একোটা নিজান সন্ধিয়াত এহাল প্ৰেমিক যুগল পাৰ্ক এখনৰ বেঞ্চতে মূৰবোৰ তল কৰি নীৰৱে বহি আছিল। অলপ সময়ৰ অন্তত অনুভৱে প্ৰিয়াক কৈ উঠিল।
অনুভৱ – প্ৰিয়া কিবা এখাৰটো কোৱা তোমাৰ এই মৌনতাই মোক আৰু বেছিকৈ দুঃখিত কৰিছে প্ৰিয়া।
প্ৰিয়া – কি কম অনুভৱ মই তোমাক কি বুলি কম। কবলৈ আৰু কি বাকী থাকিল আমাৰ মাজত তুমি জানো কিবা বাকী থলা নেকি কবলৈ।
অনুভৱ – কিবা হলেও কোৱা কিন্তু কোৱা প্ৰিয়া লাগিলে মোক অলপ গালিয়ে পাৰি দিয়া কিন্তু এইদৰে নীমাত হৈ নেথাকিবা।
প্ৰিয়া – আজি পৰ্যন্ত ভালেমান সময় হল আমাৰ সম্পৰ্কৰ। ইমান দিনেই সকলোবোৰ ঠিকেই আছিল। কিন্তু যোৱাকালি এনেকুৱা কি হ’ল যে তুমি ফোনত মোক সেইবোৰ কথা কৈছিলা যিবোৰ কথাই মোৰ হৃদয়ক থান বান কৰি মোক নিৰৱ কৰি দিলে।
অনুভৱ – প্ৰিয়া মই তোমাক বুজাব নোৱাৰিম তুমি এইটোৱে ভাৱি লোৱা যে মই ভৱা দৰে নহল। মই ভাৱিছিলো মই তোমাক আপোন কৰি ল’ব পাৰিম আৰু তাইক চিৰদিনৰ বাবে মোৰ মনৰ পৰা উলিয়ায় দিব পাৰিম।কিন্তু মই ভৱাদৰেই নহল তাইক মোৰ মনে আজি পৰ্যন্ত পাহৰিব পৰা নাই। I am sorry প্ৰিয়া। প্ৰিয়া তুমি মোক আৰু অলপ সময় দিয়া মোৰ মনে তোমাক আপোন কৰি ল’বলৈ ।
প্ৰিয়া – এইবোৰ কি ফাল্টো কথা কৈছা তুমি অনুভৱ। ইমান দিনে যে মই তোমাৰ লগত একোটা প্ৰেমৰ সম্পৰ্কত আছিলোঁ এইবোৰ কি কিবা game চলি আছিল নেকি। এতিয়া তোমাক মোৰ পৰা space লাগে আৰু লগতে তোমাক সময়ৰ প্ৰয়োজন আহি পৰিল মোক আপোন কৰিবলৈ। ইমান দিনে যদি তোমাৰ মনে মোক আপোন কৰিব নোৱাৰিলে তেন্তে আগলৈও নোৱাৰিব। মোক তুমি কেতিয়াও নকলা যে তোমাৰ মন হৃদয়ত তাই আজিও বিৰাজমান হৈ আছে। কাইলৈ মই তোমাক আমাৰ সম্পৰ্কৰ কথা ঘৰত জনাবলৈ সময় হৈ আহিল বুলি যদি নকলো হই তুমি চাগে মোক আৰু কিমান অন্ধকাৰত ৰাখিলা হৈ ঠিকনা নাই । হয় এইটো গম পাইচিলো যে তোমাৰ এজনী এক্স girlfriend আছিল কিন্তু এইটো গম পোৱা নাছিলো যে তাইৰ ভাৱনাত তুমি আজিও মগণ।তুমি মোক সোধোতে মই ও তোমাক কৈছিলো মোৰো জীৱনত আগতে এজন আছিল যাক মই ভাল পাইছিলো, কিন্তু য’ত প্ৰতাৰণা পোৱা যায় সেই সম্পৰ্কত মই থাকিব নোৱাৰোঁ। যি বৰ্তমান তেতিয়া মোৰ অতীত আছিল। সকলোৰে জীৱনত অতীত থাকে। কিন্তু ডাঙৰ কথা কি জানা অনুভৱ সেয়া হ’ল বিশ্বাস যিটো মই তোমাক চকু মুদি কৰিছিলোঁ তোমাৰ সৰল মনটো দেখি। যি বিশ্বাস এবাৰ ভাগিলে আকৌ পুনৰ যোৰা নেলাগে। দুয়োৰে দুয়োৰ অতীত সমূহ জানি, শুনি, বুজি দুয়োয়ে আমাৰ সম্পৰ্কক প্ৰেমৰ নাম দিছিলোঁ। তুমি মোক ভাল পাওঁ বুলি কোৱাতহে মই এই সম্পৰ্কত আহিছিলো মই নো কি জানিছিলো আধা বাটত আহি তুমি ক’বা যে তুমি তাইক আজি পৰ্যন্ত পাহৰিব পৰা নাই। তুমি ভালকৈ জানিছিলা নহয় অনুভৱ মই এটা Permanent true love বিচাৰোঁ । সকলোবোৰ জানিও যদি তুমি এইদৰে আজি কৈচা কৰিছা তেন্তে নিশ্চয় তুমি গম পাইছা যে কাৰ ভুল। যদি তুমি আমাৰ বন্ধুত্বক প্ৰেমৰ সম্পৰ্কলৈ পৰিৱৰ্তিত নকৰিলা তেন্তে আমাৰ friendship হয়টো আজীৱন থাকিল হয়। মই যদি অলপো উমান পালোঁ হয় যে তুমি তোমাৰ তাইক পাহৰা নাই তেন্তে মই কোনোদিনে তোমাৰ সৈতে প্ৰেমৰ সম্পৰ্কত নাহিলো হয়। কিয়নো মই কাৰোবাৰ জীৱনত আন কাৰোবাৰ ঠাই পূৰোঁৱাৰ বস্তু নহয়। মোক লাগে সঁচা ভালপোৱা সঁচা মৰম। তোমাৰ কালি আৰু আজি কোৱা কথাবোৰ মোক বহুত আঘাত কৰিলে অনুভৱ। আজি তুমি মোক চিৰদিনৰ বাবে হেৰুৱাই পেলাবা। এইবোৰ জনা পিছত যদি মই তোমাক সময় দিও তেন্তে মোৰ নিজস্বতাই নাথাকিব।শেষ কৰিছোঁ মই আমাৰ সম্পৰ্ক আজিয়েই। এতিয়াৰ পৰা তুমি free যোৱা যি গৰাকী তোমাৰ মনত আছে তালৈকে যোৱা।
অনুভৱ – প্ৰিয়া তুমি ভুল বুজিচা মই তোমাক ভালনোপোৱা নহয় ভাল পাওঁ কিন্তু তাইৰ সমান সৈতো ভাল পাব পৰা নাই। সেয়হে মোক মোক অলপ সময় দিয়া কেৱল অলপ সময়হে খুজিছোঁ তোমাৰ পৰা।
প্ৰিয়া – সময় বুলি একো কথা নহয় অনুভৱ তুমি যেতিয়া এইটো সম্পৰ্কত আহিব লৈছিলা তেতিয়াই ভাৱিব লাগিছিল যে তুমি তাইক একেবাৰে মনৰ পৰা উলিয়ালা নাই তাৰ পিছতহে যদি উলিয়ালা তেতিয়া হে আহিব লাগিছিল আন সম্পৰ্কত এতিয়া এইবোৰ কৈ কি লাভ কোৱা। কি জানা অনুভৱ মই কিন্তু তোমাৰ দৰে কেতিয়াও এনে ভুল নকৰোঁ যে কাৰোবাক পাহৰিবলৈ আন কাৰোবাৰ সহায় লোৱা। তোমাক পাহৰিবলৈ নিশ্চয় মোক সময় লাগিব কিন্তু যেতিয়া মই তোমাক সঁচাকৈয়ে মোৰ মন মগজু পৰা পাহৰি পেলাম তেতিয়াহে মই আন কাৰোবাক নিজৰ জীৱনলৈ অহাৰ সুযোগ দিম। এতিয়া যোৱা তুমি তোমাৰ ভাগে মই আজি আমাৰ সম্পৰ্ক ইয়াতেই শেষ কৰিছোঁ যাওঁ মই।
অনুভৱ – please প্ৰিয়া ৰখা প্ৰিয়া এনেকৈ সকলো শেষ কৰি নাযাবা অলপ সময় মাত্ৰ দিয়া মোক।
প্ৰিয়া – নাই নহব আৰু অনুভৱ মই যাব লাগিব। ভালে থাকা তুমি আৰু এতিয়া কেৱল ভগৱানৰ ওচৰত এয়াই প্ৰাথনা কৰোঁ জীৱনৰ বাটত যেন মই তোমাক আৰু কেতিয়াও লগ নাপাওঁ মোক যাব দিয়া অনুভৱ good bye
Read also: আদিত্য আৰু জাৰা: Assamese Love Story
My self Mahezubin Saikia. Working in Dev Library as a Content Writer. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Health, Finance, Biography, Quotes, Study Materials, and more.