Techniques of teaching Unit 2 শিক্ষাদানৰ পৰিকল্পনা

Techniques of teaching Unit 2 শিক্ষাদানৰ পৰিকল্পনা, College and University Answer Bank for BA, and Post Graduate Notes and Guide Available here, Techniques of teaching Unit 2 শিক্ষাদানৰ পৰিকল্পনা Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Techniques of teaching Unit 2 শিক্ষাদানৰ পৰিকল্পনা Question Answer can be of great value to excel in the examination.

Techniques of teaching Unit 2 শিক্ষাদানৰ পৰিকল্পনা

Join Telegram channel

Techniques of teaching Unit 2 শিক্ষাদানৰ পৰিকল্পনা Notes cover all the exercise questions in UGC Syllabus. Techniques of teaching Unit 2 শিক্ষাদানৰ পৰিকল্পনা The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

(iv) আৰম্ভণি আৰু শেষৰ উক্তিৰ সৈতে সংযোগ স্থাপন (Link with the Introducing and Concluding Sentence): শিক্ষকজনে সদায় শ্ৰেণীটোৰ আৰম্ভণিৰ উদ্দেশ্য আৰু সমাপ্তৰ মাজত এক সংযোগ স্থাপন কৰিব লাগিব । ইয়াৰ জৰিয়তে বিষয়বস্তুৰ উদ্দেশ্যত উপনীত হ’ব পৰা নে নাই বুজিব পাৰি।

(v) প্ৰসংগ, ব্যাখ্যা আৰু উদাহৰণ প্ৰদান (ILLustration and Examples): শিক্ষণীয় বিষয়বস্তুৰ লগত সংগতি ৰাখি প্ৰয়োজনীয় উদাহৰণ প্ৰদান কৰি ছাত্ৰ – ছাত্ৰীসকলক বিষয়বস্তুৰ জ্ঞান প্ৰদান কৰিব লাগিব।

৩৩। পাঠ পৰিসমাপ্তিৰ উপাদানসমূহ বিষয়ে আলোচনা কৰা। (Discuss about the elements of Achieving Closure.) 

উত্তৰঃ পাঠ পৰিসমাপ্তিৰ উপাদানসমূহ তলত আলোচনা কৰা হ’ল:- 

(i) সাৰাংশ প্ৰদান (Summary of the Lesson): শিক্ষকে শিক্ষাদান শেষ কৰাৰ পাছত বিষয়বস্তুৰ সাৰাংশ ছাত্ৰ – ছাত্ৰীসকলৰ আগত পুনৰ দাঙি ধৰিব লাগে যাতে ছাত্ৰ – ছাত্ৰীসকলে অধিক জ্ঞান লাভ কৰিব পাৰে।

(ii) আৰ্জিত  জ্ঞান আৰু কৌশলৰ প্ৰয়োগ (Application of Acquired Knowledge): শিক্ষকে ছাত্ৰ – ছাত্ৰীক পাঠটোৰ পৰা আহৰণ কৰা নতুন অভিজ্ঞতা নতুন পৰিৱেশত কেনেদৰে প্ৰয়োগ কৰি সমস্যাৰ সন্মুখীন হ’ব পাৰি তাৰ বাবে অনুপ্ৰাণিত কৰিব লাগে।

(iii) প্ৰজ্ঞানাত্মক সংযোগ (Establishment of Cognitive Link): শিক্ষকে শিক্ষাৰ্থীয়ে অৰ্জন কৰা জ্ঞানৰ লগত তেওঁলোকৰ পূৰ্বজ্ঞান বা ভৱিষ্যতে শিকিবলগীয়া কথাৰ সংযোগ স্থাপনৰ বিষয়েও ছাত্ৰ – ছাত্ৰীক বুজাই দিব লাগে। সেয়েহে শিক্ষকে পাঠটো শিকাওতে ছাত্ৰ – ছাত্ৰীৰ পূৰ্বৰ জ্ঞানৰ লগত সম্পৰ্ক স্থাপন কৰাব লাগে।

শিক্ষকে বুজাই শেষ কৰা পাঠৰ পৰা ছাত্ৰ – ছাত্ৰীসকলক গৃহ কৰ্ম কৰিবলৈ দিব লাগে। গৃহকৰ্মত প্ৰদান কৰা প্ৰশ্নসমূহৰ জৰিয়তে ছাত্ৰ – ছাত্ৰীৰ আৰ্জিত জ্ঞানৰ প্ৰয়োগৰ সুবিধাজনক হোৱাৰ লগতে ছাত্ৰ – ছাত্ৰীসকলৰ সংশ্লেষণ, বিশ্লেষণ আৰু মূল্যায়নৰ দৰে প্ৰজ্ঞানাত্মক দিশৰ বিকাশ কৰিব পৰা ধৰণৰ হ’ব লাগে।

(iv) কৃতিত্ববোধৰ  সৃষ্টিকৰণ (Creating Sense of Achievement): পাঠটোৰ অন্তত শিক্ষকে ছাত্ৰ – ছাত্ৰীৰ মনত কৃতিত্ববোধৰ সৃষ্টি কৰিব লাগিব। ছাত্ৰ – ছাত্ৰীসকলে তেওঁলোকৰ মনত পাঠটোৰ পৰা তেওঁলোকে যে নতুন কিবা কথা আয়ত্ব কৰিলে আৰু এই শিকা জ্ঞানে তেওঁলোকৰ ভৱিষ্যতৰ বিভিন্ন ধৰণৰ সমস্যাৰ সমাধান কৰিবলৈ সক্ষম হ’ব এনেধৰণৰ এক ধাৰণা জন্মাব লাগিব।

৩৪। অনুশিক্ষণৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। (Mention the Characteristics of Micro – Teaching.)

উত্তৰঃ অনুশিক্ষণ সংজ্ঞাসমূহ বিশ্লেষণৰ জৰিয়তে ইয়াৰ নিম্নলিখিত বৈশিষ্ট্য পোৱা যায়:- 

(ক) নতুনত্বৰ শিক্ষা (Newness in Education): অনুশিক্ষণ পদ্ধতি হ’ল শিক্ষক প্ৰশিক্ষাৰ্থীসকলৰ বাবে এক নতুনত্ব শিক্ষা। অৰ্থাৎ শিক্ষা ব্যৱস্থা অতি ফলপ্ৰসূ কৰিবলৈ বিশেষ কিছুমান কৌশল প্ৰয়োগেৰে শিক্ষা প্ৰদানৰ পোষকতা কৰা হয়।

(খ) শিক্ষণ আৰ্হি (Teaching Model): অনুশিক্ষণ পদ্ধতিৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল শিক্ষণ আৰ্হি। শিক্ষা প্ৰদান কাৰ্য্যক এক আৰ্হি হিচাপে লৈ শিক্ষক – শিক্ষাৰ্থীসকলে নিজ কাৰ্য্যত কৌশলপূৰ্ণ পদ্ধতি প্ৰয়োগ কৰি কুশলতা বৃদ্ধি কৰে।

(গ) নিয়ন্ত্ৰিত সাক্ষাৎকাৰ (Controlled Interview): শিক্ষা প্ৰদানৰ সময় আৰু প্ৰচেষ্টাৰ ওপৰত গুৰুত্ব দি কম ছাত্ৰ – ছাত্ৰী আৰু কম সময়ৰ ভিতৰত কোনো কৌশলৰ শিক্ষা প্ৰদানৰ চেষ্টা কৰা হয়। অৰ্থাৎ এক নিয়ন্ত্ৰিত বিষয়ৰ মাজত কাৰ্য্য সম্পাদনত গুৰুত্ব প্ৰদান কৰা বাবে ই নিয়ন্ত্ৰিত সাক্ষাৎকাৰ হিচাপে পৰিচিত।

(ঘ) প্রতিপুষ্টি (Feedback): শ্ৰৱণ দৰ্শন সঁজুলিৰ প্ৰয়োগেৰে বিশেষ কৌশল শিকোৱাত অনুশিক্ষণ পদ্ধতিত গুৰুত্ব প্ৰদান কৰা হয়। এই পদ্ধতিত প্ৰতিপুষ্টি প্ৰদানৰ বাবে বিভিন্ন ধৰণৰ যথাৰ্থ আৰু বিশ্বাসযোগ্য উৎস ব্যৱহাৰ কৰা হয়। ইয়াত নিৰীক্ষকে প্ৰতিপুষ্টিৰ জৰিয়তে শিক্ষাৰ ফলপ্ৰসূতাৰ নিৰীক্ষণ কৰে।

(ঙ) কঠোৰ ব্যৱস্থা (Rigorous Method): অনুশিক্ষণ পদ্ধতি অতি কঠোৰ পদ্ধতি হিচাপে জনাজাত। কিয়নো, অনুশিক্ষণৰ জৰিয়তে শিক্ষাৰ্থীসকলক ভূলবোৰ আঙুলিয়াই দিয়া হয় আৰু ভূলৰ সংশোধনৰ বাবে বাৰে বাৰে চেষ্টা চলোৱা হয়।

(চ) ব্যক্তিকেন্দ্ৰিক শিক্ষা প্ৰদানত গুৰুত্ব (Emphasis on Individual Teaching): অনুশিক্ষণ পদ্ধতিত ব্যক্তিকেন্দ্ৰিক শিক্ষাদানত গুৰুত্ব প্ৰদান কৰা হয়। শিক্ষা প্ৰদানত ব্যক্তিগত ৰুচি, অভিৰুচি, সামৰ্থ আদিত গুৰুত্ব প্ৰদান কৰাটো অতি আৱশ্যকীয় বিষয়।

(ছ) বিশেষ কাৰ্য্যৰ বিকাশ সাধন (Developed the specific skills): শিক্ষক – প্ৰশিক্ষাৰ্থীসকলৰ শিক্ষাদানৰ কৌশলৰ উন্নীতকৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়।

(জ) সংস্কাৰমূলক ব্যৱস্থা (Provision of Reform): অনুশিক্ষণক সংস্কাৰমূলক ব্যৱস্থা হিচাপে গণ্য কৰা হয়। শিক্ষক – প্ৰশিক্ষাৰ্থীসকলে নিজৰ দক্ষতাৰ আয়ত্ব নকৰালৈকে পুনঃ পুনঃ অনুশীলনৰ সুযোগ প্ৰদান কৰা হয়।

(ঝ) বাস্তৱ আৰু স্বাভাৱিক শিক্ষাণ (Real and Natural Teaching): অনুশিক্ষণ পদ্ধতিৰে শিক্ষাদান প্ৰক্ৰিয়াত মূল তিনিটা উপাদান নিহিত হৈ থাকে। শিক্ষক, শিক্ষাৰ্থী আৰু শিক্ষণীয় বিষয়বস্তু। সেয়েহে স্বাভাৱিক এক পৰিৱেশত বাস্তৱ অভিজ্ঞতাৰ জ্ঞান প্ৰদানৰ চেষ্টা কৰা হয়।

(ঞ) আনপাতিকভাৱে সংক্ষেপিত (Scaled down): অনুশিক্ষণ পদ্ধতিক আনুপাতিকভাৱে সংক্ষেপিত পদ্ধতিৰ শিক্ষাদান বুলি কোৱা হয়। কিয়নো শ্ৰেণীৰ আকাৰ, সময়, শিক্ষণীয় বিষয়বস্তু, শিক্ষণ দক্ষতা আদি বিষয়বোৰ সংক্ষেপে প্ৰদান কৰি শিক্ষাৰ্থীক দক্ষ শিক্ষকৰূপে বিচৰা হয়। 

৩৫। অনুশিক্ষণৰ উদ্দেশ্যসমূহ লিখা। (Write the Objectives of Micro – Teaching.)

উত্তৰঃ অনুশিক্ষণৰ উদ্দেশ্যসমূহ তলত দিয়া ধৰণৰ:- 

(ক) এই শিক্ষা প্ৰদানৰ উদ্দেশ্য হৈছে এক নিয়ন্ত্ৰিত পৰিৱেশত নতুন শিক্ষণ কৌশল দক্ষতাৰ বিকাশ সাধন কৰে।

(খ) পূৰ্ব – চাকৰিকালীন (Pre – Service) শিক্ষক – প্ৰশিক্ষাৰ্থীসকলক শিক্ষণ কৌশলৰ বিষয়ে শিক্ষা প্ৰদান কৰা। 

(গ) শিক্ষক – প্ৰশিক্ষাৰ্থীসকলৰ শিক্ষা গ্ৰহণৰ সময়ত হোৱা সমস্যাসমূ্হৰ চিনাক্তকৰণ কৰি প্ৰতিপুষ্টি বা তাৎক্ষণিক সঁহাৰি (immediate feedback) প্ৰদানৰ জৰিয়তে আসোঁৱাহসমূহ দূৰ কৰি উচিত নিৰ্দেশনা প্ৰদানই হৈছে অনুশিক্ষণ শিক্ষাদানৰ অন্য এক গুৰুত্বপূৰ্ণ উদ্দেশ্য। 

(ঘ) শিক্ষকসকলে শ্ৰেণীত পাঠদান কৰোতে অপ্ৰস্তুত হোৱাৰ পৰা ৰক্ষা কৰিবলৈ অভ্যাস কৰোৱাই হৈছে ইয়াৰ উদ্দেশ্য।

(ঙ) অনুশিক্ষণ পদ্ধতিৰ জৰিয়তে সৰু সৰু দলত শিক্ষাৰ্থীসকলক বিভাজিত কৰি একাধিক শিক্ষণ কৌশল আয়ত্বকৰণ কৰাই হৈছে ইয়াৰ উদ্দেশ্য।

৩৬। অনুশিক্ষণ শিক্ষাদান পদ্ধতিৰ উপাদানসমুহ  কি কি লিখা। (What are the Elements of Micro – Teaching?)

উত্তৰঃ অনুশিক্ষণ শিক্ষাদান পদ্ধতিৰ উপাদানসমূহ তলত দিয়া ধৰণৰ:- 

(ক) এগৰাকী দক্ষ শিক্ষক।

(খ) শিক্ষাৰ্থীসকল (প্ৰায় ৫-১০ গৰাকী)।

(গ) পাঠৰ এটা অংশ।

(ঘ) অনুশিক্ষণৰ বিশেষ উদ্দেশ্যসমূহ।

(ঙ) শিক্ষণ কৌশল।

(চ) প্ৰতিপুষ্টি।

(ছ) শিক্ষণ মডেল।

(জ) অনুশিক্ষণ পৰীক্ষাগাৰ।

(ঝ) ভি.ডি. অ’ টেপ ৰেকৰ্ডৰ ব্যৱহাৰ।

(ঞ) পৰ্য্যবেক্ষক।

৩৭। অনুশিক্ষণ চক্ৰটো চিত্ৰৰ সহায়ত আলোচনা কৰা। (Discuss the Diagrammatic Representation of the Micro – Teaching Cycle.)

উত্তৰঃ             

অনুশিক্ষণ চক্ৰৰ বিষয়ে তলত আলোচনা কৰা হ’ল:-

(ক) পৰিকল্পনা (Plan): অনুশিক্ষণ পদ্ধতিৰ প্ৰথম পৰ্য্যায় বা চক্ৰটো হ’ল অনুপাঠ পৰিকল্পনা (Micro lesson plan)। এই অনুপাঠ পৰিকল্পনাত এটা কৌশলৰ ব্যৱহাৰ কৰি শিক্ষক – প্ৰশিক্ষাৰ্থীসকলক অনুশীলন কৰোৱা হয়। এই পৰিকল্পনাত শিক্ষাদান কৌশলৰ সকলোবোৰ উপাদান অন্তৰ্ভুক্ত কৰি শিক্ষা প্ৰদান কৰা হয়।

(খ) শিক্ষাদান (Teach): অনুশিক্ষণৰ দ্বিতীয় পৰ্য্যায় বা চক্ৰটো হ’ল শিক্ষাদান (Teach)। অৰ্থাৎ উপযুক্ত অনুপাঠ পৰিকল্পনা কৰাৰ পাছত একোজন শিক্ষক – প্ৰশিক্ষাৰ্থীয়ে ৫ – ১০ গৰাকী শিক্ষাৰ্থীক লৈ অনুশ্ৰেণী (Micro – Class) ৰ জৰিয়তে শিক্ষাদান কৰিব লাগে। এনেধৰণৰ অনুশ্ৰেণী ৫ – ১০ মিনিট সময়ৰ ভিতৰত পাঠৰ ক্ষুদ্ৰ অংশৰহে শিক্ষাদান কৰা হয়।

(গ) প্রতিপুষ্টি (Feedback): শিক্ষাদান সমাপ্ত কৰাৰ পাছত শিক্ষক – প্ৰশিক্ষাৰ্থীসকলে বিভিন্ন ধৰণে প্ৰতিপুষ্টিসমূহ (Feedback) প্ৰদান কৰে। যেনেঃ শ্ৰৱণ – দৰ্শন সঁজুলিৰ ব্যৱহাৰৰ জৰিয়তে। অৰ্থাৎ ভিডিঅ’ আৰু অডিঅ’ ৰেকৰ্ডিং কৰি প্ৰশিক্ষাৰ্থীয়ে তেওঁ কিমান সফল হ’ল তাক মূল্যায়ন কৰিব পাৰে। শ্ৰৱণ – দৰ্শন সঁজুলিৰ প্ৰয়োগৰ সুব্যৱস্থা নথকা ঠাইত পৰ্যবেক্ষক (Supervisor) সহ – প্ৰশিক্ষাৰ্থী, শিক্ষাৰ্থী, পৰ্যবেক্ষকৰ পৰা পোৱা গুণগত (Qualitative) আৰু সংখ্যাগত (Quantitative) পৰ্যবেক্ষণ পত্ৰৰ দ্বাৰা প্ৰতিপুষ্টি লাভ কৰিব পাৰি। অনুশিক্ষণৰ প্ৰতিপুষ্টিৰ স্তৰটোক মূল্যায়ন  বা সমালোচনাৰ স্তৰ বুলিও গণ্য কৰা হয়।

(ঘ) পুনৰ পৰিকল্পনা (Re – Plan): প্ৰতিপুষ্টিৰ পিছৰটো পৰ্যায় হ’ল পুনৰ পৰিকল্পনা। পুনৰ পৰিকল্পনা পর্যায়ত শিক্ষক – প্রশিক্ষার্থীসকলে অনুবীক্ষণ পাঠ পৰিকল্পনাটোৰ প্ৰয়োজনীয় ৰূপান্তৰিত কৰি নতুনকৈ প্ৰস্তুত কৰি ল’ব লাগে। এই পৰ্যায়ত ১২ মিনিট সময়ৰ প্ৰয়োজন হয়।

(ঙ) পুনৰ শিক্ষাদান (Re – Teach): এই পৰ্যায়ত পুনৰ অনুপাঠ পৰিকল্পনা কৰাৰ পিছত এদল শিক্ষাৰ্থীক বা সহ – প্ৰশিক্ষাৰ্থীক পুনৰ শিক্ষাদান কৰিব লাগে। এই পৰ্য্যায়ত পৰ্যবেক্ষকে শিক্ষাদান পৰ্যবেক্ষণ কৰে বা শ্ৰৱণ – দৰ্শন ৰেকৰ্ডিং কৰে।

(চ) পুনৰ প্ৰতিপুষ্টি (Re – Feedback): পুনৰ শিক্ষাদানৰ পিছত পৰ্য্যায় হৈছে পুনৰ প্ৰতিপুষ্টি। অৰ্থাৎ পুনৰ শিক্ষাদানত থকা আসোঁৱাহসমূহ এই পৰ্য্যায়ত নাইকিয়া কৰিবৰ বাবে চেষ্টা কৰা হয়। অনুশিক্ষণ চক্ৰৰ এই পৰ্য্যায়ক পুনৰ নিৰীক্ষণ, পুনৰ মূল্যায়ন, পুনৰ প্ৰতিপুষ্টি বা পুনৰ সমালোচনা বুলি কোৱা হয়।

অনুশিক্ষণ চক্ৰ বা পৰ্য্যায়টো সম্পূৰ্ণ কৰিবৰ বাবে ৩৬ মিনিট সময় লাগে। অৰ্থাৎ শিক্ষাদানৰ বাবে ৬ মিনিট, প্ৰতিপুষ্টিৰ বাবে ৬ মিনিট, পুনৰ পৰিকল্পনাৰ বাবে ১২ মিনিট, পুনৰ শিক্ষাদানৰ বাবে ৬ মিনিট আৰু পুনৰ প্ৰতিপুষ্টিৰ বাবে ৬ মিনিট সময়ৰ আৱশ্যক হয়। এনেদৰে শিক্ষক – প্ৰশিক্ষাৰ্থীয়ে  সম্পূৰ্ণকৈ বিষয় আয়ত্ব কৰিব নোৱাৰালৈকে চক্ৰাকাৰে প্ৰতিটো পৰ্য্যায় পুনৰাবৃত্তি হৈ থাকে।

৩৮। অনুশিক্ষণ পদ্ধতিৰ সুবিধাসমূহ উল্লেখ কৰা। (Mention the Advantages of Micro – Teaching.) 

উত্তৰঃ অনুশিক্ষণ পদ্ধতিৰ সুবিধাসমূহ হ’ল:- 

(ক) অনুশিক্ষণ পদ্ধতিৰে শিক্ষাদানৰ জৰিয়তে শিক্ষকসকলৰ আচৰণৰ সংশোধনৰ চেষ্টা কৰা হয়।

(খ) অনুশিক্ষণ পদ্ধতিৰ জৰিয়তে শিক্ষকসকলে শিক্ষা আহৰণ সময়ছোৱাত পোৱা জটিলতা আঁতৰ কৰে।

(গ) শিক্ষক – প্ৰশিক্ষাৰ্থীসকলৰ শিক্ষণ কৌশলৰ বিকাশ সাধন কৰাই হৈছে অনুশিক্ষণ পদ্ধতিৰ এক উদ্দেশ্য। কোনো নিদিৰ্ষ্ট কৌশল ব্যৱহাৰৰ দক্ষতা অৰ্জন কৰা এই শিক্ষাদানৰ প্ৰধান বৈশিষ্ট্য।

(ঘ) নতুনকৈ নিয়োজিত শিক্ষকসকলে অনুশিক্ষণ পদ্ধতিৰ জৰিয়তে যথেষ্ট উপকৃত হয়। অৰ্থাৎ অনুশিক্ষণ পদ্ধতিৰ মানসিক প্ৰস্তুতি লাভ কৰাত সহায় কৰে।

(ঙ) ব্যক্তি পাৰ্থক্যত গুৰুত্ব প্ৰদান কৰি শিক্ষক – প্ৰশিক্ষাৰ্থীসকলৰ ব্যক্তিগত দক্ষতা প্ৰকাশৰ সুবিধা দিয়া এই পদ্ধতিৰ এটা গুৰুত্বপূৰ্ণ গুণ।

(চ) অনুশিক্ষণ পদ্ধতি অতি মিতব্যয়ী শিক্ষা পদ্ধতি। পৰ্যবেক্ষকজনৰ তথ্য বা ভিডিঅ’ ৰেকৰ্ডাৰৰ জৰিয়তে শিক্ষক – প্ৰশিক্ষাৰ্থীয়ে নিজৰ মূল্যায়ন কৰিব পাৰে।

(ছ) অনুশিক্ষণ পদ্ধতিৰে শিক্ষাদানৰ জৰিয়তে শিক্ষকে প্ৰটিপুষ্টিৰ সহায়ত নিজৰ ভুল – ভ্ৰান্তিবোৰ আঙুলিয়াই দিয়ে।

(জ) শ্ৰেণীকক্ষৰ জটিলতা দূৰ কৰিবলৈ অনুশিক্ষণ সহজ কৰি তোলে।

(ঝ) ই এক শৃংখলাবদ্ধ পদ্ধতি, কিয়নো ইয়াত কম শিক্ষাৰ্থীৰে শ্ৰেণীৰ জটিলতা দূৰ কৰিবলৈ চেষ্টা কৰা হয়।

(ঞ) অনুশিক্ষণ পদ্ধতিত পৰ্যবেক্ষণৰ ব্যৱস্থা থাকে।

৩৯। অনুশিক্ষণৰ অসুবিধাসমূহ উল্লেখ কৰা। (Mention the Disadvantages of Micro – Teaching.) 

উত্তৰঃ অনুশিক্ষণৰ অসুবিধাসমূহ তলত উল্লেখ কৰা হ’ল:- 

(ক) অনুশিক্ষণ পদ্ধতিৰে শিক্ষাদানৰ জৰিয়তে বিশেষ কৌশলত পাৰদৰ্শী কৰিবলৈ চেষ্টা কৰা হয় বাবে বিশেষ বিষয়বস্তু আয়ত্ব কৰাত কেতিয়াবা বাধাৰ সন্মুখীন হোৱা দেখা যায়।

(খ) অনুশিক্ষণ শিক্ষাদান পদ্ধতি ঠেক পৰিসৰৰ। ইয়াত পাঠৰ ক্ষুদ্ৰ অংশৰ শিক্ষা প্ৰদানত অধিক গুৰুত্ব দিয়া হয়।

(গ) অনুশিক্ষণ পদ্ধতিৰে শিক্ষাদানত অভিজ্ঞ আৰু দক্ষ শিক্ষকেহে শিক্ষা প্ৰদান কৰিব পাৰে।

(ঘ) অনুশিক্ষণ পদ্ধতিত ভিডিঅ’ টেপ, ভিডিঅ’ কেছেট, টেপ ৰেকৰ্ডাৰ ইত্যাদিৰ দৰে ব্যয়বহুল সঁজুলিৰ প্ৰয়োজন হোৱা বাবে সকলো ক্ষেত্ৰতে এই পদ্ধতিৰে শিক্ষাদান সম্ভৱ নহয়।

(ঙ) অনুশিক্ষণ পদ্ধতিৰে শিক্ষাদান কৰোতে নিজস্ব উদ্ভাৱন ক্ষমতা প্ৰয়োগৰ সুবিধা নাথাকে। 

(চ) অতি কম সময়ত সৰ্বোৎকৃষ্ট শিক্ষা প্ৰদান সম্ভৱ হ’ব নোৱাৰে। 

(ছ) নিয়ন্ত্ৰিত পৰিৱেশ গঠনেৰে শিক্ষা প্ৰদান সকলো শিক্ষানুষ্ঠানত সম্ভৱ হ’ব নোৱাৰে। 

(জ) সকলো কৌশলৰ জ্ঞান কম সময়ত আয়ত্ব কৰাটো অতি জটিল বিষয়। 

(ঝ) ইয়াত সুনিৰ্দিষ্ট দক্ষতাৰ ওপৰত গুৰুত্ব দিয়া হয়।

(ঞ) অনুশিক্ষণৰ মূল দোষ হ’ল ই দক্ষতাভিত্তিক শিক্ষাদান পদ্ধতি।

৪০। সাধাৰণ শিক্ষণ আৰু অনুশিক্ষণ মাজৰ পাৰ্থক্যবোৰ উল্লেখ কৰা। (Mention the Difference between Macro – Traditional and Micro – Teaching).

উত্তৰঃ সাধাৰণ শিক্ষণ আৰু অনুশিক্ষণৰ মাজৰ পাৰ্থক্যবোৰ হ’ল:- 

সাধাৰণ শিক্ষা (Macro/Traditional Teaching)অনুশিক্ষণৰ শিক্ষা (Micro – Teaching)
১. শিক্ষকসকলে জটিল ধৰণৰ শিক্ষা ব্যৱস্থাৰে শিক্ষাদান কৰে।১. ই এক সৰল শিক্ষাদান পদ্ধতি।
২. শিক্ষাৰ লক্ষ্যসমূহ আচৰণসূচক নহয়।২. ইয়াৰ লক্ষ্য আচৰণসূচক।
৩. এই শিক্ষাদানত যথেষ্ট সংখ্যক শিক্ষাৰ্থীক শিক্ষা প্ৰদান কৰা হয়।৩. এই পদ্ধতিত ৫ – ১০ জন শিক্ষাৰ্থীক হে শিক্ষাপ্ৰদান কৰা হয়।
৪. এই শিক্ষাদানত তাৎক্ষণিক প্ৰতিপুষ্টি লাভ কৰিব নোৱাৰি।৪. অনুশিক্ষণত তাৎক্ষণিক প্ৰতিপুষ্টিৰ যোগেদি শিক্ষা প্ৰদান কৰি ভূল – ত্ৰুটি আঙুলিয়াই দিয়া হয়।
৫. ইয়াত কোনো নিয়ন্ত্ৰিত পৰিৱেশৰ মাজত শিক্ষা প্ৰদানৰ ওপৰত গুৰুত্ব দিয়া নহয়।৫. ইয়াত নিয়ন্ত্ৰিত এক পৰিৱেশত শিক্ষা প্ৰদানত গুৰুত্ব দিয়া হয়।
৬. প্ৰচলিত শিক্ষা ব্যৱস্থাত 40 – 60 মিনিট সময়ৰ ভিতৰত শিক্ষাদান কাৰ্য্য সম্পাদন কৰা হয়।৬. ইয়াত ৫-১০ মিনিটৰ ভিতৰত শিক্ষাদান কৰা হয়। 
৭. ইয়াত শিক্ষাদানৰ সময়ত শিক্ষকে সকলোবোৰ কৌশলৰ প্ৰয়োগ কৰিব পাৰে। ৭. ইয়াত এটা সময়ত মাত্ৰ এটা কৌশলৰ শিক্ষা প্ৰদানত গুৰুত্ব দিয়া হয়।
৮. সাধাৰণ শিক্ষা তিনিটা পৰ্য্যায়ৰ মাজেদি সম্পাদন কৰা হয়, যেনেঃ পৰিকল্পনা প্ৰয়োগ আৰু মূল্যায়ন।৮. অনুশিক্ষণৰ স্তৰ ছয়টা, যেনেঃ পৰ্যবেক্ষণ, বিশ্লেষণ, প্ৰস্তুতি, অনুশীলন, মূল্যায়ন আৰু সঞ্চালন।
৯. শ্ৰেণী পৰিস্থিতি বাস্তৱ আৰু স্বাভাৱিক ধৰণৰ হয়।৯. অনুশিক্ষণত শ্ৰেণী পৰিৱেশ কেতিয়াবা কৃত্ৰিম হৈ উঠিবও পাৰে।
১০. সাধাৰণ শিক্ষা সংশ্লেষণধৰ্মী।১০. অনুশিক্ষণ বিশ্লেষণধৰ্মী।

৪১। ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। (Mention the Features of Language.)

উত্তৰঃ ভাষাৰ বৈশিষ্ট্যসমূহ তলত দিয়া হ’ল:- 

১। ভাষা শিকা হয় (Language is Learnt).

২। ভাষা হৈছে এক প্ৰণালী (Language is a System).

৩। ভাষা প্ৰণালীৰ প্ৰণালী (Language is a System of System).

৪। ভাষা হৈছে প্ৰতীকৰ প্ৰণালী (Language is a System of Symbols).

৫। প্ৰতীক ভাষা বিবেকাধীন (Symbols of Language are Arbitrary).

৬। প্ৰতীক ভাষা মৌখিক (Symbols of Language are Vocal).

৭। ভাষা নিজস্ব ধৰণৰ (Language is Unique).

৮। ভাষা হৈছে এক কৌশলপূৰ্ণ বিষয় বা দক্ষতা ( Language is a Skill Subject).

৯। ভাষা হৈছে যোগাযোগৰ মাধ্যম (Language is for Communication).

১০। ভাষা সংস্কৃতিৰ লগত সম্পৰ্কযুক্ত (Language Relates to Culture).

১১। ভাষা সময়সাপেক্ষে গতিশীল (Language is Ever Changing).

৪২। ভাৰতত ইংৰাজী ভাষাৰ ভূমিকাৰ বিষয়ে বহলাই আলোচনা কৰা। (Discuss in detail about the Role of English Language in India.)

উত্তৰঃ ইংৰাজী ভাষাৰ ভূমিকাৰ বিষয়ে তলত উল্লেখ কৰা হ’ল:- 

(ক) ইংৰাজী ভাষা এক সংযোগী ভাষা (A Link Language): ভাৰতবৰ্ষত বহু ভাষা – ভাষী, ধৰ্মৰ লোকে বাস কৰে। সকলো ৰাজ্যৰে নিজৰ ভাষা থকা স্বত্বেও নিজস্ব আঞ্চলিক ভাষা ব্যৱহাৰ কৰিও মনৰ ভাব প্ৰকাশ কৰে। গতিকে, আটাইকেইটা ৰাজ্য আৰু অঞ্চলৰ লোকৰ ভাষাৰ মাজত ইংৰাজী ভাষাই সংযোগ সাধন ঘটাই বাবে ই সংযোগী ভাষা হিচাপে স্বীকৃত এক ভাষা।

(খ) শৈক্ষিক গুৰুত্ব (Educational Importance): ইংৰাজী ভাষাৰ যথেষ্ট শৈক্ষিক গুৰুত্ব থকা দেখা যায়। স্বাধীনতাৰ আগৰ সময়ছোৱাত ইংৰাজী ভাষা বিদ্যালয় আৰু মহাবিদ্যালয়ত মাধ্যম আছিল। ইংৰাজী ভাষা অবিহনে বিজ্ঞান, চিকিৎসা, অভিযান্ত্ৰিক শিক্ষা , প্ৰযুক্তিবিদ্যা আদি বিষয়ৰ শিক্ষা দানত যথেষ্ট  অসুবিধা হৈছিল। ভাল পুথি কেৱল ইংৰাজী ভাষাতহে প্ৰণয়ন কৰা হৈছিল। ইংৰাজী ভাষা অবিহনে শৈক্ষিক গুৰুত্ব/মূল্য কম।

(গ) ইংৰাজী ভাষা ব্যৱসায়, বাণিজ্য আৰু উদ্যোগ ক্ষেত্ৰত (English in Trade, Industry and Commerce): দেশৰ বাণিজ্য আৰু উদ্যোগ খণ্ডত ইংৰাজী ভাষাৰ গুৰুত্ব যথেষ্ট থকা দেখা যায়। সকলো দিশৰ ইংৰাজী ভাষাইহে যোগাযোগ কৰায়।

(ঘ) আন্তৰ্জাতিক গুৰুত্ব/প্ৰয়োজনীত (International Importance): ইংৰাজী ভাষা বিশ্বৰ প্ৰতিটো প্ৰান্তত ব্যৱহাৰ হয়। এই ভাষা ভাৰতৰ দ্বিতীয় ভাষা হিচাপে পৰিগণিত যদিও বিশ্বৰ প্ৰায়বোৰ দেশৰ প্ৰথম ভাষা হিচাপে গণ্য কৰা হয়। গতিকে, প্ৰত্যেকৰ বাবে ইংৰাজী ভাষাটোৰ গুৰুত্ব যথেষ্ট আছে।

(ঙ) সাংস্কৃতিক গুৰুত্ব (Cultural Importance): সংমিশ্ৰিত সংস্কৃতিক একেলগ কৰি ৰাখিবলৈ ইংৰাজী ভাষাই যথেষ্ট সহায় কৰে। আনৰ দেশৰ সাংস্কৃতিক বুজাপৰাৰ বাবে ইংৰাজী ভাষা যথেষ্ট সহায়ক হয়। ইংৰাজী ভাষাৰ সহায়ত নতুন সংস্কৃতিৰ গঠন কৰাত সহায়ক হয়। ভাৰতত আধুনিকীকৰণৰ সূত্ৰপাত ইংৰাজী ভাষাৰ ফলস্বৰূপে হৈছিল।

(চ) ইংৰাজী ভাষা বিশ্ববাসীৰ খিৰিকী সদৃশ (English is a Window Language on the world): ভাৰতীয়ৰ দ্বাৰা ইংৰাজী ভাষা অধ্যয়ন এটি খিৰিকী সদৃশ ভাষা। যিদৰে খিৰিকীয়েদি বেলেগ মানুহে কি কৰিছে জুমি চাও ঠিক একেদৰে বিশ্ববাসীয়ে কৰা কাৰ্য্য ইংৰাজী ভাষাৰ জৰিয়তে জানিব পৰা যায়।

(ছ) ইংৰাজী ভাষা সামাজিক জীৱনৰ বাবে উপযোগী (English is Important for our Social Life): ইংৰাজী ভাষাই ভাৰতীয় মানুহৰ সামাজিক জীৱনৰ বাবে সমান গুৰুত্বপূৰ্ণ। অধিক সংখ্যক শিক্ষিত মানুহে যোগাযোগৰ মাধ্যমস্বৰূপে ইংৰাজী ভাষাৰ ব্যৱহাৰ কৰে। ইংৰাজী ভাষাক সমাজৰ উচ্চ শিক্ষিত ব্যক্তিৰ বাবে সামাজিক আৰু বৌদ্ধিক যোগাযোগৰ উপায় হিচাপে গণ্য কৰা হয়।

(জ) প্রশাসনিক পর্য্যায়ত ইংৰাজী ভাষা (English at the Administrative Level): ইংৰাজী ভাষা আমাৰ দেশত চৰকাৰী ভাষা হিচাপে ১৫০ বছৰ অধিক কালৰ পৰা ব্যৱহাৰ হৈ আহিছে। বৰ্তমান সময়তো চৰকাৰী কাৰ্য্যালয়ত ইংৰাজী ভাষাৰ প্ৰচলন হোৱা দেখা যায়।

(ঝ) বিদেশী ভাষা হিচাপে ইংৰাজী ভাষাৰ ব্যৱহাৰ (English Language is Foreign Language Already Known by Indians): বর্তমান প্রতিযোগিতামূলক যুগত ভাষা শিকাটো যথেষ্ট গুৰুত্বপূৰ্ণ কথা। বহুতো লোকে বহুধৰণৰ ভাষা শিকাৰ ওপৰত গুৰুত্ব দিয়ে। কিন্তু বিদেশী ভাষা হিচাপে ইংৰাজী ভাষাই জনসমাজত যথেষ্ট সমাদৰ লাভ কৰিছে।

(ঞ) ইংৰাজীৰ জ্ঞান (Knowledge of English): বর্তমান সময়ত ইংৰাজী বিষয়ৰ জ্ঞান অতি প্রয়োজনীয়। ইংৰাজী ভাষা জনা লোকসকলে উচ্চ পদবীৰ চাকৰিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ লাভ কৰে। ভাৰতত বা বিদেশৰ বাবে ইংৰাজী ভাষাৰ জ্ঞান অতি আৱশ্যকীয়।

(ট) বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ (Importance in Science and Technology): ইংৰাজী ভাষা ভাৰতীয়সকলৰ বাবে বিভিন্ন দিশত বিভিন্নধৰণে গুৰুত্বপূৰ্ণ। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জ্ঞান আহৰণৰ উপযুক্ত মাধ্যম ইংৰাজী। কাৰিকৰী দিশৰ উন্নত জ্ঞান অৰ্জন কৰাত ইংৰাজী ভাষাইহে সহায় কৰে।

৪৩। নিম্ন মাধ্যমিক পৰ্যায়ৰ শিক্ষাদানৰ লক্ষ্যসমূহ উল্লেখ কৰা। (Mention the Aims at Lower Secondary Level of teaching.)

উত্তৰঃ নিম্ন মাধ্যমিক পৰ্যায়ৰ শিক্ষাদানৰ লক্ষ্যসমূহ উল্লেখ কৰা হ’ল-

(ক) চমু বক্তৃতা, বর্ণনা, টিপ্পনী বা অনুচ্ছেদসমূহ কিতাপৰ পৰা অধ্যয়ন কৰি বুজি পোৱা।

(খ) সুক্ষ্মভাৱে আৰু স্পষ্টভাৱে প্রশ্ন সোধা আৰু উত্তৰ দান কৰা। 

(গ) নিৰ্ধাৰিত বিষয়ৰ ওপৰত স্পষ্টভাবে আলোচনা বা বক্তৃতা ৰখা।

(ঘ) ব্যক্তিৰ ভাবসমূহ সুসংগতিপূর্ণভাৱে প্ৰকাশ কৰি আলোচনাত অংশগ্ৰহণ কৰা। 

(ঙ) পাঠ্যপুথিৰ অন্তৰ্গত ইংৰাজী বিষয়ৰ অনুচ্ছেদসমূহ নীৰৱ পঠন কৰি বোধগম্য কৰা।

(চ) চুটি গল্প অধ্যয়ন কৰি তাৰ আনন্দ আহৰণ কৰা।

(ছ) বাৰ্তা আৰু বিজ্ঞাপনসমূহক বোধগম্য কৰা। 

(জ) তালিকা বা চাৰ্টৰ ৰূপত প্ৰস্তুত কৰা সামগ্ৰীসমূহ ব্যাখ্যা কৰা।

(ঝ) উচিত বিৰাম চিহ্ন আৰু শুদ্ধ বানানসহ ইংৰাজী লিখা।

(ঞ) সৰল চিঠি লিখা (ব্যক্তিগত বা চৰকাৰী আৰু সৰল উক্তিৰ ব্যৱহাৰ কৰা)। 

(ট) লিখিত ৰূপত প্ৰকাশ কৰা—

(ক) ব্যক্তিৰ অনুভৱৰ ভিতৰত যিকোনো আগ্ৰহৰ বিষয়ৰ।

(খ) পাঠ্যক্ৰমৰ আধাৰৰ যিকোনো বিষয়।

(ঠ) সৰল কবিতাৰ উপলব্ধিকৰণ।

(ড) ভাষাৰ ক্ষেত্ৰত সীমিত শব্দাৱলীৰ ব্যৱহাৰৰ আয়ত্ব কৰণ কৰা।

(ঢ) উচিত উচ্চাৰণৰ প্ৰয়োগ কৰি স্পষ্টভাৱে কথা কোৱা। 

(ণ) ইংৰাজী ভাষাৰ বিকাশৰ ক্ষেত্ৰত সদর্থক মনোভাবৰ বিকাশ সাধন কৰা।

৪৪। উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষাদানৰ লক্ষ্যসমূহ উল্লেখ কৰা। (Mention the Aims at Higher Secondary Level of teaching.) 

উত্তৰঃ উচ্চতৰ মাধ্যমিক স্তৰৰ ইংৰাজী শিক্ষাৰ লক্ষ্যসমূহ হ’ল—

(ক) ইংৰাজী ভাষা শুদ্ধকৈ, স্পষ্টকৈ আৰু নিয়মিতভাৱে কোৱা।

(খ) পৰিস্থিতিৰ প্ৰতি সক্রিয়ভাৱে সহাঁৰি জনোৱা।

(গ) দেশীয় বক্তাক বোধগম্য কৰা আৰু সহাঁৰি জনাবলৈ সক্ষম হোৱা।

(ঘ) উচিত বোধগম্য হোৱাকৈ কিতাপ, বাতৰিকাকত আৰু পত্রিকাসমূহ ইংৰাজী ভাষাত অধ্যয়ন কৰা।

(ঙ) ইংৰাজী বাক্যাংশ আৰু জতুৱা ঠাঁচ সহিতে ২৫০০ শব্দৰ শব্দাৱলী প্রাপ্ত কৰা।

(চ) প্রসংগ পুথি, এনচাইক্লপেডিয়া, অভিধান, গ্ৰন্থ আদিৰ ব্যৱহাৰ কৰা।

৪৫। সমাজ বিজ্ঞান শিক্ষাদানৰ গুৰুত্ব/প্রয়োজনীয়তাবোৰ লিখা। (Write the Importance of Teaching Social Science)

উত্তৰঃ সমাজ বিজ্ঞান শিক্ষাদানৰ গুৰুত্ববোৰ হ’ল—

(ক) সমাজ বিজ্ঞানে মানুহৰ সামাজিক চৰিত্ৰ গঠন কৰাত সহায় কৰে ৷

(খ) মানুহ কৰ্তব্যপৰায়ণ প্রাণী বাবে সমাজ বিজ্ঞানৰ জ্ঞানৰ আৱশ্যকীয়তা আছে।

(গ) সমাজ বিজ্ঞানে আত্মজ্ঞানৰ প্ৰগতি আৰু উন্নতিৰ পথ প্ৰদৰ্শক হয়।

(ঘ) সমাজৰ নৈতিক বিকাশৰ বাবে ই অতি গুৰুত্বপূৰ্ণ বিষয়।

(ঙ) সমাজ বিজ্ঞানৰ জ্ঞান অনুষ্ঠান আৰু সম্প্ৰদায়ৰ বাবে অতি প্রয়োজনীয়।

৪৬। প্রাথমিক পৰ্যায়ত সমাজ বিজ্ঞান শিক্ষাৰ উদ্দেশ্য আৰু লক্ষ্যবোৰ উল্লেখ কৰা। (Mention the Aims and Objectives of Teaching Social Science at Elementary Level.)

উত্তৰঃ প্ৰাথমিক পৰ্যায়ত সমাজ বিজ্ঞান শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ তলত দিয়া ধৰণৰ― 

(ক) শিক্ষাৰ্থীসকলৰ পৰ্যবেক্ষণ, চিনাক্তকৰণ আৰু শ্ৰেণীকৰণ সক্ষমতাৰ বিকাশ সাধন কৰা।

(খ) প্রাকৃতিক আৰু সামাজিক পৰিৱেশৰ আয়ত্তকৰণ, বিকাশ সাধন কৰা আৰু উভয়ৰে সহসম্বন্ধৰ অধ্যয়নত গুৰুত্ব প্ৰদান কৰা।

(গ) শিক্ষাৰ্থীসকলৰ মাজত অনৈক্যৰ মাজত ঐক্যতাৰ মনোভাৱৰ বিকাশেৰে সামাজিক সমস্যাসমূহৰ সমাধানৰ চেষ্টা কৰা।

(ঘ) আত্মঃনিৰ্ভৰশীলতা মনোভাৱৰ বিকাশ সাধন কৰা।

(ঙ) শুদ্ধ অভিবৃত্তিৰ বিকাশ সাধন কৰা।

(চ) জ্ঞান অৰ্জন কৰা।

(ছ) গণতান্ত্রিক মনোভাৱৰ বিকাশ সাধন কৰা।

(জ) সকলো ধর্মকে সমান দৃষ্টিৰে চাবলৈ শিকোৱা।

(ঝ) সকলোৰে বাবে শ্রেষ্ঠ জীৱন গঢ়াৰ বাবে উৎসাহিত কৰা।

(ঞ) শিশুসকলৰ মনত সামাজিক আৰু সাংস্কৃতিক পৰিৱেশৰ মনোভাবৰ বিকাশ সাধন কৰা।

৪৭। মাধ্যমিক পৰ্যায়ত সমাজ বিজ্ঞান শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্যবোৰ উল্লেখ কৰা। (Mention the Aims and objectives of Teaching Social Science at Secondary Level.)

উত্তৰঃ মাধ্যমিক স্তৰত সমাজ বিজ্ঞান শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ হ’ল—

(ক) আধুনিক তথা সমকালিন ভাৰতবৰ্ষ আৰু বিশ্বৰ অন্যান্য মানৱ জাতিৰ উদাহৰণ লৈ আৰ্থিক আৰু সামাজিক পৰিৱৰ্তন আৰু বিকাশৰ প্ৰক্ৰিয়াসমূহ জানিবলৈ বিচৰা।

(খ) বিভিন্ন সামাজিক আৰু আৰ্থিক সমস্যাসমূহ যেনে— শিশু শ্রমিক, নিবনুৱা সমস্যা, দৰিদ্ৰতা, অসমানতা, নিৰক্ষৰতা আদি সম্পর্কে সমালোচনাত্মক বিচাৰ কৰা।

(গ) গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ দেশৰ নাগৰিক হিচাপে নিজৰ অধিকাৰ আৰু কৰ্তব্যৰ বিষয়ে জ্ঞান দিয়া।

(ঘ) ৰাজ্যৰ সাংবিধানিক দায়িত্ব পালন কৰাৰ ভূমিকা সম্পৰ্কে অৱগত কৰা।

(ঙ) উচ্চ স্তৰৰ পাঠ্যক্ৰম সম্বন্ধে ধাৰণা গঠন।

(চ) ভৱিষ্যৎ নাগৰিকসকলৰ মাজৰ সমস্যাসমূহ সমাধান আৰু যুক্তিপূর্ণ চিন্তা কৰাৰ ক্ষমত বিকাশ সাধন কৰা।

(ছ) সমাজ গঠনৰ বাবে সহ – সম্বন্ধৰ অধ্যয়ন (Correlational Studies) ৰ সম্পৰ্কে জ্ঞান আহৰণ কৰা।

(জ) বিশ্ব ব্ৰহ্মাণ্ডৰ লোকসকলৰ জীৱন প্ৰণালী সম্বন্ধে তুলনামূলক অধ্যয়নৰ বিশ্লেষণাত অধ্যয়ন কৰা।

(ঝ) বিভিন্ন ধৰণৰ সংস্কৃতিৰ আদান – প্ৰদানৰ বাবে বিভিন্ন ধৰণৰ কাৰ্য্যসূচীৰ ৰূপায়ণ কৰা।

(ঞ) মানৱ সভ্যতাৰ বিকাশৰ মূলৰ বিষয়ে অবগত হোৱা আৰু একতা ৰক্ষা কৰাৰ বাবে উৎসাহিত কৰা।

৪৮। প্ৰাথমিক আৰু মাধ্যমিক পৰ্য্যায়ত বিজ্ঞান শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্যবোৰ আলোচন কৰা। (Discuss the Aims and Objectives of Science Education at primary and secondary level.) 

উত্তৰঃ তলত প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ত বিজ্ঞান শিক্ষাৰ লক্ষ্য, উদ্দেশ্য আলোচনা কৰা হ’ল―

প্রাথমিক পৰ্যায়ত (At Primary Level):

(ক) শিশুৰ কৌতূহল প্রবণতা যথেষ্ট থকা বাবে বিশ্বব্ৰহ্মাণ্ডৰ বিষয়ে অনুসন্ধিৎসা হৈ থাকে। শিশুক প্রাকৃতিকভাৱে নিজৰ সক্ষমতাৰ বিকাশ সাধন কৰা হৈছে বিজ্ঞান শিক্ষাৰ এক উদ্দেশ্য।

(খ) শিশুক বিজ্ঞানসন্মত ভাষাৰ কৌশলৰ আয়ত্ব কৰোৱা।

(গ) শিশুৰ অনুসন্ধানমূলক দক্ষতাৰ বিকাশ সাধন কৰা আৰু কৰ্মৰ জৰিয়তে জ্ঞান আৰু মনোসঞ্চালনমূলক কৌশলৰ বিকাশ সাধনৰ বাবে উৎসাহিত কৰা।

(ঘ) পর্যবেক্ষণমূলক, পূর্বানুমানমূলক কৌশলৰ বিকাশ সাধন কৰা।

(ঙ) শিশুসকলৰ মূল্যায়ন, পৰিমাণগত, সাংখ্যিক দিশৰ যোগ্যতাৰ বিকাশ সাধন কৰা।

(চ) শিশুসকলক পৰিৱেশ সম্বন্ধীয় জ্ঞান লাভৰ বাবে বিজ্ঞানৰ লগত সম্বন্বয় সাধনৰ চেষ্টা কৰা।

(ছ) স্বাস্থ্য সম্বন্ধীয় জ্ঞান প্রদান কৰা। অর্থাৎ খাদ্য, পানী পৰিষ্কাৰ – পৰিচ্ছন্নতা সম্পর্কে শিশুসকলক জ্ঞান প্রদান কৰা।

(জ) বৈজ্ঞানিক চিন্তাধাৰাৰ বিকাশ সাধন কৰা।

(ঝ) বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে বিষয়সমূহৰ মাজত সহ – সম্বন্ধ ৰক্ষা কৰা।

(ঞ) শিশুসকলৰ মনত বৈজ্ঞানিক মনোভাৱৰ বিকাশৰ বাবে বিজ্ঞানমূলক প্রদর্শনী, অভিজ্ঞতা আহৰণৰ জৰিয়তে জ্ঞান আহৰণ (পৰিৱেশ সম্বন্ধীয়) বৈজ্ঞানিক আলোচনা, ভ্রমণ, পর্যবেক্ষণ, প্রকল্প গঠন আদি কাৰ্য্যৰ বাবে উৎসাহিত কৰা।

মাধ্যমিক পৰ্যায়ত (At Secondary Level): 

(ক) মাধ্যমিক স্তৰৰ শিক্ষাৰ্থীক মূৰ্ত বিষয়ৰ জ্ঞানৰ লগতে বিমূর্ত জ্ঞান প্ৰদানৰ চেষ্টা কৰা।

(খ) বৈজ্ঞানিক ধাৰণাৰ বিকাশ সাধনৰ চেষ্টা কৰা।

(গ) শিক্ষাৰ্থীসকলৰ প্ৰজনন প্ৰণালী সম্বন্ধে জ্ঞান প্ৰদান কৰা।

(ঘ) শিক্ষার্থীসকলক বিজ্ঞান বিষয়ৰ জ্ঞান সহ – সম্বন্ধৰ অধ্যয়নৰ জৰিয়তে প্ৰদান কৰিবলৈ চেষ্টা কৰা।

(ঙ) শিক্ষার্থীসকলক অধিক কাৰিকৰী প্ৰযুক্তিবিদ্যাৰ আনৰ সহায়েৰে কৰ্ম কৰাৰ বাবে উৎসাহ যোগোৱা। 

(চ) বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰয়োজনীয়তাৰ বিষয়ে অৱগত কৰা।

(ছ) বিজ্ঞানৰ সূত্ৰ, নীতি, ধাৰণাৰ সম্বন্ধে শিক্ষাৰ্থীক জ্ঞান প্ৰদান কৰা।

(জ) শিক্ষার্থীসকলক স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞানৰ জ্ঞান প্ৰদান কৰা 

(ঞ) শিক্ষার্থীসকলক সমস্যা সমাধানমূলক কৌশলৰ জ্ঞান প্ৰদান কৰা।

(ট) শিক্ষাৰ্থীসকলৰ মাজত বৈজ্ঞানিক দৃষ্টিভঙ্গীৰ বিকাশ সাধন কৰা।

৪৯। প্রাথমিক স্তৰৰ শিশুসকলৰ গণিত শিক্ষাদানৰ লক্ষ্যসমূহ আলোচনা কৰা। (Discuss the Objectives of Teaching Mathematics at Elementary Level.)

উত্তৰঃ প্ৰাথমিক স্তৰৰ শিশুসকলৰ গণিত শিক্ষাদানৰ লক্ষ্যসমূহ তলত দিয়া ধৰণৰ ―

১। ব্যৱহাৰিক লক্ষ্য (Practical Aims):

(ক) শিশুসকলৰ মাজত স্পষ্ট ধাৰণাৰ বিকাশ কৰা।

(খ) শিক্ষার্থীক যোগ্য, দক্ষ ব্যক্তি হিচাপে গঢ়ি তোলা।

(গ) শিক্ষার্থীৰ মাজত উপলব্ধিমূলক ক্ষমতাৰ বিকাশ সাধন কৰা।

২। সামাজিক লক্ষ্য (Social Aims):

(ক) ব্যক্তিৰ সামাজিক আৰু অৰ্থনৈতিক জীৱনত অংশগ্ৰহণ কৰাৰ মনোভাৱৰ বিকাশ সাধন কৰা।

(খ) শিক্ষাৰ্থীসকলৰ মাজত সামাজিক আৰু নৈতিক গুণৰ বিকাশ সাধন কৰা।

(গ) সামাজিক নীতি আৰু নিয়ম প্ৰস্তুতকৰণত সহায় কৰা।

(ঘ) সামাজিক সমাযোজন কৰাত সহায় কৰে।

৩। অনুশাসনাত্মক লক্ষ্য (Disciplinary Aims):

(ক) শিক্ষার্থীসকলক অভ্যাসৰ যোগেদি অনুশাসন সম্বন্ধীয় গুণৰ বিকাশ সাধন কৰা।

(খ) যৌক্তিক ক্ষমতাৰ বিকাশ সাধন কৰা।

(গ) প্ৰণালীবদ্ধভাৱে চৰিত্ৰৰ বিকাশ সাধন কৰা।

(ঘ) শিক্ষার্থীসকলক আত্মপ্রতিষ্ঠিত আৰু আত্মনিৰ্ভৰশীল ব্যক্তি হিচাপে গঢ় দিয়া।

৪। সাংস্কৃতিক লক্ষ্য (Cultural Aims):

(ক) গণিতৰ জ্ঞান সাংস্কৃতিক পৰম্পৰাগতভাৱে কৰিবলৈ অনুপ্ৰেৰণা যোগোৱা।

(খ) শিক্ষার্থীসকলক সৃষ্টিমূলক প্ৰকাশৰ বাবে গণিতৰ ধাৰণা, সৌন্দৰ্য্য, বৌদ্ধিক উপভোগ আৰু সন্তুষ্টিৰ শিক্ষা প্ৰদান কৰা।

(গ) গণিতৰ আকাৰ আৰু নমুনাৰ বিষয়ে শিক্ষার্থীক সৌন্দৰ্য্যবোধক সজাগতা প্ৰদান কৰা।

ইয়াৰ উপৰিও প্ৰাথমিক স্তৰৰ শিক্ষাৰ্থীৰ কিছুমান বিশেষ লক্ষ্য আছে। সেইবোৰ তলত দিয়া হ’ল―

১। শিক্ষার্থীসকলক লিখা, পঢ়া আৰু গণনাৰ জ্ঞান প্ৰদান কৰা।

২। শিকন – শিক্ষণত ব্যৱহাৰ হোৱা সঁজুলি আৰু পদ্ধতিৰ ব্যৱহাৰ কৰা। 

৩। শিক্ষাৰ্থীৰ মনত শুদ্ধতাৰ জ্ঞানৰ বিকাশ সাধন কৰা।

৪। শিক্ষাৰ্থীৰ মনত আন্তঃবিষয়ৰ কৌশল আয়ত্ব কৰোৱা।

৫। অভ্যাস গঠন কৰোৱা।

৬। শিক্ষার্থীৰ মনত স্পষ্টতাৰ ধাৰণাৰ বিকাশ সাধন কৰা।

৫০। মাধ্যমিক স্তৰত গণিত শিক্ষাদানৰ লক্ষ্যবোৰ আলোচনা কৰা। (Discuss the Objectives of Mathematics Teaching at Secondary Level.)

উত্তৰঃ আনুষ্ঠানিক শিক্ষাৰ দ্বিতীয় স্তৰ হৈছে মাধ্যমিক স্তৰ। প্ৰাথমিক শিক্ষা সমাপ্ত হোৱাৰ পিছত আৰু উচ্চ শিক্ষাৰ আৰম্ভ হোৱাৰ আগৰ শিক্ষা হৈছে মাধ্যমিক শিক্ষা। মাধ্যমিক শিক্ষাক প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাৰ চাবিকাঠী বুলি কোৱা হয়। কৈশোৰ কাল অর্থাৎ ১৪ বছৰৰ পৰা ১৮ বছৰৰ শিশুসকল এই পর্যায়ত অন্তর্ভুক্ত। মাধ্যমিক স্তৰৰ শিক্ষাৰ্থীৰ শিক্ষাৰ লক্ষ্যসমূহ হ’ল―

(ক) শিক্ষাৰ্থীসকলৰ মাজত গণিতৰ সূত্ৰ, ধাৰণা, সম্বন্ধ তত্ত্ব, নীতি আৰু প্ৰক্ৰিয়াৰ বিকাশ সাধন কৰা।

(খ) শিক্ষাৰ্থীসকলৰ মাজত গণিতৰ ধাৰণা, সংজ্ঞা আদি সম্বন্ধে উপলব্ধি কৰোৱা।

(গ) শিক্ষাৰ্থীসকলৰ মাজত সংশ্লেষণাত্মক আৰু সাধাৰণীকৰণৰ ক্ষমতাৰ বিকাশ সাধন কৰা।

(ঘ) প্রায়োগিক জ্ঞানৰ বিকাশ সাধন কৰা অৰ্থাৎ গণিতৰ জ্ঞানৰ জৰিয়তে অন্য নতুন পৰিস্থিতিত ইয়াৰ প্ৰয়োগ কৰা।

(ঙ) গণিত অধ্যয়নৰ বাবে ব্যৱহাৰিক কৌশলৰ বিকাশ সাধন কৰা। 

(চ) শিক্ষাৰ্থীৰ মনত গণিতৰ জ্ঞানৰ বাবে আগ্ৰহৰ বিকাশ সাধন কৰা।

(ছ) শিক্ষাৰ্থীসকলৰ মাজত উচ্চ স্তৰৰ গাণিতিক সমস্যাৰ সমাধানৰ বাবে প্ৰস্তুত কৰি তোলা।

(জ) শিক্ষার্থীসকলক বৃত্তীয় আৰু পেছাগত বাচনিৰ বাবে প্ৰস্তুত কৰি তোলা। 

(ঝ) গণিত শিক্ষাৰ জৰিয়তে মানসিক বা বৌদ্ধিক বিকাশ বৃদ্ধি কৰা।

(ঞ) গণিত শিক্ষাৰ জৰিয়তে আনন্দ প্রাপ্তি অথবা আজৰি সময়ৰ সদব্যৱহাৰ শিকোৱা। 

(ট) গণিত শিক্ষাৰ বাবে যিটো অভ্যাস গঠন হয় তাৰ জৰিয়তে শিক্ষাৰ্থীৰ অনুশাসন গঠন কৰা।

(ঠ) গণিত শিক্ষাৰ জৰিয়তে প্রায়োগিক মূল্যৰ প্ৰাপ্তিৰ চেষ্টা কৰা।

(ড) আত্মবিশ্বাসী আৰু আত্মনিৰ্ভৰশীল ব্যক্তি হিচাপে গঢ় দি তোলা।

(ঢ) গণিত শিক্ষাৰ জৰিয়তে মনক প্রশিক্ষিত কৰা।

(ণ) গণিত শিক্ষাৰ জৰিয়তে ব্যক্তিৰ মাজত যুক্তিৰ অভ্যাস গঢ়ি তোলা।

৫১। চমু টোকা লিখাঃ (Write short notes.) 

(ক) শিক্ষাদানৰ কৌশল (Teaching Skill):

উত্তৰঃ শ্রেণীকক্ষত ফলপ্ৰসূ শিক্ষাদানৰ বাবে শিক্ষক এজনৰ শিক্ষণীয় বিষয়বস্তুৰ জ্ঞান থকাৰ উপৰি শিক্ষাদানৰ কৌশলসমূহো থকা বাঞ্ছনীয়। শিক্ষাদানৰ কৌশলসমূহ শিক্ষক এজনে শ্ৰেণীকক্ষত পাঠদান কৰাৰ পূৰ্বেই আয়ত্ব কৰিব লাগে। শিক্ষক এজনে শ্রেণীকক্ষত ব্যৱহাৰ কৰা সকলোবিলাক পূৰ্বপৰিকল্পিত আচৰণ বা প্ৰচেষ্টাকে শিক্ষাদানৰ কৌশল বুলি কোৱা হয়। প্ৰতিজন শিক্ষকে শিক্ষাদানৰ কৌশলসমূহ অনুশিক্ষণ প্ৰক্ৰিয়াৰ জৰিয়তে এটা এটাকৈ অভ্যস কৰি আয়ত্ব কৰি ল’ব লাগে।

 উদ্দেশ্যপূর্ণ আৰু ফলপ্ৰসু শিক্ষাদানৰ বাবে শিক্ষাদানৰ কৌশল হ’ল এক পূৰ্ব পৰিকল্পিত ব্যবস্থা। এই কৌশলসমূহ ব্যৱহাৰৰ জৰিয়তে শিক্ষকে শ্রেণীকক্ষত ছাত্ৰ – ছাত্ৰীসকলৰ সক্ৰিয় অংশগ্রহণ আশা কৰিব পাৰে।

শিক্ষাদানৰ কৌশল হ’ল শিক্ষকসকলে শ্রেণীকোঠাত ফলপ্ৰসূ শিক্ষাদান কৰিবৰ বাবে গ্ৰহণ কৰা বিশেষ আচৰণ আৰু কাৰ্যাৱলী, যিবিলাকৰ জৰিয়তে শিক্ষার্থীৰ বাঞ্ছিত আচৰণৰ পৰিবৰ্তন সাধন কৰিব পাৰি।

(খ) অনুশিক্ষণ পদ্ধতিৰ বিকাশ (Development of Micro- Teaching): 

উত্তৰঃ অনুশিক্ষণ পদ্ধতি শিক্ষক – প্ৰশিক্ষাৰ্থীসকলৰ দক্ষতাপূৰ্ণ বিকাশৰ এক পদ্ধতি হিচাপে গণ্য কৰা হয়। এনে প্ৰচেষ্টাৰে তিনি দশক আগতেই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ষ্টেনফোর্ড বিশ্ববিদ্যালয়ত অনুশিক্ষণ কৌশলৰ ব্যৱহাৰ আৰম্ভ কৰা হৈছিল। ১৯৬১ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ষ্টেনফোর্ড বিশ্ববিদ্যালয়ত নতুন শিক্ষণ কৌশল ব্যৱহাৰ কৰি শিক্ষাদানৰ ব্যৱস্থা কৰা হৈছিল। Prof. Dwight Allen -এ ১৯৬০ চনত আৰু Prof. Robert Bush -এ ১৯৬৭ চনত শিক্ষক প্ৰশিক্ষাৰ্থীসকলৰ বাবে অনুশিক্ষণ পদ্ধতিৰ ব্যৱহাৰ কৰিছিল। অনুশিক্ষণৰ বিকাশৰ ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা ব্যক্তিসকল হ’ল— ১৯৬৯ চনত Ryan, ১৯৭৩ চনত Turney, ১৯৭৫ চনত Brown, ১৯৭৬ চনত Passi আৰু ১৯৭৯ চনত Sing- অনুশিক্ষণ পদ্ধতিৰ ব্যৱহাৰ কৰিছিল। অনুশিক্ষণ পদ্ধতিৰ বিকাশৰ বাবে NCERT আৰু বহুখিনি ভাৰতীয় বিশ্ববিদ্যালয় দেশীয় পটভূমিৰ আধাৰত পদক্ষেপ হাতত লোৱা দেখা গৈছিল।

‘অকেছন’ (Acheson) নামৰ শিক্ষক গৱেষকগৰাকীয়ে প্রকল্প যোগে শিক্ষণৰ কাৰিকৰী কৌশলৰ বিকাশৰ ওপৰত গৱেষণা কৰি ভি.ডি.অ’ ৰেকৰ্ডাৰৰ যোগেদি নিজৰ শিক্ষান কাৰ্য্যৰ সুযোগ লাভ কৰি ভলৰ বিষয়ে জ্ঞাত হৈছিল। পাছত ‘ডুইট এলেন’ (Dwight Allen) আৰু ‘ৰবাৰ্ট বুশ্ব’ (Robert Bush)- এ ১৯৬৩ চনত অনুশিক্ষণ নামাকৰণেৰে শিক্ষাদান পদ্ধতিৰ উদ্ভাৱন কৰিছিল।

ভাৰতত ১৯৬৭ চনত ‘D. D. Tiwari’ নামৰ শিক্ষাবিদগৰাকীয়ে অনুশিক্ষণৰ ব্যৱহাৰ কৰিছিল। তেওঁ Allahbad ৰ Government Central Pedagogical Institute ত প্রথম অনুশিক্ষণৰ কাৰ্য্য সম্পাদন কৰিছিল। ১৯৭০ চনত বৰোদাৰ ‘Faculty of Education and Psychology’ ত ‘G. B. Shah’ নামৰ লোকজনে অনুশিক্ষণ সম্বন্ধে টে পৰেকৰ্ডাৰৰ সহায়ত পৰীক্ষা কৰিছিল। ১৯৭৪ চনত ‘Dr. N. L. Dosayh’ ৰ তত্ত্বাৱধানত চণ্ডীগড়ৰ ‘Technical Teacher’s Training Institute ত অনুশিক্ষণৰ শিক্ষণ কৌশল হিচাপে ব্যৱহাৰ কৰি প্ৰকল্প লৈছিল। অনুশিক্ষণ সম্বন্ধে ভাৰতত ১৯৭৭ চনত প্ৰথমখন গ্ৰন্থ ৰচনা কৰা ব্যক্তিজন হ’ল ‘N. L. Dosayh’ আৰু তেওঁ ৰচনা কৰা গ্ৰন্থখনৰ নাম হ’ল “Modification of Teacher Behaviour Through Micro- Teaching”.

(গ) পাঠ পৰিকল্পনাৰ অৰ্থ (Meaning of Lesson Plan): 

উত্তৰঃ শিক্ষাদান এক জটিল কাৰ্য্য। শিক্ষাদান কৰোতে শিক্ষকে সদায় কিছুমান দিশ সম্পর্কে মনোযোগ দিব লাগে। শিক্ষাদান ফলপ্রসূ হ’বলৈ শিক্ষকে পূর্বপৰিকল্পিতভাৱে কিছুমান কাম সম্পাদন কৰিব লাগে। পাঠ পৰিকল্পনাও এক পূর্বপৰিকল্পিত কাৰ্য্য য’ত শিক্ষকে পাঠদানৰ বাবে প্ৰস্তুত কৰা বিষয়বস্তু প্রণালীবদ্ধভাৱে সজাই পৰাই লয়। অর্থাৎ শিক্ষকে শ্রেণীকোঠাত শিক্ষার্থীসকলক কি শিকাব, কি পদ্ধতি প্রয়োগ কৰিব, কি সঁজুলি ব্যৱহাৰ কৰিব, কি কৌশল অৱলম্বন কৰিলে উচিত সহাঁৰি লাভ কৰিব, এই আটাইবোৰ বিষয়ৰ পূৰ্বপৰিকল্পিত আঁচনিকেই ‘পাঠ পৰিকল্পনা’ (Lesson plan) বুলি কোৱা হয়।

‘পাঠ পৰিকল্পনাৰ দ্বাৰা শিক্ষাদান কাৰ্য্যসূচীক কৃতকাৰ্য্য বা ফলপ্রসূ কৰি তুলিবলৈ চেষ্টা কৰা হয়। শিক্ষার্থীসকলক বিষয়বস্তু স্পষ্ট, বোধগম্য আৰু মনোগ্ৰাহী কৰি তুলিবলৈ পাঠ পৰিকল্পনাৰ প্রয়োজনীয়তা উপলব্ধি কৰা হয়।

মাধ্যমিক স্তৰৰ শিক্ষকসকলে পাঠ পৰিকল্পনাৰ সহায়ত শিক্ষাদানৰ নক্সা বা নমুনা প্রস্তুত কৰি বিদ্যালয়ত প্ৰৱেশ কৰি শিক্ষাৰ্থীসকলক শিক্ষাপ্ৰদান কৰে।

শৈক্ষিক প্ৰযুক্তিবিদ্যাৰ যুগত শিক্ষকে কিছুমান মাধ্যমৰ জৰিয়তে প্ৰদান কৰা তথ্য শিক্ষার্থীসকলে উপলব্ধি কৰিব পাৰিছেনে নাই সেই সম্পর্কে ফলপ্রসূ প্ৰতিপুষ্টি পাবলৈ যি আঁচনি প্রস্তুত কৰে সেয়াই হৈছে ‘পাঠ পৰিকল্পনা’।

(ঘ) ভাৰতত ইংৰাজী ভাষাৰ ভূমিকা (Role of English Language in India): 

উত্তৰঃ ভাষা হৈছে ভাব প্ৰকাশৰ মাধ্যম। ইংৰাজী ভাষা এক গুৰুত্বপূৰ্ণ ভাষা হিচাপে ব্যৱহৰ কৰা হয়। প্রত্যেক ব্যক্তিয়ে যিকোনো ভাষা শিকিব পাৰে। ইংৰাজী কেৱল ইংৰাজ লোকসকলৰ ৰাষ্ট্ৰীয় ভাষা নহয়, ইয়াক এক আন্তর্জাতিক ভাষা হিচাপে গণ্য কৰা হয়। ইংৰাজী ভাষাক বিশ্ব সভ্যতাৰ ভাষা বুলিও কোৱা হয়। এই ভাষাৰ নমনীয়তা, সর্বোৎকৃষ্টতা, মর্যাদা আদি দিশবোৰ চালে এই ভাষা সাৰ্বজনীন ৰূপত জনপ্ৰিয় ভাষা হিচাপে গণ্য কৰা হয় ৷ গতিকে, ইংৰাজী ভাষাক কোনো ব্যক্তিয়ে ঘৃণা কৰা উচিত নহয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top