প্রতিবন্ধীসকলৰ প্ৰতি সামাজিক কর্তব্য ৰচনা | Social Duty with Disabilities Essay in Assamese

প্রতিবন্ধীসকলৰ প্ৰতি সামাজিক কর্তব্য ৰচনা | Social Duty with Disabilities Essay in Assamese

মানুহ হিচাপে স্বীকৃত হলেও তেওঁলোক সকলো মানৱিক আচাৰ আচৰণ পালন কৰিবলৈ অক্ষম। সমাজৰ অন্যতম সদস্য হৈও তেওঁলোক সকলো সামাজিক সুবিধাৰ পৰা বঞ্চিত। স্বয়ংসম্পূর্ণতাৰ সম্ভাৱনা থকা সত্বেও তেওঁলোক কোনোবা প্ৰকাৰে অসম্পূর্ণ। সমাজৰ এনেকুৱা অংশীদাবেই প্রতিবন্ধী। একবিংশ শতাব্দীতো বিজ্ঞানে নিত্যনতুন আৱিষ্কাৰৰ দ্বাৰা মানৱ সভ্যতাক সমৃদ্ধি আৰু স্বস্তিত ভবাই ভুলিব বিচাৰে। অথচ এই অগ্ৰগতিৰ যুগত প্রতিবন্ধীসকল অসহায়।

প্রতিবন্ধীসকলৰ প্ৰতি সামাজিক কর্তব্য ৰচনা | Social Duty with Disabilities Essay in Assamese

প্রতিবন্ধী কাক বোলে? | What is a disabled?

বর্তমান পৃথিৱীত প্রায় ৪৫ কোটি প্রতিবন্ধী আছে। ইয়াৰ ভিতৰত এছিয়াৰ বিভিন্ন অনগ্ৰসৰ আৰু দুৰ্বল দেশত প্রতিবন্ধীৰ সংখ্যা অধিক। চূড়ান্ত দাৰিদ্ৰ আৰু উন্নয়নৰ অভাবেই ইয়াৰ মূল কাৰণ । ভাবততো প্রতিবন্ধীৰ সংখ্যা নিচেই তাকৰ নহয়। পাঁচ কোটিতকৈও অধিক প্রতিবন্ধী ভাৰতত বিদ্যমান। মানুহৰ জীৱনত প্ৰতিবন্ধকতা বিভিন্ন ধৰণে আহিব পাৰে। সেই অনুসৰি প্ৰতিবন্ধীসকলৰো প্ৰকাৰভেদ আছে। প্রতিবন্ধী সাধাৰণতঃ চাৰি প্ৰকাৰৰ। প্রথমতে অস্থি, পেশী বা স্নায়ুৰ গোলযোগ সংক্রান্ত (অর্থোপেডিকেলি), দ্বিতীয়তে মুক আৰু বধিৰ (ডেফ এণ্ড ডাম), তৃতীয়তে অন্ধত্ব (ব্লাইণ্ডনেছ্‌) আৰু চতুৰ্থতে মানসিক আৰু জড়বুদ্ধিসম্পন্ন প্রতিবন্ধী (মেণ্টাল ৰিটাৰ্ডেড)।

Read Also: শাৰীৰিক আৰু মানসিক বাধাগ্ৰস্ততা নেওচি জীৱনৰ জয়গান

প্রতিবন্ধকতাৰ স্বৰূপ

জন্মগতৰ বাহিৰেও বিভিন্ন কাৰণত মানুহ প্রতিবন্ধী হ’ব পাৰে। জন্মৰ সময়ত অপাৰেচনৰ প্ৰয়োজনত ফৰছেপ ডেলিভাৰিত বিপত্তি ঘটিলে সন্তান জড়বুদ্ধিত পৰিণত হয়। বহু মানুহ আকৌ দৃষ্টিহীন। ইয়াৰ কাৰণ দুর্ঘটনা, কর্ণিয়া লেন্স বা ৰেটিনাৰ ৰোগ, স্নায়ুৰ ক্ষতি প্রভৃতি। তথাপি বেছিভাগ মানুহ যে কুকুৰীকণাত ভোগে তাৰ কাৰণ হ’ল ভিটামিনৰ অভাৱ। প্রতিবন্ধীসকলৰ ভিতৰত অস্থি, পেশী-স্নায়ু ৰোগীৰ সংখ্যা বিপুল। ইয়াৰ কাৰণ কেবাটাও। যেনে- দুর্ঘটনাজনিত কাৰণত অন্দ্বহানি, অস্থিত টি. বি., দীর্ঘসময় ষ্টেৰয়ড চিকিৎসাৰ বিষময় প্রতিক্রিয়া, পেশীৰ বিভিন্ন ৰোগ, পোলিঅ’, প্রভৃতি স্নায়ু সংক্রান্ত ৰোগ।

চিকিৎসা আৰু সাহার্য

প্রতিবন্ধীসকলৰ চিকিৎসা পদ্ধতি তুলনামূলকভাৱে জটিল আৰু সময়সাপেক্ষ। বহুক্ষেত্ৰত প্রতিবন্ধীত্বৰ সম্পূৰ্ণ নিৰাময় সম্ভৱ নহয়, কেৱল অলপ স্বাচ্ছন্দ্য দিয়া যায়। পোলিঅ’, পেশী কিম্বা স্নায়ুৰ দুৰ্বলতাৰ বালিপাৰ জাতীয় সাহায্যকাৰী যন্ত্ৰ বা জোতা ব্যৱহাৰ কৰিবলৈ দিয়া হয়। অঙ্গহানিত কৃত্ৰিম অঙ্গ ব্যৱহাৰ কৰিবলৈ দিয়া হয়। সম্প্রতি পাতল ধাতুৰে গঠিত এনে ধৰণৰ কৃত্ৰিম অঙ্গত কৃত্রিম ছালৰ আৱৰণৰ দ্বাৰা স্বাভাৱিক ৰূপ অনা হয়। তদুপৰি বহুক্ষেত্ৰত প্ৰতিবন্ধীত্ব দূৰ কৰিবলৈ ফিজিওথেৰাপি আনকি অপাৰেচনো কৰিবলগা হয়। কেৱলমাত্র ঔষধ প্রয়োগেই প্রতিবন্ধীত্ব চিকিৎসাৰ একমাত্ৰ নিৰাময় পদ্ধতি নহয়। তাৰ কাৰণে প্রয়োজন হয় সাহায্যৰো। মানসিক সহানুভূতি, সমবেদনা আৰু আন্তৰিক ইচ্ছাই বহু সময়ত ৰোগীক দ্রুত স্বাভাৱিক কৰি তোলে। বহু মানুহৰ অন্ধত্ব দূৰ কৰিবলৈ আগুৱাই আহে বহু উদাৰহৃদয় মানুহ।

প্রতিবন্ধীসকলৰ প্ৰতি সামাজিক কর্তব্য

প্রতিবন্ধী সমস্যা সমাধানত চৰকাৰী ভূমিকা নিঃসন্দেহে গুৰুত্বপূৰ্ণ। এই ক্ষেত্ৰত আগুৱাই আহিছে বিভিন্ন বেচৰকাৰী প্ৰতিষ্ঠানে৷৷ মানুহ গঢ়াৰ কামত চামিল হৈছে National Institute for the Orthopaedically Handicapped, Spacetick Society of India, Deaf and Dumb School Institute for Child Health, International Eye Care Institute and Research Centre, Light House for the Blinds ইত্যাদি সংস্থা। ইহঁতৰ বহুতেই প্রতিবন্ধীসকলৰ স্বনিৰ্ভৰতাত সহায় কৰি আছে।

Read Also: SEBA Class 9 Social Science Question Answer | নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যক্ৰমৰ প্ৰশ্নোত্তৰ

মন্তব্য

ৰাষ্ট্ৰসংঘইও এই সমস্যাক এৰাই যোৱা নাই। ১৯৮১ চনক তেওঁলোকে আন্তর্জাতিক প্রতিবন্ধী বৰ্ষ হিচাপে পালন কৰিছিল। সেই বছৰ বিভিন্ন কর্মসূচী আৰু পৰিকল্পনাৰ বীজ ৰোপন কৰিছিল। সৌভাগ্যৰ বিষয় আজি সেই বীজ ক’তোবা পুলি আৰু ক’তোবা মহীৰূহত পৰিণত হৈছে। মানুহে আজি প্ৰতিবন্ধীসকলৰ প্ৰতি সহায়ৰ হাত আগবঢ়াইছে। সেয়ে আজি প্রতিবন্ধীসকলক সমাজৰ আৱৰ্জনাস্বৰূপত পৰিণত নকৰি স্বনিৰ্ভৰ কৰি গঢ়ি তোলাৰ চেষ্টা কৰিব লাগিব।

আমি আশা কৰিছো প্রতিবন্ধীসকলৰ প্ৰতি সামাজিক কর্তব্য ৰচনাটোৱে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ প্রতিবন্ধীসকলৰ প্ৰতি সামাজিক কর্তব্য ৰচনাৰ সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

Read More: আপোনি জানেনে আয়েংগাৰ যোগাৰ শৰীৰত কি কি প্ৰভাৱ আছে?

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

2 thoughts on “প্রতিবন্ধীসকলৰ প্ৰতি সামাজিক কর্তব্য ৰচনা | Social Duty with Disabilities Essay in Assamese”

  1. Mandeep choudhury

    Sir please muk assamese essay “saririk aru manokhik badhagrostotak neusi jibonor joygan.”please sir muk ai essay khon likhat xohai korork ?

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top