Sociological Foundations of Education Unit 1 শিক্ষা সমাজবিজ্ঞানৰ ধাৰণা আৰু তত্ত্ব

Sociological Foundations of Education Unit 1 শিক্ষা সমাজবিজ্ঞানৰ ধাৰণা আৰু তত্ত্ব Notes, College and University Answer Bank of Education for BA, and Post Graduate Notes and Guide Available here, Sociological Foundations of Education Unit 1 শিক্ষা সমাজবিজ্ঞানৰ ধাৰণা আৰু তত্ত্ব Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus eg. Dibrugarh University and Guwahati University so that you can easily browse through different College and University Guide and Notes here. Sociological Foundations of Education Unit 1 শিক্ষা সমাজবিজ্ঞানৰ ধাৰণা আৰু তত্ত্ব Question Answer can be of great value to excel in the examination.

Sociological Foundations of Education Unit 1 শিক্ষা সমাজবিজ্ঞানৰ ধাৰণা আৰু তত্ত্ব

Join Telegram channel

Sociological Foundations of Education Unit 1 শিক্ষা সমাজবিজ্ঞানৰ ধাৰণা আৰু তত্ত্ব Notes cover all the exercise questions in UGC Syllabus. The Sociological Foundations of Education Unit 1 শিক্ষা সমাজবিজ্ঞানৰ ধাৰণা আৰু তত্ত্ব provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

শিক্ষা সমাজবিজ্ঞানৰ ধাৰণা আৰু তত্ত্ব

EDUCATION

শিক্ষাৰ সমাজতাত্বিক আধাৰ

Sociological Foundations of Education


1. Answer the multiple choice question by selecting the correct answer. 

2. [i] The word sociology is derived from the Latin language word ‘Socius’ and Greek word-

[a] Logy. 

[b] Ology. 

[c] Logi.

[d] Logius.

Ans. [d] Logius.

[ii] ‘Sociology Means-

[a] Study of society. 

[b] Science of society.

[c] Art of society.

[d] Description of society. 

Ans. [b] Science of society.

[iii] In 10th century, following French philosopher had conducted scientific study of the society.

[a] August Comet.

[b] Maclver.

[c] Gillin and Gillin. 

[b] Sorokin.

Ans. [a] August Comet.

3. [iv] The scope of sociology Is- 

[a] Scientific study of social relation.

[b] study of basic-social group.

[c] study of social internal activity.

[d] All the above.

Ans. [d] All the above.

(v) Educational Sociology is the study of following alteration-

(a) Changes in society by education.

(b) Changes in education by social changes.

(c) Control of state only, on education and society.

(d) Above both (a) and (b)

Ans: (d) Above both (a) and (b).

(vi) Who defined, “Sociology is the science of society or social phenomena”? 

(a) L.F. Ward. 

(b) T. Parson. 

(c) Bloom. 

(d) Martian.

Ans: (a) L.F. Ward.

(vii) Sociology is the scientific study of the struc ture of social life- who said this?

(a) Young and Mack. 

(b) T. Parson. 

(c) Bloom.

(d)Martian.

Ans: (a) Young and Mack.

(viii) Who was the father of sociology? 

(a) Auguste Comte.

(b) T. Parson. 

(c) Bloom.

(d) Martian.

Ans: (a) Auguste Comte –

(ix) Who defined, -“Educational sociology is the study of the introduction of the individual and his ‘cultural environment including other individuals, social groups and patterns of behaviour.”

(a) Brown.

(b) T. Parson.

(c) Bloom.

(d) Martian.

Ans:(a) Brown.

2. Define the following terms-

(a) Education.

উত্তৰঃ চুইচ দার্শনিক পেষ্টালজিৰ মতে— মানুহৰ সুপ্ত অথবা অন্তনিহিত শক্তিৰ স্বাভাবিক, সংগত আৰু উন্নত বিকাশ সাধনেই শিক্ষা (Education is natural harmonions and progressive development of man’s innate powers) |

দার্শনিক থমচনে কৈছিল— শিক্ষা হৈছে পৰিৱেশৰ প্ৰভাৱ, যি প্ৰভাৱৰ দ্বাৰা ব্যক্তিৰ বাহ্যিক আচৰণ, চিন্তাধাৰা আৰু দৃষ্টিভংগীৰ স্থায়ী পৰিৱৰ্তন সাধিত হয়। (“Education is the environment on the behaviour with a view to producing a permanent change in this habits of behaviour of thought, of attitude.)

ইংলণ্ডৰ পাচি নানৰ মতে— শিক্ষা বুলিলে ব্যক্তিত্বৰ পৰিপূৰ্ণ বিকাশকে বুজায় । এই বিকাশৰ মাধ্যমত ব্যক্তিয়ে নিজৰ ক্ষমতানুসাৰে মানৱৰ কল্যাণৰ স্বাৰ্থত নিজকে নিয়োজিত কৰে (Education is the complete development of individuality of a child so that he can make an original contribution to human life according to the best of his capacity.)

আমেৰিকাৰ  আমেৰিকাৰ প্ৰখ্যাত দার্শনিক জন ডিউইয়ে কৈছিল, শিক্ষা বুলিলে আমি পৰিপূৰ্ণ জীৱন বিকাশৰ কথাকেই কও।। পূর্ণ বিকাশ বুলি কওতে সেইবোৰ গুণাৱলীৰ বিকাশক ইংগিত কৰোঁক যাৰ দ্বাৰা ব্যক্তিয়ে তাৰ পৰিৱেশক সুশৃংখলিত কৰি নিজৰ সমস্ত সম্ভাৱনাৰ বিকাশ সাধন কৰিব পাৰে। তেখেতে লগতে এই কথাও কৈছিল, এই ধৰণৰ বিকাশ কেবল বাহিৰৰ পৰা জাপি দিয়া প্ৰশিক্ষণৰ দ্বাৰা সম্ভৱ নহয়। অভিজ্ঞতাৰ পূনর্গঠনেই তেখেতৰ মতে শিক্ষা। ব্যক্তিয়ে জীৱন-যাপনৰ মাজেদি পোৱা প্ৰত্যক্ষ অভিজ্ঞতাক যুক্তি আৰু বিচাৰ শক্তিৰে বিচাৰ কৰি যিখিনি গ্ৰহণ কৰে সেয়াই শিক্ষা। (Education is the process of living through a continuous reconstruction of experience. It is the development of all those capacities in the individual which will enable him to control his environment and fulfil his possibili ties.) 

[b] Educational sociology.

উত্তৰঃ বিশিষ্ট শিক্ষা সমাজবিজ্ঞানী Ottoway ৰ মতে, “Educational sociology starts with the assumption that education is an activity which goes on in the society and the society in its turn determines the nature of education.” অৰ্থত শিক্ষা সমাজবিজ্ঞানে এনেকুৱা এটা ধাৰণা লৈ আৰম্ভ হয় যে শিক্ষা এটা এনেকুৱা কাৰ্য্য যি সমাজৰ কাৰণে আগবাঢ়ি যায় আৰু সমাজেও তাৰ পৰিপূৰক হিচাপে শিক্ষাৰ প্ৰকৃতিসমূহ সমাজৰ চাহিদাতে নিৰ্ধাৰণ কৰি দিয়ে। ব্রাউনৰ ভাষাত ক’বলৈ গ’লে “শিক্ষা সমাজবিজ্ঞান হৈছে ব্যক্তি আৰু তেওঁৰ সাংস্কৃতিক পৰিবেশৰ মাজত হোৱা পাৰস্পৰিক ক্ৰিয়াৰ অধ্যয়ন যিয়ে অন্যান্য ব্যক্তি, সামাজিক গোট আৰু আচৰণৰ আৰ্হি সমূহ আন্তর্ভূক্ত কৰে। (Educational sociology is the study of the interaction of the individual and his cultural environment which includes other individual, social groups and patterns of behaviour.” – Brown]

শিক্ষা সমাজবিজ্ঞানী “কাৰ্টাৰৰ” মতে শিক্ষা সমাজবিজ্ঞানে শৈক্ষিক প্ৰক্ৰিয়াৰ বাবে বিশেষত্ব থকা সমাজবিজ্ঞানৰ বিষয়ে অধ্যয়ন কৰে । সমাজ বিজ্ঞানৰ তত্ত্বসমূহ বেছি ফলপ্ৰসূ আৰু কৰ্মশীল কৰাৰ অৰ্থে ই পৰীক্ষা-নিৰীক্ষশসমূহ কঢ়িয়াই নি প্রয়োগ কৰে। [According to Carter, “Educational sociology is the study of those phases of sociology that are of significance for educative processes, especially the study of those that point to valuable programme of learning and control of learning process.” 

শিক্ষা সমাজবিজ্ঞানৰ পিতৃ বি. জৰ্জ পেইনৰ মতে, “ব্যক্তিয়ে বিভিন্ন অনুষ্ঠান আৰু সামাজিক সম্বন্ধৰ জৰিয়তে অভিজ্ঞতাসমূহ আহৰণ কৰি সংগঠিত কৰে। শিক্ষা সমাজবিজ্ঞান এই অনুষ্ঠান আৰু সামাজিক সম্বন্ধ সমূহৰ বিষয়ে বর্ণনা আগ বঢ়োৱা এক বিজ্ঞান” (E. George Payne the father of educational sociology define it as, “Educational sociology is the science which describes and explains institutions, groups and social processes in relation to the educational system in its evolution and changing function.”]

আধুনিকজগতৰ শিক্ষাবিদসকলে সম্মতি প্ৰকাশ কৰিছে যে পৰিয়াল, বিদ্যালয়, শোকসমাজ আৰু সমাজৰ অন্যান্য অংশসমূহেই শিক্ষা প্ৰক্ৰিয়াটো অৰ্থপূৰ্ণ কৰি তুলিছে।

[c] Sociology.

উত্তৰঃ ১৮৩৯ চনতফ্ৰান্সৰ সমাজ দার্শনিক আগষ্ট বঁটৰ হাতত সমাজ তত্ত্বই জন্ম লাভ কৰে । SOCIOLOGY” শব্দটোৰ অৰ্থ হৈছে SOCI মানে সমাজ ‘LOGY’ মানে বিজ্ঞান । আগষ্ট বঁটব মতে, সমাজ শাস্ত্ৰ হৈছে সমাজ পদ্ধতি বাবে বৈজ্ঞানিক ভাৱে অধ্যয়ন করা বিজ্ঞান।

মেক্স ৱেবাৰৰ মতে, “সমাজতত্ত্ব এনে বিজ্ঞান, যাৰ জৰিয়তে সামাজিক ক্ৰিয়াৰ বিষয়ে অৰ্থপূৰ্ণভাৱে বুজিবলৈ সম্ভৱপৰ হয় ।”

ইয়ং আকু মেকৰ মতে, “সমাজতস্ব সামাজিক জীৱন গঠন প্ৰণালীৰ বৈজ্ঞানিক অধ্যয়ন” সমাজ তত্ত্বই আন্তঃক্ৰিয়াৰ জৰিয়তে সৃষ্টি হোৱা সামাজিক সম্বন্ধৰ বিষয়ে আলোচনা কৰে।

মৰিচ জীজবাৰ্গৰ মতে, ““সমাজতত্ত্বই মানুহৰ সম্বন্ধৰ আন্তঃক্ৰিয়াৰ ফলাফলৰ বিষয়ে অধ্যয়ন কৰে ।” 

আৰ্ণল্ড প্ৰীণৰ মতে, “সমাজতত্ত্ব হ’ল মানুহৰ সকলো সামাজিক সম্বন্ধ সাধাৰণীকৰণ আৰু একীভূত কৰা বিষয়ে সমাজ শাস্ত্রবিদ এইচ্-এম জনচনৰ মতে সমাজ শাস্ত্ৰ হৈছে সামাজিক সমূহক লৈ অধ্যয়ন কৰা শাস্ত্ৰ।

মানব সমাজত সমাজতত্ত্বৰ গুৰুত্ব অপৰিসীম । মানৱ সমাজৰ বিষয়ে বাজনীতি বিজ্ঞান, অর্থনীতি বিজ্ঞান, ইতিহাস, ভূগোল আদি বিভিন্ন সমাজবিজ্ঞানে আলোচনা কৰাৰ পাছত সমাজতত্ত্বৰ প্ৰয়োজন হ’ল সমাজতত্ত্ব অবিহনে মানুহৰ সামাজিক জীৱনৰ সকলো দিশ সম্পর্কে আলোচনা কৰা অধ্যয়ন কৰা বিষয় নাই

সমাজতত্ত্ব প্রায়োগিক বিজ্ঞানৰ পৰিবৰ্ত্তে এটি সমাজ বিজ্ঞান, সমাজতত্বই সমাজৰ বিভিন্ন দিশ, যেনে সামাজিক পদ্ধতি, সামাজিক দিশ, সামাজিক সমূহ সম্প্রদায়, সমিতি আদিও প্রতিফলিত হোৱা সামাজিক আন্তঃক্রিয়া আৰু আন্তঃসম্বন্ধবোৰ অধ্যয়ন কৰোঁতে সামাজিক জীৱনৰ প্ৰকৃত ৰূপটোও আলোচিত হয়।

3. What do you mean by educational sociology. Discuss its nature, scope and need to study. 

উত্তৰঃ শিক্ষা সমাজবিজ্ঞানৰ বিষয়ে আলোচনা কৰিবলৈ যোৱাৰ আগতে সমাজবিজ্ঞানৰ ধাৰণাটো স্পষ্ট হোৱাৰ দৰকাৰ। ১৮৩৭চনৰ পৰা সমাজবিজ্ঞানৰ ধাৰণাটো আৰম্ভ হয়।

‘সমাজবিজ্ঞান’ শব্দটোৰ ইংৰাজী প্রতিশব্দ ‘Sociology”। এই ‘Sociology)” শব্দটো পোন প্ৰথমবাৰৰ বাবে ফৰাচী দার্শনিক “আগষ কমটে” (Auguste Comte)“এ ১৮৩৭ চনত দিয়া ‘তেওঁৰ এটা বক্তৃতাত উচ্চাৰণ কৰিছিল। তেওঁৰ মতে সমাজবিজ্ঞান হ’ল ব্যক্তি আৰু সমাজৰ মাজত থকা সম্পৰ্কটো,বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰা। (By Sociology he meant the application of scientific method in the study of the relationship between the society and the indi vidual.)

সমাজ বিজ্ঞান বিষয়টো শিক্ষা ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ ভেঁটি বুলি গণ্য সমাজবিজ্ঞান বিষ হিন দর্শন, মনোবিজ্ঞান, অৰ্থবিজ্ঞানৰ লগতে হয়। শিক্ষাৰ সন্যতম। শৈক্ষিক সমাজবিজ্ঞান হৈছেসমাজবিজ্ঞানৰ এটা ভাগ যাব সমাজৰ মৰ বিভিন্ন নীতি-নিয়ম, ধ্যান-ধাৰণা, বিভিন্ন উপাদান, তত্ত্ব ইত্যাদি শিক্ষাত প্ৰয়োগ কৰি সমাজৰ বিকাশৰ চেষ্টা কৰা হয় ।

শিক্ষা সমাজবিজ্ঞানৰ বিকাশৰ ক্ষেত্ৰত আগভাগ লোৱা বিশেষ ব্যক্তিসকলৰ ভিতৰত Luster Ward, George Payne, John Dewey, Durkheim, Max, Weber ৰ কথা উল্লেখ কৰিব পাৰি । বিভিন্ন দার্শনিক, শিক্ষাবিদে শিক্ষা সমাজবিজ্ঞান সম্পৰ্কত নিজৰ মতামত আগবঢ়াইছে। হ’লেও শিক্ষা সমাজবিজ্ঞানৰ পিতৃ আখ্যা [George Payne] জর্জ পেইনক দিয়া হয়। ৰাজ্জ্ব চনত তেওঁৰ বিখ্যাত গ্রন্থ “The Principle of educational sociology” ত তেওঁ উল্লেখ কৰিছে যে শিক্ষাৰ ক্ষেত্ৰত যেনেকৈ সামাজিক জীৱনে প্রভাৱ পেলায় ঠিক একেদৰেই সামাজিক জীৱনেও শিক্ষাৰ ক্ষেত্ৰত বহল প্রভাৱ বিস্তাৰ কৰে।

শিক্ষা সমাজবিজ্ঞানৰ অৰ্থ বিচাৰি চালে দেখা যায় যে শিক্ষা সমাজবিজ্ঞান হ’ল মানৱ আৰু সমাজৰ বিয়য়ে একে ধর্ণে অধ্যয়ণ ক্রা এটা দিশ।

শিক্ষা সমাজবিজ্ঞানৰ সংজ্ঞা—

ব্ৰাউনৰ ভাষাত ক’বলৈ গ’লে “শিক্ষা সমাজবিজ্ঞান হৈছে ব্যক্তি আৰু তেওঁৰ সাংস্কৃতিক পৰিবেশৰ মাজত হোৱা পাৰস্পৰিক ক্ৰিয়াৰ অধ্যয়ন যিয়ে অন্যান্য ব্যক্তি, সামাজিক গোট আৰু আচৰণৰ আৰ্হি সমূহ আন্তৰ্ভূক্ত কৰে। [“Educational sociology is the study of the interaction of the individual and his cultural environment which includes other individual, social groups and patterns of behaviour.” – – Brown]

শিক্ষা সমাজবিজ্ঞানৰ পিতৃ বি. পেইনৰ মতে, “ব্যক্তিয়ে বিভিন্ন অনুষ্ঠান আৰু সামাজিক সম্বন্ধৰ জৰিয়তে অভিজ্ঞতাসমূহ আহৰণ কৰি সংগঠিত কৰে । শিক্ষা সমাজবিজ্ঞান এই অনুষ্ঠান আৰু সামাজিক সম্বন্ধ সমূহৰ বিষয়ে বর্ণনা আগ বঢ়োৱা একবিজ্ঞান।

(E. George Payne the father of educational sociology define it as, “Educational sociology is the science which describes and explains institutions, groups and social processes in relation to the educational system in its evolution and changing function.”

শিক্ষা সমাজবিজ্ঞানৰ প্ৰকৃতি: [Nature of Educational Sociology] 

তলত শিক্ষা সমাজবিজ্ঞানৰ প্ৰকৃতিসমূহ উল্লেখ কৰা হৈছে—

১) শিক্ষা সমাজবিজ্ঞান প্ৰকৃত সমাজবিজ্ঞানৰ এটা ভাগ (Educational Sociology is a Branch of Pure Sociology): শিক্ষা সমাজবিজ্ঞানৰ ধাৰণাটোক মূলত প্ৰকৃত সমাজবিজ্ঞানৰ এটা শাখা হিচাপে বিবেচনা কৰা হয়,য’ত সমাজবিজ্ঞানৰ বিভিন্ন তত্ত্ব, সূত্র, নীতি-নিয়মবিলাক শিক্ষাৰ যোগেদি প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰা হয়।

২। শৈক্ষিক প্ৰক্ৰিয়াসমূহৰ সমাজবৈজ্ঞানিক বিশ্লেষণ (Sociological Analysis of Educational Process): শৈক্ষিক প্ৰক্ৰিয়াসমূহৰ সমাজবৈজ্ঞানিক বিশ্লেষণেই হৈছে শিক্ষা সমাজবিজ্ঞান, শিক্ষা প্ৰক্ৰিয়াটোৰ লগত সমাজবিজ্ঞান কেনেকৈ জড়িত হৈ থাকে, কেনেকৈ শিক্ষা আৰু সমাজবিজ্ঞান এটা আনটোৰ পৰিপূৰক, শিক্ষাই কেনেকৈ সমাজবিজ্ঞানৰ বিষয়সমূহ অধ্যয়ণ কৰি বিকাশৰ চেষ্টা কৰে এই সকলোবোৰৰ অধ্যয়ণেই হৈছে শিক্ষা সমাজবিজ্ঞান।

৩। সামাজিক সমস্যাসমূহৰ অধ্যয়ন (Study of Different Social Problems): শিক্ষা সমাজবিজ্ঞানে সমাজত বিশৃংখলতাৰ সৃষ্টি কৰা বিভিন্ন সমস্যাসমূহ, উদাহৰণস্বৰূপে— কুসংস্কাৰ, অন্তবিশ্বাস্ নিৱনুৱা সমস্যা, নাৰীশিক্ষাৰ বিৰোধ, ছাত্ৰ উশৃংখলতা, অর্থনৈতিক দুর্বলতা, শৈক্ষিকসমস্যা ইত্যাদিৰ বিষয়ে পুংখানুপুংখ ভাৱে অধ্যয়ন কৰে। 

৪। সামাজিক সমস্যাসমূহৰ সমাধান (Solving of Different Social Problems]: শিক্ষা সমাজবিজ্ঞানে সমাজৰ সমস্যা সমূহ কেৱল অধ্যয়ণতে আৱদ্ধ নাথাকি বিভিন্ন ধৰণৰ সূত্ৰ আৰু প্ৰক্ৰিয়াৰ জৰিয়তে সেই সমস্যাসমূহৰ সমাধানৰ উপায়সমূহো নিৰ্ধাৰণ কৰি দিয়ে আৰু শিক্ষাৰ যোগেদি সমস্যাসমূহ সম।ধানৰ চেষ্টা কৰে ৷

৫। সংস্কৃতিৰ অধ্যয়ণ, সংৰক্ষণ, সংমিশ্ৰণ আৰু পৰিৱৰ্তনৰ আহিলা [Instrument of Cultural Study, Preservation, assimilation and Change]: শিক্ষা সমাজবিজ্ঞানে শিক্ষাৰ মাধ্যমেৰে সমাজৰ সংস্কৃতিসমূহ অধ্যয়ণ কৰে, সংৰক্ষণ কবে আৰু লগতে বিভিন্ন ঠাইৰ বিভিন্ন ব্যক্তিৰ বিভিন্ন সংস্কৃতিসমূহ সংমিশ্ৰণ কৰি সংস্কৃতিৰ বিকাশ সাধন কৰিবলৈ চেষ্টা কৰে। ই সংস্কৃতিৰ পৰিবৰ্তন কৰি নতুন যুগৰ লগত ব্যক্তিক তথ। সমাজখনক খাপ খুৱাত সহায় কৰে।

৬। শিক্ষাত সমাজবৈজ্ঞানিক নীতিসমূহৰ প্ৰয়োগ (Application of Sociological Principles in the Field of Education]: শিক্ষা সমাজবিজ্ঞান হৈছে সমাজবৈজ্ঞানিক নীতিসমূহ শিক্ষাত প্ৰয়োগৰ এক আহিলা।

৭। ‘ই শিক্ষাৰ এক অন্যতম ভেঁটিস্বৰূপ (One of the Foundation of Education): শিক্ষা ব্যৱস্থাৰ ভেঁটিসমূহৰ ভিতৰত এক অন্যতম ভেঁটি হৈছে শিক্ষা সমাজবিজ্ঞান যিয়ে নেকি শিক্ষা ব্যৱস্থাৰ লক্ষ্য, পাঠ্যক্ৰম, শিক্ষাদানৰ পদ্ধতি, শিক্ষক, ছাত্র-ছাত্রী, শিক্ষানুষ্ঠান এই সকলোবোৰকে প্ৰভাৱিত কৰে।

৮। ব্যক্তি, সমাজ আৰু শিক্ষাৰ মাজত থকা সম্পৰ্কসমূহ বিশ্লেষণ কৰে (Analyse the Relationship’ Among Individual, Society and Education): ব্যক্তি, সমাজ আৰু শিক্ষা ব্যৱস্থাৰ মাজত থকা পাৰস্পৰিক সম্পৰ্কৰ বিষয়ে শিক্ষা সমাজবিজ্ঞানে অধ্যয়ন আৰু বিশ্লেষণ কৰে। সেই সম্পর্ক কেনেকৈ বজাই ৰাখিব পাৰি তাৰ উপায়সমূহ আমাক শিক্ষা সমাজবিজ্ঞানেই দিয়ে।

৯। আকাংক্ষিত সামাজিক পৰিৱৰ্তন (Desirable Social Change): শিক্ষা সমাজবিজ্ঞানে সমাজৰ আকাংক্ষিত পৰিৱৰ্তন সাধন কৰিবলৈ চেষ্টা কৰে। বৰ্ত্তমান বিশ্বায়নৰ যুগত সমাজখন প্রতিমুহূর্ততে সলনি হৈ আহিছে।

নিত্য নতুন ধ্যান-ধাৰণা, তথ্য, বিষয়বস্তুৰ আগমন হৈছে। গতিকে নতুন পৰিৱেশৰ লগত খোজত খোজ মিলাই যাব পৰাকৈ সামাজিক পৰিৱৰ্তন সাধন কৰাটো অত্যাৱশ্যক হৈ পৰিছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত বিকাশ, আধুনিকতাবাদ, পাশ্চাত্য দৰ্শনৰ আগমন উদ্যোগীকৰণৰ সমাজত বিপ্ৰভাৱ পৰিলক্ষিত হৈছে সেই সকলোবোৰৰ লগত খাপ খুৱাই চলিবৰ কাৰণে নিজস্ব দৰ্শনক বিসর্জন নিদিয়াকৈ সামাজিক পৰিৱৰ্তন সাধন কৰাটো শিক্ষা সমাজবিজ্ঞানৰ উদ্দেশ্য।

শিক্ষাৰ সমাজবিজ্ঞানৰ পৰিসৰঃ (Scope of Educational Sociology) 

সমাজঁবৈজ্ঞানিক দৃষ্টিকোণৰ পূৰা শিক্ষা সমাজবিজ্ঞানৰ পৰিসৰসমূহ

বিশ্লেষণ কৰিলে তলৰ দিশসমূহ উল্লেখ কৰিব পাৰি— 

১। নতুন পৰিৱেশৰ লগত সমাযোজন (Adjustment in New Situation): শিক্ষা সমাজবিজ্ঞানে ব্যক্তিক নতুন পৰিবেশৰ লগত খাপ খাব পৰা প্ৰক্ৰিয়াসমূহ প্ৰদান কৰে।

২। সংস্কৃতিৰ সংৰক্ষণ আৰু সংমিশ্ৰণ প্ৰক্ৰিয়া (Cultural Preservation and Assimilation]: শিক্ষা সমাজবিজ্ঞানে সংস্কৃতিৰ সংৰক্ষণ আৰু সংমিশ্ৰণৰ প্ৰক্ৰিয়াসমূহ অধ্যয়নৰ পৰিসৰ হিচাপে সামৰি লয়।

৩। সামাজিক সমস্যাৰ অধ্যয়ন (Study of Social Problem): শিক্ষা সমাজবিজ্ঞানে বিভিন্ন সামাজিক সমস্যাসমূহৰ অধ্যয়ন আৰু সমাধান কৰা কাৰ্যক সামৰি লয়।

৪। বিভিন্ন সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানসমূহ আৰু গোটসমূহ (Various Social and Cultural Institutions): শিক্ষা সমাজবিজ্ঞানে বিভিন্ন সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানসমূহ, গোটসমূহ আৰু ব্যক্তিসকলকো ইয়াৰ পৰিসৰৰ ভিতৰত অন্তর্ভূক্ত কৰে।

৫। সামাজিক পৰিৱৰ্তনৰ আহিলাসমূহ (Various Theories of Sociology): সমাজ পৰিৱৰ্তনশীল গতিকে সমাজৰ পৰিৱৰ্তনৰ লগে লগে সমাজত থকা সকগেবিলাক প্রক্রিয়াতেই পৰিৱৰ্তনৰ প্ৰভাৱ পৰে। সমাজবিজ্ঞানৰ এটা শাখা হি গপে শিক্ষা সমাজবিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ কাম হৈছে সামাজিক পৰিৱৰ্তনৰ আহিলাসমূহ, কাৰকসমূহ অধ্যয়নৰ বিষয়বস্তু কৰি লোৱাটো। বিভিন্ন সামাজিক পৰিৱৰ্তনৰ কাৰকসমূহ হৈছে -আধুনিকীকৰণ, পাশ্চাত্য দৰ্শনৰ প্ৰভাৱ, ব্যক্তিগত প্রতিষ্ঠানসমূহৰ স্থাপন, বিশ্বায়ন, বিজ্ঞান আৰুপ্ৰযুক্তিবিদ্যা, শিক্ষা, উদ্যোগীকৰণ ইত্যাদি । এই সকলোবোৰ শিক্ষা সমাজবিজ্ঞানৰ অধ্যয়নৰ ভিতৰৰ বিষয়বস্তু।

৬। সমাজবিজ্ঞানৰ বিভিন্ন তত্ত্বসমূহ (Various Theories of Socio Cgy): সমাজবিজ্ঞানৰ সকলোবোৰ তত্ব আৰু শিক্ষাত তাৰ প্ৰভাৱৰ দিশসমূহো শিক্ষা সমাজবিজ্ঞানৰ অধ্যয়নৰ বিষয়বস্তু।

৭। ব্যক্তি আৰু সমাজৰ মাজত থকা সম্পৰ্ক (Relationship Between Man and Society): শিক্ষা সমাজবিজ্ঞানে ব্যক্তি আৰু সমাজৰ মাজত থকা পাৰস্পৰিক সম্পৰ্কৰ বিষয়ে অধ্যয়ন কৰে।

৮ । ৰাজনৈতিক আদৰ্শসমূহ আৰু শিক্ষা (Political Ideologies and Education): শিক্ষা সমাজবিজ্ঞানে ৰাজনৈতিক আদৰ্শসমূহ অধ্যয়নৰ ভিতৰত সামৰি লয় আৰু শিক্ষাত তাৰ প্ৰভাৱসমূহ অধ্যয়ন কৰে।

৯। সামাজিক প্রক্রিয়াসমূহ আৰু শিক্ষা (Social Process and Education): শিক্ষা সমাজবিজ্ঞানে বিভিন্ন সামাজিক প্ৰক্ৰিয়াসমূহ আৰু উপাদানসমূহ ইয়াৰ পৰিসবৰ ভিতৰত সামৰি লয়। সামাজিকীকৰণ, সামাজিক শ্রেণীবিভাজন, আবেগিক আৰুৰাষ্টৰীয় বুজাপৰা ইত্যাদিৰ লগত শিক্ষাৰ সম্পৰ্ক শিক্ষা সমাজবিজ্ঞান অধ্যয়ন কৰে।

১০। অর্থনীতি (Economics): শিক্ষা সমাজবিজ্ঞানে অর্থনীতিকো ইয়াৰ অধ্যয়নৰ পৰিসৰৰ ভিতৰত অন্তৰ্ভূক্ত কৰিছে।

শিক্ষা সমাজবিজ্ঞানৰ প্ৰয়োজনীয়তা ( Importance of Educational Sociology): 

বর্তমান যুগত শিক্ষা সমাজবিজ্ঞানৰ গুৰুত্ব লেখত ল’বলগীয়া। সমগ্ৰ দেশখনৰ, সমগ্র জাতিটোৰ বিকাশত শিক্ষা সমাজবিজ্ঞানে অগ্রণী ভূমিকা লয়।

শিক্ষা সমাজবিজ্ঞানৰ বিভিন্ন নীতি, ধাৰণা, কাৰ্য্য আৰু পদ্ধতিসমূহে ব্যক্তিৰ সৰ্বাংগীণ উন্নতি সাধনত সহায় কৰে। বৰ্তমান যুগত শিক্ষা সমাজবিজ্ঞান গুৰুত্ব উপলবদ্ধি কৰিবলৈ যাওঁতে তলত উল্লেখ কৰা বিষয়কেইটা মূল্যায়ন কৰি চাব পাৰি।

১। সামাজিক আচৰণ [Social Behaviour]: শিক্ষা সমাজবিজ্ঞানে প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ মনত শুদ্ধ আৰু সুস্থ সামাজিক আচৰণ গঢ়ি তোলাত সহায় কৰে। এখন সমাজত এজন সামাজিক প্রাণী হিচাপে বসবাস কৰিবলৈ হ’লে ছাত্ৰ-ছাত্ৰীয়ে সমাজৰ উপাদানসমূহ: ৰীতি-নীতি, আচাৰ ব্যৱহাৰ, ধৰণ কৰণ সকলোবিলাক আয়ত্ব কৰিব পাৰিব লাগিব। এই সকলোবোৰ শিক্ষাৰ মাধ্যমেৰে সম্ভৱহয়।

২। গণতান্ত্রিক আৰু ধৰ্মীয় মূল্যবোধৰ ভাৱৰ সৃষ্টি (Inculcating Democratic and Secular Values): শিক্ষা সমাজবিজ্ঞানে ছাত্র ছাত্ৰীৰ অন্তৰত গণতান্ত্ৰিক আৰু ধৰ্মীয় মূল্যবোধৰ সৃষ্টি কৰাত সহায় কৰে। এখন গণতান্ত্রিক দেশত শান্তিপূর্ণভাৱে জীয়াই থাকিবৰ কাৰণে প্রতিজন ব্যক্তিয়েই গণতান্ত্রিক নীতিসমূহ আৰু মূল্যবোধৰ প্ৰতি:সচেতন হ’ব লাগিব। শিক্ষা সমাজবিজ্ঞানে তাৰ গুৰুত্ব উপলব্ধি কৰাত সহায় কৰে।

৩। শিক্ষাৰ মাধ্যমেদি হোৱা সামাজিক ‘পৰিৱৰ্তন (Social Change through Education): শিক্ষা সমাজবিজ্ঞানৰ পৰিসৰৰ ভিতৰৰ এটা উল্লেখযোগ্য প্রক্রিয়া হৈছে শিক্ষাৰ মাধ্যমেদি হোৱা সামাজিক পৰিৱৰ্তনক অধ্যয়ণ কৰা। শিক্ষা হৈছে সামাজিক পৰিৱৰ্তনৰ আহিলাস্বৰূপ। ‘জন ডিউইয়ে’ তেওঁৰ ‘গণতন্ত্ৰ আৰু শিক্ষা’নামৰ কিতাপখনত উল্লেখ কৰিছে যে নাগৰিকসকলৰ সামাজিক দক্ষতাৰ দুটা প্রধান লক্ষ্য আছে। এটা হ’ল শিক্ষাৰ দক্ষতা তথা বৃত্তিৰ দক্ষতা আৰু আনটো হ’ল নাগৰিক হিচাপে দক্ষতা অৰ্জন কৰা । বৃত্তিমূল ক দক্ষতা আৰু নাগৰিকত্বৰ দক্ষতা বৃদ্ধি হ’লেহে প্ৰকৃত সামাজিক পৰিৱৰ্তন সম্ভৱ হ’ব। সামাজি পৰিৱৰ্তন হ’বলৈ হ’লে সমাজৰ সকলো দিশৰে উদাহৰণস্বৰূপে— অর্থনৈতিক, ৰাজনৈতিক, শৈক্ষিক ইত্যাদি দিশৰ পৰিৱৰ্তন হ’ব লাগিব। এই ক্ষেত্ৰত শিক্ষাই হৈছে একমাত্র মাধ্যম। বর্তমান সমাজত বিজ্ঞান আৰপ্ৰযুক্তিবিদ্যাৰ প্ৰভাৱত হোৱা পৰিৱৰ্তন সমূহ আকৌৱালি লোৱাত শিক্ষাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।

৪। সামাজিক সমস্যাৰ সমাধান (Solving of Social Problems]: শিক্ষাৰ মাধ্যমেদি প্ৰতিজন শিক্ষার্থীকে বিভিন্ন সামাজিক সমস্যাসমূহৰ বিষয়ে সতর্ক কৰি তুলিবৰ কাৰণে আৰু সেই সমস্যাবিলাক সমাধানৰ পথ বিচাৰি উলিওৱাত সহায় কৰিবলৈ শৈক্ষিক সমাজবিজ্ঞানৰ প্ৰয়োজন হয়। 

৫। শৈক্ষিক সমস্যাসমূহৰ সমাধান (Solving of Educational Problems): শৈক্ষিক সমস্যাসমূহৰ সমাধানৰ কাৰণে শিক্ষা সমাজবিজ্ঞানৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হয়। বৰ্তমানৰ পৰিৱৰ্তিত সমাজ ব্যৱস্থাৰ লগত খাপ খুৱাই চলিবলৈ যাওঁতে শিক্ষা, ব্যৱস্থাটো ব্রিভিন্ন ধৰণৰ, সমস্যাৰ সন্মুখীন হয়। সমাজবিজ্ঞানৰ ধাৰণাসমূহে সেই সমস্যাসমূহ নির্মূল কৰাত যথেষ্ট অৰিহণা যোগায়। বৰ্ত্তমানৰ বিশ্বায়নৰ যুগত যদিও বা সমাজখন, শিক্ষা ব্যৱস্থাসমূহ, মানুহৰ মনবোৰৰ চিন্তাধাৰাই সর্বোচ্চ শিখৰ চুইছেগৈ তথাপিও তাৰ মাজতেই বিভিন্ন কু-সংস্কাৰ, বিশৃংখলতা আৰু ভেদাভেদৰ মনোভাৱে পোশা মেলে। শিক্ষাৰ সমাজবিজ্ঞানে সেই সমস্যাসমূহৰ পৰা শিক্ষা ব্যৱস্থাক, সমাজখনক মুক্তি দিব পাৰে।

৬। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বুজাপৰা [National and International Understanding]: শিক্ষা সমাজবিজ্ঞানৰ প্ৰভাৱতেইৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় বুজাপৰাৰ ধাৰণাৰ সৃষ্টি । এখন সৰ্বাংগ সুন্দৰৰাষ্ট্ৰৰ কথা ভাবিবলৈ, যাওঁতে জাতীয় আৰু আন্তঃজাতিক বুজাপৰাৰ প্ৰয়োজন হয়।

৭ । শিক্ষাৰ লক্ষ্য, পদ্ধতি, পাঠ্যক্ৰম আৰু নীতিসমূহৰ গঠন [Framing of Educational Aim, Methods Curriculum and Principles]: শিক্ষাৰ যথেষ্ট পৰিমাণে পৰে।সমাজবাদী শিক্ষাৰ লক্ষ্য নির্ণয় কৰোতে সেই লক্ষ্যত উপনীত হ’বলৈ চেষ্টা কৰোঁতে শিক্ষা সমাজবিজ্ঞানৰ প্রয়োজন হয়।

৮। উৎপাদন শক্তিৰ বিকাশ (Develops Productivity): শিক্ষা সমাজবিজ্ঞানৰ অধ্যয়ন আৰু ব্যৱস্থাৰে শিক্ষাৰ্থীক উৎপাদনমুখী কৰি গঢ়ি তোলাত সহায় কৰে। সমাজৰ বিভিন্ন প্রয়োজনীয়তা পূৰণ কৰিব পৰা নীতিসমূহ আৰু ব্যৱস্থাসমূহ সন্নিৱিষ্ট কৰি শিক্ষা সমাজবিজ্ঞানে শিক্ষাৰ্থীৰ কাৰণে পাঠ্যক্ৰম প্ৰস্তুত কৰাত অৰিহণা যোগায়।

৯। নাগৰিকত্ব গুণৰ বিকাশ (Develops Citizenship Quality): শিক্ষা সমাজবিজ্ঞানৰ ধাৰণাই শিক্ষাৰ্থীৰ মনত নাগৰিকত্বৰ গুণসমূহ বিকশাই তোলাত সহায় কৰে। এখন গণতান্ত্রিক দেশত বাস কৰা ব্যক্তি হিচাপে সুস্থ নাগৰিকত্বৰ গুণবিলাক আয়ত্ব কৰাটো জৰুৰী, সমাজবিজ্ঞানৰ বিষয়বস্তুৰ ৰৰা এনে গুণ সহজতে আয়ত্ব কৰিব পাৰি আৰু একমাত্ৰ শিক্ষাৰ যোগেদিহে এনে গুণৰ বিকাশ সম্ভৱ।

১০। সকলোৰে বাবে শিক্ষা (Education for All): সমাজৰ প্রয়োজনীতাৰ ভিত্তিতে “সকলোৰে বাবে শিক্ষা” শ’গানৰ সৃষ্টি হৈছে। জাতি, ধর্ম, বর্ণ লিঙ্গ ভেদে সকলো লোকেই শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত হ’ব নোৱাৰিব। সংবিধানৰ এই নীতি কাৰ্য্যত পৰিণত কৰাত শিক্ষা সমাজবিজ্ঞানৰ গুৰুত্ব নুই কৰিব নোৱাৰি।

8. Explain the relation between education and sociology in brief. 

উত্তৰঃ শিক্ষা আৰু সমাজবিজ্ঞানৰ মাজত এক নিবিড় সম্বন্ধ আছে। শিক্ষা মানুহৰ জন্মৰ আগৰ পৰা মৃত্যুৰ তৎমুহূৰ্তলৈকে অবিৰাম গতিত চলি থাকে। কিন্তু সামাজিক পৰিৱেশ অবিহনে শিক্ষাৰ বিকাশ নহয়। শিক্ষাৰ মূল লক্ষ্যক বহলভাৱে দুটা দিশৰ পৰা বিশ্লেষণ কৰিব পাৰি। প্ৰথমটো হ’ল- শিক্ষাৰ জৰিয়তে ব্যক্তিৰ ব্যক্তিত্বৰ বিকাশ সাধন কৰি ব্যক্তিগত অগ্রগতি সাধন কৰা। দ্বিতীয়টো হ’ল—শিক্ষাই ব্যক্তিৰ দ্বাৰা গঠিত সমাজখনৰ সামাজিক অগ্রগতি কঢ়িয়াই অনাত গুৰুত্ব আৰোপ কৰা। সমাজিক বিকাশৰ জৰিয়তে মানুহে নিজৰ লগতে আৰু সমাজৰ আন সদস্যসকলৰ সৈতে সুস্থ সম্পৰ্ক ৰক্ষা কৰি চলিব পাৰে। মানুহৰ সমাজত মিলি থাকি জীৱন নিৰ্বাহ কৰিবৰ বাবে প্ৰয়োজনীয় যোগ্যতাসমূহৰ সামগ্ৰিক বিকাশ হ’লেহে ব্যক্তিৰ সামাজিক বিকাশ সম্ভৱ। শিশুক শিক্ষা দিবলৈ, শিশুৰ সামাজিকীকৰণত সহায় কৰিবলৈ, “তেওঁলোকক উপযুক্তভাৱে ডাঙৰ-দীঘল হ’বলৈ সামাজিক আৰু সাংস্কৃতিক পৰিবেশৰ প্ৰয়োজন। ইয়াৰ বাবে শিশুৱে অভিজ্ঞতাৰ মাধ্যমত নিজৰ আচৰণ পৰিৱৰ্ত্তন কৰিব লাগিব। কিন্তু সুস্থ সমাজ অবিহনে শিশুক সুস্থ ব্যক্তিত্ব সম্পন্ন সামাজিক ব্যক্তি হিচাপে গঢ়ি তুলিব নোৱাৰি। 

শিক্ষা যিহেতু এক সামাজিক প্রক্রিয়া। সেইবাবে এই প্রক্রিয়াটোও

কিছুমান সমাজতত্ত্বৰ সম্পৰ্ক অধিক নিবিড় বুলি ক’ব পাৰি। এই কাৰকসমূহ এনেধৰণৰ—

১। শিক্ষাৰ অৰ্থ [Meaning of Education]: শিক্ষা হৈছে এক সামাজিক প্ৰক্ৰিয়া । ইয়াৰ দ্বাৰা ব্যক্তিক সামাজিক কৰি গঢ়ি তুলিব পাৰি।

2. শিক্ষাৰ উদ্দেশ্য [Objective of Education]: সমাজবিজ্ঞানীসকলৰ মতে, সমাজৰ বিভিন্ন পৰিস্থিতিৰ বিষয়ে জ্ঞান দান কৰাটোৱেই শিক্ষাৰ মূল উদ্দেশ্য বুলি কয়। ব্যক্তিৰ মাজৰ সামাজিক গুণসমূহৰ বিকাশ সাধন কৰি সামাজিক জীৱনৰ বাবে ব্যক্তিক যোগ্য কৰি তোলাটো শিক্ষাৰ এক অন্যতম লক্ষ্য ।

৩। পাঠ্যক্ৰমৰ সংগঠন (Organisation and Curriculum): উপযুক্ত পাঠ্যক্ৰমৰ দ্বাৰা শিক্ষা প্ৰক্ৰিয়াক সুস্থিৰ কৰি তুলিব পাৰি। সমাজবিজ্ঞানীসকলে সেয়েহে পাঠ্যক্ৰমৰ সংগঠনৰ ক্ষেত্ৰত সমাজৰ বিভিন্ন দিশসমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। সামাজিক প্ৰয়োজনীয়তাৰ প্রতি লক্ষ্য ৰাখি পাঠ্যক্রম এখন সময়ে সময়ে পৰিৱৰ্ত্তন আৰু সংশোধন কৰাৰ ব্যৱস্থা ৰাখিব লাগিব।

৪। শিক্ষাদানৰ পদ্ধতি (Methods of Teaching): শিক্ষা প্রদান প্ৰক্ৰিয়াত ব্যৱহৃত পদ্ধতিসমূহৰ দ্বাৰা শিক্ষাৰ্থীৰ সামাজিক চেতনাবোধৰ বিকাশ সাধন হোৱা প্ৰয়োজন। শিক্ষাৰ্থীৰ মাজত সামাজিক গুণাৱলীৰ বিকাশ সাধন কৰিব পৰা শিক্ষণ পদ্ধতি ব্যৱহাৰ কৰিলেহে সমাজৰ উপযোগী হোৱাকৈ শিক্ষাক প্ৰয়োগ কৰিব পৰা যাব।

৫। প্রশাসনীয় কৌশল (Administrative Techniques): অতীতত শিক্ষাৰ প্ৰশাসনিক দিশত শিক্ষকৰ ব্যক্তিগত প্ৰভাৱ আছিল। কিন্তু বর্ত্তমান সময়ত শিক্ষা ব্যৱস্থাৰ প্ৰশাসনিক দিশত সামাজিক মনোভাৱ আৰু চিন্তা চৰ্চকি অধিক গুৰুত্ব দিয়া দেখিবলৈ পোৱা গৈছে। বৰ্ত্তমান সময়ত শিক্ষাৰ প্রশাসন ক্ষেত্ৰত গণতান্ত্রিক মনোভাৱৰ প্ৰতিফলন ঘটিছে।

৬। শিশু শিক্ষা (Child Education): বর্ত্তমান সময়ত শিশুকেন্দ্রিক শিক্ষা ব্যৱস্থাৰ প্ৰচলন ঘটিছে। সমাজৰ সকলো শ্ৰেণীৰ শিশুসকলক উপযুক্ত শিক্ষা প্ৰদানৰ জৰিয়তে সামাজিক সমতা সৃষ্টি কৰাৰ বাবে শিশুশিক্ষা শিক্ষাৰ প্ৰধান লক্ষ্য হিচাপে বিবেচিত হৈছে।

৭। প্রাপ্তবয়স্ক শিক্ষা (Adult Education): বর্তমান সমাজৰ অশিক্ষিত প্রাপ্তবয়স্ক লোকসকলৰ বাবে আবেলি বা নৈশ বিদ্যালয়ৰ ব্যৱস্থা কৰা হৈছে। এই প্ৰচেষ্টাৰ দ্বাৰা সামাজিক উন্নতি হোৱাৰ লগতে শিক্ষা আৰু সমাজতত্ত্বৰ সম্পৰ্ক অধিক গভীৰ কৰা হৈছে। উপৰোক্ত আলোচনাৰ পৰা সহজে প্রতীয়মান.যে শিক্ষা আৰু সমাজতত্ত্বৰ সম্পৰ্ক অতি নিবিড়। সমাজবিজ্ঞানৰ ধ্যান-ধাৰণাই শিক্ষাৰ ধ্যান-ধাৰণাক নিৰ্ধাৰিত কৰে। ঠিক সেইদৰেই শিক্ষাৰ ধ্যান-ধাৰণাইহে সমাজবিজ্ঞানৰ গতি নিৰূপণ কৰে। দুয়োটাকে একেটা মুদ্ৰাৰ দুটা পিঠি বুলিও ক’ব পাবি। এনে সম্বন্ধৰ বাবে এটা আনটোৰ ওপৰত নিৰ্ভৰশীল।

৫. Point out the main features of educational sociology. 

উত্তৰঃ শিক্ষা সমাজবিজ্ঞানৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হৈছে –

১। শিক্ষা সমাজবিজ্ঞান প্ৰকৃত সমাজবিজ্ঞানৰ এটা ভাগ।

২। শৈক্ষিক প্রক্রিয়াসমূহৰ সমাজবৈজ্ঞানিক বিশ্লেষণ।

৩। সামাজিক সমস্যাসমূহৰ অধ্যয়ন। 

৪ । সামাজিক সমস্যাসমূহৰ সমাধানৰ উপায়সমূহো নিৰ্ধাৰণ কৰে৷

৫। শিক্ষা সমাজবিজ্ঞানে শিক্ষাৰ মাধ্যমেৰে সমাজৰ সংস্কৃতিসমূহ তসমূহ অধ্যয়ণ কৰে, সংৰক্ষণ কৰে আৰু লগতে বিভিন্ন ঠাইৰ বিভিন্ন ব্যক্তিৰ বিভিন্ন সংস্কৃতিসমূহ সংমিশ্ৰণ কৰি সংস্কৃতিৰ বিকাশ সাধন কৰিবলৈ চেষ্টা কৰে।

৬। শিক্ষা সমাজবিজ্ঞান হৈছে সমাজবৈজ্ঞানিক নীতিসমূহ শিক্ষাত

প্ৰয়োগৰ এক আহিলা। 

৭। ই শিক্ষাৰ এক অন্যতম ভেঁটিস্বৰূপ।

৮। শিক্ষা সমাজবিজ্ঞানে ব্যক্তি, সমাজ আৰু শিক্ষাৰ মাজত থকা সম্পৰ্কসমূহ বিশ্লেষণ কৰে।

৯ । শিক্ষা সমাজবিজ্ঞান সমাজৰ আকাংক্ষিত পৰিৱৰ্তন সাধন কৰিবলৈ চেষ্টা কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top