভিতৰত ডেভিদ ইষ্টন, লুচিয়ান, আলমণ্ড, পাৱেল আদিৰ নাম উল্লেখযোগ্য। এইপিনৰ পৰা ৰাজনীতি বিজ্ঞানক বিজ্ঞান বুলি ক’ব পাৰি।

‘(২) সাধাৰণতে কোনো বিজ্ঞানসন্মত পদ্ধতি ব্যৱহাৰ কৰি কোনো এটা বিষয়ৰ ওপৰত অধ্যয়ন আৰম্ভ কৰি যি সিদ্ধান্তত উপনীত হোৱা যায় সেই সিদ্ধান্তই বিশ্বজনীন হিচাপে স্বীকৃতি পালে তাকে বিজ্ঞান বোলে। অর্থাৎ এটা গ্রহণযোগ্য সিদ্ধান্তত উপনীত হোৱাটোৱেই হ’ল বিজ্ঞানৰ মূল লক্ষ্য। এই দিশৰ পৰাও ৰাজনীতি বিজ্ঞানক প্রকৃত বিজ্ঞান বুলি ক’ব নোৱাৰিলেও বিজ্ঞানৰ শাৰীত স্থান দিব পাৰি। কাৰণ এৰিষ্টটলে ১৫০ খন বিভিন্ন সংবিধান প্রণালীবদ্ধভাৱে বিজ্ঞানসম্মত পদ্ধতি গ্রহণ কৰি অধ্যয়নৰ জৰিয়তে ৰাজনৈতিক বিদ্ৰোহৰ কাৰণসমূহৰ বিষয়ে এটা বিজ্ঞানসন্মত সিদ্ধান্তত উপনীত হ’ব পাৰিছিল। আকৌ বিজ্ঞানসন্মত পদ্ধতি প্রয়োগ কৰি সঠিক নিৰ্বাচনৰ ফলাফলো আগতীয়াকৈ ক’ব পৰা যায়।

(৩) ৰাজনীতি বিজ্ঞানতো ৰসায়ন আৰু পদার্থ বিজ্ঞানৰ দৰে লাগতিয়াল তথ্য পাতি সংগ্ৰহ কৰি প্ৰণালীবদ্ধভাৱে অধ্যয়নৰ জৰিয়তে নতুন নতুন ৰাজনৈতিক তত্ত্ব, সুত্র আবিষ্কাৰ কৰা হয়। এইক্ষেত্ৰত যোৱা কুৰি বছৰৰ ভিতৰত আমেৰিকাৰ ৰাজনীতিজ্ঞসকলে বহুখিনি আগবাঢ়ি ৰাজনীতি বিজ্ঞানৰ বিশেষ অৰিহণা যোগাইছে। বর্তমান কালছোৱাত ৰাজনীতি বিজ্ঞানৰ অধ্যাপক, গৱেষক আৰু ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন বিষয়ৰ ওপৰত বৈজ্ঞানিক পদ্ধতি প্রয়োগ কৰি গৱেষণাৰ জৰিয়তে বৰ্তমনৰ সমাজ ব্যৱস্থাত খাপ খোৱাকৈ নতুন নতুন ৰাজনৈতিক তত্ত্ব আৰু সূত্র আবিষ্কাৰ কৰা দেখা যায়।

এতিয়া আমি ক’ট, মেইটলেও, বাকলো আদি লেখকসকলে আগবঢ়োৱা যুক্তিসমূহ আলোচনা কৰিম। আগতে কোৱা হৈছে যে উপৰোক্ত লেখকসকলে ৰাজনীতি বিজ্ঞানক যে বিজ্ঞান হিচাপে গ্রহণ কৰিব নোৱাৰি সেই বিষয়ে মতামত দাঙি ধৰিছিল। তলত দাঙি ধৰা মতামতসমূহ এই লেখকসকলে দাঙি ধৰি ক’ব খোজে যে ৰাজনীতি বিজ্ঞানক প্ৰকৃততে বিজ্ঞান বুলি ক’ব নোৱাৰি।

(১) ৰসায়ন আৰু পদার্থবিজ্ঞানৰ দৰে ৰাজনীতি বিজ্ঞান অধ্যয়নৰ বাবে গৱেষণাগাৰ নাই যাৰ জৰিয়তে এটা প্রকৃত সত্য সিদ্ধান্তত উপনীত হ’ব পৰা যায়। উদাহৰণস্বৰূপে ৰসায়ন বিজ্ঞানৰ ছাত্ৰ এজনে “H₂ +0₁ = এটোপাল পানী” বুলি এটা প্রকৃত সত্য গ্রহণযোগ্য সিদ্ধান্তত উপনীত হ’ব পাৰে, কিন্তু সেইদৰে ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ এজনে এটা প্ৰশাসনীয় সিদ্ধান্ত বা এখন আইন কার্যকৰী কৰাৰ পিছত তাৰ পৰিণতি কি হ’ব তাক সঠিককৈ ক’ব নোৱাৰে কিন্তু অনুমানহে কৰিব পাৰে। এই বিষয়টো ৰাজনীতি বিজ্ঞানৰ বিভিন্ন গৱেষকে অধ্যয়ন কৰিলে বিভিন্ন সিদ্ধান্তত উপনীত হ’ব। কিন্তু কোনেও নিশ্চিতভাৱে কোনো সিদ্ধান্তত উপনীত হ’ব নেৱাৰিব। আনহাতে ৰসায়ন বা পদার্থ বিজ্ঞানৰ গৱেষকসকলে অধ্যয়ন কৰা যিকোনো বিষয় এটাৰ এটা সিদ্ধান্তত উপনীত হ’ব পাৰিব। গতিকে ৰাজনীতি বিজ্ঞানৰ সিদ্ধান্তক সত্য সিদ্ধান্ত বুলি ধৰিব নোৱাৰি। সেয়ে ৰাজনীতি বিজ্ঞানক বিজ্ঞান খ্যা দিয়াৰ কোনো যুক্তি নাই।

(২) বৈজ্ঞানিক প্রণালীসমূহ ৰাজনীতি বিজ্ঞানৰ যিকোনো বিষয় এটা অধ্যয়ন কৰিবলৈ প্ৰয়োগ কৰিব নোৱাৰি। ৰাজনীতি বিজ্ঞানৰ যিকোনো এটা সমস্যা পদার্থবিজ্ঞনৰ এটা সমস্যাৰ দৰে গৱেষণাগাৰত পৰীক্ষা-নিৰীক্ষাৰ দ্বাৰা অধ্যয়ন কৰিব নোৱাৰি। উদাহৰণস্বৰূপে জনবিক্ষোভ, আইন প্রণয়ন, সিদ্ধান্ত গ্রহণ, নীতি প্রস্তুতি আদি সমস্যাবোৰ গৱেষণাগাৰলৈ নি পৰীক্ষা-নিৰীক্ষাৰ দ্বাৰা সমাধা কৰা সম্ভৱ নহয়। সেয়ে ৰাজনীতি বিজ্ঞানক বিজ্ঞান বুলি ক’ব নোৱাৰি।

(৩) ৰাজনীতি বিজ্ঞানে ৰাষ্ট্ৰ, চৰকৰ আৰু ইয়াৰ লগত জনসধাৰণৰ সম্পৰ্ক অধ্যয়ন কৰে। জনসাধাৰণৰ আচৰণ দৈনন্দিন সলনি হয়। জনসাধাৰণৰ আচৰণ অধ্যয়ন কৰা অতি জটিল। সেয়ে জনসাধাৰণৰ আচৰণৰ ওপৰত পৰীক্ষা চলাই এটা প্রকৃত সত্যত উপনীত হোৱাটো কঠিন। যিহেতু এজন প্রশাসক বা মন্ত্ৰীয়ে ৰাজহুৱা সভাত ভাষণৰ জৰিয়তে জনসধাৰণৰ উন্নতিৰ বাবে তেওঁ বহুখিনি কাম কৰিব বুলি আশ্বাস দি জনসাধাৰণৰ বিশ্বাস আৰু আস্থা সদায় কৰিব পৰে কিন্তু প্ৰকৃততে জনসাধাৰণৰ প্ৰতি তেওঁৰ কাম-কাজত কোনো ধৰণৰ সহানুভূতি নেথাকিবও পাৰে। সেয়ে ৰাজনীতি বিজ্ঞানক বিজ্ঞান বুলি কোৱাৰ যুক্তি নাই।

ওপৰৰ আলোচনাৰ পৰা এইটো দেখা গ’ল যে ৰাজনীতি বিজ্ঞানে যিহেতু ৰসায়ন আৰু পদার্থবিজ্ঞানৰ দৰে ইয়াৰ সিদ্ধান্তসমূহ সত্য আৰু নিশ্চিত বুলি ক’ব নোৱাৰে। গতিকে ইয়ক ৰসায়ন আৰু পদার্থবিজ্ঞানৰ দৰে প্ৰকৃত বিজ্ঞানৰ শাৰীত পেলাব নোৱাৰি। আনহাতে ৰাজনীতি বিজ্ঞানৰ জৰিয়তে যিহেতু বিজ্ঞানসন্মত পদ্ধতি প্রয়োগ কৰি প্রণালীবদ্ধভৱে ইয়াৰ বিষয়বস্তু অধ্যয়ন কৰা হয় সেয়ে ৰাজনীতি বিজ্ঞানক প্ৰকৃত বিজ্ঞানৰ শৰীত পেলাব নোৱাৰিলেও সমাজ বিজ্ঞানৰ শাৰীত পেলাব পাৰি। ৰাজনীতি বিজ্ঞানক মি ভূগোল, নৃতত্ত্ব, নীতিশাস্ত্র, ইতিহাস, প্রাণীবিদ্যা আদি সমাজ বিজ্ঞানৰ বিষয়সমূহৰ শাৰীত পেলাব পাৰে। কিন্তু বর্তমান কালছেৱাত ৰাজনীতি বিজ্ঞানত এজন বিজ্ঞানৰ ছাত্ৰৰ দৰে ইয়াৰ বিষয় বস্তুবোৰ অধ্যয়ন কৰা হয়। আমেৰিকাৰ ৰাজনীতিজ্ঞ লেখকসকলে ৰাজনীতি বিজ্ঞানক নিৰীক্ষণকাৰী বিজ্ঞান আৰু আচৰণমূলক বিজ্ঞান বুলি আখ্যা দিব খোজে। সি যি কি নহওক লাগে, ৰাজনীতিবিজ্ঞান যিমানে বিজ্ঞানৰ ওচৰ চাপি আহিছে তাৰ পৰা আমি ৰাজনীতি বিজ্ঞানক প্রমাণিত বিজ্ঞান বুলি প্ৰকৃততে আখ্যা দিব নোৱাৰো।

আনহাতে, ৰাজনীতি বিজ্ঞানক আমি নির্বিবাদে কলা বুলি ক’ব পাৰো। কলা মানে হ’ল সুকুমাৰ শিল্প, নৃত্য-গীত, সাহিত্য দি কলা বিদ্যা। অর্থাৎ কলা সম্পৰ্কীয় সকলো বিদ্যাকে কলা বোলে। চিত্রবিদ্যা, ভাস্কর্য, স্থাপত্য, সংগীত, কবিতা আদি সকলো হ’ল কলা বিদ্যা। এজন ব্যক্তিৰ গুণ-গৰিমা, কৌশল, জ্ঞান, বিবেক, বৃদ্ধিৰ জৰিয়তে কোনো এটা বিষয়ৰ ওপৰত বিশেষ পাৰ্গতালি অর্জন কৰি সেই বিষয়টোৰ বিশেষজ্ঞ হিচাপে নিজকে প্ৰতিষ্ঠা কৰাই হ’ল কলা। সংগীতজ্ঞ, নতক, কবি সাহিত্যিক, গায়ক আদি সকলোৱে নিজ নিজ কৌশল খটুৱাই নিজ নিজ কলাৰ ক্ষেত্ৰত বিশেষজ্ঞ হিচাপে প্রতিষ্ঠা লাভ কৰে।

এইপিনৰ পৰা আমি ৰাজনীতি বিজ্ঞানক কলা বুলি কোৱাত সন্দেহ থাকিব নোৱাৰে। কাৰণ ৰাজনীতি বিজ্ঞানৰ সমস্যাসমূহ প্রশাসক আৰু ৰাজনীতিজ্ঞসকলে এজন কলাকাৰৰ দৰে নিজ গুণ, শিক্ষা, অভিজ্ঞতা, বুদ্ধিৰ দ্বাৰা সমাধান কৰিব লগা হয়। গতিকে ৰাজনীতিবিজ্ঞানৰ নীতি প্রস্তুতি, আইন প্রণয়ন, সিদ্ধান্ত গ্রহণক চিত্রকলা, নৃত্যকলা, সুৰ, লয়, ধ্বনিৰ লগত তুলনা কৰিব পাৰি। এখন ৰাষ্ট্ৰৰ প্ৰশাসকসকলে এজন সুনিপুণ গায়ক কলাকাৰৰ দৰে কোন সময়ত কোন সমস্যাত কেনে ধৰণৰ গান গাব লাগিব অর্থাৎ কি ব্যৱস্থা হাতত ল’ব লাগিব গান গাওঁতে কি সুৰত গাব লাগিব, অর্থাৎ কি পদ্ধতি গ্রহণ কৰিব লাগিব, কি কি বাদ্যযন্ত্ৰৰ লগত গান পৰিৱেশন কৰিব লাগিব অর্থাৎ কোন ব্যক্তি, অনুষ্ঠান, সংস্থাৰ লগত আলোচনা কৰিব লাগিব, বাদ্যযন্ত্ৰসমূহৰ লগত কেনেকৈ তাল-মান বজাই ৰাখিব লাগিব, অর্থাৎ এই ব্যক্তি, অনুষ্ঠান, সংস্থাবোৰৰ মৰ লগত মত মিলাই কেনেকৈ কাম-কাজ কৰিব লাগিব ইত্যাদি বিষয়ত গায়কজনৰ দৰে নিজৰ অভিজ্ঞতা, কৌশল, বিদ্যা, বুদ্ধি খটুৱাই প্ৰশাসন কার্য পৰিচালনা কৰিব লাগে। তেতিয়হে তেওঁ প্ৰশাসন কার্যত কৃতকার্য হ’ব লাগিব।

এইপিনৰ পৰা দেখা যায় যে গান পৰিৱেশন কৰা বা এটা নৃত্য পৰিৱেশন কৰা, এটা কবিতা লিখা বা ৰংগমঞ্চত এটা চৰিত্ৰৰ ভূমিকা গ্ৰহণ কৰাতকৈয়ো এজন প্ৰশাসকৰ দায়িত্ব বেছি। সুৰ, তাল, মান বজাই ৰাখি এজন প্রশাসকে যদি কার্য পালন কৰিব নোৱাৰে তেওঁ সমালোচনাৰ সন্মুখীন হ’ব লাগিব। আনহাতে গান পৰিৱেশন কৰা প্রশাসন কার্য পৰিচালনাতকৈ অধিক সহজ কাম। সেয়েহে কলাকাৰ হিচাপে প্রশাসকসকল সদায় অতি সাৱধান হ’ব লাগে যাতে তেওঁলোকে জনসাধাৰণৰ সমালোচনাৰ সন্মুখীন হ’ব নালাগে। মুঠৰ ওপৰত এজন কলাকাৰতকৈ এজন প্রশাসকসকলৰ দায়িত্ব অতি বেছি। এইপিনৰ পৰা আমি ৰাজনীতিবিজ্ঞানক কলা বুলি ক’ব পাৰো। কাৰণ ৰাজনীতিবিজ্ঞানৰ বিভিন্ন সমস্যাৱলী প্রশাসকসকলে এজন সুনিপুণ কলাকাৰৰ দৰে পালন কৰিবলগীয়া হয়।

নাগৰিকৰ মনত জাতীয় চৰিত্ৰ জগাই তোলা, জাতীয়তাৰ ভাব জগাই তোলা, সুনাগৰিক হিচাপে গঢ়ি তোলা, ৰাজনৈতিক চেনতাবোধ জগাই তোলা, জনমত গঠন কৰা আদিও ৰাজনীতিবিজ্ঞানৰ দায়িত্ব। এইক্ষেত্ৰত ৰাজনীতিবিজ্ঞানে কলাকাৰৰ দৰে ভূমিকা গ্ৰহণ কৰিব লাগে। ৰাজনীতিবিজ্ঞানৰ মূল উদ্দেশ্য হ’ল জনসাধাৰণক সুনাগৰিক হিচাপে গঢ়ি তোলা। এই ৰাজনীতি বিজ্ঞানে বিভিন্ন জ্ঞান, বুদ্ধি, বিদ্যাৰ জৰিয়তে জনসাধাৰণক এজন কলাকাৰৰ দৰে ভূমিকা গ্ৰহণ কৰি সুনাগৰিক হিচাপে গঢ়ি তুলিবলৈ প্ৰচেষ্টা হাতত ল’ব লগা হয়। ৰাজনীতিবিজ্ঞানৰ আন এটা উদ্দেশ্য হ’ল চৰকাৰ, প্রশাসক আৰু জনসাধাৰণৰ আচৰণ অধ্যয়ন কৰা। এইক্ষেত্ৰতো ৰাজনীতি বিজ্ঞানৰ জৰিয়তে এজন কলাকাৰৰ দৰে জনসাধাৰণৰ আচৰণ অধ্যয়ন কৰিব লগা হয়। সেয়ে ৰাজনীতিবিজ্ঞানক আমি কলা বুলি আখ্যা দিব পাৰো।

মুঠৰ ওপৰত ৰাজনীতিবিজ্ঞান হ’ল বিজ্ঞান আৰু কলাৰ সংমিশ্রণ। এফালে যেনেকৈ ৰাজনীতিবিজ্ঞানক বিজ্ঞান বুলি আখ্যা দিব পাৰি। আনফালে ইয়াক কলা বুলিও ক’ব পাৰি। অতি সূক্ষ্মভাবে লক্ষ্য কৰি ক’ব পাৰি যে ৰাজনীতিবিজ্ঞান এবিধ বিজ্ঞান কিন্তু ইয়াক অধিকভাৱে কলা বুলি আখ্যা দিব পাৰি।

8. Discuss the historical approach an approach to political theory. 

Ans: ঐতিহাসিক দৃষ্টিভংগী (Historical Approach) :

ঐতিহাসিক দৃষ্টিভংগীক পৰম্পৰাগত দৃষ্টিভংগীৰ অন্যতম বুলি মানি লোৱা হয়। তথ্য আৰু প্ৰমাণৰ ভিত্তিত অতীতৰ ঘটনাসমূহৰ বিশ্লেষণাত্মক মূল্যায়ন আৰু সাম্প্রতিক কালৰ ৰাজনৈতিক সমস্যা আৰু কাজ-কর্ম সম্পর্কে সম্ভাব্য সমাধান আৰু ধাৰণাত উপনীত হোৱাকে ঐতিহাসিক দৃষ্টিভংগী বুলি কোৱা হয়। বুৰঞ্জীবিদসকলে বর্ণনামূলক পদ্ধতিৰে ইতিহাসৰ বিশ্লেষণ কৰে। এলান বলৰ মতে বুৰঞ্জীবিদসকলে নিজৰ বুদ্ধিমত্তা আৰু জ্ঞানৰ বলত বুৰঞ্জীৰ অগণিত তথ্যৰ মাজৰ পৰা সাৰ অংশক বাছি লৈ অতীত ঘটনাৱলীৰ পৰ্যবেক্ষণ কৰে আৰু অতীত আৰু বৰ্তমানৰ মাজত থকা অন্তর্নিহিত সম্পর্কে বিশ্লেষণ কৰে।

ঐতিহাসিক দৃষ্টিভংগীৰে বুৰঞ্জীমূলক ঘটনাসমূহ অধ্যয়ন কৰি যি সাধাৰণীকৰণ কৰা হয় সিয়ে ভৱিষ্যতৰ ৰাজনীতিৰ পথ প্ৰদৰ্শকৰূপে কাম কৰে। গতিকে বৰ্তমানৰ ৰাজনীতি ঐতিহাসিক পটভূমি সম্পর্কে বিতং জ্ঞান নাথাকিলে ৰাজনীতি বিজ্ঞানীসকলে সাম্প্রতিক কালৰ ৰাজনৈতিক প্ৰক্ৰিয়াৰ সম্যক জ্ঞান আহৰণ কৰিবলৈ সমৰ্থ নহ’ব। অনুৰূপে, ৰাজনীতিত লিপ্ত লোক আৰু কৰ্ণধাৰসকলেও এই জ্ঞান অবিহনে বহুত সমস্যাৰ সমাধান উলিয়াবলৈ অপাৰগ হ’ব।

ঐতিহাসিক দৃষ্টিভংগীৰ কিছু দুর্বলতা নথকা নহয়। বহু সময়ত এই দৃষ্টিভংগী প্ৰয়োগ কৰা গৱেষকসকলে নিৰপেক্ষ পণ্ডিতৰ ভূমিকা নলৈ পক্ষপাতমূলক ভূমিকা লোৱাও দেখা যায়। বুৰঞ্জীৰ সঠিক সমল গোটোৱা আৰু সেইবোৰৰ ভিত্তিত নিৰপেক্ষ সিদ্ধান্ত গ্ৰহণ কৰিব পৰাটোৰ ওপৰতে এই দৃষ্টিভংগীৰ যথাৰ্থতা নিৰ্ভৰ কৰে। বহু সময়ত উদ্দেশ্য প্রণোদিতভাৱেও বুৰঞ্জীক বিকৃত কৰা ঘটনা ঘটিছে। এনে ঘটনাৰ কাৰণে কীৰ্তিচন্দ্ৰ বৰবৰুৱাই ‘চকৰীফেঁটী’ৰ লগতে ভালেকেইখন শুদ্ধ বুৰঞ্জীও হেনো পুৰি ছাই কৰিছিল। ভাৰত বিভাজনৰ ওপৰত লিখা বুৰঞ্জীসমূহৰ মাত্ৰ কেইখনমানহে নিৰপেক্ষ বুলি ক’ব পাৰি। গতিকে বুৰঞ্জীৰ সমল নির্বাচন আৰু তাৰ নিৰপেক্ষ বিশ্লেষণ অতি সাৱধানেৰে কৰাটো অতি আৱশ্যকীয়।

ৰাজনীতিৰ ফলপ্ৰদ আলোচনাৰ বাবে ঐতিহাসিক পটভূমি অতিকৈ প্রয়োজনীয়। কিন্তু ঐতিহাসিক সমলৰ নিৰ্ভৰযোগ্যতা ভালদৰে বিচাৰ বিবেচনা কৰিহে গ্ৰহণ কৰা যুগুত। বাস্তৱক্ষেত্ৰত এই দৃষ্টিভংগীৰে ৰাজনীতি বিজ্ঞান কিমান দূৰ লাভৱান হৈছে, সেই লৈয়ো প্রশ্ন উঠিছে। বহু সময়ত ৰাজনৈতিক ঘটনাৰ সামাজিক, অর্থনৈতিক কাৰণবোৰৰ বিজ্ঞানসন্মত বিশ্লেষণৰ সলনি ৰাজনীতি বিজ্ঞানীসকলৰ অধিক সংখ্যকেই পক্ষপাতমূলক ব্যাখ্যা আগবঢ়োৱাৰ প্ৰৱণতা দোষত দোষী।

যেনে— ইংৰাজ বুৰঞ্জীবিদসকলৰ সৰহ সংখ্যকেই ইংৰাজ জাতিৰ শ্ৰেষ্ঠতা প্রতিপন্ন কৰিবলৈ গৈ এসময়ত ভাৰত বুৰঞ্জী বিকৃত কৰিছিল। এনে ঘটনা সর্বত্র ঘটিছে। সুনির্দিষ্ট, নিৰপেক্ষ আৰু নিকপকপীয়া আলোচনাৰ পদ্ধতি গঢ়ি তুলিব নোৱাৰিলে ঐতিহাসিক দৃষ্টিভংগী বহু সময়ত বিপদজনকো হ’ব পাৰে। হিটলাৰৰ সময়ত সেয়ে হৈছিল। গতিকে অতি সাৱধানেৰে এই দৃষ্টিভংগী ৰাজনীতি বিজ্ঞান অধ্যয়নত প্ৰয়োগ কৰা উচিত।

ঐতিহাসিক দৃষ্টিভংগীৰ বৈশিষ্ট্য:

ঐতিহসিক দৃষ্টিভংগী পৰ্যালোচনা কৰিলে ইয়াৰ কিছুমান বৈশিষ্ট্যলৈ আঙুলিয়াব পাৰি—

(ক) অনুষ্ঠানকেন্দ্রিক: ঐতিহাসিক দৃষ্টিভংগী অনুষ্ঠানকেন্দ্রিক।

ই মূলতঃ ৰাষ্ট্ৰ আৰু ৰাজনৈতিক অনুষ্ঠানবোৰৰ বিষয়ে আলোচনা কৰে।

(খ) বর্ণনাত্মক: ঐতিহাসিক দৃষ্টিভংগী বহু পৰিমাণে বৰ্ণনাত্মক। ই বিভিন্ন ঘটনাৰ উদ্ভৱ বিকাশ আদিবোৰ বৰ্ণনা কৰে। এই দৃষ্টিভংগীৰ সমর্থকসকলে নানা উৎসব পৰা তথ্য আদি গ্ৰহণ কৰি নিজৰ বুদ্ধি বিবেচনাৰ জৰিয়তে সেইবিলাকৰ ব্যাখ্যা দাঙি ধৰে।

(গ) পর্যবেক্ষণমূলক: ঐতিহাসিক দৃষ্টিভংগীৰ সিদ্ধান্তবোৰ পৰ্যবেক্ষণৰ দ্বাৰা গৃহীত। ইয়াত পূর্ব পৰিকল্পনা বা কল্পনাৰ স্থান কম। অতীতৰ বিভিন্ন ঘটনাৰ পৰ্যবেক্ষণ কৰি তাৰ পৰাহে সাধাৰণীকৰণ কৰি সিদ্ধান্ত গ্ৰহণ কৰা হয়।

(ঘ) অধিক বুৰঞ্জী প্ৰৱণতা: ঐতিহাসিক দৃষ্টিভংগীৰ সমর্থকসকলে অধিক বুৰঞ্জী প্ৰৱণতাক সমৰ্থন কৰে। ইয়াৰ মূল লক্ষ্য হ’ল বুৰঞ্জীৰ সহায়ত ৰাজনীতি বিজ্ঞানৰ আলোচনা কৰা। অতীতৰ পৰিঘটনাৰ ভিত্তিতহে বৰ্তমানৰ ব্যাখ্যা আগবঢ়োৱা হয়। এই তত্বব প্রবক্তাসকলৰ মতে, ‘One can know the origin and development of the existing political institution only from history and that knowledge of the origin and development of the institution are essential for future action.’

(ঙ) আগমণাত্মক পদ্ধতিৰ প্ৰয়োগ : ঐতিহাসিক দৃষ্টিভংগীৰ প্রবক্তাসকলে ৰাজনৈতিক অধ্যয়ন তথা বিশ্লেষণৰ বাবে আগমনাত্মক পদ্ধতিৰ প্ৰয়োগ কৰে। এওঁলোকে বিভিন্ন বিশেষ ঘটনাৰ পৰ্যবেক্ষণ কৰিহে এক সাধাৰণ তত্ত্ব প্রতিষ্ঠা কৰে।

ঐতিহাসিক পদ্ধতিৰ দোষ :

ৰাজনীতি বিজ্ঞান অধ্যয়নৰ বাবে গ্ৰহণ কৰা ঐতিহাসিক পদ্ধতিৰ ভালেমান সীমাবদ্ধতা আছে। যেনে—

১। ঐতিহাসিক পদ্ধতিৰ প্ৰধান সীমাবদ্ধতা হ’ল ইয়াৰ ইতিহাস প্ৰৱণতা। ইতিহাসৰ ভিত্তিত নিৰ্ণয় কৰা সকলো সিদ্ধান্তই সুফলদায়ক নহয়। কিয়নো বহু সময়ত ঐতিহাসিক অনুসন্ধান ধর্মীয় বিশ্বাস বর্ণগত ধাৰণা বা নানা ধৰণৰ আৱেগিক উপাদানেৰে প্ৰভাৱান্বিত হ’ব পাৰে। লর্ড ব্ৰাইচৰ মতে, ‘Historical investigation may be influenced by religious belief, racial prejudices and many other emotional features.'”

২। ঐতিহাসিক মতবাদে ইতিহাসৰ ভিত্তিত বৰ্তমানৰ ধাৰণা আলোচনা কৰোতে পৰিস্থিতিৰ ওপৰত গুৰুত্ব প্রদান নকৰে। যাৰ ফলত ইয়াৰ সৰহভাগ সিদ্ধান্তই অকার্যকৰী হয়।

৩। ঐতিহাসিক মতবাদে বর্ণনাতহে অধিক গুৰুত্ব দিয়ে। বিশ্লেষণত নহয়। যাৰ বাবে অধ্যয়নৰ এক পদ্ধতি হিচাপে ইয়াৰ মূল্য কমিছে।

ঐতিহাসিক মতবাদৰ গুৰুত্ব :

ঐতিহাসিক মতবাদৰ ভালেমান ত্রুটি থাকিলেও বিভিন্ন দিশত ইয়াৰ অৱদান স্বীকাৰ কৰিব লগা হয়। বিশেষকৈ ঐতিহাসিক দৃষ্টিভংগীয়ে বিভিন্ন ৰাজনৈতিক অনুষ্ঠান আৰু ঘটনাসমূহৰ জন্ম বৃত্তান্তবোৰ জনাত সহায় কৰে। এইটো সকলোৱে স্বীকাৰ কৰে যে ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰাৰ ক্ষেত্ৰত বুৰঞ্জীৰ এক বিশেষ অৱদান আছে। পৰিশেষত ক’ব পাৰি যে ঐতিহাসিক মতবাদে সম্পূর্ণরূপে ৰাজনীতি বিজ্ঞান অধ্যয়নৰ সহায় কৰিব নোৱাৰিলে ই বিভিন্ন ঘটনা বিশ্লেষণ পৰ্যবেক্ষৰ লগতে ভৱিষ্যতে ল’বলগীয়া সিদ্ধান্ত সম্পর্কেও কিছু আভাস দিবলৈ সক্ষম হৈছে।

8. Discuss the Philosophical approach an approach to political theory.

Ans: দার্শনিক দৃষ্টিভংগী (Philosophical Approach) : প্রাচীন গ্ৰীচৰ দার্শনিক প্লেটোৰ দিনৰে পৰ এই দার্শনিক পদ্ধতিৰে ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰাৰ নিয়মৰ প্ৰচলন হৈ আহিছে। ৰুছো, হেগেল, কাণ্ট, মিল, লক, চিডউইক আদি লেখকেও এই পদ্ধতি অনুসৰণ কৰিছিল। দর্শনিক দৃষ্টিভংগী নির্গমন (Deductive) ধর্মীয় পদ্ধতি। ৰুছো, হেগেলে সম্পূৰ্ণৰূপে এই দৃষ্টিভংগীৰে ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰিছিল। এই পদ্ধতিত এলানি সাধাৰণ সত্য আৰু অনুমানৰ পৰা নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হ’বলৈ চেষ্টা কৰা হয়। ৰাষ্ট্ৰৰ প্ৰকৃতি, কাৰ্যাৱলী আৰু উদ্দেশ্য সম্পর্কে এক অমূর্ত আদৰ্শৰ পৰা ইয়াৰ বিচাৰ বিশ্লেষণ আদি কৰিব বিচঙ্গৰে। মানুহৰ কিছুমান প্ৰকৃতি স্বতঃসিদ্ধ বুলি ধৰি লৈ ৰাজনৈতিক অনুষ্ঠানবোৰৰ প্ৰকৃতি নিৰ্ধাৰণ কৰিছিল। মুঠতে, দার্শনিক দৃষ্টিভংগীয়ে সমাজৰ আদৰ্শ আৰু আশা-আকংক্ষাৰ ভিত্তিত

ৰাজনৈতিক সমস্যাৱলী অধ্যয়ন কৰিব বিচাৰে। প্লেটের ‘ৰিপাব্লিক’ (Republic) আৰু থমাচ মুৰৰ ‘ইউটোপীয়’ (Utopia) গ্রন্থ দুখন দার্শনিক কল্পনাৰ ভিত্তিত ৰচনা কৰা গ্ৰন্থ আছিল। এই দৃষ্টিভংগী প্রকৃত বাস্তববাদী দৃষ্টিভংগী নহয় কাৰণ ই অবৈজ্ঞানিক, অবাস্তব, অমূর্ত অনুমানৰ ওপৰত ভিত্তিশীল। মানুহৰ ৰাজনৈতিক জীৱনৰ প্ৰকৃত জ্ঞান বাস্তববাদী আৰু আদর্শবাদী জীৱনৰ সংমিশ্ৰণতহে লাভ কৰিব পাৰি। দার্শনিক দৃষ্টিভংগীৰ সমৰ্থকসকলে যুক্তিৰ পৰিৱর্তে কল্পনাৰ ওপৰত অত্যধিক গুৰুত্ব আৰোপ কৰাৰ কাৰণে ৰাজনীতি বিজ্ঞানৰ অধ্যয়ন ভাববাদী হৈ যোৱা দেখিবলৈ পোৱা যায়।

দার্শনিক দৃষ্টিভংগীৰ বৈশিষ্ট্য :

দার্শনিক দৃষ্টিভংগী আলোচনা কৰিলে ইয়াৰ কেতবোৰ বৈশিষ্ট্যলৈ আঙুলিয়াব পাৰি—

(ক) দার্শনিক দৃষ্টিভংগী হ’ল ৰাজনীতি বিজ্ঞান অধ্যয়নৰ আটাইতকৈ পুৰণি দৃষ্টিভংগী।

(খ) দার্শনিক দৃষ্টিভংগীয়ে ৰাজনৈতিক তত্ত্ব আৰু ৰাজনৈতিক দর্শনক অভিন্ন জ্ঞান কৰে।

(গ) আদৰ্শ জীৱন আৰু সমাজ পদ্ধতি প্রতিষ্ঠাই ইয়াৰ লক্ষ্য। ডাইকৰ (Dyke) মতে, “The object of philosophical inquiry is to establish standard of good the right and the just.” 

(ঘ) এই দৃষ্টিভংগীয়েঅধ্যয়নৰ বাবে নিগমাত্মক পদ্ধতি ব্যৱহাৰ কৰে অৰ্থাৎ এটা সাধৰণ বা সৰ্বব্যাপি নীতিৰ পৰা ব্যক্তিগত বা বিশেষ কথালৈ যুক্তিৰ দ্বাৰা প্ৰতিষ্ঠা কৰা ।

(ঙ) এওঁলোকে পূর্ব পৰিকল্পিত সিদ্ধান্তৰ দ্বাৰা ৰাষ্ট্ৰ আৰু ৰাজনৈতিক জীৱনৰ সাৰ্বজনীন মূল্যবোধ নির্ণয় কৰি তাৰ ভিত্তিত ৰাষ্ট্ৰ আইন আৰু নাগৰিকৰ অধিকাৰ আদি সম্পর্কে ব্যাখ্যা আগবঢ়ায়।

(চ) এই দৃষ্টিভংগীয়ে অধ্যয়নৰ বিষয়ত অন্তর্ভুক্ত কৰা বিভিন্ন ধাৰণার অর্থ স্পষ্ট কৰাত সহায় কৰে। ডাইক (Dyke)ৰ মতে “A Philosophical analysis is an effort to clarify thought about the nature of the subject and about ends and means in studying it.”

দার্শনিক দৃষ্টিভংগীৰ সীমাবদ্ধতা :

ৰাজনীতি বিজ্ঞান অধ্যয়নৰ দার্শনিক দৃষ্টিভংগীৰ ভালেমান দিশ সীমাবদ্ধতা থকা দেখা যায়—

(ক) দার্শনিক দৃষ্টিভংগীৰ প্ৰধান সীমাবদ্ধতা হ’ল ইয়াৰ কল্পনা প্রসূত দিশ। ই যথেষ্ট অবাস্তব নীতিৰ ওপৰত প্রতিষ্ঠিত হোৱাৰ লগতে আগবঢ়োৱা তত্ত্ববোৰো বাস্তৱত অকার্যকৰী যাৰ বাবে ইয়াৰ প্ৰয়োগিক মূল্য একেবাৰে কম।

(খ) এই দৃষ্টিভংগীৰ আন এক দোষ হৈছে ই পৰিৱেশ আৰু ব্যক্তিৰ আচৰণৰ ওপৰত গুৰুত্ব প্রদান নকৰাতো। ই কিছুমান গুরুত্বপূর্ণ বিষয় অধ্যয়ন কৰে যদিও সাধাৰণ দিশ কিছুমানক আওকাণ কৰা দেখা যায়।

(গ) দার্শনিক পদ্ধতিৰ আন এক দোষ হ’ল সাৰ্বজনীনতাৰ অভাব। তত্ব হিচাপে কোনো দৃষ্টিভংগী প্রতিষ্ঠা হ’বলৈ হ’লে সাৰ্বজনীনতাৰ দৰকাৰ যদিও দার্শনিক দৃষ্টিভংগীৰ প্ৰবক্তাসকলে কোনো সার্বজনীন তত্ব দাঙি ধৰিব পৰা নাই।

দার্শনিক দৃষ্টিভংগীৰ গুৰুত্ব :

দার্শনিক দৃষ্টিভংগীৰ কিছু সীমাবদ্ধতা থাকিলেও ইয়াৰ অৱদানক দলিয়াই পেলাব পৰা বিধৰ নহয়। ভালেমান ক্ষেত্ত ইয়াৰ মূল্য থকা দেখা যায়। যেনে

(ক) দার্শনিক পদ্ধতি হ’ল ৰাজনীতি বিজ্ঞানক পদ্ধতিগতভাৱে আলোচনা কৰা প্ৰথম দৃষ্টিভংগী। ইয়াৰ ভিত্তিতহে পৰৱৰ্তী সংস্কৰণবোৰ আৰম্ভ হৈছে।

(খ) দার্শনিক তত্বৰ বাস্তৱ মূল্য কম হ’লেও ই ভাল বেয়া, উচিত অনুচিত আদি নিৰ্ধাৰণ কৰি প্ৰকৃত পথৰ সন্ধান দিয়াত অৰিহণা যোগাইছে।

(গ) এলাম বলৰ মতে, দার্শনিক পণ্ডিতসকল অকল পূৰ্ব ধাৰণাৰ দ্বাৰা পৰিচালিত হোৱা নাছিল। তেওঁলোকে বাস্তৱ অভিজ্ঞতাৰ ভিত্তিত ৰাজনৈতিক সিদ্ধান্তত উপনীত হৈছিল। হবচ, লক, ৰুছো আদিয়ে সমকালীন ৰাজনৈতিক জীৱনৰ অভিজ্ঞতাৰ পৰা সংগৃহীত তথ্যৰ ভিত্তিত তত্ব আগবঢ়াইছিল।

পৰিশেষত অ’, পি. গৌবাৰ (O.P. Gauba)ৰ মন্তব্য প্রণিধানযোগ্য। তেওঁৰ মতে, “The philosophical approach does not simply rely on the political thought of the past. It is a subject of the current and Continuous debate.”

9. Discuss the Classical Political theory in the evolution of political theory.

Ans: ধ্রুপদী ৰাজনৈতিক তত্ত্ব (Classical Political Theory): ধ্রুপদী পৰম্পৰাত ৰাজনৈতিক তত্ত্ব অধ্যয়নৰ বিষয়ৰ লগত জড়িত আছিল। তত্ত্বৰ এই তিনিটা বিভাজন বিষয়বস্তু অধ্যয়নৰ দৃষ্টিভংগীৰ (Thematic) লগত জড়িত। ধ্রুপদী আৰু আধুনিক ৰাজনৈতিক তত্ত্বৰ বিভাজন পৰম্পৰাগত দৃষ্টিভংগী আৰু বৈজ্ঞানিক দৃষ্টিভংগী গ্ৰহণৰ ওপৰত নিৰ্ভৰ কৰি গ্ৰহণ কৰা হৈছে। ধ্রুপদী ৰাজনৈতিক তত দর্শনে প্রাধান্য বিস্তাৰ কৰে কিন্তু আধুনিক ৰাজনৈতিক তত্ত্বত বিজ্ঞান, অভিজ্ঞতা আদিয়ে প্রাধান্য বিস্তাৰ কৰে।

গ্রীক দার্শনিক চক্ৰেটিছ আৰু প্লেটোৱে ধ্রুপদী ৰাজনৈতিক তত্ত্বত গুৰুত্ব দি আদর্শক আগস্থান দিছিল। কিন্তু এৰিষ্টটলে প্রাচীন কালতে বৈজ্ঞানিক আলোচনাত গুৰুত্ব দিছিল। কিন্তু লিও ষ্ট্ৰছে আধুনিক যুগতে দৰ্শনৰ উপযোগিতাৰ ওপৰত গুৰুত্ব দিছে। অন্যহাতেদি সকলো আধুনিক ৰাজনৈতিক তত্ত্ব সম-সাময়িক ৰাজনৈতিক তত্ত্ব নহয়। কিন্তু সৰহভাগ সমসাময়িক ৰাজনৈতিক তত্ত্বই আধুনিক ৰাজনৈতিক তত্ত্ব। আধুনিক ৰাজনৈতিক তত্ত্ব অভিজ্ঞতাবাদ আৰু বৈজ্ঞানিক ভিত্তিত প্রতিষ্ঠিত। কিন্তু সমসাময়িক ৰাজনৈতিক তত্ত্ব দার্শনিক আৰু বুৰঞ্জীমূলক। আধুনিক ৰাজনৈতিক তত্ত্ব সময় সাপেক্ষ কিন্তু সমসাময়িক ৰাজনৈতিক তত্ত্ব ভৱিষ্যত সম্পৰ্কীয়। সমসাময়িক ৰাজনৈতিক তত্ত্বই ধ্রুপদী আৰু আধুনিক ৰাজনৈতিক তত্ত্বৰ মাজত সমন্বয় সাধনৰ প্ৰচেষ্টা চলায়।

ধ্রুপদী ৰাজনৈতিক তত্ত্বই প্রাচীন গ্রীক সংস্কৃতিত প্ৰাণ পাই উঠিছিল। চক্ৰেটিছ, প্লেটো, এৰিষ্টটলৰ লেখনিত ধ্রুপদী ৰাজনৈতিক তত্ত্বৰ বৈশিষ্ট্য দেখা যায়। দার্শনিক চিন্তধাৰা আদৰ্শাত্মক ধাৰণা, ভাল-বেয়া, শুদ্ধ-অশুদ্ধৰ চিন্তাধাৰা, সৎ গুণৰ ওপৰত এইসকলে গুৰুত্ব প্ৰদান কৰিছিল। উনৈশ শতিকাৰ আৰম্ভণিলৈকে এনে ধ্রুপদী ৰাজনৈতিক তত্ত্ব প্রচলন আছিল। শ্বেলডন অলিনৰ মতে ধ্রুপদী বাজনৈতিক তত্ত্বৰ কিছুমান মাপকাঠি আছে। সেইবোৰ হ’ল—

(১) ধ্রুপদী ৰাজনৈতিক তত্ত্বই মানৱ জাতিৰ লগত জড়িত বিবয়বোৰৰ ওপৰত এক প্রণালীৱদ্ধ অনুসন্ধানৰ জৰিয়তে উপযুক্ত জ্ঞান অর্জন কৰা বুজায়। সমাজত প্ৰচলিত বিশ্বাসৰ এক যুক্তিপূৰ্ণ আৰু দার্শনিক ভেটি এনে ৰাজনৈতিক তত্ত্বই গঢ় দিব বিচাৰে। প্লেটোৱে ন্যায় কি এই বিষয়ত সমাজত প্ৰচলিত ধাৰণাৰ দার্শনিক অনুসন্ধান কৰিছিল।

(২) ধ্রুপদী ৰাজনৈতিক তত্ত্বই মানুহে উমৈহতীয়াভাৱে অংশগ্রহণ কৰা বিষয়বস্তু বা ধাৰণাৰ লগত ৰাজনীতিক জড়িত কৰিছিল। গ্রীক শব্দ Polis, ৰোমান শব্দ Res-Publica মধ্যযুগত ব্যৱহৃত হোৱা শব্দ Commonweal এ সংগৱদ্ধভাৱে থকা জনসাধাৰণৰ উমৈহতীয়া বিষয়ক বুজাইছিল।

(৩) এনে তত্ত্বই সামগ্রিকভাৱে ৰাষ্ট্ৰৰ (Polis) বিভিন্ন কাৰ্যৰ লগতে ৰাষ্ট্ৰ গঠন কৰা জনসমষ্টিৰ গুৰুত্ব অধ্যয়ন কৰে। ৰাষ্ট্ৰৰ বিভিন্ন সংগঠন, চৰকাৰ, বিভিন্ন কার্যকলাপ যেনে— শাসন ব্যৱস্থা, শিক্ষা, যুদ্ধ, ধর্মীয় অভ্যাস, সামগ্রী উৎপাদন ইত্যাদি বিষয়ত তত্ত্বই অধ্যয়ন কৰি মতামত ব্যাখ্যা কৰে। কর্তৃপক্ষ আৰু জনসাধাৰণৰ, সামাজিক শ্ৰেণীৰ মাজৰ, উৎকৃষ্ট আৰু নিকৃষ্ট মাজৰ সম্পৰ্ক অধ্যয়ন কৰা লগতে ঈশ্বৰ, ন্যায়, সমতা, প্ৰকৃতিৰ আইন ইত্যাদিৰ বিষয়ত ধ্রুপদী ৰাজনৈতিক তত্ত্বই আলোচনা আৰু ব্যাখ্যা আগবঢ়ায়।

(৪) ৰাজনৈতিক তত্ত্বই ৰাষ্ট্ৰৰ অধ্যয়ন কৰাৰ লগতে ৰাষ্ট্ৰ সুস্থিৰতাৰ বাবে, বিপ্লৱ বা সংঘাত দূৰ কৰিবৰ বাবে, অৰাজকতা দূৰ কৰিবৰ কাৰণে বিভিন্ন নীতি আৰু আদৰ্শৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল। ধ্রুপদী ৰাজনৈতিক তত্ত্বই আদৰ্শ ৰাষ্ট্ৰ, ৰাজনৈতিক সম্প্ৰদায়ক সুস্থ পৰিচালনাৰ বাবে ন্যায় তত্ত্বৰ ওপৰত গুৰুত্ব দিছিল। মেকিয়াভেলিয়ে ৰাষ্ট্ৰ পৰিচালনা তত্ত্ব আগবঢ়াইছিল।

(৫) ধ্রুপদী ৰাজনৈতিক তত্ত্বই বিভিন্ন অনুষ্ঠানৰ তুলনামূলক অধ্যয়ন কৰি গ্ৰহণযোগ্য বিকল্পৰ সন্ধান কৰিছিল। এৰিষ্টটলে সেই সময়ৰ প্ৰচলিত বিভিন্ন ৰাষ্ট্ৰৰ সংবিধানৰ তুলনামূলক অধ্যয়ন কৰি গ্ৰহণযোগ্য সংবিধানৰ আলোচনা কৰিছিল। বিভিন্ন প্ৰকাৰৰ চৰকাৰ- ৰাজতন্ত্র, অভিজাততন্ত্র, গণতন্ত্ৰ আৰু ইয়াৰ লগত বিভিন্ন চৰকাৰৰ তুলনামূলক অধ্যয়ন কৰা হৈছিল। আইন, নাগৰিকত্ব, ন্যায়, কর্তৃত্ব ইত্যাদি ধাৰণা ব্যাখ্যা কৰি গ্রহণযোগ্য নীতিৰ সন্ধান কৰিছিল।

(৬) ধ্ৰুপদী ৰাজনৈতিক তত্ত্ব নৈতিকতাৰ লগত জড়িত আছিল। বিষয়সমূহ নৈতিক দৃষ্টিভংগীৰে আলোচনা কৰা হৈছিল। আগষ্টাইন, একুইনাচে ধৰ্ম আৰু নৈতিকতাৰ ভিত্তিত তত্ত্ব আলোচনা কৰিছিল। নৈতিকতাৰ ওপৰত ভিত্তি কৰি প্লেটোৱে আদৰ্শ ৰাষ্ট্ৰৰ ধাৰণা প্ৰকাশ কৰিছিল। বিভিন্ন সংবিধান ব্যাখ্যা কৰি বিশেষ পৰিবেশত কেনে সংবিধান গ্রহণযোগ্য হ’ব তাৰ সন্ধান কৰিছিল।

ধ্রুপদী ৰাজনৈতিক তত্ত্ব কম বেছি পৰিমানে দার্শনিক, আদর্শমূলক আৰু নৈতিক। লগতে এনে তত্ত্ব ঐতিহাসিক।

10. Discuss the Modern Political theory in the evolution of political theory.

Ans: আধুনিক ৰাজনৈতিক তত্ত্ব: আধুনিক ৰাজনৈতিক তত্ত্ব ১৮ আৰু ১৯ শতিকাৰ পাশ্চাত্যৰ পৰিৱৰ্তিত সময়ে সৃষ্টি কৰা সমস্যাৰ উপযুক্ত সমাধান ধ্রুপদী ৰাজনৈতিক তত্ত্বই কৰিব নোৱাৰে বুলি অনুভৱ কৰি আধুনিক ৰাজনৈতিক তত্ত্ব গঢ় লৈ উঠিল। আধুনিক ৰাজনৈতিক তত্ত্বক আনুষ্ঠানিক সাংগঠনিক, ধনাত্ম, অভিজ্ঞতাবাদী, আচৰণবাদী আৰু উত্তৰ আচৰণবাদী ধাৰা বুলিও কোৱা হয়। আধুনিক ৰাজনৈতিক তাত্বিকসকলে ধ্রুপদী ৰাজনৈতিক তত্ত্ব অকামিলা বুলি গন্য কৰিবলৈ ধৰিলে। চালচ মেৰিয়াম, ভিঅকে ডহল, লাছৱেল, ডেভিদ ইষ্টোন ইত্যাদি ৰাজনৈতিক চিন্তাবিদসকলে ধ্রুপদী ৰাজনৈতিক তত্ত্বৰ আদৰ্শবাদী, নৈতিকতাবাদী, ঐতিহাসিক মূল্যায়নক আওপুৰণি আখ্যা দি আধুনিক ৰাজনৈতিক তত্ত্বৰ বিকাশ ঘটালে।

তেওঁলোকে ৰাজনীতিৰ জটিলতা বুজিবলৈ আৰু ব্যাখ্যা কৰিবলৈ বৈজ্ঞানিক, আচৰণবাদী আৰু অভিজ্ঞতাবাদী দৃষ্টিভংগীত গুৰুত্ব দিবলৈ ধৰিলে। তেওঁলোকে বাজনৈতিক তত্ত্বত অতীতকৈ বৰ্তমানত মৃত বিষয়তকৈ জীৱন্ত বিষয়ত, দূৰৰ বিষয়তকৈ জলন্ত বিষয়, বিষয়ীতকৈ বস্তুধর্মিতাৰ ওপৰত, দার্শনিক দিশতকৈ বাস্তবিক বিষয়ত, বর্ণনাত্মক বিষয়তকৈ ব্যাখ্যামূলক দিশত, দৃশ্য ধর্মিতার পরিবর্তে প্রক্রিয়াত্মক বা পদ্ধতি বিষয়ত, তাত্ত্বিক তকৈ বৈজ্ঞানিক দিশত গুৰুত্ব দিবলৈ ধৰিলে। তেওঁলোকে ৰাজনীতিক বিজ্ঞানৰূপে, লক্ষ্য পূৰণৰ বাবে, সমস্যা সমাধানৰ বাবে প্রমূল্যবিহীন ভাৱে তত্ত্বক জুখিব পৰা, প্রত্যক্ষ কৰিব পৰা, পর্যবেক্ষণ কৰিব পৰা কাৰ্যকৰী কৰিব পৰা বিষয়ত পৰিণত কৰিব বিচাৰে।

আধুনিক ৰাজনৈতিক তত্ত্ব ধ্রুপদী ৰাজনৈতিক তত্ত্বৰ আদৰ্শমূলক আৰু নৈতিকতাবাদী ধ্যান-ধাৰণাৰ পৰিৱৰ্তে গঢ় লৈ উঠিছে। আধুনিক ৰাজনৈতিক তত্ত্বই ভিন্নমুখী ব্যাপক দৃষ্টিভংগী গ্ৰহণ কৰি আহিছে। এনে তত্ত্বই অনুষ্ঠানিক-সাংগঠনিক, বৈজ্ঞানিক, ইতিবাচক, অভিজ্ঞতাবাদী, আচৰণবাদী, উত্তৰ আচৰণবাদী আনকি মার্ক্সীয় দৃষ্টিভংগী অনুসৰি ৰাজনৈতিক ধ্যান-ধাৰণা আৰু নীতি পর্যালোচনা কৰিছে। ৰাজনীতি বিজ্ঞানৰ গতিপথ নিৰ্ণয় কৰাত এনে তত্ত্বই শক্তিশালী ভূমিকা গ্ৰহণ কৰি আহিছে। ৰাজনীতিৰ ভিন্নমুখী ধাৰা আধুনিক বাজনৈতিক তত্ত্বত প্ৰকাশ পাইছে। আধুনিক ৰাজনৈতিক তত্ত্ববক দুটা বিপৰীতমুখী ভাগত বিভক্ত কৰিব পাৰি―

(১) ব্যক্তিবাদী, মধ্যবিত্ত আৰু বহুত্ববাদীকে ধৰি উদাৰবাদী।আৰু 

(২) দ্বন্দ্বমূলক বস্তুবাদীসকলক ধৰি মাৰ্ক্সবাদী।

ধ্রুপদী ৰাজনৈতিক তত্ত্ববৰপ্ৰতিক্ৰিয়া আৰু প্ৰতিবাদকল্পে ১৫ আৰু ১৬ শতিকাত উদারবাদী পৰম্পৰা আৰুদৃষ্টিভংগী আৰম্ভ হ’ল। তাৰ পিছত আনুষ্ঠানিক সাংগঠনিক স্তৰৰ মাজেদি পথ অতিক্ৰম কৰি বৈজ্ঞানিক ধনাত্মক অভিজ্ঞতাবাদী স্তৰত অৱতীৰ্ণ হ’ল। ইয়াৰ পিছত আচৰণবাদী আৰু উত্তৰ-আচৰণবাদৰ বাবে উদাবাদীসকলে পথ মুকলি কৰি দিলে। কিন্তু মা বাদী ৰাজনৈতিক তত্ত্বই পশ্চিমীয়া ধ্যান ধাৰণাৰ পৰিৱৰ্তে সম্পূর্ণ ওলোটা এক আধুনিক ৰাজনৈতিক তত্ত্ব আগবঢ়ালে।

ঐতিহাসিকভাৱে ক’বলৈ গ’লে পশ্চিমৰ আধুনিক ৰাজনৈতিক তত্ত্ব ধনাত্মক অভিজ্ঞতাবাদৰ ভেটিত গঢ় লৈ উঠিছিল। ইয়াৰ আগতে ধ্রুপদী ৰাজনৈতিক তত্ত্ব দৰ্শন, ইতিহাস আৰু যুক্তিৰ ওপৰত নিৰ্ভৰশীল আছিল। নতুনকৈ গঢ়ি উঠা অভিজ্ঞতাবাদে আগৰ ৰাজনৈতিক তত্ত্বক জ্ঞানৰ বৈধ অনুসন্ধান বুলি স্বীকাৰ কৰা নাছিল। তত্ত্ব লগত অভিজ্ঞতা লব্ধ জ্ঞানবহে সম্পৰ্ক প্ৰমূল্যৰ লগত জড়িত নহয়।

সেইবাবে ধ্রুপদী ৰাজনৈতিক তত্ত্বৰ আদৰ্শ এটা মাত্র ঘোষণাহে। আচৰণবাদেহে পৰিসংখ্যামূলক পদ্ধতিৰে প্ৰণালীবদ্ধ অধ্যয়ন সম্ভব। এনেদৰে আদৰ্শাত্মক ৰাজনৈতিক তত্ত্বৰ স্থানত অভিজ্ঞতাবাদী ৰাজনৈতিক তত্ত্বক ধাৰণা বা ঘটনা বিশেষণৰ আহিলাকপে গ্ৰহণ কৰা হ’ল। উত্তৰ আচৰণবাদ আচৰণবাদৰ পিছৰ পৰ্যায়হে কৰা হ’ল। উত্তৰ আচৰণবাদ আচৰণবাদৰ পিছৰ পৰ্যায়হে।

পশ্চিমীয়া আধুনিক ৰাজনৈতিক তত্ত্বই ধ্রুপদী ৰাজনৈতিক তত্ত্বৰ পিছত গঢ় লৈ উঠিছিল। আধুনিক ৰাজনৈতিক তত্ত্ব কিছুমান বৈশিষ্ট দেখা যায়। সেইবোৰ হ’ল—

(১) সত্য আৰু তথ্যই অধ্যয়নৰ বুনিয়াদ। কোনো ধাৰণা পৰীক্ষা কৰিবৰ কাৰণে তথ্য-পাতি সংগ্ৰহ কৰা হয়।

(২) মানৱ আচৰণ অধ্যয়ন কৰিব পাৰি আৰু আচৰণক সাধাৰণীকৰণ কৰিব পাৰি।

(৩) আধুনিক ৰাজনৈতিক তত্ত্বত বৰ্ণনাৰ ঠাইত পর্ববেক্ষণ, দার্শনিক দৃষ্টিভংগীৰ ঠাইত বিশ্বেণাত্মক দৃষ্টিভংগী, আদৰ্শৰ ঠাইত বৈজ্ঞানিক দৃষ্টিভংগী গ্ৰহণ কৰা হ’ল।

(৪) লত্য আৰু প্ৰমূল্যক পৃথক কৰা হ’ল। কি হোৱা উচিতৰ স্থানত কি হৈ আছে তাৰহে আলোচনাত গুৰুত্ব দিয়া হ’ল। 

(৫) গৱেবণাৰ অধ্যয়নৰ বাবে বাচনি কৰা বিবয় পর্যবেক্ষণ কৰিবপৰা, সংখ্যাৰে বিচাৰ কৰিব পৰা, ব্যাখ্যামূলক হয়। 

(৬) ৰাজনৈতিক কার্যকলাপ সামাজিক, অর্থনৈতিক, ধার্মিক, নৈতিক, মনস্তাত্বিক ইত্যাদি উপাদানে প্রভাবিত কৰে। সেইবাবে আন্তঃবিষয়ী অধ্যয়নত আধুনিক ৰাজনৈতিক তত্ত্বই গুৰুত্ব দিয়ে।

(৭) ৰাষ্ট্ৰ কি, কেনেকৈ আৰু কিয়ৰ এটা কাৰ্যব্যৱস্থা গ্ৰহণ কৰে আধুনিকতত্ত্বই তাৰহে অধ্যয়ন কৰে। বাষ্ট্ৰই কি কৰিছিল তাৰ অধ্যয়ন মূল্যহীন। 

(৮) প্রমূল্য সত্যক সহায় কৰিবৰ বাবেহে প্ৰমূল্যক প্রাধান্য দিবৰ বাবে নহয়। 

অৱশ্যে উত্তৰ-আচৰণবাদী তত্ত্বই অভিজ্ঞতাবাদ, আদর্শাত্মক দিশবোৰৰ মাজত সমন্বয় সাধনৰ প্রচেষ্টা চলায়।

আধুনিক ৰাজনৈতিক তত্ত্বৰ আন এটা দিশ হ’ল মার্ক্সবাদী ৰাজনৈতিক তত্ত্ব। এই তত্ত্বক দ্বন্দ্বমূলক বস্তুবাদ (Dialectical materialism) বা বৈজ্ঞানিক সমাজবাদ বোলা হয়। সমাজৰ বিৱৰ্তনত উৎপাদন ব্যৱস্থাই কেনেকৈ ধনী আৰু দুখীয়া, শোষক আৰু শোষিত শ্ৰেণী সৃষ্টি কৰিছিল, সমাজত বৈষম্য সৃষ্টি কৰিছিল তাৰ বিজ্ঞানাত আধুনিক ব্যাখ্যা দিছে জার্মাণ পণ্ডিত কার্লমার্ক্সে। মার্ক্সক সেইকাৰণে বৈজ্ঞানিক সমাজবাদৰ পিতৃ বোলা হয়। মার্ক্সে তেওঁৰ তত্ত্বত শোষণ আৰু বৈষম্য দূৰ কৰি সমাজবাদ প্রতিষ্ঠা কৰাৰ পথ প্ৰদৰ্শন কৰি থৈ গৈছে। এনে আধুনিক ৰাজনৈতিক তত্ত্বই বাস্তৱ সমাজৰ সমস্যা সমাধানৰ বিকল্প পথ উদ্ভাৱন কৰিছে।

10. Discuss the contemporary Political theory in the evolution of political theory.

Ans: সমসাময়িক ৰাজনৈতিক তত্ত্ব: ৰাজনৈতিক তাত্ববিকসকলে দ্রুত পৰিৱৰ্তিত সমাজ ব্যৱস্থাৰ পৰিপ্ৰেক্ষিতত ১৯৬০ আৰু ১৯৭০ দশকৰ পিছত ৰাজনৈতিক তত্ত্ব পৰিৱৰ্তন বিচাৰিলে। আচৰণবাদ আৰু উত্তৰ আচৰণবাদে বিজ্ঞানৰ ওপৰত অত্যধিক গুৰুত্ব আৰোপ কৰা স্বত্ত্বেও বাস্তৱৰ মুখামুখি হ’ব নোৱাৰিলে। সোনকালে এইটো প্ৰতিপন্ন হ’ল যে ৰাজনৈতিক তত্ত্ব দৰ্শনতকৈ আৰু বিজ্ঞানতকৈ সুকীয়া। দৰ্শনত অধিক গুৰুত্ব দিলে প্রাসংগিকতা হেৰুৱাই আৰু বিজ্ঞানৰ ওপৰত অধিক গুরুত্ব দিলে লক্ষ্য পূৰণত বিফল হয়। আমি সাধাৰণতে তাৎক্ষণিক অতীতৰ পৰা বিছিন্ন হ’ব নোৱাৰো অথচ ইয়াৰ ভিত্তিতে নতুন গঁথনি গঢ়ি তুলিব লাগিব।

যদি ৰাজনৈতিক তত্ত্বই ঘটনা বা ধাৰণা বুজিবলৈ চেষ্টা কৰে তেন্তে ৰাজনৈতিক তত্ত্বই ব্যাখ্যা, অনুসন্ধান আৰু ৰাজনীতিৰ লগত জড়িত বিষয় অনুধাৰণ কৰিব লাগিব। লগতে বিভিন্ন ধাৰণা, মূলনীতি আৰু অনুষ্ঠানে বুজিব লাগিব। সমসাময়িক ৰাজনৈতিক তত্ত্বই ৰাজনীতি বিজ্ঞানক সম্পূর্ণ বিজ্ঞান কৰি গঢ়ি তোলাৰ পৰিৱৰ্তে তাৎক্ষণিক অতীতৰ কিছুমান বৈশিষ্ট্য পুনৰ প্ৰয়োগ কৰাত গুৰুত্ব দিলে।

ৰাজনৈতিক তত্ত্বক পুনৰ গঠন কৰিবৰ বাবে বিয়ান বেৰিয়ে (Brian Barry) অনুষ্ঠান আৰু নীতিৰ মাজত সম্পৰ্ক অধ্যয়ন কৰাত গুৰুত্ব দিলে। জন ৰাউলচ্ John Rawls―’A Theory of Justice 1971) সত্য সন্ধানৰ নিৰৱচ্ছিন্ন প্ৰক্ৰিয়াত গুৰুত্ব দি বৈজ্ঞানিক আৰু অভিজ্ঞতাবাদী পদ্ধতি গ্ৰহণ কৰি ৰাজনৈতিক তত্ত্ব অধ্যয়নৰ পোষকতা কৰিলে। আৰ নজিকে (R. Nozick- ‘Anarchy, State and Utopia 1970’) তেওঁৰ গ্ৰন্থত ৰাষ্ট্ৰই ব্যক্তি স্বাধীনতা কম হস্তক্ষেপ কৰা ধাৰণাটোক পুনৰ উজ্জ্বীৱিত কৰিলে। তেওঁ বিশ্বাস কৰিছিল যে বহু ৰাজনৈতিক সমস্যা ধ্রুপদী আৰু অভিজ্ঞতাবাদী পদ্ধতিৰ সংমিশ্ৰণৰ যোগেদি সমাধান কৰিব পাৰি। ৰাজনৈতিক তত্ত্বত নৈতিকতা আৰু অভিজ্ঞতাবাদী ব্যাখ্যা সহৱস্থান কৰিব পাৰে বুলি প্লেমেনাজে মত প্ৰকাশ কৰিছিল।

ডেভিদ হেল্ডে সমসাময়িক ৰাজনৈতিক তত্ত্বৰ বৈশিষ্ট্যবোৰ উল্লেখ কৰিছে। সেইবোৰ হ’ল—

(১) এনে তত্ত্বই ৰাজনৈতিক চিন্তাধাৰাৰ ইতিহাসক নতুনত্ব প্রদান কৰিছে। ঐতিহাসিক পটভূমিত ৰাজনীতি পৰীক্ষা কৰাত গুৰুত্ব দিয়া হৈছে।

(২) সমসাময়িক ৰাজনৈতিক তত্ত্বই ৰাজনীতি বিজ্ঞানৰ ধাৰণাৰ ব্যাখ্যা কৰাত আৰু সাৰ্বভৌমত্ব, গণতন্ত ন্যায় ইত্যাদি মৌলিক ধাৰণাৰ অৰ্থ আৰু শ্রেণীবিভাজনক গুৰুত্ব দিয়ে। 

(৩) বিমূর্ত তাত্ত্বিক প্রশ্নবোৰ আৰু বিশেষ ৰাজনৈতিক সমস্যাবোৰ যুক্তিৰে এনে তত্ত্বই শক্তিশালী কৰিব বিচাৰে।

(৪) নৈতিক আৰু ৰাজনৈতিক কার্যকলাপৰ অন্তৰালত থকা গাঁথনিগত ৰূপটোৰ প্ৰণালীবদ্ধ বিশ্লেষণ আৰু ৰাজনৈতিক প্ৰমূল্যৰ বুনিয়াদৰ পৰীক্ষা আৰু পুনৰ নিৰ্মাণত গুৰুত্ব দিয়ে।

(৫) পূর্বতে প্রতিষ্ঠিত সকলো ধাৰণা আৰু প্ৰমূল্যক সমসাময়িক তত্ত্বই সমালোচনা কৰে আৰু পুনৰীক্ষণৰ দাবী কৰে।

(৬) এনে তত্ত্বই পর্যবেক্ষণ আৰু অভিজ্ঞতাবাদী পদ্ধতিৰে তত্ত্ব গঠনত গুৰুত্ব দিয়ে। 

(৭) সমসাময়িক তত্ত্বই ৰাজনৈতিক পদ্ধতিৰ এক ৰীতিনিষ্ঠ আৰ্হি প্রস্তুত কৰিব বিচাৰে।।

সমসাময়িক ৰাজনৈতিক তত্ত্বই ধ্রুপদী ৰাজনৈতিক তত্ত্বৰ আদৰ্শবাদ, নৈতিকতাৰ লগত আধুনিক তত্ত্বৰ বৈজ্ঞানিক, অভিজ্ঞতাবাদৰ ধাৰণাক প্রণালীবদ্ধভাৱে নতুন ব্যাখ্যাৰে সংযোগ কৰিব বিচাৰে।

ৰাজনৈতিক তত্ত্বৰ নতুন পৰিৱৰ্তনে চাৰিটা দৃষ্টিভংগী গঢ়ি তুলিছে। সামৰণিত ক’ব পাৰি যে ১৯৭০ চনৰ পিছৰ পৰা ৰাজনৈতিক তত্ত্বত নতুন পৰিৱৰ্তন আহিছে। ৰাওলচৰ পৰাই ৰাজনৈতিক তত্ত্বক নৈতিক দৰ্শনৰ অংশৰূপে ৰাজনৈতিক তত্ত্বক এক আদর্শাত্মক বুলি গন্য কৰা হয়। সেইমতে ৰাজনৈতিক তত্ত্ব প্রধান কার্য হৈছে সামাজিক গাঁথনিক মূল্যাংকন কৰি সাধাৰণ নীতিৰ বিকাশ কৰাৰ লগতে যথাযোগ্য অনুষ্ঠান পদ্ধতি আৰু নীতি গঢ় দিয়া।

মানুহৰ অস্তিত্ব বুজিবলৈ ৰাজনৈতিক তত্ত্ব চিন্তামূলক আৰু অনুসন্ধানমূলক হয়। সেইবাবে তত্ত্ব নৈতিক দর্শন বা আদৰ্শৰ শাখা নহয়। ৰাজনৈতিক তত্ত্ব কোনো এক সম্প্রদায় বা সমাজৰ আত্ম-পৰিচয় সাব্যস্তকৰণৰ লগত জড়িত। সেইবাবে তত্ত্বৰ এক আঞ্চলিক ভিত্তি থাকে আৰু ই ব্যাখ্যামূলক।

ৰাজনৈতিক তত্ত্ব স্পষ্ট, উদ্ভাবনীমূলক, আলোচনামূলক, মুক্ত, সমালোচক স্পর্শকাতৰ হ’ব লাগে। ইয়াৰ পণ্ডিতসকলে উত্তৰ সাংগঠনিক আৰু উত্তৰ আধুনিকতবাদী লেখকৰ পৰা অনুপ্রাণিত হয়। 

11. Examine the central idea of the normative approach to the study of political theory.

Ans: আদর্শাত্মক অধ্যয়ন পদ্ধতি (Normative Approach) :

লেটিন ভাষাৰ Norma ৰ অৰ্থ হ’ল এক গ্রহণযোগ্য নীতি। আদর্শবাদী অধ্যয়ন পদ্ধতিৰ প্ৰধান ধাৰণাটো হ’ল যে ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰোতে কিছুমান প্রমূলা, নীতি, আদৰ্শৰ ভিত্তিত অধ্যয়ন কৰিব লাগিব। ৰাজনীতিত এই প্ৰমূল্য বা আদর্শসমূহ প্রতিফলন হ’ব লাগিব। ৰাষ্ট্ৰই কার্য সম্পাদন কৰোতে এনে আদৰ্শৰ ভিত্তিত কার্যসম্পাদন কৰিব লাগিব । এনে আদর্শসমূহ ৰাষ্ট্ৰই অৱজ্ঞা কৰিব নোৱাৰে স্বাধীনতা, সমতা ন্যায় জ্ঞান আদি আদৰ্শবোৰ ৰাষ্ট্ৰ পৰিচালনাত অতি গুৰুত্বপূৰ্ণ । উচিত, অনুচিত, ভাল-বেয়া আদি বিবেচনাৰ দ্বাৰা ৰাষ্ট্ৰ আৰু চৰকাৰৰ কার্যকলাপ পৰিচালিত হ’ব লাগে। ভাল হলে গ্রহণীয় আৰু বেয়া হলে বর্জনীয় । এনে আদৰ্শৰ ভিত্তিত ত ৰাজনীতি বিজ্ঞানৰ বিষয়বস্তু আলোচনা কৰোঁতে আদৰ্শৰ ওপৰত গুৰুত্ব আৰোপ কৰা দৃষ্টিভংগীটোৱেই হ’ল আদর্শাত্মক অধ্যয়ন পদ্ধাতি।

আদর্শাত্মক দৃষ্টিভংগী বা অধ্যয়ন পদ্ধতিৰ আৰম্ভণি (Origin of the Normative Approach)

গ্রীক দার্শনিক প্লেটোৱে আদৰ্শ ৰাষ্ট্ৰ, দার্শনিক ৰজাৰ গুৰুত্ব, সম্পত্তিৰ সাম্যবাদস আদি ৰাজনৈতিক বিষয়সমূহ আদর্শাত্মক অধ্যয়ন পদ্ধতিৰে অধ্যয়ন কৰিছিল। প্লেটোৱেই এই পদ্ধতিৰ প্ৰথম সূত্ৰপাত কৰিছিল। সম্পূর্ণ ৰাষ্ট ব্যৱস্থাটোক আদৰ্শ ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰিবৰ বাবে প্লে টোৱে কিছুমান আদৰ্শৰ ওপৰত গুৰুত্ব দিছিল। ভাল আৰু আদৰ্শ ৰাষ্ট্ৰৰ বাবে গ্ৰহণ কৰিবলগীয়া নীতিবোৰ প্লেটোৱে The Republic নামৰ গ্ৰন্থত আলোচনা কৰিছে। প্লেটোৰ আগৰ গ্ৰীচৰ নগৰ ৰাষ্ট্ৰৰ সৰহভাগতে ন্যায়, নৈতিকতা, সৎগুণ, আদৰ্শৰ স্থান নাছিল। তেওঁ দৃঢ়তাৰে বিশ্বাস কৰিছিল যে ৰাষ্ট্ৰৰ এনে গুণসমূহৰ যেনেকৈ প্ৰয়োজন তেনেকৈ ব্যক্তিৰো এনে গুণসমূহৰ প্ৰয়োজন আছে। সেয়েহে তেওঁ আদৰ্শ ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিবৰ বাবে কিছুমান আদর্শাত্মক নীতি আৰু ধাৰণা তেও ৰাজনৈতিক তত্ত্বত প্ৰকাশ কৰিছিল।

প্লেটোৰ শিষ্য এৰিষ্টটলে প্লেটোৰ দৃষ্টিভংগী গ্ৰহণ কৰি ৰাষ্ট্ৰৰ ধাৰণা আগবঢ়াইছিল। অৱশ্যে এৰিষ্টটলে অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি আদর্শবাদী অধ্যয়ন পদ্ধতি গ্ৰহণ কৰিছিল। পিছৰ কালচোৱাত বিভিন্ন দার্শনিকে আদর্শাত্মক অধ্যয়ন পদ্ধতি গ্রহণ কৰি ৰাজনীতি আলোচনা কৰিছে।

প্লেটোৰ মতে মানৱ জীৱনৰ প্ৰকৃতি, মানৱ প্ৰকৃতিৰ মূল বৈশিষ্ট্যবোৰ ৰাজনৈতিক তত্ত্বৰ বাবে অতি গুৰুত্বপূর্ণ। এনে প্ৰকৃতি আৰু বৈশিষ্ট্যবোৰ জনা লোকজনে প্রকৃত জ্ঞানৰ অধিকাৰী হয়। এনে জ্ঞানী লোক বৈশিষ্ট্যবোৰ জনা লোকজনে বা দার্শনিকজনে দেশ বা ৰাষ্ট্ৰৰ মংগলৰ বাবে কি কৰিব লাগিব সেইটো জানে। সেইমতে কাম কৰাটো জ্ঞানীজনৰ কাম। সেই কাৰণে প্লেটোৰ মতে আদৰ্শ ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিবলৈ হ’লে দার্শনিক ৰজাৰ শাসন প্ৰৱৰ্তন হ’ব লাগিব। এনে আদৰ্শাত্মক পদ্ধতিৰ যোগেদি পেটোৱে ৰাজনৈতিক তত্ত্ব অধ্যয়ন কৰিছে। দার্শনিক ৰজাই বাস্তৱতা আৰু বাস্তৱৰ প্ৰকৃতি বুজি পায়। তেওঁ কোনটো ভাল, কোনটো কাম বেয়া, কোনটো ন্যায় আৰু কোনটো অন্যায় তাক বুজি পায়। মানুহৰ বাবে আটাইতকৈ গুৰত্বপূর্ণ সামাজিক অনুষ্ঠান হৈছে ৰাষ্ট । এনে ৰাষ্ট্ৰক আদৰ্শ ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰাটোৱেই প্লেটোৰ ৰাজনৈতিক তত্ত্বৰ উদ্দেশ্য আৰু এই উদ্দেশ্য পূৰণ কৰিবৰ কাৰণেই প্লেটোৱে আদৰ্শত্মক অধ্যয়ন পদ্ধতি গ্ৰহণ কৰি ৰাষ্ট্ৰ আৰু ইয়াৰ লগত জড়িত বিষয়বোৰৰ বিষয়ত ৰাজনৈতিক তত্ত্ব আগবঢ়াইছে।

মানুহৰ সাধাৰণ জ্ঞানে বুজিব নোৱাৰা আৰু মনোবিচাৰমূলক যুক্তিৰ আধাৰতহে বুজিব পৰা বিষয়ৰ ওপৰতো পেটোৱে তত্ত্ব দাঙি ধৰিছিল। এনে পদ্ধতিক এৰিষ্টটলে পৰাবিজ্ঞান বুলি আখ্যা দিছে। সেই অৰ্থত প্লেটোৱে ৰাজনৈতিক তত্ত্ব আলোচনা কৰোঁতে পৰাবিজ্ঞান হিচাপেও অধ্যয়ন আৰু বিশ্লেষণ আগবঢ়াইছে। ৰাজনীতি আৰু চিকিৎসা বিজ্ঞানৰ মূলনীতিৰ মাজত সাদৃশ্য থকা বুলি অনুভৱ কৰা প্লেটোৱে দুয়োটাই ক’লা বুলি আখ্যা দিছিল। যিকোনো কলাৰ (arts) অধ্যয়নৰ বাবে জ্ঞান অপৰিহাৰ্য। জ্ঞান সত্য, শুদ্ধ, সনাতন। জ্ঞান অপৰিবৰ্তনীয়। এনে জ্ঞানৰ অধিকাৰী । লোকে ভুল কৰিব নোৱাৰে। সেইবাবে ৰাষ্ট্ৰ এনে জ্ঞানী লোকৰ দ্বাৰা পৰিচালিত হ’ব লাগে। এনেদৰে সাধাৰণ জ্ঞানে ঢুকি নোপোৱা বিষয়ক লৈ পেটোৱে ৰাজনৈতিক তত্ত্ব আলোচনা কৰোঁতে আদর্শবাদী অধ্যয়ন পদ্ধতি গ্রহণ কৰাৰ লগতে পৰাবিজ্ঞানৰূপী পদ্ধতিও গ্রহণ কৰিছিল।

প্লেটো, এৰিষ্টটল,ৰুছো আদি ৰাজনৈতিক চিন্তাবিদসকলে গ্ৰহণ কৰা আদর্শাত্মক অধ্যয়ন পদ্ধতিয়ে কল্পনাৰ আশ্ৰয় লোৱা পৰিলক্ষিত হয়। বহুসংখ্যক ৰাজনৈতিক দার্শনিকে কাল্পনিক দৃষ্টিভংগীৰে আলোচনা কৰিছে। তেওঁলোকে কিছুমান পূর্ব ধাৰণা গ্ৰহণ কৰি ৰাষ্ট্ৰ কেনে হোৱা উচিত এই বিষয়ে আলোচনা কৰিছিল। থমাচ ম’ৰে তেওঁৰ গ্ৰন্থত ৰাষ্ট্ৰ কেনে হোৱা উচিত সেই বিষয়ে আলোচনা কৰিছিল।

আদৰ্শাত্মক পদ্ধতিৰ কেন্দ্ৰীয় ধাৰণা:

আদৰ্শাত্মক অধ্যয়ন পদ্ধতিৰ কেন্দ্ৰীয় বিষয়বস্তু হ’ল ৰাষ্ট্ৰ বা ৰাষ্ট্ৰৰ কাৰ্যকলাপ অধ্যয়ন কৰোঁতে কি চলি আছে সেইটো নহয় কি হ’ব লাগে বা হোৱা উচিত সেইটোৰ ওপৰতহে গুৰুত্ব দিয়া হয়। এনে অধ্যয়ন পদ্ধতিয়ে কি হ’ব লাগে, ৰাষ্ট্ৰ ব্যৱস্থা কেনেদৰে পৰিচালিত হ’ব লাগে এনে দিশতহে প্রাধান্যতা দিয়ে। কিছুমান প্রমূল্য, নীতি বা মাপকাঠি ৰাষ্ট্রযন্ত্ৰৰ যোগেদি বাস্তৱত ৰূপায়ণ কৰিবলৈ বিচৰা হয়। কেনেকৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় তাৰ ওপৰত গুৰুত্ব নিদি কেনেকৈ সিদ্ধান্ত গ্ৰহণ কৰিব লাগে তাৰ ওপৰতহে গুৰুত্ব দিয়া হয়।

ৰাষ্ট্ৰ বা ৰাজনৈতিক ব্যৱস্থাটো কেনেদৰে পৰিচালিত হ’ব লাগে তাৰ এক আদর্শ থাকিব লাগে। এই অধ্যয়ন হোৱাটো এই পদ্ধতিয়ে গুৰুত্ব দিয়ে। আদর্শক অৱহেলা নকৰি কি কার্যক্ষেত্ৰত প্ৰয়োগ হোৱাটো এই পদ্ধতিয়ে গুরুত্ব দিয়ে। প্রমূল্য বা আদর্শক আগস্থান দি এনে থাকিলে ৰাজনৈতিক ব্যৱস্থা ফলপ্রসূ হ’ব হ’ব লাগে।

আদর্শত্মাক অধ্যয়ন পদ্ধতিত কোনটো ভাল, কোনটো বিষয় বর্জনীয় ইয়াৰ বিচাৰ কৰা হয়। ভাল বা উচিত ব্যৱস্থা হ’বনে নহয় তাৰ ওপৰত ভিত্তি কৰিহে ৰাষ্ট্ৰৰ নীতি নিৰ্ধাৰ কৰিব লাগে। ৰাজনৈতিক সংগঠনসমূহে কৰ্তৃপক্ষৰ আশা-আকাংক্ষা পূৰণ হোৱাটো বিচাৰে আৰু কৰ্তৃপক্ষই এনে আকাংক্ষা পূৰণ কৰিব বুলি আশা কৰে। কিন্তু বাস্তৱতে তেনে তেনে আশা পূৰণ নহ’বও পাৰে। এনে আশাবোৰেই আদৰ্শৰ অন্তৰ্ভুক্ত। ৰাষ্ট্ৰই কল্যাণকামী আঁচনি গ্ৰহণ কৰিব বুলি আশা কৰা হয়। মহাত্মা গান্ধীয়ে ৰাম ৰাজ্যৰ সপোন দেখিছিল। কার্য পৰিণত হওক বা নহওক এইটো এটা আদর্শ। আদর্শবাদী পদ্ধতিয়ে গ্ৰহণ কৰা আদর্শ বা মূলনীতি কাৰ্যকৰী নহ’বও পাৰে। কিন্তু আদৰ্শৰ গুৰুত্ব এটা সদায় থাকে। ন্যায়, সমতা, স্বাধীনতা আদি আদর্শসমূহৰ গুৰুত্ব সদায় থাকে। প্রকৃততে এনে ধাৰণাবোৰ কার্যক্ষেত্ৰত ৰূপায়িত নহ’ব পাৰে। কিন্তু ৰাজনৈতিক তাত্বিকসকলে ন্যায়, স্বাধীনতা, সমতা আদি ধাৰণাবোৰক সদায় গুৰুত্ব প্ৰদান কৰি আহিছে। জনসাধাৰণেও এনে আদর্শ কার্যকৰী হোৱাটো বিচাৰে। বৰ্তমান কি হৈ আছে আৰু ইয়াৰ পৰিৱৰ্তে কি হ’লে ভাল হয় এনে ধাৰণাই সদায় চৰ্চা লাভ কৰি আহিছে। এনে ক্ষেত্ৰত আদৰ্শত্মক অধ্যয়ন পদ্ধতিৰ গুৰুত্ব আছে।

আদর্শাত্মক অধ্যয়ন পদ্ধতিয়ে আদর্শ বা নীতিসমূহক গুৰুত্ব প্রদান কৰিলেও এনে ধাৰণাবোৰৰ পৰিবৰ্তন হ’ব পাৰে। সময়ৰ পৰিৱৰ্তনৰ লগে লগে আদর্শ বা নীতিৰ পৰিবৰ্তন হ’ব পাৰে। প্ৰাচীন কালত প্ৰত্যক্ষ গণতন্ত্র আছিল। কিন্তু বর্তমান পৰোক্ষ গণতন্ত্ৰৰ প্ৰচলন হৈছে। প্লেটোৱেও আনকি তেওঁ ৰিপাব্লিক গ্ৰন্থৰ বহু আদৰ্শ তেওঁৰ পিছৰ গ্ৰন্থ The Statesman আৰু The Laws নামৰ গ্ৰন্থত পৰিৱৰ্তন সাধন কৰিছে।

দার্শনিকসকলে গ্ৰহণ কৰা আদৰ্শাত্মক পদ্ধতি আৰু নীতিবোৰ ৰাষ্ট্ৰ পৰিচালনাৰ পথ-প্ৰদৰ্শক হোৱাটো বিচাৰিছিল। এনে নীতি বা আদৰ্শবোৰ গ্ৰহণ কৰিব পাৰিলে ভাল হয় বুলি তেওঁলোকে বিবেচনা কৰিছিল। সাগৰত যাত্ৰা কৰা নাবিকে কিছুমান নীতি গ্ৰহণ কৰিলেহে নিৰাপদে গন্তব্য স্থান পাবগৈ পাৰে। তেনেদৰে ৰাষ্ট্ৰ পৰিচালনা কৰা লোকসকলে কিছুমান নীতি বা আদৰ্শ গ্ৰহণ কৰিলেহে উদ্দেশ্যত সফল হ’ব পাৰিব। কোনোবাই এনে নীতি পালন নকৰিলে বুলিলেই আদৰ্শবা নীতিটোৰ গুৰুত্ব হ্রাস হৈ যোৱাটো নুবুজায়। পেটোৰ আদৰ্শ ৰাষ্ট্ৰ, দার্শনিক ৰজাৰ আদৰ্শ, এৰিষ্টটলৰ ৰাজনীতি, ৰুছোৰ সাধাৰণ ইচ্ছা, মার্ক্সৰ শ্রেণীহীন সমাজ ইত্যাদি আদর্শবোৰ কার্যক্ষেত্ৰত কাৰ্যকৰী হওক বা নহওক কিন্তু এনে আদৰ্শবোৰ কাৰ্যক্ষেত্ৰত প্ৰয়োগ কৰা বাঞ্ছনীয়। ইয়াৰ কাৰণ এইবোৰ কিছুমান নীতি আৰু আদৰ্শৰ সমষ্টি।

আদর্শাত্মক দৃষ্টিভংগী প্রধানকৈ দৰ্শন আৰু প্ৰমূল্যৰ ভিত্তিত প্ৰতিস্থিত। এই দৃষ্টিভংগী ৰাজনৈতিক চিন্তাবিদসকলে দার্শনিক চিন্তাধাৰাৰ ভিত্তিত ৰাজনৈতিক বিষয়সমূহ আলোচনা কৰে। এনে দৃষ্টিভংগীত নৈতিক প্ৰমূল্যৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় আৰু উচিত-অনুচিতৰ বিচাৰ কৰা হয়। সেয়েহে বহু চিন্তাবিদে আদর্শাত্মক দৃষ্টিভংগীক দার্শনিক দৃষ্টিভংগী বুলিও কয়।

ছক্ৰেটিচ, প্লেটো, এৰিষ্ট’টলৰ পৰা আৰম্ভ কৰি কুৰি শতিকাৰ আৰম্ভণিলৈকে (১৯০০ চনলৈকে) ৰাজনীতি বিজ্ঞান অধ্যয়নত আদর্শাত্মক দৃষ্টিভংগী গ্ৰহণ কৰা হৈছিল। এই সময়ছোৱাত নীতি শাস্ত্র, ধর্ম, অনুষ্ঠান, আইন, দর্শন, ইতিহাস ইত্যাদি দিশসমূহত ৰাজনৈতিক

চিন্তাবিদসকলে অধিক প্রাধান্য দিছিল। এই দিশসমূহৰ ওপৰত ভিত্তি কৰিয়েই ৰাজনীতি বিজ্ঞানক বুজিবলৈ যত্ন কৰা হৈছিল।

আদর্শাত্মক বা দার্শনিক দৃষ্টিভংগীত কিছুমান বিমূর্ত চিন্তাধাৰাৰ ওপৰত বা কল্পনাৰ ওপৰত ভিত্তি কৰি ৰাজনৈতিক তত্ত্ব গঢ়ি তুলিবলৈ যত্ন কৰা হয়। প্লেটোৱে আদৰ্শ ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ বাবে দার্শনিক ৰজাৰ শাসনৰ পৃষ্ঠপোষকতা কৰিছিল। যুক্তিৰে ঢুকি নোপোৱা কাল্পনিক অথচ মানসিক চিন্তাৰে অনুভৱ কৰা পৰাবিজ্ঞানমূলক বিষয়বস্তু ৰাজনীতি বিজ্ঞানৰ বিষয়ৰূপে আলোচনা কৰা হৈছিল। মধ্যযুগৰ থমাছ একুইনাছ, আগষ্টাইন আদি চিন্তাবিদে ধর্মীয় নীতি-নিয়মৰ যোগেদি ৰাজনীতি বিজ্ঞান অধ্যয়নৰ পোষকতা কৰিছিল। প্লেটো, কাণ্ট, হেগেল আদি দার্শনিকসকলে কিছুমান পূর্ব-পৰিকল্পিত সিদ্ধান্ত গ্ৰহণ কৰি ৰাজনৈতিক অনুষ্ঠান ব্যাখ্যা কৰিছিল।

কি কৰা উচিত বা ৰাষ্ট্ৰৰ নৈতিক উদ্দেশ্য কেনেকৈ সাধন কৰিব পাৰি আদি নৈতিক দিশত গুৰুত্ব প্ৰদান কৰি ৰুছো, জে.এহ’ মিল, আৰ ছিডউইক আদি চিন্তাবিদে ৰাজনীতি বিজ্ঞান দার্শনিকভাৱে আলোচনা কৰিছিল। এনেদৰে নৈতিকতাৰ দ্বাৰা ৰাজনৈতিক তত্ত্ব গঢ়ি তুলিবলৈ চেষ্টা কৰা হৈছিল। (“The truly philosophical, deductive or a prior method of which Rousseau, Mill and Sidgwick are exponents start from some abstract original ideas as to the na ture of the state, its aims, its functions and its future. It then attempts to harmonise its theory of the actual facts of history.”- Gilchrist)

গ্রীক দার্শনিক প্লেটোৱে The Republic থমাছ ম’ৰে Utopia আৰু ছেইণ্ট আগষ্টাইনে The Civitas আৰু মেকিয়াভেলিৰ The Prince নামৰ গ্ৰন্থ দার্শনিক পদ্ধতি অৱলম্বনত ৰচনা নামৰ গ্ৰন্থত বাস্তব অভিজ্ঞতা আৰু আদৰ্শবাদৰ সংমিশ্রণ ঘটিছিল। ৰুছোৱে সাম্য, মৈত্ৰী আৰু স্বাধীনতা আদৰ্শৰ জয়গান গাইছিল।

এই দৃষ্টিভংগীৰ পৃষ্ঠপোষক পেটো, কাণ্ট, গ্রীন, হেগেল আদি দার্শনিকে ৰাজনৈতিক তত্ত্বক ৰাজনৈতিক দৰ্শনৰ পৰা পৃথক কৰা নাছিল। তেওঁলোকে ভাল-বেয়া, উচিত-অনুচিত, ন্যায়-অন্যায় আদি ভাবধাৰাৰে ৰাজনীতি বিজ্ঞান আলোচনা কৰিছিল। তেওঁলোকে আদৰ্শ ৰাষ্ট্ৰৰ বিষয়ে সুন্দৰ আৰু সুখী জীৱনৰ সন্ধান কৰিছিল। এই পদ্ধতিৰ সমৰ্থকসকলে পূর্ব পৰিকল্পিত সিদ্ধান্তৰ দ্বাৰা হৈ ৰাজনীতি বিজ্ঞানৰ ব্যাখ্যা কৰিছিল। পে টোৰ আদৰ্শ ৰাষ্ট্ৰ, আগষ্টাইন,একুইনাছৰ ঐশ্বৰিক ৰাষ্ট্ৰ, গান্ধীজীৰ ৰাম ৰাজ্য আদিৰ দার্শনিক ভেটি আছে। এই আদৰ্শৰে অনুপ্রাণিত হৈ ফৰাচী দার্শনিক ৰুছোৱে সাম্য, মৈত্ৰী আৰু স্বাধীনতাত গুৰুত্ব দিছিল।

এই পদ্ধতি নিগমাত্মক। সাধাৰণ নীতিৰ পৰা ব্যক্তিগত পর্যায়লৈ যুক্তিৰ সহায়ত আগবাঢ়ে। ৰাষ্ট্ৰ আৰু ৰাজনৈতিক জীৱনৰ এক মূল্যবোধ আগতীয়াকৈ নিৰ্ণয় কৰি তাৰ ভিত্তিতহে আইন, নাগৰিক অধিকাৰ, কর্তব্য আদিৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰে। দার্শনিক ৰাজনৈতিক চিন্তাবিদসকলে ভাবে যে ৰাজনীতিবিজ্ঞানৰ এক নৈতিক বা আদর্শাত্মক দিশ আছে। এই আদৰ্শক তেওঁলোকে লক্ষ্য হিচাপে গ্ৰহণ কৰিছিল। ৰাজনীতি বিজ্ঞানৰ বিভিন্ন দিশ আলোচনা কৰোঁতে তেওঁলোকে সেই আদৰ্শৰাজিক চানেকি হিচাপে গ্ৰহণ কৰিছে।

অৱশ্যে তেওঁলোকৰ দৃষ্টিভংগী কেৱল দর্শনভিত্তিক আছিল বুলি ক’লে ভুল হ’ব। বাস্তব অভিজ্ঞতাৰ ভিত্তিতো তেওঁলোকে ৰাজনৈতিক সিদ্ধান্তত উপনীত হোৱাটো বিচাৰিছিল। হবছ, ৰুছো আৰু মেকিয়াভেলিয়ে সমকালীন বাস্তব অভিজ্ঞতাৰ পৰা ৰাজনৈতিক ধাৰণা সংগ্ৰহ কৰিছিল। কিন্তু আদৰ্শক মুখ্য স্থান দিছিল আৰু বিষয়বস্তু তথ্যভিত্তিক হোৱাৰ পৰা বাধা দিছিল।

আদৰ্শাত্মক পদ্ধতিৰ গুণ (Merits of Normative Approach) (১) আদর্শত্মক পদ্ধতিয়ে নৈতিক গুণৰাজিক অগ্ৰাধিকাৰ দিয়ে। সততা ন্যায় আদি মূল্যবোধ মানৱ জীৱনৰ অতি প্রয়োজনীয় গুণ। ৰাষ্ট্ৰই এই দৃষ্টিভংগীৰ পৃষ্ঠপোষক প্লেটো, কাণ্ট, গ্রীন, হেগেল আদি দার্শনিকে ৰাজনৈতিক তত্ত্বক ৰাজনৈতিক দৰ্শনৰ পৰা পৃথক কৰা নাছিল। তেওঁলোকে ভাল-বেয়া, উচিত-অনুচিত, ন্যায়-অন্যায় আদি ভাবধাৰাৰে ৰাজনীতি বিজ্ঞান আলোচনা কৰিছিল। তেওঁলোকে আদৰ্শ ৰাষ্ট্ৰৰ বিষয়ে সুন্দৰ আৰু সুখী জীৱনৰ সন্ধান কৰিছিল। এই পদ্ধতিৰ সমৰ্থকসকলে পূর্ব পৰিকল্পিত সিদ্ধান্তৰ দ্বাৰা হৈ ৰাজনীতি বিজ্ঞানৰ ব্যাখ্যা কৰিছিল। প্লেটোৰ আদৰ্শ ৰাষ্ট্ৰ, আগষ্টাইন,একুইনাছৰ ঐশ্বৰিক ৰাষ্ট্ৰ, গান্ধীজীৰ ৰাম ৰাজ্য আদিৰ দার্শনিক ভেটি আছে। এই আদৰ্শৰে অনুপ্রাণিত হৈ ফৰাচী দার্শনিক ৰুছোৱে সাম্য, মৈত্ৰী আৰু স্বাধীনতাত গুৰুত্ব দিছিল। এই পদ্ধতি নিগমাত্মক। সাধাৰণ নীতিৰ পৰা ব্যক্তিগত পর্যায়লৈ যুক্তিৰ সহায়ত আগবাঢ়ে। ৰাষ্ট্ৰ আৰু ৰাজনৈতিক জীৱনৰ এক মূল্যবোধ আগতীয়াকৈ নিৰ্ণয় কৰি তাৰ ভিত্তিতহে আইন, নাগৰিক অধিকাৰ, কর্তব্য আদিৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰে। দার্শনিক ৰাজনৈতিক চিন্তাবিদসকলে ভাবে যে ৰাজনীতিবিজ্ঞানৰ এক নৈতিক বা আদর্শাত্মক দিশ আছে। এই আদৰ্শক তেওঁলোকে লক্ষ্য হিচাপে গ্ৰহণ কৰিছিল। ৰাজনীতি বিজ্ঞানৰ বিভিন্ন দিশ আলোচনা কৰোঁতে তেওঁলোকে সেই আদৰ্শৰাজিক চানেকি হিচাপে গ্ৰহণ কৰিছে। 

অৱশ্যে তেওঁলোকৰ দৃষ্টিভংগী কেৱল দর্শনভিত্তিক আছিল বুলি ক’লে ভুল হ’ব। বাস্তব অভিজ্ঞতাৰ ভিত্তিতো তেওঁলোকে ৰাজনৈতিক সিদ্ধান্তত উপনীত হোৱাটো বিচাৰিছিল। হবছ, ৰুছো আৰু মেকিয়াভেলিয়ে সমকালীন বাস্তব অভিজ্ঞতাৰ পৰা ৰাজনৈতিক ধাৰণা সংগ্ৰহ কৰিছিল। কিন্তু আদৰ্শক মুখ্য স্থান দিছিল আৰু বিষয়বস্তু তথ্যভিত্তিক হোৱাৰ পৰা বাধা দিছিল।

আদৰ্শাত্মক পদ্ধতিৰ গুণ (Merits of Normative Approach) 

(১) আদর্শত্মক পদ্ধতিয়ে নৈতিক গুণৰাজিক অগ্ৰাধিকাৰ দিয়ে। সততা ন্যায় আদি মূল্যবোধ মানৱ জীৱনৰ অতি প্রয়োজনীয় গুণ। ৰাষ্ট্ৰই মানুহৰ অভাৱ-অভিযোগ পূৰ্ণ কৰিব পাৰিব লাগে। সৎ জীৱন যাপনৰ সুবিধা ৰাষ্ট্ৰই প্ৰদান কৰিব লাগে। মানুহৰ কল্যাণ সাধন কৰিবলৈ ৰাষ্ট্ৰ পৰিচালনাত জড়িত ব্যক্তিসকল বা শাসকসকল নৈতিক শক্তিৰে শক্তিমান হ’ব লাগিব।।

(২) সমাজ বিজ্ঞানৰ অধ্যয়ন প্রমূল্য ভিত্তিক হোৱাত আদৰ্শাত্মক পদ্ধতিয়ে সহায় কৰে। মানৱ জীৱনৰ এক সুনির্দিষ্ট লক্ষ্য আৰু আদৰ্শ থাকিবই লাগিব। আৰু এই আদৰ্শৰ অনুকৰণ কৰিয়েই কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। উচিত-অনুচিত, ভাল-বেয়া বিবেচনাই প্রাধান্য লাভ কৰিলেহে সুস্থ আৰু সুন্দৰ জীৱন গঢ়িব পাৰি। অনুচিত আৰু অসৎ ব্যৱস্থা ত্যাগ কৰিলেহে সৎ আৰু ভাল দিশ প্রতিষ্ঠা কৰিব পাৰি। লিও ষ্টচে কৈছে “ৰাজনীতি অধ্যয়নৰ পৰা প্ৰমূল্যক পৃথক কৰিব নোৱাৰি। (Values cannot be excluded from the study of politics. A theory is regarded as good or bad from the angle of Value.”-Leo Strauss)

(৩) আদর্শাত্মক পদ্ধতিয়ে বৈষম্য, অন্যায়, শোষণ আৰু দমনৰ বিৰূদ্ধে ন্যায় প্রতিষ্ঠাৰ বাবে আৰু ৰাজনৈতিক সমস্যা সমাধানৰ বাবে অৱদান যোগাইছিল। ৱাচবিৰ মতে আদৰ্শাত্মক পদ্ধতিৰ পৃষ্ঠপোষকসকলে বহু ৰাজনৈতিক সমস্যা সমাধান কৰি ৰাজনীতি বিজ্ঞান সমৃদ্ধ কৰি গৈছে। 

(৪) আদর্শাত্মক পদ্ধতিয়ে অতীত আৰু বৰ্তমানৰ মাজত যোগসূত্ৰ স্থাপন কৰিছে। ৰাজনীতি বিজ্ঞানৰ ক্ৰমবিকাশৰ বুৰঞ্জী অধ্যয়ন কৰিবলৈ হ’লৈ প্ৰাচীন দৃষ্টিভংগীৰূপে আদৰ্শাত্মক দৃষ্টিভংগী অধ্যয়ন কৰিবই লাগিব।

সমালোচনা বা সীমাবদ্ধতা :

(ক) এই দৃষ্টিভংগী কাল্পনিক আৰু বিমূর্ত। এনে পদ্ধতিয়ে ৰাজনৈতিক বিজ্ঞানক বাস্তৱতাৰ পৰা। আঁতৰাই থমাছ মুৰৰ (Thomas Moore) কাল্পনিক ৰাজ্যলৈ লৈ যায়।

থমাছ মুখে এক কাল্পনিক ৰাজ্যৰ চিন্তা কৰিছিল। বিমূৰ্ত আৰু কাল্পনিক ৰাজ্যৰ চিন্তাধাৰা ৰাজনীতি বিজ্ঞানৰ বিষয়বস্তু হ’ব নোৱাৰে। কল্পনাবিলাসিতাই প্রকৃত সত্য উদ্ঘাটনত সহায় কৰিব নোৱাৰে। এই পদ্ধতিয়ে যুক্তিৰ পৰিৱৰ্তে কল্পনাৰ ওপৰত অত্যধিক গুৰুত্ব দিয়ে। থমাছ মুৰে ইউট ‘পিয়া গ্ৰন্থখন ৰচনা কৰিছিল। অতীতত এনে কল্পনাৰ বিষয়বস্তু আছিল যদিও বৰ্তমানৰ বিষয়বস্তু বাস্তবিক হোৱা উচিত।

(খ) প্লেটো, হেগেল আদিয়ে ৰাষ্ট্ৰৰক ৰহস্যজনক উৰ্ধ্বলৈ লৈ গ’ল। সেইবাবে ৰাজনীতি বিজ্ঞান, নৈতিকতা আৰু পৰাবিজ্ঞানৰ বহতীয়া হৈছিল।নৈতিকতা আৰু পৰাবিজ্ঞানমূলক বিষয়ৰূপে ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰাত অসুবিধা আছে। পেটোৱে আদৰ্শাত্মক দৃষ্টিভংগীৰে ৰাজনীতি বিজ্ঞান আলোচনা কৰোঁতে মনোবিজ্ঞানৰ গুৰুত্ব দি সমাজত প্রচলিত কিছুমান প্রাচীনতম অনুষ্ঠানক গুৰুত্ব দিয়া নাছিল। প্লেটোৱে সাম্যবাদৰ যোগেদি সম্পত্তি আৰু স্থায়ী বিবাহ ব্যৱস্থাৰ বিৰোধিতা কৰিছে। কিন্তু এনে অনুষ্ঠানবোৰৰ লগত সামঞ্জস্য ৰাখিহে ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰিব লাগিব। অন্যহাতেদি হেগেলে ৰাষ্ট্ৰক সর্বশক্তিমান ৰূপে গ্ৰহণ কৰি ব্যক্তিসত্তা আৰু অন্যান্য সামাজিক অনুষ্ঠানৰ গুৰুত্বক আওকাণ কৰিছে।

(গ) এই পদ্ধতিৰ যোগেদি কি হৈছে বা আছে, তাৰ পৰিৱৰ্তে কি হোৱা উচিত এই নীতিৰেহে ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰা হয়। কিন্তু ৰাজনীতি বিজ্ঞান প্ৰকৃততে ইয়াৰ ওলোটাহে।

ৰাজনীতি বিজ্ঞান অধ্যয়নত ঘটি থকা ঘটনাসমূহৰ বিশ্লেষণ থাকিব লাগে। কি হোৱা উচিত, কি কৰা উচিত আদি বিষয়বোৰ আদৰ্শৰ বিষয়হে। ৰাজনীতি বিজ্ঞান কেৱল আদৰ্শৰ বিষয়বস্তু নহয়। নৈতিক প্ৰমূল্যৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিলেও বাস্তৱ ক্ষেত্ৰত এনে প্ৰমূল্যসমূহ কাৰ্যকৰী কৰিব পৰা নাযায়। বাস্তর ক্ষেত্রত উচিত-অনুচিত কার্যকলাপতকৈ ঘটনাসমূহৰ বাস্তৱ অধ্যয়নহে গুরুত্বপূর্ণ ।

(ঘ) এই পদ্ধতিৰ পৃষ্ঠপোষকসকলে বাস্তৱতা আৰু আদৰ্শৰ মাজত সমন্বয় সাধন কৰিব পৰা নাই।

বাস্তৱৰ ক্ষেত্ৰখন সুকীয়া। আদৰ্শৰ ভূমিকাও বেলেগ। প্লেটোৰ আদৰ্শ ৰাষ্ট্ৰ বা মহাত্মা গান্ধীৰ ৰাম ৰাজ্যৰ ধাৰণা আদৰ্শমূলক। বাস্তৱত এনে আদৰ্শ ৰাষ্ট্ৰ এতিয়ালৈকে গঢ় লৈ উঠা নাই। সংঘাত, সংঘর্ষ, সহযোগিতাৰ মাজত ৰাজনৈতিক কার্যকলাপ পৰিচালিত হৈ আহিছে। বাস্তৱিক ৰাজনৈতিক ক্ষেত্ৰখন জটিল। আদৰ্শ এক লক্ষ্যহে। ৰাজনীতি বিজ্ঞান লক্ষ্য নহয়; ই এক অধ্যয়ন পদ্ধতিহে। বাস্তৱতা আৰু আদৰ্শৰ মাজৰ সমন্বয় সাধনৰ প্ৰচেষ্টা আদৰ্শাত্মক পদ্ধতিত নাই।

(৬) এই পদ্ধতিৰ ভিত্তি বিজ্ঞানসন্মত নহয়, পৰাবিজ্ঞানমূলকহে। আদর্শাত্মক পদ্ধতিয়ে বিজ্ঞানসন্মতভাৱে বিষয়বস্তু অধ্যয়ন নকৰে। ৰাজনীতি বিজ্ঞানৰ বিষয়সমূহ বিজ্ঞানসন্মতভাৱে পৰীক্ষা-নিৰীক্ষা, পর্যালোচনা, বিশ্লেষণ কৰিহে অধ্যয়ন কৰিব লাগে। পৰীক্ষা-নিৰীক্ষা নকৰাকৈ কোনো পূর্ব সিদ্ধান্ত প্ৰথমেই গ্ৰহণ কৰি ল’লে তেনে পূৰ্ব সিদ্ধান্তক বিজ্ঞানসন্মত বুলিব নোৱাৰি। আদৰ্শাত্মক দৃষ্টিভংগীয়ে বিজ্ঞানসন্মত আলোচনাৰ পোষকতা নকৰে।

(চ) এই পদ্ধতিয়ে সামাজিক গোটৰ আচৰণ বা ব্যক্তিৰ আচৰণৰ ওপৰত গুৰুত্ব নিদিয়ে।ব্যক্তিৰ আচৰণ, সামাজিক গোটৰ আচৰণে ৰাজনৈতিক ব্যৱস্থাত শক্তিশালী প্রভাৱ পেলায়। ব্যক্তিৰ আচৰণ, সামাজিক গোটৰ আচৰণ, আচৰণৰ অন্তৰালত থকা উদ্দেশ্য বুজিব নোৱাৰিলে ৰাজনৈতিক বিষয়বস্তুৰ অধ্যয়ন ফলপ্রসূ নহয়। কিন্তু আদর্শাত্মক দৃষ্টিভংগীয়ে এই দিশত গুৰুত্ব আৰোপ নকৰে।

(ছ) এই পদ্ধতিয়ে গুৰুত্বপূৰ্ণ বিষয়ত অধ্যয়ন কৰিলেও সাধাৰণ বিষয়ত কম গুৰুত্ব প্ৰদান কৰে। ৰাজনীতি বিজ্ঞানত সাধাৰণ বিষয়বোৰেও প্ৰভাৱ পেলায়।

1 thought on “Understanding Political Theory Unit 1 ৰাজনীতি কি? ৰাজনৈতিকৰ তাত্ত্বিককৰণ”

  1. UNDERGRADUATE ENGLISH MEDIUM STUDENTS R KARONE ENGLISH T QUESTION ANSWER PALE VAL LGILE HOI PLEASE PARILE ENGLISH T DIBO

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top