Techniques of teaching Unit 3 শিক্ষাদানৰ পদ্ধতি আৰু দৃষ্টিকোণ, College and University Answer Bank for BA, and Post Graduate Notes and Guide Available here, Techniques of teaching Unit 3 শিক্ষাদানৰ পদ্ধতি আৰু দৃষ্টিকোণ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Techniques of teaching Unit 3 শিক্ষাদানৰ পদ্ধতি আৰু দৃষ্টিকোণ Question Answer can be of great value to excel in the examination.
Techniques of teaching Unit 3 শিক্ষাদানৰ পদ্ধতি আৰু দৃষ্টিকোণ
Techniques of teaching Unit 3 শিক্ষাদানৰ পদ্ধতি আৰু দৃষ্টিকোণ Notes cover all the exercise questions in UGC Syllabus. Techniques of teaching Unit 3 শিক্ষাদানৰ পদ্ধতি আৰু দৃষ্টিকোণ The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
২৮। হিউৰিষ্টিক পদ্ধতিৰ সীমাবদ্ধতা বা অসুবিধাসমূহৰ বিষয়ে লিখা। (Write the Demerits or Limitations of Heuristic Methods of Teaching.)
উত্তৰঃ হিউৰিষ্টিক শিক্ষাদান পদ্ধতিৰ বহুতো গুণাবলী বা সুবিধাসমূহ থকা স্বত্বেও বহুতো অসুবিধা বা দোষ থকা দেখা যায়।
হিউৰিষ্টিক পদ্ধতিৰ অসুবিধা বা দোষসমূহ তলত উল্লেখ কৰা হ’ল―
(ক) প্রাথমিক স্তৰৰ বাবে অনুপযোগী (Unsuitable for Primary Level): প্রাথমিক স্তৰৰ শিশুসকল মানসিকভাৱে অপৰিপক্ক বাবে নিজ প্রচেষ্টাৰে শিক্ষা আহৰণ কৰাত হিউৰিষ্টিক পদ্ধতি উপযোগী নহয়।
(খ) সৰহ সংখ্যক শিক্ষার্থী (Large Number of Students): অধিক সংখ্যক শিক্ষার্থী শ্ৰেণীকোঠাত থাকিলে হিউৰিষ্টিক পদ্ধতিৰে শিক্ষাদান কৰাত যথেষ্ট অসুবিধাৰ সৃষ্টি হয়।
(গ) সময় অত্যাধিক খৰচ (Excessive Cost of Time): হিউৰিষ্টিক পদ্ধতিত অত্যাধিক সময় অপচয় হোৱা দেখা যায়। হিউৰিষ্টিক পদ্ধতি ধীৰে – সুস্থিৰে শিকা এক পদ্ধতি।
(ঘ) শিক্ষকৰ সমস্যা (Problems of Teacher): এনে পদ্ধতিৰে শিক্ষাদান কৰিবলৈ শিক্ষক যথেষ্ট অভিজ্ঞ বা প্রশিক্ষণপ্রাপ্ত হ’ব লাগিব। প্রশিক্ষণপ্রাপ্ত শিক্ষকেহে এই পদ্ধতিৰে অতি সুন্দৰভাৱে শিক্ষা প্ৰদান কৰিব পাৰে।
(ঙ) গৱেষণাৰ ওপৰত অত্যাধিক গুৰুত্ব (Importance of Research Work): এই পদ্ধতিত গৱেষণাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হয়। ইয়াত ফলাফলৰ ওপৰত গুৰুত্ব প্ৰদান কৰা নহয়।
(চ) পাঠ্যক্ৰমৰ অধিক চাপ প্রদান (Provide Pressure on Curriculum): হিউৰিষ্টিক পদ্ধতিৰ জৰিয়তে অধিক গধুৰ পাঠ্যক্ৰমৰ প্ৰয়োগ হোৱা দেখা যায়।
(ছ) উপস্থাপিত বিষয় তত্ত্বগধুৰ হোৱাৰ বিপৰীতে আমোদজনক হোৱা উচিত। হিউৰিষ্টিক পদ্ধতিৰে শিক্ষাদান কৰি শিক্ষাৰ্থীক প্ৰকৃত শিক্ষা প্ৰদান কৰিব পাৰি। এই পদ্ধতিৰ প্ৰয়োগ কৰি শিক্ষার্থীসকলে মুখস্থ বিদ্যাৰ পৰিৱৰ্তে কৰ্মকেন্দ্রিক নীতিৰ প্ৰয়োগ কৰি শিক্ষাৰ্থীসকলক অভিৰোচিত কৰিব লাগে। এই পদ্ধতিৰ জৰিয়তে আত্মনিৰ্ভৰশীল গুণ বঢ়াবলৈ আৰু মানসিক সচেতনতা জাগ্ৰত কৰিবলৈ হিউৰিষ্টিক পদ্ধতি অতি উপযোগী পদ্ধতি হিচাপে গণ্য কৰা হয়।
২৯। ক্ষুদ্র কমনৱেলথ্ শিক্ষাদান পদ্ধতিৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। (Mention the characteristic of little commonwealth methods of teaching.)
উত্তৰঃ ক্ষুদ্র কমনৱেলথ্ শিক্ষাদান পদ্ধতিৰ বৈশিষ্ট্যসমূহ তলত দিয়া ধৰণৰ―
(ক) উপযুক্ত পৰিৱেশ প্রদান (Provide Suitable Environment): শিক্ষার্থীসকলক ক্ষুদ্র কমনৱেলথ্ স্থাপন কৰি উপযুক্ত পৰিৱেশ প্ৰদান কৰা হয়।
(খ) উপযুক্ত নাগৰিকৰ গঠন (Appropriate Citizen Formation): ক্ষুদ্র কমনৱেলথৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল উপযুক্ত নাগৰিকৰ গঠন কৰা। অর্থাৎ শিক্ষার্থীসকলত স্বাভাৱিক পৰিৱেশ গঠন কৰি সুস্থ নাগৰিক গঠন কৰাত গুৰুত্ব প্ৰদান কৰে।
(গ) শাস্তি বা অৱদমন পৰিহাৰ (Avoiding Punishment or Repression): ক্ষুদ্র কমনৱেলথে শিক্ষাদান পদ্ধতিত শিশুসকলক শাস্তি প্ৰদানৰ বিৰোধিতা কৰে। শাস্তি বা অৱদমন পৰিহাৰ কৰি স্বাভাবিক বিকাশ সাধন কৰা হয়।
(ঘ) সচেতনতা বৃদ্ধি (Raising Awareness): শিক্ষার্থীসকলক সচেতন নাগৰিক হিচাপে গঢ় দিবলৈ চেষ্টা কৰা হৈছে ক্ষুদ্র কমনৱেলথৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য।
(ঙ) পাঠ্যক্ৰমৰ শিথিলতা (Relaxation of Curriculum): শিক্ষার্থীসকলক শিক্ষা গ্ৰহণৰ বাবে শিথিলতা প্ৰদান কৰা হয়। কঠোৰ অনুশাসন পৰিহাৰ কৰি স্বতঃস্ফূর্ত বিকাশ গুৰুত্ব প্ৰদান কৰা হয়।
৩০। স্কাউট আৰু গাইড আন্দোলনৰ উদ্দেশ্যসমূহ লিখা। (Write about the scout and guide Movement.)
উত্তৰঃ স্কাউট আৰু গাইড আন্দোলনৰ উদ্দেশ্যসমূহ হ’ল―
(ক) নিজ জীৱনৰ অভিজ্ঞতাৰ আধাৰত শিক্ষা প্ৰদান কৰাই হৈছে স্কাউট আৰু গাইড আন্দোলনৰ এক উদ্দেশ্য।
(খ) শিক্ষার্থীৰ খেলা প্রবৃত্তিক গঠনাত্মক ৰূপ প্ৰদান কৰা।
(গ) শিক্ষার্থীসকলক বিভিন্ন ধৰণৰ অভিজ্ঞতাভিত্তিক শিক্ষাত অংশগ্রহণ কৰোৱা।
(ঘ) শিক্ষার্থীৰ মনোদৈহিক প্ৰৱণতাসমূহৰ বিকাশ সাধন কৰা।
(ঙ) শ্ৰেণীকোঠাৰ ঠেক গণ্ডীৰ পৰা জীৱনৰ বহল ক্ষেত্ৰখনলৈ শিক্ষাৰ সম্প্ৰসাৰণ কৰা।
(চ) শিক্ষার্থীৰ মনত আত্ম – বিশ্বাস আৰু আত্ম – প্রত্যয়ৰ মনোভাৱৰ বিকাশ সাধন কৰা।
(ছ) শিক্ষার্থীসকলক বাস্তৱ জীৱনৰ সমস্যাৰ লগত সমাযোজন হোৱাত সহায় কৰা।
৩১। খেলাভিত্তিক পদ্ধতিৰে শিক্ষাদানৰ ফলত শিশুৰ দৈহিক বিকাশত কেনেধৰণে সহায় কৰে উল্লেখ কৰা।
উত্তৰঃ খেলাভিত্তিক পদ্ধতিৰে শিক্ষাদানৰ ফলত শিশুৰ দৈহিক বিকাশ সাধনত সহায় কৰে।
(ক) খেলাভিত্তিক পদ্ধতিৰ জৰিয়তে শিশুৱে পৰিৱেশত সুস্থভাৱে সমাযোজন হোৱাত সহায়ক হয়।
(খ) খেলাৰ মাধ্যমেৰে শিক্ষা প্ৰদানৰ ফলত শিশুৰ ৰক্ত সঞ্চালন প্রক্রিয়া স্বাভাৱিক গতিত চলে।
(গ) খেলাভিত্তিক পদ্ধতিৰে শিক্ষাগ্ৰহণৰ ফলত শিশুৰ দৈহিক নিয়ন্ত্রণ ক্ষমতা বৃদ্ধি হয়।
(ঘ) খেলাভিত্তিক পদ্ধতিৰ জৰিয়তে শিক্ষা আহৰণ কৰিলে শিশুৱে আনন্দ লাভ কৰে। ফলত শিশুৰ শাৰীৰিক আৰু মানসিক ৰোগো নিৰাময় হয়।
৩২। খেলাৰ জৰিয়তে প্ৰদান কৰা শিক্ষাৰ শৈক্ষিক গুৰুত্বসমূহৰ বিষয়ে আলোচনা কৰা। (Discuss the educational importance of learning through play.)
উত্তৰঃ খেলাৰ জৰিয়তে প্ৰদান কৰা শিক্ষাৰ শৈক্ষিক গুৰুত্ব তলত দিয়া ধৰণৰ―
(ক) আনন্দদায়ক কর্ম (Pleasant Action): খেলাৰ জৰিয়তে শিক্ষা আহৰণো শিশুক আনন্দ প্ৰদান কৰি কৰ্মস্পৃহা জাগ্ৰত কৰে।
(খ) মুক্ত অনুশাসন (Free Discipline): মুক্ত অনুশাসন প্ৰদান কৰি খেলাভিত্তিক পদ্ধতিৰ জৰিয়তে শিক্ষা প্ৰদান কৰা হয়।
(গ) আত্মপ্ৰকাশৰ বাবে উপযোগী (Suitable for Self Expression): খেলা জৰিয়তে প্ৰদান কৰা শিক্ষাদানে শিশুৰ নিজস্বতাক উন্মুক্তভাৱে আত্মপ্রকাশ কৰিবলৈ সুযোগ লাভ কৰে।
(ঘ) স্থায়ী আন প্রদান (Providing Lasting Knowledge): শিশুৱে নিজকে খেলাৰ মাজেৰে অভিৰোচিত কৰি আহৰণ কৰা আনৰ স্থায়ী ৰূপ দিব পাৰে। অৰ্থাৎ খেলাৰ জৰিয়তে লাভ কৰা জ্ঞান শিশুৰ বাবে স্থায়ী হোৱা দেখা যায়।
(ঙ) সৌন্দর্যবোধক মূল্যবোধৰ বিকাশ (Development of Aesthetic Values): খেলাভিত্তিক পদ্ধতিৰে শিক্ষা প্ৰদানৰ জৰিয়তে শিশুৰ সৌন্দৰ্যবোধক মূল্যবোধৰ বিকাশ সাধন হয়।
(চ) কামৰ মাজেৰে শিকাৰ সুযোগ (Opportunity to Learning by Doing): খেলাৰ জৰিয়তে জ্ঞান আহৰণে শিশুক মুখস্থ বিদ্যাৰ পৰিৱৰ্তে কৰ্মৰ মাজেৰে প্ৰত্যক্ষভাৱে জ্ঞান আহৰণ কৰাৰ পোষকতা কৰে।
(ছ) মনোবৈজ্ঞানিক দিশত গুৰুত্ব প্রদান (Emphasis on Psychological Aspect): খেলাভিত্তিক শিক্ষাপ্রদানে শিক্ষার্থীৰ ব্যক্তিগত বৈষম্যৰ প্ৰতি গুৰুত্ব আৰোপ কৰা দেখা যায়। অর্থাৎ শিশুৱে নিজৰ ৰুচি – অভিৰুচি, প্ৰৱণতাৰ আধাৰত শিক্ষা আহৰণ কৰাৰ সুযোগ লাভ কৰে।
৩৩। খেলাভিত্তিক পদ্ধতিৰ অসুবিধাসমূহ উল্লেখ কৰা। (Mention the demerits of play way methods.)
উত্তৰঃ খেলাভিত্তিক পদ্ধতিৰ অসুবিধাসমূহ তলত উল্লেখ কৰা হ’ল—
(ক) খেলা আৰু শিক্ষা আহৰণ সুকীয়া বিষয় হিচাপে একেলগে প্ৰদান কৰাটো যুক্তিসংগত বিষয় নহয়।
(খ) সকলো স্তৰৰ শিক্ষাৰ্থীৰ বাবে এক অনুপযোগী শিক্ষাদান পদ্ধতি। অর্থাৎ নিম্ন শ্ৰেণীৰ শিক্ষার্থীৰ বাবেহে ই উপযোগী পদ্ধতি।
(গ) প্রশিক্ষণপ্রাপ্ত শিক্ষকৰ অভাৱ এটা প্ৰধান দোষ হিচাপে গণ্য কৰা হয়। মণ্টেছৰী, কিণ্ডাৰগার্টেন, ডেল্টন পৰিকল্পনাৰ দৰে পদ্ধতিৰ জৰিয়তে শিক্ষা প্ৰদানৰ বাবে প্রশিক্ষণপ্রাপ্ত শিক্ষকৰ প্ৰয়োজনীয়তা উপলব্ধি কৰা হয়।
(ঘ) ব্যয়বহুল পদ্ধতি হিচাপে খেলাভিত্তিক পদ্ধতিক গণ্য কৰা হয়। কিয়নো খেলাৰ সঁজুলিৰ যোগান ধৰিবলৈ যথেষ্ট অৰ্থৰ প্রয়োজন হয়।
(ঙ) সতর্কতাৰ অভাৱ এই পদ্ধতিৰ আন এটা দোষ।
(চ) সময়ৰ সদব্যৱহাৰ কৰা নহয় বুলি কিছুমান বিশেষজ্ঞই মত পোষণ কৰে।
(ছ) সকলো বিষয়ৰ শিক্ষাদান খেলাভিত্তিক পদ্ধতিৰে প্ৰদান কৰাত অসুবিধা হয়। যেনে- গণিত, বিজ্ঞান আদি বিষয় খেলাভিত্তিক পদ্ধতিৰে প্ৰদান কৰাত যথেষ্ট অসুবিধাৰ সৃষ্টি হয়।
৩৪। কার্যভিত্তিক শিক্ষাদান পদ্ধতিৰ প্ৰকাৰসমূহ উল্লেখ কৰা। (Mention the types of activity methods in teaching.)
উত্তৰঃ কাৰ্য্যভিত্তিক শিক্ষাদান পদ্ধতিৰ প্ৰকাৰসমূহ তলত উল্লোখ কৰা হ’ল―
(ক) অনুসন্ধানমূলক কাৰ্য (Exploratory Activity): অনুসন্ধানমূলক কাৰ্য্যত শিক্ষক – শিক্ষাৰ্থীৰ যুটীয়া প্ৰচেষ্টাত শিক্ষানুষ্ঠানৰ আভ্যন্তৰীণ আৰু বাহ্যিক যি অনুসন্ধানমূলক কাৰ্য্য চলোৱা হয় তাকেই অনুসন্ধানমূলক কাৰ্য্য বোলে। অনুসন্ধানমূলক কাৰ্য্যৰ দ্বাৰা শিক্ষাৰ্থীৰ জ্ঞানৰ সংবর্দ্ধন কৰা হয়। প্রকল্প পদ্ধতি (Project Method)ত বিভিন্ন ধৰণৰ প্ৰশ্নাৱলী প্ৰয়োগ কৰি অনুসন্ধানমূলক কাৰ্য্য সম্পন্ন কৰা হয়।
(খ) গঠনমূলক বা সৃজনীমূলক কাৰ্য্য (Constructive Activity): গঠনমূলক বা সৃজনীমূলক কাৰ্য্য সম্পাদনৰ দ্বাৰা শিক্ষার্থীৰ গঠনাত্মক ক্ষমতাৰ বিকাশ বা সৃজনীশক্তিৰ বিকাশ হোৱা দেখা যায়। এনেধৰণৰ গঠনমূলক কামে শিক্ষার্থীসকলে আত্ম – প্রকাশ কৰিবলৈ সুবিধা পায়। শিক্ষাৰ্থীসকলৰ জ্ঞানমূলক দক্ষতাৰ মূল্যায়ন, সংশ্লেষণ, বিশ্লেষণ, প্রয়োগ, বোধ আৰু তথ্যৰ বিকাশ সাধন কৰাত সহায় কৰে।
(গ) প্রকাশমূলক কাৰ্য (Expressional Activity): প্রকাশমূলক কাৰ্য্যৰ দ্বাৰা শিক্ষার্থীসকলে সুপ্ত প্রতিভাৰ বিকাশ সাধন কৰিবলৈ সুবিধা পায়। সুপ্ত প্ৰতিভাৰ দ্বাৰা তেওঁলোকে আত্মপ্ৰকাশ কৰে। শিক্ষার্থীসকলে শিক্ষণীয় পৰিৱেশ পর্যবেক্ষণৰ জৰিয়তে শিক্ষার্থীসকলৰ আৱশ্যকতা অনুযায়ী নিৰ্দেশনা পৰামৰ্শ প্ৰদান কৰিব পাৰে, যেনে— সমাজসেৱা, বয়জ স্কাউট, গার্লচ গাইড আদি কাৰ্য্যসমূহ।
৩৫। কার্যভিত্তিক পদ্ধতিৰ বিভিন্ন ধৰণৰ কাৰ্য্যসমূহ উল্লেখ কৰা। (Mention the Different Activities of Activity Method.)
উত্তৰঃ কাৰ্য্যভিত্তিক পদ্ধতিৰ শিক্ষাদানৰ অন্তৰ্গত কাৰ্য্যসমূহ হ’ল—
(ক) স্থানীয় জৰীপ (Local Survey).
(খ) ক্লাৱ আৰু সমাজ (Clubs and Societies).
(গ) শৈক্ষিক ভ্রমণ (Educational Tour).
(ঘ) প্রকল্প (Project).
(ঙ) অভিৰুচি (Hobbies).
(চ) বিনোদনমূলক আৰু সাংস্কৃতিক কাৰ্যসূচী (Recreational and Cultural Programmed).
(ছ) প্রতিযোগিতা (Competition).
(জ) শিক্ষার্থী স্বায়ত্ব শাসন (Students Self – Government).
(ঝ) সমাজসেৱা দল (Social Service Squads).
(ঞ) শিবিৰ (Camping).
(ট) তর্কসভা, আলোচনা চক্র (Debates, Symposiums).
(ঠ) ব্যংগ সদন (Mock Parliaments).
(ড) খেলাভিত্তিক লিখিত সামাজিক গ্রন্থ (Writing of Community Books) ইত্যাদি।
৩৬। কার্যভিত্তিক শিক্ষাদান পদ্ধতিৰ গুৰুত্বসমূহ উল্লেখ কৰা। (Mention the importance of the Activity Method in teaching.)
উত্তৰঃ কার্যভিত্তিক শিক্ষাদান পদ্ধতিৰ গুৰুত্ব তলত উল্লেখ কৰা হ’ল-
(ক) কার্যভিত্তিক শিক্ষাদান পদ্ধতিয়ে ব্যক্তিৰ সৰ্বাঙ্গীন বিকাশ সাধন কৰে।
(খ) কার্যভিত্তিক শিক্ষাদান পদ্ধতি বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ আধাৰত প্ৰতিষ্ঠিত।
(গ) কাৰ্য্যভিত্তিক শিক্ষাদান পদ্ধতিয়ে শিক্ষার্থীৰ মনোদৈহিক বিকাশ সাধনত সহায় কৰে।
(ঘ) সামাজিক চেতনাৰ বিকাশ সাধনত সহায় কৰে।
(ঙ) শিক্ষার্থীৰ মাজত সৌহার্দ্যপূর্ণ মনোভাৱৰ বিকাশ সাধন হয়।
(চ) শিক্ষার্থীৰ সুপ্ত ক্ষমতাৰ বিকাশত কাৰ্য্যভিত্তিক পদ্ধতিয়ে যথেষ্ট সহায় কৰে।
(ছ) শিক্ষার্থীৰ মাজত সামাজিক চেতনাৰ বিকাশ সাধন হয়।
(জ) শিক্ষার্থীয়ে কার্য্যভিত্তিক পদ্ধতিৰ সহায়ত অতি সহজে আত্ম – প্ৰকাশ কৰিব পাৰে।
(ঝ) শিক্ষার্থীয়ে সহজাত প্রবৃত্তিৰ উন্নীতকৰণ কাৰ্য্যভিত্তিক পদ্ধতিৰে সহজে কৰিব পাৰে।
(ঞ) শিক্ষার্থীসকলক নৈতিকতাৰ প্ৰশিক্ষণ কাৰ্য্যভিত্তিক পদ্ধতিৰ দ্বাৰা প্ৰদান কৰিব পাৰি।
(ট) শিক্ষাৰ্থীসকলে কাৰ্য্যৰ দ্বাৰা নিয়মানুৱৰ্তিতা জাগ্ৰত কৰিব পাৰে।
(ঠ) সমাজৰ লগত ঘনিষ্ঠ সম্পৰ্কে স্থাপন কৰাত কাৰ্য্যভিত্তিক পদ্ধতিয়ে যথেষ্ট অৰিহণা যোগায়।
(ড) শিক্ষক – শিক্ষাৰ্থীৰ মাজত মধুৰ সম্পৰ্ক স্থাপন কৰাত কাৰ্য্যভিত্তিক পদ্ধতিয়ে সহায় কৰে।
(ঢ) শিক্ষার্থীসকলক জ্ঞান প্রদানৰ উপৰিও দক্ষতা প্ৰদানতো কাৰ্য্যভিত্তিক পদ্ধতিয়ে সহায় কৰে।
(ণ) শিক্ষার্থীসকলক আবেগিক ক্ষমতা প্ৰদান কৰাত কাৰ্য্যভিত্তিক পদ্ধতিয়ে যথেষ্ট সহায় কৰে।
(ত) শিক্ষাৰ্থীসকলৰ মনোভাৱৰ প্ৰকাশ কৰাত কাৰ্য্যভিত্তিক পদ্ধতিৰ ভূমিকা গুৰুত্বপূৰ্ণ।
৩৭। আলোচনা পদ্ধতি বুলিলে কি বুজা? আলোচনা পদ্ধতি প্ৰস্তুতকৰণৰ স্তৰসমূহ উল্লেখ কৰা? (What do you mean by Discussion Method? Mention the steps of preparation of Discussion Method.)
উত্তৰঃ শিক্ষাদানৰ আন এটা গুৰুত্বপূৰ্ণ পদ্ধতি হ’ল আলোচনা পদ্ধতি। এই পদ্ধতিটোক ‘চক্রেটিক পদ্ধতি’ বুলিও কোৱা হয়। ইয়াত ছাত্ৰ আৰু শিক্ষকৰ মাজত ভাবৰ আদান – প্ৰদান কৰা হয়। ইয়াত কোনো এটা বিষয়বস্তুৰ আধাৰত চিন্তা, যুক্তিসহকাৰে শিক্ষক আৰু শিক্ষাৰ্থীসকলে বিষয়বস্তু পুংখানুপুংখভাৱে আলোচনা কৰে। এই পদ্ধতিত উভয় পক্ষই স্বাধীনভাৱে আত্মপ্রকাশ কৰিবলৈ সুযোগ লাভ কৰে। এই পদ্ধতি গণতান্ত্রিক বিধৰ কিয়নো ছাত্র – ছাত্রীসকলে মুক্ত মনেৰে নিজৰ জ্ঞান বিস্তৃতভাৱে আলোচনা কৰিব পাৰে। আলোচনা পদ্ধতিৰে শিক্ষাদান কৰোতে বিষয়বস্তুৰ ওপৰত গভীৰ জ্ঞান অত্যন্ত জৰুৰী। বিষয়বস্তুৰ জ্ঞান অবিহনে শিক্ষার্থীসকলে আলোচনাত অংশগ্ৰহণ কৰিব নোৱাৰে। এই পদ্ধতিটোত ইজনে সিজনৰ আলোচনাৰ পৰা নতুন নতুন তথ্যৰ দ্বাৰা জ্ঞানৰ পৰিবৰ্ধন কৰিবলৈ সক্ষম হয়। এনেধৰণৰ আলোচনাৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ চিন্তাশক্তিৰ বিকাশ সাধন হয়।
তলত আলোচনা পদ্ধতি প্ৰস্তুতকৰণৰ স্তৰসমূহ আলোচনা কৰা হ’ল―
১। দিশ নির্দেশ (Orientation): দিশ নির্দেশ স্তৰটোত তলত উল্লেখ কৰা বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়। যেনে-
(ক) আলোচ্য বিষয়ৰ বিষয়বস্তু প্রদান কৰা।
(খ) প্রশ্নসমূহ স্পষ্টভাৱে ব্যাখ্যা কৰা।
(গ) শিক্ষার্থীসকলে কেনেদৰে আলোচনা প্ৰস্তুত কৰিব তাৰ ব্যাখ্যা কৰা।
(ঘ) কেনেদৰে আলোচ্য বিষয়ৰ বর্ণনা প্রস্তুত কৰিব তাৰ ব্যাখ্যা কৰা।
(ঙ) শিক্ষার্থীসকলক চিন্তা কৰিবলৈ উৎসাহ যোগোৱা।
২। কাৰ্য্য (Engagement): কাৰ্য্য স্তৰটোত তলত উল্লেখ কৰা বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে। যেনে-
(ক) এটা পৰিৱেশৰ বিকাশ সাধন কৰিব লাগে।
(খ) আলোচনা কৰিবলগা বিষয়ৰ প্ৰশ্নসমূহ স্পষ্টৰূপত প্ৰকাশ কৰা।
(গ) শিক্ষার্থীসকলক শব্দৰ প্ৰকৃত অৰ্থৰ প্ৰশ্নকৰণ কৰা।
(ঘ) প্রয়োজন সাপেক্ষে শিক্ষার্থীসকলক সহায় আগবঢ়োৱা।
(ঙ) প্রত্যেক শিক্ষাৰ্থীৰ প্ৰশ্নৰ উত্তৰসমূহলৈ বাট চাব লাগে।
(চ) আলোচনা কৰা বিষয়টোত পুনৰ প্ৰকাশ ৰূপ প্ৰদান কৰা।
(ছ) অগ্ৰগতিৰ তথ্য সংগ্ৰহ কৰিব লাগে।
(জ) আলোচ্য বিষয়ৰ সামৰণি মূল্যায়ন বা সাৰাংশৰ জৰিয়তে কৰা।
৩। বার্তালাপ (Debrief): বার্তালাপসমূহত তলত দিয়া বিষয়সমূহ অন্তর্ভুক্ত হোৱা উচিত। যেনে-
(ক) শিক্ষার্থীসকলক নিজৰ টোকা প্ৰস্তুত কৰিবৰ বাবে অনুমতি প্ৰদান কৰা।
(খ) শিক্ষার্থীসকলে জানিব বিচৰা বিষয়ৰ জ্ঞান প্ৰদান কৰা।
৩৮। আলোচনা পদ্ধতিৰ শিক্ষা প্ৰদান কৰা নীতিসমূহ উল্লেখ কৰা। (Mention the Principles of Discussion Method.)
উত্তৰঃ আলোচনাৰ জৰিয়তে প্ৰদান কৰা শিক্ষাৰ কিছুমান নীতি আছে। তলত উল্লেখ কৰা নীতিসমূহৰ আধাৰত আলোচনা পদ্ধতিৰে শিক্ষা প্ৰদান কৰা হয়।
(ক) আলোচনা কৰা বিষয়বস্তু বুজিহে উদ্দেশ্যসমূহ স্পষ্টভাৱে ব্যাখ্যা কৰা উচিত যাতে সকলো শিক্ষার্থীয়ে বুজি পায়।
(খ) শিক্ষার্থীসকলক অতি সাৱধানতাৰে শিক্ষকে বিষয়বস্তুৰ জ্ঞান প্ৰদান কৰা উচিত।
(গ) শিক্ষাৰ্থীৰ বাবে প্ৰশ্ন কৰাত সাৱধানতাৰে কৰা উচিত।
(ঘ) আলোচনাত অংশগ্ৰহণ কৰা প্রত্যেক শিক্ষার্থী বা ব্যক্তিৰ বিষয়বস্তুৰ প্ৰতি সূক্ষ্ম জ্ঞান থাকা উচিত।
(ঙ) নেতৃত্ব দিয়া ব্যক্তি বা নির্দেশকজনে আলোচ্য বিষয়বস্তুৰ নিৰ্দিষ্ট বিষয়ত কেন্দ্ৰীভূত কৰা উচিত।
(চ) আলোচ্য বিষয়বস্তুৰ তথ্য সংৰক্ষণ কৰিব লাগে।
(ছ) প্রত্যেক ব্যক্তি বা শিক্ষার্থীৰ দলক বিষয়বস্তুত অংশগ্ৰহণ কৰিবলৈ প্ৰেৰণা যোগাব লাগে।
(জ) আলোচনা সদায় এটি ৰিপৰ্ট বা লিখিত বিৱৰণৰ জৰিয়তে সমাপ্ত কৰিব লাগে।
৩৯। আলোচনা পদ্ধতিৰ সুবিধা / গুণাৱলীসমূহ উল্লেখ কৰা। (Mention the Merits / Advantages of Discussion Method.)
উত্তৰঃ আলোচনা পদ্ধতিৰ সুবিধা বা গুণাৱলীসমূহ তলত উল্লেখ কৰা ধৰণৰ —
(ক) শিক্ষাদানতকৈ এই পদ্ধতিত শিক্ষা আহৰণত বা শিক্ষণত অধিক গুৰুত্ব প্ৰদান কৰা হয়। (Emphasis on Learning Instead of Teaching)।
(খ) প্রত্যেকেই অংশগ্ৰহণৰ সুযোগ লাভ কৰে (Participation by Everybody)।
(গ) গণতান্ত্রিক পদ্ধতিৰে চিন্তা কৰাত গুৰুত্ব প্রদান (Fostering Democratic Way of Thinking)।
(ঘ) এই পদ্ধতিৰে শিক্ষাদানৰ জৰিয়তে শিক্ষণৰ চিন্তাসূচক পৰ্যায়ৰ প্ৰশিক্ষণ দিয়া হয় (Training in Reflective Thinking)।
(ঙ) আত্ম – প্ৰকাশ কৰাৰ সুযোগ প্ৰদান কৰা হয় (Training in Self – Expression)।
(চ) এই পদ্ধতি অতি আকষর্ণীয় (It is very Attractive Method of Learning)।
৪০। আলোচনা পদ্ধতিৰ অসুবিধাসমূহ উল্লেখ কৰা। (Mention the Demerits / Disadvantages of Discussion Methods.)
উত্তৰঃ তলত আলোচনা পদ্ধতিৰ অসুবিধাসমূহ উল্লেখ কৰা হ’ল—
(ক) এই পদ্ধতি শ্ৰম আৰু সময় খৰচী পদ্ধতি (More Time and Effort Consuming Method)।
(খ) এই পদ্ধতিত আলোচ্য বিষয়ৰ কোনো সমাধানৰ দ্বাৰা শেষ নহয় (May not be End with Solution)।
(গ) প্রকৃত প্রস্তুতিয়েহে এটা আলোচনাৰ কৃতকাৰ্য্যতা নিৰ্ভৰ কৰে (Success of Discussion is Based on Good Preparation)।
(ঘ) এই পদ্ধতিৰে শিক্ষাদানত কৰিলে আৱেগিক অৱসাদৰ সৃষ্টি কৰে।
(ঙ) এই পদ্ধতিৰে শিক্ষাদান কৰোতে কেইজনমান ছাত্র – ছাত্রীয়েহে আলোচনাত অংশগ্রহণ কৰা দেখা যায়।
৪১। আৰোহী পদ্ধতিৰে শিক্ষাদানৰ সুবিধাসমূহ উল্লেখ কৰা। (Mention the advantages of inductive Methods in teaching)
উত্তৰঃ আৰোহী পদ্ধতিৰ সুবিধাসমূহ তলত দিয়া হ’ল—
(ক) এই পদ্ধতিৰ শিক্ষাদানৰ জৰিয়তে শিক্ষাৰ্থীৰ যৌক্তিক ক্ষমতা বৃদ্ধি পায়। যুক্তি – তিন কৰিহে শিকন – শিক্ষণ আগবঢ়াই নিয়া হয়।
(খ) আৰোহী পদ্ধতিত কোনো মুখস্থ বিদ্যাৰ স্থান নাই। কিয়নো, শিক্ষার্থীয়ে এনে পদ্ধতিৰে শিকিলে বিষয়বস্তুৰ সূত্ৰ, নীতি তথা ইয়াৰ মাজৰ সম্পৰ্কবোৰ আৱিষ্কাৰ কৰাৰ সুযোগ লাভ কৰে।
(গ) এই পদ্ধতিৰে শিক্ষাদানৰ জৰিয়তে শিক্ষার্থীৰ বৈজ্ঞানিক মনোভাৱৰ বিকাশ সাধন হয় আৰু শিক্ষাৰ্থীসকলক পৰীক্ষণ তথা অনুসন্ধানৰ জৰিয়তে শিক্ষাদানত উৎসাহিত কৰা হয়।
(ঘ) এনে পদ্ধতিৰে শিক্ষাদানৰ জৰিয়তে শিক্ষার্থীসকলক মানসিকভাৱে সক্ৰিয় কৰি ৰাখি পাৰি।
(ঙ) শিক্ষার্থীসকলক পূৰ্বজ্ঞান পৰীক্ষাৰ জৰিয়তে আৰোহী পদ্ধতিৰে শিক্ষাদান কৰিবলৈ সহজ হয়।
(চ) আৰোহী পদ্ধতিৰে শিক্ষাৰ্থীসকলক শিক্ষা প্ৰদান কৰিলে বিষয়বস্তু অতি সহজসাধ্য হয় কিয়নো উদাহৰণ তথা প্রমাণ সহকাৰে বিষয়বস্তুৰ উপস্থাপনে বিষয়টো অতি সহজসাধ্য হৈ পৰে।
(ছ) আৰোহী পদ্ধতিৰে শিক্ষাদান কৰিলে শিক্ষার্থীসকলক আত্মবিশ্বাসী তথা আত্মনিৰ্ভৰশীল কৰি তুলিব পাৰি।
৪২। আৰোহী পদ্ধতিৰ দোষ / সীমাবদ্ধতাসমূহ উল্লেখ কৰা। (Mention the Limitations / Disadvantages of Inductive Method)
উত্তৰঃ আৰোহী পদ্ধতিৰ দোষ বা সীমাবদ্ধতা তলত উল্লেখ কৰা হ’ল―
(ক) অধিক সময়ৰ প্রয়োজন (Required More Time): এই পদ্ধতি অতি সময় খৰচান্ত এক পদ্ধতি। কিয়নো এই পদ্ধতিৰে শিক্ষাদান কৰিবলৈ যথেষ্ট কষ্ট আৰু সময়ৰ প্রয়োজন হয়।
(খ) আৰোহী পদ্ধতিত ক্ৰটিৰ সম্ভাৱনা অধিক (Chances of Error are High in Inductive): এই পদ্ধতি ত্রুটিযুক্ত এক পদ্ধতি। এই পদ্ধতিৰে শিক্ষাদান কৰোতে বিষয়বস্তুৰ সূক্ষ্ম পর্যবেক্ষণ নকৰিলে গ্ৰহণ কৰা সিদ্ধান্ত বা সূত্ৰবোৰ ত্রুটিপূর্ণ হোৱাৰ সম্ভাৱনা থাকে।
(গ) সাময়িকভাৱে প্রয়োজনীয় বুলি গণ্য কৰা এক পদ্ধতি (Dismethod is Considered a Temporary Requirement): এই পদ্ধতিৰে শিক্ষাদানৰ জৰিয়তে উচিত সিদ্ধান্তত উপনীত হোৱালৈকেহে এই পদ্ধতি আৱশ্যক হয়।
(ঘ) সার্বজনীন নহয় (Not Universal): এই পদ্ধতি সকলোৰে বাবে শিক্ষাদানৰ বাবে উপযোগী পদ্ধতি নহয়। কিয়নো মানসিকভাৱে বিকাৰগ্রস্ত বা অস্বাভাবিক শিশুসকলৰ বাবে এই পদ্ধতি উপযোগী নহয়।
(ঙ) প্রশিক্ষণপ্রাপ্ত শিক্ষকৰ অভাৱ (Lack of Trained Teacher): এই পদ্ধতিৰে শিক্ষাদান কৰিবলৈ শিক্ষকজন অভিজ্ঞ পুষ্ট বা প্রশিক্ষিত হ’ব লাগিব। দক্ষ বা অভিজ্ঞ শিক্ষকৰ অভাৱ এই পদ্ধতিৰ শিক্ষাদানত যথেষ্ট দেখা পোৱা যায়।
৪৩। অৱৰোহী পদ্ধতি বুলিলে কি বুজা? অৱৰোহী পদ্ধতিৰ সুবিধা আৰু অসুবিধা সমূহ উল্লেখ কৰা। (What do you mean by Deductive Method? Mention the advantages and disadvantages of Deductive Method.)
উত্তৰঃ আৰোহী পদ্ধতিৰ সম্পূৰ্ণ বিপৰীত পদ্ধতি হ’ল অৱৰোহী পদ্ধতি। ইয়াত বিষয়বস্তুবোৰ উদাহৰণৰ সহায়ত মূৰ্ত ৰূপ (Concrete) দিবলৈ চেষ্টা কৰা হয়। বিষয়বস্তুবোৰ উদাহৰণৰ জৰিয়তে দেখুওৱাবলৈ বিচৰা হয় আৰু উপনীত হ’ব লগা সিদ্ধান্তক পুনৰ বিশ্লেষণ কৰি সেই সিদ্ধান্তৰ বিশুদ্ধতা প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰা হয়।
অৱৰোহী পদ্ধতিৰ সুবিধা বা গুণসমূহ তলত উল্লেখ কৰা ধৰণৰ —
(ক) অৱৰোহী পদ্ধতিয়ে আৰোহী পদ্ধতিৰ দোষ ত্রুটি নিৰাময় কৰে।
(খ) শিক্ষার্থীয়ে শৈক্ষিক সমস্যাৰ সমাধান কৰিবলৈ এনে পদ্ধতি ব্যৱহাৰ কৰে।
(গ) অৱৰোহী পদ্ধতিৰে শিক্ষাদান কৰিলে সহজে আৰু মিতব্যয়ীভাৱে শিক্ষাদান কৰিব পাৰি।
(ঘ) শিক্ষার্থীয়ে কিছুমান সূত্র বা সিদ্ধান্তৰ সত্যতা অৱৰোহী পদ্ধতিৰ সহায়ত বিশ্লেষণ কৰিব পাৰে।
অৱৰোহী পদ্ধতিৰ অসুবিধাসমূহ হ’ল—
(ক) উদাহৰণৰ সহায়েৰে অৱৰোহী পদ্ধতি ব্যৱহাৰ কৰি সিদ্ধান্তত উপনীত হোৱা দেখা যায়। গতিকে, সিদ্ধান্তৰ বৈধতা বা নিৰ্ভৰযোগ্যতা ৰক্ষা কৰিবলৈ হ’লে সঠিক উদাহৰণৰ ব্যৱহাৰ নকৰিলে অৱৰোহী পদ্ধতি বুজি পোৱাত অসুবিধা হয়।
(খ) অৱৰোহী পদ্ধতি যান্ত্ৰিক বিধৰ। কিয়নো, সূত্ৰটো প্ৰথমে মুখস্থ হ’লেহে পিছত অগ্ৰসৰ হ’ব পাৰি।
(গ) অৱৰোহী পদ্ধতি মৌখিক সংকেতৰ ওপৰত নিৰ্ভৰশীল এক পদ্ধতি। ইয়াত শিক্ষার্থীসকলে সূত্ৰটো মুখস্থ কৰিব লগা হয়।
(ঘ) মানসিকভাৱে অনগ্ৰসৰ শিক্ষাৰ্থীৰ বাবে এই পদ্ধতি ফলপ্রসু নহয়।
৪৪। শিক্ষাদানত ব্যাকৰণ পদ্ধতিৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। (Mention the Characteristics of Grammar Translation Method.)
উত্তৰঃ GTM বা Grammar Translation Method বা পদ্ধতি হ’ল এনে এক পদ্ধতি যিটোৰ জৰিয়তে ভাষা অধ্যয়ন কৰিবলৈ সুবিধা হয়। ব্যাকৰণ পদ্ধতিৰ জৰিয়তে ভাষা শিকাৰ লগতে শব্দ আৰু বাক্য অধ্যয়ন কৰিবলৈ সুবিধা হয়।
GTM পদ্ধতিৰ বৈশিষ্ট্যসমূহ তলত দিয়া ধৰণৰ—
১। এই পদ্ধতিটোৰ জৰিয়তে শব্দ আৰু বাক্যৰ অনুবাদ মাতৃভাষালৈ কৰিবলৈ সুবিধা হয়।
২। অনুবাদ পদ্ধতিৰ অনুশীলনৰ জৰিয়তে গন্তব্য ভাষা বা অন্যান্য ভাষাক মাতৃভাষালৈ অনুবাদ কৰি বুজিবলৈ সুবিধা হয়।
৩। অনুবাদ পদ্ধতি নিয়ম অনুসাৰে শিকোৱা হয়। অর্থাৎ উপস্থাপন আৰু নিয়ম অনুসৰি অনুবাদ পদ্ধতি শিকাবলৈ চেষ্টা কৰা হয়।
৪। এই পদ্ধতিত সঠিকতাক গুৰুত্ব প্ৰদান কৰা হয়।
৫। শব্দাৱলীসমূহ দ্বি – ভাষাযুক্ত শব্দকোষ আৰু শব্দৰ স্মৰণৰ জৰিয়তে শিকোৱা হয়।
৬। ব্যাকৰণ পদ্ধতিত লিখা আৰু পঢ়া কৌশলত অধিক গুৰুত্ব দিয়া হয় আৰু শুনা আৰু কথা কোৱাৰ ওপৰত কম গুৰুত্ব প্ৰদান কৰা হয়।
৭। শিক্ষার্থীসকলক মাতৃভাষাৰ বিষয়বস্তু ব্যাখ্যা কৰি তুলনামূলকভাৱে গন্তব্য (বিদেশী) ভাষা শিকোৱা হয়।
৮। অনুবাদ পদ্ধতি শিক্ষককেন্দ্রিক। ইয়াত শিক্ষার্থীসকলৰ ভূমিকা নিষ্ক্রীয় থাকে।
৯। এই পদ্ধতিত শিকণৰ একক হ’ল শব্দ। অর্থাৎ অনুবাদ শব্দগত।
১০। এই পদ্ধতি মাতৃভাষাকেন্দ্রিক শিক্ষা।
১১। শিক্ষকে ব্যাকৰণৰ নীতি – নিয়মসমূহ এই পদ্ধতিৰে প্ৰদান কৰাত গুৰুত্ব দিয়ে।
১২। শিক্ষার্থীসকলক অৱৰোহী পদ্ধতি (Deductive Method) ৰ জৰিয়তে শিক্ষাদান কৰা হয়। শিক্ষাৰ্থীসকলক প্ৰথমে সূত্র বা উদাহৰণৰ সহায়ত সিদ্ধান্তত উপনীত হ’বলৈ শিকোৱা হয়।
১৩। বিষয়বস্তুৰ জ্ঞান বা অৰ্থতকৈও নিয়মসমূহৰ জ্ঞান প্ৰদানত অধিক গুৰুত্ব আৰোপ কৰা হয়।
১৪। এই পদ্ধতিত পুথিক কেন্দ্ৰ কৰি শিক্ষা প্ৰদান কৰা হয়।
১৫। দৈনন্দিন যোগাযোগৰ মাধ্যম হিচাপে ইংৰাজী ভাষা ব্যৱহাৰ কৰাত যথেষ্ট সুবিধা হয়।
৪৫। শিক্ষাদানত ব্যাকৰণ অনুবাদ পদ্ধতিৰ সুবিধাসমূহ উল্লেখ কৰা। (Mention the advantages of Grammar Translation Method in teaching.)
উত্তৰঃ তলত ব্যাকৰণ অনুবাদ পদ্ধতিৰ সুবিধাসমূহ উল্লেখ কৰা হ’ল—
১। এই পদ্ধতিটোৱে সময় যথেষ্ট ৰাহি কৰে।
২। শিক্ষাৰ্থীসকলৰ শব্দকোষৰ জ্ঞান বৃদ্ধি কৰাত এই পদ্ধতিয়ে সহায় কৰে।
৩। এই পদ্ধতিটোৱে শব্দ অৰ্থ বুজি পোৱাত সহায় কৰে।
৪। এই পদ্ধতিৰে শিক্ষণৰ জৰিয়তে পুৰণি আৰু নতুন ধাৰণাৰ সংযোগ সাধনত সহায়ক হয়। এই পদ্ধতি আর্জিত সিদ্ধান্তৰ ওপৰত প্ৰতিষ্ঠিত।
৫। এই পদ্ধতিৰ দ্বাৰা পুৰণি আৰু নতুন ধাৰণা (বিদেশী ভাষা আৰু মাতৃভাষা) ৰ মাজৰ সম্বন্ধ দৃঢ় হয়।
৬। এই পদ্ধতিৰে শিক্ষণৰ নীতি “জনাৰ পৰা নজনালৈ” অনুকৰণ কৰে।
৭। এই পদ্ধতিৰে ইংৰাজীৰ জ্ঞান শুদ্ধকৈ শিকাত সহায় কৰে। ব্যাকৰণৰ নীতিৰ উচিত প্রয়োগেৰে শুদ্ধ ইংৰাজীৰ জ্ঞান আহৰণ কৰিব পাৰি।
৮। এই পদ্ধতিটো শিক্ষকৰ ব্যৱহাৰৰ বাবে অতি সহজ আৰু সুবিধাজনক। কিয়নো, এই পদ্ধতিৰে শিক্ষাদান কৰিবলৈ কোনো সঁজুলিৰ প্ৰয়োজন নহয়।
৯। শিক্ষাৰ্থীসকলৰ অনুবাদ কৰা কলাৰ বৃদ্ধি কৰাত এই পদ্ধতি যথেষ্ট সহায়কাৰী।
১০। এই পদ্ধতিয়ে শিক্ষাৰ্থীৰ বোধগম্যতাৰ বিচাৰ কৰাত সহায় কৰে।
১১। এই পদ্ধতিয়ে শিক্ষাৰ্থীসকলক ইংৰাজী ভাষা জ্ঞান আৰু মাতৃভাষাৰ জ্ঞান স্পষ্ট কৰাত সহায় কৰে।
১২। এই পদ্ধতি সকলো পৰিস্থিতিতে ব্যৱহাৰ কৰিব পাৰি। অধিক সংখ্যক শিক্ষাৰ্থীৰ বাবে শ্ৰেণীকোঠাত ব্যৱহাৰোপযোগী এক পদ্ধতি।
১৩। শিক্ষাৰ্থীৰ শব্দৰ বিকাশ দ্রুতভাৱে হয়।
১৪। এই পদ্ধতিৰে শিক্ষাদানৰ জৰিয়তে কঠিন আৰু নতুন শব্দৰ স্পষ্টতা আৰু শুদ্ধতা লাভত সহায়ক হয়।
১৫। শিকন – শিক্ষণত ই এক মিতব্যয়ী পদ্ধতি। এনে পদ্ধতিৰে শিক্ষাদান কৰিলে শিক্ষকৰ পৰিশ্ৰম কম হয়।
৪৬। ব্যাকৰণ পদ্ধতিৰ সীমাবদ্ধতাসমূহ উল্লেখ কৰা। (Mention the Limitations of Grammar Translation Method.)
উত্তৰঃ এই পদ্ধতিৰ যথেষ্ট সুবিধা বা গুণাৱলী থাকিলেও বহুতো অসুবিধা বা সীমাবদ্ধতা থকা দেখা যায়।
ইংৰাজী ভাষাৰ শিক্ষা প্ৰদানত দেখা দিয়া অসুবিধাসমূহ হ’ল—
১। এই পদ্ধতিৰে শিক্ষাদান কৰিলে কোৱা, লিখা আৰু পঢ়াক গুৰুত্ব প্ৰদান কৰা নহয়।
২। অনুবাদ পদ্ধতিৰ জৰিয়তে শব্দৰ পৰা প্ৰকৃত শব্দ অনুবাদ কৰাত অসুবিধা।
৩। অনুবাদ পদ্ধতিৰ সহায়ত ইংৰাজী ভাষাৰ নিয়মসমূহ শিকাত গুৰুত্ব আৰোপ কৰা হয়। ইয়াত ব্যাকৰণৰ ব্যৱহাৰৰ বিষয়ে গুৰুত্ব আৰোপ কম কৰা হয়। ভাষা হৈছে এটা কৌশলপূর্ণ বিষয়। অভ্যাসৰ জৰিয়তেহে ভাষা শিকা হয়, ভাষা শিকাত সূত্ৰবোৰ মুখস্থ কৰা নহয়।
৪। এই পদ্ধতিৰে মাতৃভাষাত চিন্তা কৰা আৰু ইংৰাজী ভাষালৈ অনুবাদ কৰিবলৈ সুবিধা হয়। গতিকে, ইয়াত মুক্ত স্বাধীনতা নাথাকে।
৫। এই পদ্ধতিটো নিষ্ক্রিয় আৰু যান্ত্ৰিক। কিয়নো, সূত্ৰবোৰ মুখস্থ কৰি নিয়মৰ মাজেৰে অগ্ৰসৰ হোৱা যায়।
৬। উচ্চাৰণত কম গুৰুত্ব আৰোপ কৰা হয়।
৭। ইংৰাজী ভাষাৰ নিজৰ সাংস্কৃতিক ফকৰা – যোজনাৰ অনুবাদৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হয়।
৮। শিক্ষাৰ্থীসকলৰ পুথিগত শিক্ষা লাভতহে এই পদ্ধতি উপযোগী ইয়াত শিক্ষাৰ্থীসকলে স্বাধীনভাৱে আত্ম প্রকাশ কৰিব নোৱাৰে।
৯। ই অতি নিষ্ক্রিয় আৰু অমনোযোগী পদ্ধতি।
১০। ইয়াত শিক্ষার্থীসকলে নিষ্ক্রিয় শ্রোতাৰ ভূমিকা গ্ৰহণ কৰে।
৪৭। ব্যাকৰণ অনুবাদ পদ্ধতি উন্নিতকৰণৰ বাবে আগবঢ়োৱা পৰামৰ্শসমূহ উল্লেখ কৰা। (Mention the Suggestions for Improvement of Grammar Translation Methods.)
উত্তৰঃ ব্যাকৰণ অনুবাদ পদ্ধতি উন্নিতকৰণৰ বাবে আগবঢ়োৱা পৰামৰ্শসমূহ হ’ল―
১। ডাঙৰ শ্ৰেণীসমূহ সৰু সৰু শাখাত (Section)ত বিভক্ত কৰিব লাগে।
২। প্রশ্নসমূহ শ্ৰেণীকোঠাত সমভাৱে বিতৰণ কৰা উচিত।
৩। শিক্ষকে ইংৰাজী ভাষাত শুদ্ধ উচ্চাৰণ প্ৰয়োগ কৰি কথা কোৱা উচিত।
৪। শিক্ষকে শুদ্ধ ব্যাকৰণ প্ৰয়োগ কৰা উচিত।
৫। শিক্ষকে ভাৰতীয় বা আঞ্চলিক ভাষাৰ লগত ইংৰাজী ভাষাৰ পাৰ্থক্যসমূহ গুৰুত্ব সহকাৰে বুজাই দিয়া উচিত।
৬। শিক্ষার্থীসকলক অধিক পৰিমাণে লিখিত কাম প্ৰদান কৰা উচিত।
৭। দলীয় কাম যেনে— কবিতা পাঠ আদি কৰ্ম সম্পাদনত উৎসাহিত কৰা উচিত।
৪৮। শিক্ষাদানৰ প্ৰত্যক্ষ পদ্ধতিৰ উদ্দেশ্য আৰু বৈশিষ্ট্যসমূহ উল্লেখ কৰা। (Mention the Objectives of Direct Method in teaching.)
উত্তৰঃ প্ৰত্যক্ষ পদ্ধতিৰে কিছুমান উদ্দেশ্য তলত দিয়া ধৰণৰ —
১। শিক্ষার্থীসকলক ইংৰাজী ভাষাৰে চিন্তা কৰা ক্ষমতাৰ বিকাশ সাধন কৰা।
২। শিক্ষার্থীসকলে নিজৰ চিন্তা আৰু ধাৰণাসমূহ মাতৃভাষাত বাধা নোহোৱাকৈ প্ৰকাশ কৰা।
৩। শিক্ষাৰ্থীসকলৰ ইংৰাজী ভাষা শুনা বা পঢ়াৰ দক্ষতাৰ বিকাশ সাধন কৰা।
৪। শিক্ষার্থীসকলৰ ভাষাগত এক বাস্তৱিক আদেশ প্রাপ্তিৰ বাবে।
প্রত্যক্ষ পদ্ধতিৰ বৈশিষ্ট্যসমূহ হ’ল—
১। শ্ৰেণীকোঠাত অনুবাদৰ প্ৰত্যেকটো ৰূপ নিষিদ্ধ হয়।
২। শব্দৰ অৰ্থ বস্তুৰ অৰ্থ বা প্রাকৃতিক বিষয়ৰ ওপৰত ভিত্তি কৰি শিকোৱা হয়।
৩। মৌখিক শিক্ষাদান লিখা বা পঢ়াৰ আধাৰত অগ্ৰসৰ হয়।
৪। ব্যাকৰণ, আগমনাত্মক পদ্ধতিৰে শিকোৱা হয়।
৫। ব্যাকৰণ পৰোক্ষভাৱে উদাহৰণসহ নিয়মসমূহ শিকোৱা হয়।
৪৯। শিক্ষাদানৰ প্ৰত্যক্ষ পদ্ধতিৰ সুবিধা আৰু অসুবিধাসমূহ আলোচনা কৰা। (Discuss the Advantages and disadvantages of Direct Method.)
উত্তৰঃ প্ৰত্যক্ষ পদ্ধতিৰ সুবিধাসমূহ তলত আলোচনা কৰা হ’ল—
১। প্রত্যক্ষ সংযোগ (Direct Bond): এই পদ্ধতিৰে শিক্ষাদানৰ ফলত প্রত্যক্ষ সংযোগ সম্ভৱ হয়। অর্থাৎ শব্দ আৰু ধাৰণা, শব্দ আৰু অভিজ্ঞতাৰ মাজত এটা প্ৰত্যক্ষ যোগাযোগ হয়। এই পদ্ধতিৰে শিক্ষাৰ্থীক শব্দৰ প্ৰকৃত অৰ্থ বুজি পোৱাত সহায়ক হয়। উদাহৰণ- আলু শব্দৰ অৰ্থ বা ধাৰণা প্ৰদান কৰোতে আলু শিক্ষাৰ্থীৰ আগত প্ৰদৰ্শন কৰিলে স্পষ্ট ধাৰণা লাভত সহায়ক হয়।
২। বাক্য হৈছে একক (Sentence as Unit): শিক্ষাদানৰ একক হৈছে বাক্য, শব্দ – নহয়।
৩। দৃশ্য – আৰ্য্য সঁজুলি (Audio – Visual Aids): শিক্ষাদান কৰোতে দৃশ্য – শ্রাব্য সঁজুলি ব্যৱহাৰ কৰি বুজালে অর্থ স্পষ্ট হয়।
৪। কথাত জোৰ প্ৰদান (Stress on Speech): প্রত্যক্ষ সংযোগ মৌখিক শিক্ষা প্ৰদানৰ জৰিয়তেহে সম্ভব হয়।
৫। মাতৃভাষাৰ ব্যৱহাৰ নিষিদ্ধ (The use of Mother Tongue is not Allowed): এই পদ্ধতিৰে শিক্ষাদানত মাতৃভাষাৰ ব্যৱহাৰ নিষিদ্ধ। কিয়নো মাতৃভাষা ব্যৱহাৰ কৰি শিক্ষাদান কৰিলে ইংৰাজী ভাষা আয়ত্ব কৰিবলৈ কঠিন হয়। অর্থাৎ যদি ইংৰাজীত চিন্তা কৰি লয় তেতিয়া ইংৰাজী শিক্ষা আহৰণ অতি সহজ হৈ পৰে।
৬। আগমন পদ্ধতিৰে শিক্ষাদান (Grammar is Taught Inductively): ব্যাকৰণ শিক্ষাদানৰ বাবে বিশেষ কোনো জটিলতা নাই। শিক্ষার্থীসকলে নিজেই ব্যাকৰণৰ নীতি – নিয়মসমূহ শিকি প্ৰয়োগ কৰিব পাৰে।
৭। শিক্ষণৰ ৰীতি – বিধিৰ ব্যৱহাৰ (Use of Teaching Method): শিক্ষণৰ বিধিৰ প্ৰয়োগেৰে এই পদ্ধতিত শিক্ষাদান কৰা হয়। যেনে—
(ক) সৰলৰ পৰা জটিলতালৈ অগ্ৰসৰ হোৱা।
(খ) মূৰ্তৰ পৰা বিমূৰ্তলৈ অগ্ৰসৰ হোৱা।
৮। শব্দাৱলীৰ শিক্ষাদান (Vocabulary Taught): সিদ্ধান্তসমূহৰ বাচনি আৰু উন্নয়নৰ পিছতেই শব্দাৱলীৰ জ্ঞান প্ৰদান কৰা হয়।
৯। উচ্চাৰণৰ প্ৰণালীবদ্ধ ব্যৱহাৰ (Systematic Teaching of Pronunciation): এই পদ্ধতিত উচ্চাৰণবোৰ প্ৰণালীবদ্ধভাৱে ব্যৱহাৰ কৰিব লাগে।
১০। প্রশ্ন সোধা (Questions Asked): এই পদ্ধতিত শিক্ষকে বিভিন্ন ধৰণৰ প্ৰশ্ন সুধিব পাৰে।
১১। ইংৰাজী শিক্ষাদানৰ উদ্দেশ্যৰ অন্তৰ্ভুক্ত (It covers Objectives of English Teaching): এই পদ্ধতিত শিক্ষকে উদ্দেশ্যৰ অন্তৰ্ভুক্তিৰে শিক্ষাদান কৰে।
১২। আগ্রহী পদ্ধতি (Interesting Method): এই পদ্ধতিটো অতি মনোযোগী পদ্ধতি। ইয়াত শিক্ষকে বিভিন্ন ধৰণৰ কাৰ্য্যসূচীৰ অন্তৰ্ভুক্তিৰে শিক্ষাদান মনোগ্ৰাহী কৰি তুলিব পাৰে।
১৩। মুখস্থ বিদ্যাৰ পৰিহাৰ (Cramming Discouraged): এই পদ্ধতিৰ শিক্ষাদানত শব্দ আৰু ইয়াৰ অৰ্থসমূহ মুখস্থ কৰাত গুৰুত্ব দিয়া নহয়।
১৪। উন্নত উচ্চাৰণ (Better Pronunciation): এই পদ্ধতিত মৌখিক কামক অধিক প্রাধান্য দিয়া হয় কিয়নো ই শিশুৰ শব্দ উচ্চাৰণ উন্নত কৰে।
১৫। মনোবৈজ্ঞানিকভাবে সুস্থ (Psychologically Sound): এই পদ্ধতি মনোবৈজ্ঞানিকভাৱে সুস্থ কিয়নো ই শিক্ষার্থীকেন্দ্রিক।
প্রত্যক্ষ পদ্ধতিৰ অসুবিধাসমূহ হ’ল—
১। ই পদ্ধতি নহয় (No Method): P. Gurrey আৰু Dr. West য়ে এই পদ্ধতিক কোনো এক পদ্ধতি নহয় বুলি গণ্য কৰিছিল। তেওঁলোকৰ মতে ই এক নীতিহে।
২। অসম্পূর্ণ পদ্ধতি (Incomplete Method): ই এক অসম্পূর্ণ পদ্ধতি, কিয়নো ইয়াত কেৱল মৌখিক দিশক গুৰুত্ব আৰোপ কৰি পঢ়া আৰু লিখা দিশটোক আওকাণ কৰা হয়।
৩। কষ্টকৰ পদ্ধতি (Laborious Method): পাঠ পৰিকল্পনাৰ বাবে এনে পদ্ধতিত শিক্ষকে যথেষ্ট সময় অতিবাহিত কৰিব লগা হয়।
৪। ব্যাকৰণক আওকাণ (Grammar Neglected): এই পদ্ধতিত ব্যাকৰণ প্রণালীবদ্ধভাৱে শিক্ষাদান কৰা নহয়।
৫। বিভ্রান্তিকৰ (Confusions): এই পদ্ধতি এক বিভ্রান্তিকৰ পদ্ধতি হিচাপে পৰিগণিত। কিয়নো, কেতিয়াবা শিক্ষাৰ্থীসকলক শব্দৰ অৰ্থ আৰু শিশুক অভিজ্ঞতাসমূহ বুজাই দিয়াত অসুবিধা হয়।
৬। প্রণালীবদ্ধ নহয় (Unsystematic): ইয়াত শিক্ষাৰ্থীসকলক লিখা আৰু পঢ়াৰ প্ৰতি গুৰুত্ব আৰোপ কৰা নহয়।
৭। ব্যয়বহুল (Expensive): ই এক ব্যয়বহুল পদ্ধতি। অধিক দৃশ্য – শ্রাব্য সঁজুলিৰ ব্যৱহাৰ ইয়াত কৰা হয়।
৮। জনপ্রিয় নহয় (Not Popular): এই পদ্ধতিৰে ইংৰাজী শিক্ষাদান কৰা শিক্ষক যথেষ্ট কম সংখ্যক থকা বাবে ই সকলোতে জনপ্ৰিয় হৈ উঠা নাই। ই বিশেষকৈ ভাৰতবৰ্ষত জনপ্রিয় নহয় কিয়নো, প্রশিক্ষণপ্রাপ্ত শিক্ষকৰ যথেষ্ট অভাৱ দেখা যায়।
৯। ইংৰাজী ভাষাত চিন্তা নকৰা (No Thinking in English): বহুতো শিক্ষাবিদে মত পোষণ কৰে যে, শিশুৱে মাতৃভাষাত চিন্তা কৰি ইংৰাজীত কথা কয়।
১০। আশাব্যঞ্জক ফলাফল লাভ নহয় (No Desired Results): এই পদ্ধতিৰে শিক্ষাদানত আশাব্যঞ্জক ফলাফল লাভ কৰা নহয়। ভাৰতবৰ্ষত এই পদ্ধতিৰে শিক্ষাদানৰ ফলাফলত কোনো অগ্রগতি লাভ কৰা দেখা নাযায়।
৫০। ব্যাকৰণ অনুবাদ পদ্ধতি আৰু প্ৰত্যক্ষ পদ্ধতিৰ পাৰ্থক্যসমূহ উল্লেখ কৰা। (Mention the Difference between Grammar and Translation Method and Direct Method.)
উত্তৰঃ ব্যাকৰণ অনুবাদ পদ্ধতি আৰু প্ৰত্যক্ষ পদ্ধতিৰ পাৰ্থক্যসমূহ হ’ল―
ব্যাকৰণ অনুবাদ পদ্ধতি | প্রত্যক্ষ পদ্ধতি |
১। লিখিত সাহিত্য পঢ়াৰ ক্ষেত্ৰত দক্ষতা আহৰণ কৰে। | ১। নিৰ্দিষ্ট ভাষাৰ সহায়েৰে যোগাযোগ ৰক্ষাৰ ক্ষেত্ৰত এই পদ্ধতি সহায়ক হয়। |
২৷ এই পদ্ধতি শিক্ষককেন্দ্রিক। | ২। এই পদ্ধতিত শিক্ষা আহৰণৰ বাবে শিক্ষক শিক্ষার্থী উভয়ৰে দায়িত্ব আছে। |
৩। এই পদ্ধতিৰ জৰিয়তে শিক্ষার্থীয়ে ভাষাৰ অনুবাদ কাৰ্য (এটাৰ পৰা আন এটা ভাষালৈ) কৰিব লগা হয় বাবে ভাষাৰ সম্ভাৰ / জ্ঞান আয়ত্ত কৰিব লগা হয়। | ৩। এই পদ্ধতিৰ জৰিয়তে নিৰ্ধাৰিত ভাষাৰ লগত প্ৰত্যক্ষ যোগাযোগ সম্ভৱ হয়। ইয়াত শিক্ষার্থীয়ে নতুন শব্দ শিকি ৰাজ্য গঠন কৰে বাবে শব্দৰ ভাণ্ডাৰ বৃদ্ধি হয়। |
৪। এই পদ্ধতিৰ জৰিয়তে শিক্ষক – শিক্ষাৰ্থীৰ মাজত কোনো ভাৱৰ বিনিময় নহয় বাবে যোগাযোগ ৰক্ষা কৰা কঠিন হয়। | ৪। এই পদ্ধতিৰ জৰিয়তে শিক্ষক – শিক্ষাৰ্থীৰ মাজত ভাৱৰ বিনিময় সঘনে হয় বাবে প্রত্যক্ষ যোগাযোগ সম্ভৱ হয়। |
৫। এই পদ্ধতিত সাহিত্যক অগ্ৰাধিকাৰ প্ৰমাণ কৰা হয়। | ৫। এই পদ্ধতিত ভাষাৰ লিখিত জ্ঞানতকৈ কথনশৈলীত অধিক গুৰুত্ব দিয়া হয়। |
৬। এই পদ্ধতি শব্দ জ্ঞান আৰু ব্যাকৰণৰ সূত্ৰক মনত ৰখাত অধিক গুৰুত্ব প্ৰদান কৰা হয়। | ৬। এই পদ্ধতিত কেৱল শব্দ জ্ঞান শিকাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়। |
৭। এই পদ্ধতিৰ জৰিয়তে দেশীয় ভাষা যথেষ্টভাৱে ব্যৱহাৰ কৰা হয়। | ৭। এই পদ্ধতিৰ জৰিয়তে দেশীয় ভাষা ব্যৱহাৰ কৰা নহয়। |
৮। এই পদ্ধতিৰ জৰিয়তে তৎক্ষণাৎ ভূল শুধৰাবলৈ সক্ষম হয়। | ৮। এই পদ্ধতিত শিক্ষকে শিক্ষার্থীসকলক ভুল শুধাৰবলৈ জোৰ দিয়ে। |
৯। অৱৰোহী পদ্ধতি এনে শিক্ষাদানত ব্যৱহাৰ কৰা হয়। | ৯। আগ্রহী পদ্ধতিৰ ব্যৱহাৰ এই পদ্ধতিৰ শিক্ষাদানত ব্যৱহাৰ হয়। |
১০। শিক্ষাৰ্থীৰ ভূমিকা নিষ্ক্রিয়। | ১০। শিক্ষার্থীয়ে সক্রিয় ভূমিকা পালন কৰে। |
৫১। শিক্ষাদানৰ সংৰচনাত্মক দৃষ্টিভঙ্গীৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। (Mention the Characteristics of Structural Approach.)
উত্তৰঃ শিক্ষাদানৰ সংৰচনাত্মক দৃষ্টিভঙ্গীৰ বৈশিষ্ট্যসমূহ হ’ল—
১। কথনৰ ওপৰত গুৰুত্ব (Importance of Speech): ইংৰাজী ভাষা শিক্ষাদান কথনৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হয়। প্রথমে শিক্ষার্থীক মৌখিক / কথিত জ্ঞান প্রদান কৰি লিখন আৰু পঠনত গুৰুত্ব প্ৰদান কৰা হয়।
২। অভ্যাস গঠনত গুৰুত্ব (Importance of Habit Formation): ইয়াত শিক্ষাৰ্থীসকলক বাৰে বাৰে অনুশীলনৰ জৰিয়তে অভ্যাস গঠন কৰাব লাগে।
৩। শিক্ষার্থীসকলক কাৰ্য্য কৰিবলৈ গুৰুত্ব প্ৰদান (Importance of Pupils Activity): এই পদ্ধতিত শিক্ষার্থীসকলক অধিক সক্ৰিয় কৰি ৰাখিবলৈ অধিক কাৰ্য কৰাব লাগে।
৪। সংৰচনাৰ জ্ঞান আয়ত্ত্বত গুৰুত্ব প্রদান (Importance of Mastery of Structure): শিক্ষার্থীসকলক বাক্য গঠনৰ প্ৰকৃত জ্ঞানৰ শিক্ষা প্ৰদান কৰিব লাগে। শব্দাৱলীৰ অৰ্থতকৈ বাক্য গঠনত অধিক গুৰুত্ব প্রদান কৰা।
৫। এটা সময়ত এটা বিষয়ৰ জ্ঞানহে প্ৰদান কৰা উচিত (Importance of Teaching One Item at a Time)।
৬। সঁজুলিৰ উপযুক্ত বাচনি আৰু উন্নয়ন (Proper Selection and gradation of materials): শিক্ষণীয় সঁজুলিৰ বাচনি আৰু উন্নয়ন উপযুক্ত হোৱা উচিত।
৫২। শিক্ষাদানৰ গঠনমূলক দৃষ্টিভংগীৰ সুবিধা আৰু অসুবিধাসমূহ উল্লেখ কৰা। (Mention the Merits and demerits of Structural Approach.)
উত্তৰঃ তলত গঠনমূলক দৃষ্টিভংগীৰ সুবিধা / গুণাগুণসমূহ উল্লেখ কৰা হ’ল―
১। শিক্ষাৰ্থীসকলৰ শুদ্ধ, স্পষ্ট উচ্চাৰণেৰে কখনৰ দক্ষতা বৃদ্ধি হয়।
২। এই পদ্ধতিৰে অভ্যাস গঠনত সহায়কাৰী অর্থাৎ ইংৰাজী ভাষাৰ আয়ত্ব কৰাত সহায়কাৰী।
৩। শিক্ষার্থীসকলক অনুশীলনে ভুলৰ সংখ্যা কমোৱাত সহায় কৰে।
৪। কথনত অধিক গুৰুত্ব প্ৰদান কৰা হয়। অর্থাৎ মৌখিক দিশৰ শিক্ষাদানত অধিক গুৰুত্ব প্রদান।
৫। প্রণালীবদ্ধভাৱে উপস্থাপন আৰু ব্যৱহাৰত গুৰুত্ব প্রদান।
৬। শিকন – শিক্ষণ পৰিৱেশৰ ভিত্তিত অৰ্থপূৰ্ণ হয়।
৭। এই পদ্ধতি সকলো স্তৰৰ বাবে উপযোগী।
৮। এই পদ্ধতি গদ্য আৰু পদ্য উভয় ক্ষেত্ৰত ব্যৱহাৰ হয়।
৯। শিক্ষার্থীসকলে তেওঁলোকৰ মনোভাব আৰু ধাৰণা স্বাধীনভাৱে প্ৰকাশ কৰিব পাৰে।
১০। এই পদ্ধতি বিজ্ঞানসন্মত নীতিৰ আধাৰত প্রতিষ্ঠিত।
গঠনমূলক দৃষ্টিভংগীৰ অসুবিধাসমূহ হ’ল-
১। এই পদ্ধতি নিম্নশ্রেণীৰ শিক্ষাৰ্থীসকলৰ বাবেহে উপযোগী।
২। ভাল নির্বাচনিমূলক বাক্যৰ স্বৰূপৰ বিষয়েহে শিক্ষাদান সম্ভৱ হয়।
৩। শিক্ষাদানৰ বাবে শিক্ষকসকলক উপযুক্ত প্ৰশিক্ষণৰ প্ৰয়োজন হয়। গতিকে, স্বাভাৱিক শিক্ষকসকলক প্রশিক্ষণ প্ৰদান কৰাটো অতি কষ্টকৰ বিষয়।
৪। এই পদ্ধতিটোৰ জৰিয়তে যান্ত্রিক অনুশীলনত গুৰুত্ব প্রদান কৰা হয়।
৫। অধিক সংখ্যক শিক্ষার্থী থকা শ্ৰেণীকোঠাত এই পদ্ধতি ফলপ্রসূ নহয়।
৬। এই পদ্ধতিৰে শিক্ষাদান কৰিবলৈ শিক্ষকে কষ্ট / জটিলতা অনুভৱ কৰে।
৭। অধিক দৃশ্য – শ্রাব্য সঁজুলিৰ ব্যৱহাৰ হোৱা বাবে ই এক ব্যয়বহুল পদ্ধতি।
৮। এই পদ্ধতিৰে গোটেই পাঠ্যসূচী সময়মতে সমাপ্ত কৰিবলৈ অসুবিধা হয়।
৯। পাঠ্যপুথিৰ জ্ঞান প্ৰদান কৰিবলৈ ই অনুপযোগী পদ্ধতি।
১০। এই পদ্ধতিৰ গদ্য, পদ্য, ব্যাকৰণ আৰু উচ্চাৰণৰ জ্ঞান প্ৰদান সম্ভৱ নহয়।
৫৩। যোগাযোগমূলক দৃষ্টিভংগীৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। (Mention the Characteristics of Communicative Approach.)
উত্তৰঃ যোগাযোগমূলক দৃষ্টিভংগীৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল-
১। লক্ষ্য ভাষাৰ শিক্ষাগ্ৰহণৰ যোগেদিহে লক্ষ্য ভাষাৰ যোগাযোগ সম্ভৱ। ইয়াত লক্ষ্য ভাষাৰে যোগাযোগ কৰিবলৈ শিক্ষার্থীসকলক অনুপ্ৰেৰণা যোগায়।
২। যোগাযোগমূলক দৃষ্টিভংগীয়ে ভাষাৰ গঠনতকৈ যোগাযোগকহে অধিক প্রাধান্য দিয়া দেখা যায়।
৩। লক্ষ্য ভাষাৰ ভাষিক উপাদানসমূহ লক্ষ্য ভাষাৰ যোগাযোগ প্ৰক্ৰিয়াৰ জটিলতাৰ যোগেদি আহৰণ কৰিব পাৰি।
৪। লক্ষ্য ভাষাৰ গ্ৰহণযোগ্যতা বিষয় অনুসৰি সলসলীয়া ৰূপত ব্যৱহাৰত গুৰুত্ব আৰোপ কৰা হয়।
৫। অৰ্থ প্ৰকাশৰ এনে প্ৰণালী হৈছে ভাষা। গতিকে, যোগাযোগমূলক পদ্ধতিৰে ব্যক্তিয়ে মনৰ ভাব বা অৰ্থ প্ৰকাশ কৰে।
৬। ভাব, বিনিময় আৰু যোগাযোগ হৈছে ভাষাৰ মৌলিক কাৰ্য্যকাৰিতা।
৭। ভাষাৰ কাৰ্য্যকাৰিতা আৰু যোগাযোগৰ ব্যৱহাৰ ভাষাৰ গঠনৰ ওপৰত নিৰ্ভৰ কৰে।
৮। কথন অনুসৰি কাৰ্য্যকাৰিতামূলক আক যোগাযোগমূলক দৃষ্টিভংগী হৈছে ভাষাৰ একক।
৯। ভাষাৰ মূল কাৰ্য্য হৈছে যোগাযোগ।
১০। ভাষাৰ উচ্চাৰণৰ বোধগম্যতা অতি আবশ্যকীয় বিষয়।
১১ আৱশ্যক অনুযায়ী অনুবাদৰ ব্যৱহাৰ যোগাযোগেও কৰিব লাগে।
১২। ভাষাৰ আয়ত্বৰ বাবে আৰম্ভণিৰে পৰা পঠন আৰু লিখনৰ ব্যৱহাৰ কৰিব লাগে।
৫৪। যোগাযোগ পদ্ধতিৰ সুবিধা আৰু অসুবিধাসমূহ উল্লেখ কৰা। (Mention the Merits and demerits of Communicative Approach.)
উত্তৰঃ যোগাযোগ পদ্ধতিৰ সুবিধাসমূহ তলত দিয়া ধৰণৰ —
১। এই পদ্ধতিৰ জৰিয়তে ভাষাৰ ব্যৱহাৰ / অভ্যাস বহুলভাৱে হয়।
২। ছাত্র – ছাত্রীসকলে ভাষা শিক্ষণত বেছি জড়িত হোৱাৰ সুবিধা পায়।
৩। এই পদ্ধতিত কথন কৌশলৰ পটুতা বৃদ্ধি পায়।
৪। সহযোগিতামূলক সম্বন্ধৰ সৃষ্টি এই পদ্ধতিৰ জৰিয়তে সহজে হয়।
৫। এই পদ্ধতি পৰিস্থিতি সাপেক্ষ, অৰ্থপূৰ্ণ আৰু আন ব্যক্তিক সহজে অভিৰোচিত কৰিব পাৰি।
৬। এই পদ্ধতিত ব্যক্তিয়ে দক্ষতা, স্পষ্টতা আৰু শুদ্ধতাৰে ভাষা আয়ত্ব কৰিবলৈ সক্ষম হয়।
৭। শিক্ষার্থীয়ে অধিক ভাষাৰ ব্যৱহাৰৰ জ্ঞান লাভ কৰে।
৮। ভাষাৰ জ্ঞান এই পদ্ধতিৰ জৰিয়তে স্থায়ী হয়।
৯। শিক্ষার্থীসকলে এই পদ্ধতিৰ জৰিয়তে অধিক ভাষা শিকিবলৈ প্ৰেৰণা লাভ কৰে।
১০। শিক্ষা এটা নিজস্ব অনুশীলন প্রক্রিয়া। অর্থাৎ অভ্যাসে / অনুশীলনে এজন ব্যক্তিক দক্ষ ব্যক্তি হিচাপে পৰিগণিত কৰে।
যোগাযোগ পদ্ধতিৰ অসুবিধাসমূহ হ’ল—
১। যোগাযোগ পদ্ধতিৰ সফলতাৰ বাবে শিক্ষকজন দক্ষ হ’ব লাগিব। দক্ষতা সম্পন্ন শিক্ষকৰ অভাৱ এই পদ্ধতিৰ এটা প্ৰধান অসুবিধা।
২। এই পদ্ধতিত কেৱল কথনত গুৰুত্ব আৰোপ কৰা হয়। পঠন আৰু লিখন কৌশলৰ গুৰুত্ব ইয়াত নাথাকে।
৩। জনাকীর্ণ শ্ৰেণীৰ (Over – crowded Class) বাবে এই পদ্ধতি অসুবিধাজনক।
৪। ইংৰাজী ভাষাত দখল নথকা শিক্ষকে প্রকৃত যোগাযোগ কৰিবলৈ অসমৰ্থ হয়।
৫। ব্যাকৰণৰ নিয়ম / সূত্র উপস্থাপন আৰু আলোচনা কৰোতে শিক্ষার্থীয়ে কম মনোযোগ দিয়া দেখা যায়।
৫৫। শ্রেণী কক্ষত ব্যৱহাৰ হোৱা যোগাযোগ পদ্ধতিৰ পদ্ধতিসমূহৰ বিষয়ে লিখা। (Write about the communication methods used in the classroom.)
উত্তৰঃ শ্ৰেণী কক্ষত ব্যৱহাৰ হোৱা যোগাযোগ পদ্ধতিৰ পদ্ধতিসমূহ হ’ল—
১। খেলাভিত্তিক পদ্ধতি (Play Way Method): এই পদ্ধতিৰে প্ৰদান কৰা ভাষা খেলা জড়িয়তে মৌখিক যোগাযোগৰ দক্ষতাৰ বিকাশ হয়। ভাষা খেলা পদ্ধতি যেনে— শব্দ শিকা (word hunt), শব্দৰ গঠন (word building), শব্দৰ জটিলতা (word puzzle), a গতিৰে কথন (tongue twister) আদি ব্যৱহাৰ কৰা হয়।
২। মন শক্তিশালী কৰা কাৰ্য (Mind Energizing Tasks): যোগাযোগমূলক কাৰ্য্যত শিকাৰুৱে মন শক্তিশালী কৰি শিকিলে ভাষা শিক্ষণ সম্ভৱ হয়। বহুতো সমস্যা সমাধানমূলক কাৰ্য্যৰ জৰিয়তে যোগাযোগমূলক পদ্ধতিৰে মন দৃঢ় কৰিব পাৰি।
৩। চৰিত্ৰৰ অভিনয় (Role Play): বহুতো যোগাযোগমূলক পদ্ধতিত গ্ৰহণ কৰা পদ্ধতি হৈছে ‘চৰিত্ৰৰ অভিনয়’। অর্থাৎ বহুতো মানুহক একেলগে বাৰ্তা প্ৰেৰণৰ বাবে এই পদ্ধতি অতি উপযুক্ত পদ্ধতি হিচাপে গণ্য কৰা হয়।
৪। পাঠ্যক্ৰমৰ পুনৰুদ্ধাৰ (Retrieving Text Order): এই পদ্ধতিত সংঘৰ্ষৰে বাক্য আৰু ছবিৰে পাঠ্যক্ৰমৰ পুনৰুদ্ধাৰ কৰা হয়।
৫। দলীয় কর্ম (Group Work): দলীয় কৰ্মৰ দ্বাৰা যোগাযোগ হৈছে অতি গুৰুত্বপূৰ্ণ পদ্ধতি।
৬। অন্যান্য পদ্ধতি যেনে— সাধুকথা কোৱা, প্রশ্ন – উত্তৰ কৌশল, সাক্ষাৎকাৰ, তর্ক, দলীয় আলোচনা, মতামত প্রকাশ, উক্তি প্রদান, ঘটনাৰ বিৱৰণ, চিঠি লিখন, বচন লিখন, জাননী আদি।
৫৬। চমুটোকা লিখাঃ (Write short notes.)
(ক) মণ্টেছৰী পদ্ধতি (Montessori Method):
উত্তৰঃ খেলাভিত্তিক পদ্ধতিৰ আন এটা জনপ্রিয় শিক্ষাদান পদ্ধতি হ’ল মণ্টেছৰী পদ্ধতি। ডাঃ মেৰিয়া মণ্টেছৰী নামৰ ইটালি দেশৰ এগৰাকী চিকিৎসক তথা শিক্ষয়িত্ৰী। তেওঁ হীন বুদ্ধিৰ শিশুসকলৰ (Feeble Minded Children) বিকাশৰ বাবে এনে এক অভিনৱ শিক্ষাদান পদ্ধতিৰ উদ্ভাৱন কৰিছিল। তেখেতৰ নামেৰে মণ্টেছৰী পদ্ধতি (Montessori Method) নামাকৰণ কৰা হয়। তেওঁ ৪ বছৰৰ পৰা ৭ বছৰ বয়সৰ শিশুসকলক শিক্ষা প্ৰদান কৰিবলৈ মন্টেছৰী পদ্ধতি স্থাপন কৰিছিল। এনে বিদ্যালয়ত এগৰাকী পৰিচালিকা আৰু এজন সহায়কাৰী হিচাপে এজন চিকিৎসক থাকে। শিক্ষার্থীসকলক পূর্ণ স্বাধীনতাৰে শিক্ষা গ্ৰহণ কৰিবলৈ সুযোগ প্ৰদান কৰাই এনে বিদ্যালয়ৰ উদ্দেশ্য।
(খ) কিণ্ডাৰগার্টেন পদ্ধতি (Kindergarten Method):
উত্তৰঃ খেলাভিত্তিক শিক্ষাদানৰ এক অতি জনপ্রিয় শিক্ষাদান পদ্ধতি হ’ল ‘কিণ্ডাৰগার্টেন পদ্ধতি’। খেলাৰ মাজেৰে শিশুক কিণ্ডাৰগার্টেন পদ্ধতিৰে শিক্ষা প্ৰদান কৰা হয়। কিণ্ডাৰগার্টেন শব্দৰ ইংৰাজী প্রতিশব্দ ‘Kindergarden’ জার্মান ভাষাৰ পৰা উৎপত্তি হৈছে। ‘কিণ্ডাৰ’ মানে শিশু আৰু ‘গার্টেন’ মানে হ’ল বাগিছা। কিণ্ডাৰগার্টেন মানে হ’ল ‘শিশুৰ বাগিছা’ বা ‘ফুলনি’। কিণ্ডাৰগার্টেন পদ্ধতিৰ উদ্ভাৱক ফ্ৰৱেলৰ মতে, বিদ্যালয়খন এখন ফুলনি বা বাগিছা আৰু শিক্ষকজন বাগিছা খনৰ মালীৰ দৰে। অৰ্থাৎ মালীয়ে যিদৰে ফুলনি চোৱা – চিতা কৰি ফুলৰ যত্ন লয়, ঠিক তেনেদৰে শিশুৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা দেখা যায়।
ফ্ৰেডৰিক ৱেলহেল্ম আগষ্ট ফ্রৱেল (Friedrich Wilhelm August Froebel) (১৭৮২ – ১৮৬২) নামৰ জাৰ্মানীৰ শিক্ষা দাৰ্শনিক গৰাকীয়ে ১৮৩৭ চনত ‘কিণ্ডাৰগার্টেন’ নামৰ বিদ্যালয় স্থাপন কৰে। এই কিণ্ডাৰগার্টেন স্কুল জাৰ্মানৰ ব্লেকেন বার্গত (Blackenburg) ত অৱস্থিত। এই বিদ্যালয়খনত ৪ – ৭ বছৰ বয়সৰ শিশুসকলক শিক্ষাদানৰ ব্যৱস্থা কৰা হয়।
(গ) শিক্ষার্থীকেন্দ্রিক / শিশুকেন্দ্রিক শিক্ষাদান পদ্ধতি (Child-Centric Approach)।
উত্তৰঃ শিক্ষার্থীকেন্দ্ৰিক বা শিশুকেন্দ্রিক শিক্ষাদান পদ্ধতিত শিশু বা শিক্ষাৰ্থীৰ স্থান মুখ্য, শিক্ষকৰ স্থান গৌণ। শিক্ষাদানৰ মূল কেন্দ্রবিন্দু হ’ল শিক্ষাৰ্থীসকল। ইয়াত শিশুসকলৰ ৰুচি, অভিৰুচি, আগ্রহ, আশা – আকাঙ্খা আদিৰ ওপৰত ভিত্তি কৰি শিক্ষা প্ৰদান কৰা হয়। শিশুকেন্দ্রিক শিক্ষাদান পদ্ধতিত শিক্ষাদানতকৈ শিক্ষা আহৰণক অধিক গুৰুত্ব প্ৰদান কৰা হয়। শিশুৰ ব্যক্তিগত অৱস্থাৰ ওপৰত শিক্ষা আহৰণ নিৰ্ভৰ কৰে। এনে পদ্ধতিত শিশুৰ যোগ্যতা, সামর্থ, শক্তি, আগ্রহ আদিক অধিক প্রাধান্য দিয়া হয়। শিশুকেন্দ্রিক / শিক্ষার্থীকেন্দ্রিক পদ্ধতিবোৰ হ’ল— কিণ্ডাৰগার্টেন পদ্ধতি, ডেল্টন পৰিকল্পনা, প্রকল্প পদ্ধতি (Project Method), হিউনিটিক পদ্ধতি (Heuristic Method), মন্টেছনী পদ্ধতি (Montessori Method), সৰু কমনৱেলথ (Little Commonwealth Method), বুনিয়াদী শিল্পকেন্দ্রিক (Basic Craft Centred Method) ইত্যাদি।
(ঘ) ব্যাকৰণ অনুবাদ পদ্ধতি (Grammar Translation Method (GTM)/)
উত্তৰঃ এই পদ্ধতিটোক ‘পৰম্পৰাগত পদ্ধতি’ (Classical / Traditional Method) বুলিও কোৱা হয়। ই এটা অতি পুৰণি পদ্ধতি। এই পদ্ধতিৰ উদ্ভাৱকজন হ’ল ‘Prof. Karl Plotz’। এই পদ্ধতিৰ জনপ্ৰিয়তা ভাৰতত যথেষ্ট দেখিবলৈ পোৱা যায়। বিশেষকৈ দ্বিতীয় ভাষা (Language 2) অর্থাৎ মাতৃভাষা বা আঞ্চলিক ভাষাৰ লগত যেতিয়া ইংৰাজী ভাষা শিকা হয়, তেতিয়া ব্যাকৰণ অনুবাদ পদ্ধতিৰ যথেষ্ট আৱশ্যকীয়তা আছে। এই পদ্ধতিটো সমানেই গুৰুত্বপূর্ণ বিষয় হিচাপে গণ্য কৰা হয়, যেতিয়া বেলেগ ভাষা যেনে- সংস্কৃত, পাৰ্চী, আৰবী, লেটিন, গ্রীক, ফ্রান্স আৰু জাৰ্মান ভাষা শিকিবলৈ গুৰুত্ব দিয়া হয়।
এই পদ্ধতি অতি জনপ্রিয় পদ্ধতি হিচাপে ইউৰোপিয়ন আৰু বিদেশী ভাষা শিক্ষা দানত প্রয়োগ কৰা হৈছিল ১৮৪০ ৰ পৰা ১৯৪০ চনলৈকে। বর্তমান সময়ত বিশ্বৰ বিভিন্ন প্ৰান্তত অন্য সংশোধন কৰি এই পদ্ধতিক ব্যৱহাৰ কৰা হয়। এই পদ্ধতি ১৭৯৩ চনত ‘জে. চি. ফিকে’ দক্ষিণ জার্মানীত প্ৰকাশ কৰিছিল। ইয়াত বহুতো ব্যৱহাৰিক বিষয়ৰ সন্নিবিষ্ট কৰি এখন গ্ৰন্থ প্রকাশ কৰিছিল ফৰাচী উদ্ভাৱক ‘J. V. Meidinger’ য়ে। ইয়াক “A practical course in English to Germans” নামেৰে জনা গৈছিল। ইয়াত বিভিন্ন দিশ যেনে— অনুবাদ অনুশীলন, বিশেষকৈ মাতৃভাষাৰ পৰা বিদেশী ভাষা অৰ্থাৎ ইংৰাজী ভাষালৈ অনুবাদৰ অনুশীলন কৰা হৈছিল। ইয়াত কথিত ভাষাক আওকাণ কৰা হৈছে। এনে পদ্ধতিত পাঠ্যপুথিয়ে অতি গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰে।
(ঙ) ইংৰাজী শিক্ষাদানৰ পদ্ধতিসমূহ (Methods of Teaching English):
উত্তৰঃ ইংৰাজী শিক্ষাদান পদ্ধতিসমূহৰ জৰিয়তে শিক্ষকে তাত্ত্বিক দিশসমূহ খুব সুন্দৰভাৱে উপস্থাপন কৰে। শিক্ষাদান পদ্ধতিসমূহে শিক্ষকক শ্ৰেণীকোঠাত সহায় কৰে। এই পদ্ধতিসমূহৰ জৰিয়তে শিক্ষকক নিজ লক্ষ্য আৰু উদ্দেশ্যত উপনীত হোৱাত সহায় কৰে। শিক্ষাদান পদ্ধতিসমূহত কিছুমান বিশেষ কলা অন্তর্ভুক্তিৰে ইয়াৰ ফলপ্ৰসূতা নিৰ্ভৰ কৰে।
ইংৰাজী ভাষা শিক্ষাদানত পদ্ধতিসমূহৰ বিভিন্নতা বিষয়বস্তুৰ লক্ষ্যৰ ওপৰত নিৰ্ভৰশীল। বিদেশী ভাষা (ইংৰাজী ভাষা) শিক্ষাদান পদ্ধতি ইয়াৰ লক্ষ্যৰ ওপৰত নিৰ্ধাৰিত। অর্থাৎ শিক্ষাদানৰ উদ্দেশ্য গঠন কৰোতে কোনটো পদ্ধতিৰে শিক্ষাদান কৰিলে বিশেষ উদ্দেশ্যত উপনীত হ’ব পাৰি সেইটো নিৰ্ধাৰণ কৰি লোৱা হয়। ব্যাকৰণ (Grammar) পদ্ধতিত শব্দকোষসমূহে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। অনুবাদ পদ্ধতি হৈছে এক অতি আৱশ্যকীয় তথ্য আহৰণ পদ্ধতি। ইংৰাজী ভাষা শিক্ষাদানৰ পদ্ধতিক প্ৰধানতঃ দুটা ভাগত ভাগ কৰা হয়। যেনে—
১। পৌৰাণিক পদ্ধতি (Old Method).
২। নতুন পদ্ধতি (New Method).
১। পৌৰাণিক পদ্ধতিসমূহক আকৌ তলত দিয়া ধৰণে ভাগ কৰা হয়। যেনে—
(ক) ব্যাকৰণ অনুবাদ পদ্ধতি (Translation Cum-Grammar Method).
(খ) প্রত্যক্ষ পদ্ধতি (Direct – Method).
(চ) আৰোহী – অৱৰোহী পদ্ধতি (Inductive-Deductive Method):
উত্তৰঃ মানৱ জীৱনত ঘটি থকা বিভিন্ন সমস্যাসমূহ প্রণালীবদ্ধ তথা যুক্তিসংগতভাৱে বিশ্লেষণ তথা সংশ্লেষণ কৰি সমাধান কৰা উচিত। আৰোহী আৰু অৱৰোহী পদ্ধতিৰে যুক্তি তৰ্কৰে সিদ্ধান্তত উপনীত হোৱা পদ্ধতি হিচাপে গণ্য কৰা হয়। ব্যাকৰণ, জ্যামিতি, বিজ্ঞান, বীজগণিত আদি বিষয়বোৰ সিদ্ধান্তত উপনীত হ’বলৈ আৰোহী আৰু অৱৰোহী পদ্ধতিৰে সত্যতা নিৰূপণ কৰা হয়।
আৰোহী শিক্ষাদান পদ্ধতিৰ জৰিয়তে শিক্ষণীয় বিষয়বস্তুৰ লগত কিছুমান উদাহৰণ দি এইবোৰৰ সহায়ত সাধাৰণ নীতি, সূত্ৰ আৰু সিদ্ধান্ত স্থাপন কৰা হয়। আৰোহী পদ্ধতিৰে শিক্ষাদান কৰিলে প্ৰক্ৰিয়াটো বিশেষৰ পৰা সাধাৰণলৈ আগুৱাই লৈ যোৱা হয়। এনে পদ্ধতিৰ সহায়ত বিশেষ কিছুমান বিষয়বস্তু অন্তর্নিহিত বৈশিষ্ট্যবোৰ পুংখানুপুংখকৈ পৰীক্ষণ তথা পৰ্যবেক্ষণ কৰি শেষত গোটেই বিষয়বস্তু সামৰি একোটা সাধাৰণ তথ্য বা ধাৰণা প্ৰকাশ কৰিব পৰা যায়। যেনে— গণিত, বিজ্ঞান, ব্যাকৰণ, মনোবিজ্ঞান, ভূগোল, অর্থনীতি আদি বিষয়বোৰ শিক্ষান কৰোতে আৰোহী পদ্ধতি ব্যৱহাৰ কৰা হয়।
(ছ) স্কাউট আৰু গাইড আন্দোলন (Scout and Guide Movement):
উত্তৰঃ স্কাউট আৰু গাইড আন্দোলন হ’ল খেলাৰ মাজেৰে প্ৰদান কৰা এক শিক্ষাদান পদ্ধতি। “চাৰ বেডেন পাৱেন” (Sir Baden Powell) ব্ৰিটিছ স্থলবাহিনীৰ উপসেনাধক্ষ্যই নিজ জীৱনৰ অভিজ্ঞতাৰ পৰাই স্কাউট আৰু গাইড আন্দোলনৰ জৰিয়তে শিক্ষাদানৰ পোষকতা কৰে। সৰু কালত তেওঁ নিজৰ জীৱনত ঘটা অভিজ্ঞতাৰ আধাৰত স্কাউট আৰু গাইড আন্দোলনৰ জন্ম দিয়ে। অর্থাৎ তেওঁ নাও বোৱা, সাতোঁৰা, পুখুৰী, বিলত খেলা – কৌশলৰ আধাৰত স্কাউট আৰু গাইডৰ সংগঠন কৰি শিক্ষাৰ্থীৰ খেলা প্ৰবৃত্তিক এক গঠনাত্মক ৰূপ প্ৰদান কৰে। এই আন্দোলনৰ অন্তৰ্গত বিষয়সমূহ হ’ল পর্বতাৰোহন কৰা, নৈ পাৰ হোৱা, মানচিত্ৰৰ সহায়ত স্থান নিৰূপণ কৰা, ৰুগীৰ শুশ্রূষা কৰা, শিবিৰৰ জীৱন – যাপন মাজেৰে সামাজিক তথা সাংস্কৃতিক কাৰ্যাৱলীত অংশগ্ৰহণ কৰা আদি। এনে কাৰ্য্যসূচীৰ সহায়ত শিশুৰ মনোদৈহিক বিকাশ প্ৰৱণতাৰ বিকাশ ঘটে। এনেধৰণৰ কাৰ্য্যই শিশুৰ শ্ৰেণীকোঠাৰ ঠেক পৰিসৰৰ শিক্ষা অভিজ্ঞতাক বহল ক্ষেত্ৰলৈ সম্প্ৰসাৰিত কৰে। এনেধৰণৰ অভিজ্ঞতাৰ আধাৰত শিক্ষার্থীয়ে জীৱনত সন্মুখীন হোৱা সমস্যাসমূহৰ লগত সমাযোজন কৰাত ইন্ধন যোগায়। গতিকে, শিক্ষার্থীৰ মনত আত্মবিশ্বাস বৃদ্ধি কৰাত এনে পদ্ধতিয়ে যথেষ্ট সহায় কৰে।